প্ৰেম এনেকুৱাই.. –পদ্মশ্ৰী বৰদলৈ

“ভালপাওঁ তোক৷“ থতমত খাই উঠিল হিয়া৷ এইটো আকৌ কি কথা ক’লে উৎপলে!

“অই কি কথা ক’বলৈ আহিছ’? এইটো প্ৰেম কৰাৰ বয়স নে পঢ়াৰ বয়স৷ মোক এইবোৰ নকবি৷ মই এতিয়া পঢ়াৰ বাহিৰে বেলেগ কথা নাভাবো৷ “

“তই নাভাবিলে নাই, মই তোক ভালপাওঁ বচ্“

উচাৎ মাৰি গুচি আহিল হিয়া৷ এই উৎপলটোৱে যি মন যায় তাকে কৈ দিয়ে৷ এবাৰো ভাবি নাচায় কথাবোৰ৷ সৰুৰে পৰা একেলগে ডাঙৰ হৈছে দুইটা৷ তাইতকৈ এবছৰ হে ডাঙৰ৷ বৰ ডাঙৰ কথা ক’বলৈ লৈছে সি৷ মনতে ভাবিলে হিয়াই৷ কৈ থাকক৷ তাইৰ কি আহে যায়৷ হুঁহ!

প্ৰেম শাশ্বত, প্ৰেম অমৰ, ধেৎ আজি যে কিবা এটা লিখিবলৈ লৈয়ো তাইৰ এইবোৰহে মনলৈ আহিছে৷ সৰুৰে পৰা লিখি মেলি ভাল পায় হিয়াই৷ আজিও কিবা দুশাৰীমান লিখোঁ বুলি ভাবি কলমটো লৈছেহে উৎপলৰ কথাবোৰহে মনলৈ আহিল৷ এই উৎপলটো, দেখিবলৈ মন নাযায়৷ মন নাযায় জানো? নিজকে প্ৰশ্ন কৰিলে তাই৷ জনা হোৱাৰ পৰাই দুয়োটাই একেলগে খেলিছে, ফুৰিছে, স্কুল গৈছে আৰু এতিয়া কলেজো একেখনেই৷ কাজিয়াও কৰিব, গালিও পাৰিব ইটোৱে সিটোক আৰু ভাল বন্ধুও হৈ পৰিব৷ মাকে সেইকাৰণে সিহঁতক কয় “ তহঁতৰ মহিমা বুজাই টান৷“ সঁচাকৈয়ে বাৰু উৎপলে কোৱাৰ নিচিনাকৈ তায়ো তাক ভালপায় নেকি? যাহ! গম নাপায় তাই সেইবোৰ৷

হিয়াৰ গাটো ইমান বেয়া লাগিছে৷ গাটো নে মনটো বাৰু? আজি উৎপলক বেলেগ এজনী ছোৱালীৰ লগত কথা পাতি থকা দেখাৰ পৰা যে তাইৰ ভাল লগা নাই৷ লগৰ সীমাই ক’লে, “ তই হ’বপাই আজিহে দেখিলি, মইটো উৎপলক দুদিনমান দেখিয়েই আছোঁ সেইজনী ছোৱালীৰ লগত৷ “

“Congratulations উৎপল, তোৰ প্ৰেমিকাক দেখিলোঁ, ভাল লাগিছে তহঁতৰ যোৰাটো, একেবাৰে পাভ যোৰা।“

“হয়নেকি? ধন্যবাদ ধন্যবাদ! ভাল দেখিছ তেনেহলে?

তাই একো নকৈ আঁতৰি আহিল৷ কেনেকৈ সি ইমান নিৰ্দয় হ’ব পাৰে৷ তাইক নোকোৱাকৈয়ে বেলেগ এজনী ছোৱালীক ইমান আপোন কৰি ল’লে? নাই আজি আৰু ক্লাছ নকৰে৷ গোটেই ৰাতি চকুলোৰে গাৰু তিয়ালে হিয়াই৷

“কি হ’ল মাতিবলৈকে এৰিলি দেখোন? উৎপলৰ প্ৰশ্ন।

“কিয়? কিয় মাতিব লাগে? তোৰ জানো সময় আছে প্ৰেমৰ বাহিৰে বেলেগ কিবা কৰিবলৈ? আৰু তোক মাতিলে তোৰ প্ৰেমিকাই বেয়া নাপাব?

“তই জ্বলিছ নেকি বাৰু? তোৰ কথাৰ পৰা মই পোৰা পোৰা গোন্ধ এটা পাইছোঁ দেখোন।”

“মই কিয় জ্বলিম? তই কাৰোবাক ভালপাৱ- বেয়াপাৱ সেইটো তোৰ কথাহে৷ কিন্তু এটা কথাহে বেয়া লাগিছে, তই যে আমাৰ বন্ধুত্বও পাহৰি থাকিলি৷ মোক এবাৰো নক’লি তই যে প্ৰেমত পৰিলি, তই যে প্ৰেমিকা গোটালি৷

“তোকোতো ভালপাওঁ বুলি কৈছিলো, কিন্তু তইতো গালিহে দিলি, এতিয়া এইবোৰ কেলে কৈছ? মোকোতো লগ এটা লাগে, মোৰ হৃদয়তো ভালপোৱাৰ নিজৰা ব’ব পাৰে, তই কেলেই বেয়া পাইছ?

“মই বেয়া পাইছোঁ বুলি তোক কোনে ক’লে? মই মাত্ৰ কৈছোঁ যে মোক আগত এবাৰ ক’ব পাৰিলিহেঁতেন৷ বাৰু বাদ দে তোৰ ভাল হোৱাটোকে বিচাৰোঁ৷ ভালকৈ থাক৷ মই যাওঁ৷“ কৈ হিয়া লৰালৰিকৈ গুচি আহিল তাৰ ওচৰৰ পৰা৷ এটা অনামী দুখে তাইক আগুৰি ধৰিলে৷ সৰুৰে পৰা আন ল’ৰা-ছোৱালীৰ লগত বেছিকৈ হলিগলি নকৰা হিয়াৰ উৎপলেই আটাইতকৈ ভাল বন্ধু আছিল৷ এতিয়া দিব জানো তাৰ প্ৰেমিকাই হিয়াৰ লগত আগৰ নিচিনাকৈ থাকিবলৈ৷ আৰু উৎপলেও জানো আগৰ নিচিনাকৈ তাইক প্ৰতিটো কথাতে বিচাৰিব৷ দুচকু ভৰি উঠিল হিয়াৰ৷

একো কথাতে মন নবহা হৈছে হিয়াৰ৷ অকলশৰীয়া অনুভৱ এটাই তাইক চেপি চেপি ধৰিছে এইকেইদিন৷ কলেজ যাবলৈও মন নাযায়৷ ওৰে নিশা একেবোৰ কথাকে মনলৈ আহি থাকে৷ হিয়াই ভাবিবলৈ যেন বাধ্য হৈছে, তায়ো বাৰু উৎপলক ভালপায় নেকি! নহ’লে উৎপলক হেৰুৱাবলৈ কিয় ইমান ভয় খাইছে৷ কিয় তাই সেইদিনা উৎপলক ভালপাওঁ বুলি কৈ নিদিলে? তেতিয়া দেখোন এইবোৰ কথা ভবাই নাছিল তাই৷ এতিয়াহে উৎপলক বেলেগৰ লগত দেখি এক অনামী অনুভৱে তাইক আগুৰি ধৰিছে৷ বৰ কষ্ট পাইছে তাই৷ হৃদয়খনত এটা বিষে ধৰিবলৈ লৈছে৷

কলেজলৈ আহি তাইৰ মনটো অলপো ভাল লগা নাই৷ কেণ্টিনলৈ চাহ একাপ খাই আহো বুলি যাওঁতেই আকৌ উৎপল আৰু তাৰ প্ৰেমিকাক দেখি বুকুখন বিষাই উঠিল৷ নোৱাৰে চাব সিহঁতক তাই৷ উৎপলে মাতি নিছিল তাইক তাৰ প্ৰেমিকাৰ লগত চিনাকি কৰি দিবলৈ৷ সামান্য সৌজন্যৰ হাঁহি এটা মাৰি আঁতৰি আহিছিল তাই৷ বৰ কষ্টৰ আছিল সেই সময়কণ৷ চিনাকি কৰোঁতে উৎপলে কৈছিল এই মোৰ সৰুকালৰ বান্ধৱী দেই৷ তোমাৰো বান্ধৱী কৰি ল’বা৷ এটা বেঁকা হাঁহিহে উৎপলৰ প্ৰেমিকাৰ মুখত ফুটি উঠিল৷

তাই যে উৎপলক হেৰুৱালে আজিহে ভালকৈ উপলব্ধি কৰিলে৷

এইটো বছৰ কেনেকৈ পাৰ হ’ব বাৰু? পাৰিব জানো কলেজ শেষ কৰিব? ভাবি ভাবি পাৰ পোৱা নাই৷ হিয়াৰ জীৱনটোয়েই কিবা হৈ পৰিল৷ চাৰিওফালে যেন আন্ধাৰ, নীৰস।

**

“আৰে উৎপল কি কৰিছ? আজি কেণ্টিনত অকলে দেখোন? তোৰ প্ৰেমিকা কলৈ গ’ল?

‘’কিয় প্ৰেমিকা আছে বুলি অকল প্ৰেমিকাৰ লগতে থাকিম নে? মোৰ আৰু বাকী বন্ধু বান্ধবীবোৰ এৰি দিম নে?”

’”নাই এৰিবলৈ কোৱা নাই, কিন্তু তোৰ আটাইতকৈ ভাল বান্ধৱী হিয়াৰ লগতো দেখা নাই সেইকাৰণে সুধিলো৷”

“আছে চাগে তাইৰ নিজৰ কামত, তোক কেলৈ তাইৰ কথা, মোৰ কথা, মোৰ প্ৰেমিকাৰ কথা?” টিঙিচকৈ খংটো উঠি আহিল উৎপলৰ৷ কি দৰকাৰ দিগন্তৰ ইমানবোৰ কথা জনাৰ৷ আঁতৰি আহিল সি৷ কথা বঢ়াবলৈ মন নাই তাৰ৷

’অই ৰচোন ৰ’, ইমান খং কৰিবলৈ কি হ’ল? তোক আচলতে কথা এটা ক’বলৈহে মই এইবোৰ সুধি আছোঁ’’

“ক’ কি কথা আছে ক’বলৈ৷ মোৰ দেৰি হৈছে৷”

“তই বেয়া নাপাবি আৰু ভুলো নুবুজিবি, মই তোৰ ভালৰ কাৰণেহে কথা এটা ক’বলৈ লৈছোঁ৷ তোৰ প্ৰেমিকাজনী বৰ ভাল নহয় নেকি! মই তাইক বেলেগ এটা ল’ৰাৰ লগতো ঘূৰি ফুৰা দেখি থাকোঁ৷” সেমেনা সেমেনিকৈ দিগন্তই কথাটো ক’লে৷

“ মই জানো দে, তই চিন্তা নকৰিবি সব ঠিক হ’ব”৷ হাঁহি এটা মাৰি উৎপলে ক’লে৷ হ’ব দে মই এতিয়া যাওঁ৷ দিগন্তক অবাক কৰি উৎপল আঁতৰি গ’ল৷

আজি কেবাদিনো হ’ল হিয়া কলেজ নোযোৱা৷ ঘৰত সুধিলে লাহেকৈ গা বেয়া বুলি কৈ থৈছে৷ কিন্তু নিজেহে জানিছে মনত কিহৰ ধুমুহা বলিছে৷ কি কৰিব তাই এতিয়া৷ একোকে ভাল নলগা হৈ আহিছে৷

“অ’ খুৰী হিয়া আছেনে ঘৰত? উৎপল সোমাই আহিল৷”

“আছে আছে আহা, এইজনীৰ কি হৈছে জানো অনবৰতে গা বেয়া লাগি থাকে বুলি কয়, খাবলৈও মন নকৰে, কলেজও যাব পৰা নাই৷ সোধাচোন তুমিয়ে কি হৈছে৷“ হিয়াৰ মাকে উত্তৰ দিলে৷

সোমাই গ’ল উৎপল৷ দেখিলে বিছনাত বহি আছে হিয়া৷ তাক দেখিও মাতিবলৈ মন কৰা নাই৷

“ কি হ’ল অ পাগলী, কলেজ চলেজ নোযোৱা হ’লি? কিবা বিৰহ বেদনাত ভুগিছ’ নেকি“

“তোক কিয় লাগে? আৰু আচৰিত কথা তই দেখোন আজি আমাৰ ঘৰত? ক’ত সময় পালি মোৰ খবৰ ল’বলৈ? প্ৰেয়সীয়ে দিলে নে আহিবলৈ?” উষ্মাৰে কথা কেইটা কৈ উঠিল হিয়াই৷ অভিমানেত তাইৰ চকু সেমেকি উঠিল৷

“অ কথা তাৰমানে সেইটো হে! ..হা..হা.হা! তই সঁচাই পাগলী অ’৷ তই ভাবিছ নেকি তোক এৰি মই বেলেগক ভালপাব পাৰিম বুলি? সেইজনী ৰাজৰ প্ৰেমিকাহে, তোক জ্বলাবলৈহে দুদিনমানৰ কাৰণে মোৰ লগত অভিনয় কৰিবলৈ তাইৰ সহায় বিছাৰিলো৷ এতিয়া পালি মজাটো? মোক ভাল নাপাওঁ বুলি কৈছিলি নহয়? এতিয়া পিছে কি হ’ল? নিজৰ এনেকুৱা অৱস্থা কৰিলি যে?

কি? তাৰমানে উৎপলে এইবোৰ এক্টিংহে কৰি আছিল? আৰু তাই! মিছাতে ইমান কষ্ট খালে৷ এইবাৰ আৰু তাক আঁতৰি যাবলৈ নিদিয়ে৷

“এতিয়া ক মোক ভালপাৱ নে নাই?”

“পাওঁ যা!” বুলি হিয়াই উৎপল ৰ বুকুত সোমালগৈ৷ নিদিয়ে এইবাৰ, আনকি নাভাবেও উৎপল বেলেগৰ বুলি৷ উৎপল সদায় হিয়াৰ৷ এটা আনন্দৰ, এটা প্ৰাপ্তিৰ হাঁহি দুয়োটাৰ মুখত বিয়পি পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক