প্ৰেম: অন্য এক দৃষ্টিৰে- (ডাঃ দিগন্ত বুঢ়াগোহাঞি)

কেনেকৈ আৰম্ভ কৰিব লাগে বাৰু প্ৰেম বিষয়ক ৰচনা এখন? কাৰোবাৰ কবিতাৰ পংক্তিৰে? নে চকু ফুৰালেই হিয়া শাঁত পৰি যোৱা ৰোমাণ্টিক শব্দচয়নেৰে? আমি হ’লো হোলাৰ ভাই মোলা৷ ইমানবোৰ আনুষ্ঠানিকতা সঁচাকৈয়ে নাজানো৷ নাজানো কাৰণেই প্ৰেম যেনেকৈ আৰম্ভ হয়, ঠিক তেনেকৈয়ে আৰম্ভ কৰি দিছো আমাৰ ৰচনা- আকস্মিকভাৱে, প্ৰাক-জাননী অবিহনে আৰু অৰ্থহীন বাৰ্তালাপৰ মাজেৰে৷
প্ৰত্যেক বছৰে পৃথিৱীৰ বিভিন্ন ভাষাত এজাক গোঁৱাৰৰ দৰে সৃষ্টিশীলতাক ভাল পোৱা মানুহৰ সৌজন্যত হাজাৰখন চলচ্চিত্ৰ, লাখৰ ওপৰত কবিতা, অজস্ৰ গীত, ছবি আৰু অনেক নতুন কিবা-কিবা সৃষ্টিৰ কৰ্ষণ হয়৷ আৰু এই চিৰাচৰিত সংঘটন প্ৰত্যেক বছৰে হয়৷ তাৎপৰ্যপূৰ্ণভাৱে, ছবি-সংগীত-কবিতা আদি- মেদহীন ভাষাত যিবেোৰক কলা বুলি কোৱা হয়- এই সৃষ্টিসমূহৰ খুবসম্ভৱ অৰ্ধেক বা তাতকৈ বেছিভাগৰে কেন্দ্ৰীয় বিষয় প্ৰেম৷ এমিগডেলা আৰু হিপ’কেম্পাচে(‌Amygdala, Hippocampus- মগজুৰ দুটা অংশ) মানুহক নিজৰ চৌপাশৰ বাহ্যিক আৰু আভ্যন্তৰীণ পৃথিৱী দুখনৰ সৈতে মোকাবিলা কৰিবলৈ নানান অনুভূতি(emotion)ৰ আশ্ৰয় দিছে যদিও ‘প্ৰেম’ক লৈ যিমান চৰ্চা কবিতাই-চিনেমাই-বিয়নী মেলে-নামঘৰে-ই আলোচনীয়ে হৈছে, ঠিক একেধৰণৰ চৰ্চা অইন অনুভূতিবোৰক লৈ কাহানিও হোৱা নাই; আৰু খুব সম্ভৱ কাহানিও নহ’ব৷ সৃষ্টিশীল পৃথিৱীত ’প্ৰেম’ৰ অবাধ আধিপত্যৰ সুযোগ লৈ সৃষ্টিশীল জগতৰ নিপুণ কুশলীসকলে ‘প্ৰেম’ক কলাৰ একক আৱেষ্টনীৰ মাজত সযতনে সামৰি ৰখাৰ চেষ্টা সেই শিলে শিল যুঁজাই জুই ধৰা দিনৰেপৰা একাত্মভাৱে কৰি আহিছে৷ মংগলত জংগল আৰু কোষত দোষ বিচাৰি ফুৰা ‘বিজ্ঞান’ৰ উদ্ধতালি দেখিয়েই বোধহয় কলাৰ কুশলীসকলে ‘বিজ্ঞান’ৰ ওপৰত জাপি দিছে অকথিত ফটোৱা- ‘প্ৰেম’ৰ পৃথিৱীত ‘বিজ্ঞান’ৰ প্ৰৱেশ নিষিদ্ধ৷ পিছে, সাত ঘাটৰ সৈঁয়াকণী বিজ্ঞানীবোৰ জানো কম৷ গেলিলিও-আৰ্কিমিডিচৰ দিনৰেপৰা নকৰিবি বুলিলে কৰাটো, নাযাবি বুলিলে যোৱাটো, সঁচা বুলিলে মিছা বোলাটো বিজ্ঞানীমখাই ধাৰাপাতৰ দৰে আয়ত্ব কৰি লোৱা এক ‘ইৰিটেটিং’ গুণ৷ স্বাভাৱিকতে, কলাই মিলয় প্ৰেম, বিজ্ঞানে বহুদূৰ বুলি সাৱধান কৰি দিয়াৰ পাছতো ‘প্ৰেমৰ ব্যৱচ্ছেদন’ কৰাৰ পৰকাষ্ঠা বিজ্ঞান-জগতৰ কাণ্ডাৰীসকলে সন্তৰ্পণে কৰি আহিছে৷
এই সম্পৰ্কত প্ৰথম বস্তুনিষ্ঠ বিশ্লেষণৰ চেষ্টা চলোৱা মানুহজন আছিল ছিগমন্দ ফ্ৰইড৷ মনোবিজ্ঞানৰ পিতৃপুৰুষ ফ্ৰইডে প্ৰথমে মনোৰোগৰ প্ৰিজমৰ মাজেৰে প্ৰেমৰ বিশ্লেষণ আগবঢ়ায়৷ তেখেতৰ ‘Sexuality and the Psychology of Love’ নামৰ কিতাপখনত কেতবোৰ কেছ-ষ্টাডীৰ মাজেৰে কিছুমান মানসিক ৰোগৰ সৈতে প্ৰেম নামৰ মানসিক অৱস্থাটোৰ তুলনাত্মক অধ্যয়ন আগবঢ়োৱা হৈছে৷ এইখিনিতে পাঠকসকলৰ বিভ্ৰান্তি দূৰ কৰাৰ নিমিত্তে জনাও যে মানসিক ৰোগৰ সৈতে প্ৰেমৰ সমান্তৰাল অধ্যয়নে প্ৰেমক মানসিক ৰোগৰ সমাৰ্থক কৰাটো বুজোৱা নাই৷ সাধাৰণতে মানসিক ৰোগ বুলিলে যিধৰণৰ ৰোগৰ কথা বুজোৱা হয়, সেইসমূহৰ পেথ’জেনেচিচ(Pathogenesis)ত শৰীৰৰ কোনো অংশৰ কোনোধৰণৰ গাঁথনিগত বা জৈৱিক পৰিৱৰ্তন জড়িত নাথাকে৷ বৰং স্নায়ুতন্ত্ৰৰ ‘ছিগনেল’ পৰিবাহী কিছুমান ৰাসায়নিক পদাৰ্থৰ পৰিমাণৰ দীৰ্ঘকালীন তাৰতমযই মানুহৰ ব্যৱহাৰ, অনুভৱ, স্মৃতি আদিত পেলোৱা প্ৰভাৱৰ বাবেহে এই ৰোগসমূহৰ সৃষ্টি হয়৷ প্ৰেমত পৰা মানুহ এজনৰ বাহ্যিক ব্যৱহাৰ, অনুভৱ, স্মৃতি আদিৰ অধ্যয়নৰ মাজেৰে ফ্ৰইডে কেতবোৰ বিশেষ মানসিক ৰোগ যেনে, Dissociation disorder, Obsessive Compulsive disorder আদিৰ মানসিক অৱস্থাৰ সৈতে প্ৰেমৰ মানসিক অৱস্থাটোৰ সামঞ্জস্য বিচাৰি পায়, যিটোৱে প্ৰেমৰ ’পেথ’জেনেচিচ’ৰ সৈতে এই ৰাসায়নিক পদাৰ্থসমূহৰ এটা যোগসূত্ৰৰ ঈংগিত দিয়ে৷ অৱশ্যে, সেই সময়ত স্নায়ুতন্ত্ৰৰ ছিগনেল পৰিবাহী পদাৰ্থ(নিউৰ’ট্ৰান্সমিটাৰ)সমূহৰ তাৰতময জোখাৰ পোনপটীয়া ব্যৱস্থা নথকাত তেওঁৰ অধ্যয়ন সূত্ৰৰ পৰ্যায়তে থাকিল৷ কিন্তু, ফ্ৰইডৰ অধ্যয়নে প্ৰেমৰ ৰসায়ন অধ্যয়ন কৰাৰ নতুন বাট এটা নিশ্চয়কৈ মুকলি কৰিলে৷
তেওঁৰ বাটেৰেই খোজ বুলি মৌলিক চিন্তাৰ আখৰাথলীস্বৰূপ পৃথিৱীৰ নানা বিশ্ববিদ্যালয়ত প্ৰেমক লৈ বৈজ্ঞানিক চৰ্চা আৰম্ভ হয়৷ এনে চৰ্চা আৰু গৱেষণাই সময়ে সময়ে প্ৰেম আৰু যৌনতা সম্পৰ্কীয় কিছুমান চিন্তা-উদ্ৰেককাৰী আৰু আমোদজনক তথ্যৰ সন্ধান দিলে৷ এইক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়( Rutgers University)ৰ এদল বিজ্ঞানীৰ এটা অধ্যয়নে ফ্ৰইডৰ সূত্ৰৰ ন্যায্যতা প্ৰদান কৰে৷ তেওঁলোকৰ অধ্যয়নত তিনিটা পৰ্যায়ৰ মাজেৰে প্ৰেমৰ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে বুলি ব্যখ্যা আগবঢ়োৱা হয়৷ সেইকেইটা হ’ল যথাক্ৰমে ১)বাসনা(lust), ২) আকৰ্ষণ(attraction) আৰু ৩)অনুৰাগ(attachment)৷ এই তিনিটা পৰ্যায়ৰ সৈতে হৰম’ন আৰু নিউৰ’ট্ৰান্সমিটাৰৰ তাৰতমযৰ যোগসূত্ৰ স্থাপনতো তেওঁলোক সফল হয়৷

প্ৰেমৰ প্ৰথম পৰ্যায় অৰ্থাৎ ‘বাসনা’ৰ পৰ্যায়টো তুলনামূলকভাৱে এক ক্ষন্তেকীয়া পৰ্যায়৷ পুৰুষৰ ক্ষেত্ৰত টেষ্ট’ষ্টেৰন আৰু মহিলাৰ ক্ষেত্ৰত ইষ্ট্ৰজেন নামৰ হ’ৰমনে এই অৱস্থাটো নিয়ন্ত্ৰণ কৰে৷ বিপৰীত লিংগৰ প্ৰতি বাসনাৰ পৰ্যায়টো প্ৰেমৰ প্ৰথম ঢাপ হ’লেও বেছিভাগ ক্ষেত্ৰতে এই ঢাপটো অতিক্ৰমি দ্বিতীয় ঢাপলৈ যোৱাটো সম্ভৱ হৈ নুঠেগৈ৷ লগৰ ল’ৰাৰ বৰদেউতাকৰ পুতেকৰ বিয়াত দেখা ছোৱালীজনী বা নাইট ছুপাৰৰ ছিংগল ছিটত বহি যোৱা ল’ৰাজনক ভাল লাগিলেও সদায়তো আৰু তাৰ/তাইৰ সৈতে প্ৰেম কৰাটো সম্ভৱ হৈ নুঠেগৈ৷ কিন্তু, সেই ছোৱালীজনী/ল’ৰাজনৰ ফোন নম্বৰ সংগ্ৰহ কৰি, কথা পাতিবলৈ আৰম্ভ কৰি, ক’ৰবাত দুই-এবাৰকৈ লগ কৰি, তাইৰ/তাৰ জীৱনৰ কিছুমান মুহূৰ্ত নিজৰ কৰিবলৈ আৰম্ভ কৰিব পাৰিলে নহ’ব বুলি ভাবিলেও দ্বিতীয় পৰ্যায়টো আৰম্ভ হৈ যায়৷

প্ৰেমৰ দ্বিতীয় পৰ্যায় অৰ্থাৎ ‘আকৰ্ষণ’ৰ পৰ্যায়টোকে আমাৰ সাহিত্য, সংগীত, ছবিত প্ৰেম হিচাপে দেখুওৱা হয়৷ এই সময়ৰ মানসিক অৱস্থাটোৱে মানুহ এজনৰ সামগ্ৰিকভাৱে বাহ্যিক আৰু আভ্যন্তৰীণ স্বৰূপটোৰ ওপৰত পেলোৱা প্ৰভাৱসমূহৰ বাবেই খুবসম্ভৱ এই স্তৰটোৰ ‘সৃষ্টিশীল’ গুৰুত্বও বেছি৷ কম দিনৰ বাবে হ’লেও এই পৰ্যায়টোতে কিছুমানে চিগাৰেট খাবলৈ এৰে, আন কোনোবাই ধুনীয়া আৰু আকৰ্ষণীয় হ’বলৈ কষ্ট কৰে৷ মানুহৰ এই মানসিক অৱস্থাটো নিয়ন্ত্ৰণ কৰে মূলত: তিনিধৰণৰ নিউৰ’ট্ৰান্সমিটাৰে- এড্ৰিনেলিন(Adrenaline), ড’পামিন(dopamine) আৰু ছেৰ’টনিন(serotonin)৷ ’এড্ৰিনেলিন ৰাছ’(adrenaline rush) শব্দযুগল আজিকালি যি ধৰণে ব্যৱহাৰ হয়, তাৰপৰা পাঠকসকলে বোধহয় এড্ৰিনেলিনৰ কাৰ্যপ্ৰণালী বুজিব পাৰিছেই৷ ‘বুকুখন ইচাত-বিচাত কৰা’, ‘গাল ৰঙা পৰি যোৱা’, ‘ডিঙিটো সোপা মাৰি ধৰা’ এইবোৰ সকলো এড্ৰিনেলিনৰ কামাল৷ এড্ৰিনেলিন নামৰ জীৱন-সঞ্চাৰকাৰী এই পদাৰ্থবিধে ‘স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ’ৰ বাৰ্তাবাহক নিউৰ’ট্ৰান্সমিটাৰ হিচাপে হৃদযন্ত্ৰকে ধৰি বহু অংগৰ কাম-কাজ ‘স্বাভাৱিক’ কৰি ৰখাত সহায় কৰে৷ কিন্তু, ‘আকৰ্ষণ’ৰ পৰ্যায়টোত এড্ৰিনেলিনৰ নিঃসৰণ স্বাভাৱিকতকৈ বহু বেছি পৰিমাণে হয়৷ ড’পামিনৰ প্ৰভাৱবোৰ এড্ৰিনেলিনৰ প্ৰায় ওচৰা-উচৰি৷ টোপনি আৰু খাদ্যৰ প্ৰতি অনীহা, সৰু-সৰু কিছুমান সাধাৰণ যেন লগা কথাত আনন্দিত হোৱা, মনোযোগৰ তাৰতময আদি ড’পামিনৰ বৰ্ধিত পৰিমাণৰ ফলাফল৷ আনহাতে, ছেৰ’টনিন নামৰ নিউৰ’ট্ৰান্সমিটাৰবিধৰ প্ৰভাৱত প্ৰেমিক বা প্ৰেমিকা এগৰাকীৰ তেওঁৰ প্ৰেমাস্পদ অথবা প্ৰেমাস্পদৰ কোনো অভ্যাস অথবা নিজৰ কোনো অভ্যাসৰ প্ৰতি Obsession-এ দেখা দিয়ে৷ এই Obsession-এ মানুহ এজনৰ আভ্যন্তৰীণ জীৱনটোৰ কেতিয়াবা নক্সাই সলাই দিয়ে৷ এড্ৰিনেলিন আৰু ড’পামিনৰ নিঃসৰণ পৰিস্থিতি অনুযায়ী উঠা-নমা হৈ থাকে যদিও ছেৰ’টনিন সাধাৰণতে দীৰ্ঘসময়ৰ বাবে নিঃসৰিত হয়৷ সেয়েহে, সিহঁতৰ প্ৰভাৱবোৰো সেই অনুযায়ী দেখা দিয়ে৷
দ্বিতীয় পৰ্যায়ৰপৰা তৃতীয় পৰ্যায়লৈ অৰ্থাৎ ‘আকৰ্ষণ’ক ‘অনুৰাগ’লৈ ৰূপান্তৰিত কৰিব পৰাতেই প্ৰেমৰ প্ৰকৃত সাৰ্থকতা৷ ’আকৰ্ষণ’ একপক্ষীয় হ’ব পাৰে৷ কিন্তু, ‘অনুৰাগ’ এক পাৰস্পৰিক অনুভূতি৷ ‘আকৰ্ষণ’ক ‘অনুৰাগ’ৰ ৰূপ দিয়া খুব সহজ নহয় আৰু যেতিয়া এই কামটো কৰাটো সম্ভৱ হৈ নুঠে তেতিয়াই ‘ব্ৰেক আপ’ নামৰ মহাজাগতিক পৰিঘটনাটো ঘটে৷ দুজন মানুহে এজনে আনজনৰ বাহ্যিক আৰু আভ্যন্তৰীণ জীৱন ভগাই লোৱাৰ মাজেৰেই আৰম্ভ হয় ‘অনুৰাগ’ৰ বান্ধোন৷ এইক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা হ’ৰমনবিধ হ’ল অক্সিটচিন(oxytocin)৷ অক্সিটচিনৰ মুখ্য প্ৰভাৱ সাধাৰণতে দুগ্ধদায়ী মাতৃৰ শৰীৰত দেখা যায়৷ দুগ্ধদায়ী মাতৃ আৰু সন্তানৰ মাজৰ বান্ধোন দৃঢ় কৰা অক্সিটচিনৰ পৰিমাণ অনুৰাগৰ বান্ধোনত বান্ধ খাই থকা প্ৰেমিক-যুগলৰ শৰীৰত বেছি প্ৰত্যক্ষ কৰাটোৱে প্ৰেমৰ এই পৰ্যায়টোৰ ‘তুমি আৰু ‘মই’ৰপৰা ‘আমি’ হোৱাৰ ব্যখ্যা আগবঢ়ায়৷
বিজ্ঞানৰ আলোকত প্ৰেমৰ নানা পৰ্যায় আৰু সিবোৰৰ ‘বৈজ্ঞানিক ব্যাখ্যা’ৰ আলচ কৰি থাকোতেই অইন এটা কথা মনত পৰিছে৷ এড্ৰিনেলিন-অক্সিটচিনৰ ‘কেমিকেল ল’চা’ বিজ্ঞানে ঢুকি পোৱাৰ বহু যুগৰ আগতে চুফী দৰ্শনে প্ৰেম(তেওঁবিলাকৰ ভাষাত ‘ইস্ক’)ৰ মুঠ ৭টা পৰ্যায় থকা বুলি কৈছিল৷ সেইকেইটা হ’ল ক্ৰমান্বয়ে ১)দিলকশী(Attraction) ২)উন্স(Attachment) ৩)মোহব্বত(Love) ৪)অকীদত(Trust) ৫)ইবাদত(Worship) ৬)জুনুন(Obsession) ৭)মৌত(Death)৷ এইখিনিতে উল্লেখ নকৰোঁ বুলিও উল্লেখ কৰিবলৈ মন গৈছে- প্ৰেমৰ এই সাতটা পৰ্যায়ক উপজীৱ্য হিচাপে লৈ দুবছৰ মান আগতে বিশাল ভাৰদ্বাজে ‘ডেড় ইস্কিয়া’ নামৰ এখন ছবি কৰিছিল আৰু সেই ছবিখন মই চাবলৈ যোৱা দিনাৰ দৰ্শনীটোত মোৰ সৈতে মাত্ৰ সাতজন দৰ্শকৰ উপস্থিতিত ছবিঘৰ এটাই সন্ধিয়াৰ দৰ্শনী এটা চলাব লগা হৈছিল৷ সি যি কি নহওক, চুফী দৰ্শন আৰু আধুনিক বিজ্ঞান খুউব ওচৰ সম্পৰ্কীয় বিষয় নহয় যদিও দুয়োটাৰ ‘প্ৰেম-কাহিনী’ত থকা মিলসমূহে প্ৰেমক লৈ সম্পৰীক্ষা আৰু পূজা কৰা দুয়োজাক মানুহক চিন্তাৰ খোৰাক দিয়ে৷
এইখিনিতে প্ৰেম আৰু যৌনতাৰ সম্পৰ্ক সম্বন্ধীয় মান্ধাতা যুগৰপৰা চলি অহা বিতৰ্কৰ ওপৰত আৰ্থাৰ আৰুণে চলোৱা এক অধ্যয়নৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ৷ ৰচনাৰ আৰম্ভণিতে আমি Amygdala আৰু Hippocampus ৰ কথা উল্লেখ কৰিছিলোঁ৷ মানুহৰ শৰীৰৰ আভ্যন্তৰীণ প্ৰয়োজন যেনে পিয়াহ, ভোক, যৌন প্ৰয়োজন, স্মৃতি, আৱেগ আদিক চিকিৎসা বিজ্ঞানৰ ভাষাত Higher function বুলি কোৱা হয়৷ এই Higher functionবোৰ নিয়ন্ত্ৰণ কৰে চেৰিব্ৰাম (মগজুৰ মূল অংশ) আৰু স্নায়ুৰজ্জুৰ মাজত অৱস্থান গ্ৰহণ কৰা মগজুৰেই আন কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অংশই৷ এই অংশসমূহৰ মাজত স্নায়ৱীয় চাৰ্কিট কিছুমানে বিশেষ Function একোটা পৰিচালনা কৰে৷ যৌনতাৰ যিটো চাৰ্কিট, তাৰ কেন্দ্ৰবিন্দু হাইপ’থেলামাচ( Hypothalamus)৷ এই হাইপ’থেলামাচ নামৰ অদ্ভুত অংশটোৱে যৌনতাৰ লগতে পিয়াহ, ভোক আদিও নিয়ন্ত্ৰণ কৰে৷ হাইপ’থেলামাচৰ আনুপাতিক আকাৰৰ ক্ষেত্ৰত অইন স্তন্যপায়ী প্ৰাণীৰ সৈতে মানুহৰ বৰ বিশেষ পাৰ্থক্য নাই৷ স্বাভাৱিকতে যৌনতা, ভোক, পিয়াহ আদি প্ৰয়োজনীয়তাবোৰ এই প্ৰাণীবোৰৰ যিমান, মানুহৰো সিমানেই৷ আন স্তন্যপায়ী প্ৰাণীতকৈ মানুহৰ যিকেইটা অংশ অধিক উন্নত আৰু আনুপাতিকভাৱে ডাঙৰ, সেইকেইটাৰ ভিতৰত ষ্ট্ৰায়েটাম(striatum), এমিগডেলা আৰু হিপ’কেম্পাচ অন্যতম৷ যৌনতাৰ যিটো চাৰ্কিট তাৰ সৈতে প্ৰেমৰ চাৰ্কিটটোৱে যথেষ্ট overlap কৰে যদিও ষ্ট্ৰায়েটাম, এমিগডেলা আৰু হিপ’কেম্পাচলৈ প্ৰেমৰ চাৰ্কিটটোত কিছুমান উপৰঞ্চি ’কানেকচন’ আছে৷ মগজুত প্ৰেমৰ এই সুশৃংখলিত অথচ জটিল আৱয়বিক স্বৰূপটোৱে খুউব প্ৰাথমিক বুলি স্বীকৃত যৌনতাৰ সৈতে প্ৰেমক একেসময়তে সংযুক্তও কৰে আৰু বিৱৰ্তন-জনিত পৃথকতাবোৰো উদঙাই দিয়ে৷ আৰুণৰ এই বস্তুনিষ্ঠ অধ্যয়নে প্ৰেম আৰু যৌনতাক লৈ চলি থকা বিতৰ্কবোৰক বিৰাম দিব নোৱাৰিলেও সিবোৰক এক সঠিক নিৰ্দেশনা দিয়াত নিশ্চয় সহায় কৰিব৷
আৰ্থাৰ আৰুণৰ প্ৰেম আৰু যৌনতা সম্বন্ধীয় অধ্যয়নৰ কথা পাতি থাকোতেই তেওঁৰ অন্য এক আমোদজনক পৰ্যবেক্ষণ বাহি হৈ যোৱাৰ আগতেই গৰমে গৰমে উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ ৬ মাহ ধৰি প্ৰায় ১২০০জন ব্যক্তিৰ ওপৰত অধ্যয়ন কৰি তেখেত এই সিদ্ধান্তলৈ আহিল যে ‘love at first sight’ নামৰ প্ৰচলিত কথাষাৰ আচলতে কম-বেছি পৰিমাণে সঁচা৷ দুজন বিপৰীত লিংগ(বিপৰীত যে হ’বই লাগিবই তেনেকুৱা কথা অৱশ্যেই নাই)ৰ ব্যক্তিৰ মাজত আকৰ্ষণৰ প্ৰক্ৰিয়াটোত আটাইতকৈ বেছি বৰঙনি যোগোৱা বস্তুটো হ’ল শৰীৰী ভাষা(Body language) অৰ্থাৎ চাৱনি, মুদ্ৰা, খোজ-কাটল ইত্যাদি৷ ৫৫% কাম বডী লেংগুৱেজেই সমাধা কৰে৷ ৩৮% বৰঙনি কণ্ঠৰ tone আৰু পৰিৱৰ্তিত frequencyৰ৷ বাকী মুখেৰে কোৱা কথাখিনিৰ অৱদান মাত্ৰ ৭%৷ অৰ্থাৎ আপুনি চকুৱে চকুৱে যদি সঠিক ছিগনেল দিব পাৰিছে আৰু সিফালৰপৰা যদি সেই ছিগনেলৰ সমান ফ্ৰিকুৱেঞ্চিৰ ছিগনেল আপোনালৈও আহিছে তেন্তে আপোনাৰ প্ৰেম প্ৰেজেণ্টেচনৰ ইলাহী কাৰবাৰটোৰ ৭% ক লৈ মূৰৰ বাকী থকা চুলিকেইডাল সৰি যোৱাকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই৷
ব্যক্তিগত জীৱনত এনে অভিজ্ঞতা হোৱা নাই যদিও সাহিত্য-ছবি -গীতৰপৰা ধাৰণা কৰিছোঁ যে ‘তুমি মোক কিমান ভাল পোৱা’ নামৰ প্ৰশ্নটোৱে বহুতক ব্যতিব্যস্ত কৰে৷ এই যে ‘সাগৰত যিমান পানী আছে সিমান’, ‘আকাশত যিমান তৰা আছে সিমান’ ভাল পাওঁ বুলি গণিব নোৱৰা অংক এটা কৈ উত্তৰ দিওঁতাই এই আহুকলীয়া প্ৰশ্নটোৰপৰা হাত সাৰিব বিচাৰে; তেওঁলোকক জব্দ কৰিবলৈ ৰুবিন নামৰ মনোবিজ্ঞানে এজনে প্ৰেম জুখিবলৈ মাপকাঠী এডালকে সাজি উলিয়ালে৷ ৮০টা প্ৰশ্ন সন্নিৱিষ্ট থকা এই মাপকাঠীডালক ‘Rubin’s Scale of Liking and Love’ বুলি কোৱা হয়৷ ভাল লগা আৰু ভাল পোৱাৰ মাজৰ অস্পষ্ট যেন লগা সীমাৰেখাডাল স্পষ্ট কৰিবলৈ এই মাপকাঠী যথেষ্ট সহায়ক হ’ব৷ ভাল লগাকেই ভাল পোৱা বুলি ভুল কৰি পাছত মদৰ আড্ডাত হুমুনিয়াহ কাঢ়ি থকা কেইজনে তেৰাসৱৰ প্ৰেমৰ পৰৱৰ্তী সংস্কৰণত ৰুবিনৰ স্কেলডাল ব্যৱহাৰ কৰি চাব পাৰে৷ (স্থানাভাৱত প্ৰশ্নকেইটা দিয়াৰপৰা বিৰত থাকিলোঁ৷ ই-আলোচনী পঢ়া মানুহে মন গ’লে নিজেই খুচৰি উলিয়াব বুলিও জানো)
প্ৰেম-তত্ত্বৰ বিশুদ্ধবাদী সেৱকসকল, যিসকলে বিজ্ঞানৰ আলোকত প্ৰেমৰ চৰ্চা দেখি ইতিমধ্যে মোৰ ওপৰত খড়্গহস্ত হৈছেই, তেওঁবিলাকৰ সন্তোষাৰ্থে কলা-বিজ্ঞানৰ ছঁয়াময়াত এলেইন হেলফিল্ডে প্ৰেম সম্পৰ্কে আগবঢ়োৱা এক আলোচনা বিষয়ে দুষাৰ উল্লেখ কৰিব বিচাৰিছো৷ তেখেতৰ দৃষ্টিত প্ৰেম দুইধৰণৰ Passionate Love আৰু Compassionate Love(উপযুক্ত অসমীয়া শব্দৰ অভাৱত দুয়োটা শব্দ ইংৰাজীতে ব্যৱহাৰ কৰিছোঁ)৷ Passionate Love হৈছে এক তীব্ৰ অনুভূতি, এক ব্যক্তিনিষ্ঠ অনুভৱ- এই অনুভূতিত প্ৰশান্তি নাই, কিন্তু ঊষ্ণতা আছে৷ এনে প্ৰেমে যদি প্ৰতিদান পায়, তেন্তে সেই প্ৰতিদানত পূৰ্ণতাৰ সন্তুষ্টি আছে৷ আনহাতে, এই প্ৰেম প্ৰত্যাখিত হ’লে সেই প্ৰত্যাখ্যানৰ পাছত শূন্যতাৰ এন্ধাৰত বুৰ যোৱাৰ পূৰ্ণ অৱকাশ আছে৷ Compassionate loveপাৰস্পৰিক বুজাবুজি, শ্ৰদ্ধা, বিশ্বাস আৰু মৰমৰপৰা অহা অনুভূতি৷ এনে প্ৰেমত প্ৰশান্তি আছে; পূৰ্ণতা বা অপ্ৰাপ্তিৰ ছাঁয়াই ইয়াক স্পৰ্শও কৰিব নোৱাৰে৷ প্ৰথমেই উল্লেখ কৰা প্ৰেমৰ তৃতীয় পৰ্যায় ‘অনুৰাগ’ আৰু চুফী দৰ্শনৰ ‘মৃত্যু’ত প্ৰেমে শেষ পৰ্যায়ত উপনীত হোৱাৰ ব্যাখ্যাৰ সৈতে হেলফিল্ডৰ Compassionate loveৰ যথেষ্ট মিল আছে৷
প্ৰেমৰ ওপৰত কলাজগতৰ যি যাউতিযুগীয়া পেটেণ্ট, তাক বাতিল কৰিবলৈ বিজ্ঞানী-মহলৰ অহৰহ প্ৰচেষ্টা এতিয়াও চলি আছে৷ ওপৰত মনোবিজ্ঞান, চুফীবাদ, ফ্ৰইড, হৰম’ন সকলো একাকাৰ কৰি প্ৰেমক কলাত্মক অনুভূতিৰ প্ৰচ্ছায়াৰপৰা মুক্ত কৰি ব্যৱহাৰিক অনুভূতিলৈ লৈ যোৱাৰ চেষ্টাৰে আমিও সেই বাটেৰেই ৰচনা এখন লিখিলোঁ ঠিকেই, কিন্তু ব্যক্তিগত জীৱনত হওঁ-নহওকৈ প্ৰেম হোৱা দিনত কৰা(আৰু কৰি থকা) পাগলামিবোৰৰ কথা মনত পৰি ওপৰৰ গোটেইবোৰ খোলাকটিৰ তাল যেনেই লাগি গ’ল৷ হয় হে’, এড্ৰিনেলিনেই কৰিলে নে ড’পামিনেই কৰিলে আমাৰ কি দৰকাৰ? হাইপ’থেলামাচ, এমিগডেলা, ষ্ট্ৰায়েটাম যিয়ই কণ্ট্ৰল নকৰক আমাৰ প্ৰেম জনমে জনমে অটুট থাকিলেই হ’ল৷ জয় প্ৰেম বোলা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments