প্ৰেমৰ বতৰত এটা ঘৃণাৰ গল্প (উৎপলা কৌৰ)

ধুই মেলি দিয়া কাপোৰ ঘণ্টা পাৰ নৌহওঁতেই শুকাই খৰখৰীয়া দিছে।
পোণাকণ আহিবৰ সময় হৈছে স্কুলৰ পৰা। দুপৰীয়াটো যোৱামানে যেন তালৈ বাট চাই থকা, সি খাই থাকোঁতে তাৰ কাষতে বহি তাৰ স্কুলৰ কথা শুনি থকাহে!
“সদায় দাইল শাক ভাজি বনাৱ যে মাংস কিয় নান’ মা?”
“আনিম দে…এতিয়া এয়াকে খাছোন”
“মা পৰীক আজি অংক বাইদ’ৱে পিটিলে”
“কিয়?”
“বেগত মাকৰ লিপিষ্টিক লৈ গৈছিল বোলে। মমিয়ে দেখা পায় বাইদ’ক কৈ দিলে”…
ভাত গৰাহ খৰ খৰকৈ চোবাই গিলি সি পুনৰ ক’লে “ নেওঁতা নোৱাৰে তাই, ইষ্টাইল কৰিব আহে”। পানীৰ জগটোৰ পৰা পানী বাকি ঘঁহি ঘঁহি হাতখন ধুৱাই দিলে তাই তাক।
পাকঘৰৰ পৰা টিকটিকাই ল’ৰি ওলাই যোৱা ল’ৰাটোক উদ্দেশ্যি তাই এনেয়ে চিঞৰিলে “বাহিৰলৈ নেযাবি, বতাহ বৰ”
শেষৰখিনি কওঁতে ছাগে সি খেলিবলৈ পদুলিৰ বাজ পালেগৈ।

পৰীয়ে লিপষ্টিক নিয়াৰ কথাটো মনত পৰি তাইৰ হাঁহি উঠি গ’ল। পৰী নিৰেনৰ জী।নিৰেনৰ কথা মনত পৰাত ফাগুণৰ ধূলিৰ অসস্তিকৰ ধুমুহাজাক তাইৰ ভিতৰলৈকে সোমাই আহিল।

সেউজীয়া পাৰিৰ চাদৰ, মুগাৰ মেখেলা সেউজীয়া ব্লাউজ পিন্ধি নমিতা আৰু তাইৰ বান্ধৱীহঁত আহি থাকে। সিহঁতৰ হাঁহি, টুকুৰা টুকুৰ কথাৰে বতাহ সংপৃক্ত হৈ পৰে। ল’ৰাবোৰে চাইকেল লৈ আগবাঢ়ে।ল’ৰা জাকৰ মাজৰ পৰা কোনোবাই সুঁহুৰিয়াই সিহঁতক জোকাই থৈ যায়। ল’ৰাজাক পাৰ হৈ যোৱাৰ পাছত সিহঁতে আকৌ খিলখিলাই হাঁহে!
স্কুলৰ কেঁকুৰিটো পাৰ হোৱাৰ পাছত বিশেষ এখন চাইকেল টিলিঙা মাৰি সিহঁতক লগ দিয়েহি। বিশেষ সেই চাইকেলৰ গৰাকী আহি পোৱাৰ লগে লগে নমিতা পিচ পৰে। প্ৰীতিহঁত নিৰ্দিষ্ট ব্যৱধানত আগবাঢ়ে। তাই টেনত থাকোঁতে কাহিনীটোৱে গজালি মেলিছিলহে ।তাই আৰু নিৰেনে মিলি আৰম্ভ কৰিছিল। নিৰেনৰ বিয়াৰ কথা চলিছিল। তাইৰ মেট্ৰিক পৰীক্ষাৰ পাছতেই কিবা এটা কৰিম বুলি কৈছিল।
কথাবোৰ মনত পৰি তাইৰ সদায় অহাৰ দৰে থু অলপ জোৰেৰে শব্দ কৰি পেলাই দিবলৈ মন গ’ল।

বতাহে কাম বঢ়াইছে তাইৰ। পানী অলপ চটিয়াই চটিয়াই তাই চোতালখন সাৰিছে। সৰাপাতবোৰ পুনৰ উৰিছে। অবাধ্য পাতকেইটা পুনৰ সাৰি তাই জাবৰ পেলোৱা পাছিত ভৰাইছে।

টিঁট্ টিঁট্ কৈ হৰ্ণ মাৰি স্কুটাৰ এখন পাৰ হৈ গ’ল।এই হৰ্ণ বিশেষভাবে তাইৰ পদূলিত বাজে আজিকালি। এয়া নিৰেনৰ স্কুটাৰৰ হৰ্ণ ।সদায় তাইৰ পদূলিত বাজে। অকল তাৰেই নহয় আৰু বহুতৰ গাড়ীৰ হৰ্ণো বাজে। বিশ বছৰ বয়সতে বৈধব্যই আঁকোৱালি লোৱা নমিতাৰ পদূলিত নিৰেনৰ ভায়েক বলেনৰ গাড়ীৰ হৰ্ণো বাজে আজিকালি। গুণ্ডা বলেন।তাইৰ গাৰে যেন কুমজেলেকুৱা এজাক বগুৱা বাই উঠে।

স্কুল চুটীৰ সময়টো তাই ঘড়ী নোচোৱাকৈৱে গম পায়। নিৰেনে জীয়েকক স্কুটাৰত উঠাই ঘৰলৈ আহোঁতে বজাই যোৱা হৰ্ণটোতে তাই গম পায়। কেতিয়াবা তাৰ ঘৈণীয়েকো থাকে লগত, সেইদিনা হৰ্ণ নাবাজে!

নৰেন গাঁৱত নথকা দিন এটাতে ঘটিছিল ঘটনাটো। তাই স্কুলৰ পৰা আহি আছিল। লগত বান্ধৱী। ৰাস্তাৰ কাষত ক’ত জোপ লৈ আছিল জানো? বলেন আৰু সবিতাৰ হঠাৎ আবিৰ্ভাৱ! তাইৰ গালত বলেনৰ কঠিন হাতৰ চৰ! সবিতাৰ চুলিঘটা! তাইৰ দোষ? নিৰেনৰ পত্নী হোৱাৰ সপোন কিয় দেখিব তাই?

তাইৰ বাবে তাইৰ মাকে ঢেৰ অত্যাচাৰ সহিবলগীয়া হ’ল দেউতাকৰ পৰা। বাৰে বাৰে চিঠি দিয়াৰ পাছতো নিৰেনে এটা খবৰো নল’লে তাইৰ।এমাহৰ অগাপিচাকৈ দুয়োৰে বিয়া হৈ গ’ল। নিৰেনৰ_ পৰীৰ মাকৰ লগত।।তাইৰ সেই মদাহীটোৰ লগত। বলেনৰ ঘৰৰ পৰা তাই যৌতুকত নিয়া বিছনাখনো উপহাৰ পালে। দেউতাকে পইচা ল’লে, একো গণ্ডগোল নলগাকৈ বিয়াখন হৈ যায় যাতে বলেনহঁতৰ চিন্তা! প্ৰায় দুমাহমানৰ অন্তৰালত তাই ল’ৰা আৰু নিৰেনৰ ঘৈণীয়েক ছোৱালীৰ মাক হ’ল।তাইৰ সংসাৰ নিৰেনৰ সংসাৰৰ লগত নিমিলাৰ কথাটো হ’ল ল’ৰাটো হোৱাৰ ছমাহ নৌহওঁতেই এদিন ৰাতি তাইৰ গিৰিয়েকটো এটা মৃতদেহ হৈ ঘূৰি আহিল ঘৰলৈ। ট্ৰাকে চেপেটা কৰি থৈ যোৱা মৃতদেহ!

তাই ঘূৰি আহিল ঘৰলৈ। পোণাকনক লৈ। তাৰ এবছৰৰ পাছতে মাকেও তাইক এৰি থৈ গ’ল। পোণাকনৰ বয়স এতিয়া আঠবছৰ।

নবছৰতে যে পৃথিৱীখন ইমান সলনি হ’ল।তাইৰ হাঁহি উঠি গ’ল। অসাৰ হৈ পৰা কোৱাৰিটোৱেদি বৈ ওলাই অহা দাইলৰ পানীকণ গামোচাৰ আগটোৱেদি মচি দিলে তাই। দাইলৰ পানীকণৰ সমান্তৰালভাৱে চকুৰেও পানী ব’বলৈ ধৰে। মেট্ৰিক নিদিয়াকৈ তাইক বিয়া দিবলৈ অমান্তি হোৱা মাকক কাটিবলৈ দালৈ খেদি ফুৰা মানুহজন এইজনেই আছিলনে?যাক দুবটলমান চুলাই কিনি হাতত দি যিকোনো ধৰণৰ যিকোনো কামত আনে নচুৱাইছিল সেইজনে এতিয়া তাই হাতত বাতিটো লৈ কেতিয়া কোঠাটোলৈ সোমাই আহে তালৈ অপেক্ষা কৰি থাকে। ভাবিলে তাইৰ অন্তৰ মৰহি যায় ,খং নুঠে আজিকালি।

নিৰেনৰ পাছতে বলেনৰো বিয়া হ’ল।সবিতাৰো হ’ল। বিয়াৰ ছয়বছৰৰ পাছতো বলেনৰ কোনো ল’ৰাছোৱালী নহ’ল। সবিতাৰো গিৰিয়েক ঢুকাল। শাহুৱেকৰ লগত তিস্থিব নোৱাৰি তাই ঘৰলৈ গুছি আহিল।

নমিতাৰ নিচিনা ছোৱালীৰ সমস্যাৰ শেষ নাই।যিবোৰৰ কোনো অস্তিত্বই নাই তেনে সমস্যাইয়ো ব্যতিব্যস্ত কৰি ৰাখিব পাৰে।যেনে নিৰেনৰ বা তাইৰ ঘৰৰ আগত হৰ্ণ বজোৱা আন মতামানুহৰ পত্নীসকলৰ মুখামুখী হ’লে হোৱা সমস্যা! আগঢ়ী , অনুজ্জল ছালৰ গৰাকিনী ,মেদবহুলা কিম্বা ৰূপৱতী পত্নীসকলে কিয় নমিতাক অনবৰতে সিহঁতৰ প্ৰতিদন্দ্বী বুলি ভাবে? প্ৰথমে খং উঠিছিল। খঙতে ৰাতি টোপনি নাহিছিল।অপমানিত অনুভৱ হৈছিল। কিন্তু আজিকালি আমোদ পায় তাই।ঘৈণীয়েকক দেখুৱাই “দাদা ভালনে? ” বুলি কথা পাতে।কথা পাতি মনে মনে মিচিকিয়াই হাঁহে! নাকত ঈৰ্ষাৰ সুগন্ধি লাগে তাইৰ।তাইৰ দুৰ্ভাগ্যক উপলুঙা কৰাজনক শিক্ষা এটা দিয়াৰ অভিলাষ পূৰ হয় তাইৰ।

এদিন…নিৰেনৰ স্কুটাৰৰ পাছে পাছে অহা বলেনৰ গাড়ীখন নমিতাহঁতৰ ঘৰৰ চোতাললৈ বুলি সোমাই আহিল।গাড়ীৰ পৰা প্ৰথমে জঁপিয়াই নামিল পোণাকন।তাৰ পাছত লাহেকৈ বলেন। চুচুক্ চামাককৈ বাৰান্দালৈ উঠি আহিল সি। হাতত এখন মোনা, নমিতালৈ আগবঢ়াই দিলে। তাই হাতপাতি নোলোৱাত দুৱাৰৰ চৌকাঠৰ ভিতৰৰ ফালে থ’লে। সেমেনা সেমেনিকৈ ক’লে “সদায় ভাবোঁ খুৰাৰ খবৰ এটা ল’বলৈ আহিম।সময়েই নিমিলে”
তাই চাৎকৈ ভিতৰলৈ সোমাই গ’ল। পোণাকণে তাক ভিতৰলৈ ককাকৰ ওচৰলৈ লৈ গ’ল।

খঙে, লাজে, অপমানে তাই বহি আছিল পাছফালৰ বাৰান্দাত। পোণাকনৰ লগত সেয়া বলেন, ভিতৰলৈ সোমাই আহি তাইক কয়… “বাবুলৈ মাংস অকন আছিল, ৰান্ধি দিবাছোন বেয়া নোপোৱা যদি। আদা নহৰুও আছে”___
তাইক কাণতলীয়া চৰ সোধোৱা বলেনৰ ক’লা মটহা হাতখন তাইৰ পেটৰ ওপৰত পৰি আছে। হাতখন লাহেকৈ আঁতৰাই তাই আঁতৰি ওপৰৰ পৰা পেলাই দিলে।বিচনাৰ ওপৰতে ঢপকৈ শব্দ এটা কৰি হাতখন পৰিল। তাৰ সাৰ সুৰ নাই, দিন দুপৰতে মদ , মাংস আৰু শৰীৰ ভক্ষণ কৰি তৃপ্ত হৈ পৰি আছে। গাৰুৰ ওচৰতে থকা তাৰ ম’বাইলৰ স্ক্ৰীণখন জিলিকাই নাম এটা ভাঁহি আছে। এবাৰ বন্ধ হ’ল…আকৌ …কেইবাৰো হোৱাৰ পাছত ভোঁট্ ভোঁট্ কৈ কঁপি থকা ম’বাইলটো দৰকাৰতকৈ বেচি জোৰেৰে হেঁচি তাই বন্ধ কৰি দিলে।

মজিয়াত নামি চাদৰখন ঠিক কৰি কৰি বিচনাত লাং খাই পৰি থকা মানুহটোলৈ চালে তাই। ৰাক্ষস এটাৰ দৰে দেখিছে তাক!
নমিতাৰ লগত সন্দেহ কৰি ঘৈণীয়েকে কাজিয়া লাগি গুছি গৈছে মাকৰ ঘৰলৈ। এনে সন্দেহবাদী দন্দুৰী ঘৈণীয়েকক নিজে সৰু হৈ ঘূৰাই আনিবলৈ সি বোলে মুঠেও নাযায়।

পোণাকণ খেলৰ পৰা ঘূৰি আহিবৰ সময় হৈছে। তাই বিচনাৰ তুলিখন অকণমান ডাঙি তলৰ পৰা কিবা এটা লৈ খৰখেদাকৈ বাৰীৰ পিচফাল পালেগৈ। তাত গৈহে তাই মুঠিটো খুলি চালে। বহল ৰূপালী ডাঠ বকলা এখনৰ ভিতৰত গুলপীয়া বড়ি এটা খচিত কৰা আছে। বড়িটো উলিয়াই মাটিত পেলাই তাই গুড়ি হৈ মাটিৰ লগত মিহলি হৈ নোযোৱালৈকে চেণ্ডেলেৰে গচকি- মোহাৰি থাকিল।
বাসত্তৰ ঘণ্টাৰ ভিতৰত বড়িটো খাবলৈ দিছিল ৰাক্ষসটোৱে তাইক!_____

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments