প্ৰেমৰ প্ৰস্তাৱনা- (কৰিশ্মা ফুকন)

“প্ৰেমৰ সংজ্ঞা কি নাজানো

আবেগৰ আভৰণ খুলি

স্তূপীকৃত ভাৱনাৰ বহিৰ্প্ৰকাশেই
চাগে প্ৰেম৷ ”

——–

সংজ্ঞা:

——–
‘প্ৰেম’– দুটা আখৰৰ এটা মিঠা শব্দ৷ প্ৰেম এক অনুভূতি, এক চেতনা৷ প্ৰেমে মানুহক সমৃদ্ধ কৰি গতি দিয়ে নতুনত্বৰ দিশে৷ প্ৰেমে জীৱন্ত আৰু জীপাল কৰি ৰাখে প্ৰতিপল৷ প্ৰেমক কোনো সংজ্ঞাৰে সামৰি সৰু কৰিব নোৱাৰি৷ কাৰণ প্ৰেম নিজে মুক্ত সকলো সংকীৰ্ণতাৰপৰা, মানুহে সৃষ্টি কৰা ঠেক গণ্ডীৰপৰা৷ প্ৰেমৰ অনুভূতি অজানিতে কেতিয়াবা নিজৰ অলক্ষিতেও সৃষ্টি হয়! যিয়ে মানুহৰ গতিপথেই সলনি কৰি দিয়ে৷

ব্যক্তি বিশেষে আবেগ, বিবেক, প্ৰকাশভংগীৰ বিচিত্ৰতা আছে৷ প্ৰেমো সেই আৱেগৰেই স্বাভাৱিক বহিৰ্প্ৰকাশ, যি আবেগে মানুহক আলোড়িত কৰি আহিছে আজীৱন৷ স্বপ্নবিভোৰতাৰ এক মিঠা প্ৰৱঞ্চনাও হ’ব পাৰে প্ৰেম৷ নিদাৰুণ নিঃসংগতাৰ প্ৰতি পলে পলে একাজলি মধুৰতাই হৈছে প্ৰেম৷
——–
অনুভৱ:

——–
“এবুকু ৰঙা ৰং

বুকুত উপচাই

সীমাহীন মহাসমুদ্ৰত
পেলাই
গ’লগৈ তেওঁ৷ ”
প্ৰেম মানে অভিমান৷ মোৰ বাবে প্ৰেম এক স্বৰ্গীয় অনুভূতি৷ আস! ময়ো এটা সময়ত এই অনুভূতিক আঁকোৱালি লৈছিলোঁ৷ জীৱনৰ খুব ৰঙীণ সময় আছিল সেয়া৷ তেওঁ আহিছিল এক চৰ্তহীন প্ৰেমৰ প্ৰস্তাৱ লৈ৷ ক’ব নোৱাৰাকৈয়ে প্ৰেমত পৰিছিলোঁ তেওঁৰ৷ জোনাকৰ সৈতে মিতিৰালি গঢ়িছিলোঁ৷ পখিলাৰ সৈতে উৰিছিলোঁ মনৰ আকাশত৷ আমাৰ প্ৰেমত বন্ধুত্ব আছিল, অভিমান আছিল, আৰু হয়তো আছিল সীমাহীন ভালপোৱা৷ তেওঁ কৈছিল, যি প্ৰেমত অভিমান নাথাকে, সেই প্ৰেম দীৰ্ঘস্থায়ী নহয়৷ কেনেকৈ পাহৰিম বহু ৰাতিৰ যন্ত্ৰণাবোৰ? মচি শেষ কৰিব নোৱাৰা চকুপানীবোৰ! তথাপিও হয়তো বাৰে বাৰে প্ৰেমত পৰিবলৈ বাধ্য হৈছিলোঁ তেওঁৰ৷ এজনী সৰু ছোৱালীৰ দৰে এবুকু অভিমান লৈ ঘূৰি ফুৰিছিলোঁ তেওঁৰ পাছে পাছে৷ বুজাব বিচাৰিছিলোঁ, তেওঁৰ লগত সাঙুৰি পেলাইছিলোঁ মোৰ সপোনবোৰ ক’ব নোৱাৰাকৈয়ে৷ হয়তো তেওঁ আমাৰ ভালপোৱাৰ স্থায়ী ঠিকনা স্থিৰ কৰিব বিচৰা নাছিল৷
———-

উপসংহাৰ:

———-

এজাক ধুমুহা বলিছিল৷ বিষাদৰ ধুমুহা৷ য’ত মই বিক্ষিপ্ত হৈ পৰিছিলোঁ৷
তেওঁ গুছি গৈছিল৷ কৈছিল– “আমি বন্ধু হৈ থাকো দিয়া৷ ”
কিন্তু চকুলোৱে জানো মিছা কথা কয়! মোৰ চকুযুৰিয়ে হয়তো এতিয়াও কঢ়িয়াই লৈ ফুৰিছে বিচ্ছেদৰ এক উন্মাদ যন্ত্ৰণা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments