প্ৰেম আৰু এজন ছবি অঁকা মানুহ (দীপালী বৰা)

গুণগুণ জোনাকৰ নিশা
ছবি অঁকা মানুহজনৰ তুলিকাত
কবিতা ফুলিছিল ৷
তেওঁৰ বুকুত গঁজালি মেলিছিল
প্ৰেমৰ শুধৰঙী সুঁতি এটাই ৷
ফাগুন বনৰ বাটেৰে গৈ থকা
যি নাৰীৰ খোজত
তেওঁ শিমলুৰ পাহি সৰা দেখিছিল ,
সেই নাৰীৰ উশাহত
তেওঁ বিচাৰিছিল জীৱনৰ ৰং ৷
সেই ফাগুনগামিনীৰ খোজৰ
আঁত ধৰি
তেওঁৰ তুলিকাই সপোন ৰচিছিল ,
তেওঁৰ কেনভাচত বিয়পি পৰিছিল
ৰিমঝিম বৰষুণ এজাকৰ সতে
বনৰীয়া ফুলৰ গধূলি এটা ৷
জীৱনক তেওঁ আঁকি লব খুজিছিল
বহাগৰ গোন্ধ এটাৰ দৰে ৷
তেওঁ বুজা নাছিল
জীৱনক যে আঁকি লব নোৱাৰি
ছবিৰ দৰে ,
ছবিকহে আঁকিব পাৰি জীৱনৰ দৰে ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments