প্ৰয়াস…আধুনিক হোৱাৰ(-দীপাঙ্ক বৰা)

::প্ৰয়াস…আধুনিক হোৱাৰ:::
–দীপাঙ্ক বৰা

অ’ত ত’ত দুই এটা গল্প প্ৰকাশ পোৱাত লিখিব পাৰো বুলি অলপ আত্ম বিশ্বাস বাঢ়িছিল । কিন্তু সিদিনা অহৌবলিয়া শিল্পী অনুপ দাৰ লগত ছাদৰ ওপৰত বহি আকাশৰ তৰা গণি গণি এটা ৰঙীন সন্ধিয়াৰ সোৱাদ লৈ থাকোতেহে মোৰ বিষয়ে মানুহৰ আচল মনোভাৱ গম পালো । কি হে নো পাইছিল জানো খুজি কিল খাবলৈ ! মোৰ শেহতীয়া গল্পটো কেনেকুৱা হৈছে সুধিবলৈহে পালো নাজানো কিহৰ কাৰণে …লগে লগে মুখখন বিকটাই পেলালে নামুহটোৱে । জিভাত লগা সদ্যশোহিত বিলাতী পানীয়ৰ অকটা সোৱাদৰ বাবে নে মোৰ দ্বাৰা সৃষ্ট শব্দবোৰৰ কথা মনত পৰি অনুপদাৰ মুখত বিৰক্তিৰ চৰম বহিৰ্প্ৰকাশ ঘটিল বুজি নাপালো । আহত মনৰে নিশ্চুপ হৈ মইও এক দীঘলীয়া শোহা মাৰিলো ।
কাজু দুটামান মুখলৈ দলিয়াই মোকেই ক’লে নে স্বগতোক্তি কৰিলে জানো মাতাল হৈ পৰিবলৈ ধৰা সন্ধিয়াটোৰ সংগীজনে । আন্ধাৰত ভাহিঁ আহিল …বেয়া নেলেখে আপুনি । কিন্তু সেই একেবোৰ কথা… একেই ষ্টাইল । পঢ়িলে এনেলাগে যেন আপুনি কাৰোবাৰ সোৱঁৰণীত পতা কোনো গল্প প্ৰতিযোগীতাত ভাগ ল’বলৈহে লিখিছে । শব্দবোৰত যেন পৌৰাণিকতাৰ প্ৰলেপ সানি দিয়ে আপুনি । সস্তীয়া জীয়া মানুহৰ গোন্ধ পোৱা যায় আপোনাৰ লেখাবোৰত । অলপ আধুনিক হওক আপুনি… । মানুহ নহয় মানুহৰ মনক লৈ এক্সপিৰিমেণ্ট কৰক …।
মোৰ সৃষ্টিৰ প্ৰতি থকা অৱজ্ঞাৰ সুৰ শুনি ক্ষন্তেক আগলৈকে বিমৰিষ হৈ থকা মনতো আকাশত ওপঙি থকা তৰাজাকৰ নিচিনাকৈ তিৰবিৰাই উঠিল মানুহে বলিয়া বুলি কোৱা শিল্পীজনৰ কথাত কিবা এটাৰ আভাষ পাই । শূন্য পাত্ৰকেইটা পুনৰ পৰিপূৰ্ণ কৰি কুতুৰিবলৈ ধৰিলো তেওঁক । জিভা দোৰোল নাখালে এই মানুহটোৰ মুখৰ পৰা কথা নোলায় ।
ভালৰি বুলাবলৈকে শুধিলো …আজি কালি ছবি নাআঁকে নেকি আপুনি ? আকৌ সেই একেই বিৰক্তি… একেদাল ৰঙৰে কিমান ছবি আকিম…য’তেই যাওঁ ত’তেই খালী ৰঙা ৰঙ.. তেজৰ । মই বিপ্লৱী নহয় বা কোনোবা চৰকাৰী মুক্ত বা গুপ্ত ঘাতকো নহয় আৰু জেহাদীও নহয় যে মই কেৱল ৰঙা ৰঙেৰেই ছবি আকি যাম ।
আধুনিক আপুনিও হ’ব পৰা নাই তাৰমানে । কথাৰ পাকত পেলাবলৈ চেষ্টা কৰিলো মানুহটোক । অহৌবলিয়া শিল্পীজন গোগোঁৱাই উঠিল ..কোনে কৈছে ? মোৰ ঘৰলৈ গৈছে কেতিয়াবা আপুনি ? কেতিয়াবা যাব আৰু চাব…ৰঙৰ খেতি কৰিছো মই । সেউজীয়া ৰঙৰ । তেজৰ ফাকু খেলি খেলি আমনি লগা কেইটামান ডেকা ল’ৰাই মোক সহায় কৰে পথাৰ নামৰ ইজেলখনত সেউজীয়া বা সোণালী ৰঙৰ ছবি আকিবলৈ । আপুনিও আধুনিক হওক, মনটোক একঘেয়ামীৰ বন্দিত্বৰ পৰা মুকলি কৰক ।
কিন্তু কেনেকৈ কওকচোন । আথেবেথে শুধিলো ।
কৈছোৱেই দেখোন..এক্সপিৰিমেণ্ট কৰক । চাইবাৰ যুগ । মানুহে এতিয়া পতি-পত্নীৰ কাজিয়াৰ কথা পঢ়ি ৰস নাপায় । আদি ৰস ঢালক । মানৱীয় প্ৰমূল্যবোধৰ কথা এৰক । আজিকালি সকলোৱেই সকলোকে চিনিক বুলি ভাবে । আপুনি সেই ব’ৰিঙ দয়া, উদাৰতা, মমতাৰ, দায়িত্ববোধ ইত্যাদিৰ কথা লিখি পুৰণিকলীয়া মানুহবোৰক ঠগিবলৈ এৰি আধুনিক মানুহৰ মনবোৰক তৃপ্তি দিবলৈ শিকক । তেতিয়াহে ওপৰলৈ উধাব পাৰিব । সমালোচকৰ চকুত পৰিব । মেডিয়াৰ লাইম লাইটত আহিব । কেতিয়াবা লাইভ টিভি শ্বোত ওলাবলৈ সুযোগ পাব । প্ৰতিষ্ঠা লাভ কৰিব । নহ’লে এতিয়াৰ দৰে পষেকীয়া বা মাহেকীয়া আলোচনীৰ দুই এটা পৃষ্ঠাতেই সীমাবদ্ধ হৈ থাকিব ওৰে জীবন । হতাশা আৰু বাৰ্ধ্যকত ভূগি শেষ সময়ত এদিন যেতিয়া ঘৰৰ মানুহে চৰকাৰী হস্পিটেলৰ পৰা নি দামী নাৰ্ছিং সুমুৱাব তেতিয়া ইণ্টেনচিভ কেয়াৰ ইউনিটৰ ভেণ্টিলেটৰৰ ৰেট শুনি আপোনাৰ পৰিবাৰৰ মুৰ ঘুৰাব । মৰিলে কোনোবা স্থানীয় কাকতৰ শেষৰ ফালে সৰুকৈ নিউজটো ওলাব । গতিকে আগৰে পৰাই সাৱধান হওক..আধুনিক হওক ।drink
তৃতীয়বাৰৰ বাবে পিয়লাটো পৰিপূৰ্ণ কৰি সুধিলো….তেন্তে কি লিখো কওকচোন ।
ধেৎ তেৰি বুলি উস্মাৰে কওঁতে চকেই খাই উঠিছিলো বিৰক্ত হৈ মোকেই উদ্দেশ্যি কৈছে বুলি । বিৰাট কাঢ়া হৈছে বুলি কওঁতেহে সকাহ পালো ।
আদিৰসৰ কথা কৈছিল যে ? সেইবোৰ দেখোন প্ৰকাশেই নকৰিব !
কোনে কৈছে আপোনাক চিধা চিধিকৈ লিখিবলৈ ? আজিকালিৰ যুগটোৱেই হৈছে চাইবাৰ যুগ । ফেণ্টাসিৰ যুগ । এক্সপিৰিমেণ্টৰ যুগ । আপুনিতো মানুহৰ ফিলিংচ লৈ লেখে । মান্ধাতা যুগৰ প্ৰেম, ভালপোৱাক লৈ লেখাতকৈ চেক্সুৱেল অৱচেছনৰ ওপৰত লেখক । ফেণ্টাসিজিমৰ ওপৰত লেখক । সমকামীতাৰ ওপৰত , লেচবিয়ানিজিমৰ ওপৰত লেখক । মডাৰ্ণ থিম…অলপ বিতৰ্কৰ সন্মুখীন হ’ব পাৰে । কিন্তু ৰাতাৰাতি জনপ্ৰিয় হৈ যাব । জীবন যৌবনৰ আধুনিক ধাৰণাৰ বিষয়ে নাজানে যদি ইণ্টাৰনেট খোচৰক । চকুৰ লগতে মন আৰু মগজুও ঢেল খাই যাব … সভ্য জগতৰ সভ্য মানুহবিলাকৰ মাজত কি চলি আছে গম পালে । আগতে বিবাহিত পুৰুষ বা নাৰীয়ে আনৰ প্ৰতি আকৰ্ষিত হ’লে চৰিত্ৰহীন আখ্যা পাইছিল । আপুনি জানেনে আজিকালি পতি পত্নী দুয়োপক্ষৰে সন্মতিত এনেকুৱা বহু অমীতা(!) জাতীয় কাণ্ড কাৰখানাত লিপ্ত হয় ! পিছে আপুনি ক’ৰ পৰানো ক’ত জানিব.. চুক ভেকুলীটো হৈ ঘৰতে সোমাই থাকিলে । আৰু আপোনাতকৈ বহু উচ্চ খাপৰ নামী দামী লেখকে সেইবোৰৰ কথা লিখি উঠি কয় …ই এক নতুন এক্সপিৰিমেণ্ট ! সদা পৰিৱৰ্ত্তনশীল সমাজ ব্যৱস্থাত আধুনিক মানুহৰ মনৰ পৰিৱৰ্ত্তিত ৰূপ । য’ত ব্যভিচাৰ, অজাচাৰ, অনাচাৰ সকলো হেনো গ্ৰহণীয় ।
জিভা পাক খাইছিল । বন্ধ হোৱা নাছিল অহৌবলিয়া শিল্পীৰ মুখ । পৰিৱৰ্তন, অৱচেছন, এক্সপিৰিমেণ্টেল ৰোমাণ্টিচিজিম ..মাই ফুট.. চব চাল্লা বিক্ৰীৰ বিজ্ঞাপন । নিজকে অলপ ওখ খাপৰ বুলি প্ৰতিষ্ঠা কৰাৰ বুদ্ধি লিটাৰেৰী ওৱৰ্লডত । চাওঁ ঢালক…আৰু অলপ…। পনীয়া নকৰিব আপোনাৰ লেখাবোৰৰ নিচিনাকৈ । ইঃ বপুৰা লেখক ওলাইছে । কি আজে বাজে কথাবোৰ লিখে …চুলাই মদৰ নিচিনা আপোনাৰ লেখাবোৰ । নাম নকওঁ লেখকৰ ..দিম আপোনাক পঢ়িবলৈ .. …দামী স্কটচৰ নিচিনা সোৱাদ পাব পঢ়িলে । আমাৰ নিচিনা খাবলৈ নোপোৱা মানুহৰ কথা লিখা বাদ দিয়ক । দামী মানুহৰ কথা লিখক । খালী থকা পৃষ্ঠা কেইটা পূৰাবলৈ কেতিয়াবা কোনোবা আলোচনীত আপোনাৰ দুই এটা গল্প প্ৰকাশ পাওঁতেই আপুনি নিজকে লেখক বুলি ভাবি ল’লে…হেঃ হেঃ ।
চাবুকেৰে কোবালেও কিজানি ইমান বেয়া নালাগিল হয় । কাৰ ওপৰত খঙ জাৰিবলৈ গৈ মোক কথাবোৰ শুনাই আছে গম নাপালো ।
আধুনিক হওক বুজিছে আধুনিক হওক । গল্প লিখিছে নে কবিতা লিখিছে সেইটো ডাঙৰ কথা নহয় । যিয়েই লিখক তাত এনেকুৱা বিদেশী শব্দ কিছুমান ঠেলি হেঁচি সুমুৱাই দিয়ক যিবোৰৰ কোনো অসমীয়া প্ৰতিশব্দ নাই । চবেই বুজি পোৱা অসমীয়া শব্দ যিমান পাৰি কম ব্যৱহাৰ কৰক । তেতিয়াহে চকুত পৰিব সমালোচকৰ । আমাৰ নিচিনা যদু মধুহঁতৰ দুখৰ মালিতা গাই লাভ নাই বুজিছে । বানপানী, খহনীয়াত আপুনি মই নমৰি কি ৰজা মহাৰজা মৰিব নে’কি ? পাচলি বজাৰত বোমা ফুটিলে যদু মধু নমৰি কি মন্ত্ৰী বিধায়ক মৰিব লাগে নে’কি ? বিপ্লৱী নে’কি আপুনি ? ডাঙৰ মানুহে দুৰ্নীতি নকৰি আপোনাৰ মোৰ নিচিনা খাবলৈ নোপোৱাক দুৰ্নীতি কৰিবলৈ সুযোগ দিব নে’কি ? ভগৱানে সংসাৰ খন সৃষ্টি কৰিছেই শোষক আৰু শোষিতৰ কাৰণে । সৰু সৰু মানুহে ধৰ্মৰ নামত কাজিয়া নকৰি ডাঙৰ মানুহক কৰিবলৈ দিব নে’কি ! এইবিলাক সাধাৰণ মানুহৰ জীৱনৰ লগত জড়িত চিৰন্তন সত্য । এনেকুৱা কথাবোৰ লিখিলে বা পঢ়িলে আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহবোৰে উস-আস কৰাৰ বাহিৰে একোডাল নহয় । ক’তো একো খলকনি নোতোলে । এনেকুৱা কথাবোৰ লিখি লিখিয়েই আপোনালোকে এচামক উত্তেজিত কৰি আছে আন্দোলন, বিপ্লৱ আদি কৰিবলৈ ।
আৰু এই যে আপুনি শেহতীয়াকৈ লিখিলে পথ অৱৰোধ কৰাৰ ফলত ৰাজ পথতে প্ৰসূতিয়ে মৃত সন্তান প্ৰসৱ কৰি নিজেও মৃত্যুক আকোৱালি লোৱাৰ কাহিনী । কৰুণ কাহিনী । কান্দিবলৈ ভাল এনেকুৱা লেখা পঢ়ি । কিন্তু কাৰ কি লাভ হ’ব ! চৰকাৰে কি সেই পথ অৱৰোধ কৰা নিৰীহ মানুহবোৰক পুলিচ মিলিটেৰী লগাই গুলিয়াই মাৰিব লাগিছিল নে’কি ? মাৰিলেও পাছত আপোনালোকেই লিখিব …নিৰীহ অহিংস প্ৰতিবাদী জনতাৰ ওপৰত শাসক গোষ্ঠীৰ নিৰ্মম অত্যাচাৰ ! অৱশ্যে আপোনাক দোষ দি লাভ নাই । সৰুৰে পৰা সাধাৰণ মানুহৰ লগত থকা আপোনাৰ মগজুত এনেকুৱা সস্তীয়া আবেগ উদ্ৰেককাৰী কাহিনীয়েই সৃষ্টি হ’ব । অসাধাৰণ সৃষ্টি কৰিবলৈ হ’লে মানুহটোও অসাধাৰণ হ’ব লাগিব দিয়কচোন ! ভেকুলীয়েনো সাগৰৰ কি বৰ্ণনা কৰিব ।
কথাবোৰ সৰু সৰুকৈয়ে কৈছিল । কিন্তু কৰ্ণ কুহৰ বিদীৰ্ণ কৰি পেলাইছিল ধাৰাল শব্দ বোৰে । সন্ধিয়াটো কেতিয়া মাজনিশাত পৰিণত হৈছিল গমেই নাপালো । ধলং পলং খোজেৰে তেওঁ গ’লগৈ মোক নিজৰ লগত এৰি থৈ । ভালেই পালো মই । কাৰণ তেতিয়া মই নিশাৰ এন্ধাৰ খিনিৰ মাজত অভিধানত নথকা নতুন শব্দ কিছুমান বিচাৰিছিলো । আধুনিক হোৱাৰ প্ৰয়াসেৰে ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments