প্ৰেম: জীয়াই থকাৰ নিচা- (চিমি কোঁৱৰ)

প্ৰস্তাৱনা:

শান্ত সমাহিত মুখ এখনে সকলো দুখ ভাগৰ পাহৰাই ৰাখিছে৷ আমনি কৰিছে শান্ত এহাল চকুৱে৷ সাদৃশ্যতা আছে নেকি ক’ৰবাত? এৰা, হয়তো থাকিব পাৰে, বা আছে৷ পোহৰমুখী এখন গাম্ভীৰ্যতাপূৰ্ণ মুখ!

: চাহ তাহ খালানে নাই?

: নাই… মই চাহ নাখাওঁ। –
টপৰাই ক’লোঁ মই, মেঘালীৰ ফালে আগুৱাইহে তেওঁ সুধিছিল৷ ধেৎ! মোৰ মুখেৰে কি যে ওলাই আহিল! মই চাহ খাওঁ, লালচাহ, গাখীৰ চাহহে নাখাওঁ৷ কোৱা নহ’ল তেওঁক৷

: বেলেগ কামো আছিলনে মাৰ্কেটত?

: নাই, আপোনাক পইচাটো দিবৰ কাৰণেই আহিলোঁ৷

ৰঙা পাৰ্চটোৰপৰা চাৰিখন পঞ্চাশটকীয়া নোট উলিয়াই তেওঁৰফালে আগুৱাই দি ক’লোঁ,

: থেংক ইউ৷

: ওম!

তেওঁ মূৰ দুপিয়ালে৷

: মই গৈ থাকোঁ তেন্তে…

: ওম!

‘আহিছোঁ’ বুলি কৈয়েই গুছি আহিলোঁ কোবাকুবিকৈ৷ নিজৰ ওপৰতে খং উঠিল৷ কি দৰকাৰ আছিল চাহ নাখাওঁ বুলি ক’বলৈ? ধেৎ, মইযে মুখত যি আহে তাকে কৈ পেলাওঁ৷
———————————
ক্ৰমশঃ মায়াময় হৈ অহা সময়বোৰ:

———————————

সময়বোৰ ক্ৰমশঃ মায়াময় হৈ আহে৷ ক্ৰমশঃ প্ৰিয় হৈ উঠে সকলোবোৰ৷ প্ৰিয় আকাশ, প্ৰিয় বতাহ! প্ৰতিদিনে যেন জী উঠোঁ নতুনকৈ৷ নতুন উৎসাহ, নতুন উদ্যমেৰে উৎযাপন কৰিব খোজো প্ৰতিটো দিন৷ বুকুত নাই পুৰাতন যাতনাবোৰ৷ শূণ্যতা আৰু উদাসীনতাই গিলি পেলাব খোজা বন্ধ্যা সময়বোৰ লাহে লাহে প্ৰিয় হৈ উঠে৷ সন্ধিয়া মেঘালী ৰেষ্টুৰেণ্টত আড্ডাবোৰ বাঢ়ি আহে৷ মায়া জাগে জালুকবাৰীখনলৈ৷ উস! আৰু এটা চেমিষ্টাৰ বাকী মাথো৷ ইউনিভাৰ্ছিটি এৰি যোৱাৰ কথা যে ভাবিবই নোৱাৰোঁ৷ বুকুখন অজানিতে বিষাই উঠে৷ শান্ত সমাহিত মুখ এখনে বৰকৈ আমনি কৰে৷ মোৰ এফিডেফিট বনাই দিয়া সেই ল’ৰাজন! কি নাম আছিল তেওঁৰ! নাই সোধা নহ’ল সিদিনা যাৰ হাতত মই গুজি থৈ আহিছিলোঁ তেওঁ পাবলগীয়া চাৰিশ পঞ্চাশ টকা৷

কেতিয়াবা মেছেজত ভাবৰ আদান প্ৰদান হয় আমাৰ৷ অথচ নামটো সোধা নহয়৷ হঠাৎ কেতিয়াবা আকস্মিকভাৱে তেওঁক লগ পাই যাওঁ মাৰ্কেটত অথবা মেঘালী ৰেষ্টুৰেণ্টত৷ শান্ত সমাহিত মুখখনত দেখা পাওঁ যেন গাম্ভীৰ্য্যতাৰ এচেৰেঙা পোহৰৰ জিলিঙনি! বুকু ভৰি যায় মোৰ! লাজতে মাত নিদিওঁ৷ গুছি আহোঁ বুকুত পোহৰৰ তিৰবিৰণিখিনি আঁকোৱালি লৈ৷ নিজানে নিৰলে আলফুলে সযতনে বুকুৰ একোণত সামৰি ৰাখোঁ শান্ত সমাহিত মুখখনৰ পোহৰখিনি!
বুজি নাপাওঁ, সম্বন্ধৰ মায়া আচলতে সঁচা নে মৰীচিকা? নিজানত ৰৈ যেন মই হওঁ দিশহাৰা৷ ক্ৰমশঃ নজনাকৈ নুবুজাকৈ মোৰ জীৱনলৈ মায়া জাগে৷ ফুলবোৰ যেন ফুলি উঠে চৌপাশে! বুকু ভৰি উঠে! নাজানো- পোহৰ হৈ মোৰ স্বপ্নময় বাটেৰে কোন কোঁৱৰ আহে৷ সময়বোৰ ক্ৰমশঃ কিয় বাৰু মায়াময় হৈ উঠে?
——————————–
ভগ্নস্তূপৰ মাজতে জী উঠে জীৱন:

——————————–

প্ৰেম আহে মানুহক জীয়াবলৈ৷ প্ৰেমে মানুহক মৃত হৈ থাকিবলৈ নিদিয়ে৷ সপোনৰ তুলিকাৰে প্ৰেমে মৃত মানুহক যেন কবৰ খান্দি বাহিৰলৈ উলিয়াই আনে৷ সপোন দিয়ে, আশা দিয়ে! মানুহ জী উঠে৷ জীয়াই থাকিবলৈ শিকে৷ মৰিব খুজিও জী উঠে মানুহ৷ হতাশা আৰু শূন্যতাই ক্ৰমশঃ নিঃশেষ কৰা মানুহ ভগ্নস্তূপৰ মাজতে পুনৰ জী উঠে প্ৰেমেৰে৷
ময়ো জী উঠিছিলোঁ৷ পোহৰ হৈ সঁচাকৈয়ে তেওঁ আহিছিল মোৰ জীৱনলৈ আৰু পোহৰাই তুলিছিল বন্ধ্যা সময়বোৰ!
———————
অতীত অভিমুখী যাত্ৰা:

———————

জীয়া অতীতক পাহৰিবপৰা নাযায় অথবা উপেক্ষাও কৰিব নোৱাৰি৷ যাৰ বাবে ৰূপান্তৰিত হৈছিলোঁ ভগ্নস্তূপত, যাৰ কঠোৰ বাক্যবানে হৃদয় ক্ষতবিক্ষত কৰিছিল প্ৰায়ে, অথচ যাৰ সোঁৱৰণি বুটলি মেলি লৈছিলোঁ পুৰণি এলবাম অথবা পাৰ্চত কঢ়িয়াই ফুৰিছিলোঁ ডেইৰী মিল্ক চকলেট! (যি মোক লগ পালেই দিছিল অসংখ্য ডেইৰী মিল্ক, হেঁপাহেৰে লৈছিলোঁ, যদিওবা চকলেট নাছিল মোৰ প্ৰিয়) এৰা, সহজ নহয় আঠ বছৰীয়া জীয়া অতীত এটাক পাহৰি যোৱা৷ অথচ পোহৰ হৈ মোৰ জীৱনলৈ আগমন ঘটাজনৰ উপস্থিতিয়ে পাহৰাই ৰাখিছিল মোক তেওঁৰ অনুপস্থিতি! তেনেতে আত্মোপলব্ধিৰ নতুন পৃষ্ঠা উন্মোচন কৰিছিল তেওঁ! তেওঁক জনাই দিছিলোঁ পোহৰ হৈ আগমন ঘটাজনৰ কথা৷ তেওঁ, কিন্তু মানি ল’ব নোখোজে কথাবোৰ৷ কিদৰে বুজাওঁ তেওঁক– অতীত হ’বলৈনো লাগে কিমান পৰ? চিৰদিন ৰৈ থাকিবলৈ সময়ো যে নৰয়! অবুজন হৃদয়! মই কি কৰোঁ?
——————————-
কৰ্তব্য আৰু দায়িত্ববোধৰ তাগিদা:

——————————-

প্ৰেমে মানুহক জীৱন দিয়ে, মৰিবলৈ এৰি দিব নোৱাৰে! ভালপোৱাখিনিক মই সন্মান কৰোঁ হৃদয়ৰ পবিত্ৰতাৰে৷ হতাশা আৰু শূন্যতাত নিঃশেষ হ’ব খোজা মানুহক প্ৰেমে জীয়াই তোলে৷ আত্মোপলব্ধিয়ে উন্মোচন কৰে নতুন সত্য! কৰ্তব্য আৰু দায়িত্ববোধৰ তাগিদাই যেন মোক হাতবাউলী দি মাতে! দায়িত্ববোধৰ তাগিদাত ত্যাগ স্বীকাৰ কৰিবলৈও সাজু হয় হৃদয়!
—————
শেষ সত্য সময়:

—————

ত্যাগে ভালপোৱাক মহান কৰেনে? মই নাজানো, অথচ শূন্য দুহাতেৰে এদিন মই হোষ্টেললৈ উভতিছিলোঁ৷ কোনেও কেতিয়াও শেষ কথা কৈ যাব নোৱাৰে এই পৃথিৱীত৷ তাৰ পিছতো ৰৈ যায় ক’বলগীয়া বহু কথা৷ শেষ সত্য উন্মোচন কৰে সময়ে৷ জীৱন ৰহস্যময়! আমি সেই কথাকেই মানো, যি কথা সময়ে কয়… সময়ৰ হাততে এৰি দিওঁ নিজকে… জীৱন গৈ থাকে, থমকি নৰয়!
———–
উপসংহাৰ:

———–

প্ৰেম মানে বিবাহ নহয়, অথবা নহয় যৌনতাৰ খেলা৷ প্ৰেম মানে নিচা! জীয়াই থকাৰ নিচা! প্ৰেম মানে পোহৰ! অন্তৰাত্মাৰ পোহৰ, যি পোহৰে প্ৰতিদিন প্ৰতিপল জীয়াই তোলে আমাক৷

***********

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments