প্ৰেম আৰু বিবাহৰ গল্প ( অঞ্জল বৰা )

প্ৰেম আৰু বিবাহৰ গল্প

অঞ্জল বৰা

দুখ আৰু সুখৰ কোনো সংজ্ঞা নাথাকে ৷ নাথাকে ভালপোৱাৰো ৷ বুকুৰ মাজত জীপাল হৈ উঠা অভিমান, আকুলতা, ব্যাকুলতা, যন্ত্ৰনা আদিৰো কোনো সংজ্ঞা নাথাকে ৷ মাথো সকলোৰে এটা সম্পৰ্ক থাকে ৷ সম্পৰ্কৰ নাম ভালপোৱা ৷ যি ভালপোৱাত জ্বলি জ্বলি, গলি গলি শেষ হোৱাৰ যন্ত্ৰনা থাকে, য’ত স্বপ্নবোৰ গল্প হয়, কল্পনাবোৰ কবিতা হয় সেই ভালপোৱাই প্ৰকৃত ভালপোৱা ৷ সিহঁতে তাকেই বিচাৰিছিল আৰু পোৱা-নোপোৱাৰ আলি-দোমোজাৰ মাজত সিহঁত উপনীত হৈছিল ৷ জীৱন, যৌৱন, প্ৰেম সকলো একেটা পাত্ৰতে সংমিশ্ৰিত হৈ কেতিয়াবা সিহঁতক আমনি কৰিছিল ৷ তথাপি সিহঁতে বৃত্তৰ কেন্দ্ৰৰ পৰা আঁতৰি অহা নাছিল ৷ মাথো অহৰ্নিশে দুয়োটাই দুয়োটাকে এক চুম্বকীয় শক্তিৰে ভালপোৱাৰ বৃত্তলৈ টানি আছিল ৷

কোনো প্ৰস্তাৱ প্ৰতিশ্ৰুতিৰে গঢ়ি উঠা নাছিল সিহঁতৰ সম্পৰ্ক ৷ সহপাঠী হিচাপে বন্ধুত্বৰ আলমলৈ গঢ়ি উঠিছিল সেই সম্পৰ্ক ৷ যি সম্পৰ্কৰ মাজত বন্ধুত্ব আৰু ভালপোৱাই একেডাল সৰলৰেখাৰে গতি কৰিছিল ৷ একেডাল সৰলৰেখাৰ পৰা আগ আৰু গুৰিটো পৃথক কৰিবৰ নোৱাৰাৰ দৰে সিহঁতেও কোনো দিনে দুয়োটা সম্পৰ্ককে পৃথক কৰিব পৰা নাছিল বা এটা নাম দিব পৰা নাছিল ৷

কোনো সম্পৰ্কই চিৰস্থায়ী নহয় ৷ চিৰস্থায়ী হয় মানুহৰ অনুভৱবোৰ ৷ স্মৃতিবোৰ ৷ যাক বুকুতলৈ মানুহে পুৰণি সম্পৰ্কক পাহৰিবৰ চেষ্টা কৰে, নতুন সম্পৰ্কক আদৰি লয় আৰু ন ন সম্পৰ্কৰ মাজত বান্ধ খায় ৷ কিন্তু কোনো মানুহেই ক’ব নোৱাৰে হৃদয়ৰ পৰা একেবাৰে পুৰণি স্মৃতিবোৰ মুচি পেলাব পাৰিব বুলি ৷ দুখৰ চকুলোবোৰ ধৰি ৰাখিব নোৱাৰাৰ দৰে এই পৃথিৱীত কোনেও কাকো ধৰি ৰাখিব নোৱাৰে ৷ সকলোৱে নিজ বাটেৰে গৈ থাকে ৷ আছেনে এনে কোনো ভালপোৱা, য’ত স্বাৰ্থ নাই, আশা নাই, কল্পনা নাই, স্বপ্ন নাই, অভিমান নাই, আৱেগ নাই, য’ত পাই হেৰুৱাৰ দুখ নাই ৷ কিন্তু সিহঁতে চিৰন্তন ভালপোৱা বুকুত বান্ধিও সকলো আশা, কল্পনা, অভিমানক যুক্তিৰ শিলত ঠেতেলিয়াই আচাৰি পেলাইছিল আৰু নিজকে লৈ গৈছিল এনে এটা সম্পৰ্কৰ মাজলৈ য’ত সকলো আছিল মাথো বন্দী হৈ গৈছিল দুখন হৃদয়ৰ দুটা গোপন মণিকোঠাত ৷ কিন্তু সি অনুভৱ কৰিছিল তাইৰ বুকুৰ মাজত জীপাল হৈ থকা ভালপোৱাক ৷ সেই ভালপোৱা , যি ভালপোৱাক তাই প্ৰসাৰিত কৰি দিব বিচাৰিছিল মানুহৰ হৃদয়লৈ ৷ তাই তালৈ লিখিছিল-

“জীয়াই থাকিবলৈ মোক অলপ প্ৰেম দিয়া , প্ৰেম দিয়া নাঙঠ হৈ থকা মোৰ দুৰ্ভাগ্যক ঢাকি থ’বলৈ, মোৰ বিবেক, আত্মসন্মানক জীয়াই ৰাখিবলৈ , মনত মোৰ কথাৰ উগুল থুগুল , ফাগুন হিয়াত হেঙুল হাইতাল বোলোৱা ভাৱৰ হিল্লোল, চাৰিওফালে পিছে কেৱল নিস্প্ৰাণ খন্দহৰ থন থনকৈ ভাগিছে টুটিছে য’ত ভালপোৱাৰ খিৰিকী দুৱাৰ , এনেবোৰ দিনত হয়নে কোনোবা কাৰোবাৰ আপোন ? জিলিকেনে কাৰোবাৰ চকুত জকমকীয়া সপোন ? সপোন দেখিবলৈ মোক অলপ প্ৰেম দিয়া , প্ৰেম দিয়া সপোনক দিঠক কৰিবলৈ , দিঠকক সাৱতি ল’বলৈ ৷ সঁচা মৰম ভালপোৱাৰ অভাৱে মানুহৰ হৃদয়বোৰক ক্ৰমে ক্ৰমে কৰি তুলিছে ৰংহীন, বৰ্ণহীন, প্ৰাণহীন ৷ মানুহৰ মাজৰ পৰা ক্ৰমে হেৰাই গৈছে মানৱতা, নৈতিকতা ৷ আকাশ চুই চাব খোজা, আকাশত উৰিব খোজা মানুহে অনুভৱ কৰিবলৈ, জুখিবলৈ পাহৰি গৈছে আকাশৰ বিশালতাক ৷ পাহৰি গৈছে কিমান গভীৰতা থাকিলে সাগৰ ‘সাগৰ’ হয় ৷ পাহৰি গৈছে কিমান বিশালতা, উদাৰতা থাকিলে আকাশ নদী হয় ৷ নদী হয় হৃদয় ৷ যি হৃদয়ত থাকে মানৱতা, প্ৰেম-ভালপোৱাৰ বৰষুণত তিতি জুৰুলি জুপুৰি হোৱাৰ বাসনা….. মই ভাল পাওঁ তোমাক… তোমাৰ হৃদয়ক ৷ আচলতে মই ভাল পাওঁ মানুহক…. নহয়, নহয় মই ভাল পাব খোজো মানুহক…!!”

সি কোনো দিনে ভবা নাছিল তাৰ কাহিনীয়ে কি গতি ল’ব ৷ ক’ত গৈ শেষ হ’ব ৷ ক’ত সিহঁতৰ মিলন হ’ব, ক’ত সিহঁত পৃথক হ’ব ৷ এক অনিশ্চয়তাৰ মাজেৰেই সি যাত্ৰা আৰম্ভ কৰিছিল ৷ তাইয়ো প্ৰতিদিনেই নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিও ক্ৰমে ক্ৰমে তাৰ হৃদয়ৰ গভীৰতালৈ বাট বিচাৰিছিল আৰু সুবিধা পালেই তাই তাৰ হৃদয়ৰ গভীৰতাত সিঁচি দিছিল তাইৰ সাঁচতীয়া মৰম, অভিমান আৰু স্বপ্নবোৰ ৷ সি সেই মৰমৰ ভেটিতেই স্থাপন কৰিছিল তাৰ মৰমৰ এটা যাউতি-যুগীয়া সৌধ ৷ যাক অনেক বাধায়ো ভাঙিব পৰা নাছিল ৷ মাথো সি অধিক দৃঢ়ভাৱে তাৰ হৃদয়ৰ মাজত তাইৰ বাবে এখন আছুতীয়া ঠাইৰ তৈয়াৰ কৰিছিল ৷ য’ত তাইৰ লগত সি ইচ্ছানুসৰি কথা পাতে, ধেমালি কৰে, হাঁহে, কান্দে ৷ এক কথাত সি জীৱন-যাপন কৰে ৷ যাক সি কাৰো লগত কোনো দিনে চেয়াৰ কৰিব নিবিচাৰে ৷

কথাবোৰ পাহৰো বুলি জানো পাহৰিব পাৰি ৷ সেইদিনা আছিল গ্ৰীষ্মৰ এটা দেওবাৰ ৷ কোনো ফোন, কোনো জাননী নিদিয়াকৈ তাই আহিছিল ৷ আহিয়েই দলিয়াই পেলাইছিল তাইৰ চুৰ্ণী ৷ বহি পৰিছিল পকাৰ মজিয়াত আৰু সি তাৰ টেবুল ফেনখন মজিয়ালৈ নমাই তাইৰ ফালে মুখ কৰি চলাই দিছিল ৷ লগে লগে এগিলাছ নেমুৰ চৰ্বত সি তাইক যাচিছিল ৷ তাই মেলি দিছিল তাইৰ চুলিবোৰ ৷ ঘামৰ বিন্দু বিন্দু কণিকাই গোটেই ছোৱালীজনীক সদ্যস্নাতা নাৰীৰ দৰে কৰি তুলিছিল ৷ আঃ কিযে মায়া লাগিছিল তাৰ! সেইদিনা প্ৰায় গোটেই দিনটো তাই তাৰ লগত আছিল ৷ খুলি দিছিল এখন এখনকৈ তাৰ বুকুৰ খিৰিকীবোৰ ৷ তাৰ বুকুৰ মাজ সাঁচি থোৱা আছুতীয়া কোঠাটোত সি ভৰাই ল’ব খুজিছিল তাৰ সাধনাৰ সেই নাৰীক ৷ যেন হাতত যাদুৰ আঙুঠি লৈ সি এই মুহূৰ্ততে তাইক এজনী কণমানি ছোৱালীলৈ পৰিৱৰ্তন কৰি চিৰদিনৰ বাবে বন্দী কৰি ৰাখিব তাৰ বুকুৰ মণিকোঠাত ৷ প্ৰতি মুহূৰ্ততে সি আশা কৰে তাই স্পৰ্শ কৰক তাৰ দুহাত ৷ টানি লৈ যাওক তাক তাইৰ বুকুৰ মাজলৈ ৷ নাই , প্ৰায়েই এনেদৰেই পাৰ হয় সিহঁতৰ সময়বোৰ ৷ মনৰ মাজত থাকি যায় দুয়োটাৰে ইচ্ছা-অনিচ্ছাবোৰ ৷ সমস্ত হৃদয় ঢালি কেতিয়াবা মৰম কৰাৰ ইচ্ছা জাগে তাৰ ৷ সেই ইচ্ছা যাক সি কেতিয়াও কোনো দিনে স্বীকাৰ কৰিব নিবিচাৰে ৷ সি ক্ৰমে ক্ৰমে আঁতৰি আহে তাৰ ইচ্ছাৰ আৱেগিকতাৰ পৰা ৷ গভীৰ সংযমতাৰে সি নিজকে নিয়ন্ত্ৰণ কৰে ৷ সি ভাবি নাপায় কি এই ভালপোৱা ৷ মনৰ মাজত তাৰ বিচিত্ৰ অনুভূতি জাগে ৷ মাজে মাজে ভাৱ হয় ভালপোৱা প্ৰকৃতপক্ষে এক অৰূপৰ সন্ধান ৷ প্ৰতিদিন গাঢ় হৈ যায় ভালপোৱা ৷ প্ৰতিদিন পৰীক্ষা কৰে তাৰ সংযমতা , তাৰ গভীৰতা ৷ সিদিনা বাহিৰত ধাৰাসাৰ বৰষুণ দিছিল ৷ ফোন কৰিছিল তাই –

“ক’ত আছা? ৰুমতনে?” হাতত এজাপ কিতাপলৈ তাই অলপ পিছতেই সোমাই আহিছিল ৷ বন্ধ হৈ আছিল তাৰ ৰুমৰ দুৱাৰ খিৰিকী ৷ ভয় হয় তাৰ বাহিৰৰ মানুহবোৰলৈ অথচ কেতিয়াবা খুলিবলৈ মন নাযায় ৰুমৰ খিৰিকীবোৰ ৷ বুকুৰ খিৰিকী খুলি তাইক তাৰ বুকুৰ মাজলৈ টানি আনিবলৈ মন গৈছিল ৷ তথাপি সি খুলি দিছিল ৰুমৰ দুৱাৰ খিৰিকী ৷ সামাজিক সংস্কাৰৰ পৰা সিহঁত কোনোদিনে আঁতৰি অহা নাছিল ৷ কোনো দিনে সিহঁতে নিজকে নিজৰ চকুত ধৰা দিয়া নাছিল ৷ এক গভীৰ বিশ্বাস আছিল তাইৰ তাৰ প্ৰতি ৷ প্ৰেমিক-প্ৰেমিকাতকৈ সিহঁতৰ মাজত বন্ধুত্বই প্ৰাধান্য লাভ কৰিছিল ৷ এই বিশ্বাসেই গভীৰ কৰি তুলিছিল সিহঁতৰ সম্পৰ্ক ৷ কোনো দুখৰ মুহূৰ্তত ভয় , সংকোচ নোহোৱাকৈ তাৰ মুৰটো তাইৰ বুকুৰ মাজত সোমোৱাই ল’ব পাৰিছিল আৰু সি এটা অবুজ শিশুৰ দৰে তাইৰ বুকুৰ মাজত ক্ৰমে ক্ৰমে গভীৰতাৰ পৰা গভীৰতালৈ সোমাই গৈছিল ৷ সি লক্ষ্য কৰিছিল তেতিয়া তাইৰ চকুত এক অপাৰ আনন্দই তাইৰ চকু-মুখ উজ্জ্বল কৰি তুলিছিল ৷ সিও তাকেই বিচাৰিছিল তাইৰ এই আব্দাৰ, এই মৰম, এই বিশ্বাস আৰু এই আকুলতা !
(দুই)

“অক্টোপাছ হৈ তোমাক আকোৱালি ধৰাৰ প্ৰৱল ইচ্ছা জাগে

যেতিয়া টেলিফোনত তোমাৰ মাতটি শুনো ,

তোমাৰ মাতে চিপৰাং হৈ বুকু খান্দে ,

পানী হৈ দুচকু ভৰায় ,

স্মৃতি হৈ মোক অস্থিৰ কৰি তোলে ৷

মুহূৰ্ততে তোমাৰ ওচৰলৈ ঢপলিওৱাৰ প্ৰৱল ইচ্ছা জাগে ৷

সেয়েহে চাগৈ তোমাৰ ওচৰত মোৰ অভিমানবোৰ সাৰপাই উঠে ৷”

কি নাম দিব, কি নাম দিব সিহঁতৰ সম্পৰ্কৰ ! কোনো দিনে কাৰোঁ আগত স্বীকাৰ কৰি পোৱা নাই সিহঁতে ৷ কোনো দিনে পাৰ্ক, ৰেষ্টুৰেণ্টত গৈ বহা নাই সিহঁতে ৷ কোনেও কাকো ৰৈ থাকিবলৈ সময় দিয়া নাই ৷ মাথো মন গ’লেই কোনোবা আবেলি উদ্দেশ্যবিহীনভাৱে ফুটপাথে ফুটপাথে যাত্ৰা কৰিছে ৷ প্ৰয়োজনৰ খাতিৰত সঙ্গ দিছে আৰু এক অজান সুখ-দুখৰ স্মৃতি লৈ নিজ নিজ গন্তব্যস্থানলৈ উভতি আহিছে ৷ কিন্তু তাৰ মাজতে সিহঁতে সিহঁতক বিচাৰি পাইছে ৷ সকলো উজাৰি দিছে ৷ একেলগে যুগ্ম জীৱনৰ মাজেৰে তাই সিহঁতৰ প্ৰেমক মহান কৰা স্বপ্ন দেখিছেনে নাই সি নাজানে ৷ সি মাজে মাজে সেই স্বপ্ন দেখে ৷ দেখি তাৰ ভাল লাগে ৷ সি বহু আশা কৰে তাইৰ ওচৰত ৷ সকলো জানিও সি দিনে দিনে গভীৰ হৈ পৰে তাইৰ ক্ষেত্ৰত ৷ তাই তাৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিলে তাৰ তীব্ৰ কষ্ট হয় ৷ সি তেতিয়া তাইক বাৰে বাৰে ভৱিষ্যতৰ কথা সুধি আমনি কৰে ৷ তাইৰ খং উঠে ৷ কঠোৰ হৈ পৰে তেতিয়া তাই ৷ তাৰ ভৱিষ্যতে হ’ব পৰা দুখৰ কথা ভাবি তাক গালি পাৰে ৷ কেতিয়াবা সি তাইক চিঠি লিখিবলৈ জোৰ কৰে ৷ ফোন নকৰিলে সি অভিমান কৰে ৷ তাই তাৰ কোনো সমিধান নিদিয়ে ৷ গুৰুত্ব নিদিয়ে তাৰ কথাত ৷ দলিয়াই পেলাই দিয়ে তাৰ অনুভৱবোৰ ৷ দুৰন্ত সমালোচনাৰে কটা-চিঙা কৰে তাৰ চিঠিৰ আৱেগ-অনুভৱবোৰক ৷ মৰম আৱেগৰ এচ.এম.এচবোৰৰ উত্তৰত তাই তালৈ লিখে- :

“মোৰ কথা ভাবি মনটো বেয়া নকৰিবা ৷ জীৱনটো বেলেগ দৃষ্টিৰে চাবলৈ যত্ন কৰা ৷ ‘ইম’চেনলি’ তোমাক মোৰ লগত ‘ইনভ’ল্ভ’ কৰি মোৰ ভুল হৈছিল ৷ সেই কল্পনা বাস্তৱহীন কল্পনা ৷ মোক বেলেগ দৃষ্টিৰে চাবলৈ যত্ন কৰা ৷ আৱেগেৰে নহয় ৷ যুক্তিৰে চাবলৈ যত্ন কৰা জীৱনক ৷” সি কোনো উত্তৰ নিদিয়ে তাইক ৷ হেঁচা মাৰি ধৰা তাৰ বুকুৰ মাজত সি নিজেই তাৰ কাৰণ অনুসন্ধান কৰে ৷ বুজিবলৈ চেষ্টা কৰে তাইৰ এচ.এম.এচৰ আঁৰত থকা তাইৰ মৰম আৰু অসহায়তাৰ ছবিখন ৷ কাৰণ সি জানে তাই জানি-শুনি এনে কৰে ৷ হয়তো তাই ভাৱে তাই এনে কৰিলেই সি তাইৰ পৰা আঁতৰি যাব ৷ ঘৃণা কৰিব তাইক ৷ তাই কৰা অপমানবিলাকক প্ৰত্যাহ্বান হিচাপে লৈ সি নিজক ভালপাবলৈ শিকিব আৰু নিজক ভালপাবলৈ শিকিলেই সি তাইক পাহৰি থাকিব পাৰিব ৷ কিন্তু তাইৰ সকলো চেষ্টা ব্যৰ্থ কৰি সি দুগুণ উত্সাহ আৰু বিশ্বাসেৰে তাইক ভালপাবলৈ লৈছিল ৷ যিমানেই তাই তাক পাহৰি থাকিবলৈ, প্ৰেকটিকেল হৈ জীৱনটো যাপন কৰিবলৈ অনুৰোধ কৰিছিল সিমানেই সি তাইক প্ৰেম-ভালপোৱাৰ পাঠ আওৰাইছিল ৷ তাৰ ভিতৰৰ মানুহটোক তাই ভালদৰে অনুভৱ কৰিব পাৰিছিল৷ কাৰণ তাইৰ জীৱনৰ প্ৰতি থকা খং অভিমানবোৰ আঁতৰি গ’লেই তাই তাক পৰা গালিবোৰৰ বাবে অনুসুচনা কৰিছিল আৰু মৰমবোৰ চিঠিৰে প্ৰকাশ কৰিছিল-

“…..বৰষুণে ধোৱা নে বৰষুণত জুৰুলি জুপুৰি হোৱা ৰাতি? পাৰেনে এনে এটা ৰাতিয়ে সংগোপনে প্ৰিয়জনৰ কথা ক’ব? সুধিলোঁ সন্মুখলৈ ফালি ফালি বৰষুণৰ তালে তালে নাচি বাগি কথা কোৱা আঁহতৰ সমস্ত সেউজীয়াক ৷ সুধিলোঁ ৰাতিটোক পহৰা দি থকা নিয়ন লাইটকেইটাৰে টোপনিত আলজাল দি থকা কিবা এক বিষন্নতাৰ ঢৌৱে কোবাই থকা সমস্ত হালধীয়াক৷ পাৰে পাৰে !! বৰষুণত ভিজি ভিজি মাতাল হোৱা এটা ৰাতিয়েই ক’ব পাৰে বহুত প্ৰেমৰ অমৰ গাথা৷ ডাণ্টে-ব্ৰিয়েটিছৰ কথা আৰু যে ক’ত কি….? ভাবিছা চাগৈ অকস্মাতে মই ইমান আৱেগিক হৈ গ’লোঁ কিয়? চিঠি লিখিবলৈ ভাষা নোলোৱা মোৰ মুখৰ প্ৰতিটো শব্দৰ মাজতেই দেখোন সোমাই আছে কবিতা..৷ কবিতা নে মোৰ অনুভৱৰ গভীৰতা ? অনুভৱ কৰিবলৈ মানুহক নিঃসঙ্গতাৰ প্ৰয়োজন৷ চৌপাশে বিৰাজ কৰা মোৰ অদ্ভুত নিঃসঙ্গতাই মোক বহু কথা অনুভৱ কৰিবলৈ শিকাইছে ৷ মানুহৰ জীৱনৰ কথা, আশা-আকাঙ্খাৰ কথা, পোৱা নোপোৱাৰ কথা ৷……… মই তোমাক ভাল পাওঁ… একেবাৰে সঁচা অন্তৰেৰে….৷ সেয়ে ভগৱানৰ ওচৰত দুহাত মেলি আকুলভাৱে প্ৰাৰ্থনা কৰোঁ… তোমাক যেন কেৱল তোমাৰ বাবে জীয়াই থাকিবলৈ শক্তি দিয়ে ৷ তুমি এজন শক্তিশালী পুৰুষ হোৱা, যিয়ে কাৰো অনুকম্পা, সঁহাৰি নাপালেও জীৱনক সুন্দৰভাৱে চলাই নিব পাৰে ৷ তুমি তোমাৰ বাবে এটা সুদৃঢ় ঠিকনা প্ৰস্তুত কৰিব পাৰা ৷ যাতে মই গৌৰৱ কৰিব পাৰোঁ… এইয়া তুমি মোৰ তুমি…৷ তোমাৰ মাৰ দেউতাই মুৰ তুলি ক’ব পাৰে এইয়া কেৱল আমাৰ কেৱল আমাৰ..৷” ইয়াৰ পিছতে সকলো আগৰ দৰে হৈ পৰিছিল আৰু প্ৰেমৰ ঘূৰণীয়া বৃত্তটোৰ আদি অন্ত নোহোৱাৰ দৰে সিহঁতে পুনৰ ঘূৰি ঘূৰি সেই ঠাইতে ওলাইছিলগৈ য’ৰ পৰা সিহঁতে সিহঁতক বিচাৰি পাইছিল৷

(তিনি)

সি লগ পোৱাৰ দিনাৰে পৰাই গম পাইছিল কৰো ওচৰত সৰু হ’ব নোখোজা, কাৰোৰে ওচৰত হাৰ মানিব নোখোজা, কাৰোৰে ওচৰত একো দাবি কৰিব নোৱাৰা, জেদি, প্ৰচুৰ উচ্চাকাঙ্খী, স্বপ্নভিলাসী ছোৱালীজনীয়ে প্ৰায়ে তাৰ ওচৰত নিজকে লুকুৱাই ৰাখিব পৰা নাছিল ৷ খুলি দিছিল তাইৰ অতীত-বৰ্তমান আৰু ভৱিষ্যত ৷ এক গভীৰ বিশ্বাসত তাৰ ওচৰত তাই নিজৰ সকলো ইগ’, পছন্দ-অপছন্দ উজাৰি দিছিল ৷ মাক-দেউতাকৰ কথা, ঘৰখনৰ কথা, দুখ আৰু হতাশাই জৰ্জৰিত কৰা অতীতৰ কথা শুনাৰ পিছত তাইৰ প্ৰতি তাৰ গভীৰ শ্ৰদ্ধা জাগিছিল ৷ অন্ততঃ এটা কথা ভাবি সি গৌৰৱ কৰিছিল যে তাই তাক গভীৰভাৱে ভাল পাইছিল ৷ যি ভালপোৱাত কোনো কৃত্ৰিমতা নাছিল ৷ সেইকথা সি জানে ৷ কেৱল ভালপোৱাই সকলো নহয় ৷ এজনী ছোৱালীৰ বাবে এজন ল’ৰা সকলো সময়তে কেৱল প্ৰেমিক হৈ থাকিব নোৱাৰে ৷

“….জীৱনৰ প্ৰতি দৃষ্টিভঙ্গীৰ মিল নাথাকিলে দুজনৰ মাজত সংসাৰ গঢ়িব পাৰেনে? বা দৃষ্টিভঙ্গীৰ আৰু আদৰ্শৰ মিল হ’লেই দুজনৰ মাজত বিবাহ হৈ একেখন শয্যাতে কটাব লাগিব বুলি কোনো কথা থাকিব পাৰেনে?” তাই একো ভাবি নাপায় ৷ হয়তো ভাবিবলৈ গৈ তাই হাৰি যায় ৷ হয়তো কোনো দিনে তাই তাৰ মাজত সেই পুৰুষজনক দেখা নাই, যি তাইৰ স্বামী হ’ব পাৰে ৷ যাৰ বাহুৰ মাজত তাই সুৰক্ষিত আৰু নিৰাপত্তা অনুভৱ কৰিব পাৰে ৷ সেই বাবে তাই স্বপ্ন দেখা নাই ৷ মাথো তাইৰ মনৰ মাজত ভাহি উঠে সেইজন পুৰুষৰ ছবি যাৰ ওচৰত তাইৰ জেদবোৰ তুচ্ছ হৈ পৰে ৷ তাইৰ মুৰৰ ওপৰত এনে এখন সৱল হাতৰ স্পৰ্শ বিচাৰে যিখন হাতৰ তলত আশ্বাস থাকে, নিৰাপত্তা থাকে, বিশ্বাস থাকে, তাইক সন্মান কৰিব পৰা, মৰম কৰিব পৰা, এখন কঠোৰ হৈও ফুলকোমল স্পৰ্শকাতৰ হৃদয়৷ সময়মতে কঠোৰ, দৃঢ়, প্ৰেকটিকেল, সময়মতে বিশালতা, মানৱতা আৰু আৱেগিকতাৰে ভৰা এটা মন ৷ সেইবাবে তাই প্ৰতি মুহূৰ্ত্ততে কয়… কাৰোবাৰ লগত বিয়া হৈ যোৱাৰ কথা বা বিয়া নোহোৱাকৈ থকাৰ কথা ৷ সকলো কথাৰে যুক্তি থাকে ৷ সত্যতা থাকে ৷ আৱেগ যুক্তি নিৰ্ভৰ নহয় ৷ আৱেগক যুক্তিৰ লগত মিলাব খুজিলেই খেলি-মেলি হয় ৷ অভিমান হয় ৷ অভিমানবোৰ বাঢ়ি বাঢ়ি মানুহক মানুহৰ পৰা আঁতৰাই আনে ৷ তাইয়ো বুজি উঠে কথাবোৰ ৷ তাই কেতিয়াবা তাৰ কথা ভাবি হাহাকাৰ কৰে ৷ আৱেগক একাষৰীয়াকৈ থৈ জীৱনটোক ভাবি চাবলৈ কয় ৷ এখন সংসাৰক পূৰ্ণতা দিবলৈ, সুখী কৰিবলৈ, মানসিক সন্তুষ্টি লাভ কৰিবলৈ কি আছে কি নাই সিহঁতৰ হাতত ৷ যদি আছে ভালেই ৷ যদি নাই, এইয়াই উপযুক্ত সময় তাৰ বাবে চেষ্টা কৰাৰ ৷

এইয়া আশ্বাস, বিশ্বাস তাইৰ তাৰ ওচৰত ৷ যি বিশ্বাসে তাক কিছু সময়লৈ হ’লেও সুখী কৰিব বুলি তাই ভাৱে ৷ তথাপি তাই অনুভৱ কৰে তাৰ হৃদয়ৰ স্পৰ্শক পোৱা-নোপোৱাৰ হিচাপ নকৰাকৈ, কোনো পূৰ্বচৰ্ত নৰখাকৈ তাৰ অনুভৱৰ দলিচাত মৰমবোৰ সিঁচি দিয়াৰ ৷ এহাতে মৰম আৰু আনহাতে ভৱিষ্যতৰ অনিশ্চয়তা আৰু দোদুল্যমান অৱস্থাই তাইক জুৰুলা কৰিছিল ৷ সেইবাবে তাই অধিক কঠোৰ হৈ পৰিছিল আৰু তাক গালি পাৰি নিজকে কষ্ট দিছিল ৷ সি লাহে লাহে বুজি উঠিছিল এই সকলো কথা ৷ নিজৰ হৃদয়-মন-মগজুৱে মানিব নোৱাৰা এটা কথাৰ বাবে তাইক বাৰে বাৰে আমনি দিয়াৰ বাবে বা মনোকষ্ট দিয়াৰ বাবে তাৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিছিল ৷ তাইৰ ভগৱানৰ ওপৰত আছিল গভীৰ বিশ্বাস ৷ সি কৈছিল-

: “তুমি ভগৱানক বিশ্বাস কৰা নহয় ৷ এবাৰ মোৰ কথাও ক’বা ৷ মই যেন তোমাক পাহৰি যাব পাৰোঁ ৷ পাহৰি যাব খোজো তোমাক ৷ বৰ কষ্ট হয় মোৰ ৷ কি কৰিবা, মই পাহৰিব নোৱাৰোঁ তোমাক ৷” তাই কান্দিছিল ৷ পুনৰ বাৰে বাৰে চেষ্টা কৰিছিল তাৰ কষ্ট লাঘৱ কৰিবৰ বাবে ৷ ক্ষমা খুজিছিল ৷ সি কোনো উত্তৰ নিদিয়াকৈ মাথো ফোনটো বন্ধ কৰি দিছিল ৷ সি লাহে লাহে তাইৰ আৱেগিকতাৰ পৰা আঁতৰি আহিছিল ৷ তাইৰ অবিহনে থাকিবৰ বাবে নিজকে প্ৰস্তুত কৰিছিল ৷ কথা-বাৰ্তাত কোনো আৱেগিকতা ৰখা নাছিল ৷ কোনো খবৰ লোৱা নাছিল বুকুৰ ৷ অথচ প্ৰতি দিনাই সি ফোন কৰে, কথা পাতে, হাঁহি হাঁহি তাইৰ লগত ধেমালি কৰে… অধ্যয়ন, উজ্জ্বল ভৱিষ্যত, জীৱনৰ দায়িত্ববোধৰ দোহাই দি তাই আৰু সি নিজৰ জীৱন পথত আগবাঢ়ে ৷ সি তাইৰ লগত কোনো দিনাই সম্পৰ্ক ছিঙি দিয়া নাছিল ৷ এটা সুন্দৰ ৰাতিপুৱাৰ দৰেই সি তাৰ নতুন যাত্ৰা আৰম্ভ কৰিছিল ৷ গুছি আহিছিল বহু দূৰলৈ ৷ মাথো মনৰ মাজত জীপাল কৰি ৰাখিছিল সিহঁতৰ ভালপোৱা আৰু অপেক্ষা কৰিছিল সেই দিনটোলৈ… যি দিনা তাই তাক ক’ব… আহা, আমি একেলগে এটা সপোন দেখো…য’ত তুমি, মই আৰু থাকিব মাথো আমাৰ গভীৰ ভালপোৱা ৷

কোনোবাই ঠিকেই কৈছিল ৷ মানুহে দুখ-কষ্ট আৰু ভয়ানক কল্পনা কিছুমানকে বেছি প্ৰাধান্য দিয়ে ৷ সুখ-আনন্দ আৰু ৰঙীন কল্পনাৰ বহু অৱদান থকাৰ পিছটো সি মানুহৰ জীৱনত অস্থায়ী হৈ পৰে ৷ তাৰো জীৱনত সেই দুখ আৰু কষ্টই স্থায়ী হৈ তাক সোঁৱৰাই থাকিব তাৰ বুকুৰ মাজত সতেজ হৈ থকা তাৰ ভালপোৱা, যি ভালপোৱাই তাক মানুহ কৰি ৰাখিব ৷ এই সম্পৰ্ক, তাৰ নাম যদি ভালপোৱা হয়, তাত আনন্দও আছে, কষ্টও আছে৷ দুয়োটাকে আমি গ্ৰহণ কৰিব লাগিব ৷ ভালপোৱা সুখ-দুখ, আনন্দ-বেদনাৰ এক মিশ্ৰিত ভাৱ মাত্ৰ৷ আমাৰ সমষ্ট জীৱনৰ বোজাৰ ওপৰত ই এক সংযোজন মাত্ৰ৷ ভালপোৱা জীৱন নহয় ৷ জীৱনক সহজ কৰি তোলা এক আধাৰ মাত্ৰ ৷

উপসংহাৰ : তাই ভগৱানক হয়তো প্ৰাৰ্থনা নকৰিছিল৷ সেয়ে আজিও সি আৰু তাই ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে… সকলো বন্ধুত্বৰ সীমা সীমিত হৈ আহি আহি এতিয়া সিহঁত একমাত্ৰ বন্ধু হ’বলৈ গৈ আছে… সি এদিন কৈছিল “তুমি তোমাৰ সমস্ত দায়িত্ব পালন কৰা, তুমি তোমাৰ সকলো উদ্দেশ্য সফল কৰা… যি দিনাই পিছলৈ ঘুৰি চাবা… তুমি য’তেই মোক এৰি থৈ গৈছিলা তাতেই মোক বিচাৰি পাবা ৷” এই বিশ্বাস, এই সংকল্পই সিহঁতক কোনো দিনে পৃথক হ’বলৈ দিয়া নাছিল ৷ এতিয়া সিহঁতে পৃথক হোৱাৰ কথা নাপাতে… মাথো সপোন দেখে এখন সুন্দৰ সংসাৰৰ ৷ য’ত তাই, সি আৰু সিহঁতৰ সপোনবোৰে উমলি থাকিব ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments