“প্ৰেম: জীৱন আৰু স্বপ্নৰ”(-উচ্চজিৎ কলিতা)

প্ৰতিটো মুহূৰ্ততে মই নতুনকৈ প্ৰেমত পৰোঁ ।
এপলক সেউজীয়া অনুভূতিয়ে
বোৱাৰী পুৱাতে জগাই যায়
নিস্তব্ধ প্ৰান্তৰ
মোৰ স্বপ্নৰ বন্দৰৰ ।
প্ৰতিটো মুহূৰ্ততে মই তোমাক নতুনকৈ উপলব্ধি কৰোঁ ।
উজনিৰ ঘাটত ৰৈ থাকা তুমি
আমাৰ দুয়োৰে মাজত প্ৰেমৰ সোঁৱণশিৰি ।
তথাপি তোমাক খেপিয়াই ফুৰোঁ
পাহাৰৰ নামনিৰ নুফুলা সৰিয়হডৰাত ।
নিশাৰ অৰণ্যত মনত পৰা-নপৰা বহুতো স্মৃতি ।
আমি কোনোদিনে সোধা নাই
আমাৰ বাবে প্ৰেম
নে প্ৰেমৰ বাবে আমি ।
প্ৰাণৰ পথাৰত জিক্‌মিক্‌ অলেখ জোনাকী ।
মিলনৰ এৰি অহা ক্ষণবোৰ
বিচ্ছেদৰ সুৰেৰে মধুৰ,
বৰ্ষাৰ প্ৰতিটো আবেলিত
হৈমন্তিকা হৈ উভতি আহা তুমি,
দুচকুত ব্যাকুল হৃদয়ৰ ছবি ।
জীৱনৰ কেন্‌ভাচত চিত্ৰলেখা
বুজা-নুবুজা বহুতো ছবিৰ ভাষা
তাতেই আমাৰ গতিৰ সাৰ্থকতা ।
আমাৰ বাবে প্ৰেমৰ বিকল্প নাই
মৃতকল্প নগৰীৰ পৰা স্বপ্নৰ বন্দৰলৈ
উভতি অহাৰ বাট ।
জীৱন-মৃত্যুৰ দুইপাৰ
মাজত একেখন সাঁকো,
আশাৰ সিপাৰে য’ত আশাহত প্ৰাণ
তাতো ফুলে পলাশ
স্মৃতিবোৰ আমাৰ প্ৰেমৰে প্ৰকাশ ।
আমাৰ গতিৰ বিকল্প নাই
আমাৰ বাবে ভটিয়নী সোঁত নাই
আমাৰ বন্দৰ বহু দূৰ !
গঙ্গাৰ বুকুৰে আমি উজাই যাওঁ
পৃথিৱীৰ চকুত আমি আবেলিৰ ৰং ,
মহাকাব্যৰ অচিনাকি বহুতো প্ৰাণ
সময় বালিত নিলিখা অলেখ নাম
তোমাৰ মোৰ দৰে এজাতি সৰ্বংপ্ৰাণ ।
তাতেই জীৱনৰ কপিলা গোন্ধ
কণমানি স্বৰ্গৰ বুকুত প্ৰেমৰ প্ৰভাস ।
তোমাৰ প্ৰেমত পৰাৰ পাছত,
নিজকে চিনাৰ শেষত
মই আৰু পৃথিৱীয়ে,
সোঁৱৰণি জাগে আমাৰ মনত ।
ক্ষুদ্ৰ পৃথিৱীয়ে ৰচে বিশাল আকাশ ।
সময়ক ৰমণ কৰি নৱ সৃষ্টিৰ কামনা
আলফুলীয়া কোনো ৰমণীৰ আকুল বাসনা,
মৃত্যুৰ সিপাৰে য’ত
জীয়াই থাকে জীৱন,
প্ৰেম তাৰ নাম
জীৱন আৰু স্বপ্নৰ সহবাস ।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments