পৰকিতিৰ বিশ্লেষণ : এটা ফাণ্ডা (সুৰজিৎ নেওগ)

(অৱস্থাটোক চিকিৎসা বিজ্ঞানে কি কয় নাজানো, কিন্তু অসমীয়াত এয়াই পৰকিতি লৰা । এনে অৱস্থাত বৃদ্ধ এজনৰ বাবে সঁচা-মিছাৰ বিচাৰ কৰিব পৰাকৈ যিখিনি মানসিক ভাৰসাম্য প্রয়োজন সেইখিনি নোহোৱা হয়। বৃদ্ধ এজন চাৰিওফালৰ পৰিবেশ পৰিস্থিতিৰ প্রতি সম্পূৰ্ণ উদাসীন হৈ পৰে। কাকো পাত্তা নিদিয়াৰ দৰে হয়।)

 

পৰকিতিৰ বিশ্লেষণ : এটা ফাণ্ডা

সুৰজিৎ নেওগ

 

৭০ৰ ডেওনা পাৰ হোৱাৰ পিছত ‘পৰকিতি’ ল’ৰেই । ৮০ৰ ওচৰ পাওঁ পাওঁ হ’লেতো লেঠাই চিগিল। ‘পৰকিতি’ শব্দটো কোনে কেতিয়া কি পৰিস্থিতিত গঠন কৰিছিল নাজানো। কিন্তু আমাৰ অসমীয়া সমাজত, অসমীয়া ভাষাত শব্দটোৰ এৰাব নোৱাৰা সম্পৰ্ক যুগ যুগান্তৰৰ। মানে জনম জনম কা ৰিস্তা । পৰকিতি লৰিলে কি হয় আমি সকলোৱে জানোৱেই। পৰকিতি লৰা বৃদ্ধ এজনে আবোল তাবোল বকিবই । বৃদ্ধ বয়সত যেতিয়া আমাৰ শৰীৰৰ অংগ-প্রতংগবোৰৰ পাৰস্পৰিক বান্ধোন ঢিলা হৈ যায়, তেতিয়া ইটোৱে সিটোক নিয়ন্ত্রণ কৰিব নোৱাৰা হোৱাকেই পৰকিতি লৰা বোলে? নে কি কয় ৰাইজ ? তাতে বৃদ্ধই বহা চকীখনৰ অস্তিত্বক লৈ সততে শংকিত হৈ থাকিলে বা মূৰত অনবৰতে (অ)যোগ্য পুত্রৰ ভৱিষ্যতৰ চিন্তাই খুলি খুলি খালে পৰিকিতি লৰিবই দিয়কচোন। প্রেছাৰ বাঢ়িব। মুখৰ ওপৰত মগজুৰ নিয়ন্ত্ৰণ নোহোৱা হৈ যিহকে পায় তিহকে বলকিবই। কথাৰ সৈতে কামৰ সামঞ্জস্য নোহোৱা হয়, আগদিনা মুখেৰে কি কৈছিল পিছিদিনা মগজুৱে মনত পেলাব নোৱাৰা হয়। গতিকে কেতিয়াবা হয়, কেতিয়াবা নহয় বুলি মুখেৰে ওলাবই দিয়কচোন।  যেতিয়াই তেতিয়াই খং উঠে । খংটো কেতিয়াবা আনক দেখুৱাই কৰে, কেতিয়াবা সাতখন পাতাল তল-ওপৰ কৰে। মুঠতে এক এবনৰমেল কাৰবাৰ।

অৱস্থাটোক চিকিৎসা বিজ্ঞানে কি কয় নাজানো, কিন্তু অসমীয়াত এয়াই পৰকিতি লৰা । এনে অৱস্থাত বৃদ্ধ এজনৰ বাবে সঁচা-মিছাৰ বিচাৰ কৰিব পৰাকৈ যিখিনি মানসিক ভাৰসাম্য প্রয়োজন সেইখিনি নোহোৱা হয়। বৃদ্ধ এজন চাৰিওফালৰ পৰিবেশ পৰিস্থিতিৰ প্রতি সম্পূৰ্ণ উদাসীন হৈ পৰে। কাকো পাত্তা নিদিয়াৰ দৰে হয় । পৰকিতি  লৰিলে নিজকে মহম্মদ বিন টোঘলকৰ দৰে ভাবিবলৈ আৰম্ভ কৰে। লগুৱা লিকচৌ, সৈন্য-সামন্ত আৰু চুৱা-চেলেকাৰে পৰিবেস্তিত হৈ থাকিলেতো কথাই নাই ।
ছ’, মই কি মীন কৰিছো, মানে পৰকিতিৰ এক্সপ্লানেচন, ঠিক বুজিছেতো ? কি ক’লে ? উদাহৰণ লাগে ? কি কয় হে ? সদায় দেখিয়েই থাকেচোন সেই চেৰাবলীয়া পৰকিতি লৰা বৃদ্ধজনক । বাতৰিকাকতৰ হে’ডলাইন হৈ ফটো-চটোৰে সুশোভিত হৈ কিবা কিবি বলকি থাকে। আমাৰ ৰিপ’ৰ্টাৰসোপাই সেইবোৰকে পঠন সামগ্রী হিচাপে আমালৈ আগবঢ়াই দিয়ে । কি দৰকাৰ কওকচোন, এই ৰিপ’ৰ্টাৰসকলৰ বৃদ্ধৰ পৰকিতি লৰা অৱস্থাৰ তেনে পুংখানুপুংখ বিৱৰণ দিবলৈ ? আমি আমাৰ গাঁঠিৰ ধন ভাঙি বাতৰি কাকত কিনি পঢ়ো এনে এক চেৰাবলিয়াৰ দৈনন্দিন আখ্যান…

[মিছা ক’লে কিডাল হ’ব, মইও কিন্তু বৰ ৰস পাওঁ দেই তেনে বলিয়ালি দেখি, পঢ়ি। ডেট ইজ অলছো ৱান অব্‌ দা ইম্পৰ্টেন্ট মেটাৰ্ছ ইন কনটেম্পৰেৰী আছাম। হে হে হে ]

————————————————————————————————————————————————————————————————————————————————————————————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments