পৰম্পোছাক (উচ্চজিৎ কলিতা)

বিহুৰ বতৰত হৰিপদ তালুকদাৰৰ দৰে অসমৰ বাহিৰত থকা সকলৰ অসমলৈ বৰকৈ মনত পৰে। বৰপেটা জিলাৰ হৰিপুৰ গাঁৱৰ পৰা ওলাই অহা তেৰ বছৰেই হ’ল হৰিপদৰ। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰি হৰিপদে মুম্বাইৰ বহুজাতিক প্ৰতিষ্ঠান এটাত বিত্তীয় বিশ্লেষক (ফাইনাঞ্চিয়েল এনালিষ্ট) পদত যোগদান কৰে। মুম্বাইত দুবছৰ চাকৰি কৰি পদোন্নতি লাভ কৰি দিল্লীলৈ বদলি হৈ আহে আৰু তিনিবছৰ দিল্লীত থাকে। তাৰ পিছত অইন এটা প্ৰতিষ্ঠানত বিত্ত প্ৰবন্ধক (ফাইনাঞ্চ মেনেজাৰ) হিচাপে যোগদান কৰি যোৱা তিনিবছৰে ভাৰতবৰ্ষৰ প্ৰযুক্তি-ৰাজধানী স্বৰূপ বেঙ্গালুৰু নগৰত নিবাস কৰি আছে। দুবছৰ আগতে বেঙ্গালুৰুতে কৰ্মৰত নিৰ্মালী চলিহাৰ লগত হৰিপদে বিয়া পাতে। দুয়োৰে তিনিবছৰমানৰ বন্ধুত্বপূৰ্ণ চিনাকিয়ে দুয়োকে ওচৰ চপাই আনি প্ৰেমৰ ৰূপ লয় আৰু শেষত ঘৰে-ঘৰে কথা পাতি বিয়াখনো পাতি ল’লে। নিৰ্মালী ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ যুৱ-গৱেষিকা তথা সহকাৰী অধ্যাপিকা। গুৱাহাটীত ডাঙৰ-দীঘল হোৱা ছোৱালী; খোলা-মেলা, পোনপটীয়াকৈ কথা কোৱা স্বভাৱ। নিৰ্মালীয়ো দিল্লী বিশ্ববিদ্যালয়ৰে পদাৰ্থ-বিজ্ঞানৰ স্নাতক তথা স্নাতকোত্তৰ।
দুজনীয়া সুখৰ সংসাৰ। পঢ়া আৰু চাকৰিৰ আৰম্ভণি কালত ভাৰতৰ বেলেগ বেলগ নগৰত থকাৰ অভিজ্ঞতা থকা এই দম্পতীয়ে বেঙ্গালুৰুৰ নাতিশীতোষ্ণ জলবায়ু খুব ভাল পাইছে। আচলতে বেঙ্গালুৰুখন তথ্য-প্ৰযুক্তি আৰু এই না ঠাণ্ডা-না গৰম বতৰৰ বাবেই সকলোৰে প্ৰিয়। নহ’লে ইমান জনবহুল নগৰখনৰ অপৰিকল্পিত আন্তঃগাঁথনি আৰু সঙ্কীৰ্ণ ৰাস্তা-ঘাটে মানুহক বিপাঙত পেলায় পদে পদে আৰু যান-জঁটৰ সমস্যাটোও এটা ডাঙৰ প্ৰত্যাহ্বান বেঙ্গালুৰুবাসীৰ বাবে। কিন্তু বেঙ্গালুৰুত এবাৰ থাকি পোৱা সকলোৱে ইয়াৰ জলবায়ুৰ প্ৰেমত পৰে, প্ৰেমত পৰে ইয়াত দুই কিলোমিটাৰৰ মূৰে মূৰে থকা ধুনীয়া ধুনীয়া উদ্যানবোৰৰ। ৰাস্তাৰ কাষৰ “ডোচা কেম্প” বোৰত থিয়ৈ থিয়ৈ মছালা ডোচাৰ পৰা পনীৰ ডোচা খোৱাৰো অভ্যাস গঢ়ি উঠে। মুঠতে অইন প্ৰতিখন নগৰৰ দৰে বেঙ্গালুৰুৰো নিজা আমেজ আছে।
নিৰ্মালী-হৰিপদৰো সংসাৰ বেছ আমেজপূৰ্ণ। ভাল বেতন পোৱা চাকৰিয়ে জীৱনৰ আৱশ্যকীয় আৰু কিছু পৰিমাণে লাহ-বিলাস কৰিব পৰা সকলো সামগ্ৰী আহৰণ কৰিব পৰাৰ সামৰ্থ্য দুয়োকে দিছে। বাহিৰত থাকিলেও দুয়ো অসমখনক পাহৰিব নোৱাৰে। দুয়োযোৰা আই-বোপাই আৰু ভাই-ভনীকইটা অসমতে থাকে। অসমৰ উৎসৱ-পাৰ্বণ, অসমৰ পিঠা-পনা, গীত-মাতে, অসমৰ এতিয়াও হেৰাই নোযোৱা কিছু নিভাঁজ চেনেহে কেতিয়াবা হাত-বাউলি মাতি থাকে দুয়োকে। কিন্তু পেছাগত হেঁচা আৰু কিছুমান সপোনে অসমলৈ আহিব নিদিয়ে। হয়তো কিছু পৰিমাণে পলায়নবাদী দুয়ো অইন বহুতো প্ৰবাসী অসমীয়াৰ দৰে। নিজৰ ঠাইখনত থাকি নিজৰ ঠাইখনক আগুৱাই নি নিজে আগুৱাব পৰা মানসিক প্ৰস্তুতি এতিয়াও হোৱা নাই তেওঁলোকৰ। তথাপি কেতিয়াবা অসমৰ বাবে কিবা কৰাৰ আশা আৰু সপোন কঢ়িয়াই লৈ ফুৰে। সেয়ে অসমৰ লগত সম্পৰ্ক নৰখাৰ কথা কেতিয়াও নাভাবে। বছৰেকত দুবাৰ নোৱাৰিলেও দুয়ো এবাৰ আহেই অসমলৈ। পৰিয়ালৰ লগত সময় কটায়, মিতিৰ-কুটুম, বন্ধু-বান্ধৱক মাত লগায়। পিছে বাকী একো সমস্যা নহ’লেও এটা সমস্যা বাৰুকৈয়ে হয়।
হৰিপদ গাঁৱৰ ল’ৰা। মাকো গাঁৱলীয়া, পঢ়া-শুনা বেছি নাই। কিছুমান পৰম্পৰা মানি চলে বা চলিব বিচাৰে। নিৰ্মালীৰ শাহুৱেকৰ প্ৰতি যথেষ্ট চেনেহ আছে। শাহুৱেকেও নিৰ্মালীক বৰ ভাল পায়। সাদৰী বোৱাৰী বুলি সকলোৰে আগত গৰ্ব কৰে। পিছে সমস্যাটো হ’ল শাহুৱেকে নিৰ্মালী গাঁৱত থকা কেইদিন মেখেলা-চাদৰ পিন্ধি থকাটো বিচাৰে। ঠাণ্ডাৰ দিনত নিৰ্মালীয়ে বেয়া নাপায়। কিন্তু মে’-জুনত অসমলৈ গ’লে গৰমত ঘৰত সদায় মেখেলা-চাদৰ পিন্ধি থাকিবলৈ অসুবিধা পায়। শাহুৱেকে নিৰ্মালীয়ে দিনত মেখেলা-চাদৰ পিন্ধি থকাটো বিচাৰে, নিজেও থাকেযে। নিৰ্মালী গুৱাহাটীত ডাঙৰ হৈ তাৰ পিছত দিল্লীত আৰু এতিয়া বেঙ্গালুৰুত আছে। উৎসৱ-পাৰ্বণত বা কিবা বিশেষ দিনতহে মেখেলা-চাদৰ পিন্ধে, হৰিপদৰ মাকৰ দৰে সদায় মেখেলা-চাদৰ পিন্ধাৰ অভ্যাস নাই। পাঙ্খা বা শীত-তাপ নিয়ন্ত্ৰক চলি থাকিলে নিৰ্মালীয়ে মেখেলা-চাদৰ-পেটিকোট পিন্ধি থাকিবলৈ বৰ বেয়া নাপায়। কিন্তু গাঁৱত বেছিভাগ সময় বিজুলী নাথাকেই।
শাহুৱেকে নিৰ্মালীয়ে বাহিৰত যি নিপিন্ধিলেও আপত্তি নকৰে। মাত্ৰ গাঁৱত থকা ১০-১৫ দিন মেখেলা-চাদৰ পিন্ধি থকাটো বিচাৰে। কথাটো কিছু পৰিমাণে সামাজিক। হৰিপুৰ গাঁৱৰ বোৱাৰীসকলে মেখেলা-চাদৰ পিন্ধি থকা দেখি দেখি নিজৰ বোৱাৰীয়েকে মেখেলা-চাদৰ নিপিন্ধিলে কোনোবাই কিবা ক’ব বুলি ভাবে। আৰু এই শাহু-বোৱাৰী বিবাদত মাজত পাকঘূৰণি খায় হৰিপদে।
যোৱাবছৰ জুন মাহৰ ঘটনা। প্ৰচণ্ড গৰম। হৰিপদ-নিৰ্মালী ঘৰলৈ আহিছে। আহিবৰ দিনা গুৱাহাটীৰ পৰা ঘৰ পাওঁতে সন্ধিয়ায়ে হ’ল। দিনৰ দিনটো বিদ্যুৎ সৰবৰাহ কৰ্তন কৰা আছিল। ৰাতিলৈ আহিল। পিছদিনা পুৱাও বিজুলী-চিজুলী নাই। শাহুৱেকে নিজেই ঘৰ সৰা-মোচা কৰে। গাঁৱত কাম কৰা তিৰোতা পাবলৈ নাই। ঘৰলৈ আহিলে গাঁৱৰ বোৱাৰীৰ দৰেই নিৰ্মালীয়ে পুৱা আগচোতাল সাৰে শাহুৱেকৰ মন আৰু মান ৰাখিবলৈ। বেঙ্গালুৰুত ঘৰুৱা কাম-বন কৰা মানুহ এগৰাকী আছে, নিজে সৰা-মোচা কৰিব লগা নহয়। সিদিনা গৰম বেছিকৈ পৰিছিল। নিৰ্মালীয়ে গা ধুই উঠি চুৰিদাৰ এযোৰ পিন্ধিয়ে পাকঘৰত সোমাল।
শাহুৱেকে অলপ অস্বস্তি পাই আৰম্ভ কৰিলে, “মাতু, গাঁৱত থকা কেইদিন মেখেলা-চাদৰকে পিন্ধিবা ঘৰত। কাষৰ খুড়ীয়েৰ বা জেঠাইহঁত আহি থাকে নহয়।”
নিৰ্মালীয়ে একো প্ৰত্যুত্তৰ নিদি নিজৰ কোঠালৈ সোমাই গৈ মেখেলা-চাদৰ এযোৰ পিন্ধি আহিল।
দুপৰীয়া ভাত খোৱাৰ পিছত কাম বিশেষ একো নাথাকে। গাঁৱৰে বন্ধু দুজনমানক মাত লগাবলৈ ওলাই যোৱা হৰিপদেও ঘূৰি আহি ভাত খাই জিৰাইছে।
নিৰ্মালীৰ ফুলা লুচিৰ দৰে মুখখন দেখি সুধিলে, “কি হ’ল, মাই কিবা ক’লে নেকি ?”
: মাই মেখেলা-চাদৰ, মেখেলা-চাদৰকৈ কিয় থাকে?
: হ’ব দিয়া ১২ দিনহে থাকিম। মাকনো এতিয়া কি কওঁ?
: এই গেলা গৰমত এইসোপা পিন্ধি থাকিব পাৰি নেকি, পাঙ্খা-চাঙ্খা চলা নাই। মোৰ এনেকৈ গৰমত থকাৰ অভ্যাস নাই।
: এ, গাঁৱত অলপ অসুবিধা হয়েই। অলপ মিলাই চলা আৰু।
: কিয়, অকল বোৱাৰীসকলেহে সংস্কৃতি ৰক্ষা কৰিবলৈ মিলাব লাগে নেকি? তুমি দেখোন হাফ-পেণ্ট বা গামোচাৰ লগত গেঞ্জী পিন্ধি ঘূৰি ফুৰা। এনেয়ে দেখোন কৈ থাকা, নাৰী-পুৰুষ সমান। তেন্তে সংস্কৃতি ৰক্ষা গৰমে-ঠাণ্ডাই নাৰীয়েহে কৰিব লাগে নেকি গাঁওবোৰত।
হৰিপদৰ গাত লাগিল কথাষাৰ।
মাকক গৈ ক’লে, “মা, নিৰ্মালীয়ে চুৰিদাৰে পিন্ধক দিয়া।”
মাকে ক’লে, “নাই, ঘৰত থকা কেইদিন মাতুই মেখেলা-চাদৰে পিন্ধাটো বিচাৰোঁ”
: গৰমত এনেকৈ মেখেলা-চাদৰ পিন্ধি থকাৰ অভ্যাস তেওঁৰ নাই, মা !
: মই পিন্ধি নাথাকোঁ নেকি কিবা, অভ্যাস হৈ যাবদে লাহে লাহে। আমাৰ গাঁৱৰ বোৱাৰীয়ে গাঁৱত মেখেলা-চাদৰ পিন্ধিলেহে ভাল দেখি। বাকী নগৰত যি নিপিন্ধিলেও মোৰ আপত্তি নাই।
মাকৰ লগত বেছিকৈ তৰ্ক কৰিলে কাজিয়া লাগে হৰিপদৰ। নিজৰ কোঠালৈ আহি নিৰ্মালীক ক’লে, “হ’ব দিয়া, অলপ চলা আৰু। মাই নুবুজে।“
: মাই নুবুজে নুবুজে বুলি মাৰ মতে মই কিয় চলিব লাগে। মোৰ নিজৰ মতে পিন্ধাৰ অধিকাৰ নাই নেকি ? তুমি পুৰুষ কাৰণে যি নিপিন্ধিলেও কথা নাই ? বিয়া হৈ নাৰী গৰাকীহে কিয় সলনি হ’ব লাগে পিন্ধা-উৰাত।
: হ’ব দিয়াহে, মা অলপ আগৰ দিনৰ মানুহ। বাকী তোমাকতো মৰম কৰে আৰু একো কামত হকা-বধাও নকৰে।
: সেইবিলাক বাদ দিয়া। পুৰুষ-নাৰীৰ সমান অধিকাৰৰ কথা কৈ থাকা তুমি। নিজৰ মাৰ ওচৰত কিয় নোৱাৰা। মোক বিয়া কৰাই আনি মোৰ নিজা স্বাধীনতাখিনি কিয় দিয়াব নোৱাৰা। তুমি যদি নিজৰ মতে পিন্ধিব পাৰা, মইও পাৰিব লাগিব।
হৰিপদে আৰু একো নক’লে। মাত্ৰ পিন্ধি থকা হাফ-পেণ্টটো সলাই চুৰিয়া এখন পিন্ধি গাত দীঘল কূৰ্তা এটা সুমুৱাই ল’লে।
ঘৰত থকা ১২ দিন হৰিপদে চুৰিয়া-চোলা পিন্ধিয়ে কটালে, আলহীও খালে। নতুন চুৰিয়া দুখনমান কিনিও আনিলে। ঘৰৰ সকলোৱে অলপ আচহুৱা আচহুৱা পালে। যোৱাৰ আগদিনা মাকে ৰাতি ভাতৰ পাতত সকলোৰে আগত হৰিপদক সুধিলে, “বাবা, আদহীয়া মানুহৰ নিচিনাকৈ গোটেই কেইদিন চাৰিওফালে ধূতী-চোলা পিন্ধিয়ে ঘূৰি ফুৰিলি দেখোন। আগতে তোৰ ধূতী-চোলা পিন্ধাৰ অভ্যাস দেখোন তেনেকৈ নাই।”
: মা, বিয়াৰ পিছত কেৱল গাঁৱৰ বোৱাৰীসকলেহে অসমীয়া সংস্কৃতি ৰক্ষা কৰিব লাগে নেকি । পুৰুষসকলেও কৰা উচিত। এতিয়াৰ পৰা মই গাঁৱলৈ আহিলে কেৱল ধূতী-চোলাকে পিন্ধিম নিৰ্মালীয়ে মেখেলা-চাদৰ পিন্ধাৰ দৰে।
হৰিপদৰ কথা শুনি মাকৰ দুচকু সেমেকি উঠিল আৰু লগতে বোৱাৰীয়েকৰ প্ৰতি ক’ৰবাত অলপ ঈৰ্ষাও হ’ল চাগে’। নিৰ্মালীয়ে একো নক’লে। মাত্ৰ লংপেণ্ট আৰু কেজুৱেল চাৰ্ট পিন্ধিহে ভাল পোৱা হৰিপদে ১২ দিন কেনেকৈ অলপো আপত্তি নকৰাকৈ ধূতী-চোলা পিন্ধি ঘূৰি ফুৰিব পাৰিলে তাকে ভাবি বহি থাকিল।
সেই সময়ত হৰিপদে ভাবি আছিল পৰম্পৰা, পোছাক, পুৰুষ সকলোবোৰ কিয় প-ৰে আৰম্ভ হয় !!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক