পৰিক্ৰমা -(কপিল দাস)

পৰিক্ৰমা(গল্প)

✍ কপিল দাস

সোঁহাতত থকা গিলাচটোত শেষ শোহাটো মাৰি মুখখন বিকটাই দিলে ভগোৰামে, মদ নহয় যেন বিষ এসোপাহে গলাধঃকৰণ কৰিলে৷ ধলংপলংকৈ চুলাই মদৰ ঘাটিটোৰ পৰা ওলাই আহি মূল পথত ভৰি দিলে সি৷ আচলতে মূল পথ বুলিবলৈ কোনো পকী ৰাজআলি নহয়, বিশৃংখলভাৱে কেইচটামান শিল পেলাই কাম সামৰা তথাকথিত বিকশিত অসমৰ এটি কেঁচা ৰাস্তাহে৷ মদৰ ৰাগিৰে মাতাল শৰীৰটো কোনোমতেহে আগুৱাই নিছে ভগোৰামে৷ ঠিক সাপ এডালৰ দৰে গোটেই ৰাস্তাটো আগুৰি আগবাঢ়ি যাওঁতে হঠাতে শিল এচটাত বেয়াকৈ উজুটি খালে সি৷ শিলচটাত মৰা প্ৰচণ্ড খুন্দাটোত যেন খহিয়েই পৰিল তাৰ বুঢ়া আঙুলিটো৷ আঙুলিটো ফাটি বেয়াকৈ আঘাত প্ৰাপ্ত হ’ল যদিওঁ সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি লেকেচিয়াই লেকেচিয়াই আগবাঢ়ি গৈয়েই থাকিল সি৷ আচলতে দুখনামৰ শব্দটোৱে যেন তাৰ একমাত্ৰ বিশ্বস্ত সংগী৷ দিনে-ৰাতিয়ে, এন্ধাৰে-পোহৰে দুখবোৰেই যেন তাৰ বুকুৰ আপোন৷ যন্ত্ৰণাত পিষ্ট হৈ হৈ এতিয়া সি নিৰ্বিকাৰ৷ জীয়া যন্ত্ৰণাত পিষ্ট হৈ জীৱন যুদ্ধত কিদৰে আগবাঢ়িব লাগে সেইকথা ভালকৈয়ে জানে ভগোৰামে৷ নিষ্ঠুৰ সময়েযে ভালকৈয়ে শিকাই থৈ গৈছে তাক৷
-“হেৰো, মোক কি বুলি ভাৱিছ’! সাধাৰণ আঙুলিটোহে, যদি কেতিয়াবা মূৰটোও চিঙি থাকে তথাপিও আগবাঢ়ি থাকিব এই ভগোৰাম…৷ “- উদ্দেশ্যহীন ভাৱেই নিজৰ মাজতেই বিৰবিৰাই আগবাঢ়ি গৈ থাকিল ভগোৰাম৷

সম্পত্তি বুলিবলৈ ঘৰৰ ভেটিটোৰে সৈতে মুঠ পাঁচবিঘা৷ পত্নী মনোৰোমা আৰু একমাত্ৰ জীয়েক মনিকাৰ সৈতে খেতি-বাতি কৰি সাধাৰণভাৱেই চলাই নিছিল ভগোৰামৰ পৰিয়ালটো৷ দুখ আহিব পৰাকৈ সিহতঁৰ ভিতৰত অভাৱ নাছিল বুজাপৰাৰ৷ এক কথাত সৰু পৰিয়াল সুখী পৰিয়াল৷ লাহে লাহে মনিকাওঁ যৌৱনৰ দুৱাৰদলিত ভৰি দি চকুতলগাজনী হৈ উঠিছিল৷ কি সুন্দৰ কৈ যে দিনবোৰ পাৰ হৈ গৈছিল! আৰু পাখিলগা সময়ৰ বোকোচাত উঠিয়ে ফুটুকী ফ্ৰক পিন্ধি পাঠশালাত দৌৰা মনিকাই হাইস্কুলৰ দেওনা পাৰ হৈছিল এদিন৷ ঘৰখনলৈ বৈ আহিছিল আন এক সুখৰ বন্যা৷

: দেউতা, মোৰ লগৰ পূৰৱী, নয়না, সংগীতা চবে কলেজত এডমিচন ল’ব, মোকো এডমিচন কৰাই দে না!
: মা, সিহঁত মহাজন-মাষ্টৰৰ জীয়েক, আমি সিহঁতৰ লগত জানো ফেৰ মাৰিব পাৰিম! কলেজ পঢ়াতো এলা পেচা কাৰবাৰ নহয়, টকা লাগিব বুইছা ঢেৰ টকা লাগিব৷

দেউতাৰ কথাত আজিলৈ প্ৰতিবাদ কৰা নাই মনিকাই৷ নীৰৱে নিতালে সুৰ সুৰকৈ গুছি আহিছিল দেউতাকৰ কাষৰ পৰা যদিওঁ দুচকুৰে চকুলো বৈ গৈছিল তাইৰ৷ বিছনাত পৰি হিয়া ঢাকুৰি কান্দিব মন গৈছিল৷ খং উঠিছিল নিজৰ ওপৰত৷ নিজৰ অৱস্থাৰ ওপৰত৷ ঘৃণা উপজিছিল দৰিদ্ৰতাৰ ওপৰত৷ একমাত্ৰ জীয়েকৰ অৱস্থাটো দেখি ভগোৰামৰ লগতে মাক মনোৰোমাৰ মনতো শোকে খুন্দা মাৰি ধৰিছিলছিল৷ শেষত মাকে পোহনীয়া ছাগলী দুটি বেছিয়ে তাইক সিহঁতৰ গাঁৱৰ পৰা ৮ কি: মি: আঁতৰত থকা মহাবিদ্যালয়খনত নাম লগাই দিছিল৷ কলেজত নাম লগোৱাৰ পিচতে মনিকাৰ সীমাহীন স্ফূৰ্তিত মাক মনোৰোমাই আদৰ-যত্নৰে পালন কৰা ছাগলীদুটিৰ বিক্ৰীৰ যি বিষাদ, সেই কথা সমূলি পাহৰি গৈছিল৷ ভগোৰামো মনিকাৰ সুখত সুখী হৈছিল যদিও, গাভৰু জীয়েকক কলেজলৈ অকলে অহাযোৱা কৰিবলৈ দিবলৈ কিছু চিন্তাই মনাকাশ বেৰি ধৰিছিল তাৰ৷

: মাজনীক চিধা কলেজ যাবলৈ কবি আৰু চিধা ঘৰলৈ আহিবলৈ কবি৷ কাৰো লগত হলি গলি কৰিবলৈ মানা কৰি দিবি বুইছা৷ দিন কাল ভাল নহয় অ মনো! কাকো বিস্বাস কৰিব নোৱাৰি— ৰাতি শেতেলীত মনৰোমাক বুজাইছিল ভগোৰামে৷

এনেদৰে মনিকাৰ কলেজীয়া জীৱন আৰম্ভ হৈছিল৷ বাৰীৰ শাক-পাচলিৰ লগটে ইটো সিটো বেছি কলেজৰ অহা যোৱা খৰচ বহন কৰিছিল দেউতাকে৷ কিন্তু কাল অমানিশা এটা যেন ৰৈ আছিল সিহঁতৰ পৰিয়ালটোলৈ ঘোৰ অন্ধকাৰৰ সিঁচি দিবলৈ৷ মনিকাৰ পৰীক্ষা আৰম্ভ হৈছিল৷ এদিন আবেলি ভাগৰ পৰীক্ষা দি উভতি আহোতে কিছু পলম হৈছিল তাইৰ৷ গাওঁলৈ অহা গাড়ীবোৰ প্ৰায় শেষ হৈছিল৷ ঘৰৰ পৰা প্ৰায় তিনি কি: মি: আঁতৰৰ ঠাইখনলৈ অহা এখন গাড়ী পাই তাতেই উঠি আহিছিল৷ গাড়ীৰ পৰা নামি ঘৰলৈ খৰখেদাকৈ খোজ লৈছিল তাই৷ ইতিমধ্যে সন্ধিয়াটোৱে গ্ৰাস কৰি পেলাইছিল নিৰ্জন ঠাইটুকুৰা৷ মনিকাৰ বুকুখন কিবা এটা শংকাত কঁপিবলৈ ধৰিছিল৷ কিছুদুৰ অহা পিচত তিনিজন নিচাসক্ত ডেকাই আগচি ধৰিছিল তাইক৷ কলেজৰ পৰা আহিছ হবলা৷ পিছে ইমান ৰাতি হ’ল যে৷ নে কাৰোবাৰ লগত গা ঘেলাই থাকোতে পাহৰি গলি বেলি কোনপিনে উধাও হল৷ হেৰ’ আমিবোৰ এনেই আছো নেকি হে? বল বল তোক কোঁচত লৈ থৈ আহোহি–তাই তাইক যাবলৈ দিবলৈ অনুৰোধ কৰিছিল সিহঁতক৷ কাপুৰুষৰ দলটোৱে জপিয়াই পৰিছিল তাইৰ কোমল দেহটোত৷ কাষৰ জংঘললৈ চোচৰাই নি মুখত সোপা দি উপৰ্যুপৰি শাৰীৰিক নিৰ্যাতন চলাইছিল সেই তিনিজন পাষণ্ডই৷ চিঞৰিব খুজিও বিফল হৈছিল৷ এটা সময়ত সংজ্ঞাহীন হৈ পৰিছিল তাই…!

ইফালে ছোৱালীজনী দেৰিলৈ ঘূৰি নহা দেখি কান্দোনত ভাগি পৰিছিল মাক মনোৰোমা৷ ভগোৰামোৰো কিবা এটা অজান আশংকাত অণ্ঠ-কণ্ঠ শুকাই গৈছিল৷ সি সেই ৰাতিয়েই মনিকাক বিচাৰি ওলাই গৈছিল৷ গাওঁখনত ছোৱালীজনী ঘূৰি নহাৰ বাতৰিয়ে ৰজনজনাই গৈছিল৷ বহু ঠাইত বিচাৰ খোচাৰ কৰিও মনিকাৰ কোনো সন্ধান নোপোৱাত শোকত ভাগি পৰিছিল ভগোৰাম৷ বিভীষিকাময় নিশাটো অনিদ্ৰা-অনাহাৰে পাৰ হৈছিল…৷ আৰু ৰাতিপুৱাই কোনোৱা গৰখীয়া ল’ৰাৰ পৰা খবৰটো অঞ্চলটোত বিয়পি পৰিছিল৷ অৰ্ধউলংগ অৱস্থাত এটা মৃতদেহ৷ দৌৰি গৈছিল ভগোৰাম তালৈ৷ মনেপ্ৰাণে ভগৱানক খাটনি জুৰিছিল সেয়া যেন মনিকা নহয়৷ কিন্তু….. শেষ ৰক্ষা নহল৷ ভগোৰামৰ মূৰত যেন নিমিখতে সৰগখন ভাগি পৰিছিল৷ চকুৰ পচাৰতে শেষ হৈ গৈছিল সকলো৷

পুলিচৰ সহায়ত পোষ্টমৰ্টেমৰ বাবে লৈ যোৱা মনিকাৰ নিথৰ দেহ সন্ধিয়া ঘৰ সোমাইছিল ঢক ঢকীয়া শুভ্ৰ চাদৰ এখন মেৰিয়াই৷ হুলস্থুল বাঢ়ি গৈছিল৷ কান্দোনত গগন কঁপোৱা মনোৰমাই অকস্মাত ৰৈ গৈছিল৷ আৰু খেকখেক কৈ হাঁহি উঠিছিল৷
: আমাৰ মনি কইনা হৈছে আজি৷ তাইৰ বিয়া তাইৰ বিয়া আজি৷ চাওঁ চাওঁ চন্দুক খুলি নতুন সাজ এজোৰ উলিয়াও কইনাই জানো এনে বগা সাজ পিন্ধে! –মানসিক স্থিতি হেৰুৱাই আবোল তাবোল কবলৈ আৰম্ভ কৰা মাকক দুজন মানে জোৰকৈ ধৰি চিতাত তুলি দিছিল মনিকাৰ প্ৰাণহীন দেহ৷
যথাবিধি অনুসাৰে মৃতকৰ কাম-কাজ সম্পন্ন হৈছিল৷ কন্যাশোকৰ যন্ত্ৰণাৰ মাজতে এটি অতি দুখৰ বাতৰিয়ে হেঁচি ধৰিছিল ভগোৰামক৷ মনোৰোমাৰ মগজুৱে কাম নকৰা হৈছিল৷ ভুল বকা আৰম্ভ কৰিছিল মনোৰোমাই৷ মনিকা মনিকা বুলি কেতিয়াবা চিঞৰিছিল যদি কেতিয়াবা হুকহুকাই কান্দি উঠিছিল মনোৰোমা৷ সেই তেতিয়াৰ পৰাই সৰ্বস্ৰান্ত ৰৈ একেবাৰেই ভাগি পৰিছিল ভগোৰাম৷ কাকোৱে মাতবোল নকৰা হৈছিল সি৷ যেন মুঠিয়ে মুঠিয়ে বিষাদগধুৰ যন্ত্ৰনাই তাক কোঙা কৰি পেলাইছিল ক্ৰমশ…৷

: মনোৰোমা…অ মনোৰোমা…

বাৰান্দাৰ মাটিত শুইথকা মনোৰোমাক জগাই লৈ আহিছিল চোতাললৈ৷ আকাশৰ তৰা এটিলৈ আঙুলি টোৱাই তাই দেখুৱাই কৈছিল-
: সৌৱা চোৱা, আমাৰ মনিকাই আমালৈ চাই হাঁহি আছে, আজি তাইৰ জন্মদিন আছিল নহয়…!

মনোৰোমাই গিৰিয়েকলৈ চাই এবাৰ হাঁহি উঠিছিল, তাৰ পিছতেই গিৰিয়েকক সাৱতি হুকহুকাই কান্দোনত ভাগি পৰিছিল দুয়ো, কিছু অচিন অচিন যেন চিনাকি বেদনাত…৷

***সমাপ্ত***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments