প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি (১) (–ঈশানজ্যোতি বৰা)

প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি (১)

 

ঈশানজ্যোতি বৰা


(কাহিনীভাগৰ চৰিত্ৰ আৰু পটভূমি সম্পুৰ্ণ কাল্পনিক৷ বাস্তৱিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই৷)

‘‘……….ঐ জিত..জিত ঔ, প্লিজ পটাই দে না বৰুৱা দোকানীৰ জীয়েকক৷ তোক যি লাগে তাকেই দিম.. মা কছম…একদম টিলিঙা মন্দিৰৰ শপত খাই কৈছো…তাই নহ’লে মই মৰি যাম বে..নুবুজ কিয়..! প্লিজ সোনকালে কিবা এটা কৰচোন৷ মোৰ কন্দিশ্যন একদম খাৰাব…যি কোনো সময়তে হাৰ্ট-এটেক আহিব পাৰে ..পেচমেকাৰ লগাবলৈও মোৰ পইছা নাই…..প্লিজ কিবা এটা কৰ..” -পুৰকলীয়া থোকাথুকি মাতটোৰে ‘ৰূপা বডিলাইন’ৰ বগা গেঞ্জি আৰু ‘এডিডাছ’ৰ ২০০ টকীয়া থ্ৰি-কোৱাৰ্টাৰ পৰিহিত প্ৰেমজিতৰ ওচৰত নিজৰ ব্যক্তিগত অনুৰোধটো ৰাখি, আঙুলিৰ মাজত লৈ থকা গ’ল্ড ফ্লেকটো ডেকাচাঙখনৰ সিটোপাৰে দলিয়াই ৫ফুট আধা ইঞ্চি উচ্চতাবিশিষ্ট চফল ডেকা নিতুলে ডেকাচাঙখনৰপৰা পূৱ দিশত প্ৰায় ৫০ মিটাৰ আঁতৰত অৱস্থান কৰা ‘বৰুৱা মিলি-জুলি ষ্টোৰ’ নামৰ দোকানখনলৈ চকুহাল ঘূৰালে৷

‘‘কামোৰ একদম কামোৰ…! তোৰ চাল্লা আকৌ পেনেপেননি চালু হৈ গ’ল ন? হেৰৌ, বিনা পেডেলৰ চাইকেল…! গাত নাই তোৰ চাল-বাকলি, প্ৰেম কৰিবলৈ লাগে ধুনীয়া ছোৱালী? তই চাল্লা এটা খাঁটি মক্কেল বুইছ? তোৰ দৰে টি.টি.এম.পি.এটাৰ লগত কোনে ‘লাভ’ কৰিব ঔ! চা ভাই, মোৰ এতিয়া এনেই মাথাটো নোচোবাবি৷ অলৰেডি মোৰ তামাম টেনশ্যন হৈ আছে৷ তইতো সেইবোৰ একদমেই নুবুজ৷ মোৰ আগত ছেন্টি ফালি নাথাক৷ ক’ত মৰ, মৰগৈ৷ যদি মৰিবলৈ সাহস নাই ভাল ল’ৰাৰ দৰে চুপ-চাপ বহি থাক৷ দিগন্ত মাষ্টৰৰ ‘টিউশ্যন চেন্টাৰ’ৰপৰা তামাম ‘মাল’ কেইটামান ওলাই আহিছে৷ একদম চুপ-চাপ থাকিবি দেই, কৈ দিছো হ’লে৷ মোক যাতে ডিষ্টাৰ্ব নিদিয়৷ ‘মাল’কেইটা চাই মাইণ্ডটো অলপ ‘ৰিফ্ৰেছ’ কৰি লঁও৷ অলপ টেনশ্যনবোৰ কমিব’’ – পিন্ধি থকা টি-শ্বাৰ্টটো ভালকৈ ঠিক-ঠাক কৰি প্ৰেমজিত থিয় হ’ল৷ টি-শ্বাৰ্টটোৰ সোঁমাজত থকা ‘Use me. I am HANDSOME’ শব্দকেইটা আঁতৰৰ পৰা জিলিকিছে৷ থ্ৰি-কোৱাৰ্টাৰ পেন্টৰ পকেটৰ পৰা ‘ফাষ্টব্ৰেক’ কোম্পানীৰ ক’লা ছানগ্লাছযোৰ উলিয়াই সি পিন্ধি ল’লে৷ তাৰ দৃষ্টি এতিয়া আহি থকা ‘মাল’কেইটাৰ ওপৰত নিবদ্ধ৷
……………………………….

নগাঁও টাউনৰপৰা প্ৰায় তেৰ কিলোমিটাৰ আঁতৰত অৱস্থিত এটা ঘন জনবসতিপূৰ্ণ অঞ্চল৷ শান্তিপুৰ৷ প্ৰায় তিনিশঘৰ মানুহেৰে পৰিপূৰ্ণ শান্তিপুৰৰ সৰহসংখ্যক লোকেই হিন্দু সম্প্ৰদায়ৰ৷ অঞ্চলৰ পূৱ প্ৰান্তত অৱশ্যে কেইঘৰমান মুছলমান সম্প্ৰদায়ৰ মানুহো আছে৷ দহবছৰৰ আগতে অহা প্ৰবল বানত নিজা ঘৰ-মাটি সকলো হেৰুৱাই এইসকল লোকে শান্তিপুৰৰ এই ওখ ঠাইখিনিতে নতুনকৈ ঘৰ সাজি ল’লে৷ তেতিয়াৰ শান্তিপুৰৰ হিন্দু মানুহখিনিয়েই তেওঁলোকৰ বিপদৰ বন্ধু হৈ ভালেখিনি সহায় কৰিছিল৷ শান্তিপুৰত শান্তি সদায়েই বিৰাজমান৷ বছৰে-পষেকে অনুষ্ঠিত কৰা বিভিন্ন অনুষ্ঠানবোৰৰ সময়ত হোৱা ল’কেল-চালানীৰ মাজৰ দুই-এখন সৰু-সুৰা কাজিয়াৰ বাহিৰে বিশেষ তেনে কোনো অশান্তি নাই৷

বঢ়ুমপুৰ সমষ্টিটোলৈ নতুনকৈ অহা ডেকা বিধায়কজনৰ কৃপা আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত যোৱা দুইবছৰতে অঞ্চলটোৰ ভালেখিনি উন্নত হৈছে৷ অঞ্চলটোলৈ সোমোৱাৰ ঠিক আগতে পাৰ হ’বলগীয়া কলঙ নদীৰ ওপৰৰ বাঁহৰ দলঙখন যোৱাবাৰ বহাগতে পকীকৰণ হ’ল৷ অসমৰ মুখ্যমন্ত্ৰীয়ে নতুন দলংখন উদ্বোধন কৰি থৈ গৈছিলহি৷ এতিয়া সেই দলঙৰ ওপৰেদি দিনে-নিশাই বিভিন্ন ধৰণৰ গাড়ী-মটৰৰ আহ-যাহ৷ গধুৰ-গধুৰ বোজা কঢ়িয়াই নিয়া মালবাহী ট্ৰাকো সেই দলঙৰ ওপৰেদি এতিয়া সুকলমে পাৰ হ’ব পৰা হ’ল৷

দলংখন পাৰ হৈয়েই চাৰিআলি এটা৷ দুবছৰৰ আগত চাৰিআলিত কেৱল এখন দেওঁবৰীয়া বজাৰ বহিছিল৷ মণিৰামৰ মিঠাইৰ দোকান, ৰফিক কাইৰ গেলামালৰ দোকানৰ দৰে সৰু-সুৰা দোকান কেইখনমান আছিল৷ দুবছৰৰ আগৰ সেই চাৰিআলিটোৰ চেহেৰা আজি সম্পূৰ্ণ সলনি হ’ল৷ কিছুবছৰ আগলৈকে নাম নথকা চাৰিআলিটোক এতিয়া চহৰৰ সকলোৱে ‘মধুপুৰ চাৰিআলি’ বুলি জানে৷ মধুপুৰ চাৰিআলিৰ চাৰিওফালে এতিয়া দোকানেই দোকান৷ ব্যৱসায়ত বহুত টকা ঘটাৰ সপোন দেখা চহৰৰ বহু ব্যৱসায়ীয়ে আহি চাৰিআলিটোত নিজৰ স্থায়ী দোকান বহুৱালেহি৷ চহৰৰ বহুকেইজন মাৰোৱাৰী ব্যৱসায়ীয়েও ইয়াতে আহি নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিলে৷ হোটেল-ৰেষ্টুৰেন্টৰ পৰা আৰম্ভ কৰি চাৰিআলিত এতিয়া ছোৱালী মানুহৰ কাপোৰ, কছমেটিকছৰ সকলোবোৰ দোকানেই আছে৷

সেই চাৰিআলিৰ সোঁমাজত থকা বিশাল বটগছজোপাৰ তলতেই ডেকাচাঙখন, য’ত নিতুল, প্ৰেমজিতহঁতৰ দৰে ডেকাবোৰৰ আড্ডা বহে৷ ডেকাচাঙখনৰ বয়স বহুত৷শান্তিপুৰৰ প্ৰথমঘৰ মানুহ কলীয়াপানী বৰাই বনাই থৈ যোৱা ডেকাচাঙখনত পাঁচ-ছয়জনতকৈ অধিক মানুহ বহিলে বুঢ়া ডেকাচাঙখনে বিষত কেঁকাব ধৰে৷ দুমাহমানৰ আগতে বটগছজোপাৰ চাৰিওফালে মানুহ বহিব পৰাকৈ শিল-বালিৰে কম উচ্চতাৰ এখন সৰু ৱাল গাঁঠি দিয়া হৈছিল যদিও বেছিভাগ মানুহ আহি ডেকাচাঙখনতে বহেহি৷

ডেকাচাঙখনৰ কাষতে ‘কুণ্ডন’ বোলা ১০বছৰীয়া ল’ৰা এটাৰ তামোল-পানৰ দোকান৷ ডেকাচাঙত বহা বিভিন্ন বিষয়ৰ বিভিন্ন আড্ডাবোৰ সি নিজৰ কামৰ মাজতো মন দি শুনি থাকে৷ বিশেষকৈ প্ৰেমজিতহঁতৰ কথাবোৰ শুনি সি বিৰাট ৰস পায়৷ মাজে মাজে সুবিধা বুজি তাৰ মিহি মাতটো ব্যৱহাৰ কৰি দুই-এটা ‘কমেন্টো’ মাৰে৷
………………………………..
‘হেল্ল’ মিছ বিউটিফুল্, বিৰাট ধুনীয়া লাগিছে দেই আজি৷ মুখত কি ঘঁহি আহিছিলা আজি ? লাভলি নে ইমামি? ’ – ‘বিদ্যাৰ্থী টিউশ্যন চেন্টাৰ’ৰ পৰা ওলাই অহা ছোৱালীকেইজনী খোজকাঢ়ি আহি ডেকাচাঙখনৰ সমুখেদি পাৰ হৈ যাব ধৰিছিলেই , তেনেতে চানগ্লাছ আৰু থ্ৰি-কোৱাৰ্টাৰ পৰিহিত প্ৰেমজিতৰ কঠুৱা কন্ঠটোৱে চিৎকাৰ কৰি উঠিল৷ ত্ৰিশটা দাঁত উলিয়াই মৰা তাৰ বিনামূলীয়া চিৰপৰিচিত মিচিকিয়া হাঁহিটোৱে কণ্ঠটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে৷
বৰ্তমানৰ গুৰুত্ব বুজি আগন্তুক পাঁচ-মিনিটত হ’ব পৰা যি কোনো ভয়াবহ অঘটনৰ পৰা নিজকে বচাবলৈ প্ৰেমজিতৰ পুৰণি বন্ধু তথা প্ৰেমজিতৰ একান্ত বাধ্য শিষ্য তথা ‘ভিজা-মেকুৰী’ বুলি বন্ধুমহলত পৰিচিত নিতুলৰ মূহুৰ্ত্তৰ ভিতৰতে এটা দীঘল ‘বেক গিয়েৰ’৷

‘মাজৰজনী কিন্তু মজা লাগিছে দেই৷ উফ্ কি ৰূপ! কি সৌন্দৰ্য! সাক্ষাৎ ছানি লিয়নিৰ দৰ্শন হৈ গ’ল আজি৷ ঔ কলিজা! জিছম-থ্ৰিত কাম কৰিবা…..’
“ছাটাপ……….”- প্ৰেমজিতৰ বাক্যটো শেষ হ’বলৈ নেপালেই, আকাশ-বতাহ কঁপাই তোলা এটা প্ৰচণ্ড শব্দত ডেকাচাঙখনৰ প্ৰায় ১০০বছৰীয়া তামোলৰ খুঁটিচাৰিটা লৰি গ’ল৷ মূহুৰ্ত্তৰ ভিতৰতে আকাশত মেঘৰ গাজনি শুনা গ’ল৷ মূহুৰ্তৰ ভিতৰতে মুৰাৰীৰ দোকানৰ মজিয়াত পৰি থকা ভটুৱা কুকুৰকেইটাৰ অসহনীয় ভুক-ভুকনিৰ শব্দ ভাঁহি আহিল৷ কাউৰীৰ অভাৱত ভুগি থকা শান্তিপুৰত মূহুৰ্ত্তটোৰ ভিতৰতে দহটমান কাউৰীয়ে ‘ফুল ভলিউম’ত সমবেত সংগীত পৰিবেশনত ব্যস্ত হ’ল৷ আৰু পৰিস্থিতিৰ গুৰুত্ব বুজি মূহুৰ্ত্তটোৰ ভিতৰতে চফল ডেকা নিতুলৰ আন এটা সু-দীঘল ‘বেক-গিয়েৰ’!
(ক্ৰমশ:)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments