পৰাচিত – সুনীল দত্ত

আগে আগে কনকে বজাই যোৱা ভোৰতালৰ শব্দত চাৰিওফালে ৰজনজনাই গৈছে৷ চাঙীৰ বাঁহডাল বাওঁ কান্ধৰ পৰা সোঁ কান্ধলৈ সলাই ল’লোঁ৷ ইমানদিন বেমাৰত পৰি থকাৰ পিছতো পিতা অলপো খীণোৱা নাছিল৷ মৰাৰ আগলৈকে মুখৰ মাত দি আছিল৷ মূল পথটো এৰি পথৰুৱা আলিটোৰে নামিলোঁ৷ পথাৰৰ মাজৰ ওখ মাটিটুকুৰাত কঁঠীয়া ছটিওৱাৰ লগতে আলুখেতিও কৰোঁ৷ তাৰেই এচুকত ইতিমধ্যে হৰেন খুৰাহঁতে চিতাখন সাঁজি উলিয়াইছে৷ চিতাখনৰ ওচৰতে পিতাৰ শটো নমাই থ’লোঁ৷ নতুন ধূতিখন পিন্ধি লৈ গাটো তিয়ালোঁ৷ ইতিমধ্যে পিতাৰ লগত একেলগে পালনাম গাই ফুৰা হৰি গাঁওবুঢ়াও আহি পালে৷ পিতাৰ শটো চিতাত উঠালোঁ৷ ওপৰত দুই এডাল কাঠ আৰু বাঁহৰ টুকুৰা জাপি দিলোঁ৷ হৰি গাঁওবুঢ়াই মাত দিলে-
“বাপা, পিতাৰাৰ মুখত হ’লে জুই নিদিবা৷ মহাপুৰুষীয়া মানুহে মুখাগ্নি নকৰে৷ আৰু পিতাৰাৰ সকামো মহাপুৰুষীয়া নিয়মমতেই কৰিব লাগিব৷”
চিতাত জুই দিলোঁ৷ অলপ সময় ধোঁৱাই থাকি দপদপকৈ চিতাত জুই লাগিল৷ মোৰ মূৰৰ ওপৰত ছাঁ দি থকা আঁহতজোপা জুয়ে আগুৰি ধৰিলে৷ অলপ দূৰত বহি চিতাখনত তলমূৰকৈ শুই থকা পিতালৈ চাই থাকিলোঁ৷ জুইত পোৰা পিতাৰ সোঁহাতখন ছিঙি চিতাৰ তলত পৰিল৷ ল’ৰা এজনে বাঁহৰ জোঙা টুকুৰা এটাৰে হাতখন আকৌ চিতাত তুলি দিলে৷ এইখন হাতেৰেই সৰু থাকোতে পিতাই মোৰ পিঠিখনত হাত বুলাই দি শুৱাই থৈছিল৷ জ্বৰ হৈ থকাৰ পিছতো পুখুৰীত সাঁতুৰিবলৈ যোৱাৰ বাবে চেকনীৰে কলাফুলত কোবাইছিল৷ ক’ব নোৱাৰাকৈয়েই চকুহাল সেমেকি আহিল৷ লাহে লাহে শ্মশানৰ ভিৰটো পাতলিল৷ শেষত কুমলীয়া বাঁহৰ চুঙা এটাত পিতাৰ দেহৰ অস্থি লৈ ঘৰমুৱা হ’লোঁ৷ পদূলিলৈ ওচৰৰ হৰমায়া খুৰীয়ে পানী এবাল্টি আৰু ধানখেৰ অলপ লৈ আহিল৷ গাটো তিয়াই খেৰৰ জুইত হাত ভৰি অলপ সেকি ঘৰত সোমালোঁ৷ মোক দেখা পাই আয়ে আকৌ কান্দিবলৈ ধৰিলে৷ পৰিবাৰেও উচুপিবলৈ ধৰিলে৷ মই মনে মনে থাকিলোঁ৷ কান্দক, কান্দিলেহে বুকুখন অলপ পাতল হ’ব৷ পিতা থকা কোঠাটোৰ মজিয়াতে ধানখেৰৰ বিছনা এখন পৰা গ’ল৷ ৰাতি আটাইকেইটাই তাতেই শুলোঁ৷

পিছদিনা ৰাতিপুৱা বহু দেৰিলৈকে ওচৰৰ কাকো নেদেখি অলপ চিন্তিত হ’লোঁ৷ হৰি গাঁওবুঢ়াই ৰাতিপুৱাই আহি দিহা পৰামৰ্শ দি গৈছিল৷ এঘাৰ দিনৰ দিনা পালনাম ধৰি শুদ্ধিকৰণ কৰিব লাগিব আৰু বাৰদিনৰ দিনা তৈলস্পৰ্শ কৰিব লাগিব৷ আমাৰ গাঁৱৰ সকলো মানুহ শাক্ত বাবে ওচৰৰ গাঁৱৰ পৰাই পালনামলৈ মানুহ মাতিবলৈ দিহা দি গাঁওবুঢ়া গ’ল৷ চোতালত বহি থাকোঁতে মন কৰিলোঁ যে ওচৰৰ মানুহবোৰে ৰাস্তাৰে অহা যোৱা কৰি আছে, কিন্তুু কোনেও এবাৰো মুখ ঘূৰাই আমাৰ ঘৰৰ পিনে চোৱা নাই৷ আইক কথাটো ক’লোঁ৷ আয়ে মূৰে কঁপালে হাত দিলে৷ দুপৰীয়া ওচৰৰে হৰেশ্বৰ জেঠাই(জেঠা মানে বৰদেউতা) ৰাস্তাৰ পৰাই মোক মাতিলে৷ ওলাই গ’লোঁ৷ জেঠাই কোৱা কথাখিনিৰ অৰ্থ হ’ল-যিহেতু ওচৰৰ সকলো মানুহ শাক্ত, গতিকে শাক্তৰ নিয়মমতেই সকাম পাতিব লাগিব৷ বাৰদিনত চুৱাই নাযায়, গতিকে সেইদিনা কোনো নাহে৷ পিতা যিহেতু মহাপুৰুষীয়া আছিল গতিকে বাকীখিনি মহাপুৰুষীয়া নিয়মমতে কৰিলেও কথা নাই৷ কিন্তুু তেৰদিনাৰ দিনা গাঁৱৰ ৰাইজক ভোজ নুখুৱালে গাঁৱৰ কোনো মানুহে কেতিয়াও আমাৰ চোতালত ভৰি নিদিয়ে৷ ভিতৰলৈ আহি আইক কথাখিনি ক’লোঁ৷ আয়ে ক’লে-
“ৰাইজখনৰ লগত থাকিবলৈ হ’লে ৰাইজে কোৱামতে কৰিবই লাগিব৷ ৰাইজৰ মতেই চলিব লাগিব বাপু৷”
অৱশেষত বাৰদিনাৰ দিনা ভকতৰ লেঠা মাৰি তেৰদিনৰ দিনা গাঁৱৰ ৰাইজক ভোজ খুৱাই উদ্ধাৰ হ’বলৈ থিৰাং কৰিলোঁ৷ পালনাম আৰু ভকতৰ ভোজৰ দিনা দুশমান মানুহ হ’ব৷ আৰু ৰাইজৰ ভোজৰ দিনা আঠশমান মানুহ হ’ব৷ হিচাপ কৰিলোঁ, অতি কমেও একলাখমান টকা লাগিব৷ ডাকঘৰ, বেংক, হাতে জমা মিলি ত্ৰিশহাজাৰমান টকা হ’ব৷ কিন্তুু বাকীখিনি ক’ৰপৰা যোগাৰ কৰোঁ? জীৱিকা বুলিবলৈ টাউনৰ হস্পিতালৰ সন্মুখত দিয়া সৰু চাহদোকানখনহে৷ অৱশেষত আইক সুধি খেতিৰ মাটি চাৰিবিঘা বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লোঁ৷ যেনেকৈ নহ’লেও বিপদৰ পৰা উদ্ধাৰ হ’বই লাগিব৷ পিতাৰ আত্মাই মুক্তি পাবই লাগিব৷ ওচৰৰে নৰেশ্বৰে পুলিচত চাকৰি পোৱা বছৰচেৰেক হৈছিল৷ নগদ আশীহাজাৰ টকাত সিয়েই মাটিখিনি ল’লে৷

টকাখিনি হাতত পৰাৰ পিছতেই সকামৰ কামত যুদ্ধগতিত লাগিলোঁ৷ লগা মানে ওচৰ চুবুৰীয়াই সহায় কৰিবলৈ উবুৰি খাই পৰিল৷ মই মাথোঁ টকা বিলাই থাকিলোঁ৷
“খবৰ ল’বলৈ অহা মানুহক সুদা বিস্কুটেৰে চাহ দিব পাৰি নেকি? যা, ৰাতুলৰ দোকানৰ পৰা এশখন বৰফি আৰু দুইকিলো বুন্দিয়া ভুজিয়া লৈ আহ৷ মাছ বেপাৰীক ক’বি যে মাছ কিন্তুু সত্তৰ কিলোৰ কম হ’লে নহ’ব আৰু গোটে দুই কিলোতকৈ সৰু মাছ দিলে টকা নিদিওঁ তাক৷ অনিলক ক’বি সৰু খাহী যেন নিদিয়ে৷ ভকতক পালনামত দিবলৈ পঞ্চাশখন ভাল ধূতি কলিতা ষ্টোৰৰ পৰা লৈ আহ, গেঞ্জীও আনিবি৷”-এইবোৰ কথাই এইকেইদিন ঘৰে চোতালে উৰি ফুৰিবলৈ ধৰিলে৷ ওচৰৰে কন্দৰ্প খুৰাই ক’লে যে ওচৰৰ গাওঁখনৰ নাগাৰা নামৰ দলটোক বাৰদিনৰ দিনা নাম ধৰিবলৈ ৰাতি মাতিলে ভাল আছিল৷ এনেয়েতো বাৰদিনৰ দিনাখন সপিণ্ডনৰ নাম ধৰেই৷ আমাৰ যিহেতু নধৰে গতিকে নাগাৰা নামৰ দলটোকেই মাতিব পাৰি৷ খুৰাহঁতে হাবিয়াস কৰিছে যেতিয়া না কেনেকৈ কৰোঁ? মান্তি হ’লোঁ৷ দহদিনৰ দিনা চাৰিআলিৰ বীৰেন্দৰ নাপিতক মাতি চুলিখিনি খুৰালোঁ৷ দহা নকৰিলেও চুলিখিনি নুখুৰালে চোন কিবা লাগি থাকে৷ এঘাৰ দিনৰ দিনা পালনামৰ পিছত ধূতি আৰু গেঞ্জীৰ টোপোলাকেইটা লৈ ভকতসকলে জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দি গ’ল৷ বাৰদিনৰ দিনা তেওঁলোকৰ ৰান্ধনিয়েই ৰান্ধিলে, তেওঁলোকেই বিলালে, খালে৷ খুওৱাত অলপো কাৰ্পণ্য নকৰিলোঁ৷ পনীৰ, বুটৰ দাইল, মাটিমাহৰ দাইল, মগু দাইল, তৰকাৰি, আলুভাজি, পাপৰ, দৈ মিঠাইৰে ভূৰি ভোজন কৰি দীঘলকৈ উগাৰ মাৰি মোক শলাগি ভকতসকল ঘৰমুৱা হ’ল৷ শান্তিৰ উশাহ এটা ল’লোঁ৷ এটা কৰ্মৰ পৰা অন্ততঃ উদ্ধাৰ হ’লোঁ৷ এতিয়া কাইলৈৰ দিনটো ভালে ভালে গ’লেই হয় আৰু৷ ৰাতি নাগাৰা আৰু তালৰ শব্দত মোৰ চোতাল ৰজনজনাই গ’ল৷ ওচৰৰ মানুহেৰে চোতাল ভৰি পৰিল৷ ৰমাকাই ভজা ফুলা লুচি আৰু ৰাতুলৰ দোকানৰ কোমল ৰসগোল্লাৰে চাহ খাই নাম শেষ নহওঁতেই আধা মানুহ ঘৰাঘৰি হ’ল৷ পিছদিনা ভোজ খাবলৈ অহা মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ আঠশ মানুহৰ হিচাপ কৰিছিলো যদিও মানুহৰ সংখ্যাই নশ পাৰ কৰিলে৷ পিছৰ পঞ্চাশজনমান মানুহে মাছ খাবলৈ নাপালে৷ অমৃতক কৈ তেওঁলোকক মাংস অলপ সৰহকৈ দিয়ালোঁ৷ মোৰ সন্মুখতেই ৰাইজে মোক প্ৰশংসা কৰি গ’ল-“খানা কিন্তুু খুৱাইছা দেই বাপু৷ সকলো আঞ্জাই সমান জুঁতিৰ হৈছে৷ মাংসও ইমানেই দিছে যে খাবই নোৱাৰিলোঁ৷ এনেকুৱা ভোজ আমাৰ গাঁৱত বহুদিন কোনেও খুওৱা নাই৷”  ৰাতি সৰু বাকচটো খুলি চালোঁ, সকলো মিলি দুহেজাৰমান টকা আছে৷ কাইলৈৰ পৰা দোকানো খুলিব লাগিব৷ এতিয়া দোকানত লগা চেনি, চাহপাত, ময়দা, ৰিফাইন আনো ক’ৰপৰা৷ বহুত ভাবি শেষত পিছদিনা মানুহবোৰে পিতা ঢুকাওতে খবৰ ল’বলৈ আনোতে লগত অনা চাউল, চেনি আৰু চাগুবোৰ থোৱা বস্তাকেইটা থেলা এখনত তুলি টাউনলৈ নিলোঁ৷ মাৰোৱাৰীৰ গোলাত বস্তাকেইটা দি দোকানত লগা বস্তুবোৰ ল’লোঁ৷ আকৌ দোকান আৰম্ভ কৰিলোঁ৷ দিনবোৰ আকৌ আগৰদৰেই চলিবলৈ ধৰিলে৷ পিছে পিতা নামৰ শব্দটো মোৰ দৈনন্দিন জীৱনৰ পৰা নোহোৱা হ’ল৷

লাহে লাহে বছৰ বাগৰিল৷ আগতে খেতিৰ মাটিখিনি থাকোঁতে ধান চাউল বিক্ৰী কৰিব পাৰিছিলোঁ৷ এতিয়া হাতত মাথোঁ তিনিবিঘা মাটিহে আছে৷ এইবাৰ চাউল কিনিবলগীয়া হ’ল৷ মই দোকান বন্ধ কৰি অহালৈকে আইহঁতে ৰৈ থাকে৷ মই চাউল কিনি আনিলেহে এওঁ পাকঘৰত সোমায়৷ মোৰ চেণ্ডেলযোৰৰ ফিতা দুপাত ছিঙিছে৷ প্লাষ্টিক অলপেৰে গাঁঠি মাৰি তেনেকৈয়েই চলি আছোঁ৷ আইৰ প্ৰচণ্ড কাহ হৈ আছে৷ দৰৱ অকণ আনি দিব পৰা নাই৷ চৰকাৰী দৰৱে কামেই নিদিলে৷ এইকেইদিন তুলসী পাতৰ ৰস খাই থকা মই নিজেই দেখিছোঁ৷ আজি দোকানৰ বিক্ৰী ভাল৷ মনোজৰ ফাৰ্মাচীত সোমাই কাহৰ দৰৱ অলপ ল’লো আইৰ বাবে৷ বজাৰত সোমাই এপোৱা মাংসও কিনিলোঁ৷ ৰাতি ভাতপানী খাই আটাইকেইটা শেতেলীত পৰিলোঁ৷ মাজৰাতি আইৰ কোঠাৰ পৰা ভাঁহি অহা গেঁঙনি শুনি এওঁক জগাই দিলোঁ৷ দুয়ো গৈ পাওঁ মানে আই শেষেই হ’ল৷ এওঁ আইৰ বুকুত পৰি কান্দিবলৈ ধৰিছিলহে, মই মুখত সোপা মাৰি ধৰি আমাৰ কোঠালৈ টানি আনিলোঁ৷
“হেৰা, ভালকৈ শুনা৷ পিতাইৰ সকাম পাতি মাটি চাৰিবিঘা বিক্ৰী কৰিলোঁ৷ এতিয়া আইৰ সকাম পাতিবলৈ গৈ ভেঁটিৰ মাটিখিনিও বেচিব লাগিব৷ তাৰ পিছত খাবা কি? কৰিবা কি?”-এওঁক বুজালোঁ৷ মোৰ কথাত এওঁ পতিয়ন গ’ল৷ কন্দা কটা বন্ধ কৰিলে৷

লাহেকৈ উঠি পিছফালৰ চোতাল পালোঁ৷ পিছফালে কাপোৰ মেলি দিবলৈ বুলি নাইলনৰ ডাঙৰ ৰছী এডাল যোৱা সপ্তাহত ময়েই ওলোমাই দিছিলোঁ৷ সেইডাল খুলি আনি আইৰ কোঠাত সোমালোঁ৷ আইৰ ভৰিত ধৰি সেৱা এটা কৰি কিছুসময় নীৰৱে কান্দিলোঁ৷ আইৰ ডিঙিত ৰচিডালেৰে গাঁঠি এটা মাৰি এওঁক মাতিলোঁ৷ তলৰ পৰা আইক এওঁ ডাঙি নিদিলে ওপৰৰ কাঠৰ বাতামডালত মই অকলে ওলোমাব নোৱাৰিম৷ এতিয়া অন্ততঃ সকাম নাপাতি দহদিনৰ দিনা পৰাচিত হৈ নাম এভাগ পাতিলেই হ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক