প্ৰেম আৰু ট্ৰেজেডী”: এটি ‘ছিৰিয়াছ’ আলোচনা (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

দুদিনমান আগতে কলেজৰ জু’নিয়ৰ এজনলৈ ফোন কৰিলোঁ। খবৰ সোধাৰ লগে লগে ক’লে,’দাদা, নক’ব আৰু! বিৰাট ট্ৰেজেডী। আজি আমাৰ তিনিবছৰীয়া প্ৰেমক গচকি-মোহাৰি তাই গুচি গ’ল।’
মই সুধিলোঁ, ‘তোৰ ট্ৰেজেডীৰ ভাগটো বা কি!’
‘ট্ৰেজেডীৰ আকৌ কি ভাগ-বিভাগ থাকে হে? ট্ৰেজেডী ট্ৰেজেডীয়েই, চব একেই’।
‘ধেই…তই মোৰ প্ৰেম ট্ৰেজেডী পুৰাণখন পঢ়া নাই হ’বলা? ৰ, ৰ..মই বুজাই দিওঁ তোক….’- প্ৰেম-ট্ৰেজেডীৰ বিভিন্ন ভাগৰ ওপৰত মই আৰম্ভ কৰিলোঁ এক ছিৰিয়াছ পৰ্যালোচনা:

ক) ল’ৰা এজনে দেখিলে ছোৱালী এজনীক। প্ৰথম দৃষ্টিতে প্ৰেম। আগ-পিছ নাভাবি ল’ৰাই শীঘ্ৰেই জনালে মনৰ কথা। ছোৱালীয়ে ভাবিলে-‘এইজন বা আকৌ কোন? এই ব্ৰহ্মাণ্ডত ইয়াক আগতে দেখা মনত নপৰেচোন’। তাইৰ এটা শব্দৰ উত্তৰ-‘না’ বা ‘নো’। ৰাতি বটল সাবতি ল’ৰা ৰূপান্তৰ হয় গায়কলৈ ‘অচ্ছা ছিলা দিয়া তুনে মেৰে প্যাৰ কা..’। প্ৰেমৰ এইবিধ ট্ৰেজেডী জেলেপীৰ পাকৰ দৰে ক’মপ্লেক্স নহয়, একেবাৰে অজটিল। সেয়েহে ইয়াৰ নাম ‘স্পষ্ট বা ডাইৰেক্ট ট্ৰেজেডী’।

খ) ল’ৰা-ছোৱালীৰ প্ৰেম চলি আছে। কিন্তু ল’ৰাজনৰ মাজে মাজে ভাব হয়, সিহঁতৰ প্ৰেম মজবুট নহয়। সৰু ল’ৰা-ছোৱালীৰ গাখীৰ কোৱা আগ দাঁতকেইটা সৰাৰ আগমূহুৰ্তত যেনেকৈ ‘এই পৰিব এই পৰিব’কৈ লৰি থাকে, সিহঁতৰ প্ৰেমৰ সাঁকোখনো যেন কঁপি থাকে অহৰহ। কেতিয়া ভাগি পৰে ঠিক নাই। ৰাতি সপোনতো চিঞৰি চিঞৰি ল’ৰাই গায়-‘কঁপি উঠে কিয় আজি তাজমহল!’। এইবিধ ট্ৰেজেডীৰ নাম হ’ল ‘কম্পিত ট্ৰেজেডী’।

গ) ছোৱালী এজনীৰ প্ৰেমৰ সাগৰত পৰি হাবুডুবু খাইছে ল’ৰাজন। ছোৱালীজনীক এই ক’ম এই ক’ম বুলি ভাবি থাকোঁতেই হঠাতে চিলনীয়ে মাছ থপিয়াই নিয়াদি নিলে নহয় আন এজনে নিজৰ কৰি। এতিয়া যেতিয়াই ছোৱালীজনীক দেখে ল’ৰাজনে, চকুৰে ওলাই চকুলোৰ বান, মুখেৰে ওলাই গান -‘হম তুমচে না কুছ কেহ পায়ে, তুম হমচে না কুছ কেহ পায়ে’। নতুন এজনী ল’ৰাজনৰ জীৱনলৈ নহালৈকে এইবিধ ট্ৰেজেডী এনেকৈয়ে চলি থাকে বাবে ইয়াৰ নাম দিয়া হৈছে-‘চলন্ত বা ৰানিং ট্ৰেজেডী’।

ঘ) ল’ৰাৰ ফালৰপৰা দিয়া হৈ গৈছে প্ৰ’পোজেল। ছোৱালীৰ কোনো উত্তৰ নাই। হা, না একো কোৱা নাই। ছাৰ্টৰ ওপৰৰ পকেটত ভাইব্ৰেচন মোডত মোবাইল ফোনটো ৰাখিলে ফোন আহিলে বুকুখনত যেনেকুৱা হম হম অনুভৱ হয়, ঠিক তেনেকৈ ল’ৰাজনে ছোৱালীজনীক যেতিয়াই দেখে একেই ধৰণৰ অনুভৱ হয় বাবে এইবিধ ট্ৰেজেডীৰ নাম দিয়া হৈছে-‘হম হম ট্ৰেজেডী’। ছোৱালীয়ে ‘নো’ কোৱাৰ লগে লগে এই অনুভৱটো যেন ৰিং মোডলৈ আহি বজাই দিয়ে গান -‘তেৰে গঁলিয়ো মে না ৰখেংগে কদম আজ কে বাদ…’।

ঙ) ল’ৰাজন এজনীৰ প্ৰেমত পাগল। শয়নে-সপোনে তাৰ দুচকুত মাত্ৰ ছোৱালীজনীৰ ছবি। কিন্তু সি এশ শতাংশ কনফিডেন্ট যে তাৰ প্ৰেম তাতেই শেষ, মাউন্ট এভাৰেষ্ট বগাই কপৌ ফুল আনিলেও তাৰ প্ৰেম সফল নহয়। ল’ৰাজনে কাকো নকয় মনৰ কথা, নিজৰ ট্ৰেজেডীৰ নৈত নিজেই স্নান কৰে দৈনিক পুৱা-গধুলি। ৰাতি ৰাতি ‘তুমি থাকা আঁতৰি, মই থাকো উচুপি..’জাতীয় কবিতা লিখে ঘন্টাত দহ-বাৰটা! এই ট্ৰেজেডীবিধৰ নাম হ’ল ‘নি:শব্দ বা ছাইলেন্ট ট্ৰেজেডী’।

এনেতে ফোনটোৰ আনটো ফালৰ পৰা সি মাত দিলে, ‘দাদা, শেষৰটো কি ক’লে? বুজা নাই’।
‘ধেৎতেৰি, কি বুজিবলৈ আছে? ৰ, উদাহৰণ এটা দিওঁ, যেনে: মই আৰু আমাৰ ‘বিজলী’ অনুষ্কা শৰ্মা। দিনে-ৰাতি অকল তাইৰ কথাই মোৰ মনলৈ আহে, মানে তাইৰ প্ৰেমত মই পাগল। তায়ো বামুণ, ময়ো বামুণ। ৰাশি-গণ সকলো মিলে।…কিন্তু মই জানোঁ, এইবোৰ একো লাভ নাই…’।
‘বুজিছোঁ দাদা, ফোনটো ৰাখোঁ দিয়ক। আজি মানে মোৰ ট্ৰেজেডী উদযাপন কৰিবলৈ লগৰকেইটাই দুটা ‘ফুল’ আৰু গাহৰি আনিছে। যাওঁ, সিহঁত ৰৈ আছে। মোৰ ট্ৰেজেডীটো কোনটো বিভাগত পৰিব, কম আপোনাক ভাবি…।’
সিদিনাৰ পিছত সি ফোন কৰা নাই। এতিয়াও চাগে সি তাৰ ট্ৰেজেডীৰ বিভাগটোৰ বিষয়ে ভাবাতেই ব্যস্ত!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments