পৰাগ কুমাৰ দাসৰ নিৰ্বাচিত ৰচনাৱলী

অসমীয়া বঙালীৰ মতভেদ আৰু কাছাৰৰ প্ৰশ্ন

বৰদলৈ ট্ৰফীৰ খেলত কলিকতাৰ কোনো দলে ফাউল খেলিলে আমি কোনো কোনোৱে শিলপুখুৰীলৈ আহি বঙালীৰ দোকানত উৎপাত কৰোঁ। তেনেদৰে, অসমৰ ৰাইজে খাদ্যৰ দাবীত, শোধনাগাৰৰ দাবীত আন্দোলন কৰিলেও এচাম বঙালী ভাষী লোকে তাত সাম্প্ৰদায়িকতাৰ গোন্ধ পাই নিষ্ক্ৰিয়তা অৱলম্বন কৰে,- যেনিবা মাতৃভূমি অসমখনৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্বই নাই! মুঠৰ ওপৰত, অসমত অসমীয়া আৰু বঙালী, এই দুটা সম্প্ৰদায়ৰ মাজত সদায়েই সহযোগিতাৰ অভাৱ পৰিলক্ষিত হৈ আহিছে,- যাৰ নিমিত্তে বহু সময়ত অসমৰ সৰ্বাংগীণ উন্নতি অভাৱনীয়ভাৱে বাধাগ্ৰস্ত হৈছে। ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত, য’ত জাতি, ধৰ্ম নিৰ্বিশেষে সৰু-বৰ সকলো সম্প্ৰদায়কে নিজ নিজ ভাষা-সংস্কৃতি বিকাশৰ অধিকাৰ দিয়া হৈছে,  ইয়াত সংখ্যালঘু সম্প্ৰদায়ক লৈ সমস্যাৰ সৃষ্টি হোৱাটো তেনেই স্বাভাৱিক। অসমত কিন্তু সমস্যাটো আৰু অধিক জটিল- কিয়নো ইয়াত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়টোৱেই সদায় নিৰাপত্তাহীনতাৰ মানসিক ৰোগত ভুগি আহিছে। আগতীয়াকৈ পশ্চিমীয়া সভ্যতাৰ পোহৰ পোৱা হেতুকেই এসময়ত বঙালীসকল অসমীয়াসকলতকৈ প্ৰায় সকলো ক্ষেত্ৰতে যথেষ্ট আগবঢ়া আছিল। তদুপৰি অন্যান্য কিছুমান ঐতিহাসিক কাৰণতো সংখ্যালঘু হোৱা সত্ত্বেও এওঁলোক সংখ্যাগৰিষ্ঠ অসমীয়াৰ নিমিত্তে ভয়ৰ কাৰণ হৈ পৰিল। হয়তো আৰম্ভণিতে অসমলৈ অহা বঙালীখিনিৰ পৰা উপযুক্ত উদগনি পোৱাহেঁতেন এই শংকাৰ পৰিবেশটোৰ পৰিৱৰ্তে আমি সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ এটা গঢ়ি তুলিব পাৰিলোঁহেঁতেন,- যাৰ জৰিয়তে ভ্ৰূণাৱস্থাত থকা অসমীয়া জাতিটো যথেষ্ট পৰিমাণে উপকৃত হ’লহেঁতেন আৰু আমাৰ মাজৰ সম্প্ৰীতিৰ বান্ধোনো অধিক কটকটীয়া হৈ পৰিলহেঁতেন। কিন্তু সেইটো নহ’লগৈ। ফলস্বৰূপে আজি এনেকুৱা এটি অৱস্থাৰ সৃষ্টি হৈছে যে, প্ৰতিটো ক্ষেত্ৰতে আমাৰ মাজত মতভেদ। আমাৰ আজি ক’বলগীয়া এইটোৱেই যে, অদূৰ ভৱিষ্যতলৈও অসমত অসমীয়া আৰু বঙালীসকল একেলগেই থাকিব লাগিব। গতিকে প্ৰশ্ন হ’ল, সদায়েই অৰিয়াঅৰি কৰি থকা যাব নে, অসমৰ বৃ্হত্তৰ স্বাৰ্থৰ খাতিৰত এৰা-ধৰাৰ মাজেৰে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ এটি গঢ়ি তোলাৰ প্ৰয়োজন? যদিহে দ্বিতীয়টো বিচাৰোঁ, তেন্তে আজি বাস্তৱসন্মত দৃষ্টিভংগীৰে প্ৰশ্ন কৰাৰ সময় আহিছে, সংখ্যালঘিষ্ঠ হিচাপে অসমত বাস কৰি থকা বঙালীভাষী ৰাইজে নিজৰ দায়িত্ব কিমানদূৰ পালন কৰিছে? অথবা, সংখ্যাগৰিষ্ঠ হিচাপে অসমৰ অসমীয়াভাষী ৰাইজে নিজৰ দায়িত্ব কিদৰে পালন কৰিছে?

অসমীয়া-বঙালীৰ সম্পৰ্কটো আলোচনা কৰাৰ সময়ত আমি সদায় তীব্ৰ আৱেগ পৰিহাৰ কৰিব নোৱৰাৰ ফলত বহুতো যুক্তি এৰাই যাবলগীয়া হয়। ইয়াত গোটেই প্ৰশ্নটো যিমান পাৰি বিশ্লেষণমূলক দৃষ্টিৰে আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে। বিষয়টো যিহেতু যথেষ্ট বিতৰ্কমূলক, গতিকে পাঠকসকললৈ অনুৰোধ, তেখেতসকলে যেন আৰম্ভণিৰে পৰা যুক্তিবোৰ ভালদৰে লক্ষ্য কৰে। অন্যথাই ভুল বুজা বুজিৰ সম্ভৱনা যথেষ্ট। আমি গোটেই প্ৰশ্নটো প্ৰথমতে উপৰুৱাকৈ আলোচনা কৰি পাছত কাছাৰৰ পৰিপেক্ষিতত বিষয়টো বিশেষভাৱে চালি-জাৰি চাম।

১৮২৬ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমখন ইংৰাজৰ হাতলৈ যোৱাৰ পাছত প্ৰশাসনৰ কাম-কাজ চলাবলৈ ইংৰাজসকলে কিছুমান বঙালী-কেৰাণী-মহৰী অসমলৈ লৈ আহে। এই সময়ছোৱা ভালদৰে আলোচনা কৰাৰ প্ৰয়োজন এই কাৰণেই যে, অসমীয়া ভাষা-সংস্কৃতিৰ নিৰাপত্তাৰ প্ৰশ্ন উঠিলেই আমি সদায় এই সময়ছোৱাৰ উদাহৰণ দিওঁ। স্কুলীয়া পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি সকলোতে আমি মাত্ৰ এটা বাখ্যাই আগবঢ়াওঁ- অসমলৈ অহা বঙালী চাকৰিয়ালসকলে চক্ৰান্ত কৰি বৃটিছ চৰকাৰক সৈমান নিয়ালে যে, অসমীয়া ভাষা দৰাচলতে বঙলা ভাষাৰ এটি অপভ্ৰংশহে মাথোন আৰু সেয়েহে অসমত অসমীয়া ভাষা চলোৱাৰ কোনো যুক্তি নাই। আৰু হোলাৰ ভাই মোলা ইংৰাজসকলেও বঙালীসকলৰ উচটনিত পতিয়ন গৈ ১৮৩৬ চনৰ পৰা অসমত বঙালী ভাষাক চৰকাৰী ভাষাৰূপে গ্ৰহণ কৰিলে।

প্ৰশ্ন হ’ল, কথাটো সঁচাকৈয়ে ইমান সহজ আছিলনে? শ-শ বছৰৰ প্ৰশাসনৰ অভিজ্ঞতাৰে পুষ্ট বৃটিছ চৰকাৰক মাত্ৰ কেইজনমান বঙালী-মহৰীয়ে ভুল কথা এটাত পতিয়ন নিয়াব পাৰিছিলনে? ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া ইংৰাজসকলে সঁচাকৈয়ে অসমীয়া আৰু বঙালী ভাষাৰ মাজত থকা প্ৰভেদ বুজি পোৱা নাছিলনে? নে তেওঁলোকে ইচ্ছাকৃতভাৱে এটা ভুল কৰিছিল? অসমৰ প্ৰাকৃতিক অৱস্থাই সৃষ্টি কৰা অসুবিধাবোৰৰ নিমিত্তে বৃটিছ চৰকাৰে প্ৰথমতে অসমত বংগকেন্দ্ৰিক শাসনৰ পোষকতা কৰিছিল। বংগ আৰু অসমৰ মাজত তেওঁলোকে ‘Metropoly-Peripery’ৰ সম্পৰ্ক এটা বজাই ৰাখিব খুজিছিল। এইক্ষেত্ৰত গোটেই অঞ্চলটোৰে চৰকাৰী ভাষা একে হ’লে প্ৰশাসনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয়। ৰাজ্যভাষাৰ বিষয়টো আমি আংশিকভাৱে এই দিশৰ পৰা চাব পাৰোঁ নেকি?

ইয়াৰ দ্বাৰা আমি এইটো বুজাব খোজা নাই যে, বঙালীসকলৰ কোনো দোষ নাই। ভাষা-জ্ঞান নথকা কেৰাণী-মহৰীখিনিৰ কথা বাৰু বাদ দিলোঁ। কিন্তু বঙালী ভাষাৰ পণ্ডিতসকলেও তেতিয়া অসমীয়া ভাষা  a corrupt form of Bengali Language’  বুলি গণ্য কৰিছিল। আনকি, বহু বছৰ পাছত ৰবীন্দ্ৰনাথ ঠাকুৰেও মন্তব্য কৰিছিলঃ ‘আসামী ভাষাটো যত তাৰাতাৰি উঠিয়া যায়, ততই অসমীয়াদেৰ মংগল।’ এই পণ্ডিতসকলেও ভুল কৰিছিল নে কি? নে ভৱিষ্যতে অসমত বঙালীসকলৰ আধিপত্য বজাই ৰাখিবৰ নিমিত্তে ইচ্ছাকৃতভাৱে অসমীয়া ভাষাৰ স্বকীয়তা উলাই কৰা হৈছিল? এইখিনিতে অৱশ্যে এইটোও উল্লেখ কৰা উচিত যে, একে সময়তে বহুতো দূৰদৰ্শী বঙলাভাষী লোকে কিন্তু অসমত অসমীয়া ভাষাৰ পোষকতা কৰিছিল।

আমাৰ ক’বলগীয়া এইটোৱেই যে ডেৰশ বছৰ আগৰ অসমীয়া মানুহৰ সেই তিক্ত অভিজ্ঞতাৰ নিমিত্তে দৰাচলতে এচাম বঙালীক আৰু বৃটিছ চৰকাৰক সম পৰিমাণে দোষী সাব্যস্ত কৰা উচিত। কিন্তু ফুলকুমলীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীবিলাকৰ নিমিত্তে যিটো একপক্ষীয় ব্যাখ্যা আগবঢ়োৱা হয়, সেইটো দুৰ্ভাগ্যজনক।

যি কি নহওক, বৃটিছৰ দিনতে অসমত চাকৰি-বাকৰিৰ নিমিত্তে বঙালীৰ সোঁত এটি আৰম্ভ হ’ল। শিক্ষা-দীক্ষাত পিছ্পৰি থকা অসমীয়া মানুহে সেই প্ৰব্ৰজনৰ ভয়াৱহ ফলাফল তেতিয়া উপলব্ধি নকৰিলে। তাতে চল্লিছ বছৰ ধৰি বঙলা ভাষাত শিক্ষা লাভ কৰিবলগীয়া হোৱাত আৰু বহুত অসুবিধা আহি পৰিল। যিহেতু চাকৰি বিচৰা অসমীয়া মানুহৰ সংখ্যা তেতিয়া যথেষ্ট কম আছিল, আৰু অসমলৈ অহা বঙালীসকল মূলতঃ চাকৰিমূখী আছিল, গতিকে এই প্ৰব্ৰজন প্ৰত্যক্ষভাৱে অসমীয়াৰ নিমিত্তে কোনো ভয়ৰ কাৰণ হৈ পৰা নাছিল। পাছৰ কথাখিনি আমি জানো। অসমীয়াসকলে শিক্ষা-দীক্ষা লাভ কৰি ওলাই আহি ক্ৰমান্বয়ে উপলব্ধি কৰিবলৈ ল’লে যে অসমৰ সীমিত চাকৰিৰ বৃ্হৎ অংশ বঙালীসকলে অধিকাৰ কৰি পেলাইছে। তাতেই সংঘৰ্ষৰ আৰম্ভণি।

পশ্চিমীয়া শিক্ষাৰ পোহৰত অসমীয়া ভাষা-সংস্কৃতিয়ে গা কৰি উঠাৰ পাছত এই দিশতো এক নতুন সংঘৰ্ষ আৰম্ভ হ’ল। ইতিহাসৰ বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জাতি-উপজাতিয়ে নিজ-নিজ অৱদানেৰে প্ৰৱাহমান অসমীয়া কলা-সংস্কৃতিক টনকিয়াল কৰি তুলিছিল। প্ৰত্যেকেই নিজৰ গুৰি পাহৰি পেলাই লুইতৰ পাৰক আৱেগেৰে আকোঁৱালি লৈছিল। কিন্ত বঙলাভাষী ৰাইজৰ ক্ষেত্ৰত আমি তাৰ ব্যতিক্ৰম দেখিলোঁ।  অসমীয়া কলা-সংস্কৃতিতকৈ  কিছু আগবঢ়া হোৱা হেতুকেই তেওঁলোকে ইমান দিনৰে পৰা অসমত চলি অহা পৰম্পৰা ভংগ কৰিলে;— নিজৰ সকলোতে খামোচ মাৰি থকাৰ উপৰিও তেওঁলোকে গুৰি পাহৰিবলৈ যত্ন নকৰিলে। অসমত এশ বছৰৰ অধিককাল থকাৰ পাছতো বহুতে এতিয়াও পূৰ্ববংগৰ সৈতে থকা সম্পৰ্ক সুঁৱৰি গৌৰৱবোধ কৰে। আৰু এবাৰ সাপে খালে কেঁচুলৈকো ভয় হোৱাৰ দৰে অসমীয়াসকলেও সেয়েহে বঙালীসকলক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে। কাছাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বুৰঞ্জীবিদ শ্ৰীদেৱব্ৰত দত্তক এই বিষয়ে সুধিছিলোঁ :- . “আহোমসকলৰ দৰে শ্ৰেষ্ঠ বিজয়ী জাতি এটিয়েও বিজিতৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমত লীন হৈ গৈছিল।”

তেখেতৰ উত্তৰ আছিলঃ “সেইটো হৈছে সংস্কৃতজ সংস্কৃতিৰ অন্যান্য সংস্কৃতিক গ্ৰাস কৰাৰ স্বাভাৱিক মনোবৃত্তি। কিন্তু অসমীয়া-বঙালীৰ ক্ষেত্ৰত কথাটো হৈছে দুটা সংস্কৃতজ সংস্কৃতিৰ মাজত চলা conflict, আৰু যিহেতু বঙালী ভাষা-সংস্কৃতি অসমীয়াতকৈ অধিক আগবঢ়া, গতিকে বঙালীসকলে নিজৰ ভাষা-কৃষ্টিত খামোচ মাৰি থকাটো স্বাভাৱিক।”

তেখেতৰ যুক্তি বাৰু মানি ল’লোঁ; কিন্তু মাতৃভূমিৰ প্ৰতি থকা আনুগত্যৰ ক্ষেত্ৰতো কোনো মীমাংসাৰ প্ৰশ্ন উঠিব নোৱাৰে! অসমত জন্মগ্ৰহণ কৰি অসমতে ডাঙৰ-দীঘল হোৱা কোনোবাই অসমৰ পৰিৱৰ্তে অইন ঠাইৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি থাকিব সেইটো কেনে কথা? অসমত বাস কৰি থকা অধিকাংশ বঙালীয়েই সংখ্যালঘু হিচাপে থকা তেওঁলোকৰ দায়িত্ব পালন কৰিব পৰা নাই। এতিয়া প্ৰশ্ন হ’ল সংখ্যাগিৰিষ্ঠ হিচাপে আমি আমাৰ দায়িত্ব কিমানদূৰ পালন কৰিছোঁ?

অসমত বাস কৰি থকা বঙালীসকলক আমি তলত দিয়া ধৰণে তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰোঁ :

প্ৰথম শ্ৰেণীটো হৈছে, কেৱল মাত্ৰ জীৱিকা নিৰ্বাহৰ নিমিত্তেই অসমলৈ অহা এচাম বঙালী, যাৰ ভাষা-সংস্কৃতিৰ কথা ভাবিবলৈ আহৰি বা ইচ্ছা নাই, আৰু চাকৰিৰ সুবিধাৰ নিমিত্তে যেতিয়াই যি ভাষাৰ প্ৰয়োজন তাকে আয়ত্ত কৰি লৈছে।

দ্বিতীয় শ্ৰেণীটো হৈছে যিসকল বঙালীয়ে অসমক নিজৰ মাতৃভূমিৰূপে গ্ৰহণ কৰি অসমৰ কলা-সংস্কৃতিক আকোঁৱালি লোৱাৰ প্ৰয়াস চলাইছে, অসমৰ সৰ্বাংগীণ উন্নতিৰ কথা চিন্তা কৰিছে। এইটো শ্ৰেণীত পৰিব সেইসকল বঙালী, যি এসময়ত কাছাৰত নিজৰ উদ্যোগত বিহু পাতিছিল, শোধনাগাৰৰ দাবীত শিলচৰত সত্যাগ্ৰহ কৰিছিল, অসমত অসমীয়া-ভাষীৰ সংখ্যাগৰিষ্ঠতাৰ মৰ্যাদা স্বীকাৰ কৰি লৈ সমন্বয়ৰ প্ৰচেষ্টা চলাইছিল।

আৰু তৃতীয় শ্ৰেণীটো হৈছে সেইসকল বঙালী, যি ৰঘুমলাৰ দৰে অসমত বহু বছৰ বাস কৰাৰ পাছতো অসমখনক মাতৃভূমিৰ মৰ্যদা দিব পৰা নাই। কলিকতাত বৰষুণ দিলে যাৰ অসমত ছাতি মেলাৰ অভ্যাস।

এই তৃতীয় শ্ৰেণীটো হৈছে অসমৰ তথা অসমৰ ৰাইজৰ শত্ৰু। বঙালী জাতিটোৰ প্ৰতি আমাৰ কোনো বিদ্বেষ ভাব নাই, কিন্তু তৃতীয় শ্ৰেণীটোৰ প্ৰতি আছে। কিন্তু আমি যেতিয়া অসমীয়া-বঙালীৰ সম্পৰ্কৰ কথালৈ আহো, তেতিয়া আমি কেতিয়াও এই শ্ৰেণীবিভাগ নকৰোঁ। ফলস্বৰূপে দ্বিতীয় শ্ৰেণীটোৰ অস্তিত্ব আমি পাহৰি যাওঁ। সংখ্যাগৰিষ্ঠ অসমীয়াৰ পৰা দ্বিতীয় শ্ৰেণীটোৱে যিখিনি পৃষ্ঠপোষকতা পাব লাগিছিল, সেইখিনি তেওঁলোকে কেতিয়াও নাপায়। অথচ, আৰম্ভণিৰে পৰাই যদি আমি দ্বিতীয় শ্ৰেণীটোৰ বঙালীখিনিৰ সৈতে হাত মিলাই তেওঁলোকক আমাৰ সৈতে মিলাই দিব পাৰিলোঁহেঁতেন, তেতিয়া হয়তো তৃতিয় শ্ৰেণীটোৰ শক্তিও আপোনা-আপুনি কমি আহিলহেঁতেন। কিন্তু অসমীয়া মানুহৰ পৰা উপযুক্ত সঁহাৰি নাপাই এসময়ত সক্ৰিয় হৈ থকা দ্বিতীয় শ্ৰেণীটো লাহে লাহে নিষ্ক্ৰিয় হৈ আহিছে; এতিয়া তেওঁলোকে নিৰপেক্ষতা অৱলম্বন কৰিছে আৰু হয়তো এনেদৰে চলি থাকিলে এদিন তেওঁলোকে তৃতীয় শ্ৰেণীটোৰ সৈতে হাত মিলাবগৈ, যিটো বৰ্তমানৰ আন্দোলনৰ কালছোৱাত ঠায়ে ঠায়ে ঘটা পৰিলক্ষিত হৈছেই। এইখিনিতে আমি কাছাৰৰ (কাছাৰ বোলোঁতে বৰ্তমানৰ কৰিমগঞ্জ আৰু কাছাৰ দুয়োখন জিলাকে বুজোৱা হৈছে) প্ৰশ্নটো আনিব খুজিছোঁ।

কাছাৰৰ কথা উনুকিওৱাৰ মুহূৰ্তত এইটো আমি দুখেৰে স্বীকাৰ কৰি ল’ব লাগিব যে, ইমানদিন ধৰি অসমৰ এটি অংগ হৈ থকা কাছাৰখনৰ বিষয়ে, কাছাৰৰ জনসাধাৰণৰ বিষয়ে আমাৰ কোনো ধাৰণাই নাই বুলিব পাৰি। আনহাতে কাছাৰৰ সাধাৰণ ৰাইজেও ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে অদ্ভুত ধাৰণা এটি লৈ বহি আছে। কাছাৰলৈ গৈ প্ৰথম আমি উপলব্ধি কৰিছিলোঁ, মাত্ৰ দুশ মাইলৰ ব্যৱধানতে যদি আমাৰ মাজত ইমান এটা ডাঙৰ Information gap থাকে, তেনেহ’লে ইমানখিনি ভুল বুজাবুজি হোৱাটোতো তেনেই স্বাভাৱিক! আৰু, স্বাৰ্থপৰ ৰাজনৈতিক নেতাসকলে তাৰ সুবিধা নল’বই বা কিয়? কথাখিনি আলোচনা কৰাৰ আগেয়ে কাছাৰৰ ইতিহাস অলপ থুলমূলকৈ অলোচনা কৰি থোৱা ভাল।

বৃটিছসকল অহাৰ আগলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৈতে কাছাৰৰ বিশেষ কোনো সম্পৰ্ক কেতিয়াও নাছিল। আহোমে কছাৰীসকলক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা খেদি পঠিওৱাৰ পাছত তেওঁলোকে কাছাৰত ৰাজত্ব কৰিবলৈ লয়। কছাৰীসকলৰ শেষ ৰজা গোবিন্দ চন্দ্ৰ। ১৮১৯ চনত মণিপুৰৰ ৰজাই কাছাৰ আক্ৰমণ কৰে আৰু ৰজা গোবিন্দ চন্দ্ৰই ছিলেটলৈ পলাই গৈ বৃটিছৰ আশ্ৰয় লয়। ১৮২৪ চনত মানবিলাকে অসম আক্ৰমণ কৰাৰ সময়ত কাছাৰো আক্ৰমণ কৰে। মানবিলাকে ছিলেটলৈকো অগ্ৰসৰ হ’ব পাৰে বুলি ভয় খাই বৃটিছ চৰকাৰে কাছাৰখন মানৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ মনস্থ কৰে। সেই উদ্দেশ্যে বৃটিছ চৰকাৰে ১৮২৪ চনৰ ৬ মাৰ্চত গোবিন্দ চন্দ্ৰৰ সৈতে বদৰপুৰত সন্ধি কৰে। মানবিলাকক কাছাৰৰ পৰা খেদি পঠিওৱাৰ পাছত সন্ধিৰ চৰ্তমতে বছৰি দহহেজাৰ টকাৰ বিনিময়ত গোবিন্দ চন্দ্ৰক কৰতলীয়া ৰজা হিচাপে কাছাৰৰ সিংহাসনত বহুওৱা হয়। কিন্তু ১৮৩০ চনত মণিপুৰীবিলাকে গোবিন্দ চন্দ্ৰক হত্যা কৰে আৰু উপযুক্ত উত্তৰাধিকাৰী নোহোৱা হেতুকে ১৮৩২ চনত কাছাৰ বৃটিছৰ হাতলৈ যায়। তেতিয়াৰে পৰা কাছাৰক ঢাকা ডিভিজনৰ অন্তৰ্ভুক্ত কৰা হয়। ১৮৭৪ চনতহে কাছাৰ আৰু ছিলেটক অসমৰ অন্তৰ্ভুক্ত কৰা হয়। তাৰ পাছৰে পৰা কাছাৰ আৰু ছিলেট বৃটিছ প্ৰশাসনৰ দিশত অসমৰ এটা অংগ হৈ পৰিল যদিও অইনক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৈতে সেইবোৰৰ কোনো সম্পৰ্ক স্থাপিত হোৱা নাছিল। বৰঞ্চ, ব্ৰহ্মপুত্ৰ আৰু সুৰমা উপত্যকাৰ মাজত তেতিয়াৰে পৰা সকলো ক্ষেত্ৰত সমানে প্ৰতিদ্বন্দ্বিতা চলিছিল। বহুক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকাই সেও মানিবলগীয়াও হৈছিল।আৰু ছিলেটখন গুচি যোৱাৰ পাছতো সেই প্ৰতিদ্বন্দ্বিতাৰ মনোবৃত্তি থাকি গ’ল, যাৰ নিমিত্তে এতিয়া আমি ১৪ খন জিলাৰ সৈতে দুখন জিলাৰ তুলনা কৰোঁ।

বৃটিছৰ দিনত প্ৰশাসনৰ পিনৰ পৰাহে কাছাৰ অসমৰ অংগ আছিল। কিন্তু কংগ্ৰেছৰ সংগঠনৰ দিশৰ পৰা স্বাধীনতাৰ সময়লৈকে কাছাৰ সদায় বংগৰ প্ৰাদেশিক কংগ্ৰেছৰহে অন্তৰ্ভুক্ত আছিল। অসম প্ৰাদেশিক কংগ্ৰেছৰ সৈতে কাছাৰৰ কোনো সম্পৰ্ক নাছিল। কাৰণ, কংগ্ৰেছ দলৰ সংগঠন সদায় ভাষাৰ ভিত্তিতহে বিভক্ত কৰা হৈছিল। স্বাধীনতা লাভৰ পাছত কাছাৰৰ আঞ্চলিক কংগ্ৰেছ দলে অসমৰ পৰা পৃথক হৈ যোৱাৰ দাবী তোলে। তেওঁলোকে কাছাৰ, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামক লৈ এখন সুকীয়া প্ৰাদেশিক চৰকাৰ গঠনৰ নিমিত্তে ‘পূৰ্বাচল আন্দোলন’ আৰম্ভ কৰে। ১৯৪৮ চনৰ ছেপ্টেম্বৰ মাহত বহা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সভাই এটি প্ৰস্তাৱযোগে এই দাবী মানি লয়। কিন্তু অসমৰ কংগ্ৰেছ নেতৃবৰ্গই হিন্দু মহাসভা আৰু মুছলিম লীগৰ সমৰ্থনত এই প্ৰস্তাৱৰ বিৰোধিতা কৰে। তেতিয়া কাছাৰত হিন্দু মহাসভাৰ নেতা আছিল হেম চক্ৰৱৰ্তী আৰু মুছলিম লীগৰ নেতা আছিল মইনুল হক চৌধুৰী। এওঁলোকৰ দাবীতে ১৯৪৮ চনৰ ডিচেম্বৰত কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে পুৰ্বৰ প্ৰস্তাৱ নাকচ কৰি লয়। ফলত কাছাৰ অসমৰে অংগ হৈ থাকিল আৰু ১৯৪৮ চনত কাছাৰৰ বাবে নতুন তদৰ্থ কংগ্ৰেছ কমটী এখন গঠন কৰি দিয়া হয়। উল্লেখযোগ্য যে এই সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত বহুতেই কাছাৰৰ পৃথকীকৰণৰ পোষকতা কৰিছিল। ছিলেটৰ এটা অংশ অসমত সাঙুৰি ল’ব খোজাৰ সন্দৰ্ভত অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে Assam Tribune অ’ত লিখিছিলঃ

“It is our definite opinion that whatever sense there has been in retaining Syllet as a whole in Assam, there is no justification whatsoever in these.Cachar and Syllet leaders trying to retain a few Hindu majority ‘thanas’ of the district within Assam. Nor can the boundary commission, in  our opinion grant this demand. There is little sense in trying to retain the junior partner of Syllet – the Cachar plains, at any rate Hailakandi, Sub-division—in Assam’’

ইয়াৰ পাছত যেতিয়া ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰা হয়, তেতিয়া কাছাৰৰ জনসাধাৰণে পুনৰ পৃথক ৰাজ্যৰ দাবী তোলে। ১৯৫৪ চনৰ ২৮ মে’ তাৰিখে ৰাজ্য পুনৰগঠন আয়োগলৈ দিয়া এখন প্ৰতিবেদনত কোৱা হয়ঃ

“যোৱা সাত বছৰৰ বঞ্চনা আৰু কঠোৰ অভিজ্ঞতাই কাছাৰৰ প্ৰায়বোৰ মানুহকে বিশ্বাস কৰিবলৈ বাধ্য কৰাইছে যে অসমৰ লগত থাকিলে কাছাৰৰ ভৱিষ্যৎ শাস্তিময় হ’ব। এনে অৱস্থা সহানুভূতিৰ অভাৱৰ কাৰণে হ’ব পাৰে, ভাষা, সংস্কৃতি আৰু অন্যান্য দৈনন্দিন কথাৰ ভিন্নতাৰ কাৰণে হ’ব পাৰে, অসমীয়াসকল আৰু আমাৰ মাজত থকা পৰ্বতমালাই সৃষ্টি কৰা ভৌগোলিক বাধাৰ কাৰণে হ’ব পাৰে, বা সদৌশেষত,– বৰ্তমান অসমৰ হৰ্তা-কৰ্তা হৈ থকাসকলৰ দূৰদৃষ্টি আৰু শাসনৰ দক্ষতাৰ অভাৱৰ কাৰণে হ’ব পাৰে। …. এটা কথাত আমি নিশ্চিত যে অসমৰ লগত থাকোঁতে কাছাৰৰ যি হৈছে, অইন কোনো নতুন ৰাজ্যৰ লগত তাতকৈ বেয়া একো হ’ব নোৱাৰে। জিলাখনৰ মানুহ আজি কেৱল অসন্তুষ্টই নহয়, তেওঁলোক আজি বাস্তৱিকতে হতাশাৰ শেষ প্ৰান্তত। তেওঁলোকে আজি যদি এটা অন্ধ গলি আৰু এখন অজান দেশৰ মাজেদি যোৱা এটা মুক্ত পথৰ মাজৰ যিকোনো এটা বাছি ল’বলগীয়া হয়, তেন্তে কিছু পৰিমাণৰ সম্ভাব্য ক্ষতি মানি লৈও তেওঁলোকে পিছৰটোকে বাছি লোৱাটো অধিক জ্ঞানীৰ কাম হ’ব।”

প্ৰতিবেদনখনত আৰু কোৱা হয়ঃ “যদিও অসম উপত্যকাত ব্যক্ত কৰা মতামতৰ কথা ক’ব নালাগে, কাৰণ আমি যি মত ব্যক্ত কৰোঁ, অসমীয়াসকলে স্বাভাৱিকতে তাৰ বিপৰীত মত ব্যক্ত কৰিব, — তথাপি কওঁ:  (ক) একাংশ অসমীয়া লোকে কাছাৰ বাদ দিয়াৰ বিৰোধিতা নকৰে,–এইটো তেওঁলোকৰ কাৰণে এটা আকাংক্ষিত নিষ্কৃতি; তাৰ বিকল্পৰূপে তেওঁলোকে বুজে দমন, ঔপনিবেশিক পদ্ধতিৰ অধিকাৰ আৰু (খ)আন এটা অংশ ইমান দূৰলৈ যায় যে তেওঁলোকে কিছুমান মৌলিক অধিকাৰ মচি ভাৰতীয় সংবিধানৰ সংশোধন কৰিবলৈকে বিচাৰে—যাতে তেওঁলোকে সেই দমন কাৰ্যকৰী কৰিব পাৰে,–যাতে অসমীয়াৰ ইচ্ছা প্ৰকোপযুক্ত হৈ থাকিব পাৰে, আৰু তেওঁলোকৰ ভাষা-সংস্কৃতি আৰু তেওঁলোকে যি বিচাৰে সকলো অনাঅসমীয়াৰ ওপৰত জাপি দিব পাৰে…।”

উল্লেখযোগ্য যে এই সময়ত কাছাৰৰ প্ৰায় সকলো সম্প্ৰদায়েই পৃথকীকৰণ সমৰ্থন কৰিছিল। কিন্তু অসমৰ নেতৃবৰ্গই আকৌ তাৰ বিৰোধিতা কৰে। ১৯৬৭ চনত অসমক পুনৰগঠন কৰাৰ সময়ত পুনৰ কাছাৰৰ পৃথকীকৰণৰ দাবী তোলা হয়, কিন্তু চৰকাৰে দাবী মানি নল’লে। তেতিয়াৰ পৰা আৰু কাছাৰত পৃথকীকৰণৰ দাবী তল পৰি আহিল। এতিয়া কাছাৰত Union Territory Demand Committee নামৰ সংগঠন এটা আছে যদিও তাৰ বিশেষ প্ৰভাৱ আমাৰ চকুত নপৰিল।

মহীতোষ পুৰকায়স্থক লগ ধৰোঁতে তেখেতে স্পষ্ট ভাষাত ক’লেঃ “এতিয়া আৰু আমি পৃথক হোৱাৰ দাবী নিজে কেতিয়াও নকৰোঁ। কিন্তু অসমৰ ৰাইজে যদি ভাবে কাছাৰখন পৃথক হোৱাতেই আসমৰ মংগল, তেন্তে আমাৰ আপত্তি নাই।”

কাছাৰৰ ৰাইজে যেতিয়া নিজেই পৃথক হৈ যোৱাৰ পোষকতা কৰিছিল, আমি প্ৰকাশ্যে তাৰ বিৰোধিতা কৰিছিলোঁ। মানচিত্ৰৰ প্ৰেমত পৰি কাছাৰখন আমি ৰাখিব খুজিছিলোঁ সঁচা, কিন্তু একে সময়তে কাছাৰক অসমৰ অবিচ্ছেদ্য অংগৰূপে গঢ়ি তোলাৰ প্ৰয়াসো কৰা নাছিলোঁ। আৰম্ভণিৰে পৰা আমি কাছাৰখনক ‘Cannot be dealt with’—জাতীয় অঞ্চলৰূপেই গণ্য কৰি আহিছো।কাছাৰৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বসাধাৰণ ৰাইজৰ তেনেকুৱা কোনো সম্পৰ্কই নাই। শিলচৰৰ ছাত্ৰ নেতা হিমাশীষ ভট্টাচাৰ্যৰ সৈতে কথা হৈছিলোঁ। হিমাশীষে কৈছিল, — “আপুনি যে এনেকৈ আহিছে, আমি বৰ ভাল পাইছো। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজক আমি বহুতো কথাই ক’ব খোজোঁ। কিন্তু, কথা হোৱাৰ মাধ্যম নাই। আমাৰ বক্তব্য দাঙি ধৰিবলৈ আমি কলিকতাৰ প্ৰেছলৈ যাবলগীয়া হয়,– ফলত কথাবোৰ বিকৃত হৈ যায়।” হিমাশীষে আৰু কৈছিলঃ ‘আছু যদি এবাৰ শিলচৰলৈ আহিলেহেঁতেন, তাতকৈ আনন্দৰ কথা আৰু কি হ’লহেঁতেন। এই বিষয়ে আমি পাছত আলোচনা কৰিম।

অসমত অসমীয়া ৰাইজৰ সংখ্যাগৰিষ্ঠ মৰ্যদা সম্বন্ধে কাছাৰৰ বঙালী ৰাইজৰ ভিন্ন মত। শিলচৰৰ পৰা প্ৰকাশিত ‘Mercury’ নামৰ সাপ্তাহিক এখনৰ ২০/৪/৮৩ সংখ্যাত লিখিছে।

‘The Assamese did not show any chauvinism so long as they were conscious of the fact that Assam is a land of plural Society and that the Assamese formed one of the communities and not the dominant community in this province. In 1931 they formed only 41 pc. of the population…. If the Assamese really formed 60 to 70 pc. of the population in Assam, their dominance would have been beyond question. But unfortunately for them their number do not justify the claim ‘Assam for the Assamese’.

প্ৰাক্তন সংসদী সদস্য নুৰুল হুদাক সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিলঃ ‘We welcome the emergence of Assamese nationality and wish speedious development of their culture, — Assamese language must find a firm place in entire Assam, but other languages should not be neglected’.

শিলচৰৰ এচাম বঙালী ৰাইজে এসময়ত নিজৰ উদ্যোগত ৰঙালী বিহু পাতিছিল, অ’ মোৰ আপোনাৰ দেশ….. গাইছিল। কিন্তু এতিয়া সেইবোৰ নাই। দেৱব্ৰত দত্তৰ ভাষাত—“১৯৬০ চনৰ ভাষা আন্দোলনৰ পাছৰে পৰা মানুহৰ মনবোৰ বিষাক্ত হৈ গ’ল।” ব্ৰহ্মপুত্ৰ উপত্যকাত আমি অসমীয়া ভাষাৰ হকে প্ৰাণ দিয়াসকলৰ স্মৃতিত শ্বহীদ দিৱস পতাৰ দৰেই কাছাৰৰ ৰাইজে প্ৰতিবছৰে ১১ মে’ৰ দিনা বঙলা ভাষাৰ হকে প্ৰাণ দিয়া ১১জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰে।১৯৬১ চনত গৃহীত হোৱা Assam Official Language Act অত এটা দফা আছিল যে কাছাৰৰ কোনো অঞ্চলৰ স্থানীয় পৰিষদে যদি সেই অঞ্চলত অসমীয়া ভাষাৰ পোষকতা কৰে, তেন্তে দুই-তৃতীয়াংশ  সদস্যৰ সৰ্মথনত সেইটো কৰিব পৰা যাব। ইয়াৰ প্ৰতিবাদত কাছাৰত ভাষা আন্দোলন কৰা হয়। আৰু শেষত তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ হস্তক্ষেপত কাছাৰত বঙলা ভাষাক চৰকাৰী ভাষাৰূপে গ্ৰহণ কৰা হয়। ১৯৭২ চনত অসমৰ বিশ্ববিদ্যালয়সমূহত অসমীয়াক একমাত্ৰ মাধ্যমৰূপে লোৱা সিদ্ধান্তৰ পৰিপেক্ষিতত কাছাৰত আকৌ হুলস্থূল হয়। পাছত ইংৰাজী ভাষাকো দহ বছৰৰ নিমিত্তে শিক্ষাৰ মাধ্যম ৰূপে ৰখাৰ সুবিধা কৰা হয়।

বৃটিছ চৰকাৰে কাছাৰ আৰু ছিলেটক অসমৰ সৈতে সাঙুৰি দিয়াৰ এটা বোধকৰোঁ উদ্দেশ্য আছিল – এই অঞ্চলৰ বিপৰীত জনমতে যাতে ব্ৰহ্মপুত্ৰ উপত্যকাত ক্ৰমান্বয়ে গা-কৰি উঠা শক্তিশালী জনমতক কিছু পৰিমাণে নিস্তেজ কৰি ৰাখিব পাৰে। আৰু স্বাধীনতাৰ পাছত নতুন দিল্লী তথা অসমৰ এচাম ৰাজনীতিবিদে সেই ৰূপতে কাছাৰক ব্যৱহাৰ কৰি গ’ল। যিহেতু দু্য়োটা উপত্যকাৰ সাধাৰণ ৰাইজৰ মাজত ভাবৰ আদান-প্ৰদানৰ কোনো মাধ্যমেই আমি গঢ়ি তুলিব নোৱাৰিলোঁ, গতিকে আমাৰ মাজত থকা ব্যৱধান বাঢ়ি গৈ থাকিল। এচাম ৰাজনৈতিক নেতাৰ চাতুৰীয়ে দু্য়োটা উপত্যকাৰ জনসাধাৰণক দুটা বিপৰীত দিশলৈ টানি লৈ গ’ল। ব্ৰহ্মপুত্ৰ উপত্যকাত কিবা এটা জনমত উঠিলে কাছাৰত তাৰ বিপৰীত প্ৰতিক্ৰিয়াই হ’বই। তাতে আকৌ এটা information gap আছেই;– ব্ৰহ্মপুত্ৰ উপত্যকাত ঘটা কিবা এটা সৰু ঘটনায়েই এশটা ৰহণ লৈ কাছাৰৰ জনসাধাৰণৰ কাণত পৰেগৈ। তেনেদৰে, কাছাৰৰ পৰা অহা আধা সঁচা আধা মিছা বাতৰিয়েও সদায় ব্ৰহ্মপুত্ৰ উপত্যকাত চাঞ্চল্যৰ সৃষ্টি কৰে। অসমৰ জীৱন যাত্ৰাৰ সৈতে কাহানিও কোনো সম্পৰ্ক নথকা কাছাৰখনক ১৯৪৭ চনৰ পাছত মানচিত্ৰৰ প্ৰেমত পৰিয়েই হওক, অথবা অইন কাৰণতে হওক, আমি যদি অসমৰ সৈতে ৰাখিবলৈ বিছাৰিছিলোঁ, তেন্তে সেইমতে অঞ্চলটোক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টা চলাব লাগিছিল। কিন্তু যোৱা ৩৫ বছৰে আমি তেনে কোনো প্ৰচেষ্টা নচলালোঁ।

বিদেশী নাগৰিকৰ সমস্যাৰ পটভূমিত সমস্ত ব্ৰহ্মপুত্ৰ উপত্যকাজুৰি যোৱা চাৰি বছৰে চলা আন্দোলনৰ পৰিপেক্ষিতত কাছাৰে সম্পূৰ্ণ নীৰৱ ভুমিকা ল’লে। কাছাৰত যে বাহিৰাগতৰ অনুপ্ৰৱেশৰ দ্বাৰা সমস্যাৰ সৃষ্টি হোৱা নাই, সেইটো নহয়। ১৯৪১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত কাছাৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় শতকৰা ৯০ ভাগ। ১৯৪১ চনত কাছাৰত জনবসতিৰ ঘনত্ব আছিল প্ৰতিবৰ্গ কিলোমিটাৰত ১২৯ জন; ১৯৭১ চনত এই সংখ্যা হয়গৈ ২৪৬।কিন্তু তথাপি আন্দোলনৰ সময়ত কাছাৰৰ ৰাইজ নীৰৱ হৈ থাকিল।১৯৮০ চনত আৰু ১৯৮৩ চনত কাছাৰৰ ৰাইজে সক্ৰিয়ভাৱে সাধাৰণ নিৰ্বাচনত অংশ লয়।ইয়াৰ দ্বাৰা পুৰণি কথা এটাকে নতুনকৈ প্ৰমাণিত হ’ল,– দু্য়োটা উপত্যকাৰে সাধাৰণ জনমতৰ মাজত পাৰ্থক্য আগতেও আছিল, এতিয়াও আছে।

আন্দোলনৰ কাৰ্যপন্থাৰ কথা বাৰু বাদ দিলোঁ–, মূল দাবীটোৰ প্ৰতি কাছাৰৰ ৰাইজৰ নৈতিক সমৰ্থন আছেনে?

আছে। বিদেশী নাগৰিক অসমত থকাটো কাছাৰৰ ৰাইজেও নিবিচাৰে। কিন্তু বিদেশী নাগৰিকৰ সংজ্ঞাটোৱেই তেওঁলোকৰ বাবে বেলেগ। ঐতিহাসিক কাৰণতে কাছাৰৰ ৰাইজৰ ছিলেটৰ প্ৰতি দুৰ্বলতা আছে। তেতিয়াৰ পূব পাকিস্তান অথবা বৰ্তমানৰ বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনক কাছাৰৰ বঙালী ৰাইজে সিমান এটা ভয়াৱহ বুলি গণ্য নকৰে। কাৰণ তেওঁলোক নিজেই কাছাৰলৈ অহা এশ বছৰ হৈছে মাথোন। বঙালী হিন্দুখিনিৰ মত হ’ল যিকোনো সময়তে হিন্দুলোক ভাৰতবৰ্ষলৈ অহাৰ অধিকাৰ আছে।গতিকে, তেওঁলোকে দিয়া বিদেশীৰ সংজ্ঞা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাধাৰণ জনমতে পোষকতা কৰি অহা বিদেশীৰ সংজ্ঞাৰ মাজত পাৰ্থক্য আছে। ধৰ্মৰ ভিত্তিত অসমৰ ৰাইজে বিদেশীৰ শ্ৰেণীবিভাগ কৰিব নোৱাৰে।

অৱশ্যে কাছাৰৰ সকলো লোকৰে যে বিদেশী নাগৰিকৰ সমস্যাটোৰ প্ৰতি সেই একে মনোবৃত্তি, সেইটো নহয়।আমি আকৌ দ্বিতীয় শ্ৰেণীটোৰ বঙালীসকলৰ কথা ক’ব পাৰোঁ। কাছাৰৰ অনেক থলুৱা বঙালীৰে পূৰ্ববংগৰ প্ৰতি থকা আগৰ আনুগত্য আৰু নাই;– বৰ্তমানৰ অবৈধ প্ৰব্ৰজনক তেওঁলোকে থলুৱা ৰাইজৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা বুলিয়েই ভাবে। তদুপৰি কাছাৰৰ থলুৱা বিষ্ণুপুৰীয়া মণিপুৰী, কছাৰী, ডিমাচা আদি সম্প্ৰদায়বোৰেও অবৈধ প্ৰব্ৰজনৰ বিৰোধিতা কৰে। গতিকে, কাছাৰতো এই বিষয়ে এটা সুস্থ জনমত গঢ়ি তুলিব পৰা গ’লহেঁতেন। কিন্তু উপযুক্ত মাধ্যমৰ অভাৱত আমি এওঁলোকৰ ওচৰ চাপিব নোৱাৰিলোঁ। আৰম্ভণিৰে পৰা প্ৰতিক্ৰিয়াশীল চক্ৰ এটাই গোটেই আন্দোলনটোক বঙালী খেদা আন্দোলনৰ ৰং দিলে।শিলচৰত বহুতকে লগ পাইছিলোঁ যিসকলে আন্দোলনটোৰ বিৰোধিতা কৰে, কিন্তু কিয় কৰে নাজানে। দু্য়োটা উপত্যকাৰ ছাত্ৰসমাজৰ মাজত কোনো সম্পৰ্ক নাই। সদৌ অসম ছাত্ৰ সন্থাই অসমৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে প্ৰতিনিধিত্ব কৰে; কিন্তু আজিকোপতি ইয়াত কাছাৰৰ প্ৰতিনিধি নাই। অথবা আজিলৈকে কেতিয়াবা ছাত্ৰ সন্থাই কাছাৰৰ ছাত্ৰসমাজৰ সৈতে যোগাযোগৰ চেষ্টা চলোৱাৰ কথাও আমি শুনা নাই। জি, চি, কলেজৰ স্নাতক মহলাৰ ছাত্ৰ সুদীপ ভট্টাচাৰ্যই কৈছিলঃ “আছুৱে কি বিচাৰে দৰাচলতে আমি একো নাজানোৱেই। তেওঁলোকৰ সৈতে এবাৰ আলোচনাত বহিব পৰাহেঁতেন ভাল আছিল। দু্য়োটা উপত্যকাৰ ছাত্ৰসকলৰ মাজত সহযোগিতা থকাটো আমি নিশ্চয় বিচাৰো।” হিমাশীষে কৈছিল “আছুক আমি ‘বড় ভাই’ বুলি ভাবোঁ। অসমৰ কথা আমি চিন্তা কৰোঁ। আছু যদি এবাৰ শিলচৰলৈ আহিলহেঁতেন, তাতকৈ আৰু আনন্দৰ কথা কি হ’লহেঁতেন?”

সুদীপ, হিমাশীষৰ কথাত আমাৰ মনলৈ এটা কথা আহিছিল, — আছুৱে যদি আন্দোলনৰ সমৰ্থন বিছাৰি বিহাৰৰ ছাত্ৰৰ ওচৰলৈ যাব পাৰে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা নৈতিক সমৰ্থন বিচাৰিব পাৰে, তেন্তে এবাৰ কাছাৰৰ পৰা অহাত আপত্তি কি আছিল? উপযুক্ত পৃষ্ঠপোষকতাৰ অভাৱত দ্বিতীয় শ্ৰেণীৰ বঙালীখিনিয়ে যোৱা আন্দোলনৰ সময়ত নীৰৱ দৰ্শকৰ ভূমিকা ল’লে; সময়ে সময়ে তৃতীয় শ্ৰেণীটোৰ সৈতে হাত মিলালে।

যিকোনো বিষয়তে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু কাছাৰৰ জনমতৰ মাজত থকা মতভেদলৈ লক্ষ্য ৰাখি অনেক চিন্তাবিদে কাছাৰৰ পৃথকীকৰণৰ সপক্ষে যুক্তি আগবঢ়াইছে। অধ্যাপক ভবেন বৰুৱাৰ মতেঃ

“কাছাৰৰ জিলাখনক অসমৰ পৰা অবিলম্বে বিচ্ছিন্ন কৰিব লাগে।… স্বাধীনতা আন্দোলনৰ সময়ত কাছাৰ জিলাখন আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটীৰ অধীনত নাছিল। অসমৰ ভালেমান বিশিষ্ট নেতাই এই জিলাখনক ছিলেট জিলাৰ (বৰ্তমান বাংলাদেশৰ অংশ) লগতে পূৰ্বকালীন বেংগল প্ৰদেশলৈ হস্তান্তৰিত কৰাৰ কথা ভাবিছিল। দ্বিতীয়তে, ষ্টেট লেংগুৱেজ এক্ট অৱ আছামে কাছাৰক ইতিমধ্যে এখন বেলেগ ভাষাভাষী জিলাৰ মৰ্যদা দিছেই।তৃতীয়তে, ১৯৭১ চনৰ পিয়ল মতেও সেই জিলাৰ মুঠ জনসংখ্যাৰ শতকৰা ৭৮ ভাগ বাংলাভাষী আৰু শতকৰা ০.৪ (দশমিক চাৰি) ভাগহে অসমীয়াভাষী। …. কাছাৰক বাদ দিলে এনে এখন অসম হ’ব—য’ত ১৯৭১ চনৰ পিয়ল মতে অসমীয়া লোক সংখ্যা হ’ব মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় ৭১ ভাগ।’

এই যুক্তিটোৰ বিৰোধিতা আমি কৰিব নোৱাৰোঁ। কিন্তু ডাঙৰ কথা হ’ল, বিষয়টো এতিয়া ইমান সহজ হৈ থকা নাই।অধ্যাপক বৰুৱাদেৱৰ যুক্তিটো ১৯৭১ চনৰ লোকপিয়লৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু যোৱা দহবছৰত আমাৰ demographic structure যথেষ্ট সলনি হ’ল।অবৈধ বিদেশীখিনিৰ কথা বাদ দিলেও ব্ৰহ্মপুত্ৰ উপত্যকাত বঙলাভাষীৰ সংখ্যা তুলনামূলকভাৱে আগতকৈ নিশ্চয় বৃদ্ধি পাইছে। তদুপৰি, দ্বিতীয় শ্ৰেণীটোৰ বহু বঙালী লোকে, যি, ১৯৭১ চনত নিজকে অসমীয়া বুলি চিনাকি দিছিল, এতিয়া তেওঁলোকে কি মত লয়, সেইটোও বিতৰ্কিত বিষয়। তেনে পৰিপেক্ষিতত কাছাৰৰ পৃথকীকৰণৰ পাছত নতুন অসমত অসমীয়াভাষীৰ সংখ্যা কিমান শতাংশ হ’বগৈ এতিয়া অনুমান কৰা টান।

তদুপৰি, কাছাৰৰ সকলো বাসিন্দাই এতিয়া এই পৃথকীকৰণ মানি নল’ব। পৃথক হৈ গ’লে কাছাৰৰ অবঙালী থলুৱা বাসিন্দাসকলে এতিয়া লাভ কৰি অহা নিৰাপত্তা হেৰুৱাই পেলাব পাৰে বুলি ভয় কৰে। গতিকে তেওঁলোকে সদায়ে অসমত থাকিবলৈ বিচাৰে। কাছাৰৰ বঙালী ৰাইজে এতিয়া পৃথকীকৰণ নিবিচৰাৰ কাৰণ কেইবাটাও।প্ৰথম কাৰণ হ’ল, অসমৰ পৰা আঁতৰি গ’লে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা চাকৰিৰ অপৰ্যাপ্ত সা-সুবিধাবোৰ তেওঁলোকে হেৰুৱাব। কাছাৰৰ ৰাইজৰ আৰু এটা চিন্তা, কাছাৰখন পৃথক হৈ যোৱাৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বঙালীখিনিৰ অৱস্থা কি হ’ব? তেওঁলোকে আগৰ দৰেই সংখ্যালঘুৰ সুবিধাবোৰ পাবনে? নে, কাছাৰখন যিহেতু ভাষাৰ ভিত্তিত বিভক্ত কৰা হ’ব, গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বঙালী ৰাইজক কাছাৰলৈ যাবলৈ বাধ্য কৰোৱা হ’ব? তদুপৰি, ধৰ্মৰ বিষয়ত কাছাৰবাসী অত্যন্ত সচেতন।ধৰ্মৰ ভিত্তিত জাতি গঠন হোৱাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। কিন্তু যোৱা কেইবছৰত বিভিন্ন ৰাজনৈতিক দলে যিটো গতিত অসমত ধৰ্মৰ নামত ৰাজনীতি খেলিবলৈ লৈছে, তালৈ চাই এই দিশটো একেবাৰে এৰি গ’লে আমি বোধকৰোঁ বাস্তৱৰ পৰা আঁতৰি যোৱাৰ নিচিনাহে হ’ব।কাছাৰত হিন্দু-মুছলমানৰ মাজত শীতল-যুদ্ধ সদায়ে চলি আছে। কাছাৰৰ ভালেমান বঙালী মুছলমান অসমৰ পৰা পৃথক হৈ যোৱাটো এই কাৰণেই নিবিচাৰে যে ইয়াৰ দ্বাৰা কাছাৰত বঙালী হিন্দুৰ আধিপত্য বাঢ়ি যোৱাৰ সম্ভৱনা।বঙালী হিন্দুখিনিৰ মাজতো ঠিক বিপৰীত ভয়টো আমি লক্ষ্য কৰিছিলোঁ,–আৰু সেই কথাটো স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল। মুঠৰ ওপৰত কাছাৰৰ অধিকসংখ্যক ৰাইজে এতিয়া অসমৰ পৰা পৃথক হ’বলৈ নিবিচাৰে। গতিকে কথা হ’ল, বাস্তৱ ক্ষেত্ৰত যিহেতু অসমৰ ভাগ্য নিয়ন্ত্ৰণ নতুন দিল্লীয়েহে কৰে, অসমৰ ৰাইজে নকৰে; তেনেস্থলত নতুন দিল্লীয়ে কাছাৰৰ পৃথকীকৰণৰ ৰায় মানি ল’বনে? কাছাৰখন অসমত থকাত নতুন-দিল্লীৰ লাভ হৈছে এই কাৰণেই যে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ শক্তিশালী জনমতক কাছাৰে সদায় সংযত কৰি আহিছে।– ঠিক বৃটিছ চৰকাৰে পোষণ কৰি অহা divide and rule policy ৰ নিচিনাই হৈছে নতুন-দিল্লীৰ নীতি।

তাতোকৈ ডাঙৰ কথা, কাছাৰৰ পৃথকীকৰণে অসমলৈ এটা বেয়া উদাহৰণ আনি দিব। অসমত আজি ইখনৰ পাছত সিখন ৰাজ্যৰ দাবী উঠিয়েই আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজে যদি অনা-অসমীয়াৰ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিতেই কাছাৰৰ পৃথকীকৰণৰ দাবী তোলে, তেন্তে পাছত অইন নতুন নতুন ৰাজ্যৰ বাবে উঠা দাবীবোৰ উলাই কৰাটো টান হৈ পৰিব। অসমৰ ৰাইজে এই দিশটোৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰখা উচিত বুলি আমি ভাবোঁ।

মুঠৰ ওপৰত, কাছাৰক লৈ হোৱা সমস্যাৰ সন্দৰ্ভত অসমৰ ৰাইজ শীঘ্ৰেই এটি সিদ্ধান্তত উপনীত হোৱাটো নিতান্তই প্ৰয়োজনীয়। গোটেই বিষয়টো ঢাকি-ঢুকি ৰখাৰ প্ৰয়াস নকৰি খোলাখুলিকৈ আলোচনা কৰাতহে অসমৰ মংগল। যদিহে অসমৰ ৰাইজে বিচাৰে যে কাছাৰখন অসমতে থকা উচিত, তেন্তে অঞ্চলটোক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টা চলাব লাগিব। কাৰণ কাছাৰখনক এতিয়াৰ দৰে সুকীয়া গোট এটি হিচাপে সদায় থাকি যাবলৈ দিব নোৱ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক