প্ৰেম, ভালপোৱা এনেকৈও- (ৰাজীৱ শৰ্মা)

বন্ধ কোঠাটোৰ ভিতৰৰ পৰা অথনিৰে পৰা ভাঁহি অহা উচুপনিৰ শব্দই লাহে লাহে কান্দোনৰ ৰূপ ল’লে৷ ই ৰমেনে তেনেহ’লে ডাক্তৰৰ ওচৰৰ পৰা মানসীৰ বিষয়ে ভাল খবৰ নানিলে৷ শাহুৱেক বকুলী এক মুহূৰ্তৰ বাবে থৰ হৈ ৰ’ল আৰু বোৱাৰীয়েকৰ চৈধ্য পুৰুষ উজাৰি গালিৰ বৰষুণ দিবলৈ আৰম্ভ কৰিলে৷

ৰমেন বকুলীৰ একমাত্ৰ সন্তান৷ দেউতাক ঢুকুৱাৰে পৰা বকুলীৰ অশেষ কষ্ট আৰু চেষ্টাৰ ফলত খুটি খাব পৰা হ’ল ৰমেন৷ কলেজত পঢ়িলে মাকৰ হাতৰ-কাণৰ গহনাৰ কণ কঠিয়া মাৰি৷ তথাপিও মাক সুখী হৈছিল পুতেকৰ উন্নতি দেখি৷ দেউতাক বিহীন ইমান দিনৰ কষ্টবোৰ যেন সাৰ্থক হৈছিল৷
গাঁৱৰ একমাত্ৰ স্কুল খনত যিদিনা ৰমেনে শিক্ষকৰ চাকৰিটোত যোগদান কৰিছিল সেইদিনা বকুলীৰ ফূৰ্তি চাবলগীয়া হৈছিল৷ ওচৰ চুবুৰীয়াৰে গধূলি ঘৰ ভৰিছিল৷ সকলোৱে ৰমেনক চাকৰিটোৰ বাবে শুভেচ্ছা জনাবলৈ আহি পুৰণা দিনৰ কথা উলিয়াইছিল৷ মাক বকুলীক সকলোৱে প্ৰশংসা কৰিছিল নিজে নাখাই পুতেকক ডাঙৰ মানুহ কৰিলে বুলি৷ বকুলীয়েনো কি ক’ব৷ মনৰ আনন্দত হাতত তামোল-পাণৰ বটাটো লৈ সকলোৰেপৰা ল’ৰাটোৰ বাবে আশীৰ্বাদ বিচাৰি ফুৰিলে৷
পিছে বকুলীৰ সুখ স্থায়ী নহ’ল৷ সৰুৰে পৰা মাকৰ একান্ত বাধ্য ৰমেন যেন বকুলীৰ দৃষ্টিত সলনি হ’বলৈ ধৰিছিল৷ যদিও মাকৰ সুখৰ বাবে কৰিবপৰা সকলো কামেই ৰমেনে কৰিছিল তথাপিও মাক সন্তুষ্ট হ’ব পৰা নাছিল এটা কথাত৷ বহুদিনৰে পৰা মনৰ মাজত লালন পালন কৰি থোৱা বোৱাৰীৰ ছবিখনে বকুলীৰ বুকুত যেন ধান বানিবলৈ আৰম্ভ কৰিছিল৷
আৰু শেষত মাকৰ ইচ্ছাৰ বিৰুদ্ধে গৈ যিদিনা পুতেকে সিখন গাঁৱৰ মানসীক মন্দিৰত বিয়া পাতি ঘৰ সুমুৱালে সেইদিনাৰ পৰাই যেন দুয়োৰে মাজত সংঘাত আৰম্ভ হৈ গ’ল৷ তেওঁলোকৰ এই যুঁজত বিৰিণা হ’ল মানসী৷ ৰমেন কামলৈ ওলাই যোৱা সময়খিনিত বকুলীয়ে দিব পৰা সকলো গালি শপনি আৰু শাওপাতে মানসীৰ চকুলৈ বাৰিষাৰ ঢল নমালে৷
অৱশ্যে ৰমেনৰ গাতো ইমান দোষ নাছিল৷ সৰুৰেপৰা মাকৰ ডেউকাৰ তলত ডাঙৰ হোৱা ৰমেনৰো মাকৰ বোৱাৰীক লৈ কৰা হেঁপাহটো পুৰণ কৰিব পৰা হ’লে সি আনন্দিত হ’ল হেতেঁন৷ কিন্তু কি কৰিব সি৷ মাকে আচলতে কিছুমান কথাৰ ভুকে নাপায়৷ পুতেকৰ সুখৰ বাবে ধনীৰ ঘৰৰ ছোৱালীচোৱা মাকে গমেই নাপালে যে ৰমেনৰ লগত বিয়াত বহাৰ বাবে সেই ছোৱালীজনীৰ একমাত্ৰ আৰু প্ৰধান চৰ্তটো আছিল সি মাকক এৰি বেলেগে থাকিব লাগিব৷ সেয়েহে…
মানসীও পৰিমৰা ঘৰৰ ছোৱালী নাছিল৷ পঢ়াই-শুনাই, চেহেৰাই পাতিয়ে জাকত-জিলিকা ছোৱালী আছিল৷ কলেজলৈ আহোতে যাওঁতে লগ পাই পাই চিনাকি হৈছিল সিহঁতৰ৷ সেই চিনাকিয়েই পাছলৈ প্ৰেমৰ ৰূপ ল’লে আৰু এদিন তাই ওপজা ঘৰখনৰ মোহ এৰি ৰমেনৰ লগত গুচি আহিল৷ হওঁতে বিয়াৰ পাছত তাইৰ ঘৰৰ মানুহ দুবাৰমান ইয়ালৈ আহিছিল৷ কিন্তু মাক বকুলীয়ে তেওঁলোকৰ প্ৰতি দেখুওৱা প্ৰচণ্ড খং আৰু বিৰক্তিয়ে সেই আহযাহ একেবাৰে নাইকিয়া কৰি পেলালে৷

লাহে লাহে বছৰ বাগৰিল৷ নাতি এটাৰ মুখ দেখিলেই মাকে সকলো পাহৰিব বোলা কথাষাৰও যেন পাহৰণিৰ গৰ্ভত সোমাল৷ প্ৰথমে মনে মনে আনৰ আগত বাঁজী বোৱাৰী বোলা বকুলীয়ে বোৱাৰীৰ ওপৰত কৰা অত্যাচাৰ বাঢ়ি আহিল৷ হকে বিহকে কিবা এষাৰ বোৱাৰীয়েকক শুনালেহে যেন বকুলীৰ পেতলৈ ভাত যায়৷ একমাত্ৰ সৰু কালটোৰ কথা মনত পেলাইয়ে পুতেক-বোৱাৰীয়েক দুয়ো নিমাতে থাকি সকলো সহ্য কৰে৷
লাহে লাহে মাহেকৰ সেই নিৰ্দিষ্ট দিনকেইটালৈ মানসীৰ ভয় লগা হৈ আহিল৷ এই দিনকেইটাত যে শাহুৱেকৰ গালি- শপনি বাঢ়ি আহে৷ কিন্তু এই সকলো পাহৰি তাই জীৱনটো পাৰ কৰিছিল একমাত্ৰ ৰমেনৰ অকৃত্ৰিম প্ৰেমত বান্ধ খাই৷ আনৰ দৰে সকলো ক্ষেত্ৰতে তাইক দোষ দিয়া ল’ৰা ৰমেন নাছিল৷ ৰমেনৰ মাজত বিচাৰি পোৱা আলফুল হৃদয়ৰ উমানেই তাইক তাৰ কাষ চপাইছিল৷ এতিয়াও মাকৰ হেজাৰ গালি-শপনিকো আওকাণ কৰি সুখেৰে থকাৰ যত্ন কৰিছে ৰমেনৰ মুখলৈ চায়৷ ৰমেনৰ প্ৰেমত বুৰ গৈ পোৱা তাইৰ সুখৰ আগত যেন আন সকলো তুচ্ছ৷ আবেলি কামৰ পৰা অহাৰ পাছতে সি তাইক অন্তৰৰ সকলো ভালপোৱাৰে আকোৱালি লয়, সুখ-দুখৰ কথা পাতে৷ এদিনলৈও সি এনে আচৰণ কৰা নাই যাৰদ্বাৰা তাই আহত হ’ব লগা হৈছে৷

তাহাঁতৰ বিয়াৰ চাওঁতে চাওঁতে দুটা বছৰ বাগৰিল৷ গাঁও খনত সিহঁতৰ সন্তান নোহোৱাৰ খবৰটোৱেও মুখৰোচক বাতৰিৰ ঠাই অধিকাৰ কৰিলে৷ শাহুৱেকটো আৰু এখোপ চৰা৷ পাৰিলে যেন পুতেকলৈ আন এজনী ছোৱালী আনিবই৷ লাহে লাহে সিহঁত দুটাৰো মন বিচলিত হ’ল৷ ঘৰত চিকিৎসাৰ কথা আলোচনা কৰিলে৷ কিন্তু ৰমেন নাছোৰবান্দা৷ চিকিৎসা অকল তাইক লৈ নহয়৷
অৱশেষত এদিন দুয়ো এজন চিকিৎসকৰ কাষ চাপিল আৰু চিকিৎসাৰ প্ৰাথমিক পৰীক্ষা-নিৰীক্ষাখিনিৰ বুজ ল’লে৷ কিন্তু এতিয়াহে যেন মানসীৰ ভয় লাগিল৷ চিকিৎসকৰ মাত্ৰ এটা কথাই তাইৰ জীৱন আন্ধাৰ কৰিবলৈ যথেষ্ট৷ শাহুৱেকো যেন এই ক্ষণটোৰ অপেক্ষাতে আছে৷ একমাত্ৰ ব্যতিক্ৰম ৰমেন৷ সি এতিয়াও বিয়াৰ প্ৰথম দিনৰ আকুলতাৰে মানসীক আৱৰি ৰাখিছে৷

অৱশেষত অগ্নিপৰীক্ষাৰ দিনটো৷ আজি স্কুল চুটিৰ পাছত সি ডাক্তৰজনক লগ কৰি বহু প্ৰতীক্ষিত খবৰটো আনিব৷ পুৱাৰে পৰা চিন্তাত তাইৰ খোৱা-শোৱা হোৱা নাই৷ তাতে শাহুৱেক বকুলীৰ কেতেৰা-জেঙেৰাই আজি যেন সকলো সীমা পাৰ কৰিছে৷ পৃথিৱীত আজিয়েই যেন তাইৰ শেষ দিন এনে অনুভৱে তাইক খুলি খুলি খাইছে৷ অলপমান খেলিমেলি ৰিপৰ্ট এটাই যে তাইৰ জীৱন ধ্বংস কৰিবলৈ যথেষ্ট হ’ব শাহুৱেকৰ বাবে৷ কিন্তু একমাত্ৰ ৰমেনৰ প্ৰেমত বিশ্বাস আছে বাবেই যেন তাই বাছি আছে৷ এই বিশ্বাসকে মুলধন কৰি আজি গোটেই দিনটো কোঠাত সোমাই উচুপি আছে৷ ৰমেনৰ হাতত এটা সন্তান তুলি দিব নোৱাৰাৰ দুখটো যেন তাইৰ বাদে কোনেও বুজিবলৈ চেষ্টা নকৰে৷

আৰু অৱশেষত সেই ক্ষণটো আহিল৷ আগ চোতালত ৰমেনৰ মাত শুনা গ’ল৷ নিজৰ বুকুৰ ধপধপনি যেন মানসীয়ে নিজেই শুনিবলৈ পাইছে৷ কিন্তু ৰমেনে তাইৰ মুখৰ আগত এইখন কি ডাঙি ধৰিছে৷ ইয়াতচোন তাইৰ নাম নাই, আছে ৰমেনৰ৷ তাইৰ চকুত অবাক চাৱনি দেখি তেওঁৱেই মোখনি মাৰিলে৷ দুয়োৰে মাজত এজনৰ পৰীক্ষাই যথেষ্ট সেয়েহে সিদিনাই ৰমেনে শুক্ৰাণুৰ পৰীক্ষাৰ ওপৰতহে জোৰ দি কোৱা কথাটো চিকিৎসকজনে মানি লৈছিল৷ আৰু আজি এই কাগজখিলাই প্ৰমাণ কৰিছে ৰমেন সন্তান জন্ম দিবলৈ অসমৰ্থ৷
“কিন্তু…”- বুলি তাই কিবা এটা কবলৈ লওঁতেই ৰমেনৰ বাধা– “আৰু কোনো কিন্তু নাই, দৰকাৰ নাই কাৰো পৰীক্ষাৰ৷”
আৱেগত শিঁহৰিত, প্ৰেমত ধন্য মানসীয়ে উচুপনি এৰি ডাঙৰ ডাঙৰকৈ কান্দিবলৈ ল’লে৷
ইতিমধ্যে বাহিৰত বকুলীৰ অশ্ৰাব্য গালি-শপনি আৰম্ভ হৈছিল৷ মুৰত হাত দি ঠাইতে বহি পৰা মানসীয়ে মাথোন শুনি ৰ’ল বাহিৰত আজি দুবছৰে মাকক কোনো কথাৰে প্ৰত্যুত্তৰ নিদিয়া ৰমেনৰ মুখৰ উত্তেজিত স্বৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক