প্ৰেম, চিগাৰেট আৰু শূন্যতাৰ সাধুটো (উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

বাস্তৱ-
: “ পৃথিৱীখন অদ্ভুত৷ সদায়েই অদ্ভুত আছিল৷ আজিও অদ্ভুত৷”

: : কিয় গুছি আহিলা অৰুণাভৰ ওচৰৰ পৰা?

: আমি হয়তো কেতিয়াও ওচৰত নাছিলোৱে৷

: কিন্তু তোমালোককতো অত্যন্ত সুখী যেন দেখি৷

অনুৰাগ আৰু আকাংক্ষা৷ আজিকালি অনুৰাগে চিগাৰেট নাখায়, আকাংক্ষাই খায়৷ তাই চিগাৰেট এটা জলাই ল’লে৷ দৃষ্টি প্ৰকাণ্ড আকাশখনৰ অকলশৰীয়া জোনটোত নিৱদ্ধ৷ দৃষ্টিৰে সৈতে তায়ো যেন মিলিত হৈ যাব বিশাল মহাকাশত- এই পৃথিৱীৰে সৈতে সম্পৰ্ক এৰি৷
আকাংক্ষাই দুবছৰীয়া সংসাৰ বন্ধন ত্যাগ কৰি ভাৰতলৈ উভতিছে৷ অনুৰাগে চাকৰি বাকৰি এৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে- বৌদ্ধভিক্ষু৷ লগতে পৰিবেশকৰ্মী৷ আনকি পৰিবেশ বিজ্ঞানত গৱেষণাও আৰম্ভ কৰিছে৷
কল্পনা-

: কিয় গুছি আহিলা অৰুণাভৰ ওচৰৰ পৰা?

: মই হয়তো কাহানিও কাৰো ওচৰ চাপিয়ে নাপালো৷ সদায় এটা ভেকুৱাম মোৰ কেউপিনে ইমান দৃঢ়তাৰে আৱেষ্টিত কৰি ৰাখে যে তাৰ ভিতৰত কোনো আহিবলৈ সুযোগকে নাপায়৷

: : মই হয়তো বুজো৷

গহীন গম্ভীৰ স্বৰেৰে লামাৰূপী অনুৰাগে উত্তৰ দিয়ে৷

অনুৰাগ আৰু আকাংক্ষা৷ আকাংক্ষাই আজিকালি চিগাৰেট খায়, অনুৰাগে নাখায়৷ তাই চিগাৰেটৰ টান এটা মাৰি প্ৰকাণ্ড আকাশখনৰ অকলশৰীয়া জোনটোত দৃষ্টি নিৱদ্ধ কৰে৷ পৃথিৱী, বায়ুমণ্ডলৰ সৈতে সম্পৰ্ক ছেদ কৰি গুছি যাব যেন ক’ৰবালে- ইস্কেপ ভেল’চিটি অতিক্ৰমি৷ এনেতে কিহবাই তাইক টানি ধৰে৷ উভতি চায়- অনুৰাগ৷

: বুজিছা অনুৰাগ, দৰাচলতে এই টানি ধৰা, পৃথিৱীতে ৰখাই থব খোজাটো এক অজুহাত! অজুহাত- পৃথিৱীৰ সৈতে সংযোজিত হৈ থকাৰ৷
বাস্তৱ- : মানুহে প্ৰেমৰ প্ৰতাৰণা সহিব নোৱাৰি সন্ন্যাসী হ’ম বুলি কয়হে৷ তুমি একেবাৰে প্ৰমাণেই কৰি দেখুৱালা৷

: না না৷ মই পৃথিৱীৰ পৰা পলায়ন কৰি সন্ন্যাসী হোৱা নাই৷ পৃথিৱীৰ প্ৰেমত পৰিবেশ সন্ন্যাসী হ’লো৷

: আৰু আকাংক্ষা?

: আকাংক্ষা আৰু মোৰ বাবে হয়তো সিমানকণেই সময় আছিল৷ হয়তো ঠিক এনেকুৱাই কিবা এটা হোৱা উচিত আছিল৷ মই পৃথিৱীৰ প্ৰেমত পৰা উচিত আছিল৷ পৃথিৱীৰ সেউজীয়াখিনি সুৰক্ষিত কৰা যুঁজখনত মোৰ বলিদানৰ প্ৰয়োজন আছিল৷
কল্পনা-

: মানুহে প্ৰেমৰ প্ৰতাৰণা সহিব নোৱাৰি সন্ন্যাসী হৈ যাম বুলি কয়৷ তুমি একেবাৰে প্ৰমা‌ণেই কৰি দেখুৱালা৷

: ঠিক সেইটো কাৰণে মই সন্ন্যাসী হোৱা নাই৷ কিন্তু ঘটনাক্ৰম তেনেদৰেই গতি কৰিলে যে – আজিৰ এই অৱস্থা পালোহি৷ কি অসহ্যকৰ অনুভৱ এটা৷ বায়ুমণ্ডলৰ পৰিধি ভেদি যেন ক’ৰবালৈ গুছি যাম৷ কিন্তু প্ৰেমেৰেই হওক, ঘৃণাৰেই হওক আকাংক্ষাই মোৰ লগ নেৰা হৈছিল৷
অনুৰাগৰ দুচকুত সেই বেদনা পুনৰবাৰ প্ৰতিফলিত হয়৷ সি যেন এই লামাৰূপী শান্ত, ধীৰ, স্থিৰ অনুৰাগৰ পৰা বিফল প্ৰেমিক অনুৰাগ হৈ পৰে৷

পাপ বুলি জানিলেও আকাংক্ষা অনুৰাগৰ কাষ চাপি আহে৷
বাস্তৱ-

আকাংক্ষাই বিদেশৰ পৰা আহি চৰকাৰী প্ৰকল্প এটাত যোগদান কৰিছিল৷ প্ৰকল্পৰ অধীনৰ কিছু পৰিবেশ সম্পৰ্কীয় কথা আলোচনা কৰিবলৈ আহিছিল আহমেদাবাদ৷ তাতেই পুনৰ লগ পায় পৰিবেশকৰ্মী তথা বৌদ্ধভিক্ষু অনুৰাগক৷ মিটিঙৰ শেষত পাৰ্টী এটা আছিল- আকাংক্ষাৰ অফিচেই আয়োজন কৰা৷ সেই পাৰ্টীৰ পৰা পলাই দুয়ো চাঁদ পাইছিলগৈ৷

: আকাংক্ষাৰ বাদে আন কাৰো সৈতে প্ৰেম নহ’ল?

: হৈছিল চাগে- এবাৰ, দুবাৰ! মই মাথো স্বীকাৰ কৰিবলৈ ৰাজী নাছিলো সেয়া প্ৰেম বুলি৷ মানে আকাংক্ষাই মোৰ প্ৰথম আৰু শেষ প্ৰেম বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব বিচাৰিছিলো৷

: কাৰ ওচৰত?

: উমম… হয়তো নিজৰ ওচৰত৷

আকাংক্ষাৰ চিগাৰেট শেষ হোৱা নাছিল৷ সিহঁত দুয়ো আকাশলৈ চায়, অকলশৰীয়া জোনটোলৈ চায়৷ ইমান ফৰকাল আকাশ! !
কল্পনা-

: “ আকাংক্ষাৰ বাদে আন কাৰো সৈতে প্ৰেম নহ’ল? “

: হৈছিল৷ অফ ক’ৰ্চ হৈছিল৷ কিন্তু মই হয়তো আকাংক্ষাৰ ওপৰত প্ৰতিশোধ ল’বলৈ বিচাৰিছিলো৷ মই বিচাৰিছিলো যে তাই অপৰাধবোধত তিল তিলকৈ দগ্ধ হওঁঁক- যে মোৰ আন কাৰো সৈতে কেতিয়াও প্ৰেম নহল, তায়েই মোৰ জীৱনটো ধ্বংস কৰিলে ইত্যাদ৷

: হাঃ হাঃ কি সাংঘাতিক ইমমেচুৰিটি৷

: হয় হয়৷ এতিয়া ভাবিলে লাজ লাগে৷

আকাংক্ষাৰ চিগাৰেট শেষ হোৱা নাছিল৷ তাই তাৰ পিনে চালে৷ কেনেবাকৈ দেখা পায় নেকি তাইৰ বাবে প্ৰেম, প্ৰতীক্ষা অথবা অন্ততঃ অনুৰাগ৷
বাস্তৱ-

নিশা বহু দেৰি হৈছিল৷ পাৰ্টীও হয়তো ইতিমধ্যে শেষ হ’ল৷ দুয়ো বুজিছিল এৰিবৰ সময় হৈছে বুলি৷ ৰিবৰিবীয়া বতাহ এজাক, নিস্তব্ধ চহৰ এখন৷ যেন বিশ্বব্ৰহ্মাণ্ডৰ শেষ জীৱ দুটা ৰৈ গৈছে পৃথিৱীত জোনটোৰে সতে৷ আকাংক্ষাৰ দুচকু ক’ব নোৱাৰাকৈয়ে চলচলীয়া হ’ল৷ অনুৰাগ কিংকৰ্তব্যবিমূঢ় হৈ পৰে৷ কি কৰিব তাইৰ চকুপানীখিনি৷ ক’ব নেকি তাৰ দৰেই সম্পৰ্ক ছেদ কৰক মায়া মোহৰ বন্ধনৰ পৰা আৰু হৈ পৰক সন্ন্যাসিনী৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments