পৰিক্ৰমা (অনামিকা বৰুৱা)

পৰিক্ৰমা

০৫.০৬.১৪
: খুড়ী, আহিলে অফিচৰপৰা? বেগত কি আনিছে? মিঠাই আনিছে নেকি? ময়ো খাম দেই-
-ৰাখীৰ ওপৰাওপৰি প্ৰশ্নকেইটা শুনি মিচিকিয়াই হাঁহিলে ৰাস্নাই। উত্তৰ নিদিলে তাই। তাইৰ হাঁহিটো দেখিয়েই ৰাখীয়ে গম পায় খুড়ীয়েকে আজি মিঠাইজাতীয় একো অনা নাই। নহ’লে খুড়ীয়েকে নিশ্চয় ক’লে হয় –“ওঁ মিঠাই আনিছো ৰাখী। তোমালৈকো আনিছো। অলপ পাছত আহিবা দেই খাবলৈ”। আচলতে ৰাখীয়ে কোনো উত্তৰৰ আশাত প্ৰশ্ন নকৰে। এনেই কৰে। চিনাকি মানুহ পালে প্ৰশ্ন সোধাতো তাইৰ অভ্যাস। কোনোবাই উত্তৰ দিয়ক বা নিদিয়ক সেই লৈ তাইৰ ভ্ৰূক্ষেপ নাই। বয়সেৰে এজনী পৰিপূৰ্ণ গাভৰু হ’লেও মানসিকভাৱে অপৰিপক্ক ৰাখী। প্ৰথম দেখাত তাইৰ বিসংগতিবোৰ বৰকৈ চকুত নপৰে যদিও অলপ ভালকৈ লক্ষ্য কৰিলে ধৰিব পৰা যায়। বৰগুৰিৰ পৰা ৰাখীহঁতৰ ভাড়াঘৰলৈ আহোঁতে ৰাখীৰ মাক-দেউতাকে পাৰ্যমানে ৰাখীক ৰাস্নাহঁতৰপৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিছিল। দেখাই-শুনাই কথাই-বতৰাই তেনেকৈ বিশেষ খুঁত নথকা ৰাখীক ভালেই লাগিছিল ৰাস্নাৰ। খালি তাই বৰকৈ প্ৰশ্ন কৰাটোত মাজে মাজে বিব্ৰতবোধ কৰিছিল। তিনিজনী ছোৱালীৰ মাজত ডাঙৰ আছিল ৰাখী। ভনীয়েক দুজনী পঢ়া-শুনাই ভাল আছিল। ৰাখীহঁতৰ মাক-দেউতাক পেছাত দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰী। ব্যৱহাৰ পাতি স্বাভাৱিক। দেউতাকে মাজে মাজে ৰাখীৰ কথা পাতে ৰাস্নাহঁতৰ লগত। মাকে কয় জন্মৰ সময়ত ডাক্তৰৰ ভুলৰ বাবেই ৰাখীৰ এই অৱস্থা হ’বলৈ পালে। ফ’ৰচেপ বেবী আছিল ৰাখী। ফ’ৰচেপৰ ফলত তাইৰ মগজুৰ তেজ সঞ্চালন কৰা মূল শিৰাডাল চেপা খাই গ’ল। আৰু তাৰেই ফলস্বৰূপে ৰাখীৰ মগজুৰ সঠিক বিকাশ নহ’ল। কেতিয়াবা কিছুমান বস্তু লাগে আঁকোৰগোজ মাৰি ধৰে ৰাখীয়ে। কাৰো কথা নুশুনে। তেতিয়া তাইক চম্ভালি ৰাখিবলৈ টান হৈ পৰে। কিন্তু তাই সকলো কথা বুজি পায়। তাইৰ স্মৃতিশক্তিও প্ৰখৰ। এবাৰ কাৰোবাক দেখিলে সতকাই নাপাহৰে।
আঠটা বছৰ ৰাখীহঁতৰ ভাড়াঘৰত কটাই পাছত সেইখিনিতে নিজাকৈ ঘৰ বান্ধিলে ৰাস্নাহঁতে। গতিকে অফিচলৈ বা বজাৰলৈ অহা-যোৱা কৰোঁতে ৰাখীৰ মুখামুখি প্ৰায়ে হয় ৰাস্নাই। এনেও অতবছৰ একেলগে কটোৱাৰ বাবে তাইলৈ মৰম সোমাইছিল ৰাস্নাৰ। বয়স বাঢ়িলেও শিশুসুলভ সৰলতা আছে ৰাখীৰ মাজত। ঘৰ সোমাইয়ে ভাগৰে হেঁচা মাৰি ধৰিলে ৰাস্নাক। অফিচ-ঘৰ, দায়িত্ব-কৰ্তব্য সকলো সামৰোঁতে সামৰোতে কেতিয়াবা বিৰক্তি লাগে। সদায় সেই একেসোপাই কাম। একেসোপাই চিন্তা। গতানুগতিকতাই গ্ৰাস কৰি অনা জীৱন। দিনে দিনে বাঢ়ি অহা ল’ৰা-ছোৱালী দুটাৰ ফালে চাই অৱশ লাগে তাইৰ। চাকৰিটো এৰি দিবৰ মন যায় কেতিয়াবা। কিমান আৰু চোঁচোৰাই লৈ ফুৰাব নিজকে! আজৰি বুলিবলৈতো অলপো সময় নাপায়। চাকৰিও যিটোহে বন্ধ বুলিবলৈ নায়েই। পুৱা চাৰে নটাৰপৰা আবেলি ছটালৈ অফিচৰ সময়। বেমাৰ-আজাৰ হ’লে বা ইহঁত দুটাৰ পৰীক্ষা থাকিলেহে যি দীঘলীয়াকৈ ছুটি লোৱা হয়। তাকো তেনেকৈ ছুটি ল’লে দিনকেইটা প্ৰয়োজনতকৈ সোনকালে পাৰ হৈ গ’ল যেন লাগে। ছুটিৰপৰা গৈ অফিচত বহিলে কামত মন নবহা হয়। কানি-কাপোৰ সলায় মুখ হাত ধুই আহিল ৰাস্নাই। ৰূপাই পানী এগিলাচ আনি দিলে। ৰূপাৰ চাহ হয় মানে ডাইনিং টেবুলতে বহি পৰিল তাই। টেবুলত ঢাকি থোৱা কাঁহীখন দেখি গাম পালে অতনু আজি ভাত খাবলৈ নাহিল বুলি। ক’ব নোৱাৰাকৈয়ে হুমুনিয়াহ এটা সৰি পৰিল ৰাস্নাৰ। প্ৰমোচন পোৱাৰপৰা কিহে যে পাইছে মানুহটোক! খোৱা-বোৱাৰো টাইম-টেবুল নোহোৱা হ’ল। খালি ডিউটি আৰু ডিউটি। পুৱা আঠটাতেই ওলায় যায় কোনোবাদিনা। নিশা এক-দুইবজাৰ আগেয়ে ঘৰ নোসোমায়হি। ভালকৈ কথা এষাৰো পতা নহয় অতনুৰ লগত। ল’ৰা-ছোৱালীয়ে কি খাইছে কি পিন্ধিছে খবৰ নাই অতনুৰ। আগে-পিছেও যে অতনুৱে বৰকৈ সেইবোৰ খবৰ ৰাখিছিল তেনে নহয়। সংসাৰৰ সমস্ত লেঠা ৰাস্নাই মাৰিছিল যদিও অতনু অন্ততঃ ঘৰত আছিল। জোনক কিবা কথা শুনাব নোৱাৰিলে তাই অতনুৰ ওচৰত জোনৰ গোচৰ দিছিল। লগে লগে অতনুৰ ওপৰতো খৰ্গহস্ত হৈছিল “দেউতাকতো হৈয়ো তাক একো এটা নকয়” বুলি। তাইৰ ধমকি শুনি অতনুৱে দায়িত্বশীল হৈ জোনৰ স্কুলৰ কিতাপ-বহী চাবলৈ লয়। জোনৰ ওচৰত বহি তাক কয় ভালকৈ পঢ়া-শুনা কৰিব লাগে। মাকে যি কয় শুনিব লাগে। ভালকৈ পঢ়া-শুনা নকৰিলে যে তাৰ ভৱিষ্যত অন্ধকাৰ তাকো বুজাবৰ যত্ন কৰে তেওঁ। ৰাস্নাৰ কথা কাটিবলৈকে কোনোবা এখন বহী টানি লৈ তেওঁ প্ৰশ্ন দি জোনক উত্তৰ লিখিবলৈ দিয়ে। জোনে তিনিটামান প্ৰশ্নৰ উত্তৰ লিখেমানে দেউতাকে তাৰ টেবুলৰ কাষৰ বিচনাখনতেই ঢলি পৰে। পাকঘৰৰ পৰা আহি ৰাস্নাই দেখে হাতত বহী লৈ দেউতাক টোপনিৰ কোলাত আৰু সেই সুযোগতে জোনে ভনীয়েকৰ লগত টিভি চায়গৈ। খং উঠিলেও হাঁহি পেলায় ৰাস্নাই। এনেকুৱাই মানুহজন। কোনো এটা কথাতে চিৰিয়াচ নহয়। ভাবে ৰাস্নাই সকলো কৰেই দেখোন। আৰু কিবা অসুবিধা হ’লেতো তাই ক’বই!
অতনুৰ গাত দোষ দিয়ো লাভ নাই। মাক-দেউতাক নোহোৱা ল’ৰা। সৰুৰেপৰা অনেক দুখ-কষ্টৰ মাজেৰে ডাঙৰ হৈছে। পঢ়াত ভাল আছিল দেখি চৰকাৰী চাকৰি এটা গোটাই ল’ব পাৰিলে। জীয়াই থকাৰ সংগ্ৰাম কৰোঁতে কৰোঁতে জীৱনৰ ৰূপ-ৰস-গোন্ধৰ কথা পাহৰিয়ে থাকিল চাগে অতনুৱে! আবেগ-ৰোমাঞ্চৰহিত মানুহ এটা। কথাবোৰ দকৈ নাভাবে। দিনবোৰ গৈ আছে গৈ থাকিব এনে এক ভাৱত থাকে। তথাপি ভাল লাগে মানুহটোক। সহজ-সৰল, অলপ অজলা ধৰণৰ মানুহটো। প্ৰতিটো কথা ভাঙি-পাতি বুজাব লাগে। ভাতৰ পাতত বহিও কোনো ওজৰ-আপত্তি নাই। যেনেকৈ দিয়ে তেনেকৈয়ে খাই উঠি যায়। মাজে মাজে ৰাস্নাক ঘৰুৱা কামত সহায় কৰি দিয়ে। পাকঘৰত সহায় কৰিবলৈ গ’লে ৰাস্নাৰ সহায় হোৱাতকৈ কাম বাঢ়েহে। তথাপি তাই অতনুৰ সাহচৰ্য বিচাৰে। অতনুক কাষত বিচাৰে। চাবলৈ গ’লে তাই অতনুৰ ওপৰত নিৰ্ভৰ হোৱাতকৈ অতনুহে তাই ওপৰত বেছিকৈ নিৰ্ভৰশীল। কোনোবাদিনা ৰাস্নাই অতনুক কয়-“দিনকাল সলনি হৈছে। আগৰ দিন নাই আৰু। আজিকালি সন্তান প্ৰতিপাল কৰা বৰ সহজ কথা নহয়। দেশৰ পৰিস্থিতি যিহে হৈছে ইহঁতৰ ভৱিষ্যতক লৈ ভয়হে লাগে। বাটে-ঘটে দেখা ল’ৰাবোৰৰ কাণ্ড-কাৰখানাবোৰে ভবাই তোলে। ল’ৰা-ছোৱালী মানুহ কৰাটো বৰ ডাঙৰ কথা। সকলো দায়িত্ব মোৰ ওপৰতেই নিদি আপুনিও মাজে মাজে চাব ইহঁতক। অকলে সংসাৰ চলাব নোৱাৰি নহয়। ” তাইৰ কথাৰ ওপৰত মাত নামাতে অতনুৱে। একান্ত বাধ্যৰ দৰে তাইৰ কথাবোৰ শুনি যায়। দুই-এষাৰ কথা লগে লগে শলাগে। “ভগৱান আছে নহয়। তেওঁ সকলো দেখি আছে। তেৱেঁই সকলো ঠিক কৰিব, চিন্তা নকৰিবা। আমি কাৰো একো অন্যায় কৰা নাই যেতিয়া আমাৰ সন্তানৰো কেতিয়াও অমংগল নহয়।”-বুলি অতনুৱে কথাৰ মুখনি মাৰে। তেতিয়া বৰ অসহায় লাগে ৰাস্নাৰ। মানুহজনক কেনেকৈ বুজোৱা যায় যে ভগৱানলৈ চাই থাকিলেই নহয়, নিজে কৰিবলগাখিনিও সময়মতে কৰিব লাগিব। তেতিয়াহে আহিব ধৰা দিনবোৰত সাফল্যই লগ দিব। মানুহজনে বহু কথাই নুবুজে। কেৱল খাই-বৈ জীয়াই থকাটোৱে যে জীৱন নহয় তাক বুজাবলৈ গৈ ভাগৰি পৰিল ৰাস্না। এতিয়া ল’ৰা-ছোৱালী দুটা ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ মনত অনেক ভাৱনাই তোলপাৰ লগায়। জোন ডাঙৰ হৈ আহিছে। আজিকালি অলপ অবাধ্য হয় সি। নতুনকৈ টিউচন কৰিবলৈ যোৱাৰপৰা সলনি হৈছে ল’ৰাটো। অৱশ্যে বয়ঃসন্ধিৰ কাল এইচোৱা। এই সময়ত প্ৰাকৃতিকভাৱেই ল’ৰা-ছোৱালীৰ শাৰীৰিক-মানসিক পৰিৱৰ্তন আহি পৰে। এই সময়ত সিহঁতক উপযুক্ত শিক্ষা দিব পৰাটোহে আচল কথা।
কালিও টিউচনৰপৰা আহি বেগটো বিচনাত দলিয়াই দি মুখ-হাত নুধুৱাকৈয়ে জোনে মোবাইল পিটিকিবলৈ লাগি গ’ল। ৰাস্নাই বহুবাৰ কোৱাৰ পাছতো জোনে লৰচৰ নকৰিলে। খং উঠি ৰাস্নাই হাতত স্কেলদাল লৈ তাক এচাট দিওঁতেই জোনে যিধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হতভম্ব হৈ গ’ল ৰাস্না। সিতো এনে নাছিল! প্ৰথম ধাক্কাটো চম্ভালি লৈ খঙতেই ভালকৈ কোব দুটামান লগাই দিলে জোনক। গালিও দিলে। মাকৰ কোব খাই কান্দি কান্দি উঠি গ’ল জোন। আৰু একো নমতাকৈ চুপচাপ গৈ পঢ়াৰ টেবুলত বহিলগৈ। অতনুৰ ওপৰতে খং এটা উঠি আহিল ৰাস্নাৰ। বিগত এবছৰে প্ৰমোচন পোৱাৰ আচিলাতে অতনুৱে ঘৰ-সংসাৰৰ পিনে সমূলি পিঠি দিলে। আগতে একো নকৰিলেও অন্ততঃ ঘৰখনত ক’ত কি হৈছে গম পাইছিল। নপঢ়ালেও জোনৰ পঢ়া সময়খিনিত তাৰ ওচৰত বহি থাকিছিল। এতিয়া কিবা ক’লেও কাণত নোসোমায়। আজি ৰাতিপুৱা ইহঁতক স্কুললৈ পঠাই গোটেই কথাবোৰ অতনুক কওঁ বুলি লওঁতেই বচৰ পৰা ফোন অহাত “এই আহি আছো” বুলি ভাত নোখোৱাকৈয়ে ওলায় গ’লত ৰাস্নাৰ খঙে চুলিৰ আগ পালেগৈ। দিনটো কামৰ ফাঁকে ফাঁকে তাইক খংটোৱে আমনি কৰি থাকিল। ঘৰলৈ আহি অতনুক লগ পাব বুলি ভাবিছিল। কাৰণ তাই আজি সোনকালে অফিচ ছুটি কৰিছিল। কিন্তু নাপালে। তাৰ সলনি টেবুলত সজাই থোৱা ভাতৰ কাঁহীখন দেখি আকৌ খং উঠিল ৰাস্নাৰ, মোবাইলটো উলিয়াই ফোন লগালে অতনুলৈ-
: অঁ কোৱা কিবা লগা আছিল নেকি? বজাৰ কি নিব লাগিব?
: অকল বজাৰ কৰি দিয়াতে সংসাৰৰ প্ৰতি আপোনাৰ দায়িত্ব শেষ বুলি ভাবিছে নেকি?
: অ’ কি হ’ল কিয় এনেকৈ কৈছা?
: কি হোৱা নাই তাকে সোধক। আপুনি যে দিনে ৰাতিয়ে এনেকৈ চাকৰিৰ পাছত দৌৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ মানে কি?
: কিয়? যি কৰিছো তোমালোকৰ বাবেইতো কৰিছো।
: কৰিছে ভাল কৰিছে কিন্তু আপোনাৰ সংসাৰ কেনেকৈ চলিছে তাৰ কিবা খবৰ ৰাখিছে নে? ল’ৰাই কি খাইছে ছোৱালীয়ে কি পিন্ধিছে তাৰ খবৰ ৰাখিছে নে? মোৰ কথা ন’কলোৱে যেনিবা।
: কিয় তুমি আছাই দেখোন সিহঁতৰ খবৰ ৰাখিবলৈ। মইনো কি কৰিম?
: মই থাকিলেই হৈ যাব। আপোনাৰ একো গুৰুত্ব নাই, কোনো দায়িত্ব নাই? অকল জন্ম দিয়াতেই আপোনাৰ দায়িত্ব শেষ নেকি?
: ধেৎতেৰিকা এনেকৈ কিয় কৈছা? মইনো কেতিয়া ক’লো মোৰ দায়িত্ব নাই বুলি। কিন্তু তুমি সকলো কৰাতো।
: মই সকলো কৰোতো। আপোনাক মই কৈ আছো যে ল’ৰা ডাঙৰ হৈ আহিছে দিনে দিনে তাক অলপ সময় দিয়ক। তাৰ লগত সময় উলিয়াই অলপ বহক। তাৰ বন্ধু হওক। তাৰ মনৰ খবৰ ৰাখক। আৰু দুবছৰমানৰ পাছত সি ওলায় যাব বাহিৰলৈ। তেতিয়া যদি সি বিপথে খোজ দিয়ে আপুনি কি কৰিব? এতিয়াইতো তাক বুজাব লাগিব। ভাল কি বেয়া কি তাক জনাব লাগিব। সকলো মোৰ ওপৰত জাপি দিলে হ’ব নেকি? কালি সি কি কৰিছে আপুনি জানো খবৰ ৰাখিছে?
: কি কৰিলে? তুমি মোক একো কোৱাই নাই দেখোন। দেখাততো সকলো ঠিকেই আছে। সেয়ে ভাবিলো একো নাইহোৱা।
: আপুনি ভাবিলেই চব হৈ যায়। আপোনাক ক’বলৈ সুবিধা পালো ক’ত? সময়েই নাই দেখোন আপোনাৰ।
: সঁচাকৈয়ে মোৰ সময় নাই অ’। তুমি দেখিছাই দেখোন ভাত খাবলৈকো সময় নোপোৱা হৈছো।
: কোনে কৈছে আপোনাক এনেকৈ পৰি মৰি কাম কৰিবলৈ? আমিতো কোৱা নাই। আমাক লৈয়ে আপোনাৰ পৰিচয়। কাইলৈ আমি যদি নাথাকো কি কৰিব আপুনি? কাৰ কাৰণে কৰিব এইবোৰ? টকা-পইচা ধন-সম্পত্তিয়ে সকলো নহয়। সময়তকৈ মূল্যৱান একো নহয় এই জীৱনত। কাইলৈ ল’ৰাই যদি ভাল ৰিজাল্ট কৰিব নোৱাৰে আপুনি উপাৰ্জন কৰা টকা ক’ত খৰছ কৰিব? আমাৰতো এনে দিন অহা নাই যে আপুনি নাখাই-নবৈ ঘৰ-সংসাৰ এৰি চাকৰিৰ টানত দিনে-নিশাই ঘূৰি ফুৰক। সপ্তাহত মাছ-মাংস বজাৰ কৰি দিয়াটোৱে সংসাৰৰ দায়িত্ব নহয়। সংসাৰ মানে কেৱল মাক বা কেৱল দেউতাক নহয়। মাক-দেউতাক দুয়োজনৰ বুজাবুজি মৰম-চেনেহৰ আৱৰণ হ’ল সংসাৰ। কাইলৈ ঘৰ এৰি ল’ৰাই বাহিৰলৈ গ’লে তাৰ ঘৰখনলৈ মনত পৰিব লাগিব। আমি তাক সেইকণ অনুভৱ দিব লাগিব। আপুনি যদি কেৱল চাকৰিৰ তাগিদাতে এনেকৈ ঘৰ এৰি থাকে কোনোবাদিনা সকলো হেৰুৱাব লাগিব।
: তেনেকৈ নক’বা। তোমালোকক বাদ দি মোৰ আৰু একো নাই। তুমি যি কোৱা মই তাকেই কৰিম।
: মই কৈ কৈ কৰোৱাৰ দিন গ’ল। নিজে উপলব্ধি কৰক কথাবোৰ। দিনৰ দিনটো ময়ো ঘৰত নাথাকো। ভাগৰ লাগে মোৰো। দুয়োটাকে সমানে সময় দিব নোৱাৰা হৈছো। জোনে আজিকালি কথা নুশুনা হৈছে। আপুনি নথকাৰ বাবে সি চাগে নিজকে ডাঙৰ হ’লো বুলি ভাবিছে। তাক অলপ চকু দিয়াৰ সময় আহি পৰিছে। এনেকৈ এৰি দিলে নহ’ব। আপোনাক বাৰে বাৰে সঁকীয়াই আছো। পাছত মোক নোদোষিব কৈ থ’লো।
: মই গৈ আছো ৰ’বা। তুমি ইমান হতাশ হ’লে মই কি কৰিম? তুমিয়েই সকলো। আহি আছো মই। মোলৈকো ভাত ৰান্ধিবা। একেলগে খাম। খং নকৰিবা। জোনক বুজাম মই।
ভাত বাঢ়িবলৈ লওঁতেই ৰাস্নাৰ ফোনটো বাজি উঠিল।
: তোমালোকে ভাত খাই ল’বা। মোৰ পলম হ’ব। মেডিকেলত আছো।
: কি হ’ল?
: ৰাখীৰ এক্সিডেণ্ট হৈছে। বচাৰ আশা নাই।
: কি????
: মটৰ চাইকেল এখনে খুন্দিয়ালে।
: কেনেকৈ?
: মদ খাই চলাইছিল। কণ্ট্ৰল কৰিব নোৱাৰিলে। কেইবাখনো মটৰ চাইকেলে ৰেচ লগাইছিল সেই ৰাতি। আটাইবোৰ সৰু সৰু ল’ৰা। ৰাখীয়ে মাকৰ লগত দোকানলৈ গৈছিল। বস্তুকেইটা লৈ তাই আগে আগে আহি থাকোঁতেই অঘটনটো ঘটিবলৈ পালে। মাকে একো তৰ্কিবই নোৱাৰিলে। মোৰ দেৰি হ’ব।
তাতেই থৰ লাগিল ৰাস্না। মাত্ৰ সন্ধিয়া তাইক মাত দিছিল ছোৱালীজনীয়ে। ধেমালিতে তাইক সুধিছিল-মিঠাই আনিছে নেকি বুলি। আৰু এতিয়া কেইঘণ্টামানৰ বিৰতিত তাই আনৰ অপ্ৰাকৃতিক ধেমালিৰ বলি হ’ল। জীৱন জীয়াই থকাতোও এটা ধেমালি নেকি!!! মূৰটো ঘূৰোৱা যেন লাগিছে ৰাস্নাৰ৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক