প্ৰেম আৰু ধৰ্ম: পৰী পাৰবীন

প্ৰথমাংশ:

“তাবাচুম নাজনীন। কি অৰ্থ তোৰ নামৰ”?

“তাবাচুম মানে মিচিকিয়া হাঁহি। নাজনীন মানে ধুনীয়া”।

“বাঃ!নামটোৰ দৰে অৰ্থটোও ধুনীয়া।”

ঊৰ্দু শব্দবোৰ বৰ ধুনীয়া। আমাৰ অসমীয়া শব্দবোৰো কম কোমল নে? তোৰ নামটোৱেই কি ধুনীয়া অ’? জোনাক কি ধুনীয়া নাম!”

“তোৰ নামটোৰ দৰেই তোৰ মুখখনো ধুনীয়া। ফুলা লুচিৰ দৰে গাল দুখন।“

“কি ক’লি? ফুলা লুচি? তই কি তেন্তে? তই হ’লি নিগনি।”

সেই যে চতুৰ্থমানতে দুয়োটাৰে ধুনীয়া নাম দুটা মচি লৈ নতুন নাম দুটাৰে ইটোৱে সিটোৰ সম্ভাষণ কৰিবলৈ আৰম্ভ কৰিলে, সেই নামটোৰেই সিহঁত হাইস্কুল পালেগৈ। হাইস্কুল পাইহে সিহঁতৰ কাজিয়াবোৰ অলপ কমিল। তাইৰ ফুলা গাল দুখনত হাঁহো হাঁহোকৈ দিম্পল দুটা ওলমি ৰ’ল। তাই পাটগাভৰু হ’ল। আৰু সি যেন উতনুৱা পছোৱাজাকক বুকুত সামৰিব নোৱাৰি ছটফটাই ৰোৱা এক ব্যৰ্থ প্ৰেমিক হৈ পৰিল। তাৰ হাঁহিবোৰ অলপ গহীন হ’ল, চকুযোৰ চঞ্চল হ’ল।
স্কুলীয়া প্ৰেম। জীৱনৰ প্ৰথম প্ৰেম। জীৱনৰ কেঁকুৰি সলাব নোৱাৰিলেও ভাস্কৰ্যৰ দৰে শিলালিপিত খোদিত হৈ ৰোৱা প্ৰেম। কাকো ক’ব নোৱাৰি, দেখুৱাব নোৱাৰি, গধূলি পঢ়াৰ সময়ৰ টেবুললেম্পৰ পোহৰত জিলিকি উঠা ছয়াময়া ডিম্পল দুটা চকুৰ আগৰ পৰা আঁতৰাব নোৱাৰি।

তাইৰ পিছে প্ৰেমৰ স’তে বৰ পৰিচয় নাই। অংকবলীয়া ছোৱালীজনীয়ে অংকৰ সূত্ৰবোৰ বেৰত আঠা লগাই থয়। নকৈ গজা দাঢ়িখিনি তাইৰ চকুত ধৰা নিদিয়েহি। নিজক লৈ ব্যস্ত তাই। ব্যস্ত তাই পঢ়া-শুনাক লৈ। দিনে দিনে তাইৰ পৰীক্ষাৰ নম্বৰবোৰ ডাঙৰ হৈ যায়।

ধৰা পৰিল সি। লগৰবোৰৰ ওচৰত ধৰা পৰি গ’ল এদিন। সিদিনা ছমহীয়া পৰীক্ষাৰ বহী দিছিল। অংকত তাই ফুলমাৰ্কচ পোৱাৰ বিপৰীতে কোনোমতে পাছ কৰিছিল সি। এনেতো হ’ব নালাগিছিল।পঢ়াত দুয়োটা সমানেই চোকা আছিল।

“জোনাক কি হৈছে তোৰ?”, প্ৰথম প্ৰশ্নটো কৰিছিল অংকৰ ছাৰে। তলমূৰ কৰি থিয় হৈ ৰৈছিল জোনাক।

“জোনাক, কি হৈছে বে? আমাৰ গেঙৰ নাক কাটিবিচোন তই।“, ল’ৰাৰ কেপ্তেইন শেখৰে লগৰখিনিৰ স’তে চাইকেলত হাফ পেডেল মাৰি মাৰি সুধিছিল।

বাঁহনিখনৰ তলত বহি ৰৈছিল গোটেইকেইটা। জিলা পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত যিজন ল’ৰাই স্নাতক মহলাৰ গ্ৰুপক হৰুৱাই সিহঁতৰ স্কুলক গৌৰৱান্বিত কৰে, তৰ্কবিদ্যাত যাক কালিদাস নাম দিয়ে স্বয়ং প্ৰিন্সিপাল ছাৰে, সঁফুৰা বৃত্তি, জিজ্ঞাস প্ৰতিযোগিতাত যাৰ নাম অসমৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ স’তে একেলগে থাকে, সেই জোনাকৰ পৰীক্ষাৰ ফলাফলে সিহঁত গোটেইমখাক চিন্তিত কৰি পেলাইছে।

“কি কাৰণ? জোনাক কি কাৰণ? কি হৈছে তোৰ?”, এটা এটাকৈ চাৰিওটাই সুধি পেলায় তাক।

সি অসহায়ভাবে সিহঁতলৈ চাই বাঁহজোপাৰ কুমলীয়া পাত এখিলা ছিঙি পেলায়। কলিজা ফলাৰ দৰে মিহি শব্দ এটা কাণত বাজি উঠে।

হঠাতে সিহঁতৰ মনলৈ আহিল কথাটো, “আৰ ইউ ইন লভ? প্ৰেমত পৰিছ তই?”

চক খাই উঠে সি। প্ৰেম শব্দটো নিষিদ্ধ। মাকে গম পালে কিয়েই যে নক’ব! কিয়েই যে নাভাবিব স্কুলৰ ছাৰে। বয়স হৈছে নে তাৰ? নাই নাই, সি মনটো জোকাৰি চাইকেলখনত ফুল পেডেল মাৰি ঘৰমুখী হয়।

শেখৰহঁতে ইটোৱে সিটোৰ মুখলৈ চায়। বিলহানে কৈ যায়, “চিন্তা নকৰিবি, মই গধূলি তাৰ ওচৰলৈ গৈ কথাটোৰ বুজ ল’ম।“

“আৰ ইউ ইন লভ জোনাক?”, ঘৰলৈ গৈ মুখহাত ধুই কোনোমতে ভাতকেইটা চুৱে সি। মাকৰ চকুলৈ চাব নোৱাৰে। কিবা যেন ডাঙৰ অপৰাধ কৰিছে সি। মাকৰ চকুতো সি ধৰা পৰে। মূৰ পিহি মাকে তাৰ বুজ ল’বলৈ প্ৰয়াস কৰে। সি অংকৰ বহীখন উলিয়াই দিয়ে। “তেনেই কম নম্বৰ দেখোন। টিউচন দিয়াব লাগিব”, মাকে মনে মনে গুণাগঁথা কৰে।

“কাকো নকওঁ বিশ্বাস কৰ। তই মাত্ৰ নামটো কৈ দে।“, শেখৰহঁতে আকৌ তাক জেৰা কৰে।

“আৰে, কি ব’ৰ কৰিছ বে, অংক মই বুজি পোৱা নাই, সেইকাৰণে কম নম্বৰ পাইছোঁ, ইয়াত আকৌ ছোৱালীৰ কথা ক’ৰ পৰা আহিল।”

কষ্ট কৰিব লগা হ’ল সি। কেৱল অংকতেই নে, বাকী সকলো বিষয়তে কম নম্বৰ পোৱা ল’ৰাজনে নম্বৰ উঠাবলৈ বৰকৈ কষ্ট কৰিব লগা হ’ল। তাতকৈ বেছি কষ্ট হ’ল মাকৰ। তাৰ লগে লগে দৌৰি ফুৰিল মাক। পঢ়া টেবুলত, টিউচনত, স্কুলৰ গাৰ্জেন মিটিঙত- সকলোতে।

নৱমমানৰ পৰা দশমমান পালেগৈ, ফুলা গালৰ ছোৱালীজনীৰ কথাটো কোনেও গম নাপালে। ফুলা গালৰ ছোৱালীজনীয়ে সেইবাৰ শ্ৰেণীলৈ চশমা পিন্ধি আহিল। সি ভাবিলে, চশমাযোৰে গালখনত হেঁচা দিছেনে কি?

স্থান কাল পাত্ৰ পাহৰি সি তাইলৈ একেথৰে চাই ৰ’ল। এই যে চাই ৰ’ল, দৃশ্যটো শেখৰহঁতৰ চকুৰ পৰা সাৰি নগ’ল। সাৰি নগ’ল তাইৰ চকুৰ পৰাও। খুককৈ মনৰ মাজতে হাঁহিলে তাই, “সি আজিকালি পঢ়াত বেয়া হৈছে, হয়তো টান পাইছে, অংক নোৱাৰিছে, সেয়েহে তাইক হিংসাতে চাইছে।“

“মৰিবি তই। কলিমা জান? নামাজ পঢ়িব জান? মুছলীম ছোৱালীক বিয়া পাতিবলৈ মুছলীম হ’ব লাগিব”, বিলহানে শেখৰহঁতৰ সৈতে মিলি তাক থকা-সৰকা কৰে।

সি তেতিয়াও মনে মনে থাকে। না প্ৰতিবাদ, না কৌতুহল। মুঠতে হৃদয়খন তাৰ কব্জাত নাই। বৈ আছে, বৈ আছে প্ৰেমৰ স্ৰোতধাৰা।

“সেইবোৰ বাদ দে, তই স্কুলৰ নাম ৰাখিব লাগিব, ভালকৈ পঢ়।”

“পঢ়িমেইতো।“, মাথোঁ এটা শব্দ কৈ সি সিহঁতৰ পৰা বিদায় লয়।

পঢ়িবই লাগিব। নপঢ়িলে তাইৰ চকুত সি নগন্য হৈ যাব। পঢ়িব লাগিব । বহুত পঢ়িব লাগিব।

“কিন্তু এই কলিমা, নামাজ কি বস্তু এইবোৰ?”, শেষৰাতিলৈ ফুলা গালৰ ডিম্পল দুটিয়ে দিগদাৰ কৰে তাক।

দ্বিতীয়াংশ:

মেট্ৰিকৰ পিছতে গোটেইখন ছেদেলি ভেদেলি হৈ পৰিল। সি ততকে ধৰিব নোৱাৰিলে তাইনো ক’লৈ গুচি গ’ল। ৰিজাল্টৰ মিঠাই খাওঁ বুলি সিহঁত চাৰিওটাই তাই থকা ঘৰটোৰ কলিংবেলত হাত দিছিল। পিছে অচিনাকী কোনোবাহে ওলাই আহিল, জনালে যে, আগৰ মানুহঘৰ তাৰ পৰা গুচি গ’লগৈ। ক’লৈ গ’ল, নাজানিলে সিহঁতে। সি নিজৰ ভৱিষ্যত বান্ধি ল’লে। এই সিদ্ধান্তত মাকে বেয়া পাব নেকি? নাই, মাক ইমান গোড়া নহয়। বুজালে বুজিব। পাঁচবছৰ বহুত সময়, কিন্তু লক্ষ্য বান্ধি লোৱাৰ বাবেই হয়তো চকুৰ পচাৰতে দিনবোৰ পাৰ হৈ গ’ল। মাজে মাজে বাঁহনিতলৰ আড্ডাটো নবহা নহয়, কিন্তু সিহঁতেও বুজে, জীৱন গঢ়াৰ সময় এয়া। জোনাকৰ বাবে অলপ বেছি কঠিন সময় এইখিনি। তাৰ লগত যোৰা খাই আছে এজনী ছোৱালী, নাজনীন যাৰ নাম।

“ক’ত তাই?”, বিলহানে সুধি পেলাইছিল।

“শিলচৰ ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়েৰত আছে। এবাৰ লগ কৰিবলৈ যাৱ নেকি?”, শেখৰে তাক প্ৰস্তাৱটো দিলে।

“যাব পাৰি।“, সি মনে মনে ভাবিলে। বহু বছৰেই হ’ল তাইক নেদেখা। বাহিৰলৈ যোৱাৰ আগত লগ কৰিব লাগিব।

“এতিয়াতো তোৰ চিন্তা নাই। ভাল ইউনিভাছিটিত চিট পাইছ। ওলাই অহাৰ লগে লগেই চাকৰি।“

কথাটো মিছা নহয়। এই চিটটো ল’বলৈকে সি বহুত কষ্ট কৰিলে। এছিয়াৰ এখন বিখ্যাত মুছলীম বিশ্ববিদ্যালয়ত তাৰ নামভৰ্তি হৈ গৈছে। নিঃসন্দেহে এয়া গৌৰৱৰ কথা। কিন্তু যাৰ কাৰণে এই গৌৰব বুটলিবলৈ সক্ষম হ’ল তেওঁ জানেনে এই কথা?

“হে প্ৰিয়তমা নাৰী, তুমি জানানে এই কথা?”

মনটো কমোৱা তুলাৰ দৰে পাতল হ’ল। শিলচৰলৈ গৈ তাইক লগ কৰি আহিবলৈ মন গ’ল। ইমান দূৰলৈ কিয় গুচি গ’ল তাই? হ’লেইবা ভাল কলেজ, তথাপি!

মাকক সেইবাৰ প্ৰথম মিছা মাতিলে। গুৱাহাটীৰ অৰ্ণৱৰ ওচৰলৈ যাওঁ বুলি সি শিলচৰ পালেগৈ। তাইৰ আবাসী হোষ্টেলৰ চকীদাৰৰ হাতত তাৰ নাম-ঠিকনা লিখি সি হোষ্টেলৰ ভিজিটিং ৰূমত অপেক্ষা কৰি ৰ’ল। অলপ পাছতে চিৰিৰে দৌৰি নামি আহিল এচাটি চঞ্চল বতাহ। বতাহজাক নামি আহি একেকোবে ভিজিটিং ৰূমৰ দুৱাৰমুখতহে থমকিল,

“জোনাক তই? হঠাত কেনেকৈ?” তাইৰ ফোঁপনি শেষ নহয়।

“বহি ল’। কথা পাতোঁ।”

ক’ৰ পৰা আৰম্ভ কৰে, কি বুলি আৰম্ভ কৰে, তত ধৰিব নোৱাৰে দুয়োটাই। অসংলগ্ন যিখিনি কথাৰ বিনিময় হ’ল, ওভতনি বাছত সি গণি চালে, কোৱা নহ’ল তাইক ভাল পাওঁ বুলি। শেতেলীত উঠি তাইও জুকিয়াই চালে কথাখিনি, নাই প্ৰেমৰ এটা শব্দও নাছিল সিহঁতৰ কথাখিনিত। শৈশৱৰ বন্ধু, সহপাঠী আৰুনো কি ? চকুহাল জপাই দিলে তাই। জপাই দিলে সিও। টোপনি নাহিল দুয়োৰে। নিগনি বুলি মতা ল’ৰাটো ইমান ওখ পাখ হৈ পৰিল, আজিহে তাই তাক ভালকৈ দেখিলে।

তাৰ পিছে বেলেগ এটা শংকাও জাগিল মনত, ইমান ধুনীয়াজনী হৈছে তাই, কোনেও বাৰু তাইক নিজৰকৈ পাব বিচৰা নাইনে? তাইতো নাজানে, কেৱল তাইৰ বাবেই সি মুছলীম ইউনিভাৰ্ছিটিখনত ভৰি দিয়াৰ সিদ্ধান্ত লৈছে। কেৱল সিহঁতৰ সমাজখন জানিবলৈকে তাৰ এই সিদ্ধান্ত, সেয়া সিহঁতকেইটাৰ বাদে আন কোনে জানে? বিলহানে কৈছিল, “কলিমা জান? নামাজ পঢ়িব জান?”

জানিব সি। শিকাত কিহ’ৰ বাধা?

তৃতীয়াংশ:

মাজতে আকৌ হেৰাই গৈছিল তাই। তেতিয়া জোনাক অসমৰ বাহিৰত কৰ্মৰত। তাইৰ হেৰাই যোৱাৰ খবৰত শেখৰহঁতহে ধৰফৰাই মৰিছিল। কোনোমতে বিচাৰি বিচাৰি উলিয়াই সিহঁতকেইটা এদিন তাইৰ অফিচ চেম্বাৰ পালেগৈ। সিহঁতকেইটাও তেতিয়া একো একোজন দায়িত্বশীল নাগৰিক হৈ উঠিছিল। নিজৰ স্কুলখনক লৈ গৌৰৱত বুকু ফুলি উঠিছিল তাইৰ। প্ৰায় গোটেইবোৰ সহপাঠীয়েই প্ৰতিষ্ঠিত হৈ উঠিছে। অৱশ্যে গোটেইকেইজনেই বেলেগ বেলেগ জিলাত কৰ্মৰত।

অফিচৰ টেবুলতে চাহ-চিঙৰাৰ আয়োজন কৰি তাই সিহঁতক হাঁহি হাঁহি প্ৰশ্ন কৰিলে, “ই জোনাক ক’ত এতিয়া?”

ইটোৱে সিটোৰ মুখলৈ চালে। ওভতনি পথত জুকিয়াই থাকিল গোটেইকেইটাই, জোনাকৰ হৈ একো কোৱা নহ’ল তাইক। টেলিফোনত কথাটো গম পাই জোনাকে টেবুলত ভুকু এটা মাৰি দিলে, “তহঁত একো কামৰ নহ’লি।“

সিদিনাও ৰাতিটো তাই ভাবি থাকিল, কি কাৰণে বেলেগ বেলেগ ঠাইৰ পৰা আহি তাইৰ ওচৰ পাইছিলহি গোটেইকেইটা। জোনাকৰ কথা সোধোতে সিহঁতকেইটাই ইটোৱে সিটোৰ মুখলৈ কিয় চাইছিল? মোমায়েকে ঠিক কৰা বিয়াখন তাই মুহূৰ্ততে বাতিল কৰি পেলাইছিল।

“কি কাৰণ?”

“অকাৰণ”, নিজকে উত্তৰ দিছিল।

চতুৰ্থাংশ:

ধৰ্ম লাগিবই নে কি জীয়াই থাকিবলৈ? ধৰ্ম নহ’লে চলিব নোৱাৰিম নে কি? হাজাৰ প্ৰশ্নৰ উত্তৰ স্বৰূপে তাই লগৰ গায়ত্ৰীৰ ওচৰত উচ্চাৰণ কৰিছিল, “কচোন হিন্দু হ’বলৈ মই কি কৰিব লাগিব?”

আচৰিত হৈছিল গায়ত্ৰী, “কি কাৰণ ৰে নাজনীন? কি কাৰণ?”

“কোনো কাৰণ নাই, অকাৰণ”, তাই নিজকে নিজে উত্তৰ দিয়ে।

হতাশাত ভূগে তাই। পুৰুষ বুলিলে জোনাকৰ বাদে আন নাম তাইৰ মনলৈ নাহে, অথচ ধৰ্ম নামৰ বাধাটোৰ বাবেই সেই জোনাকৰ যোগ্য হৈ নুঠে তাই। অথচ কিমানদিনেই যে সেই জোনাকৰ চকুত তাইৰ প্ৰেমৰ আয়াত পঢ়ি লোৱা নাছিল।

প্ৰথমেই তাই নামটো সলালে। নাজনীনৰ পৰা নীলাঞ্জনা কৰিলে।

পঞ্চমাংশ:

প্ৰবাসলৈ গৈ সি অলপ সাহসী হ’ল। কলিজা ডাঠ কৰি সি এদিন ফোন কৰিম বুলি সিদ্ধান্ত ল’লে। আই এছ ডি কল।

ভাৰতৰ স’তে দহঘন্টা সময়ৰ হেৰফেৰ।

দুয়োৰে সেই নিমিলা ঘঁড়ীটোতে সিহঁত দুয়োটাই হেঁপাহ পলুৱাই কথা পাতিলে, কোৱা নহ’ল তাই নাম সলোৱাৰ কথা। অসমলৈ আহিলে সি তাইক যে লগ কৰিব, সেই কথা অৱশ্যে স্পষ্টকৈ কোৱা হৈ গ’ল।

আকৌ তাই গায়ত্ৰীক সুধিলেগৈ, “কচোন হিন্দু ধৰ্মত দীক্ষিত হ’বলৈ মই কি কৰিব লাগিব।“

গায়ত্ৰী আচৰিত হয়,“কিয় সুধি আছ এইবোৰ?”

“ধৰি ল, মই হিন্দু ল’ৰা এজনৰ স’তে বিয়া হ’ব বিচাৰিছোঁ।“, নিসংকোচেৰে তাই ব্যক্ত কৰে। পুৰোহিত এজনৰ স’তে সেই বন্দবস্তও হৈ যায়।

শেষাংশ:

জোনাক তাইৰ কোৱাৰ্টাৰৰ ড্ৰয়িংৰূমত বহি আছে। সন্মুখত তাই। আজি তাই ধুনীয়াকৈ ঘৰ সজাইছে, ফুলৰ পাপৰিৰে দলিচা পাৰিছে। টেবুলত কমলাৰ ৰস, অভেনত কেক। নিজকো সজাইছে তাই, মেৰুণ ৰঙৰ চাদৰ মেখেলাযোৰৰ স’তে মিলোৱা কাণফুলি, কপালত ডাঙৰকৈ ফোঁটটো । মৃদু স্বৰত সুৰ এটা বজাই কোঠাৰ ভিতৰৰ পৰিবেশটো মায়াময় কৰি তুলিছে।

কি কথাৰে আৰম্ভ কৰিব তাই? ক’বনে যে তাই তাৰ বাবেই নাম সলালে।
কেৱল তাৰ যোগ্য হৈ উঠিবলৈকে যে তাই হিন্দুধৰ্মত দীক্ষিত হ’ল। নে সি কিবা কোৱালৈ ৰ’ব? বুকুখন ঢপঢপ কৰিলে। তলমূৰ কৰি ৰ’ল তাই।

“তাৰমানে তই এতিয়া নাজনীন নহয়, নীলাঞ্জনাহে। আৰু তই ধৰ্মও সলালি?”, আপেলটুকুৰা চোবাই চোবাই সি মাত লগালে।

আচৰিত হ’ল তাই, সি কিদৰে জানিলে তাইৰ ধৰ্মান্তৰৰ কথা।

“কিন্তু কথাটো নিমিলিল নহয়?”, সি আকৌ কৈ উঠিল।

প্ৰশ্নবোধক চাৱনিৰে তাই চাই ৰ’ল। ধৰাশায়ী হৈছে তাই। কিমান ভালপোৱা থাকিলে শব্দৰ বিনিময় নোহোৱাকৈও এনেদৰে বুকুখন খোল খাই পৰে, তাকে দেখি ধৰাশায়ী হৈছে তাই।

“মই দুখিত যে, তই যথেষ্ট ত্যাগ কৰিলি, তথাপি আমাৰ কিছু কথা নিমিলাকৈ থাকি গ’ল।“

লাজ পাইছে তাই। মনে মনে অপমানবোধ হৈছে তাইৰ। ক’ব খুজিছে, “যাগৈ জোনাক, তোৰ দৰে দুৰ্বল ল’ৰা এজনৰ নামত মই ইমানবোৰ ত্যাগ কৰাটো আচলতে মোৰেই ভুল।“

নাকৰ পাহি ফুলি উঠিছে তাইৰ, চকু ৰঙা পৰিছে, গাল দুখন ফুলা লুচিৰ আকাৰ লৈছে, ডিম্পল দুটা বেছিকৈ জিলিকিছে। সি পৰা নাই, নিজকে ৰাখিব পৰা নাই সি। ডিম্পল দুটা তাৰ কতযুগৰ হেঁপাহ! কতৰাতি সি সেই ডিম্পল দুটাত ডুবি মৰে, কেনেকৈ বুজায় সি। দলিচাৰ ফুলৰ পাহিখিনিতে সি আঠুকাঢ়ি বহি পৰিল। তাইৰ মূৰটোত ধৰি কপালত কপাল গুজি দিছে,

“আমাৰ বিয়াখনত ধৰ্মৰ বাধাটো থাকি গ’ল বুজিছ। তোৰ যোগ্য হ’বলৈকে ময়োতো ইছলাম ধৰ্মলৈ কনভাৰ্ট হ’লোঁ।“

“হোৱাট!”, তাই চিঞৰি উঠিল।

“চুঃ নিচিঞৰিবি”, বুলি সি তাইৰ কঁকালত হাত দুখন মেৰিয়াই কোলাত মূৰটো পেলাই দিলে। এফ এম ৰেডিওত তেতিয়া কুমাৰ চানুৰ কণ্ঠত বাজি উঠিছিল,

“কুচ না কহো, কুচ ভী না কহো,
ক্যা কেহনা হে, ক্যা চুননা হে,
সময় কা য়ে পল থমসা গয়া হে।”
(সমাপ্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments