পৰিক্ৰমা – কৃষ্ণা বৈশ্য

ধনক পদূলিমুখৰ গেটলৈকে আগবঢ়াই দি ঘূৰি আহি আগফালৰ বাৰাণ্ডাত থকা চকীখনতে ধুপুচকৈ গাটো এৰি দিলে সুনীতাই। কিমান বছৰৰ মূৰত যে আজি ধন আহিছিল তাইৰ ঘৰলৈ। অথচ এসময়ত সুনীতা আৰু ধনে ইজনে সিজনৰ দাঁতত ভাত লাগিলেও কথাটো গম পাইছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা সিহঁত দুটাৰ মাজত একেবাৰেই মাত-বোল নাই। আনকি ফোন এটা কৰি বা মেছেজ এটাৰেও সিহঁতে এজনে আনজনৰ খবৰ এটা নলয়। অহা যোৱা কৰা দূৰতে থাকক।

সুনীতাৰ মাক মোহিনীৰ ডাঙৰ বায়েক ৰেণুৰ ল’ৰা ধন। একেখন চহৰতে থকা সুনীতাহঁতৰ মাকৰ ঘৰৰ পৰা ধনহঁতৰ ঘৰলৈ তামোল এখন খোৱাৰ বাট। তাইতকৈ বয়সত দুবছৰ ডাঙৰ ধন। আচলতে সি সুনীতাৰ ককায়েক ৰূপমৰ কাণসমনীয়া। কিন্তু সৰুৰে পৰাই তাই ৰূপমক মতাৰ দৰেই ধনকো নাম কাঢ়ি মাতে। এসময়ত ৰূপমতকৈও ধনৰ লগতহে সুনীতাৰ বেছি বন্ধুত্ব আছিল।

ল’ৰা-ছোৱালী বুলিবলৈ সুনীতাহঁতৰ ঘৰখনত আছিল তাই আৰু ককায়েক ৰূপম। তাইৰ দেউতাকে স্থানীয় কলেজখনত ইংৰাজী পঢ়ুৱাইছিল। দেউতাকৰ দৰমহাৰ টকা কেইটাৰে মাকে আটোমটোকাৰিকৈ চলাইছিল সিহঁতৰ ঘৰখন। আকালো নাই , ভঁৰালো নাই। জেঠায়েকৰ আকৌ ল’ৰা-ছোৱালী এগাল। ল’ৰাৰ আশা কৰি থাকোঁতে থাকোঁতে প্ৰথমে ছয়জনীকৈ ছোৱালীৰ জন্ম হ’ল। সাত নম্বৰতহে ল’ৰা,  ধনৰ ককায়েক সোণ। ধন একেবাৰে নুমলীয়া, আঠ নম্বৰ।

জেঠুৱেক আছিল প্ৰাইমেৰী স্কুলৰ শিক্ষক। অভাৱ অনাটনেৰে ভৰা এখন ঘৰ। এফালে টাপলি মাৰিলে আনফালে ফুটা ওলায়। গিৰিয়েকৰ তাকৰীয়া দৰমহাৰ টকাকেইটাৰে ভৰা ঘৰখনৰ ভাত কাপোৰৰ দিহা কৰিবলৈ যাওঁতে জেঠায়েকৰ খঙটো চুলিৰ আগতে থাকে।  ল’ৰা-ছোৱালীকেইটাই মাকক বাঘৰ দৰে ভয় কৰিছিল। সুনীতাহঁতৰ মাকৰ স্বভাৱটো আছিল আকৌ ওলোটা। সুনীতাহঁতক মাৰ-ধৰতো নকৰিছিলেই,  টানকৈ কথা এষাৰো কোৱা নাছিল মাকে। বায়েকৰ ল’ৰা ছোৱালীকেইটাকো তেওঁ বৰ মৰম কৰিছিল। ধনহঁতৰ আটাইকেইটা ভায়েক ভনীয়েকে সৰুতে সুনীতাহঁতৰ ঘৰতে উমলি জামলি ডাঙৰ হৈছিল। বায়েকৰ ঘৰৰ অৱস্থা জানিয়েই সুনীতাৰ মাকেও ধনহঁতক মৰমেৰে যি পাৰে ৰান্ধি-বাঢ়ি খুৱাইছিল।

ধন আৰু তাইৰ ককায়েক ৰূপম সৰুৰে পৰা একেখন স্কুলতে একেটা শ্ৰেণীতে পঢ়া। সুনীতাৰ দেউতাকে প্ৰায়ে গধূলি ৰূপমৰ লগতে ধনৰ পঢ়া শুনাখিনিও চাই দিছিল। সুনীতা আছিল সিহঁততকৈ এশ্ৰেণী তলত। বজাৰৰ পৰা তাইৰ চুলিত মৰা ৰঙা ফিটাডাল, ফোঁটৰ পেকেটটো অথবা চহৰৰ একমাত্ৰ চিনেমা হলটোৰ সন্মুখৰ ৰামধন চাচাৰ দোকানৰ পৰা চানা ভজা এপেকেট আনি দিয়া কামবোৰ তাইক ধনেই কৰি দিছিল।

ধন  সৰুৰে পৰা কিতাপৰ পোক। সুনীতাইও কিতাপ পঢ়ি, বিশেষকৈ বাহিৰা কিতাপ পঢ়ি বৰ ভাল পাইছিল। ধনৰ স্কুলৰ কিতাপ বহীৰ জোৰা মাৰিবলৈকে জেঠায়েকহঁতৰ টকাৰ টনাটনি, বাহিৰা কিতাপ কিনিবলৈ তেওঁলোকে তাক পইচা দিব ক’ৰপৰা! অৱশ্যে তাৰো উপায় ওলাইছিল।  সুনীতাৰ ফৰমাইচ ম’তে দেউতাকে তাইক তাইৰ প্ৰিয় লেখকৰ কিতাপবোৰ কিনি দিছিল। দেউতাকে নিজেও কিতাপ পঢ়ি বৰ ভাল পাইছিল। তেওঁৰ পঢ়া-শুনা কৰা কোঠাটো দেশ-বিদেশৰ বিখ্যাত লেখকসকলৰ কিতাপেৰে ভৰি আছিল। ধনে সিহঁতৰ ঘৰৰ পৰাই নি কিতাপবোৰ পঢ়িছিল। অৱশ্যে সময়মতে ঘূৰায়ো দিছিল। কোনোখন কিতাপৰ কাহিনী বা লেখকজনক লৈ ধন আৰু সুনীতাৰ মাজত কত কথাৰ যে আলোচনা নহৈছিল!

মাজে মাজে কিবা কথাত মতৰ অমিল হ’লে ভীষণ কাঁজিয়াও হৈছিল দুয়োটাৰ মাজত। ধন তেতিয়া দুদিনমান সিহঁতৰ ঘৰলৈ নাহিছিল। গধূলি পঢ়াবলৈ লৈ দেউতাকে ৰূপমক ধনৰ খবৰ সোধে।

“কি হ’ল , ধন অহা নাই যে?”

সুনীতাৰ মনটো লাহে লাহে বেয়া লাগিবলৈ ধৰে। মনতে ভাৱ হয়, কি দৰকাৰ আছিল কোনোবা অচিন লেখক এজনৰ বাবে নিজৰ মাজত কাজিয়া কৰাৰ। অৱশ্যে দুদিন যোৱাৰ পাছতে চুচুক চামাককৈ ধন আহি সিহঁতৰ ঘৰ ওলায়হি। লগত লৈ আনে সুনীতাই খাই ভালপোৱা বগৰী বা জলফাই দুটামান।

কিযে সোণসেৰীয়া দিন আছিল সেইবোৰ!

পঢ়া-শুনাত সৰুৰে পৰা ধন আছিল অতি তীক্ষ্ণ বুদ্ধিৰ। ৰূপম আকৌ মধ্যমীয়া। সৰুতে সুনীতাৰ দেউতাকে ধনৰ দেউতাকক কোৱা মনত আছে,-

“শালপতি , ই ধনে ডাঙৰ হ’লে ভালকৈ একঠা খাব দেই।”

হয় , সুনীতাৰ দেউতাকৰ কথা আখৰে আখৰে ফলিয়াইছিল। কলেজ , ইউনিভাৰ্ছিটিত খুৱ ভাল ৰিজাল্ট কৰি ধনে অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়া হিচাপে নিযুক্তি পাইছিল। চাকৰিত যোগদান কৰাৰ দিনা জেঠুৱেক আৰু জেঠায়েকৰ কিমানযে স্ফূৰ্তি! ডাঙৰকৈ ভোজভাতৰ আয়োজন কৰি ওচৰ-পাঁজৰৰ আটাইখিনি মানুহক ভালদৰে এসাঁজ খুৱাইছিল। জেঠায়েকৰ বাবে আটাইতকৈ ভাল লগা কথাটো আছিল, ধনৰ চাকৰিৰ পো’ষ্টিঙ হৈছিল সিহঁতৰ চহৰখনৰ পৰা দহমাইল দূৰত্বত থকা চাৰ্ক’ল অফিচ এটাত। সেইকাৰণে ধনে ঘৰৰ পৰাই আহ যাহ কৰি চাকৰি কৰিব পাৰিছিল। একেসময়তে ৰূপমেও পঢ়া শুনা শেষ কৰি দূৰণিৰ চহৰ এখনৰ অফিচ এটাত কেৰাণীৰ চাকৰিত যোগদান কৰিছিল। ধনৰ নিচিনা ঘৰৰ ভাত খাই চাকৰি কৰাৰ ভাগ্য নাছিল ৰূপমৰ।

“বাইদেউ , তোৰ বৰ ভাগ্য দেই!”-কেতিয়াবা কেতিয়াবা সুনীতাৰ মাকে বায়েক ৰেণুক কৈছিল।

সেইসময়ত জেঠায়েকে মুখেৰে একো মতা নাছিল। কিন্তু ওঁঠত বিৰিঙিছিল এটা প্ৰশান্তিৰ হাঁহি। মানুহজনীৰ খং-ৰাগবোৰো আগতকৈ বহুত কমি আহিছিল।

ধনে পঢ়ি থাকোঁতেই আটাইকেইজনী বায়েক বিয়া হৈ আন এঘৰলৈ ওলাই গৈছিল। ককায়েক সোণে পঢ়া-শুনাত বৰ বেছি উধাব নোৱাৰিলে। কোনোমতে ডিগ্ৰীটো লৈ সৰু-সুৰা ব্যৱসায় কৰি ঘৰ চলোৱাত দেউতাকক হাত উজান দিবলৈ আৰম্ভ কৰিলে। অত্যাধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ ফলত জেঠায়েকৰ দেহা পৰি আহিছিল। অকলে অকলে ঘৰৰ কামবোৰ কৰিবলৈ অসুবিধা হৈছিল মানুহজনীৰ। অলপ সহায় হ’ব বুলিয়েই সোণৰ বিয়াখন সোনকালে পাতি দিলে তেওঁলোকে। ছোৱালীজনী ঘৰৰ ওচৰৰে। দেখাই শুনাই ভাল। কামে কাজেও পাৰ্গত। মেট্ৰিক পাছ। ছোৱালীৰ বাপেক ধনৰ দেউতাকে চাকৰি কৰা স্কুলখনৰে প্ৰধান শিক্ষক। সোণৰ ঘৈণীয়েক ৰীতাই বিয়াৰ পাছৰ পৰাই ঘৰ বাহিৰ সমানে চম্ভালি লৈ শাহুৱেকক ৰান্ধনি ঘৰৰ পৰা আজৰি দিলে।

ধনে চাকৰি পোৱাৰ পিছৰ বছৰতেই দেউতাকে চাকৰিৰ পৰা অৱসৰ লৈছিল। অৱসৰৰ লোৱাৰ দুবছৰ হৈছিলহে মাথোন। হঠাতে এদিন ৰাতি ভাত পানী খোৱাৰ পাছতে বুকুখন বিষাইছে বুলি কৈ বিচনাত পৰিল তেখেত। সোণে গৈ চহৰৰে চিনাকী চিকিৎসকজনক লৈ আহি পোৱালৈকে বাটেই নাচালে মানুহজনে। কাকো একো কৰাৰ সুবিধা নিদিয়াকৈয়ে একেবাৰেই গুচি গ’ল মানুহজন।

গিৰিয়েকৰ মৃত্যুৰ পাছৰ পৰাই জেঠাই জুপুকা মাৰি বহি থকা হ’ল। দিনটো বোৱাৰীয়েকে যোগান ধৰা চাহ ভাত টেবুলত বহি খোৱা মানুহজনীয়ে অৱশ্যে গধূলিৰ ফালে ক’ৰ পৰা জানো অলপ শক্তি ঘূৰাই পায়। অফিচৰ পৰা উভতি অহা সৰু পুতেকৰ বাবে নিজেই চাহকাপ বাকি আনে। ৰাতিৰ সাঁজতো ধনে ভালপোৱা দুই এপদ খাদ্য ৰান্ধিবলৈ ৰান্ধনি ঘৰত সোমায়। বোৱাৰীয়েক ৰীতাই নালাগে বুলি ক’লেও নুশুনে।

এইবোৰ সুনীতাই নিজে দেখা কথা। তাই বিয়া হৈ জন্মৰ চহৰখনৰে বোৱাৰী হ’ল।  মাকৰ ঘৰলৈ গ’লে মাজে মাজে ধনহঁতৰ ঘৰতো এপাক মাৰে তাই। ৰীতা বৌৱেকে আথেবেথে আগবঢ়াই দিয়া চাহকাপ খাই জেঠায়েকৰ লগত দুই এষাৰ সুখ দুখৰ কথা পাতে।

সাধাৰণতে মাকবোৰৰ মনত আটাইবোৰ ল’ৰা-ছোৱালী সমান হয়। সুনীতাহঁতৰ মাকেও ৰূপম আৰু তাইক ডাঙৰ দীঘল কৰোঁতে দুয়োৰে মাজত কোনো ভেদ ভাৱ ৰখা নাছিল। কিন্তু জেঠায়েকে বাকীকেইটা ল’ৰা-ছোৱালীতকৈ সৰুৰে পৰা ধনক অলপ বেছি মৰম কৰিছিল। নুমলীয়া বুলিয়েই হওক বা পঢ়া শুনাত চোকা শান্ত ল’ৰা বুলিয়েই হওক বাকীকেইটা সন্তানৰ তুলনাত ধনৰ প্ৰতি তেওঁৰ টানটো আছিল অলপ বেছি। নিজৰ ভাগৰ মাছকণ, ঘৰৰ গাইজনীৰ গাখীৰ টোপা,  মুৰ্গী মাংসৰ ডাঙৰ টুকুৰাটো ককায়েক-বায়েকহঁতে গম নোপোৱাকৈ ধনক মনে মনে মাতি নি খাবলৈ দিছিল। ধনৰ পৰীক্ষাৰ সময়ত যে কি কষ্ট হৈছিল মানুহজনীৰ। বেচেৰীয়ে টোপনি ক্ষতি কৰি আধাৰাতিলৈকে তাৰ পঢ়া টেবুলৰ কাষতে ঊণৰ চুৱেটাৰ এটা গুঠি বা এৰীৰ টাকুৰীটো ঘূৰাই বহি থাকিছিল । ধনৰো জানো সেইসময়ত মাকৰ প্ৰতি কম মৰম আছিল। সৰুকালৰ কথা বাদেই , চাকৰি কৰাৰ পাছতো মাজে মাজে সি মাকৰ কোঁচত মূৰ থৈ দিনটোৰ দুখ ভাগৰ মাৰিছিল। মাহৰ মূৰত দৰমহাৰ টকাকেইটা মাকৰ হাতত তুলি দিছিল।

“মোকনো টকা পইচা কেলেই? বুঢ়ী হ’লোঁ। তহঁতেই ঘৰখন চলাচোন।”-জেঠায়েকে মাজে মাজে আপত্তি কৰিছিল। পিছে ধনে শুনিলেহে!

বাপেক মৰাৰ এবছৰ বাগৰাৰ পাছতে জেঠায়েকে ধনৰ বিয়াৰ কথা ভাৱিলে। সৰু পুতেকৰ ঘৰখন পাতি দি নগ’লে সিপুৰীতো শান্তি নাপাব তেখেতে। ছোৱালী এজনী চোৱাহে কথা। ডাঙৰ বোৱাৰীয়েক ৰীতাৰ লগত এইবোৰ কথাকে পাগুলি থাকি এদিন ধনৰো কাণ চোৱাইছিল তেখেতে কথাটো।

“তোমালোকে মোৰ বিয়াৰ কাৰণে ছোৱালী চাব নালাগে মা। মই বহুদিন আগতেই ছোৱালী ঠিক কৰি থৈছোঁ।”

জেঠাই যেন আকাশৰ পৰাহে সৰি পৰিছিল। এই নিবোকা, শান্ত ল’ৰাটোৱে কেতিয়া ছোৱালী চালে? কাৰ ঘৰৰ ছোৱালী?

ধনে এটা এটাকৈ উত্তৰ দি গৈছিল মাকৰ প্ৰতিটো প্ৰশ্নৰ। মাকে জানেই দেখোন , সি কলেজত পঢ়ি থকা সময়ত পঢ়া-শুনাৰ খৰছ উলিয়াবলৈকে ওচৰে-পাঁজৰে টিউচন কৰি ঘূৰি ফুৰিছিল। তেনেকৈয়ে এদিন তাৰ চিনাকী হৈছিল মধুচন্দ্ৰাৰ লগত। মধুচন্দ্ৰাৰ মাক-দেউতাক দুয়োজনেই কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত বিষয়া। ক্লাচ নাইনত পঢ়া একমাত্ৰ সন্তান মধুচন্দ্ৰা পঢ়া-শুনাত বেয়া নহয় যদিও গণিত বিষয়টো অলপ টান পাইছিল তাই। গণিতত অলপ সহায় কৰিবলৈ এজন ভাল ঘৰুৱা শিক্ষকৰ সন্ধান কৰিছিল তেওঁলোকে। কোনোবাই তেওঁলোকক ধনৰ কথা কৈছিল। ভাল পঢ়ুৱায়। এদিন তেওঁলোকে ধনক মাতি নি মধুচন্দ্ৰাক গণিত শিকোৱাৰ দ্বায়িত্ব দিলে। সেইযে আৰম্ভ হ’ল, ঘৰখনৰ লগত সম্বন্ধ এটা গঢ়ি উঠিল ধনৰ। মধুচন্দ্ৰাই মেট্ৰিক পাছ কৰিলে, পি উ পাছ কৰিলে। ধনৰো টিউচন শেষ হ’ল। কিন্তু মানুহঘৰৰ লগত সম্বন্ধটো ৰৈ গ’ল। সময়ত গৈ তাই ইংৰাজীত এম .এ ও পাছ কৰিলে। ইয়াৰ মাজতে কোন সময়ত জানো তাৰ আৰু মধুচন্দ্ৰাৰ মাজত হৃদয়ৰ সেতু এখন গঢ় লৈ উঠিল ততকে ধৰিব নোৱাৰিলে সি। তলমূৰ কৰি পঢ়া-শুনাতে ব্যস্ত থকা ল’ৰাজনৰ মনৰ মাজত যেন ৰামধেনুৰ সাতোটা ৰঙেই ভৰ কৰিলেহি।

অকণো লুক ঢাক নকৰাকৈ মাকক সকলো কথা ভাঙি-পাতি ক’লে ধনে। কথাবোৰ শুনাৰ পাছত মাকেও তাৰ আৰু মধুচন্দ্ৰাৰ সম্পৰ্কটো মানি নোলোৱাৰ কোনো কাৰণ নেদেখিলে।

“ল’ৰা নোহোৱা ঘৰখনৰ পৰা ছোৱালী বিয়া কৰোৱাৰ আগতে কথাটো ভালদৰে চিন্তা কৰি লবি বাইদেউ।”-কথাবোৰ গ’ম পোৱাৰ পাছত সুনীতাৰ মাকেহে বায়েকক কৈছিল।

কিন্তু ধনৰ পছন্দৰ ওপৰতৰ সম্পূৰ্ণ বিশ্বাস আছিল জেঠাইৰ। ধনে ভুল নকৰে। ধনে ভুল কৰিব নোৱাৰে।

“ল’ৰা নহ’লে কি হ’লনো? ধনেই তেওঁলোকৰ ল’ৰাৰ দ্বায়িত্ব পালন কৰিব পাৰিব। একেখন চহৰতে ঘৰ যেতিয়া ধন আৰু মধুচন্দ্ৰাই মন গ’লেই গৈ মাক-দেউতাকৰ মাত এষাৰ লগাই থৈ আহিব পাৰিব। বিপদে আপদে তেওঁলোকৰ সহায় হ’ব পাৰিব।”- জেঠায়েকে সুনীতাৰ মাকৰ মুখখন বন্ধ কৰিছিল।

দুয়োখন ঘৰৰ আশীৰ্বাদ লৈ অতি ধুমধামেৰে ধন আৰু মধুচন্দ্ৰাৰ বিয়াখন হৈ গৈছিল। প্ৰথম কেইমাহমান কথাবোৰ ঠিকে আছিল। মধুচন্দ্ৰাৰ দৰে সুশীল, সুন্দৰী বোৱাৰীয়েকক পাই জেঠায়েক সুখী হৈছিল।

“দেখাই শুনাই কামে-কাজে লখিমী এজনী।”- ঘৰলৈ যোৱা আলহীৰ আগত বোৱাৰীয়েকৰ গুণ গাই ততকে নাপাইছিল মানুহজনীয়ে।

কিন্তু সময়ৰ লগে লগে কথাবোৰ সলনি হৈছিল। ঠিক কেতিয়াৰ পৰা সলনি হ’বলৈ ধৰিছিল সেইটোহে ভালদৰে মনত নাই সুনীতাৰ।

মাহৰ মূৰত দৰমহাৰ টকাকেইটা মাকৰ হাতত দিয়া ধনে বিয়াৰ দুমাহমান পাছতে এদিন কৈছিল,-

“মা, এইমাহৰ দৰমহাৰ টকাকেইটা মধুচন্দ্ৰাৰ হাততে দিছোঁ। তোমাক কিবা লাগিলে তাইৰ পৰা লৈ ল’বা।”

“মোকনো কেলেই লাগে অ’ টকা পইচা?  হ’ব দে, তহঁতৰ সুখেই মোৰ সুখ।”- ধনক মুখেৰে তেনেকৈ ক’লেও মাকৰ মনৰ মাজেৰে সেইদিনা এজাক ধুমুহা বলিছিল। ঠিক টকাখিনিৰ কাৰণে নহয়। পুতেকৰ ওপৰত থকা অধিকাৰৰ মোনাখনহে অলপ পাতল হৈ পৰা বুলি অনুভৱ হৈছিল তেখেতৰ।

“মা, মধুচন্দ্ৰাৰ দেউতাকৰ গা বেয়া। তাই কেইদিনমান ঘৰতে থাকক গৈ দিয়া।”-এদিন কৈছিল ধনে।

“সজ কথা। তাই গ’লে বিয়নীৰো অলপ সহায় হ’ব।”- মাকে শলাগিছিল।

“মা, মধুচন্দ্ৰাৰ দেউতাকৰ গাটো বেছি বেয়া হৈছে। ময়ো দুদিনমান তাৰ পৰাই অফিচলৈ অহা যোৱা কৰিম বুলি ভাৱিছোঁ।”

মাকৰ অনুমতি বিচাৰি নহয়, সিদ্ধান্তটো জনাবলৈহে যেন ধনে মাকৰ আগত কথাষাৰ কৈছিল।

সেইযে ওলাই গ’ল, ধন আৰু ঘৰলৈ উভতি নাহিল। মধুচন্দ্ৰাৰ দেউতাক ঢুকাল। মাক অকলশৰীয়া হ’ল। থাকোঁতে অৱশ্যে মধুচন্দ্ৰাৰ মাকৰ লগত সিহঁতৰ মোমায়েকৰ ল’ৰা এজন থাকে। তথাপি মাকক তাৰ ভাৰসাত থৈ আহি শহুৰৰ ঘৰত থাকিবলৈ আপত্তি কৰিলে মধুচন্দ্ৰাই।

“মা, আমিতো একেখন চহৰতে থাকিম। তোমাৰ খবৰ বাতৰি লৈয়ে থাকিম সদায়। ইয়াত তোমাক চাবলৈ দাদা-বৌহঁত আছেই নহয়।”

ধন আৰু মধুচন্দ্ৰাই মাজতে এদিন আহি ট্ৰাক এখনত সিহঁতৰ বস্ত-বাহানিবোৰ বোজাই কৰি লৈ গৈছিল। মাকে সেইদিনা দিনটো একো এটা মুখত দিয়া নাছিল ।

“এই পৰিস্থিতিত শাহুৱেকক দেখ-ভাল কৰাটো ধনৰ দ্বায়িত্ব। সি শাহুৱেকক আনি লগত ৰাখিলে মই বেয়া নাপালোহেঁতেন। তাকে নকৰি ঘৰখন এৰি, মোক এৰি গুচি গ’ল সি।”- এদিন সুনীতা আৰু মাকে খবৰ কৰিবলৈ যাওঁতে সিহঁতৰ আগত কথাবোৰ কৈ জেঠায়েকে উচুপি উঠিছিল।

সেইদিনা ধনৰ ওপৰত খুৱ খঙ উঠিছিল সুনীতাৰ। ঘৰ জোঁৱাই হ’বলৈ সিদ্ধান্তটো লওঁতে এবাৰো বুঢ়ী মাকজনীৰ কথা মনত পৰি হৃদয় কঁপি উঠা নুঠিলনে তাৰ।

প্ৰথম অৱস্থাত দহ পোন্ধৰদিনৰ মূৰে মূৰে মাকৰ খবৰ কৰিবলৈ আহি আছিল ধন। মাজতে পুত্ৰ সন্তান এটাৰ বাপেক হ’ল সি। সময়ৰ লগে লগে চাকৰিৰো ব্যস্ততা বাঢ়িল। ঘৰ পৰিয়াল, চাকৰি সকলো মিলাই একেখন চহৰতে থকা মাকৰ খবৰ কৰিবলৈ আহিবলৈ মাহেকত এবাৰো সময় উলিয়াব নোৱাৰা হ’ল সি। মধুচন্দ্ৰাইতো বছৰৰ মূৰতহে কেতিয়াবা এপাক শাহুৱেকৰ ওচৰলৈ আহে। তাকো এঘণ্টাও নাথাকে। কাম আছে বুলি খৰধৰকৈ গুচি যায়। সুনীতা গ’লে তাইৰ আগত এইবোৰ কথাকে কৈ চকুপানী টোকে জেঠায়েকে। সুনীতাই মুখেৰে একো নকয় যদিও ধনৰ ওপৰত খংটো বাঢ়ি গৈ থাকে তাইৰ।

এইবোৰ দুখতে মানুহজনীৰ শৰীৰটোত নানানটা বেমাৰে লম্ভিলে। মনৰ দুখত ভালদৰে খোৱা-বোৱাও নকৰা হ’ল মানুহজনীয়ে। ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ,  কিডনিৰ অসুখে জেঠায়েকক ঘূণীয়া কৰি পেলালে একেবাৰে। মাকৰ ঘৰলৈ গলেই সুনীতাই জেঠায়েকৰ খবৰ এটা কৰি আহে। দেহে মনে দুখত জৰ্জৰিত মানুহজনীক দেখিলে বুকুখনত শোকে খুন্দা মাৰি ধৰে তাইৰ।

এদিন ৰাতিপুৱাই মাকে সুনীতাক ফোন কৰি খবৰ দিলে,-

” বাইদেউৰ গাটো বেছি বেয়া হৈছে। সোণে নি যোৱাকালি লুইত নাৰ্চিং হোমত ভৰ্তি কৰাইছে। পাৰিলে তই আজি খবৰ এটা কৰি আহিবিগৈ।”

গিৰিয়েক সুদীপ তেতিয়া অফিচিয়েল ট্যুৰত গোৱাত। ল’ৰা-ছোৱালী দুটাৰ স্কুল আছে। ঘৰত বেমাৰী শাহুৱেক। শহুৰেক সুনীতাৰ বিয়াৰ আগতে ঢুকাইছিল। লৰালৰিকৈ ল’ৰা-ছোৱালী দুটাক স্কুললৈ পঠিয়াই শাহুৱেকক ভাতকেইটা বাঢ়ি দিলে তাই। কাপোৰ সাঁজ সলাই অ’টো এখন লৈ খৰধৰকৈ ওলাই আহিল। জান আৰু জুৰি ঘৰ আহি পোৱাৰ আগতে তাই উভতি আহিব লাগিব। শাহুৱেকৰ বয়স হৈছে। আজিকালি নাতি-নাতিনীৰ জেঙা মাৰিবলৈ টান পায় তেখেতে।

নাৰ্চিঙ হোমখনৰ ৰিচিপছনত বহা ছোৱালীজনীক সুধি জেঠায়েক থকা দ্বিতীয় মহলাৰ কেবিনটোলৈ চিৰি বগাই উঠি গ’ল তাই। চিৰিতে লগ পালে সোণদাদাকক।

“জেঠাই কেনেকুৱা আছে সোণদাদা?  তুমি ক’লৈ যোৱা?”

“মাৰ খবৰ ভাল নহয়। মই অলপ ঘৰৰ পৰা আহোঁ। যোৱাকালিৰ পৰাই নাৰ্চিং হোমতে আছোঁ। ঘৰলৈ গৈ অলপ গা-পা ধুই আহোঁগৈ! ধন আৰু মধুচন্দ্ৰা আহিছে মাৰ খবৰ ল’বলৈ। সিহঁতক বহুৱাই থৈ আহিছোঁ। পাৰিলে মই ঘূৰি আহি পোৱালৈকে তই মাৰ কাষত থাকিবিচোন দেই।”- খৰধৰকৈ কথাকেইটা কৈ চিৰি বগাই তললৈ নামি গ’ল সোণদাদাক।

ধন আহিছে?  কিন্তু কিয়? মাকৰ মৰা মুখখন চাবলৈ? অথচ ইমানদিনে মানুহজনী বেমাৰ হৈ ঘৰত পৰি থাকোঁতে এদিনলৈ মাকক চাবলৈ আহিবলৈ সময় নাপালে সিহঁতে। ল’ৰাৰ বছৰেকীয়া পৰীক্ষা, মধুচন্দ্ৰাৰ মাকৰ ভৰিৰ বিষ, চাকৰিৰ ব্যস্ততা আদি কিমান যে বাহানা নেদেখুৱালে! অথচ সৰুতে এবাৰ ধনৰ জ্বৰ হৈ হস্পিতেলত ভৰ্তি থাকিবলগা হওঁতে জেঠায়েকে খোৱা-শোৱা বাদ দি দহদিন একেৰাহে বহি বহি চৰকাৰী হস্পিতেলতে কটাই দিছিল। এইবোৰ কথা সঁচাকৈয়ে পাহৰি গৈছেনে ধনে!

এইবোৰ কথাকে ভাৱি চিন্তি জেঠায়েক থকা কোঠাটোলৈ সোমাই গ’ল সুনীতা। আই ওই দেহি! বিচনাখনৰ লগত সমান হৈ পৰি আছে মানুহজনী। চকুদুটা আধামুদা। মুখখন শেঁতা। গাটো নীলা ৰঙৰ বিচনা চাদৰ এখনেৰে ডিঙিলৈকে ঢাকি থোৱা আছে। সোঁহাতৰ মণিবন্ধনৰ ওচৰতে নিডল এটা সুমুৱাই চেলাইন এটা দিয়া আছে। কাষৰ চকীখনত মাকৰ মুখলৈ চাই বহি আছে ধন। ৰুমটোৰ এমুৰত থকা চোফাখনত বহি মধুচন্দ্ৰাই মেগাজিন এখন চকুৰ আগত মেলি থৈছে। সিহঁত দুটাক দেখিয়েই খং এটা ভৰিৰ পৰা মূৰলৈকে উজাই আহিল সুনীতাৰ। এসময়ত পুতেক বোৱাৰীয়েকক এবাৰ চাবলৈ মানুহজনীয়ে কম হাবিয়াসখন কৰিছিলনে! অথচ ব্যস্ততাৰ দোহাই দিয়ে ইমানদিনে সিহঁতে মাকৰ পৰা আঁতৰি থাকিল। এতিয়া মাক  মৃত্যুশয্যাত পৰি থাকোঁতে কি কৰিবলৈনো মাকৰ ওচৰলৈ আহিছে সিহঁত। লাজ লগা নাইনে? নে সমাজৰ নিন্দাৰ ভয়ত আৰু দ্বায়িত্বৰ খাতিৰত মাকক শেষবাৰৰ বাবে এবাৰ চাই যাবলৈ আহিছে!

“অ’ সুনীতা। আহা আহা।”- কেবিনৰ দুৱাৰখন খোলোঁতে হোৱা শব্দটোত পিছফালে ঘূৰি চাই মধুচন্দ্ৰাই সুনীতাক দেখি যেন সকাহহে পালে।

“আমি এই অকমান আগতে পালোঁহি! ৰাতি দাদাই খবৰটো দিছিল যদিও আহিব নোৱাৰিলোঁ। মোৰ অফিচতে ৰাতি দহ বাজি গ’ল। মধুচন্দ্ৰাই মাকক এৰি থৈ অকলে আহিবলৈ বেয়া পালে। তাতে ৰিতমৰো বছৰেকীয়া পৰীক্ষা চলি আছে নহয়।”-সুনীতাই একো নোসোধাকৈয়ে ধনে তাইক কৈফিয়ৎ দিয়াৰ নিচিনাকৈ কথাবোৰ ক’লে।

“মইও আজিহে গ’ম পালোঁ। ইহঁতক স্কুললৈ পঠিয়াই আহিব লগা হ’ল।”-একো নক’লে বেয়া দেখিব বুলিয়েই ক’লে সুনীতাই।

“ইমান দেৰি মাৰ কাষত বহি মাতি আছোঁ। মায়ে চকু মেলা নাই। সোণদাদাই কৈছে, মায়ে আমি অহাৰ আগে আগে হেনো অলপ চকু দুটা মেলি চাইছিল। অলপ আগতে ডাক্টৰ এজন আহি মাক পৰীক্ষা কৰি গৈছে। পাৰিলে অলপ ৰঙা চাহ আৰু থিন এৰাৰুট বিস্কুট দুখনমান খুৱাই দিব দিছে। চাহ ফ্লাক্সত আনি থোৱা আছে। অথনিৰে পৰা চেষ্টা কৰি আছোঁ। চকু মেলিয়েই চোৱা নাই। চাহ বিস্কুট খুৱাম কেনেকৈ!”- ধন যেন অসহায় হৈ পৰিল।

ৰোগীৰ বিছনাখনৰ কাষতে বহি লৈ তাই জেঠায়েকৰ চেলাইন গৈ থকা হাতখনত এবাৰ মৰমেৰে হাত বুলাই দিলে। জেঠায়েকৰ চকুৰ পতা দুটা লৰচৰ কৰি উঠিল। এইবাৰ তাই সোঁহাতেৰে জেঠায়েকৰ কপালত পৰি থকা চুলিখিনি আঁতৰাই দিলে। তাৰ পাছত নিজৰ মুখখন জেঠায়েকৰ কাণৰ কাষলৈ লৈ গৈ মৰমেৰে মাতিলে,-

“জেঠাই, মই সুনীতা। চোৱাচোন, ধনদা আৰু মধুচন্দ্ৰা বৌও আহিছে।”

জেঠায়েকে চকু দুটা মেলি তাইলৈ চালে। মুহুৰ্তৰ বাবে মানুহজনীৰ চকুদুটাত বিজুলী খেলাই গ’ল। কিবা এটা ক’বলৈ চেষ্টা কৰিলে তাইক। কিন্তু স্পষ্ট নহ’ল কথাষাৰ।

“মা, আমি আহিছোঁ।”- ধন আগবাঢ়ি আহিল। সুনীতাই আঁতৰি দিলে। জেঠায়েকৰ কাষতে বহি ল’লে ধনে।

এইবাৰ জেঠায়েকে চকু দুটা মুদি মুখখন বেৰৰ ফালে ঘূৰাই দিলে। বন্ধ চকুৰ পতাৰে দুটোপাল চকুলো বাগৰি আহিল।

সুনীতাই বুজি পালে। অভিমান। বুকুৰ মাজত বৰফ হৈ থকা জেঠায়েকৰ অভিমানবোৰে গলি গলি বোৱতী নদীৰ ৰূপ লৈছে।

ইমান দেৰি মৌন হৈ থকা মধুচন্দ্ৰা এইবাৰ শাহুৱেকক চাহ বিস্কুট খুৱাবলৈ তৎপৰ হৈ পৰিল। ফ্লাক্সৰ পৰা ৰঙা চাহ অকমান এটা বাটিত ঢালি ল’লে তাই। ধনে উঠি আহি বিচনাখনৰ এটা মূৰত থকা হেণ্ডেলৰ সহায়ত মাক শুই থকা বিচনাখনৰ মূৰৰ ফালটো অলপ ওখ কৰি দিলে। তাৰপিছত কাষতে থকা টাৱেলখন তিয়াই লৈ মাকৰ চকু মুখ মোহাৰি দিলে।

“মা চকু মেলকচোন।”-মধুচন্দ্ৰাই চাহৰ বাটিটো লৈ শাহুৱেকৰ কাষৰ চকীখনতে বহিল।

শাহুৱেকে চকু দুটা মেলিলে যদিও তাত অকণো ভাৱান্তৰ দেখা নগ’ল।

“মুখখন খোলকচোল মা।”-চামুচখনত এচামুচ চাহ হাতত লৈ মধুচন্দ্ৰাই মাতিলে শাহুৱেকক।

শাহুৱেকে কিন্তু মধুচন্দ্ৰাৰ কথাষাৰ বুজি পোৱা যেন নালাগিল। মুখখন জাপ খায়েই থাকিল তেখেতৰ। এইবাৰ চামুচখন মুখৰ একেবাৰে ওচৰলৈ লৈ গৈ মধুচন্দ্ৰাই আকৌ ক’লে,-” মুখখন খোলক মা, চাহটোপা খালে গাটো অকমান ভাল পাব আপুনি।”

মৃতপায় মানুহজনীৰ হঠাতে ক’ৰপৰা ইমান শক্তি পালে জানো! চেলাইন গৈ থকা হাতখন উঠাই লৈ জোৰকৈ মধুচন্দ্ৰাৰ হাতখন ঠেলি দিলে তেখেতে। চাহখিনি দূৰলৈ ছিটিকি পৰিল। অকমান চাহে জেঠায়েকে উৰি থকা নীলা বিচনা চাদৰখনৰ এটা অংশ তিয়াই পেলালে। ভাগ্য ভাল। চাহখিনি বেছি গৰম নাছিল বুলিহে। নহ’লে সেইদিনা ডাঙৰ অঘটন এটা ঘটিলহেঁতেন।

ধন আৰু মধুচন্দ্ৰা মুহুৰ্তৰ বাবে কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। মধুচন্দ্ৰাৰ চকু মুখত খঙৰ স্পষ্ট ৰেঙনী এটাও দেখা গ’ল। তাই শাহুৱেকৰ কাষৰ পৰা উঠি আহিল।

“হেৰা, মাক ঔষধ খুৱাবৰ সময় হৈছে। মায়ে নিজে চিনি নাপায় নহয় ঔষধ। মই গৈহে খুৱাই দিব লাগিব। সুনীতা আছেই যেতিয়া আমি ঘৰলৈকে যাওঁগৈ বলা। গধূলি আকৌ আহিম।”- অলপ ৰৈ তাই ধনক ক’লে।

ধন যেন অসহায় হৈ পৰিল। কি কৰিব ভাৱি পোৱা নাই। বুজি পাইছে সি সকলো কথা। ভালদৰেই বুজিছে সি, সিহঁত থকালৈকে মাকে আৰু চকু নেমেলে।

“তই সোনদাদা অহালৈকে বহিবিচোন দেই সুনীতা। আমি ঘৰলৈকে যাওঁ। এওঁক ঘৰত থৈ মই অফিচতো এপাক মাৰিব লাগিব।”-ধনৰ মাতটো বৰ কৰুণ শুনা গ’ল।

ধন আৰু মধুচন্দ্ৰা ওলাই যোৱাৰ অলপ পাছতে চকু মেলি চালে জেঠায়েকে। শেঁতা পৰা চকু দুটাত দুটা পুখুৰীয়ে তলবল কৰিছে। মুখখন মোহাৰি দি জেঠায়েকৰ চুলিখিনি ফণিয়াই দিলে সুনীতাই। তাৰ পাছত কাপোৰ-কানিখিনি অলপ ঠিক ঠাক কৰি দি উঠি ফ্লাক্সৰ পৰা চাহ বাকি দুখন বিস্কুট তিয়াই খুৱাই দিলে।

“মোহিনী?”- অস্ফূট স্বৰেৰে বিৰবিৰালে জেঠায়েকে। বুজি পালে সুনীতাই, জেঠায়েকে ভনীয়েকক অৰ্থাৎ তাইৰ মাকক বিছাৰিছে।

“ৰূপম অফিচৰ পৰা আহি পালে মা গধূলি এপাক আহিব জেঠাই। আজিকালি মাৰ গাটো বৰ ভাল নাথাকে। ৰূপম বা বৌৱে নিনিলে ক’লৈকো অকলে যাব নোৱাৰে।”

ভনীয়েক আহিব বুলি শুনি মুখখন পোহৰ হৈ উঠিল মানুহজনীৰ। বায়েক ভনীয়েকৰ মাজত বৰ মিল।

সোণদাদাক অহাৰ পাছত সুনীতাও ঘৰলৈ ঘূৰি আহিছিল সেইদিনা।

“তই আহি থাকিবি দেই সুনীতা। মায়ে ভাল পাব।”-ঘূৰি আহিবৰ সময়ত সোণদাদাকে কৈছিল তাইক।

“হ’ব বাৰু।”

হস্পিতেলৰ পৰা ঘূৰি আহি সেইদিনা গোটেই দিনটো জেঠায়েকলৈ মনত পৰি মনটো বেয়া লাগি আছিল তাইৰ। কমতো দুখতনো মানুহজনীয়ে পুতেক আৰু বোৱাৰীয়েকক চকু মেলি নাচালেনে! কিমান দুখত চাগে বেচেৰীয়ে মধুচন্দ্ৰাৰ হাতেৰে চাহটোপা খাবলৈ অমান্তি হৈছিল।

সোণদাদাকৰ আগত ‘হ’ব বাৰু’  বুলি কৈ আহিলেও সুনীতাৰ আৰু নাৰ্চিং হোমলৈ গৈ জেঠায়েকৰ খবৰ কৰা হৈ নুঠিল। তাইৰ গিৰিয়েকো সেইসময়ত চাকৰিৰ খাতিৰত গোৱাত আছিলগৈ। ল’ৰা-ছোৱালী দুটা আৰু শাহুৱেকৰ যত্ন লোৱাৰ উপৰিও বজাৰ কৰা, বেংকৰ লেন-দেন আদি সকলো কাম তাইৰে চম্ভালিব লাগে। খবৰ ল’বলৈ যাব যাব বুলি ভাৱি থাকোঁতেই দুদিন পিছতেই হস্পিতেলতে ঢুকাই থাকিল জেঠায়েক।

সোণ আৰু ধনে মিলি মাকৰ দহা-শ্ৰাদ্ধ আদি বৰ ডাঙৰকৈ পাতিলে। ইমান দিনে মাকেনো কেনেকৈ আছে খবৰ এটাকে নোলোৱা ধনে মাকৰ শ্ৰাদ্ধ আৰু ভোজত হাত খুলি খৰচ কৰিলে। জীয়াই থাকোঁতে ইমান অৱহেলা কৰা মাকৰ মৃত্যুৰ পাছত সকামত ৰাইজখনক ডাঙৰকৈ ভোজভাত খুওৱাৰ কোনো অৰ্থই বিছাৰি নাপালে সুনীতাই। নিমন্ত্ৰিত মানুহবোৰে পিছে ছয়গাঁৱৰ তেলাল খাহী মাংস, পদ্মাৰ ঈলিছ, সৰ্থেবাৰীৰ দৈ আৰু ক্ৰীম, ওৰাঙৰ ৰসগোল্লা টকালি পাৰি খালে। কিন্তু মৃতকক বাৰীৰ পাছফালে আগবঢ়াই দিয়া ভাতসাঁজহে হেনো কাউৰী কুকুৰেও চুবলৈ নাহিল। দুদিন পাছত নিজে নিজে পচি ঠাইখন ভেকেটা ভেকেটি গোন্ধ এটা ওলাল।

এইবোৰ কথা অৱশ্যে সুনীতাই পাছত মাকৰ মুখতহে শুনিছিল। তাই জেঠায়েকৰ শ্ৰাদ্ধ ভোজলৈ নগ’ল। শাহুৱেকৰ গাটো বৰ ভাল নাছিল। অৱশ্যে ইচ্ছা কৰিলে তাই খৰধৰকৈ হ’লেও পাক এটা মাৰি আহিব পাৰিলেহেঁতেন। কিন্তু আচল কথাটো হ’ল, তাইৰ যাবলৈ মন নগ’ল। ধন আৰু মধুচন্দ্ৰাৰ ওপৰত জেঠায়েকৰ ক্ষোভ আৰু অভিমান খিনিৰ স্মৃতিয়ে বহুদিনলৈ সুনীতাক আমনি কৰি থাকিল।

সেই তেতিয়াৰ পৰাই ধন আৰু সুনীতাৰ সম্বন্ধটো আৰু সহজ হৈ নুঠিল। পৰিয়ালৰ সকামে নিকাম, বিয়া-বাৰুত লগ পালেও দূৰৰ পৰাই জোৰ কৰি মৰা হাঁহি এটা বা ভালনে বুলি সোধা শব্দটোতে সিহঁত দুটাৰ সম্বন্ধটো সীমাবদ্ধ হৈ পৰিল। মাজতে কত বছৰ পাৰ হৈ গ’ল। সুনীতাৰ শাহুৱেক আৰু মাক-দেউতাক ঢুকাল। সুদীপৰো চাকৰিটো কাষৰ চহৰখনলৈ বদলি হ’ল। ঘৰখন এৰি সুনীতাই নতুন ঠাইখনলৈ যাবলৈ মন নকৰিলে। এনেও সুদীপৰ অৱসৰৰ সময় কাষ চাপি আহিছে। অৱসৰৰ পাছততো নিজৰ ঘৰলৈকে উভতিব লাগিব‌। এতিয়া সুদীপে এঘৰত পেয়িঙ গেষ্ট হিচাপে থাকি লৈছে। জান আৰু জুৰিয়ে পঢ়া-শুনা শেষ কৰি বাঙ্গালুৰুতে চাকৰি কৰিছেগৈ। কোম্পানীৰ চাকৰি। বছৰেকৰ মূৰতহে ঘৰলৈ আহিবলৈ পায়। অৱশ্যে দুয়ো ফোনত সদায়ে এবাৰ খবৰ লয় মাকৰ। সিহঁতে মাকক সিহঁতৰ লগত থাকিবলৈ মাতিয়েই থাকে। কিন্তু সুনীতাই যাবলৈ মন কৰা নাই। শনিবাৰ দেওবাৰে সুদীপ আহে ঘৰখন বুলি! দুটা দিন সুখ-দুখৰ কথা পাতিবলৈ পায়। তাই বাঙ্গালুৰুলৈ গ’লে তেওঁৰ কি হ’ব! তাতকৈ তাই ইয়াতে থাকিব। সুদীপ অৱসৰৰ পাছত আহিবই। মাজত এটা বছৰহে। তাৰপাছত দুয়ো একেলগে বাঙ্গালুৰু-গুৱাহাটী তাঁত-বাটি কৰি থাকিব পাৰিব। অৱশ্যে এইবোৰ মনেৰে ভৱা কথাহে। ভাগ্যত বা কি লিখা আছে।

ধনৰ ল’ৰা ৰিতমে শিলচৰৰ আৰ ই চিৰ পৰা ইঞ্জিনিয়াৰিঙ পাছ কৰি বাঙ্গালুৰুৰে মাল্টি নেচ’নেল কোম্পানী এটাত চাকৰি কৰি আছে।

পাছত কোম্পানীৰ পৰাই সুবিধা পাই আমেৰিকালৈ উৰা মাৰিলেগৈ। যোৱামাহত ঘৰলৈ যাওঁতে ৰূপমৰ মুখত শুনিছিল সুনীতাই, ৰিতমে হেনো আৰু ভাৰতলৈ ঘূৰি আহিবলৈ মন কৰা নাই। আমেৰিকাৰে ছোৱালী এজনীক বিয়াও কৰালে সি। বিয়া পাতি উঠিহে হেনো মাক দেউতাকক খবৰ দিছিল।

আজি দুপৰীয়া ভাত পানী খাই সুনীতা অকমান বিচনাখনত পৰিছিল। চিলিমিলিকৈ টোপনিও আহিছিল তাইৰ। হঠাতে কলিং বেলৰ শব্দত সাৰ পাই উঠিল। এই অসময়তনো কোন আহিছে বুলি অলপ আমনিও পালে তাই। খৰধৰকৈ আহি দুৱাৰখন খুলি দিহে আচৰিত হ’ল সুনীতা।

আজি অত বছৰৰ মূৰত! দৰ্জাৰ বাহিৰত ধন থিয় হৈ আছিল।

“তই!”- মনৰ ভাৱ লুকুৱাব নোৱাৰিলে সুনীতাই!

“আলহীক ভিতৰলৈ নামাত নেকি?”- ধনে সহজ হ’বলৈকে যেন ক’লে।

তেতিয়াহে মন কৰিলে সুনীতাই, দুৱাৰখন আগুৰি থিয় হৈ আছে তাই।

“অ’ চ’ৰি। আহ, আহ। ভিতৰলৈ সোমাই আহ।”

ধনক ড্ৰয়িঙ ৰুমতে বহিবলৈ দি ভিতৰলৈ গৈ ফ্ৰীজৰ পৰা ঠাণ্ডা এপ’ল জুছ এগিলাচ লৈ আহিল তাই। ধনলৈ জুছ গিলাচ আগবঢ়াই দি তাই নিজেও ধনৰ কাষৰ চোফা খনতে বহি ল’লে। ধনৰ বৰ পিয়াহ লাগি আছিল চাগে। একে উশাহে জুচ গিলাচ পি ল’লে সি। তাৰপিছত হাতত অনা বেগটোৰ পৰা চিঠি এখন উলিয়াই তাইৰ হাতত দিলে।

“ৰিতমৰ বিয়া। আচলতে ঠিক বিয়া নহয়। সি ইতিমধ্যে যোৱামাহতে আমেৰিকাৰে ছোৱালী এজনী বিয়া কৰালে। অহামাহত বোৱাৰীক লৈ অসমলৈ অহাৰ কথা। ভাৱিছোঁ, পৰিয়ালৰ মানুহখিনিক আৰু আমাৰ বন্ধু-বান্ধৱক এটা ৰিচিপছন পাৰ্টি দিওঁ। চিনাকি হোৱাও হ’ব আৰু লগ পোৱাও হ’ব। অহামাহৰ দহ তাৰিখে হোটেল গুলমাৰ্গত পাৰ্টি এটা দিছোঁ। আহিবি। সময় গধূলি ছয়বজাৰ পৰা ৰাতি দহ বজালৈ।”

“যাবলৈ চেষ্টা কৰিম বাৰু। জানই নহয়, এঁৱো আজিকালি ইয়াত নাথাকে। মই একেবাৰে অকলশৰীয়া। গধূলি পৰাপক্ষত ক’লৈকো নোলাওঁ মই।”- গা এৰা দিয়া ধৰণেৰে কথাখিনি ক’লে সুনীতাই। ইমান বছৰৰ পাছতো জেঠায়েকৰ দুখবোৰ পাহৰি যাব পৰা নাই তাই।

“তই বিয়ালৈ আহিলে মই ভাল পাম সুনীতা। পাৰিলে মোক, এই অক্ষম ককায়েৰটোক ক্ষমা কৰি দিবি।”-সুনীতাই নোকোৱাকৈয়ে যেন বিয়ালৈ যাব নোখোজাৰ আচল কাৰণটো তাইৰ মুখখনত পঢ়ি পেলাইছিল সি।

“মই আহোঁ।”-চকু দুটা চলচলীয়া হৈছিল ধনৰ। সি যিমান সোনকালে পাৰে সিমান সোনকালে যেন তাইৰ পৰা আঁতৰি পলাব বিচাৰিছিল।

পৰিৱেশটো হঠাতে গোমা হৈ পৰিছিল। ধনক কি উত্তৰ দিব মনলৈ অহা নাছিল সুনীতাৰ। মৌনভাৱে গেটলৈকে আগবঢ়াই দিলে তাক।

চকীখনত বহি স্মৃতিৰ ডায়েৰিখনৰ পাতবোৰ লুটিয়াই গ’ল তাই।

আজি যেতিয়া ৰিতমে আমেৰিকাত থাকি যাবলৈ সিদ্ধান্ত ল’লে, তেতিয়াহে মাকক দিয়া দুখবোৰ বুজি পালে নেকি ধনে!

তাই বাৰু ধনক ক্ষমা কৰি দিব। পাহৰি যাব ধনৰ পুৰণি কথা। কিন্তু জেঠায়েকে জীয়াই থকা হ’লে পাৰিলেহেঁতেননে ধনক ক্ষমা কৰি দিবলৈ?  মাতৃৰ হৃদয় বৰ উদাৰ। হয়তো পাৰিলেহেঁতেন। কিন্তু ধনক ক্ষমা কৰি দিলেই জেঠায়েকৰ বুকুৰ মাজত তাৰ অৱহেলা আৰু অৱজ্ঞাই সৃষ্টি কৰা কেঁচা ঘা টুকুৰা নাইকীয়া হৈ গ’লহেঁতেন জানো!!!

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক