প্ৰেৰণাদায়ক কথাবোৰ – আশাদীপা শইকীয়া

১) আমি থকা বিল্ডিংটোত গাখীৰ দিবলৈ আগতে বিহাৰী সম্প্ৰদায়ৰ বয়সীয়াল মানুহ এজন আহিছিল৷ আজিকালি তেওঁৰ ল’ৰাটো আহে৷ দেউতাকৰ ঠাইত লৰাজনে গাখীৰ দিবলৈ আহোঁতে প্ৰথম কেইদিনমান দেউতাকৰ চাইকেলখনতে গাখীৰৰ পাত্ৰটো লৈ আহিছিল৷ কিন্তু, কিছুদিনৰ পৰা দেখা পোৱা হলো, লৰাজনে স্কুটাৰ এখনত গাখীৰৰ পাত্ৰটো লৈ আহে আৰু ঘৰে ঘৰে গাখীৰ দিয়ে৷ দেখাত একো ডাঙৰ কথা নহয়, কিন্তু মই প্ৰেৰণা পোৱা কথাটো হ’ল, ২০/২১ বছৰীয়া ল’ৰাজন কমাৰ্চ কলেজৰ ছাত্ৰ৷ তেওঁ সোনকালে কলেজৰ ইউনিফৰ্ম পিন্ধি ওলাই আহি ঘৰে ঘৰে গাখীৰ দিয়ে৷ মুখত আমাৰ ল’ৰা-ছোৱালীৰ দৰে লজ্জাৰ বিপৰীতে সন্তুষ্টিৰ আভাহে দেখো সদায়৷ লৰাটোক দেখি ময়ো সদায় কাম কৰিবলৈ প্ৰেৰণা পাওঁ ৷

২) এজন ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত DSP (Deputy Superintendent of Police)৷ এখন সাপ্তাহিক কাকতৰ বিজ্ঞাপন সচিব তথা প্ৰচাৰ প্ৰমুখ৷ তেওঁ আমাৰ ঘৰলৈ মাজে মাজে আহে৷ স্বামী, ল’ৰা আৰু মোক কিয় জানো ভাল পায়৷ কেৱল খবৰ লৈ গুচি যায়, জোৰ কৰিও চাহ একাপ খুৱাব নোৱাৰো (বহুদিনৰ মূৰত কেতিয়াবা খায়)৷ কাকতখন মই নলও, কিন্তু তেওঁ মোক দি যায়হি৷ কেতিয়াবা বাহিৰতে থৈও গুচি যায়৷ আচলতে তেওঁৰ সময় নহয়৷ কাৰণ, নিজৰ গাড়ী থকা স্বত্বেও এই বয়সত চিটিবাছত গৈ তেওঁ কাকত দিয়ে বছৰেকীয়া গ্ৰাহকৰ ঘৰত, বিভিন্ন কাৰণত কেতিয়াবা ৰাতি ৯ মান বজাতো খোজকাঢ়ি ফুটপাথেৰে গৈ থকা দেখো৷ মাতিবলৈ সংকোচ হয়, ৰাতিও এটোপোলা কাগজ লৈ খোজকাঢ়ি গৈ থকা মানুহজনৰ মনোবল আৰু কৰ্মস্পৃহাৰ ওচৰত নিজকে খুব হেয় অনুভৱ কৰো৷ মই জানো, তেওঁৰ টকাৰ অসুবিধা নাই, কিন্তু মনৰ তাগিদাত সকলো কৰি থাকে৷ কেতিয়াবা হতাশ হলেই তেওঁৰ কথা মনলৈ আহে মোৰ৷

কৰ্মসংস্কৃতি গঢ় লৈ নুঠিলে অসমীয়া জাতি জীয়াই নাথাকে৷ সদায় শুনি থকা কথা——“ ইমান পঢ়িলো, চাকৰি নাই“ ধৰণৰ কথাবোৰ বাদ দি সকলোৱে কামত ধৰক৷ জাতি, ভাষা, সংস্কৃতি বিজতৰিয়া হ’ল বুলি চিঞৰি থকাতকৈ নিজৰ পৰাই আৰম্ভ কৰক ৰক্ষাৰ যুঁজ৷ নিজৰ সন্তানক সৰুৰে পৰাই শিকাওক আত্মনিৰ্ভৰশীল হোৱাৰ কিটিপ৷ মানুহ বুঢ়া হয় মনেৰে, বয়সৰে নহয়৷ এনেকুৱা কথাবোৰ আপোনাৰ চাৰিওফালেও আছে৷ চকু মেলি চাওক, আৰু প্ৰেৰণা লওক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক