প্ৰেম, সপোন আৰু আধৰুৱা আলাপ -(জ্যোতিমণি দেৱী)

প্ৰেম, সপোন আৰু আধৰুৱা আলাপ
-জ্যোতিমণি দেৱী৷

(১)
সপোন দেখে তাই৷
তাই দেখা সপোনে ঢুকি নাপায় কোনো অট্টালিকা নতুবা বিলাসী গাড়ী, বাস্তৱৰ চিনাকি জগতখন৷ প্ৰতিদিনে হেজাৰে হেজাৰে বিক্ৰী হোৱা বাতৰি কাকতৰ পৃষ্ঠাবোৰৰ উত্তেজক খবৰবোৰে তাইৰ মন-মগজুত কোনো বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে যিখিনি প্ৰতিক্ৰিয়া সৃষ্টি হয় বৰআঁহতজোপা ধুমুহাত উভালি পৰিলে৷ আত্মীয়তা অথবা বিশ্বাস অনুভৱ নকৰে এজন মানুহে দিব পৰা ছাঁৰ ওপৰত যিখিনি বিশ্বাস, আত্মীয়তা তাই নিবিড়ভাৱে অনুভৱ কৰে এডাল গছে দিয়া ছাঁত৷ কাকতৰ পৃষ্ঠা মেলে তাইৰ ভাল লগা কবিতা বিচাৰি, কোনো প্ৰিয় সাহিত্যিকৰ জীৱন বিচাৰি৷ বাস্তৱ জীৱনশৈলী আৰু চৌদিশৰ মানুহৰ ব্যস্ততা দেখিলে তাইৰ কিবা আঁচহুৱা লাগে৷ কিতাপৰ পাতে পাতে বিচাৰি চলাথ কৰে জীৱনৰ অৰ্থ৷ ’একে একে দুই’ মুখস্থ কৰাৰ বয়সত এক নিজস্ব জগতত বাস কৰা ছোৱালীজনীয়ে অজান আশংকাত ডুবি থাকে — যন্ত্ৰ, আধুনিকতা আৰু প্ৰাচুৰ্যৰ লালসাই তাইৰ মায়াময় পৃথিৱীৰ সেউজীয়া আৰু মুকলি আকাশখন (যাৰ তলত আছে তাইৰ ঢাৰী পাৰি পৰী দেশৰ সাধু শুনা চোতাল), সেইখন আকাশ মহতিয়াই লৈ যাব পাৰে নেকি৷
তথাপি সপোন দেখে তাই৷ মানুহৰ স’তে মিতিৰালি কৰে৷ কত সপোন আহে, ভাঙে; ভঙা সপোনৰ ভেটিত এটি নতুন সপোনে আকৌ ভূমুকি মাৰে৷ সপোনটোক লগত লৈ কিছুমান নামহীন, ভাষাহীন, আদৰুৱা অভিমানী আবেগে অগা-ডেৱা কৰে তাইৰ ভিতৰে- বাহিৰে অহৰ্ণিশে৷ তাই নাজানে কি হ’লে ভাল লাগিলেহেঁতেন সপোনটো তাইৰ৷ কিন্তুু প্ৰাণৰ সমান মমতাৰে আপোন কৰিবলৈ তাই ঢপলিয়াই ফুৰে প্ৰতিদিন, প্ৰতিপল সপোনটোৰ পিছে পিছে৷ মন যায় ওমলি চাবলৈ, বিচাৰি ফুৰে এডৰা সেউজীয়া ঘাঁহনি, এটি নিৰিবিলি আবেলি৷
’হেই’ -ভাঁহি আহে এক মৰমসনা কণ্ঠস্বৰ তাইৰ কাণলৈ৷
’হুঁ’
’ইমানদূৰ বাট এনেকৈ মনে-মনে—–! কি ভাবিছা? ’
’এনেকৈ ওচৰে ওচৰে যাওঁতে হাতখনত ধৰিব নোৱাৰি নেকি? ’ -ক’ব খুজিও ৰৈ যোৱা কথাষাৰ ডিঙিৰ পৰা বেঁসুৰা শব্দ হৈ ওলাই আহিল নেকি! পুণৰ তাইক সোধা হয়-
’কিবা কৈছা তুমি? ’
সচকিত হৈ তাই কয়-’নাই, নাই কোৱা ’৷
’ক’বলগীয়া অথচ ক’ব নোৱাৰা বহুতো কথাই মোৰ আছে’ –মনলৈ আহে তাইৰ প্ৰিয় কবিৰ কবিতা৷
’কোৱা আকৌ কিবা এটা ’৷
এক আকুল চাৱনিৰ মাজত তাইৰ ডিঙিৰ কোনোবাখিনিত আকৌ সোপা লাগি ধৰে৷ সেপ ঢুকি কোনোমতে তাই কয়-
’ কি ক’ম! ’
কিন্তুু তাইৰ জানো ক’বৰ মন যোৱা নাছিল -’ মাথোন এবাৰ তোমাক, এবাৰলৈ হ’লেও তোমাৰ বুকুখন, মোৰ এই মন যোৱা মুহূৰ্তত চুই চাব পৰা হ’লে! ’

(২)
স্কুল ছুটীৰ পিছত সদায় সেই একেটা বাটত একেটা সময়তে দেখা যায় তাই আৰু তাইৰ সহপাঠী প্ৰীতি বাৰ/তেৰ বছৰীয়া দুই কিশোৰীক৷ অভিন্ন মনৰ সিহঁত দুয়োৱে আহোঁতে সদায় সোঁহাত বাওঁহাত নিকপকপীয়াকৈ লগ লগাই মুঠি এটা মাৰি খোজকাঢ়ি আহে৷ আহি থকা বাটটোৰ পশ্চিম দিশত বিস্তীৰ্ণ পথাৰৰ ধানৰ গোচাবোৰ ভাদ আহিন মাহত ডাঠ সেউজীয়া ৰঙেৰে মোহনীয়া হৈ উঠে৷ আবেলিৰ ৰিব্-ৰিব্ কৈ বলা ধানৰ গোচাবোৰত এনে এটা ঢৌ খেলে, ঠিক গভীৰ স্থিৰ পানীলৈ শিল এটা মাৰি পঠিয়ালে হোৱা তৰংগ বা লহৰৰ দৰে৷ স্বভাৱতে অন্তৰ্মুখী কিশোৰী দুগৰাকীৰ তাই হঠাৎ গভীৰ আৱেগেৰে সহপাঠী প্ৰীতিৰ হাতখন আৰু জোৰে মুঠি মাৰি কয়–’ প্ৰীতি, চাচোন চা ধাননিডৰা৷ যেন সেউজীয়া দলিচাহে, শুই দিবৰ মন নাযায়নে তোৰ? শুই দিলে বতাহজাকে মোকো এনেকৈ ঢৌৱাই লৈ নাযাবনে বাৰু? “ এনেতে প্ৰীতিয়ে কয় -’ঐ, আগলৈ চাচোন৷ ’
মুখ ঘূৰাই আগলৈ চাই তাই দেখে ’সিহঁত’৷ সদায় দেখি অহা ল’ৰা-ছোৱালীহাল, সিহঁততকৈ কিছু ডাঙৰ৷ ল’ৰাটোৱে হাফ্-পেডেল মাৰি ছোৱালীজনীৰ খোজৰ লগত চাইকেলৰ গতি মিলাই কথা পাতি গৈ থাকে৷ সিহঁতক দেখিলে দুয়োজনীয়ে আজিকালি মুকলিকৈ ক’ব নোৱাৰা এক নিষিদ্ধ কৌতুহল অনুভৱ কৰে৷ আকস্মিকভাৱে তাই সোধে -’ভালপোৱা কি অ? ’ দুয়োজনীৰে বুজা-নুবুজাৰ সন্ধিক্ষণত ৰৈ আছে সিহঁতৰ সম্পৰ্কটি৷ তাই আকৌ সোধে -’ সদায় পাতিব লগাকৈ সিহঁতৰ ইমান কি কথা থাকে? সিহঁতৰ আমনি নেলাগেনে সদায়? ’
’জানো! ময়ো ভাবি নাপাওঁ৷ ’ -প্ৰীতিয়ে উত্তৰ দিয়ে৷
হাইস্কুলীয়া জীৱন শেষ হোৱাৰ পিছত সিহঁত দুয়োৰে সেই নিকপকপীয়া বান্ধোন আপোনা-আপুনি খোল খাই গ’ল৷ সিহঁতৰ আগ আগে কথা পাতি অহা ল’ৰা-ছোৱালীহালৰ বিয়া হোৱা গম পাই দুয়োৱে৷ বিয়াৰ এবছৰ পিছত ল’ৰাজনৰ কিবা অসুখত মৃত্যু হয়৷ তাৰপিছত ছোৱালীজনীয়ে তাইৰ হৃদয়ৰ সেই শেষ নোহোৱা কথাবোৰ কাৰ আগত ক’ব ল’লে, সিহঁত দুজনীৰ এজনীয়েও নাজানে৷
লাহ-লাহে তাই হেৰাই গ’ল আন এখন হাতৰ মুঠিত, শেষ নোহোৱা কথাৰ মাজত, য’ত দুই কিশোৰীৰ হাতৰ মুঠিতো অস্পষ্ট হৈ পৰিল৷ অবিবাহিত প্ৰীতিয়ে এদিন ফুটফুটীয়া ফ্ৰক পিন্ধা তাইৰ কণমানিটিক তাইৰ সৈতে বাটত লগ পাই কৈছিল –’ সুধিবিচোন মাইনা মাৰাক, দেউতাৰৰ লগত কি কথা পাতিলে৷ ’ প্ৰেম সম্পৰ্কীয় কৌতুহলদ্দীপক প্ৰশ্নবোৰ প্ৰীতিৰ মনত খুবেই সজীৱ৷ কিন্তুু প্ৰীতিয়ে নাজানে যে সিহঁতৰ হাতৰ নিকপকপীয়া মুঠিতোৰ দৰেই তাইৰ নতুন মুঠিতোও খোল খাই অস্পষ্ট কিবা এটি হৈ কৰবাত মিলি গৈছে৷

(৩)
’কৃষ্ণচুড়াজোপা ইমান জক্-মককৈ ফুলিছে৷ ব’লাচোন বহো অলপ গাত গা লগাই, বতাহত সৰি পৰক দুই এটি পাহি আমাৰ দুয়োৰে গাত৷ চোৱা, আকাশত মেঘ উঠিছে –মেঘৰ মাজত সেইখন কাৰ মুখ? সেইখিনি মে-ঘ —–অ অ ঠিক সেইখিনি মেঘ, তোমাৰ হাতখনে মোক ধৰিব যোৱা ভঙ্গীত ৰৈ যোৱা যেন লগা নাইনে? ইচ্! তোমাৰ হাত দুখন ইমান মস্ত হ’ব লাগিলেনে, মই তোমাক দেখিলেই ফাটি পলাম৷ আৰু চোৱা, সৌ সোণাৰুজোপা; হালধীয়া হাঁহিৰে আমাৰ ফালে চাই যেন দাঁত নিকটাই হাঁহিবহে লাগিছে৷ ’ লগে লগে দেখা পায় ওচৰৰ নৈখনৰ দাঁতিয়ে দাঁতিয়ে এজাৰ ফুলবোৰে হাঁহিছে; সেমেকা, নিস্তেজ হাঁহি৷ বেছিকৈ হাঁহিলে চকুত যে চকুপানী বিৰিঙে -তেনেকুৱা হাঁহি৷ কোনোবাই যেন গুণগুণাইছে –’অ’ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ—’৷ অজানিতে হাতখন ওপৰলৈ তুলি চুই চালে তাইৰ দুচকু, বেজাৰত সেমেকিছে নেকি? বাচৰ হেণ্ডিমেনজনে দুৱাৰমুখৰ পৰা চিঞৰিছে –’আপুনি আজি নেনামে নেকি? ’ টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে খক্-মককৈ নামি আহিল তাই বাচৰ পৰা –ৰাস্তাৰ দাঁতিৰ পচা জাবৰৰ দমত তাইৰ ভৰিখন কোনোমতেহে নোসোমাল৷
(৪)
’আজি আমি ক’ত বহিম? ’
’কিয় (? ) নৈৰ দাঁতিত, ফুলা সৰিয়হডৰাৰ কাষত৷ ’
’ওহোঁ আজি আমি তাত নবহোঁ৷ আজি বহিম কৃষ্ণচূড়াৰ তলত৷ সেই যে তুমি সিদিনা দেখুৱাই দিছিলা কৃষ্ণচূড়াজোপা, তাৰ তলত৷ ’
বতাহ বলিছে৷ কৃষ্ণচূড়াৰ পাত আৰু পাহিবোৰে নাচিব লাগিছে৷
’কোৱাচোন কিবা৷ এনেকৈ মনে মনে থাকিবা বুলি আগতীয়াকৈ জনা হ’লে মই নাহিলোঁহেতেন৷ ’
তাইৰ বাবে অভ্যস্ত হৈ পৰা আব্দাৰ৷
’ৰ’বাচোন! ’আব্দাৰৰ মাজতেই সৰি পৰে এপাহ কৃষ্ণচূড়া৷ উঠি গৈ বুটলি আনে তাই আৰু আগ্ৰহেৰে কয়–’চাচোন, মই কোনোদিনে মনেই কৰা নাছিলো –একেটা ফুলৰে এই চাৰিটা ৰঙা পাহিৰ মাজত এই পাহিটোচোন একেবাৰে বেলেগ! ’
’এৰা, হয়তো! ময়ো ইমানদিনে মনেই কৰা নাছিলো৷ বৈচিত্ৰ্য্যৰ মাজত ঐক্য বুজিছা, বৈচিত্ৰ্য্য নাথাকিলে জানো একঘেয়ামী জীৱন ভাল লাগিলেহেঁতেন? ’
’দাৰ্শনিকৰ দৰে কথা কৈছা তুমি! ’ – তাই হাঁহি হাঁহি কয়৷
কিৰিৰিং কিৰিৰিং —কাৰোবাৰ উকিত যেন থতমত্ খাই গ’ল তাই৷ চকু দুটা মেলি ইফালে সিফালে চাই দেখে তাই শুই থকা বিছনাৰ কাষৰ টেবুলত থকা ফোনটো বিৰামহীনভাৱে বাজি আছে৷ উঠি গৈ চাই দেখে -মনিটৰত তাইৰ আপোন চিনাকি নাম৷
’কোৱাচোন’–টোপনিৰ আবেশ ভাঙি সোধে তাই৷
’কি কৰিছা? শুই আছা নেকি? ’ ফোনৰ সিমূৰৰ পৰা ভাঁহি আহে তাইৰ চিনাকি কণ্ঠস্বৰ৷
’এৰা, শুইছিলো অলপ৷ ’ তাই উত্তৰ দিয়ে৷
’অলপ মানে? এই গধূলিলৈ? কথা এটা শুনিছা মানে খবৰ এটা? ’
’কি খবৰ? ’
’এহ্, তুমি শুই থাকিবহে জানা৷ দেশৰ খবৰ পোৱা জানো! ’
’বাৰু দেশৰ খবৰ ৰখাজনেই কোৱাচোন কি খবৰ৷ ’ মাতত তেতিয়াও টোপনিৰ আৱেশ৷
’আজি এঠাইত বোমা ফুটিছে ’৷
’হয় নেকি? পিছে ক’ত? ’–এক স্বাভাৱিক নিৰ্লিপ্ততাৰে সোধা প্ৰশ্ন৷
সেই যে আমি বাচত আহোঁতে দেখা নদীখনৰ কিছুদূৰৈত আওঁহতীয়া বাটটোৰ দাঁতিৰ প্ৰকাণ্ড গছজোপা, তাৰ তলতে বনৰ আঁৰত কোনোবাই লুকুৱাই থৈছিল, কিন্তুু নিব নাপাওঁতেই ফুটিল চাগে৷ কাৰো একো হোৱা নাই, ওচৰত মানুহো নাই যে! ’
’গছজোপা মানে সেই কৃষ্ণচূড়াজোপা? ’– টোপনিৰ আৱেশ এতিয়া তাইৰ নাই৷
’গছজোপা ভাঙিল কিজানি? ’ মাতটো কঁপা যেন লাগিল তাইৰ৷
’নাভাঙি থাকিব নেকি! ’–কথাষাৰত তাইৰ প্ৰশ্নটোৰ প্ৰতি বিৰক্তিৰ ভাৱ৷
টোত—টোত—টোত –কটা গ’ল লাইনটো৷ ৰোৱা ঠাইতে ৰৈ গ’ল তাই৷ চকুৰ আগত ভাঁহিল কৃষ্ণচূড়াৰ ৰঙা-গুলপীয়া পাহিবোৰ, ক্ৰমে নামি অহা এন্ধাৰ বৰণ লৈ, এথোপা এথোপা এলান্ধু হৈ, জৰ্-জৰকৈ পৰিছে তলত, ঢাকি ধৰিছে সিহঁত দুয়োৰে দেহ৷

(৫)
বাৰান্দাৰ পকী খট্-খটীত সন্ধিয়া অকলশৰে বহি আছে তাই৷ মনলৈ আহিছে দুৱৰাৰ কবিতাফাঁকি —
’ অকলে আপোন মনে বহি নিৰলাত
ৰচোঁ মই জীৱনৰ গান,
সংগীহীন বিহঙ্গৰ আকুল সুৰত
আকাশত ভাঁহি উঠে তান৷ ’
—দুচকু উঠি গৈছে ক্ৰমে আকাশলৈ৷ নীড়মুখী চৰাইৰ কলৰোল শেষ হৈছে আকাশত, দূৰ-দিগন্তত মাৰ গৈছে ৰঙা বেলি৷ সন্ধিয়াৰ আকাশ, তাইৰ প্ৰিয় আকাশ৷ মেঘ উঠিব লাগিছে, তাইৰ চকুযুৰিয়ে পিত্-পিতাই বিচাৰি ফুৰিছে আকাশৰ তৰাবোৰ, তৰাবোৰৰ মাজত তাইৰ প্ৰিয় তৰা–সন্ধ্যাতৰা৷ নাই, এটাও তৰা নাই, মেঘে ঢাকিছে গোটেই আকাশ৷ ইমান বিষাদগ্ৰস্ত, মলিন এই আকাশ! মৌনতাৰে কথা পতা তাইৰ সংগী সন্ধ্যাতৰা নাই৷ ’সংগীহীনতা মোৰেই সংগী’ হয় জানো তাইৰ বাবে! কিবা এটা মনত পৰাৰ দৰে বহি থকা ঠাইৰ চাৰিওফালে চকু ফুৰালে -’ তাইৰ ছাঁটো ক’ত? তাইৰ সৈতে থকা ছাঁটোও হেৰাল? ’ এন্ধাৰ নামিছে, ঘোপমৰা, ক’লা ক’লা৷ তাইৰ এন্ধাৰ ক’লা ছাঁটোৱে নিশাৰ এন্ধাৰৰ স’তে মিতিৰালি কৰিছে৷ উঠি আহিছে তাই পঢ়া টেবুললৈ৷ ভাবিছে -আধাপঢ়া কিতাপৰ পৃষ্ঠাটো, আধাপঢ়া কাকতখন —কোনখন আগতে মেলে৷ মনটোচোন তাইৰ —ওহোঁ নহয় বুকুখন —উশাহ ল’ব নোৱাৰাকৈ গধূৰ হৈ পৰিছে বুকুখন, মূৰটো বিষাব লাগিছে৷ মুখ আৰু বুকু ঢকাকৈ তাই টানি লৈছে মূৰ শিতানৰ গাৰু৷ তুলাবোৰ সেমেকিছে –টোপনি নাহে তাইৰ৷ বিষাদ -গধূৰ এটি উজাগৰী ৰাতিয়ে প্ৰতিদিনৰ সপোনবোৰ এফালৰ পৰা গচকি যাব লাগিছে৷ লাহে-লাহে উঠি আহিছে তাই বাহিৰলৈ৷ পুনৰ আকাশৰ ফালে চকু মেলিছে –সন্ধিয়াৰ মেঘবোৰ নাই, আন তৰাবোৰো নাই, কেৱল আছে তাইৰ প্ৰিয় তৰা -সন্ধ্যাতৰাটো এতিয়া পুঁৱতিতৰাৰ ৰূপত –যেন তাইৰ বাবেই ৰখি আছে বিদায় বেলাত জনোৱা শেঁতা হাঁহিটোৰে৷ তাই পাৰ্থক্য বিচাৰি পোৱা নাই –দূৰৰ তৰাটো আৰু তাই দেখি অহা সপোনটোৰ মাজত৷ এটি দিনৰ আৰম্ভণি কৰি অদূৰত কুকুৰাই ডাকিছে— ’ক ক কক্ কক্ ’৷ এন্ধাৰত ঢাপে-ঢাপে গঢ় লোৱা তাইৰ বিষাদৰ অদৃশ্য দেৱালখন খহিব লাগিছে৷ তাইও সাজু হৈছে এখন নতুন মুখাৰে এটি নতুন দিনে গঢ়ি দিয়া দেৱালৰ মাজত নিজকে লুকুৱাই থ’বলৈ, থিয় কৰাবলৈ সেইখন অৰ্থহীন দেৱালৰ মাজত তাইক –তাই আৰু তাইৰ সপোনটোৱে ঢুকি নোপোৱা দূৰত্বত৷

(৬)
উদুলি-মুদুলি বিয়াঘৰত ব্যস্ত হৈ পৰিছে তাই৷ ব্যস্ত হৈ পৰিছে এটি আচহুৱা শব্দৰ সৈতে চামিল হ’বলৈ তাইৰ ভিতৰৰ মানুহজনী৷ ইমানবোৰ মানুহৰ মাজত কোনোবা অকলশৰীয়া হৈ থাকিব পাৰে বুলি কোনোবাই ভাবিব পাৰেনে? এই ভিৰৰ মাজত অকলশৰীয়া মানুহ কোন আছে? কিমান আছে? হ’ব পাৰেনে সকলোৱে তেনে একোজন? নে পেণ্ডেলৰ কাৰিকৰে এচুকৰ ভগা খেৰী ঢেঁকীশালখন কৌশলেৰে ঢাকি বিয়াঘৰখন জাক্ জমকীয়া কৰি তোলাৰ দৰেই ঢাকি লয় নিজক? জনাৰ পৰা বুজালৈ এই মানুহজনীয়ে যেন অনুভৱ কৰে ’ বিয়া’ এক ৰহস্যময় শব্দ, কৌতুকপূৰ্ণ শব্দ, আচহুৱা শব্দ –যিয়ে আগবঢ়ায় দুটি শৰীৰে দেখা স্বপ্নৰ সামাজিক স্বীকৃতি আৰু ’তোমাক নাপালে মই মৰি যাম ’ জাতীয় কিছুমান আবেগৰ পৰিসমাপ্তি৷ নাই নাই, তাই তেনে হোৱাটো বিচৰা নাই, বিচৰা নাছিল, নিবিচাৰে কাহানিও কাৰোবাৰ সৈতে এনে হওক৷ তথাপি —! তাইৰ ভিতৰৰ মানুহজনী নিসংগভাৱে ছটফটাইছে, অস্থিৰভাৱে সময়বোৰৰ সৈতে কটাব লাগিছে৷ হয় তাই বৰ নিসংগ, অস্থিৰ, অকলশৰীয়া এই ভিৰৰ মাজত৷
মাজনিশা পুৰোহিতে মন্ত্ৰোচ্ছাৰণ কৰিছে৷ জ্বলি থকা মাটিৰ চাকিৰ অস্থিৰতাৰ সৈতে বিৰ্-বিৰকৈ ভাঁহি অহা শব্দৰ টুকুৰাবোৰৰ মাজত ৰভাতলত বহি থকা দৰাজনৰ চাৰিওফালে কইনাজনীক ঘূৰাইছে কইনা ধৰা তিৰোতা দুজনীয়ে৷ প্ৰতিবাৰ ঘূৰণৰ অন্তত সেৱা জনাই জেতুকা বোলোৱা দুখন হাতে এধাৰিকৈ মালা পিন্ধাই দিছে দৰাজনৰ শিৰত৷ সাতডাল ফুলৰ মালা –এৱা সূতাৰে গথাঁ৷ এটি অকলশৰীয়া বিন্দুত অৱস্থান কৰা মানুহজনীয়ে প্ৰত্যক্ষ কৰিছে– দিনতে তুলি থোৱা প্ৰতিডাল মালাৰ ফুলবোৰ ইতিমধ্যে জঁয় পৰি গৈছে৷ থুনুকা এৱাসূতাৰ মালা আৰু জঁয় পৰা ফুলবোৰে মানুহজনীক বিষাদগ্ৰস্ত কৰি তুলিছে; দুচকুৱেদি বৈ আহিছে তপত চকুপানীৰ ধাৰ৷ কিমান সুদৃঢ় কৰিব পাৰি বাৰু এটি সম্পৰ্ক এৱাসূতাৰ মালাৰে? লাহ-লাহে উঠি আহিছে মানুহজনী ৰভাতলৰ পৰা সন্তৰ্পণে৷ ৰেকৰ্ড প্লেয়াৰত বাজি থকা বিয়ানামৰ কলি ’ আখৈ তোলা আখৈ তোলা মৰমৰে ভাই —–’ ক্ৰমে ক্ষীণ হৈ পৰিছে মানুহজনীৰ কাণত৷ নিজৰ বুকুখন তাই মোহাৰি চাইছে, দুৰ্বল লাগিছেনে বিষাইছে ধৰিব নোৱাৰে একোকে৷ দুৰ্বল খোজেৰে আহি আন্ধাৰতে খেপিয়াইছে তাইৰ বিছনাখন৷ আন্ধাৰ কোঠাৰ দেৱালত ওলমি দুলি থকা দেৱাল ঘড়ীটোৱে নিশা দুই বজাৰ সংকেত দিছে –টং টং৷ ঘূণ পোক এটাই এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ঘৰটোৰ কোনোবাখিনিত কুৰু-ৰুক্ কুৰু-ৰুক্ শব্দৰে কাঠ কুটিব লাগিছে৷ অকলশৰীয়া কোঠাটোৰ নিৰ্দিষ্ট বিছনাখনত এটি ক্ষীণ উচুপনিৰে তাইৰ দেহটোও কঁপি উঠিব ধৰিছে —এটি দোলকৰ গতিত৷

******

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments