প্ৰৱেশমূল্যৰ ন্যায্যতা নিশ্চিত হওক (প্ৰতিম প্ৰতাপ বৰুৱা)

(ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শকৰ উদ্ভণ্ডালিৰ এটা বাতৰিৰ আঁত ধৰি)

সৰুতে দেখা বা নিজে ভাগ লোৱা কিছুমান দৃশ্য বা ঘটনা জীৱনলৈ মনত ৰৈ যায়। তেনে এটা দৃশ্যৰ সাক্ষী আছিলোঁ অসমৰ এঠাইৰ এটা চিনেমা গৃহত। ৮০ৰ দশকৰ আৰম্ভণিৰ ঘটনা আছিল বোধহয়। সেই সময়ত “শ্বৰগম্” নামৰ হিন্দী চিনেমাখন খুব জনপ্ৰিয় হৈছিল। সেই চিনেমাখনত “ডাফ্লীৱালা, ডাফ্লী বাজা” শীৰ্ষক এটা অতি জনপ্ৰিয় গীত আছিল। এই গীতটো আজিও জনপ্ৰিয়। চিনেমাখনত এই গীতটো যেতিয়া বাজি উঠে তেতিয়া গোটেই দৰ্শকসকলে গীতটোৰ লগে লগে হাত-চাপৰি বজায় আৰু বহুতে গীতটো লগে লগে গায়ো যায়। এই গীতটোৰ বাবেই বহুতে চিনেমাখন কেইবাবাৰো চাইছিল বুলি কৈছিল। গীতটো শেষ হোৱাৰ লগে লগে দৰ্শকসকলে পুনৰ চিনেমাখনত মনোনিবেশ কৰে। ইমানখিনিলৈকে সকলো ঠিকেই আছে বুলি ধৰিব পাৰি। কিন্তু এই গীতটো চলি থকা সময়ত গীতটো শুনি আৰু দেখি বেলকনিত বহি থকা কিছুমান অত্যুৎসাহী দৰ্শকে তললৈ খুচুৰা পইচা দলিয়ায়। চিনেমাখন চলি থকা অৱস্থাতে আন্ধাৰে-মুন্ধাৰে সেই পইচাবোৰ বুটলিবলৈ মানুহৰ মাজত হেঁচা-ঠেলা লাগে।
এই হেঁচা-ঠেলাখিনি বেলকনিত বহি থকা সেই অত্যুৎসাহী দৰ্শকসকলে উপভোগ কৰে যেন লাগে। কাৰণ এঠাইত হেঁচা-ঠেলা বেছি হলে তেওঁলোকে আন এঠাইলৈ খুচুৰা পইচা দলিয়াই দিয়ে। কিছু অত্যুৎসাহী দৰ্শকৰ এই কামটোৰ কাৰনেই হেঁচা-ঠেলা কৰা বহুত দৰ্শক ঘাইল হয়, কাজিয়া-পেচাল লাগে আৰু লগতে আন দৰ্শকসকলৰ চিনেমাখন উপভোগ কৰাত অসুবিধা হয়। চিনেমা গৃহৰ কৰ্তৃপক্ষ কিন্তু এই বিষয়ত নিৰ্বিকাৰ হৈ থাকে। এইযে চিনেমা গৃহৰ কৰ্তৃপক্ষ নিৰ্বিকাৰ হৈ থাকে তাৰ কাৰণ এইটো নহয় যে এনেকৈ পইচা দলিওৱাটো আৰু পইচা গোটাবলৈ দৰ্শকৰ মাজত হেঁচা-ঠেলা হোৱাটো তেওঁলোকে সমৰ্থন কৰে। তেওঁলোক এই কাৰণেই নিৰ্বিকাৰ হৈ থাকে কাৰণ এই পইচা দলিওৱা কামটোৰ বাবেই চিনেমা চাবলৈ অহা মানুহৰ সংখ্যা বেছি হয়।

এটা প্ৰেক্ষাগৃহত চিনেমা বা নাটক এখন চলি থকা অৱস্থাত তাত দেখুওৱা বিভিন্ন দৃশ্যসমূহৰ নাটকীয় আবেদনৰ ওপৰত ভিত্তি কৰি উপস্থিত দৰ্শকসকলে নিজৰ প্ৰতিক্ৰিয়া দেখুৱাবই। এটা ভাল দৃশ্যই দৰ্শকক মুগ্ধ কৰি ৰাখিব, এটা কৰুণ দৃশ্যই দৰ্শকৰ চকুপানী উলিয়াব, এটা সস্তীয়া দৃশ্যই দৰ্শকৰ পৰা সস্তীয়া প্ৰতিক্ৰিয়া পাব। এইটো সহজ, স্বাভাৱিক কথা। কিন্তু এইখিনিতে চিনেমা আৰু নাটকৰ মাজত এটা পাৰ্থক্য আছে। চিনেমা এখন যিহেতু আগতেই শ্বুটিং কৰি, ৰেকৰ্ড কৰিহে দেখুওৱা হয়, সেয়ে এখন চিনেমা চলি থাকোঁতে প্ৰেক্ষাগৃহত দৰ্শকে যিধৰণৰ প্ৰতিক্ৰিয়াই নেদেখুৱাওক লাগিলে, সেই চিনেমাখনৰ অভিনেতা-অভিনেত্ৰীসকলৰ তৎকালে হোৱাকৈ একো লাভ-লোকচান নহয়। আনহাতে নাটক এখন যিহেতু দৰ্শকৰ আগত জীৱন্ত ভাৱে অভিনীত হয়, সেয়ে দৰ্শকৰ প্ৰতিক্ৰিয়াই অভিনেতা-অভিনেত্ৰীসকলৰ ওপৰত সাংঘাতিক প্ৰভাৱ পেলায়। নাটকৰ পেছাদাৰী অভিনেতা-অভিনেত্ৰীসকল দৰ্শকৰ এই ধৰণৰ প্ৰতিক্ৰিয়াৰ লগত সাধাৰণতে অভ্যস্ত হৈ যায়। আনহাতে চিনেমা আৰু নাটক দুয়ো ক্ষেত্ৰতে দৰ্শকৰ প্ৰতিক্ৰিয়াই আন সহ-দৰ্শকৰ ওপৰত প্ৰভাৱ পেলায়।

 

এতিয়া আমি চিনেমাক বাদ দি নাটকৰ দৰ্শকৰ কথা আলোচনা কৰিম।

নাটক এখন চলি থকা অৱস্থাত দৰ্শকৰ কোনবিলাক প্ৰতিক্ৰিয়াক সমৰ্থন জনাব পাৰি? এটা ৰসাল দৃশ্যত দৰ্শকে হাঁহিছে, হাঁহিৰ মাজতে কোনোবাই হয়তো এটা উকিও মাৰিছে, এটা কৰুণ দৃশ্য চাই কোনোবাই উচুপি উচুপি কান্দিছে, এটা সুন্দৰ সংলাপ শুনি কোনোবা দৰ্শকৰ মুখেদি আপোনা-আপুনি এটা সমৰ্থন সূচক শব্দ ওলাই আহিছে, এটা সুন্দৰ গীতৰ লগে লগে দৰ্শকে হাত-চাপৰি বজাইছে, এটা সস্তীয়া যেন লগা দৃশ্যত কোনোবা দৰ্শকে বিৰক্তি সূচক শব্দ দুটামান উচ্চাৰণ কৰিছে, প্ৰতিক্ৰিয়া দেখুওৱা সেই বিশেষ দৃশ্যটো শেষ হোৱাৰ লগে লগে পুনৰ দৰ্শকসকলে নাটকখনত মনোনিৱেশ কৰিছে এইবোৰ প্ৰতিক্ৰিয়া নিশ্চয় সমৰ্থন কৰিব পাৰি। কিন্তু নাটকৰ মঞ্চত কোৱা প্ৰতিটো বাক্যৰ উত্তৰত চিঞৰি চিঞৰি কিবা এটা কৈ যোৱা, অশ্লীল কথা কোৱা, নায়িকা বা আন অভিনেত্ৰীৰ শৰীৰক লৈ মন্তব্য দিয়া, লেজাৰ লাইটেৰে নায়িকাৰ শৰীৰত পোহৰ পেলাই চিঞৰ-বাখৰ কৰি থকা, অভিনেতা-অভিনেত্ৰীসকলৰ আচল নামটোৰে সম্বোধন কৰি অৰ্থহীন চিঞৰ-বাখৰ কৰি থকা, নিজৰ মাজতে ডাঙৰ ডাঙৰকৈ কথা পাতি থকা, ম’বাইল ফোনত ব্যস্ত থকা, কাজিয়া-পেচাল কৰা – এইবোৰ প্ৰতিক্ৰিয়া কোনো পৰিস্থিতিতে সমৰ্থন কৰিব নোৱাৰি। এনে প্ৰতিক্ৰিয়াবোৰ দেখিলে এনে লাগে যেন এইসকল দৰ্শকে নাটক মানে কি তাকে নাজানে বা তেওঁলোক আচলতে নাটক চাবলৈ অহাই নাই।

সাধাৰণতে নাটক (সাধাৰণ নাটক বা ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক) চাবলৈ অহা বেছিভাগ দৰ্শক ৰুচিবান মানুহ বুলি মোৰ এটা ব্যক্তিগত ধাৰণা আছে। কিন্তু সেই বেছিভাগ ৰুচিবান মানুহৰ মাজত দৰ্শক সাজি বহি থকা কেইজনমান অৰুচিবান মানুহৰ বাবেই উপস্থিত সকলো দৰ্শকেই নাটকখন ৰুচিপূৰ্ণভাৱে উপভোগ কৰাৰ পৰা বঞ্চিত হ’ব লগা হয়। সেই অৰুচিবান মানুহকেইজনৰ অবিবেকী কাণ্ড কিছুমানৰ বাবেই নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলে নাটকখনত প্ৰাণ ঢালি অভিনয় কৰিব নোৱাৰা হয়। লগতে সেই অৰুচিবান মানুহকেইজনৰ কাণ্ডবোৰে সাধাৰণভাৱে সেই নাটকখন অনুষ্ঠিত হোৱা চহৰখনৰ প্ৰতি এটা বিৰূপ ধাৰণা কৰিবলৈ আনক সুবিধা দিয়ে।

এখন বাতৰি কাকতত এটা বাতৰি ওলাল যে অসমৰ কোনো এঠাইত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক এখন চলি থকা অৱস্থাত অভিনয়ৰতা এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰীয়ে অভিনয় এৰি মঞ্চৰ পৰা নামি আহি উদণ্ড দৰ্শকৰ গাত থুৱাই দিলে (প্ৰতিদিন, ৩/৩/১৩)। কিমান খং উঠিলে আৰু মানসিকভাৱে কিমান আহত হ’লে এগৰাকী অভিনেত্ৰীয়ে এইদৰে অভিনয় মঞ্চ এৰি দৰ্শকৰ মাজলৈ গৈ এই কামটো কৰিব পাৰে সেইটো এতিয়া আপোনালোকে বিচাৰ কৰি চাওক।

এই কামটো কিমান যুক্তিসংগত সেই বিষয়ে আলোচনা নকৰাকৈ আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিছোঁ এই কামটো (উদণ্ড দৰ্শকক এটা সমুচিত শিক্ষা দিয়া কামটোৰ কথা কৈছোঁ, এই কামটো কৰোঁতে অৱলম্বন কৰা উপায়টোৰ কথা কোৱা নাই) অভিনেত্ৰীগৰাকীয়ে নিজে কিয় কৰিব লগা হ’ল? সেই উদণ্ড দৰ্শককেইজনক উদ্ভণ্ডালি কৰাত বাধা দিবলৈ আৰু বাধা নামানিলে তেওঁলোকক থিয়েটাৰৰ পেণ্ডেলৰ পৰা বাহিৰ কৰি দিবলৈ তাত আন কোনো কিয় নাছিল? বাকী দৰ্শকসকলে সেই উদণ্ড মানুহকেইজনৰ (তেওঁলোক সংখ্যাত সিমান বেছি নিশ্চয় নহয়) উদ্ভণ্ডালি ইমান সময়ে কিয় সহ্য কৰি থাকিল?

প্ৰথম প্ৰশ্নটোৰ উত্তৰ একেবাৰে সহজ – এই কামটো (উদণ্ড দৰ্শকক এটা সমুচিত শিক্ষা দিয়া কামটো) অভিনেত্ৰীগৰাকীয়ে নিজে কৰিব লগা হ’ল, কাৰণ সেই সময়ত তেওঁ নিজে হস্তক্ষেপ কৰাৰ বাদে আন উপায় নাছিল বুলি তেওঁ নিজে পতিয়ন গৈছিল। দ্বিতীয় কাৰণ সেই সময়ত আন কোনেও সেই উদণ্ড দৰ্শককেইজনক শান্ত কৰিবলৈ বা তেওঁলোকক থিয়েটাৰৰ পেণ্ডেলৰ পৰা বাহিৰ কৰি দিবলৈ আগবাঢ়ি অহা নাছিল।

তৃতীয় প্ৰশ্নটোৰ উত্তৰ দিব খোজা নাই। কাৰণ অসমৰ সমাজ জীৱনত আজিকালি সৰহভাগ মানুহেই এনে পৰিস্থিতিত বাটৰ কচু গাত ঘঁহি নহয়। নিজে নিৰাপদ দূৰত্বত অৱস্থান কৰাটোহে বুদ্ধিমানৰ কাম বুলি ধৰি লয়।

থাকিল দ্বিতীয় প্ৰশ্নটো – সেই উদণ্ড দৰ্শককেইজনক উদ্ভণ্ডালি কৰাত বাধা দিবলৈ আৰু বাধা নামানিলে তেওঁলোকক থিয়েটাৰৰ পেণ্ডেলৰ পৰা বাহিৰ কৰি দিবলৈ তাত আন কোনো কিয় নাছিল? এইটোৱেই আচল প্ৰশ্ন। এই প্ৰশ্নটোৰ পৰা থিয়েটাৰ কৰ্তৃপক্ষ আৰু থিয়েটাৰ খনক আমন্ত্ৰণ কৰি অনা আয়োজকসকল এই দুয়োটা পক্ষই হাত সাৰিব নোৱাৰে। প্ৰতিজন দৰ্শকৰ পৰা আদায় কৰা প্ৰৱেশ মূল্যৰ ন্যায্যতা নিশ্চিত কৰাৰ দায়িত্ব এই দুয়োটা পক্ষৰে সমান।

আজিকালি চহৰসমূহত বিভিন্ন চিনেমা হল, ক্লাব, শ্বপিং মল আদিত যি কোনো সময়তে কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে তাক তুৰন্তে নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তৃপক্ষই নিযুক্ত কৰা এবিধ প্ৰশিক্ষণপ্ৰাপ্ত পেছাদাৰী মানুহ থাকে। যি কোনো অপ্ৰীতিকৰ পৰিস্থিতি তেওঁলোকে তুৰন্তে চম্ভালি লয় আৰু তাৰ পিছতহে কৰ্তৃপক্ষই পৰিস্থিতি সাপেক্ষে পুলিচ বা আইনৰ সহায় লয়। আৰু সেই পেছাদাৰী মানুহখিনিযে তাত আছে সেই কথাটো সাধাৰণভাৱে জনাজাত হৈ থাকে কাৰণেই সেই ঠাইসমূহত অপ্ৰীতিকৰ পৰিস্থিতিৰ সিমান উদ্ভৱ নহয়েই। কেতিয়াবা হলেও সেই পেছাদাৰী মানুহখিনিৰ সাধাৰণ উপস্থিতিয়েই সেই পৰিস্থিতিটো শাম কটায় দিয়ে। আমি প্ৰস্তাৱ কৰোঁ যে অসমৰ ভ্ৰাম্যমাণ নাটকৰ কৰ্তৃপক্ষসমূহেও উদণ্ড দৰ্শকৰ উদ্ভণ্ডালি ৰোধ কৰিবলৈ কাৰ্য্যক্ষম হোৱাকৈ এনে ধৰণৰ এটা ব্যৱস্থা ল’ব পাৰিনেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰি চাব লাগে।

শেষত এটা ব্যক্তিগত অভিজ্ঞতা কিছুদিন আগতে দিল্লীৰ শ্ৰীৰাম চেন্টাৰ ফৰ আৰ্টছত অনুষ্ঠিত নাট্য মহোৎসৱত মঞ্চস্থ হোৱা, উপন্যাসিক শ্ৰী য়েছে দৰজে ঠংচিৰ “শৱ কটা মানুহ” নামৰ উপন্যাসখনৰ আধাৰত ৰচিত একে নামৰ নাটকখন চাইছিলোঁ। প্ৰেক্ষাগৃহ দৰ্শকেৰে ভৰি আছিল যদিও কাঁহ পৰি জীণ যোৱা পৰিবেশ আছিল। নাটকখন চলি থাকোঁতে দৰ্শকৰ মাজৰ পৰা মাজে মাজে এটা দুটা সৰু প্ৰশংসাসূচক শব্দ, এটা দুটা সৰু-সুৰা হাঁহিৰ শব্দৰ বাদে আন একো শব্দ নাছিল। প্ৰতিটো দৃশ্য শেষ হওঁতে দৰ্শকে হাত-চাপৰিৰে সঁহাৰি দিছিল। নাটকখনৰ লগতে দৰ্শকৰ ব্যৱহাৰো মুগ্ধ হৈ উপভোগ কৰিছিলোঁ। মই মাজতে নাটকখনৰ এটা অতি মনোমোহা দৃশ্যৰ (সেইটো এটা মনপা নৃত্য আছিল) ফটো এখন তুলি থওঁ বুলি ভাবি কেমেৰাটো ঠিক-ঠাক কৰোঁতেই আন্ধাৰে-মুন্ধাৰে কৰ’বাৰপৰা এজন মানুহ আহি ওলাল। তেওঁ মোৰ কাণত ফুচফুচাই, কিন্তু পৰিষ্কাৰ ভাৱে আৰু অতি ভদ্ৰভাৱে বুজাই দিলে যে কেমেৰাটো সামৰি থওক। কেমেৰাটো সামৰি থৈ আকৌ সেই মনপা নৃত্যটো উপভোগ কৰাত ব্যস্ত হৈ পৰিছিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক