প্ৰেম

প্ৰেম:

“প্ৰেম বিশেষ” সংখ্যা হিচাপে আলোচনীখনৰ সম্পাদকীয় লিখিবলৈ বহি কিছু কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈছোঁ৷ প্ৰেম কি? প্ৰেমৰ সংজ্ঞা কি? ক’ৰপৰা আৰম্ভ কৰোঁ?

প্ৰেমৰ পৰিধি বহু বহল৷ কোনো সংজ্ঞাৰে প্ৰেমক এক বৰ্তনীৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰি৷ বিশ্বৰ অন্যতম আশ্চৰ্য্য ‘তাজমহল’ মোগল সম্ৰাট চাহজাহানৰ পত্নী মমতাজৰ প্ৰতি প্ৰেমৰ অপূৰ্ব নিদৰ্শন৷ দেশবাসীৰ মনত দঁকৈ শিপাই যোৱা বা প্ৰচণ্ডভাৱে জাগ্ৰত হোৱা দেশপ্ৰেমৰ ফলশ্ৰুতিতেই আমাৰ দেশে ১৯৪৭ চনত স্বাধীনতাৰ মুখ দেখিছিল৷ আশীৰ দশকত ভাষা আৰু জাতিপ্ৰেমেৰে উদ্বুদ্ধ হৈ অসমীয়া ৰাইজ আন্দোলনত জপিয়াই পৰাতো ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি ৰ’ব৷

কেইটামান উদাহৰণেৰে প্ৰেমৰ পৰ্য্যালোচনা কৰোঁ আহক৷

আপুনি এজন স্কুলীয়া ছাত্ৰ৷ আপোনাৰ সৰু ভাইটিয়ে নতুনকৈ চাইকেল চলাবলৈ শিকিছে৷ এই, এই, এই, পৰিল সি চাইকেলৰপৰা৷ ইচ! তাৰ আঠুৰ মাখিচাল চিঙি সামান্য তেজ বিৰিঙিছে৷ সি বিশেষ একো অনুভৱেই কৰা নাই, পৰাৰপৰা উঠি সি পুনৰ চাইকেলখন ঠেলি ঠেলি আঁতৰি গৈছে৷ কিন্তু তাৰ আঘাতখিনি দেখি আপোনাৰহে বেছি দুখ লাগিছে৷ সেয়াই প্ৰেম৷

যোৱা এমাহ ধৰি আপুনি আপোনাৰ ভনীজনীৰ বিয়াৰ যোগাৰত ব্যস্ত আছিল৷ এজন ভাল ল’ৰা জোঁৱাই হিচাপে পাই আপুনি অত্যন্ত সুখী৷ বিয়াৰ কামত লাগি লাগি, জোৰোণ, বিয়া মিলাই এই দুদিন অতিথি সৎকাৰ কৰি আপোনাৰ বেলেগ কথা ভাবিবলৈ যেন অলপো আহৰিয়েই নাছিল৷ এইমাত্ৰ আপোনাৰ ভনীজনীক আপুনি আন এঘৰলৈ বিদায় দি একপ্ৰকাৰ ইমান দিনৰ ব্যস্ততাৰপৰা খন্তেকৰ বাবে হ’লেও আহৰি হ’ল৷ আপুনি সকাহ পোৱা যেন অনুভৱ কৰিব লাগিছিল, কিন্তু নাই, বৰঞ্চ আপোনাৰ বুকুখন খন্তেকৰ বাবে বিষাই উঠিছে৷ আপোনাৰ একমাত্ৰ ভনীজনী তাৰমানে এতিয়াৰপৰা বেলেগ এঘৰৰ বোৱাৰী হ’ল? সুকলমে বিয়াখন পাৰ যোৱাৰ সুখৰ বিপৰীতে ভণ্টীজনীৰ লগত ইমান বছৰৰ বিশেষকৈ শৈশৱ কৈশোৰৰ স্মৃতিয়ে বুকুখন দেখোন গধুৰ কৰি তুলিছে৷ সেয়াই প্ৰেম৷

আপোনাৰ পিতৃ পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ প্ৰায় ছমাহ শয্যাশায়ী হৈ আছিল৷ দুসপ্তাহমানৰপৰা তেখেতে আপোনালোকৰ অৱলম্বন লৈ এখোজ দুখোজকৈ পুনৰাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে৷ কালি ৰাতি তেখেতে আপোনাক ক’লে,— “মাজনী অ’, কাইলৈ অফিচৰপৰা আহোতে মোলৈ লাখুটি এডাল কিনি আনিবিচোন৷ মই খোজ কাঢ়িব পাৰিম দে৷” আজি আপুনি ভালৰো ভাল বিচাৰি লাখুটি এডাল কিনি আনিছে৷ প্ৰথমবাৰ পৰি যাব খুজিলেও খুপি খুপি তেখেতে খোজবোৰ আগবঢ়াইছে৷ তেখেতৰ ওঁঠ আৰু দুচকুত জিলিকিছে পৰম সন্তুষ্টিৰ আভাস৷ আপোনাৰ জীৱনৰ লাখুটিস্বৰূপ আপোনাৰ পিতৃক আজি সঁচা অৰ্থতেই এডাল সঁচা লাখুটিৰ প্ৰয়োজন হৈছে৷ আপোনাৰ দুখ লাগিছে৷ সমানে ভালো লাগিছে, হওক তেও, অত মাহৰ মূৰত দেউতাই নিজাববীয়াকৈ কিবা এটা কাম কৰিব পাৰিছে৷ আপোনাৰ হৃদয় উঠলি উঠিছে৷ আপোনাৰ দুচকুৰ দুকোণত দুটোপাল অশ্ৰু জিলিকিছে৷ সেয়াই প্ৰেম৷

আপুনি তেতিয়া দ্বিতীয়মানৰ ছাত্ৰী৷ হোমৱৰ্ক কৰি ননাৰ বাবে কলিতা ছাৰে আন দুজনমানৰ লগতে আপোনাৰ লগৰ সুনয়নাক কাণত ধৰাই ৰাখিছে৷ আপোনাৰ প্ৰচণ্ড খং উঠিছে৷ ভিতৰি ভিতৰি আপুনি জ্বলি পুৰি মৰিছে৷ একো কৰিব নোৱাৰিলেও আপুনি মনে মনে ‘আঙুলি ফুটাই’ কলিতা ছাৰক পাৰেমানে শাওঁপাত দিছে৷ কাৰণ সুনয়না যে আপোনাৰ ‘বেষ্ট ফ্ৰেইণ্ড’৷ সেয়াই প্ৰেম৷

ফুলদানিটো ভাঙিল৷ ওপৰে ওপৰে চাবলৈ গ’লে একো ক’ব বা ভাবিবলগীয়া কথাই নহয়৷ ফুলদানিটোৰ দামো বিশেষ বেছি নাছিল৷ কিন্তু অতবছৰে ড্ৰয়িং ৰুমৰ নিৰ্দিষ্ট এটা জেগা দখল কৰি থকা ফুলদানিটোৱে ক’ব নোৱাৰাকৈ যেন আপোনাৰ হৃদয়ৰ কোনোবা অংশ এটা কব্জা কৰি পেলাইছিল৷ অসাৱধানবশতঃ হাত লাগি মজিয়াত এতিয়া ফুলদানিটোৰ টুকুৰাবোৰ সিচৰিত হৈ পৰি ৰৈছে৷ জড় পদাৰ্থ সেইটো৷ নাই কোনো চিঞৰ, নাই কোনো কান্দোন৷ নাই কোনো বেদনাৰ আৰ্তনাদ৷ কিন্তু তৎস্বত্বেও ফুলদানিটোৰ টুকুৰাবোৰে আপোনাৰ হৃদয়ত হাহাকাৰ লগাইছে৷ যেন এক আত্মীয়ৰ বিয়োগ ঘটিল এইমাত্ৰ৷ সেয়াই প্ৰেম৷

পৰীক্ষাৰ বাবে বেছি দিন নাই৷ কলেজৰ ক্লাছো শেষ হ’ল৷ সহপাঠী প্ৰদীপৰ লগত একেলগে পঢ়িবলৈ আপুনি তাৰ ঘৰ ওলালগৈ৷ দুপৰীয়া প্ৰায় একমান বজাত প্ৰদীপহঁতৰ চুবুৰীয়া পাঁচ বছৰীয়া ৰিয়া মাজনীয়ে কান্দি কান্দি প্ৰদীপৰ ওচৰ ওলালহি— “দীপ দাদা, জানানে, লিয়াৰ কিবা এটা হৈছে! তাই একোৱেই নাখায়৷ মাহঁতো নাই৷ তুমি তাইক এবাৰ খাবলৈ কোৱানা৷” প্ৰদীপে আপোনাক ক’লে— “ব’ল, লিয়াক খাবলৈ কৈ থৈ আহোঁ৷ কথা হ’লনে? কিয় নাখাব তাই? নাখালে দুৰ্বল হৈ যাবতো, নহয়নে ৰিয়া মাজনী?”—“ওঁ!”— প্ৰদীপৰ লগতে আপুনিও ৰিয়াহঁতৰ ঘৰ পালেগৈ৷ “লিয়া হয়তোবা ৰিয়াৰ ভনীয়েক!”— আপুনি ভাবিছিল৷ কিন্তু নহয়, লিয়া ৰিয়াহঁতৰ ঘৰৰ কুকুৰ পোৱালীজনীক ৰিয়াই দিয়া নাম৷ একোৱেই অসুবিধা হোৱা নাছিল৷ খাই বৈ পেট পূৰ হৈ থকা লিয়াই ৰিয়াৰ কথালৈ কাণসাৰ নকৰি ফস্তি মাৰি শুইছিল৷ তাতেই ৰিয়াৰ অভিমান জাগিছিল৷ সেয়াই হয়তোবা প্ৰেম৷

তিনিদিনৰপৰা আপুনি অফিচিয়েল কামৰ বাবে ঘৰৰপৰা বাহিৰত আছিল৷ ঘৰলৈ বুলি ৰাওনা হৈয়েই আপোনাৰ ঘৰত এৰি থৈ অহা ডেৰবছৰীয়া জীয়ৰীজনীলৈ বৰকৈ মনত পৰিছে৷ তাইৰ লগত অলপমান উমলিবলৈ মন গৈছে৷ তাইলৈ আপুনি দুটা চকলেট কিনিলে৷ চাৰপ্ৰাইজ দিম বুলি আপুনি ঘৰলৈ ফোনো নকৰিলে৷ কিন্তু ঘৰ গৈ দেখে যে দুৱাৰত তলা মৰা৷ আপোনাৰ মনটো এপলকৰ বাবে মৰহি গ’ল৷ আপুনি তলা খুলি ভিতৰলৈ সোমাল৷ ড্ৰয়িং ৰুমৰ চোফাৰ ওপৰত জীয়ৰীৰ জোতা এযোৰ পৰি আছে৷ সেইযোৰ দেখিয়েই আপোনাৰ মনটো ভাল লাগি গ’ল৷ হৃদয় আপ্লুত গ’ল৷ দুখ ভাগৰ ক’ৰবালৈ উৰা মাৰিলে৷ সেয়াই প্ৰেম৷

কোনোবা এটা আবেলি আপুনি ফুৰিবলৈ ঘৰৰ ওচৰৰে পাৰ্কখনলৈ বুলি ওলাই যাওতে কণমানি এজনীক লগ পালে৷ মাকৰ লগত পাৰ্কখনত আপোনাৰ সন্মুখৰ চকী এখনত বহি তাই কমলা টেঙা খাই খাই বিভিন্ন অংগী ভংগী কৰি ফুটা নুফুটা মাতেৰে কিবা কিবি কথা কৈ আছে৷ কণমানিজনীক আপুনি চিনি নাপায়৷ কিন্তু তৎস্বত্বেও আপোনাৰ তাইক এবাৰ কোলাত ল’বলৈ মন গৈছে৷ সেয়াই প্ৰেম৷

ওপৰৰ উদাহৰণবোৰে প্ৰেমৰ বিভিন্ন দিশ চিহ্নিত কৰিছে৷ কিন্তু সৰ্বসাধাৰণৰ ভাষাত, বা সাধাৰণভাৱে প্ৰেমৰ কথা ক’লে আমি মূলতঃ প্ৰেমিক যুগলৰ প্ৰেমৰ কথাই বুজোঁ৷ ইতিহাসৰ পাত খুচৰিলেই আমি বহু প্ৰেম কাহিনী দেখিবলৈ পাওঁ৷ পৌৰাণিক আখ্যানত থকা জনক নন্দিনী সীতা আৰু ৰামচন্দ্ৰৰ প্ৰেম, শিৱ-পাৰ্ৱতীৰ প্ৰেম, লক্ষ্মী-নাৰায়নৰ প্ৰেম ইত্যাদিৰ কথাৰ লগতে বেউলা-লক্ষীন্দাৰ, শকুন্তলা-দুষ্যন্তৰ কাহিনী উৎকৃষ্ট প্ৰেমৰ নিদৰ্শন৷

তাৰোপৰি ৰোমিঅ’-জুলিয়েট, লাইলা-মজনু, ক্লিঅ’পেট্ৰা আৰু মাৰ্ক এণ্টনী, পেৰিছ আৰু হেলেন, নেপোলিয়ন আৰু জোছেফিন ইত্যাদি প্ৰেমিক যুগলৰ কাহিনী ইটোতকৈ সিটোহে চৰা৷

আমাৰ অসমৰে শিল্পী নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰ আমাৰ সমাজত উপলব্ধ নিভাঁজ প্ৰেমৰ জীৱন্ত উদাহৰণ৷ এনে ধৰণৰ বহু প্ৰেম কাহিনীৰ লগতে প্ৰেমৰ সংজ্ঞা আৰু বৈজ্ঞানিক তথ্যৰ বিষয়ে এই সংখ্যাৰ প্ৰৱন্ধখিনিত লেখকসকলে বিস্তৃত ৰূপত আলোকপাত কৰিবলৈ যত্ন কৰিছে৷ গতিকেই একেখিনি কথাকেই পুনৰ দোহৰাৰ পৰিবৰ্তে মই এটা বেলেগ বিষয়েহে চমুকৈ আলোচনা কৰিবলৈ বিচাৰিম৷

“বিপ্লৱক কথাখিনি বুজালোঁ, সিও সৈমান হোৱা যেন দেখুৱাই সন্মতিসূচকভাৱে মূৰ দুপিয়াই হাঁহিবলৈ যত্ন কৰিলে, কিন্তু তাৰ মুখখন দেখি বুকুখন কিবা যেন মোচৰ খাই গ’ল৷ ভিতৰি ভিতৰি ল’ৰাটো যে একেবাৰেই ভাঙি পৰিছে৷ প্ৰথম প্ৰেম ইমান সহজতে পাহৰিব পাৰি জানো?”

প্ৰেম তেনেকুৱাই৷ সফল হ’লে সৰগৰ সুখ, বিফল হ’লে অপৰিসীম মানসিক যন্ত্ৰণা৷ এৰা, হয়তোবা সম্পূৰ্ণতাৰ অনুভৱ, নহয়তো অন্তঃসাৰশূণ্যতা৷

প্ৰেমপক্ষীয়ে সফলতাৰ গীত গাই ধুনীয়া পৃথিৱীখনৰ ফুলনিত বিচৰণ কৰাৰ কথাটো সৰ্বজনবিদিত৷ প্ৰেমত সফলতাৰ সমানে সমানেই বিফলতাইয়ো একে স্থানেই অধিকাৰ কৰি আছে৷ প্ৰেমৰ কথা ওলালেই বাৰেপতি দোঢ়ৰা কথা এষাৰ হ’ল, “প্ৰকৃত প্ৰেমিক বা প্ৰেমিকাই প্ৰেম কেতিয়াও পাহৰিব নোৱাৰে৷” এশ শতাংশই সত্য৷ অমান্য নকৰোঁ৷  কিন্তু তাৰ লগে লগেই আন এষাৰ কথাও কোৱা হয়, “প্ৰেমত প্ৰাপ্তিতকৈ ত্যাগৰ মহত্ব অধিক৷” গতিকে আপুনি যদি প্ৰথম কথাষাৰ অন্তঃকৰণেৰে বিশ্বাস কৰে, তেন্তে দ্বিতীয় কথাষাৰৰ ওপৰতো বিশ্বাস ৰাখিবলৈ শিকক৷ প্ৰেমত বিফল হৈ সৰ্বস্ব ধংস কৰাৰ পৰিবৰ্তে প্ৰেমত আগুৱাই যাবলৈ শিকক৷

ইমান উগ্ৰভাৱে কথাখিনি ক’লেও মোৰ বুকুৰ ভিতৰতো আপোনাৰ বা আন প্ৰেমিকসকলৰ দৰেই শিলৰ পৰিবৰ্তে এটি তেজ মঙহৰ কলিজাই ধপধপাই আছে৷ কিন্তু পৰিস্থিতিয়ে মোক বাধ্য কৰিছে তেনে কথা ক’বলৈ৷ যেনেদৰে প্ৰেমত সফল হোৱা প্ৰমিক যুগলৰ সুখী আপ্যায়ন হাঁহিমুখে লাভ কৰিছোঁ, ঠিক একেদৰেই প্ৰেমত ব্যৰ্থ প্ৰেমিক বা প্ৰেমিকাৰ সকৰুণ চাৱনিৰো সাক্ষী হৈ ৰৈছোঁ৷ প্ৰেমত বিফল হৈ জীৱনৰ চুড়ান্ত সিদ্ধান্ত ল’ব বিচৰা বা লোৱা কাহিনীৰো মুখামুখি হৈছোঁ৷ ভাল নালাগে৷ প্ৰেমে আমাক আগুৱাই যাবলৈ শিকায়৷ ভুল কৰি জীৱন নিঃশেষ কৰিব বিচৰাসকলে নিজৰ লগতে পৰিয়ালৰ সকলোকে ব্যথিত কৰা কাৰ্য্যই বেজাৰ দিয়ে৷

প্ৰেম আৰু আকৰ্ষণৰ মাজত থকা পাৰ্থক্যখিনি আমি বহুতেই অনুধাৱন কৰিবলৈ বাৰুকৈয়ে ব্যৰ্থ হওঁ৷

“মানসীক মোৰ ভাল লাগিছে৷”— মানসীক আপোনাৰ ভাল লাগিব পাৰে, তাত একো সমস্যা নাই, কিন্তু আপোনাৰ ভাল লাগিল বুলিয়েই মানসীৰো আপোনাক ভাল লাগিব লাগিব লাগিব বুলি কোনো কথা নাই৷ সকলোৰে পচন্দ অপচন্দ সুকীয়া সুকীয়া৷

“মই মানসীৰ প্ৰেমত পৰিছোঁ৷”— খুব ভাল কথা৷ কিন্তু প্ৰেমে পূৰ্ণতা তেতিয়াহে পাব, যেতিয়া মানসীও আপোনাৰ প্ৰেমত পৰিব৷ মনত ৰাখিব, প্ৰেমত জোৰ জবৰদস্তিৰ স্থান নাই৷

“আজি মানসীয়ে মোৰ প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিলে৷”—আৰু ভাল কথা৷ দুয়োজনৰ সান্নিধ্য দুয়োজনে অন্তৰেৰে উপভোগ কৰক৷ কিন্তু এনে কৰোতে স্থান, কাল, পাত্ৰৰ কথা মনত ৰাখিব৷ কামদেৱৰ শৰত আপোনালোকহে আক্ৰান্ত, বাকীসকলৰ বাবে নিত্ত নৈমিত্তিক দিনবোৰেই চলি আছে৷ আপোনাৰ মতে সৰু কথা হ’লেও সামাজিকভাৱে অশোভনীয় কাম কাজবোৰ সদায় অশোভনীয়ই হৈ থাকিব৷ বিয়াৰ আগতেই পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ সকলো দিশৰ কামবোৰ কৰি শেষ কৰিবলৈ বিচাৰি পিছত হাবাথুৰি খাবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি কৰি নল’ব৷ ইন্দ্ৰিয়ৰ আতিশয্যত নতশিৰ হৈ য’তে ত’তে যেই সেই কাম নকৰিব৷ ভাল অৰ্থত কওঁতে যদি বুজা নাই, তেন্তে ভয় খুৱাবলৈও চিন্তা নকৰোঁ, মনত ৰাখিব, আজিকালি সকলোৰে হাতে হাতে ম’বাইল কেমেৰা৷

“আজি মানসীয়ে মোৰ প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰিলে৷”— একো কথা নাই৷ মানসীৰ বেলেগ কাৰোবাক ভাল লাগিব পাৰে, বা আপুনি মানসীৰ বিবেচনাৰ তুলাচনীত অনুপযুক্ত৷ প্ৰেমত পিছুৱাই নাযাব, আগুৱাই যাওক৷ মানসীয়ে অনুপযুক্ত বুলি ভাবিলেই আপুনি সঁচাকৈয়ে অনুপযুক্ত হৈ নাযায়৷ কথাতে কয় নহয়, ওপৰৱালাই ক’ৰবাত নহয় ক’ৰবাত অমুকাৰ কাৰণে অমুকী এজনী ঠিক কৰি ৰাখিছে৷ আপোনাৰ অমুকীজনী মানসী বোধহয় নাছিলেই৷ গতিকে মানসীৰ প্ৰত্যাখ্যানত ‘চেণ্টি ফালি’ জীৱনটো বৰবাদ কৰাৰ সলনি বেলেগ এগৰাকীৰ সন্ধান কৰক৷ সন্ধান কৰিবলৈ অপাৰগ? তেন্তে নিজৰ কামত মনপুটি লাগক৷ অভিজ্ঞতাৰপৰা কৈছোঁ, বিশ্বাস ৰাখক৷ সময়ে সকলো ঠিক কৰি পেলাব৷ তাকে নকৰি “মানসী মোৰ নহ’ল যেতিয়া বেলেগ কাৰো হ’ব নোৱাৰে!” বুলি ভাবি আপুনি যদি মানসীৰ অপকাৰ কৰিবলৈ যত্ন কৰে, তেন্তে আপুনি এজন বৰ্বৰ৷ আপুনি চৰম শাস্তি পোৱাৰ যোগ্য৷

“ইমান বছৰৰ সম্পৰ্কৰ পিছত মানসীৰ লগত মোৰ বিচ্ছেদ হ’ল৷”— হ’ব পাৰে৷ আপোনাৰ মন বেয়া লগাটো একেবাৰেই স্বাভাৱিক৷ বিবাহ বিচ্ছেদৰ সংখ্যাই ইমান বাঢ়িছে, প্ৰেমৰ সম্পৰ্ক এটা ভাঙি যোৱাটো একো ডাঙৰ কথা নহয়৷ কাৰোবাক সম্পূৰ্ণৰূপে বুজি পাবলৈ গোটেই জীৱনোও যথেষ্ট নহয়৷

“ইমান বছৰৰ সম্পৰ্কৰ পিছত মানসীয়ে মোক ঠগিলে৷”— সঁচাকৈয়ে ঠগিছেনে? বিশ্লেষণ কৰি লওক, প্ৰকৃততে ঠগিছে কোনে? আপুনি, নে মানসীয়ে? আৰু যদি সঁচাই ঠগিছে, তেন্তে ভাবকচোন, বিয়াৰ পিছত তেনে কৰাহেঁতেন কেনে লাগিল হেঁতেন?

“আজি মানসীৰ লগত বিয়াৰ এবছৰ হ’ল৷”— ভাল পালোঁ৷ এজনে আনজনক বুজিবলৈ এতিয়াও বহু বাকী, কিন্তু যত্ন কৰিলে সুখী হ’ব পাৰিব৷

“আজি আমাৰ প্ৰথম সন্তানটো জন্ম পালে৷”— ভাল খবৰ৷ শুভেচ্ছা জনালোঁ৷

“আজি আমাৰ বিবাহৰ ত্ৰিশ বছৰ হ’ল৷”— একপ্ৰকাৰে আপোনালোক দুজনে এজনে আনজনক বহু ভালকৈয়ে বুজি পায়৷ আনপ্ৰকাৰে এজনে আনজনক কিনো বুজি পায়, সেয়া আপোনালোকেও নাজানে৷ কিন্তু মুখ্য কথা, আপোনালোকে এৰা ধৰা কৰি সমিল মিলেৰে চলিবলৈ শিকিলে৷

“আজি মানসীয়ে মোক অকলশৰীয়া কৰি এৰি গুছি গ’ল৷ তুমি তোমাৰ প্ৰতিশ্ৰুতি নাৰাখিলা মানসী৷ মোতকৈ আগতে তুমি কেনেকৈ যাব পাৰা? এই বয়সত তোমাৰ অবিহনে মই কেনেকৈ চলিম?”— একো নকওঁ৷ জনমে জনমে আপোনালোক এজন আনজনৰ সংগী হওঁক৷

প্ৰেমৰ কিবা নিৰ্দিষ্ট বয়স আছেনে? কোন বয়সত হোৱা প্ৰেম প্ৰকৃত প্ৰেম? তেনে কোনো কথা নাই৷ কিন্তু মূল কথা এয়ে যে সকলো কাৰ্য্যই এটা নিৰ্দিষ্ট সময়ত হ’লেহে পূৰ্ণতা পায়৷ পঢ়া শুনা বাদ দি কুমলীয়া বয়সতে ঘৰৰপৰা পলাই গৈ বিয়াত বহি নিৰ্জন ঠাই এটুকুৰাত খৰি লুৰি নিজ হাতেৰে কুঠাৰ মাৰি খৰি কাটি, জুপুৰী সাজি বসবাস কৰাৰ ৰোমাঞ্চ চিনেমাতহে ভাল লাগে৷ বাস্তৱ বহু নিষ্ঠুৰ৷ তাৰোপৰি বহু চিনেমাত পৰকীয়া প্ৰেমকো মহান কৰি দেখুওৱা হয়৷ পৰ্কৃতাৰ্থত বাস্তৱত আমি কিমানজনে বাস্তৱ অৰ্থত তেনে প্ৰেমক স্বীকৃতি দিব পাৰিছোঁ? অৱশ্যে এই কথাও নুই কৰিব নোৱাৰি যে ‘প্ৰকৃত’ প্ৰেমৰ সন্মুখীন কেতিয়া হোৱা যায়, সেই সম্পৰ্কে কোনেও নাজানে, গতিকে এই বিষয়ত আৰু মতামত আগবঢ়োৱাৰপৰা নিজকে বিৰত ৰাখিম৷

প্ৰেমত যৌনতাৰ স্থান সদায় আছে, থাকিব৷ কিন্তু প্ৰেম মানেই যৌনতা নহয়৷

“প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভাল পোৱা কিয় জানো মৰহি যায়!” সমৰ হাজৰিকাদেৱে গীতেৰে সজাইছে৷ আপোনালোকৰ বহুতৰ দৰেই মোৰো এই গীতটি বহু প্ৰিয়৷ এটা বয়সত বৰকৈ শুনিছিলোঁ৷ কিন্তু বৰ্তমানৰ বস্তুবাদী পৃথিৱীত বেছি আবেগিক হ’লে নিজৰ বাবেই বিপদ৷ পদে পদে আহুকাল৷ দ্ৰুত চাৰিওপাশৰ লগত আমি তাল মিলাই চলিব পাৰিব লাগিব৷ প্ৰথম মৰমে সঁহাৰি নাপাব পাৰে, তাতে কি হ’ল, দ্বিতীয়, তৃতীয় বা চতুৰ্থ মৰম যিয়েই নহওক, আপোনালোক যদি এজন আনজনৰ প্ৰতি অনুভূতিশীল হয়, তেন্তে পৃথিৱীৰ কোনো অশুভ শক্তিয়ে আপোনালোকক বেলেগ কৰিব নোৱাৰে৷

“প্ৰেমত ফুলিছে শতদল,

প্ৰেমত ঘূৰিছে ভূমণ্ডল৷”

ক’বলগীয়া আৰু বহু কথাই আছিল, কিন্তু সময়ৰ অভাৱত নোকোৱাকৈয়ে ৰৈ গ’ল৷ প্ৰেমৰ নামত এখন সৰুসুৰা মহাভাৰতেই লিখি শেষ কৰিব পাৰি৷ গতিকেই আৰু নিলিখোঁ৷

প্ৰেমৰ মাহাত্ম্য অপৰিসীম— আগেয়েও আছিল, এতিয়াও আছে, আগলৈও থাকিব৷ প্ৰেমেই জীৱন সৰ্বাঙ্গসুন্দৰ কৰি ৰাখিছে৷ প্ৰেমেই আমাক আগুৱাই যাবলৈ উৎসাহ প্ৰদান কৰি আহিছে৷ বিফলতাবোৰ পাহৰি জীৱনটো উপভোগ কৰিবলৈ শিকোঁ আহক৷ প্ৰেমেই আমাক জীয়াই ৰাখিছে, জীয়াই ৰাখিব৷

সকলোৰে জীৱনবোৰ প্ৰেমময় হওঁক৷ তাৰেই কামনাৰে,

ডাঃ কুমাৰ পাৰ্থ প্ৰতিম,

সম্পাদক,

সাহিত্য ডট অৰ্গ,

মাৰ্চ, ২০১৭ সংখ্যা৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

প্ৰেমৰ বিষয়ত বৰ সুন্দৰ বৰ্ণনা, পুৱাই পঢ়িলো ভাল লাগিল

Bidyut Dutta
4 years ago

সাহিত্য ডট অৰ্গৰ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়।