প্ৰেমৰ সংজ্ঞা বিচাৰি- (ৰঞ্জিত হাজৰিকা)

“প্ৰেম”–মাত্ৰ দুটা বৰ্ণৰ এই ক্ষুদ্ৰ শব্দটোৰ মাজতে যেন লুকাই আছে জীৱনৰ অন্তহীন বিশালতা৷ এক মায়াৱী অনুভৱৰ মায়াসনা নাম “প্ৰেম”৷ এক অনামী ৰাগীৰ নাম “প্ৰেম”৷ স্বৰূপাৰ্থত প্ৰেমবিহীন এখন পৃথিৱী কল্পনাও কৰা নাযায়৷ হয়, স্থান-কাল-পাত্ৰভেদে প্ৰেমৰ ৰূপ সলনি হ’ব পাৰে৷ কেতিয়াবা যদি ই গৰ্জনমুখৰ সমুদ্ৰৰ দৰে উদভ্ৰান্ত; আন কেতিয়াবা খৰালিৰ নদীৰ দৰে শান্ত-সমাহিত৷ ৰূপ যেনেকুৱাই নহওক, প্ৰেমৰ মাজত লুকাই থকা অপ্ৰতিৰোধ্য আবেদন কিন্তু সদায়েই অপৰিৱৰ্তনীয়৷ যি আবেদনে মুহূৰ্ততে মাতাল কৰি দিয়ে মন-প্ৰাণ৷ পৃথিৱীক কৰি তোলে বিস্ময়কৰভাৱে সুন্দৰ৷ এই আবেদন অসামান্য৷ এই অনুভূতি অতুলনীয়৷ কাব্যিক উপমাৰে– “প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল৷” প্ৰেম যদি যৌৱনৰ জয়গান, তেনেহ’লে ই বাৰ্দ্ধক্যৰো সোণালী সংগীত৷ প্ৰেমে বয়স নামানে অথবা জয়-পৰাজয়ৰ আগজাননী লৈ প্ৰেমৰ আগমন নঘটে বুলি সুধাকণ্ঠয়ো গীতেৰে-সুৰেৰে কৈ যোৱা নাই জানো?

সৃষ্টিৰ আদিকালৰ পৰা মহাকাব্যিক যুগ অতিক্ৰম কৰি সাম্প্ৰতিক ইণ্টাৰনেট-নিয়ন্ত্ৰিত সময়লৈ প্ৰেম নামৰ এই অদ্ভুত অনুভূতিয়ে আচ্ছন্ন কৰি ৰাখিছে মানৱ সমাজখনক৷ কেৱল মানৱ সমাজ নুবুলি জীৱজগত বুলিবও পাৰি৷ কিয়নো প্ৰেমৰ স্বৰ্ণখচিত শৃংখলে কেৱল মানুহকে নহয়, সমগ্ৰ জীৱকুলকে যুগ যুগ ধৰি বন্দী কৰি ৰাখিছে৷ ৰহস্যময় এই প্ৰেমক সংজ্ঞাৰে জুখিব পাৰিনে— সমান্তৰালভাৱে এই প্ৰশ্নয়ো মানুহক কৌতূহলী কৰি আহিছে৷ বিশেষকৈ সাহিত্য, শিল্প আৰু দৰ্শন বিশ্বৰ অনেক ৰথী-মহাৰথীয়ে সময়ে সময়ে প্ৰেমৰ একোটা সংজ্ঞা উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে৷ এনে ধৰণৰ সংজ্ঞাসমূহৰ বিশ্বজনীন গ্ৰহণযোগ্যতা থাককেই বা নাথাকক; ইবোৰৰ মাজত নিহিত হৈ থকা সংবেদনশীল গভীৰতাই প্ৰেমৰ ৰহস্য উন্মোচনৰ আন এখন দুৱাৰ মুকলি কৰে৷

বিশ্ব সাহিত্যৰ অন্যতম পুৰোধা উইলিয়াম শ্বেইক্সপীয়েৰৰ পৰাই আৰম্ভ কৰো৷ চমুতে প্ৰেম সম্পৰ্কত তেওঁৰ অনুভৱ আছিল এনে ধৰণৰ— “বেদনাৰ জুয়ে সৃষ্টি কৰা ধোঁৱাৰে পোছাকী নাম হৈছে প্ৰেম৷” সঁচাই, বেদনাৰ পৰা পৃথককৈ প্ৰেমৰ মহত্ত্ব বিশ্লেষণ কৰাটো সম্ভৱ নহয়৷ প্ৰেম আৰু বেদনাৰ যুগলবন্দী ইতিহাসে বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ সেয়া লাগিলে লায়লা-মজনুৰ প্ৰেমেই হওক বা শ্বাহজাহান-মমতাজৰে হওক অথবা আমাৰ গদাপাণি-জয়মতীৰ প্ৰেমেই হওক৷ শ্বেইক্সপীয়েৰৰ পৰা এইবাৰ ভিক্টৰ হুগোৰ ওচৰলৈ যাওঁ৷ জীৱনবীক্ষাৰ অনন্য অনুভূতিৰে ফৰাচী কবিগৰাকীয়ে কৈছিল— “জীৱনটো যদি এপাহ ফুল, তেনেহ’লে প্ৰেম হৈছে ফুলৰ মাজৰ মৌ৷” হুগোৰ এই সংজ্ঞায়ো প্ৰেমময় জীৱনটোক মধুৰ ৰূপত উদ্ভাষিত কৰে৷ স্বৰূপাৰ্থতে ফুলৰ মাজৰ মৌৰ দৰেই মিঠা মিঠা লগা হুগোৰ এই প্ৰেমৰ সংজ্ঞা৷ লক্ষণীয়ভাৱে প্ৰেম সম্পৰ্কত হুগোৰ এই সুৰৰ লগত অদ্ভুত সাদৃশ্য বিচাৰি পোৱা যায় আধুনিক আৰবী সাহিত্যৰ মহাৰথী খলিল জিব্ৰানৰ৷ তেওঁৰ মতে “প্ৰেমবিহীন জীৱন ফল-ফুলবিহীন বৃক্ষৰ দৰে।” আনহাতে প্ৰেমৰ ৰহস্যময়তাক এক অনিৰ্বচনীয় মাত্ৰা প্ৰদান কৰি পাউলো কোৱেলহোৱে আগবঢ়াইছিল এক চিত্তাকৰ্ষক মন্তব্য— “প্ৰেম হৈছে এক দুৰ্দমনীয় শক্তি৷ আমি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে ই আমাক ধ্বংস কৰে৷ বন্দী কৰিবলৈ চেষ্টা কৰিলে ই আমাকহে বন্দিত্বৰ শিকলিৰে বান্ধি পেলায়৷ ইয়াক বুজিবলৈ চেষ্টা কৰিলে আমি বিভ্ৰান্তহে হওঁ”৷ ব্যৱহাৰিক ক্ষেত্ৰখনত প্ৰেমৰ এই ব্ৰাজিলীয় সংজ্ঞাৰো আছে স্বকীয় মূল্য৷

আনহাতে প্লেটোৰ দৰে মহান দাৰ্শনিকো প্ৰেমাৰ সংজ্ঞাৰ অণ্বেষণত ব্যস্ত হ’বলৈ বাধ্য হৈছিল৷ সুগভীৰ আত্মানুসন্ধানেৰে গ্ৰীক দাৰ্শনিকগৰাকীয়ে সেয়ে কৈ থৈ গৈছে—“প্ৰেমৰ স্পৰ্শই সকলোকে কবি হ’বলৈ অনুপ্ৰেৰণা যোগায়।” কালিদাসৰ পৰা আধুনিক কবিতালৈ— প্ৰেম আৰু কাব্যৰ অবিচ্ছিন্ন সহসম্পৰ্কই প্লেটোৰ সেই ধাৰণা আখৰে আখৰে প্ৰমাণ কৰি আহিছে৷ আৰু এৰিষ্ট’টল? প্ৰেমৰ মায়াৰ আঁত বিচাৰি এইগৰাকী গ্ৰীক মনীষীয়েওতো কম হাবাথুৰি খোৱা নাছিল৷ প্ৰেমক এৰিষ্ট’টলে সংজ্ঞাৰে বান্ধিবলৈ প্ৰয়াস কৰিছিল এনেদৰে— “প্ৰেম হৈছে দুটা পৃথক শৰীৰৰ মাজত সুপ্ত হৈ থকা এটা মাত্ৰ আত্মা।” দাৰ্শনিক দৃষ্টিভংগীৰে উপস্থাপন কৰা এই সংজ্ঞাৰো আছে এক সুকীয়া মাদকতা৷ প্ৰকৃতাৰ্থত ইন্দ্ৰিয়াতীত এই ব্যাখ্যাই হৈছে প্ৰেমৰ মূল আধাৰ৷ প্ৰেমে দুটি সত্ত্বাৰ মাজত মিলন সেঁতু গঢ়ে; য’ত শৰীৰ কেৱল এক নিমিত্ত৷ আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে আকৌ “প্ৰেম কেৱল এক অনুভূতি নহয়, ই হৈছে কঠিন বাস্তৱ৷” নিঃসন্দেহে বাস্তৱৰ ঘাত-প্ৰতিঘাতে সঘনে জৰ্জড়িত কৰা প্ৰেমৰ এই বাস্তৱ ব্যাখ্যাৰো আছে নিজস্ব তাৎপৰ্য৷ সেই সূত্ৰে প্ৰেমৰ বেলিকা নুই কৰা সম্ভৱ নহয় কবিগুৰুকো৷ বিশ্ববন্দিত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গখৰ দৃষ্টিতো কবিগুৰুৰ দৰেই ধৰা দিছিল বাস্তৱিক ক্ষেত্ৰত প্ৰেমৰ ইতিবাচক দিশটোৱে৷ সেয়ে ওলন্দাজ শিল্পীগৰাকীয়ে কৈছিল— “এইটো সত্য যে প্ৰেমে জীৱনলৈ অনেক জটিলতা কঢ়িয়াই আনে, কিন্তু এই কথাও সমানে সত্য যে এই প্ৰেমেই জীৱনক সঞ্জীৱনী সুধাৰেও উজ্জীৱিত কৰি ৰাখে৷”
এইদৰে দেখা যায় যে স্মৰণাতীত কালৰ পৰাই বিভিন্নজনে প্ৰেমক ভিন ভিন ৰূপত অনুধাৱন কৰিবলৈ চেষ্টা চলাই আহিছে৷ সেই সূত্ৰে নিৰন্তৰে উপস্থাপিত হৈ আহিছে প্ৰেমৰ নিত্যনতুন সংজ্ঞা৷ কিন্তু কোনো সংজ্ঞাই প্ৰেমৰ মাহাত্ম্যক এডাল মাত্ৰ ৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱা বুলিব নোৱাৰি৷ সময় আৰু পৰিস্থিতিভেদে ৰং-ৰূপ সলনি হয় প্ৰেমৰ৷ কোনো এক নিৰ্দিষ্ট পৰিৱেশত প্ৰেমৰ একোটা সংজ্ঞা যথাৰ্থ যেন লাগিলেও পৃথক পৰিৱেশত হয়তো সেই একেটা সংজ্ঞাই হৈ পৰে অপ্ৰাসংগিক-অসম্পূৰ্ণ ৷ বহুৰূপী এক অনুভৱৰে হয়তো অন্য নাম প্ৰেম৷ সংজ্ঞাতীত আৰু ব্যাখ্যাতীত এই বৰ্ণময় অনুভৱ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments