প্ৰেম–এক শিহৰণ, হৃদয়ৰ এক অবুজন অনুৰণন- (অজয় প্ৰীতম)

প্ৰেম……!

দুটা অক্ষৰৰ এটা মাথোন শব্দ আৰু এক বিশেষ অনুভৱ, এক বিশেষ শিহৰণ! ঠিকেই, প্ৰেম শব্দটোৱেই আনি দিয়ে হৃদয়ৰ নিভৃতলৈ এক বুজাব নোৱাৰা শিহৰণ৷ তাৰ লগতে ই এক বিৰল অনুভৱ; যাক হেজাৰ চেষ্টা কৰিলেও ভাষাৰে প্ৰকাশ কৰাটো সম্ভৱ নহয়৷ পৃথিৱীত এনে কোনো শব্দ নাই, এনে কোনো ভাষা নাই, যাৰ দ্বাৰা নেকি প্ৰেমৰ পৰশে জগাই তোলা শিহৰণৰ প্ৰকৃত আক্ষৰিক ছবি অংকন কৰাটো সম্ভৱ হ’ব পাৰে৷ প্ৰকৃততে প্ৰেম এক স্বকীয় বৈশিষ্ট্য্য, যি নিজেই নিজত সম্পূৰ্ণ৷ আৰু প্ৰেমৰ এই সম্পূৰ্ণতাই কোনোবা প্ৰেমিক-প্ৰেমিকাৰ হৃদয়ত জগাই তোলা শিহৰণক কেৱল মাথোন মৌনতাৰেহে প্ৰকাশ কৰাটো সম্ভৱ—যি মৌনতাৰ সুযোগ লৈ প্ৰেমৰ বুজাব নোৱাৰা অনুভূতিৰ প্ৰতিচ্ছবি ভাঁহি উঠে কম্পিত দুই ওঁঠত আৰু চঞ্চল দুচকুৰ নীলাভ চাৱনিত…
পবিত্ৰতাৰ অফুৰন্ত বৃষ্টিৰে হৃদয় সিক্ত কৰি তোলা প্ৰেম এনে এক অনুভৱ, যাক কেৱল মাথোন প্ৰকৃত প্ৰেমপক্ষীয়েহে উপলব্ধি কৰিব পাৰে৷ ক’বলৈ গ’লে হৃদয়ৰ এক স্বতঃস্ফুৰ্ত অনুৰণন৷ আৰু এই অনুৰণন কাৰ হৃদয়ত কেতিয়া জাগ্ৰত হৈ উঠে সেয়া কোনেও ক’ব নোৱাৰে৷ কিন্তু হৃদয়ৰ পৰিভাষা যে প্ৰেমেই সঠিক৷
প্ৰেম সাহসৰ অন্য এক প্ৰতীক৷ ই হৃদয়ত দুৰ্দমনীয়তাৰ অন্তহীন শিখা জগাই তোলে৷ হৃদয়ক উদ্বুদ্ধ কৰি তোলে সোঁতৰ বিপৰীতে যাবলৈ৷ উদ্বুদ্ধ কৰি তোলে প্ৰেমৰ বাবেই সমগ্ৰ পৃথিৱীৰ বিপৰীতে থিয় দিবলৈ৷ প্ৰেমাম্পদৰ বাবে সমগ্ৰ দুখ, সমগ্ৰ সংগ্ৰাম নতশিৰে স্বীকাৰ কৰিবলৈও প্ৰেমেই শিকায়৷
প্ৰেমত জটিলতা আছে৷ কিন্তু প্ৰেম জটিল নহয়৷ ই মুগ্ধকৰ; ঠিক জোনাকৰ স্নিগ্ধতাৰ দৰেই স্নিগ্ধকৰ৷ যিদৰে জোনাকৰ শীতলতাই আলফুলে ধোৱাই তোলে হৃদয়, ঠিক তেনেদৰেই প্ৰেমৰ স্নিগ্ধতাই জোনাকময় কৰি তোলে হৃদয়ৰ চাৰিওদিশ৷
প্ৰেমেই মানুহক ধৈৰ্যশীল কৰি তোলে৷ কৰি তোলে সহনশীল৷ আৰু তাৰ লগতে ই হৃদয়লৈ আনি দিয়ে অসীম সৃষ্টিশীলতা; যি সৃষ্টিশীলতাই পৃথিৱীখনক নতুনকৈ চাবলৈ শিকায়; শিকায় হেঁপাহৰ এজাক কুঁহিপতীয়া সপোন ৰচিবলৈ..
প্ৰেমতো স্বাৰ্থ থাকিব পাৰে৷ কিন্তু সেই স্বাৰ্থ আৰ্থিক স্বাৰ্থ নহয়, নহয় সম্পদৰ স্বাৰ্থ৷ ভালপোৱাৰ বাবে ভালপোৱাৰ স্বাৰ্থ, প্ৰেমৰ বাবে প্ৰেমৰ স্বাৰ্থ৷ যি প্ৰেমত সম্পদৰ স্বাৰ্থ থাকে সেই প্ৰেম প্ৰেম হ’ব নোৱাৰে৷ হ’ব পাৰে বিনিময়, অথবা ভালপোৱাৰ নামত এক অভিনয়৷
কোনোবাই একপক্ষীয়ভাবে হৃদয় দিয়ে আৰু আন কোনোবাই হৃদয় লৈ হৃদয় দিয়ে৷ উভয় ক্ষেত্ৰতেই নিহিত হৃদয়ৰ পৰিভাষা৷ গতিকে উভয়েই প্ৰেম৷ কাৰণ দুয়োক্ষেত্ৰতেই নিহিত একেটাই উদ্দেশ্য — প্ৰেমৰ বাবে জীৱন; প্ৰেমৰ বাবে হৃদয়৷ কিন্তু সেয়া কেতিয়াও প্ৰেম হ’ব নোৱাৰে, য’ত হৃদয় দিয়া-লোৱাৰ অভিনয়েৰে আৰ্থিক লাভালাভৰ এখনি নাটক ৰচা হয়৷ ৰচা হয় বিলাসিতাৰ ক্ষণভংগুৰ নাটক৷

প্ৰেমৰ পৰিসৰ অতিশয় বিশাল৷ ক’বলৈ গ’লে শেষহীন৷ পৰিব্যাপ্ত আৰু বিস্তৃত৷ ইয়াৰ কোনো সীমা নাই, নাই কোনো পৰিধি৷ এই প্ৰেমৰ বাবেই সৃষ্টি সুন্দৰ, আৰু সুন্দৰ জীৱনৰ বঁকিয়া৷ কিন্তু এই সুন্দৰতাৰ মাজতো আছে এক বিভৎস ৰূপ, প্ৰতাৰণা আৰু প্ৰেমৰ নামত নিতৌ সংঘটিত হৈ অহা কলংকৰ এক বিভৎস ৰূপ৷ ঠিকেই, আজি প্ৰেম যেন পণ্যসামগ্ৰীলৈ ৰূপান্তৰিত হৈ পৰিছে৷ হৈ পৰিছে যৌনতাৰ এক মুক্ত বেহা আৰু এক বিজ্ঞাপন৷ কিন্তু কিয়?
প্ৰকৃততে এই কিয়ৰ উত্তৰ দিয়াটো মস্কিল৷ অৱশ্যে উত্তৰ নথকা নহয়৷ উত্তৰআছে৷ আছে প্ৰতিনিয়ত সংঘটিত হৈ অহা বিষাদ বিলাপৰদৰে সমূহ ৰহস্যৰ নিশ্চিত আৰু সাৱলীল উত্তৰ৷ কিন্তু এই উত্তৰ বিচাৰিবলৈ যোৱা মানেই এখনি ৰামায়ণৰ তাৎপৰ্য উদঘাটন কৰিবলৈ যোৱা৷ ইয়াৰ বাবে প্ৰয়োজন বিশাল ৰচনাৰ…..
প্ৰেম আছিল জীৱনৰ সুখৰ কাৰণে শৃংখলাবদ্ধ এক সমন্বয়ৰ স্থল; যিয়ে নেকি হৃদয়ত জাগ্ৰত কৰিব পাৰে সীমাহীন স্নিগ্ধতাৰ জোনাকী জোঁৱাৰ৷ এনে এক জোঁৱাৰ, যি জোঁৱাৰে বিশাল শূন্যতাতো ঢালিব পাৰে সুখৰ আবিৰ৷ ইয়াৰ বাবে অৱশ্যে প্ৰয়োজন হাৰ্দিক অনুভৱ আৰু জৈৱিক আবেগৰ৷ যান্ত্ৰিক জড়তাই কেতিয়াও প্ৰৰোচিত কৰিব নোৱাৰে সৰগীয় প্ৰেমক৷ কাৰণ এই প্ৰেম যে উপলব্ধিৰ কাৰক৷
সেইবাবেই হয়তো অধিক আবেগিক আৰু অনুভৱী লোকসকল হয় অধিক ৰোমাণ্টিক আৰু সঁচা অৰ্থতেই প্ৰেমিক৷

কিন্তু কেৱল যে প্ৰেমিক ব্যক্তি এগৰাকীয়েই প্ৰেমৰ পবিত্ৰতা ৰক্ষা কৰিব পাৰিব সেয়াও শুদ্ধ নহয়৷ প্ৰকৃত প্ৰেমিক হ’বলৈ হ’লে আৱেগ, অনুভৱ আৰু উপলব্ধিৰ লগতেই প্ৰয়োজন সততাৰ; প্ৰয়োজন শুদ্ধ-অশুদ্ধ বিচাৰৰ ক্ষমতা আৰু দায়িত্ববোধৰ৷ প্ৰয়োজন বুজাবুজি কৰিব পৰা মনোভাৱৰ আৰু সুস্থ মানসিকতাৰ৷ আৰু প্ৰয়োজন ধৈৰ্য আৰু আকাংক্ষাৰ সীমাবদ্ধতাৰ৷ সীমাহীন আকাংক্ষাই এগৰাকী লোকক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে৷ কেৱল উচ্ছৃংখলহে কৰিব পাৰে৷ ই প্ৰতিটো ক্ষেত্ৰতেই প্ৰমাণিত৷ প্ৰেমৰ ক্ষেত্ৰতো৷
কোনোবাই সীমিত সম্পদ আৰু ৰূপৰ মাজতো সৰগ ঢুকি পাব পাৰে আৰু কোনোবাই এটাৰ পাছত আনটো বিকল্পৰ সন্ধানত থাকিব পাৰে৷ সেইবাবেই উল্লেখ কৰা কাৰকসমূহৰ অবিহনে এগৰাকী লোকক কেতিয়াও প্ৰকৃত প্ৰেমিক বুলি ক’ব নোৱাৰি৷ কাৰণ তেওঁলোকৰ স্থায়ীত্ববিহীন উচ্ছৃংখল মস্তিষ্ক আৰু সীমাহীন আকাংক্ষাই প্ৰেমৰ পথাৰত সদায়েই তেওঁলোকক বিপথে পৰিচালিত কৰিব৷ হয়তো তেনে এচাম লোকেই সুযোগ গ্ৰহণ কৰিব পাৰে প্ৰেমৰ দৰে এক পবিত্ৰ সম্পৰ্কৰ৷ কলংকিত কৰিব পাৰে প্ৰেমৰ পথাৰ৷ ই কেৱলমাত্ৰ এক সম্ভাৱনা নহয়, এয়া প্ৰতিনিয়ত হৈ আহিছে, প্ৰতিনিয়ত কৰি আহিছে৷ আৰু ক্ৰমশঃ বৃদ্ধি পাই আহিছে ইয়াৰ হাৰ৷ সেইবাবেই হয়তো আজি প্ৰেমৰ নাম তুলুঙাস্বৰূপ হৈ পৰিছে৷ প্ৰেমৰ নামত সৃষ্টি হৈছে তথাকথিত টাইমপাছ, বিষাদ, বিচ্ছেদ, প্ৰতাৰণা, প্ৰতিশোধ আদিৰ দৰে অনেকধৰণৰ ব্যাধিৰ; আৰু ইয়েই কলুষিত কৰি আহিছে আমাৰ দশোদিশ৷ তাৰ লগতে ক্ৰমশঃ আমাক ঠেলি লৈ গৈছে এক বিশ্বাসহীনতাৰ দিশলৈ৷ আৰু এই বিশ্বাসহীনতা বৰ্তমান চূড়ান্ত সীমনাত৷

ঠিকেই, এতিয়া প্ৰেম কৰা মানেই যেন জুৱাখেলত সৰ্বোচ্চ বিলীন কৰি দিয়া; কাৰণ প্ৰেম আজি এক জুৱা খেলত পৰিণত হৈছে৷ পৰিণত হৈছে এক বিজ্ঞাপনত; তথাকথিত ভালপোৱাৰ এক বিজ্ঞাপনত! কিন্তু এই বিজ্ঞাপনত কিমান সততা নিহিত থাকে তাক কোনেও ক’ব নোৱাৰে একমাত্ৰ বিজ্ঞাপনৰ ৰঙীন ফলক লগোৱা গৰাকীৰ বাহিৰে৷ আৰু সেই ফলকৰ ওপৰত ভৰসা কৰিয়েই আপুনি প্ৰেমৰ সাগৰত ডুবিব লাগিব৷ হয়তো আপুনি সফল হ’ব নতুবা লীন যাব বিষাদৰ অন্তহীন অন্ধকাৰত; অৱশ্যে বিষাদগহ্বৰে আপোনাক তেতিয়াহে সামৰিব, যদিহে আপুনি সঁচা প্ৰেমিক৷ অন্যথা আপুনিও যান্ত্ৰিকৰদৰেই সন্ধানত নামিব পাৰিব, এটাৰ পিছত আন এটা বিকল্পৰ৷ কাৰণ প্ৰেমৰ নামত ধেমালি কৰা সকলৰ হৃদয়ত কেতিয়াও আঘাত নালাগে৷ তেওঁলোকে বিকল্পৰ সন্ধান অব্যাহত ৰাখিব জানে৷ কিন্তু হৃদয়বানৰ বাবে প্ৰেমৰ আঘাত মৃত্যুযন্ত্ৰণাতকৈ অধিক; যি আঘাতে ভিতৰি ভিতৰি কোঙা কৰি তোলে তেওঁলোকক৷ অথচ সেই আঘাতৰ উন্মুক্ত প্ৰকাশো সম্ভৱ নহয়৷ যাৰ ফলত ভিতৰি ভিতৰি প্ৰতিপল জ্বলিবলগা হয় প্ৰকৃত প্ৰেমিক প্ৰেমিকাসকল…
প্ৰেম এনেকুৱাই, সফল হ’লে সৰগৰ সুখ আৰু বিফল হ’লে বিষাদৰ ফল্গুধাৰা৷ তথাপিতো প্ৰেমে আমাক পৈণতকৈ গঢ়ি তোলে৷ শিকায় জীৱনৰ হেজাৰ নতুন কথা৷ বিফলতাই গঢ়ি তোলে প্ৰতিৰোধ ক্ষমতা৷ প্ৰতিটো খোজত বৃদ্ধি কৰে সুস্থিৰতা৷ বিফলতাই সৃষ্টি কৰা যুক্তিবোৰে মস্তিষ্কলৈ আনি দিয়ে এক পৰিপক্বতা৷ অৱশ্যে ইয়াৰ বাবে ফঁহিয়াই চাবলগা হয় কাৰ্যৰ শুদ্ধতা৷
ধ্বংস নহয়, প্ৰেমৰ বিফলতাই জীৱনটোক নকৈ গঢ়িবলৈ শিকায়৷ প্ৰেমৰ বিফলতাৰ শেষত সাৰ পাই উঠা যুক্তিবোৰে আমাক অগ্ৰগামী পদক্ষেপত সাৱধান হ’বলৈ বাধ্য কৰে৷ আৰু এইক্ষেত্ৰত বুকুৰ বিষাদবোৰে যোগায় অপৰিসীম ইন্ধন; যি ইন্ধন আমাৰ সফলতাৰ চাবিকাঠী৷ সেইবাবেই প্ৰেম মহান৷ মহান প্ৰেমৰ প্ৰতি অনুভৱ, প্ৰতি অনুভূতি আৰু প্ৰেমত জাগি উঠা প্ৰতি শিহৰণ৷ এই শিহৰণ আমাৰ বাবে অনাবিল সুখৰ কাৰক৷

মাথোন সুখবোৰ আঁকুহিবৰ বাবে কিছু যুক্তিৰ প্ৰয়োজন; বৰ্তমানৰ প্ৰেক্ষাপটত সাৱধানতা অৱলম্বন কৰিবৰ বাবেই আমাক কিছু যুক্তিৰ প্ৰয়োজন৷ কাৰণ আমি আমাক ধৰি ধৰি এৰি দিব লাগিব৷ অন্যথা বা-মাৰলীয়ে ক’লৈ উৰুৱাই নিয়ে সেয়া ক’ব নোৱাৰি৷ বৰ্তমানৰ প্ৰেক্ষাপটেই বিষাক্ত৷ আমি এই বিষাক্ত প্ৰেক্ষাপটৰপৰা নিজকে বচাই ৰাখিব লাগিব৷ আৰু এইবাবেই সাৱধানতাৰ প্ৰয়োজন; এই সাৱধানতাৰ সৰ্বাধিক প্ৰয়োজন হৃদয়ৱান সকলৰ বাবে৷ কাৰণ হৃদয়ৱানসকলৰ বুকুত সদায়েই আঘাত অধিক লাগে৷ কাৰণ তেওঁলোক যান্ত্ৰিক নহয়৷ অনুভৱৰ সৰলতাৰে জীয়াই থাকিব বিচৰা প্ৰেম পক্ষীহে তেওঁলোক….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments