পৰাজয়ৰ আনন্দ (প্ৰিয়ংকা দাস)

পৰাজয়ৰ আনন্দ

মূলঃ পণ্ডিত বদ্ৰীনাথ ভাট

এসময়্ত পাহাৰৰ নামনিৰ গাঁও এখনত বাবা ভাৰতী নামেৰে এজন সিদ্ধ পুৰুষে বাস কৰিছিল৷ এখন সৰু আশ্ৰমত বাবা ভাৰতীয়ে  মানুহবোৰক নীতিশিক্ষা প্ৰদান কৰিছিল৷ ঘৰ পৰিয়াল বুলিবলৈ তেওঁৰ কোনো নাছিল৷ সংসাৰ বুলিবলৈ তেওঁৰ মাত্ৰ  এটা ঘোঁৰা আছিল৷ তেওঁৰ হিয়াৰ আমঠু ‘চুলতান’ নামৰ এই ঘোঁৰাটোক তেওঁ নিজৰ প্ৰাণতকৈয়ো বেছি মৰম কৰিছিল৷
মাকে নিজৰ সন্তানক,খেতিয়কে লহ্ পহকৈ  বাঢ়ি অহা নিজৰ খেতিডৰা দেখি যেনেকুৱা আনন্দ লাভ কৰে, বাবা ভাৰতীয়েও নিজৰ ঘোঁৰা ‘চুলতান’ক দেখিলে ঠিক তেনেকুৱা আনন্দই লভিছিল৷ চুলতানৰ দৰে তেজাল,বলৱান,বেগী আৰু সুন্দৰ ঘোঁৰা সেই এলেকাটোত নাছিল বুলিয়ে ক’ব পাৰি৷ গাৰ শুধ বগা ৰঙ আৰু ডিঙিৰ ওপৰৰ ক’লা কিচকিচিয়া মিহি,দীঘল নোম খিনিয়ে তাক দেখনিয়াৰ কৰি তুলিছিল৷ যিয়েই চুলতানক এবাৰ চাইছিল, সিয়েই তাৰ ৰূপত মন্ত্ৰমুগ্ধ হৈ পৰিছিল৷ বাবা ভাৰতীয়েও চুলতানৰ সেৱা-শুশ্ৰুষাত কোনোধৰণৰ হেৰ-ফেৰ নকৰিছিল৷ বাবা ভাৰতীয়ে নগৰীয়া জীৱন যাপন পছন্দ নকৰিছিল; ধন-সোণ, মাটি-সম্পত্তি সকলো ত্যাগ কৰিছিল৷ কিন্তু চুলতানক এৰাটো তেওঁৰ পক্ষে অসম্ভৱ আছিল৷ আশ্ৰমৰ নিৰিবিলি পৰিৱেশত তেওঁ চুলতানৰ লগত সুখেৰে দিন কটাইছিল৷ সন্ধ্যা সময়ত চুলতানৰ পিঠিত উঠি এপাক গাঁও ফুৰাটো বাবা ভাৰতীৰ নৈমিত্তিক কাম আছিল৷ মানুহে যিমানেই চুলতানৰ প্ৰশংসা কৰে, বাবা ভাৰতীয়ে মনত সিমানেই বেছি আনন্দ পাইছিল৷
সেই অঞ্চলতেই খৰগসিংহ নামেৰে এজন কুখ্যাত ডাকু আছিল৷ মানুহবোৰে তাক খুব ভয় কৰিছিল৷ কিন্তু তাৰ বাহুবল-ধনবলৰ ভয়ত কোনেও তাৰ বিৰোধিতা কৰিবলৈ সাহস গোটাব পৰা নাছিল৷ চুলতানৰ ৰূপ গুণৰ প্ৰশংসা মানুহক মুখ বাগৰি খৰগসিংহৰ কাণতো পৰিল আৰু চুলতানক চাবলৈ এদিন খৰগসিংহ বাবা ভাৰতীৰ আশ্ৰম গৈ ওলাল৷
খৰগসিংহক দেখি আচৰিত হৈ বাবা ভাৰতীয়ে সুধিলে-
:খৰগসিংহ দেখোন…কি সকামত বা আহিলা?
:চুলতানক চোৱাৰ হেঁপাহে মোক ইয়ালৈ টানি আনিলে৷ গলগলীয়া মাতেৰে খৰগসিংহই ক’লে৷
চুলতানৰ নাম শুনিয়েই বাবা ভা’ৰতীৰ বুকু ফুলি গ’ল৷ তেওঁ খৰগসিংহক চুলতানৰ ওচৰলৈ লৈ গ’ল৷
চুলতানক দেখিয়েই খৰগসিংহৰ মনটো লকলকাই উঠিল৷ এনেকুৱা সুন্দৰ,মোহনীয় ঘোঁৰা সি জীৱনত কাহানিও দেখা নাছিল৷ মুহূৰ্ততে তাৰ মনত দুষ্টবুদ্ধি উদয় হ’ল৷ চুলতানৰ প্ৰতি তাৰ লোভ দুগুণে চৰিল৷ বাবা ভাৰতীয়ে চুলতানৰ ওচৰলৈ গৈ তাৰ পিঠিত থপিয়াই দিলে,মৰমেৰে হাত বুলাই দিলে,চুলতানেও গৰাকীৰ হাতৰ পৰশ পায় “চিঁ চিঁয়াই” উঠিল৷
বাবা ভাৰতীয়ে চুলতানৰ পিঠিত বহাৰ লগে লগে সি বিজুলী বেগেৰে দৌৰিব ধৰিলে৷ জপিয়াঁই, চিঁ চিয়াই মুখেৰে শব্দ কৰি চুলতানে যেন তাৰ ৰূপ প্ৰদৰ্শন হে কৰিলে৷ খৰগসিংহই থিৰাং কৰিলে এই ঘোঁৰা আৰু বাবাৰ ওচৰত থাকিব দিব নোৱাৰি৷ যেনতেনে হ’লেও  চুলতানক নিজৰ কৰিবই লাগিব৷
খৰগসিংহ যাবলৈ ওলাল৷ বাবা ভাৰতীয়ে তাক পদূলিমুখলৈ আগবঢ়াই থবলৈ আহিল৷ কিন্তু আশ্ৰমখন পাৰ হৈয়ে খৰগসিংহই পিছলৈ ঘূৰি চালে আৰু চিঞৰি চিঞৰি ক’বলৈ ধৰিলে-
:বাবা, চুলতান আপোনাৰ ওচৰত আৰু বেছিদিন থাকিব নোৱাৰিব৷ যিমান মৰম কৰিবলৈ মন আছে এইকেইদিনতে কৰি লওক৷
এইদৰে কৈ হোঁ-হোৱাই হাঁহি খৰগসিংহ গুচি গ’ল৷
এই ঘটনাটোৰ পাছৰ পৰা বাবা ভাৰতীৰ যেন ভয় নুগুচাই হ’ল৷ দিনে-ৰাতি মাথোঁ চুলতানৰ চিন্তাই তেওঁৰ লগ নেৰা হ’ল৷ কোন সতেনো চুলতানক ডাকু এজনৰ হাতত গতাব পাৰি৷ মাজনিশা সাৰ পাইও বাবা চুলতানৰ কাষত বহি থকা হ’ল৷ লাহে লাহে সময় বাগৰিল৷ কেইবামাহ পাৰ হৈ গ’ল,কিন্তু খৰগসিংহৰ কোনো উম্ -ঘামেই নাই!কথাটো পুৰণি হ’ল৷ বাবা ভাৰতীয়েও কিছুপৰিমাণে আশ্বস্ত  হ’ল৷ খৰগসিংহৰ কথা লাহে লাহে মনৰ বাজ হ’ল৷
এদিনাখন সন্ধ্যাৰ কথা৷ বাবা ভাৰতী চুলতানৰ পিঠিত৷ মুকলি বতাহ খাই মুকলি মনেৰে তেওঁ প্ৰকৃতিৰ ৰূপ দৰ্শন কৰি পাহাৰৰ কাষেৰে আগবাঢ়িল৷ যিমানেই চুলতানক মানুহে চাইছে,সিমানেই বাবা ভাৰতীৰ মনটো চুলতানৰ প্ৰতি মৰমত পমি গৈছে৷ হঠাত তেওঁ জীৰ্ণ-শীৰ্ণ মাত এটি শুনিবলৈ পালে৷
:অ’ বাবা… দয়া কৰি খন্তেক ৰ’ব৷ এই অভাজনক অলপ সহায়  কৰক৷
বাবাই ঘূৰি চালে৷ এজন পংগু,অসহায় মানুহ গছ এজোপাৰ তলত বহি আছে৷ ৰুক্ষ চুলি,ফটা কাপোৰ৷ গায়ে মূৰে কাপোৰ এখন মেৰিয়াই কাঁহি-কাঁহি মানুহজন লেবেজান হৈ গৈছে৷
বাবা ভাৰতী তৎক্ষণাত ঘোঁৰাৰ পৰা নামিল আৰু মানুহজনৰ ওচৰলৈ গৈ তেওঁক আদ্যোপান্ত বিৱৰি সুধিলে৷ মানুহজনে সেহাই সেহাই ক’লে-
:বাবা,মই ইয়াৰ পৰা আৰু তিনিমাইল দূৰলৈ যাব লাগে৷ দেহাই নাটানে৷ কোনোমতে এইখিনি আহি পাইছো৷ অনুগ্ৰহ কৰি মোক তাত থৈ আহিব নেকি??
বাবাৰ মন মানুহজনৰ দুৰ্দশা দেখি দুখেৰে ভৰি পৰিল৷ অগত্যা মানুহজনক চুলতানৰ পিঠিত বহুৱাই বাবা ভাৰতীয়ে লেকাম ধৰি আগে আগে যাবলৈ ধৰিলে৷
কিন্তু অলপদূৰ যোৱাৰ পিছতে বাবা ভাৰতীৰ হাত খন যেন কিহবাই আচাৰ মাৰি দিলে৷ লেকামডাল হাতৰ পৰা সৰি পৰিল৷ পিছলৈ ঘূৰি চাই বাবা ভাৰতীৰ চকু দুটা থৰ হৈ গ’ল৷ এয়া কি…পংগু মানুহজনে কাপোৰ খন পেলাই দি চুলতানৰ লেকাম টানি তাক দৌৰাই লৈ গৈছে৷ আৰু সেয়া আন কোনো নহয় –খৰগসিংহ!  ডাকু খৰগসিংহ!!!
বাবা ভাৰতী শিল পৰা কপৌৰ দৰে ঠাইতে থৰ লাগিল৷ চুলতান… তেওঁৰ মৰমৰ চুলতান৷ দুচকু সেমেকি উঠিল তেওঁৰ৷
কিন্তু পিছমূহুৰ্ততে তেওঁ স্থিৰ হ’ল৷ চিঞৰি মাতিলে-
:খৰগসিংহ এখন্তেক ৰ’বা৷
কিন্তু ডাকুৰ কোনো কাণসাৰ নাই৷
দুবাৰ, তিনিবাৰ মতাৰ পিছত ডাকু ৰ’ল৷ কিন্তু চুলতানৰ পিঠিৰ ওপৰৰ পৰাই সি চিঞৰি ক’লে-
:যি ক’ব লগা আছে কওঁক বাবা৷ কিন্তু চুলতানক আৰু কেতিয়াও নাপাব৷ হা:হা:হা: ৷ পাহৰি যাওক চুলতানক৷ চুলতান এতিয়া মোৰ৷
বাবা ভাৰতীৰ মুখখন শান্ত হৈ পৰিল৷ লাহে লাহে তেওঁ ক’লে-
:চুলতানক মোক নালাগে খৰগসিংহ৷ লৈ যোৱা তুমি৷ কিন্তু ভৱিষ্যতে কেতিয়াও অসহায়ৰ ৰূপ ধাৰণ কৰি কাকো নঠগিবা৷ অন্যথা মানুহৰ মানৱীয়তাৰ ওপৰত বিশ্বাস হেৰাই যাব৷
কথাষাৰ কৈয়ে তেওঁ  এনেকৈ মুখ ঘূৰালে যেন চুলতান তেওঁৰ কোনোদিনৰ চিনাকিয়ে নাছিল৷ কোবাকুবিকৈ তেওঁ আঁতৰি  আহিল৷
বাবাৰ কথাষাৰে ডাকু খৰগসিংহক ভবাই তুলিলে৷ সঁচাকৈয়ে কি অসাধাৰণ ব্যক্তিত্ব৷
ৰাতি দুপৰৰ সময়৷ অনুশোচনাত দগ্ধ খৰগসিংহই চুলতানক বাবাৰ আস্তাবলত বান্ধি থৈ গ’ল৷ তিনিপ্ৰহৰ যোৱাত অভ্যাসবশত:বাবাই আস্তাবলৰ ফালে খোজ ল’লে৷ কিন্তু পিছমুহুৰ্ততে তেওঁৰ অনুভৱ হ’ল- আজিতো চুলতান নাই৷ দু:খ মনেৰে তেওঁ আস্তাবলৰ বাহিৰ ওলাল৷ কিন্তু চুলতানে ঠিকেই চিনি পাইছিল গৰাকীৰ খোজ৷ স্বভাৱবশত: সি চিঁ-চিয়াই উঠিল৷ বাবাই নিজৰ কাণ দুখনকে যেন বিশ্বাস কৰিব নোৱাৰিলে৷ দৌৰি আহি তেওঁ চুলতানক সাৱটি ধৰিলে৷ আনন্দত বাবাৰ দুচকু সেমেকি উঠিল৷
আস্তাবলৰ দেৱালৰ সেইপাৰে লুকাই লুকাই দুয়োৰে পুনৰ্মিলনৰ দৃশ্য দেখি পৰম আনন্দত খৰগসিংহৰ মন প্ৰফুল্লিত হৈ উঠিল৷ পৰাজয়ৰ আনন্দ যে ইমান মধুৰ হ’ব পাৰে সেয়া খৰগসিংহই সেইদিনাহে উপলব্ধি কৰিব পাৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক