প্ৰেম, ছ’চিয়েল মিডিয়া আৰু কিছু চিন্তা – মনমী দাস

কেইদিনমান আগতে বাছত লগ পোৱা মহিলা এগৰাকীয়ে বিনাদ্বিধাই তেখেতৰ সংসাৰৰ কথাবোৰ কবলৈ আৰম্ভ কৰিলে৷ প্ৰথমতে অলপ ইতঃস্ততবোধ অনুভৱ কৰিছিলো, কিন্তু অনুসন্ধিৎসা গুণটোৰ বাবেই শেষলৈ শুনিম বুলি একপ্ৰকাৰ মনেই বান্ধিলো৷ তেওঁ সলসলীয়াকৈ এটাৰ পিছত আন এটা দিনৰ বৰ্ণনা দি গ’ল৷ তিতা, কেহাঁ, মিঠা অভিজ্ঞতাবোৰ অনভিজ্ঞ আৰু অপৰিপক্ব (বিশেষকৈ সংসাৰৰ কথাত) মইজনীয়ে কোনো সাৰসুৰ নোহোৱাকৈ শুনি থাকিলো৷ হুমুনিয়াহবোৰে অতি সংগোপনে কেতিয়ানো মগজুত বাহ ল’লে ততেই নাপালো৷ মগজুৱে যিমানখিনি বুজি পাইছিল তাৰ ওপৰত ভিত্তি কৰি ক’ব পাৰো যে তেওঁলোকৰ মাজত যি ঘটি আছে তাৰ একমাত্ৰ কাৰণ হ’ল বুজাবুজিৰ অভাৱ আৰু ঋণাত্মক চিন্তাধাৰা৷

এপষেক পূৰ্বে মোৰ বান্ধৱীবোৰৰ লগত চাহমেলত মিলিত হৈছিলো৷ আদ্দা কিছু জমিয়ে আছিল৷ সৰুকালৰ কথাৰ পৰা স্কুলৰ পৰীক্ষা গৃহৰ পৰ্যায়লৈ …এক সৰস আলোচনা৷ সকলোৱে এৰি অহা সেই সোণোৱালী দিনবোৰলৈ ঘূৰি গৈছিলো…মনৰ বাৰাণ্ডাত ডোলা দি আছিল এটাৰ পিছত এটা দিন…কি যে নষ্টালজিক অনুভৱ! ঠিক সেই সময় খিনিতে হঠাৎ চকু পৰিল এজনীৰ ওপৰত …কিবা যেন অন্যমনস্ক হৈ আছে৷ অনুভৱ কৰিছিলো তাইৰ চকুযোৰে কিবা বিচাৰি ফুৰিছে, কিন্তু কি ধৰিব পৰা নাই৷ অলপো কেৰেপ নকৰি আমাৰ কথোপকথন আগবঢ়াই নিলো৷ কিন্তু ওফন্দি থকা মুখখনে বাৰে বাৰে মোৰ দৃষ্টি কাঢ়িছিল৷ সুবিধা বুজি সুধিব বৰ মন গৈছিল “সকলোবোৰ বাৰু তই বিচৰা মতে হৈ আছেনে?” নাই নুসুধিলো৷ পৰিস্থিতিৰ খাতিৰত একপ্ৰকাৰ তাইক এৰাই চলিলো৷ দুদিন পিছত ৰ’ব নোৱাৰি সুধিলো, “ক’ চোন কিয় ইমান হতাশ দেখিছো তোক? “দ্বিতীয় প্ৰশ্ন সুধিব নাপাওঁতেই হুকহুকাই উঠি কৈ গ’ল গাৰ নোম শিয়ঁৰি উঠা কথাবোৰ৷ বৰ অসহায় অনুভৱ হোৱাৰ লগতে অজান শংকাত ভৰি দুখনো দগমগাইছিল৷ বেছিভাগেই আছিল শাৰীৰিক অত্যাচাৰ৷ সমাজৰ ভয়ত মৌনতাই আছিল বেচেৰীৰ একমাত্ৰ আশ্ৰয়৷

প্ৰায় পাঁচ বছৰ আগতে মানসিক কষ্ট সহিব নোৱাৰি আন এজনীয়ে কোৰ্টৰ দুৱাৰ খটখটাইছিল বুলিও শুনিবলৈ পাইছিলো৷ চিঞৰি চিঞৰি কৈছিল সকলোৰে সন্মুখত…কিমান বাৰু কষ্ট হৈছিল? তাইৰ মনোকষ্টই প্ৰায় সকলোকে জোকাৰিছিল৷ বাউলীজনী হৈ কৈছিল, “কোনোদিনে ৰাগিয়াল দ্ৰৱ্য সেৱন নকৰা দেউতা আৰু ভাইটিক কোন সতে কওঁ যে মোৰ মানুহজন মদৰ নিচাত মাতাল হৈ, বিলাসী হোটেলত সুন্দৰীৰ সৈতে নিশা উদযাপন কৰি পুৱাৰাতিহে ঘৰ সোমায়!”

এইবোৰ নামমাত্ৰ উদাহৰণহে৷ ছ’চিয়েল মিডিয়াত ভূমুকি মাৰিলেই আজিকালি প্ৰায় মুখামুখি হওঁ কিছুমান লেখাৰ৷ সৰল, সাৱলীল, নিভাঁজ আৰু পৰিপক্ব লেখাবোৰে প্ৰায়ে মনতো সজীৱ কৰি তোলে৷ কিন্তু তাৰ মাজতে পঢ়িবলৈ পাওঁ কেতবোৰ সমস্যাৰে জৰ্জৰিত কাহিনী৷ যিমানবোৰ কাহিনী আজিলৈ পঢ়িলো তাৰ আধাৰ বেছি সংখ্যকে সমস্যাৰে পৰিপূৰ্ণ৷ বেছিভাগ আকৌ প্ৰেমৰ সম্পৰ্কৰ জটিলতাৰ বিষয়ে৷ আপোনজনৰ লগত কাজিয়া, সন্দেহ, প্ৰতাৰণা আদিৰে দপদপাই থাকে ছ’চিয়েল মিডিয়াৰ চোতাল৷

মাজে সময়ে মই হতবাক হৈ পৰো! কেনেকৈ কিছুমান নেদেখা নজনা মানুহৰ সন্মুখত নিজৰ সমস্যাৰ বিষয়ে অৱগত কৰাব পাৰে? নিজৰ ব্যক্তিগত সমস্যাবোৰ সমজুৱা কৰিব যাওঁতে এবাৰলৈ হ’লেও অন্তৰাত্মা কঁপি নুঠে নে বাৰু? প্ৰায় দেখিবলৈ পাওঁ সৰু সৰু কথাবোৰৰ বাবে আমি ছ’চিয়েল মিডিয়াৰ আশ্ৰয় লওঁ৷ কিছুমানতো এনেকুৱা ব্যক্তিও আছে যোনে দিনৰ দিনটো এটাৰ পিছত আনটো আপদেট দিয়ে নিজৰ বা আনৰ সমস্যাৰ ওপৰত৷ এটা কথা বুজি নাপাওঁ যে মোৰ ব্যক্তিগত জীৱনত কি হৈ আছে, কি কি সমস্যাৰ সন্মুখীন হৈ আছো সেইবোৰ ৰাজহুৱা নকৰিলে বা ছোচিয়েল মিডিয়াত নজনোৱাকৈ সমাধান কৰাত অপৰাগ নেকি? কোনোকালে নেদেখা, নজনা কিছুমান মানুহে মোৰ সমস্যাৰ শুদ্ধ সমিধান দিব পাৰিব বুলি নিজকেতো পতিয়ন নিয়াব নোৱাৰো৷ মানিছো, সমস্যাৰ ওপৰত ভিত্তি কৰি বহুজনে নিজৰ বহুমূলীয়া সময় খৰচ কৰি নিজৰ মন্তব্য আগবঢ়াব বা লগতে তেওঁলোকৰ দৃষ্টিভংগীৰে সমাধানো দিব৷ কিন্তু সেইটো জানো এশ শতাংশ শুদ্ধ? প্ৰায় মন কৰো বিশেষকৈ মহিলাসকলে সন্দেহৰ বশৱৰ্তী হৈ সম্পৰ্ক শেষ কৰাৰ কথা মনলৈ আনে৷ নিজৰ জনাবলগীয়াখিনি জনাই বহুতৰে পৰা সমাধান বিচাৰে আৰু আমিও আতি গুৰি একো নজনাকৈয়ে “তেওঁক এৰি দিয়ক, এনেকুৱা সম্পৰ্কত থাকি একো লাভ নহব” ইত্যাদি জাতীয় প্ৰবচনেৰে উৎসাহ জগাওঁ৷ ইমান ডাঙৰ সিদ্ধান্ত এটা দিয়াৰ আগত এবাৰলৈ হ’লেও ভাবি নাচাওঁ তেওঁলোকৰ সম্পৰ্ক কেনেকুৱা, গভীৰতা বা কিমান আছে? অকল এজনৰ মনোভাৱৰ ওপৰত ভিত্তি কৰি আনজনক দোষী সাব্যস্ত কৰাটো কিমান দূৰ যুক্তিসংগত? কাণেৰে আমি যি শুনো বা চকুৰে যি দেখো সেয়া সম্পূৰ্ণ শুদ্ধ নহবও পাৰে৷ তেনে ক্ষেত্ৰত উপযুক্ত প্ৰমাণ অবিহনে মাত্ৰ সন্দেহৰ ভিত্তিত সম্পৰ্ক এটাৰ ইতি পেলোৱাতো শুদ্ধ হব জানো? সৰু সৰু কথাৰ বাবে তেওঁক এৰি দিয়ক, এনেকৈ জানো সংসাৰ চলে, ডিভোৰ্চ দি দিয়ক এনেকুৱা মন্তব্য আগবঢ়োৱা দেখিবলৈ পাইছো৷ ছ’চিয়েল মিডিয়াত দৈনিক তেনেকুৱা শ শ কাহিনীৰ আগমন ঘটে লগতে হাজাৰ বিজাৰ লোকৰ বাবে সমস্যা আলোচনাৰ মঞ্চ হৈয়ো উঠিছে আৰু আমিবোৰে নিজে কিহৰ লগত যুঁজি আছো সেইটো পাহৰি তেওঁলোকৰ সমস্যাৰ সমাধান দিবলৈ উঠি পৰি লাগো৷ পঢ়ো থিকেই, উপযুক্ত সমাধানো হয়তো দিওঁ, কিন্তু ডাঠি কব পাৰো খুব বেছি দুটা দিনৰ পিছত সকলো পাহৰো৷ বহু সময়ত পাহৰি যাওঁ যে আমি দিয়া সমাধানে তেওঁলোকৰ জীৱনৰ গতি ৰূদ্ধ কৰিবও পাৰে৷ মানিছো এনেকুৱা বহু মানুহ এতিয়াও আছে যাৰ বাবে প্ৰেম, সংসাৰ বহু সস্তীয়া, লাভ -লোকচানৰ মাজতে সীমাবদ্ধ৷ আজি মোৰ লগত আছে কালি মোতকৈ লাভৰ মোটা অংশ আনৰ তাত দেখি মুহূৰ্ততে ঢপলিয়াইছে তেনে মানুহো নথকা নহয়৷ যি পুৰুষ বা নাৰীয়ে তেনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছে তেওঁলোকে হয়তো তেনেক্ষেত্ৰত সম্পৰ্ক শেষ কৰাৰ পৰামৰ্শ দিব৷ অভিজ্ঞতাৰ ভিত্তিত তেনে পৰামৰ্শ সম্পূৰ্ণ শুদ্ধ৷ তথাপি ন দি কব পৰা নাযায় যে সকলো সমস্যা একেটা গোত্ৰৰে বাসিন্দা৷ ভুল বুজাবুজিৰ পৰাও অনেক সমস্যাৰ উদ্ভৱ হব পাৰে৷ আনৰ সমস্যা ওপৰে ওপৰে পঢ়ি বা শুনি তাৰ ওপৰত তাৎক্ষণিক মন্তব্য আগবঢ়োৱাতো উচিত বুলি মই কেতিয়াও নাভাৱো৷ তেতিয়ালৈ দুৰত্ব বজাই ৰখা উচিত যেতিয়ালৈ আমি তেওঁলোকক ব্যক্তিগত ভাৱে চিনি নাপাওঁ বা তেওঁলোকৰ বিষয়ে নাজানো৷ টুলুঙা মন্তব্যৰে সম্পৰ্ক শেষ কৰিবলৈ পৰামৰ্শ দিয়া মানুহৰ অভাব নাই৷ কিন্তু এনেকুৱা কেইজন ব্যক্তি আছে যিয়ে এবাৰলৈ কয় “এবাৰ আলোচনা কৰি চাওঁক, সুযোগ দি চাওঁক কিজানিবা জোৰা টাপলি মাৰিব পৰা যায়ে৷” আলোচনাৰ মাধ্যমতো বহু শেষ হব ধৰা সম্পৰ্ক পুনৰাই প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে৷

সম্পৰ্ক এটা গঢ়িবলৈ, সাৰ পানী দি জীপাল কৰি ৰাখিবলৈ বহু সময়, কষ্ট, ত্যাগ, আন্তৰিকতা আৰু বুজাবুজিৰ প্ৰয়োজন৷ সুন্দৰকৈ চলি থকা সম্পৰ্ক এটা মাত্ৰ সন্দেহ বা ভুল বুজাবুজিৰ বাবে চেকেণ্ডতে শেষ হোৱাতো আমি নিবিচাৰো৷ সেইবুলি এইটো কেতিয়াও নকওঁ যে কোনো ব্যক্তি শাৰীৰিক বা মানসিক আঘাত সহ্য কৰি সমাজৰ ভয়ত বা আনে কি ভাৱিব তাকলৈ মনে নিবিচৰা সম্পৰ্কত সোমাই থাকক৷ যি সম্পৰ্কত সমাজৰ বা আত্মীয়ৰ দোহাই দি নিজৰ স্বভিমানৰ চিতাত দগ্ধ হৈ থাকিব লাগে তেনে সম্পৰ্কৰ কামেই বা কি? বহু সময়ত দেখিবলৈ পাওঁ সৰ্বস্ব উজাৰি ভালপোৱাৰ পিছতো কোনোবাই এৰি থৈ যোৱাৰ পিছতো নিজকে দোষাৰোপ কৰো৷ নিজৰ ভুল নথকাৰ পিছতো দিনে ৰাতি চিন্তা কৰো ক’ত জানো ভুল হ’ল? কেৰোণটো বাৰু কোনখিনিত লাগিল? আনে এৰি থৈ গ’ল বুলিয়ে নিজকে দোষাৰোপ কৰি থকাৰ অৰ্থ কিৱা আছে জানো? ফুলকুমলীয়া বয়সত প্ৰেমত বিফল হৈ আত্মঘাতী হোৱাৰ খবৰে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে৷ আচৰিত হওঁ ……ইমান সহজলভ্য নে মৃত্যু? ইমান সস্তীয়া নে আমাৰ আৱেগ অনুভূতিবোৰ? নিজে যদি নিজক ভাল নাপাওঁ তেতিয়া হ’লে আনৰ ভালপোৱাৰে জীৱন কিমান দিনলৈ চলাম? নিজৰ পত্নী প্ৰেয়সী থকাৰ পিছতো বহু তথাকথিত ভদ্ৰলোকে আপত্তিজনক কথা বতৰা পাতি নিজৰ ভদ্ৰামিৰ পৰিচয় দিয়ে৷ নিজেও তেনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছো৷ গতিকে তেনেকুৱা টুলুঙা প্ৰেমৰ বাবে নিজক জলাঞ্জলি দিয়াতো একেবাৰেই অৰ্থহীন৷ বুজি পাওঁ বিশ্বাসক প্ৰতাৰণা কৰাৰ বেদনা কি! তেনেকুৱা পৰিস্থিতিৰ যেতিয়ালৈ মুখামুখি হোৱা নাযায়, তেতিয়ালৈ জীৱনৰ জটিলতাখিনি অনুভৱো নকৰো৷ সেই দুখ বা বেদনাই যিমান কষ্ট দিয়ে তাতকৈ অধিক সাহস আৰু আত্মবিশ্বাসৰ গঢ় দিয়ে৷ যি হৈ গ’ল তাৰ অনুশোচনা কৰি থকাতকৈ তাৰ পৰা কি শিকিলো বা কি লাভ হ’ল সেইটোহে মূল কথা৷ সকলো কথাৰে দুটা ভাৱধাৰা থাকে ……ধনাত্মক আৰু ঋণাত্মক৷ ঋণাত্মকটো এৰি ধনাত্মক হৈ চাওঁকচোন …দেখিব মনৰ পৰাই সুখী হৈ পৰিছে…সুখ ক’ত পাম বুলি ঢপলিয়াই ফুৰাতকে নিজৰ মাজতে বিচাৰি চাওঁক…… সুখৰ চাবিকাঠী নিজৰ মাজতে আছে উভৈনদী হৈ… মাথোঁ বুটলি লোৱাৰহে কথা৷ বেলেগে যদি ভালপোৱাৰ মূল্য বুজি নাপায় তেনেকুৱা সম্পৰ্কত থাকি নিজক কষ্ট দিয়াতকে ওলাই আহি জীৱন উপভোগ কৰক৷ সৰু সৰু কথাত লাগি সম্বন্ধ শেষ কৰিম বুলি ভবাতকৈ নিজক সময় দিয়ক… আলোচনাৰ মাধ্যমত কথাবোৰ জুকিয়াই চাওঁক৷ খৰখেদাকৈ সিদ্ধান্ত লৈ পিছত অনুশোচনা নহবলৈকে সময় অতিবাহিত কৰি চাওঁকচোন৷ তাৰ পিছতো যদি পৰিবৰ্তনৰ চিন চাব নাই তেতিয়া হ’লে ওলাই আহক৷ সমাজ বা আনৰ কথা মনলৈ আনি সহ্য কৰি নাথাকিব৷ মনত ৰখা উচিত সমাজ আমি গঢ়িছো, আমাক সমাজে গঢ়া নাই৷ সাহসী হওক শুদ্ধ সিদ্ধান্ত ল’ব পৰাকে৷ জীৱনতো মাথোঁ এবাৰহে পাইছো… গঢ় দিয়ক নিজৰ ইচ্ছামতে…… উদযাপন কৰক প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল …■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments