প্ৰেমৰ দীঘল বাট (কথাকবিতা) (- শান্তনু চাংমাই)

জাৰৰ নিশা কঁপি কঁপি কুঁৱলীসনা বাটত খোজ কাঢ়ি কাঢ়ি তোমাৰ কথা ভাবি যে ওঁঠত অজানিতে মিচিকীয়া হাঁহি এটা খেলাই যায়; তাৰ আমেজ তুমি নো কি বুজিবা ? তোমাৰতো বাহিৰলৈ ওলাই অহাৰ সময়েই নাই ।

 

কৈছোঁ শুনা-

দীঘল দীঘল বাট কিছুমান হীৰা মুকুতা মাণিকেৰে ভৰি থাকে । পথৰ দুয়োকাষে সুশৃংখল ওখ ওখ গছ । নাৰিকল গছৰ দৰে ওখ হ’লেও তাত কিদৰে ফুল ডাল ভৰি ভৰি লাগি থাকে মোৰ বুদ্ধিৰ বাহিৰত- কিন্তু বৰ ভাল লাগে জানা ? চেঁচা বতাহৰ সতে ফুলৰ সুঘ্ৰাণ যেতিয়া হাঁওফাঁওলৈ সোমাই যায় কি যে নুবুজা আনন্দৰ শিহৰণ জগাই তোলে । উফ্‍ – এবাৰ চকু মুদি ভাবিবলৈ যত্ন কৰাচোন কিজানি কিবা এটা বাগৰি যায়েই তোমাৰ বুকুৰ মাজেদি ।

 

[চকু মুদিলা? কিবা এটা অনুভৱ কৰিলা বুলিয়েই ধৰি লৈছোঁ তোমাৰ ঈষৎ হাঁহি দেখি । আৰু আছে শুনা]

 

হীৰা-মাণিকৰ ৰাস্তাবোৰ শেষ হোৱাৰ পিছত এটা সুৰংগ আৰম্ভ হয় । প্ৰথমতে তাত সোমাই যাবলৈ ইতস্তত: কৰিছিলোঁ । কুঁৱলীৰ কুণ্ডলী কিছু সময় গিলাৰ পিছত এখোজ দুখোজকৈ সোমাই গ’লোঁ । ঘোপ মৰা আন্ধাৰ, ফুলৰ গোন্ধো নাই – কিবা যেন অহেতুক ভয়ৰ বাষ্প বিয়পি আছে বতাহত । ঠিক যেন তোমাক আন কাৰোবাৰ হাতত হেৰুৱাই পেলোৱাৰ ভয় । হৃদয়ৰ স্পন্দন ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল, তোমাক প্ৰথম লগ পোৱাৰ দিনা যেনেকৈ বাঢ়িছিল । গান এটা সুহুৰিয়াই গুণগুণাবলৈ চেষ্টা কৰিলোঁ- সুৰংগৰ দেৱালবোৰত ঠেকা খাই খাই প্ৰতিধ্বনি বহু সময়লৈকে বাজি থাকি থাকিল; ম‍ই গুণগুণাবলৈ বন্ধ কৰাৰ পিছতো । প্ৰেমৰ কি যে ভৌতিক ৰূপ- তুমি নুবুজিবা, তোমাৰতো এনে সুৰংগত খোজ কাঢ়িবলৈ সময়েই নাই । সুৰংগৰ ইটো মূৰ নেদেখি… হয়তো ইটো মূৰ নাছিলেই, ম‍ই গম নাপাওঁ; কাৰণ হঠাৎ অতল গহবৰ এটাত ম‍ই পিছলি পৰি গ’লোঁ …

 

[চক নাখাবা, ম‍ইও প্ৰথমতে চক খাই উঠিছিলোঁ, কিন্তু কিছু সময়ৰ পিছত এক নজনা অনুভূতিয়ে মোক অধিক ৰোমাঞ্চিত কৰি তুলিলে] পৰি আছোঁ পৰি আছোঁ, যেন অনাদি কাললৈকে তললৈ গৈয়েই থাকিম, ক্ষন্তেক সময়ৰ কাৰণে অহা ভয়ৰ টোপোলাটো কৰ্ফাল খাই ক’ৰবাত থাকি আহিল, তোমাৰ চেহেৰাটো মোৰ মানস পটত ভাঁহি উঠিল । এৰা, ই টো গহবৰ নহয়, তোমাৰ প্ৰেমত পৰাৰ চেতনা, যেন পৰিয়েই থাকিম পৰিয়েই থাকিম- বাৰে বাৰে । তুমি হয়তো নুবুজিবা, তোমাৰতো প্ৰেমত পৰিবলৈকো কিঞ্চিৎ সময় নাই ।

 

[তুমি হয়তো ভাবিছা, ইমান ওপৰৰ পৰা পৰি মোৰ হাড়-মূৰ গুড়া হ’ল! মিছা, নহ’লেনো এইখন পত্ৰ তোমালৈ কেনেকৈ লিখিছোঁ কোৱা?]

 

তোমাৰ চকুযুৰিৰ কথা ভাবি ভাবি হাড় ভাগিলেও মোৰ দুখ নাথাকিলে হয়, কিন্তু কি জানো হ’ল- ম‍ই উৰিবলৈ ধৰিলোঁ, মোৰ পাখি দুখন গজি উঠিল, ম‍ই নাজানো কেনেকৈ ই সম্ভৱ, নুসুধিবা, ক’ব নোৱাৰিম । কিন্তু এই কথা সত্য যে ম‍ই উৰিবলৈ ধৰিলোঁ, প্ৰেম হ’লে মানুহে যেনেকৈ উৰি ফুৰে, ঠিক তেনেকৈ… এক পোহৰ অনুসৰণ কৰি ম‍ই অনেক সময় ধৰি উৰিলোঁ । যেতিয়ালৈকে গৈ নাপালোঁ আকাংক্ষিত লক্ষ্যস্থান ।

 

[হামিয়াইছা কিয়? বিশ্বাস হোৱা নাই? ঠিকেই, ক’তনো বিশ্বাস কৰিবা… যোৱা ৰাতিও ম‍ই তোমাৰ ঘৰৰ তলত তোমাৰ দ্বিতীয় মহলাৰ কোঠাটোৰ খিৰিকিৰ ফালে চাই চাই থিয় হৈ আছিলোঁ । বাহিৰলৈ এবাৰ মাথোঁ ভুমুকিয়াবলৈ তোমাৰ সময়েই নাছিল ।]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments