পঢ়াশালিত চৰিত্ৰ পাঠৰ গুৰুত্ব (নীলাঞ্জনা মহন্ত)

পঢ়াশালিত চৰিত্ৰ পাঠৰ গুৰুত্ব

নীলাঞ্জনা মহন্ত


সৰুতে পঢ়াশালিত আমাৰ চৰিত্ৰ পাঠ বুলি এটা বিষয় আছিল ৷ একো একোটা নীতিশিক্ষাৰে ভৰা কিছুমান সৰু সৰু কাহিনীৰ দ্বাৰা শিশুৰ সৰল মনত সহজেই চাপ বহাব পৰা এটা সাধাৰণ অথচ অতি দৰকাৰী বিষয় ৷ ডাঙৰ হোৱাৰ পিছত একোটি শিশুৱে কি কৰিছেগৈ সেইটো এটা বেলেগ আলোচনাৰ থল যদিও তাতকৈয়ো গুৰুত্বপূৰ্ণ হৈছে কুমলীয়া মনক গঢ় দিবৰ বাবে, সৎ হ’বৰ বাবে অভিভাৱক অথবা শিক্ষাগুৰু হিচাপে আমি সকলোৱে কি কৰিছোঁ সেইটো চৰ্চা কৰাটো ৷ আজিৰ দিনত কেতিয়াবা বৰ বেয়া খবৰ কিছুমান পাওঁ, ভাৱ হয় মানুহনো ইমান তললৈ যাব পাৰেনে? মনত পৰে চৰিত্ৰ পাঠ বিষয়টোলৈ, আমাক দেখোন সৰুতেই কিমান কথা শিকোৱা হৈছিল, কিছুমান পাঠ কেৱল পৰীক্ষাৰ বাবেই পঢ়িব লাগে বুলি ভবা মানসিকতাৰ কথাযে শুনা যায় সেয়া সচাঁ নেকি বাৰু?

আকৌ কেইমাহমানৰ আগতে শুনিলোঁ অসমৰ পঢ়াশালিবোৰৰ পৰা চৰিত্ৰ পাঠ বিষয়টো হেনো আজিকালি উঠি গ’ল ৷ সমাজ অধ্যয়নৰ লগতহে সাঙুৰি তেনে কিছুমান পাঠ দিয়া হয় বোলে ৷ ভাব হৈছিল উঠাই কিয় দিব লাগে ইমান ধুনীয়া বিষয়টো, পাৰিলে উচ্চশিক্ষালৈকে বাধ্যতামূলক কৰি পেলাবহে লাগে এই বিষয়টো, নহয়নে?

এই লেখাটোত তেনে এটি সন্দৰ্ভতে আজি শিশুৰ চৰিত্ৰ গঠনৰ কাৰণে উন্নত দেশ একোখনত প্ৰাথমিক পৰ্যায়ত কেনে ধৰণৰ পাঠদান হয় তাৰ এটা থুলমূল ধাৰণা দিব খুজিছো৷

আমাৰ ডাঙৰ ছোৱালীজনী এইবাৰ প্ৰথমমানত নাম লগাইছে৷ পাঠদান আৰম্ভ হোৱাৰ আগে আগে আগন্তুক শিক্ষাবৰ্ষৰ গুৰুত্বপূৰ্ণ দিশবোৰ সামৰি সিহঁতৰ বিদ্যালয়ত এখন সভা (দিগবলন?) (orientation camp) হয়৷ সেইদিনা অভিভাৱক সকল ছাত্ৰ-ছাত্ৰী সহিতে উপস্থিত থকাটো বাধ্যতামূলক ৷ পঢ়াশালিৰ বিভিন্ন নিয়ম কানুনৰ লগতে নামে-মানুহে শিক্ষক-অভিভাৱক সকলোৰে লগত আগতীয়াকৈ এনেও চিনাকি হৈ ল’ব পাৰিলে ভাল৷ ছোৱালীৰ শ্ৰেণী-শিক্ষকৰ লগত চিনাকি হ’লো৷ প্ৰথম চিনাকিতে তেখেত যে খুব কাঢ়া আৰু দৃঢ়-নিয়মানুবৰ্তী দেখাতে বুজা গ’ল৷ গোটেই বছৰটোত ল’ৰা-ছোৱালীবোৰে কি কি শিকিব, সৰল ভাষাৰে শ্ৰেনীকোঠা দৰ্শন, স্লাইদ প্ৰদৰ্শন ইত্যাদি ইত্যাদি ৷ এটা কথাই অভিভূত কৰিলে – তেখেতে ক’লে অংক, ভাষা-বানান, বিজ্ঞান হেনো সকলোৱে এনেয়েও শিকিব৷ সেইবোৰ মূল বিষয় নহয়৷ এই বিষয়বোৰ থাকিব কিন্তু প্ৰথম দুবছৰমান তেওঁলোকে গুৰুত্ব দিব অন্য এটা বিষয়তহে৷ সেয়া হ’ল শিশুৰ চৰিত্ৰ তথা ব্যক্তিত্ব গঠন৷ বিদ্যালয়খনৰ মূল লক্ষ্য হ’ল একোজন সুনাগৰিকক গঢ়ি তোলা৷ এইটো এটা ডাঙৰ প্ৰকল্প৷ যাক নাম দিয়া হৈছে অন্তৰ, মগজু আৰু কৰ্ম প্ৰকল্প (Heads, Hearts, and Hands = H3) আৰু ইতিমধ্যে এই প্ৰকল্পই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে পাশ্চাত্যৰ প্ৰাথমিক বিদ্যালয় কিছুমানত৷ থুলমূলকৈ প্ৰকল্পটোৰ মতে হ’ল মগজুয়ে কঠিন সমস্যা একোটাকো বিশ্লেষণ কৰি শুদ্ধ সমাধান বিচাৰি উলিয়াব, অন্তৰে সেই সমাধানৰ বাবে মানৱীয়তা দিশটোক প্ৰাধান্য দিব আৰু সঠিক সিদ্ধান্তগ্ৰহণৰ পিছত এইবাৰ হাতে কামে কৰাৰ পাল পৰিব৷ আগতে প্ৰকল্পৰুপত এইবোৰ কেতিয়াও শুনা নাছিলো যদিও অলপ জনাৰ পিছতে ভাব হ’ল জীৱনৰ আধা বয়স যোৱাৰ পিছত যদি “প্ৰথমমান”ৰ বিষয়বস্তু এই গুণকেইটা এতিয়াও আয়ত্ব কৰিব পাৰো জীৱনটো ধন্য মানিম৷ আশা কৰিছো আমাৰ অসমৰ বিদ্যালয়সমূহতো এনেধৰণৰ বিষয়ে অচিৰেই প্ৰাধান্য লাভ কৰিব৷

আমেৰিকাৰ শিক্ষা দপ্তৰে মানুহৰ জীৱনৰ আঠটা গুণৰ (eight great traits) ওপৰত নিৰ্ভৰ কৰি এই প্ৰকল্পটো যুগুতাইছে । সেয়া হ’ল-
১) যত্ন বা মমতা (caring)
২) সাধুতা (honesty)
৩) দায়বদ্ধতা (responsibility)
৪) অখণ্ডতা (integrity)
৫) আনৰ প্ৰতি শ্ৰদ্ধা (respect for others)
৬) সু –নাগৰিকত্ব (citizenship)
৭) পৰিকল্পনা আৰু সু-সিদ্ধান্ত (planning and decision making)
৮) সমস্যাৰ সমাধান (problem solving)

এই গুণকেইটাই নিঃসন্দেহে মানুহক সৰ্বসাধাৰণৰ পৰা মহৎলোকলৈ উন্নীত কৰিব পাৰে৷ “প্ৰথম-মান”ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এইখিনি বোধগম্য হোৱাটো কঠিন৷ উদাহৰণস্বৰুপে caring শব্দটোৰ অৰ্থ অতি বিশাল৷ ই নিজৰ লগতে বন্ধু-বান্ধৱ, পৰিয়ালৰ পৰা আৰম্ভ কৰি গোটেই পৃথিৱীলৈকে প্ৰসাৰিব পাৰে৷ একেদৰেই দায়বদ্ধতাৰো সীমা নাই৷ যেনে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান গোটেই পৃথিৱীখনৰ কল্যাণৰ বাবে পৰোক্ষভাবে দায়বদ্ধ৷

তলৰ তালিকাখনত “প্ৰথম-মান” আৰু ওপৰৰ শ্ৰেণীৰ বাবে সেয়ে এনেধৰণেৰে বুজোৱা হৈছে-
১) মমতা – [প্ৰথম-মান আৰু ওপৰ-শ্ৰেণী]: মই নিজৰ লগতে আনৰ আৰু পৃথিবীৰ সকলোৰে যত্ন লওঁ৷
২) সাধুতা -[প্ৰথম-মান]: মই সদায় সচাঁ কথা কওঁ৷ [ওপৰ-শ্ৰেণী]: মই সত্যবাদী আৰু সৎ৷
৩) দায়বদ্ধতা -[প্ৰথম-মান]: মোৰ কৰিবলগীয়া কামবোৰ মই কৰিবই লাগিব৷ [ওপৰ-শ্ৰেণী]: মই নিৰ্ভৰযোগ্য আৰু মোৰ সকলো কামতে মই সাধ্যানুসাৰে উৎকৃষ্টতাৰ পৰিচয় দিবলৈ চেষ্টা কৰো৷
৪) অখণ্ডতা -[প্ৰথম-মান]: মই সকলো কামতে আত্মসন্মান বজাই ৰাখো৷ [ওপৰ-শ্ৰেণী]: মই সকলো কামতে আত্মসন্মান আৰু অখণ্ডতাৰ স্পষ্ট প্ৰমাণ দিওঁ৷
৫) আনৰ প্ৰতি শ্ৰদ্ধা -[প্ৰথম-মান]: মই সকলোৰে প্ৰতি নম্ৰ৷ [ওপৰ-শ্ৰেণী]: মই সকলোৰে ব্যক্তিত্বক আন্তৰিকতাৰে সন্মান জনাওঁ আৰু সকলোকে উপযুক্ত সন্মান কৰো৷
৬) সু –নাগৰিকত্ব -[প্ৰথম-মান]: মই শ্ৰেণী, পঢ়াশালি আৰু সমাজৰ প্ৰতি সহায়শীল৷ [ওপৰ-শ্ৰেণী]: মোৰ শ্ৰেণীত, পঢ়াশালিত আৰু সমাজত মই মোৰ কৰণীয়খিনি কৰি যাওঁ৷
৭) পৰিকল্পনা আৰু সু-সিদ্ধান্ত -[প্ৰথম-মান]: মই সঠিক সিদ্ধান্ত লওঁ৷ [ওপৰ-শ্ৰেণী]: মই মোৰ সফলতাৰ বাবে পৰিকল্পনা কৰি সেইমতে সিদ্ধান্ত লওঁ৷ মোৰ কামৰ পৰিণতিৰ কথা মই বুজি পাওঁ আৰু সেয়ে উচিত সিদ্ধান্ত ল’বলৈ মই প্ৰতিজ্ঞাবদ্ধ৷
৮) সমস্যাৰ সমাধান – [প্ৰথম-মান]: মই সমস্যা একোটাৰ সমাধানৰ বাবে সদায় সহযোগ কৰো ৷ [ওপৰ-শ্ৰেণী]: মই সমস্যাৰ সমাধানসমূহ ন্যায়িক আৰু শান্তিপূৰ্ণ ভাৱে হোৱাত সহযোগ কৰো ৷

এইচ-থ্ৰি প্ৰকল্প মতে উপৰোক্ত গুণকেইটাৰ ক্ৰম অনুযায়ী বিশ্লেষণ আৰু শ্ৰেণীকোঠাৰ লক্ষ্য সমূহ সেইদৰেই ইতিমধ্যে লিখি উলিওৱা হৈছে৷ সত্য যিমানেই কঠিন নহওক কোৱাৰ সাহস বা ভুলৰ অনুশোচনা যিমানেই গভীৰ নহওক নিজৰ বিবেকৰ দ্বাৰা বিবেচনা কৰাৰ সুবিধা ছাত্ৰ-ছাত্ৰীক দিয়া হয়৷ আত্মসন্মান তথা কথা আৰু কামৰ মাজত মিল দেখুওৱা, আত্মনিৰ্ভৰতা, নিয়মানুবৰ্তিতা, সুপৰিবেশ বজাই ৰখাত ভূমিকা পালন কৰা ইত্যাদি বিভিন্ন বিষয়বোৰ সামৰি লৈছে এই আঠটা গুণে৷ প্ৰত্যেকমাহতে ল’ৰা-ছোৱালীহঁতৰ অনেক দৈনিক, সাপ্তাহিক বা মাহেকীয়া ঘৰুৱাকাম (homework) থাকে৷ তাৰোপৰি থাকে একোটি পৰিয়াল-প্ৰকল্প (family-project) ৷ শ্ৰেণীবৰ্ষৰ আৰম্ভণিতে প্ৰথমমাহৰ পৰিয়াল-প্ৰকল্পত আছিল এই এইচ-থ্ৰি প্ৰকল্পৰ ওপৰত সচাঁ উদাহৰণসহ ছবিৰে সৈতে আঠটা গুণৰ প্ৰদৰ্শন কৰা৷ ছাত্ৰ-ছাত্ৰীয়ে নিজে ছবি আঁকি নিজৰ জীৱনত সংঘটিত কিছুমান সচাঁ ঘটনাৰ উদাহৰণ, আঠটা গুণৰ সমান্তৰাল বা সমাৰ্থক প্ৰতিশব্দৰ সন্ধান আদি আছিল এই ঘৰত কৰিবলগীয়া কামটোৰ অন্তৰ্গত৷ যেনে ধৰা হ’ল মোৰ ছোৱালীজনী পুথিভঁৰাললৈ গৈছিল৷ কিতাপবোৰ অনাৰ সময়ত চেক-আউট কৰোতে যে শাৰী পাতি ৰ’ব লাগিব যিমানেই লৰালৰি নহওক কিয় তাই এতিয়াৰ পৰাই জানিব লাগিব৷ বা ৰাতিপুৱা পঢ়াশালি গৈ পোৱাৰ লগে লগে যে মুখত হাঁহি বিৰিঙাই চিনাকি সকলোকে সুপ্ৰভাত জনাব লাগে সেইটো সিহঁতে অভ্যাস কৰিব লাগিব৷ শ্ৰেনীত যদি কাৰোবাৰ পেনচিলডাল হঠাৎ ভাঙি গৈছে আৰু তাইৰ হাতত যদি অতিৰিক্ত এডাল আছে তেন্তে ততালিকে সহায় কৰিব লাগে বুলি বুজি পাব লাগিব৷ সৰু উদাহৰণ অথচ দৰকাৰী – কণকণহতঁৰ বাবে৷ কৰক বা নকৰক, কৰিব লাগে বুলি জনাতো দৰকাৰ, কৰিলেতো ভালেই! আৰু এটা কথা লক্ষ্য কৰিছোঁ ছোৱালীজনীক দিনটোৰ পাঠৰ শেষত যেতিয়াই আনিবলৈ যাওঁ সদায় সিহঁতৰ অধ্যক্ষ মহোদয়াক জপনাৰ ওচৰত দেখা পাওঁ৷ প্ৰতিজন অভিভাৱককে তেখেতে হাঁহি এটাৰে সৈতে “শুভ আবেলি” বা “সপ্তাহান্তিক সুখৰ হওক” বা তেনেধৰণৰ উপযুক্ত সম্ভাষণ একোটাৰে ওলগ জনাবলৈ নেপাহৰে৷

ক্ৰমান্বয়ে সিহঁতে শ্ৰেণীকোঠাত এই গুণবোৰৰ ওপৰত সক্ৰিয় আলোচনা বা অনুষ্ঠান, চুটি নাট্য-নাটিকাত অংশগ্ৰহণ, দলৱদ্ধভাৱে সৰু-সুৰা সামাজিক কাম আদিও কৰাৰ পৰিকল্পনা আছে হেনো৷

আমাৰ ছোৱালীক আমি ঘৰত বিশেষ একোৱে শিকাবলৈ সক্ষম হোৱা নাই, জ্ঞানৰ আৰু সময়ৰ অভাৱ বা নানান অজুহাতত৷ সেয়ে মই বিচাৰো পঢ়াশালিতেই তাই শিকক অন্তত: মানৱীয়তাৰ সকলোখিনি গুণ, লওক অমূল্য চৰিত্ৰ পাঠ৷ এইটোও নহয় যে শিকালেই ল’ৰা-ছোৱালীয়ে সকলোবোৰ আয়ত্বও কৰিব৷ কিন্তু প্ৰাথমিক পৰ্যায়তে এনে এটা অনুকূল শিক্ষাব্যৱস্থা যিয়ে শিশুৰ চৰিত্ৰ গঠনত সহায় কৰিব পাৰে, বুলি নিশ্চয় আশা কৰা যায়, নেযায়নে বাৰু?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments