পৰম্পৰাগত শিক্ষা : এগৰাকী কৃতবিদ্য অসমীয়াৰ দৃষ্টিৰে (অনন্ত নাথ)


“আই তোক কিহেৰে পূজিমে

আই তোৰ চৰণে দুখনি….”

ড° ভূপেন হাজৰিকাৰ এই গীতটিৰ তাৎপৰ্য আৰু প্ৰকৃত অৰ্থৰ সন্ধান কৰিব পৰাজনে নিশ্চয়কৈ বুজি পাব জন্মদাত্ৰী আই গৰাকীৰ সন্তানৰ প্ৰতি ত্যাগ আৰু মমতাৰ কথা। কিন্তু বিশিষ্ট গৱেষক, গণিতজ্ঞ, সাহিত্যৰ সাধক তথা সংস্কৃতিপ্ৰেমী ড° দিলীপ কুমাৰ দত্তৰ বাবে এগৰাকী জননী পৰম্পৰাগত শিক্ষাৰো এগৰাকী স্নেহময়ী বাহক আৰু প্ৰবক্তা। শিক্ষা ব্যৱস্থাৰ দৃষ্টিকোণেৰে মাতৃৰূপী এই প্ৰবক্তাৰ বাণী প্ৰতিজন মানুহৰ জীৱনৰ বাবে কিমান প্ৰভাৱশালী তাক যথাৰ্থতেই উপলব্ধি কৰিব পাৰিছে ড° দত্তই। পুথিগত শিক্ষাক সাৰথি কৰি নিৰলস শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে যশ আৰু খ্যাতিৰ চূড়ান্ত শিখৰত অৱস্থান কৰিও কথাই কামে নিভাঁজ ‘অসমীয়াত্ব’ৰ পৰিচয় দিব পৰা ড° দত্তই সেয়ে পৰম্পৰাগত শিক্ষাৰ এক নতুন দিগন্ত উন্মোচন কৰিবলৈ সক্ষম হ’ল। জন্মদাত্ৰী মাতৃক প্ৰতীক হিচাপে লৈ এই সম্পৰ্কীয় গৱেষণা-লব্ধ চিন্তা-চৰ্চাৰ বাট মুকলি কৰি লিখি উলিয়ালে “পৰম্পৰাগত শিক্ষা আৰু আই পূজনীয়া” গ্ৰন্থখন। ২০১২ চনত এইখন গ্ৰন্থৰ জৰিয়তে অসমীয়া সাহিত্যত বহু দিশত নতুনত্ব প্ৰকাশ কৰিবলৈ সক্ষম হোৱা সু-লেখকজনে প্ৰায় দুশ পৃষ্ঠাজোৰা গ্ৰন্থখনত শিক্ষাৰ বাহকৰূপে মাতৃৰ প্ৰভাৱৰ কথা সাৱলীল ভাষাৰে উপস্থাপন কৰি শিক্ষা সম্পৰ্কীয় নতুন এক দিশৰ গৱেষণাৰ পথ প্ৰশস্ত কৰিলে। উল্লেখ সূচী আৰু অসমীয়া ভাষাৰ সৰলীকৰণৰ প্ৰয়োগ গ্ৰন্থখনৰ আন এক নতুনত্ব। জননীক জ্ঞানদায়িনী ৰূপে বিশ্বাস কৰা লেখকে গ্ৰন্থখনৰ পাতনিত কৈছে— “জীৱনত মই বহুত শিক্ষাই পালো, দেশ-বিদেশৰ পৰা বহু জ্ঞান বুটলিলোঁ, বহু ভাষাৰ বহু শাস্ত্ৰ, বহু পুথি পঢ়িলো, কিন্তু সেই সকলোখিনি জ্ঞান, সকলোখিনি শিক্ষা মাৰ পৰা পোৱা শিক্ষা আৰু জ্ঞানৰ সমান নহয়। মায়ে লখিমী হাতেৰে চলোৱা ঘৰখনেৰে যি চৰিত্ৰবল দিলে আৰু বুকুভৰা মৰমেৰে জ্ঞান অন্বেষণৰ যি ধাউতি প্ৰাণত জগালে সিয়েই সঞ্চিত ধনৰূপে মোৰ ব্যক্তিত্বৰ প্ৰধান অংগ হৈ আছে।”

 

শিশু জীৱনক আমোদ আৰু শিক্ষা দিবৰ বাবে লোক-বিশ্বাস, ফকৰা-যোজনা আদিয়ে মানুহক পিছৰ জীৱনত আত্মপৰিচয় উপলব্ধিৰ সহায়ক হয় বুলিও বিশ্বাস কৰে লেখকে। গ্ৰন্থখনৰ অধ্যায়সমূহৰ অধিকাংশৰ শিৰোনামেই লেখকৰ এই বিশ্বাসক ফুটাই তুলিছে। যেনে: “অ’ নিগনি মোৰ দাঁত তই ল”, “বাটি খালে আটি যায়”, “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে”, “মিছা কথাৰ ঠেং ছুটি”, “লক্ষীক আদৰিবা, কিন্তু পুজিবা সৰস্বতীক” আদি উল্লেখযোগ্য। ছাত্ৰৰ জীৱনত গুৰুৰ প্ৰতি থকা ভক্তি, অধ্যয়নশীলতা, অধ্যৱসায়, খাদ্যাভাস, স্বাস্থ্যচৰ্চা আদিৰ লগতে পৰৱৰ্তী জীৱনত সামাজিক দায়বদ্ধতা, সেৱা-নিবৃত্ত মনোভাৱ, শ্ৰমৰ মৰ্যাদা আদি মাতৃৰ পৰা পোৱা শিক্ষাৰে বিকশিত কৰাৰ কথা নি্ৰ্মোহভাৱে বিশ্লেষণ কৰিছে। জীৱনৰ মহামন্ত্ৰৰ উপৰি অত্যন্ত হিচাবী মাতৃৰ পৰা পোৱা লেখজোখ গণিত (Statistics) ৰ ধাৰণা সম্পৰ্কে বিস্তৃত ব্যাখ্যা কৰিছে। সঞ্চয় আৰু ব্যয়ৰ হিচাপ ৰাখি দূৰদৰ্শিতাৰ পৰিচয় দিয়া মাতৃৰ এই জ্ঞানে লেখকক কিদৰে সহায় কৰিছিল সেয়া স্মৰণ কৰি লেখকে কৈছে— আমাৰ মা যে কিমান জ্ঞানী আৰু দূৰদৰ্শী আছিল তাক উপলব্ধি কৰি কৃতজ্ঞতা আৰু মাৰ প্ৰতি শ্ৰদ্ধাত মোৰ চকুপানী ওলায়। মাতৃৰ হিচাপ-নিকাচৰ শিক্ষাই জীৱনত মিতব্যয়ী হ’বলৈ শিকোৱা লেখকে এই শিক্ষাৰ আধাৰত লেখজোখ গণিতৰ জন্ম কাহিনী আৰু ইয়াৰ প্ৰাসংগিকতাক সাৱলীল ৰূপত উপস্থাপন কৰিছে। মাতৃ ৰত্নেশ্বৰী দত্তৰ জীৱন বৃত্তান্তও গ্ৰন্থখনৰ পাতে পাতে বৰ্ণনা কৰাৰ লগতে লেখকে আনন্দৰাম বৰুৱা, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, একলব্য, কুমুদ চন্দ্ৰ বৰা, চন্দ্ৰপ্ৰভা শইকীয়ানী, দ্ৰৌপদী, ধূৰ্জাতি প্ৰসাদ খাউণ্ড, ভৱনাথ হাজৰিকা আজি মনিষীৰ জীৱনচৰ্চা সম্পৰ্কে আলোকপাত কৰিছে।

ড° দিলীপ কুমাৰ দত্তৰ গ্ৰন্থখন মহৎ গ্ৰন্থ বুলি অভিহিত কৰিব পাৰি এই কাৰণেই যে, নিজ মাতৃৰ পৰা তেওঁ পোৱা শিক্ষা আমাৰ সমাজৰ অংগ হোৱা হেতুকে সকলোৰে উপকাৰত আহিব। পৃথিৱীৰ প্ৰতিগৰাকী পিতৃ-মাতৃয়েই সন্তানক ভাল মানুহ হ’বৰ বাবে শিক্ষা দিয়ে আৰু সেয়ে গ্ৰন্থখন পঢ়িলে সকলোৱে নিজ পিতৃ-মাতৃ তথা সমাজৰ প্ৰতি কৃতজ্ঞতা জনাব পৰা আত্ম-উপলব্ধি লাভ কৰিব পাৰিব। সেই অৰ্থতে লেখকৰ মাতৃ ৰত্নশ্বৰী দত্ত সকলোৰে পূজনীয় মাতৃ হৈ পৰিছে। লেখকৰ উপৰি তেওঁৰ মাতৃৰ বিষয়ে বিনীতা শৰ্মা, দিপালী চলিহা, শান্তা ফুকন, অনুৰাধা দত্ত, ৰীতা ৰাজখোৱা, অনিতা দত্ত খাউণ্ড, সুৰভি কাকতি, গুণৱালা হাজৰিকাৰ লেখাতো ব্যক্তিত্ব আৰু জীৱনৰ বহু দিশ ফুটি উঠিছে।

 

ৰত্নেশ্বৰী দত্তৰ বিষয়ে:

যোৰহাটৰ গায়ন গাওঁ নিবাসী শিক্ষাচাৰ্য ফণীধৰ দত্তৰ পত্নী ৰত্নেশ্বৰী দত্তৰ কোনো উচ্চ শিক্ষাৰ ডিগ্ৰী নাছিল যদিও সন্তানক মানুহ কৰি তোলাৰ অৰ্থে তেওঁ প্ৰদান কৰা শিক্ষা অসাধাৰণ আছিল। বৰ জীয়ৰী ললিতা উদ্ভিদ বিজ্ঞানৰ স্নাতকোত্তৰ, দ্বিতীয় গৰাকী জীয়ৰী শান্তা শিক্ষাৰ স্নাতকোত্তৰ, তৃতীয় গৰাকী গীতাও স্নাতকোত্তৰ, চতুৰ্থ গৰাকী প্ৰণিতা গণিতৰ অধ্যাপিকা, পঞ্চম গৰাকী ৰীতা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ তথা অধ্যাপিকা, ষষ্ঠ গৰাকী অনিতা অসম চৰকাৰৰ উচ্চ পদষ্ঠ আৰ্কিটেক্ট। দুই পুত্ৰৰ এজন অভিযন্তা, আনজন হ’ল ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ এমেৰিটাছ প্ৰফেচৰ ড° দিলীপ কুমাৰ দত্ত।

নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলা ৰত্নেশ্বৰী দত্তই দুখীয়া লোকৰ পঢ়াশুনাৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদানৰ লগতে পিছ পৰা অঞ্চলত বিদ্যালয়, পুথিভঁড়াল পাতিবলৈ উপদেশ দিছিল। লেখকে তৰাজানত স্থাপন কৰা ফণীধৰ দত্ত শিক্ষা প্ৰকল্প, ফণীধৰ দত্ত বিদ্যাপীঠ, ৰত্নেশ্বৰী দত্ত বিদ্যালয় এনে উপদেশৰ ফচল।

এটা ঘটনাৰ প্ৰসংগত লেখকে গ্ৰন্থখনত সন্নিবিষ্ট কৰা থমাছ হুডৰ “ব্ৰিজ অৱ ছাইজ” কবিতাৰ নিজে কৰা অসমীয়া ভাঙনি নিভাঁজ আৰু উচ্চখাপৰ হৈছে।

 

গ্ৰন্থখনৰ সবিশেষ:

প্ৰকাশক: বেদকণ্ঠ, যোৰহাট।

পৰিৱেশক: বনলতা, বাণী মন্দিৰ, চাংকাকতি বুকছ এণ্ড পাব্লিকেছন।

দাম: ২২৫.০০ টকা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক