পৰিক্ৰমা ( — বি জে ৰঞ্জন)


এবাৰ একে লগৰে ভৰতৰ পৰা তাৰ জোতা এযোৰ কেইটিমান টকা দি কিনি আনিছিলোঁ৷ সিহঁত চহকী মানুহ৷ নতুন জোতা কাপোৰ পায়েই থাকে প্ৰতি বছৰে৷ তাৰ লগত চুক্তি আছিল যেতিয়াই পইছা পাম তাক পাঁচ-দহটকাকৈ দি থাকিম৷ বুট জোতাৰ নিচিনা ওখ হিলৰ জোতা আছিল সেইযোৰ৷ জোতা দেখিয়েই দেউতাই চিয়ঁৰিলে–“দেখিছা ল’ৰাৰ কাণ্ড! গ’ল গ’ল, ই জহান্নামে গ’ল৷ ”New-Autumn-2015-Children-s-For-Kids-Boy-Cargo-Sports-Military-camouflage-Pants-Long-casual-cotton
মাত নহয় যেন বোমাহে৷
মায়ে খৰখেদা লগালে-“যা যা বোপাই, ফিৰাই দি আহগৈ এতিয়াই৷ ”
লগে লগে ঘূৰাই দি আহিছিলোঁ জোতাযোৰ৷ পিছলৈ ভৰিত হৰেক ৰকমৰ জোতা সোমাল৷ কিন্তুু মনটোৱে সেইযোৰ জোতাকে বজাৰৰ চুকে-কোণে বিচাৰি ফুৰে আজিও৷
সময়ে ক’ত যে কিমান হেঁপাহ মনৰ মাজেৰে বগৰাই নিছিল৷
ইচ্ছা গৈছিল তেতিয়াই চুলি দীঘল কৰি ৰাখিবলৈ৷ দেউতাৰ ভয়ত সেয়া সম্ভৱ নহৈছিল৷ চাকৰি পোৱাৰ পিছত এবাৰ মন বান্ধিলোঁ৷ চুলি-দীঘল পৰ্বৰ দুমাহ পিছত অকাস্মাত এদিন অফিচৰ বড়োবাবুৰ গালিবৰ্ষণ হ’ল৷ আঙুলি উঠাই মোক হুংকাৰ দিলে-“কি ৰাখিছ এইবোৰ? তোৰ যদি এইবাৰ ইনক্ৰিমেণ্ট বন্ধ নহয় চাবি….৷ ”
ভয়ত সেই যে চুটি হৈ পৰিল চুলি এতিয়াও চুটিয়ে৷
গুলীৰ দৰে উত্তপ্ত শব্দকেইটাই মোৰ হেঁপাহক ৰক্তাক্ত কৰি মাৰি পেলাইছিল৷
আৰু বহুত হেঁপাহ আছিল কিবাকিবি৷ তৃতীয় বৰ্গৰ চাকৰিৰ ৰাহি হোৱা পইচাকেইটাৰে হেঁপাহবোৰ পূৰাব নৌহওতেই দুখীয়া দেউতাৰ ধনী অসুখ এটা আৰম্ভ হৈছিল৷ ভেঞ্চাৰ স্কুলৰ পণ্ডিত পিতৃৰ চিকিৎসাত সমস্ত সাঁচতীয়া ধন, মাৰ গহনা-গাঠুৰি উটি-ভাহি গ’ল৷ অফিচত, বাহিৰত আশী হাজাৰ টকাৰ ধাৰ লাগিল মোৰ৷ তথাপি দেউতাক বচাব পৰা নগ’ল৷ দায়িত্ববোৰ মূৰৰ ওপৰত পৰিবলৈ ধৰিলে এটা এটাকৈ৷ ঘৰুৱা খা-খৰচ, লগতে ভাইটি-ভণ্টিৰ পঢ়া-শুনাৰ দায়িত্বৰ চিন্তাত চৌখীন মনটো চেপা খাই পৰি ৰ’ল ক’ৰবাত৷ ভণ্টিক বিয়া দি এসময়ত উলিয়াই দিলোঁ৷ ভাইটিয়ে পঢ়ি-শুনি উপযুক্ত হৈ অসমৰ বাহিৰলৈ গুছি গ’ল কোম্পেনি এটাত চাকৰি পাই৷ অভাৱবোৰ কমিল কিন্তুু চখবোৰে বাহিৰ ওলাব নোৱাৰি মনৰ ভিতৰতে চাটি ফুটি কৰি মৰি থাকিল এটা দুটাকৈ৷
সেইবাৰ ভাইটিহঁত গোটেইকেইজন ঠাণ্ডাত ঘৰলৈ আহিছিল৷
সিহঁত আহিব বুলি শুনিয়েই অনিমাই ক’লে-“প্ৰতি বছৰে কোট-পেণ্ট চিলোৱাৰ কথা কোৱা তুমি৷ পিছে চিলাব দিয়ালৈ জাৰেই শেষ হয়৷ এইবাৰ চিলাব দি আহাগৈ৷ ”
সিহঁত যোৱাৰ আগদিনাখন ভাইটিয়ে ইতস্ততঃ কৰি মোক ক’লে-“দাদা, তোৰচোন এটাও কোট নাই৷ মোৰ এটা আছিল, চাবিচোন হয় নেকি গাত৷ হ’লে ৰাখি থবি৷ ”
কোটটো ঠিকেই হৈছিল মোৰ গাত৷ মেৰুণ ৰঙৰ, কাপোৰটোও বেছ ভাল৷ ধুতিৰ লগতে কোটটো পিন্ধি আইনাৰ আগত ঠিয় হ’লো৷ অনিমাই কেৰাহিকৈ চাইছিল৷ আইনাত নিজকে লক্ষ্য কৰি হাঁহি মাৰি তেওঁক কৈছিলোঁ-“দেখিছানে, নভবাকৈ মানুহৰ ইচ্ছা কেনেকৈ পূৰণ হয়? ” অনিমাৰ চকুযুৰি কৰুণ হৈ পৰিছিল৷ নেদেখাৰ ভাও ধৰিছিলোঁ মই৷
ডাঠ-ক’লা ৰঙৰ চুট-পেণ্টৰ বিশ বছৰীয়া সপোনটোৰ তাতেই সমাপ্তি ঘটিছিল৷
সেই যে হৰি ঠিকাদাৰৰ পৰা চেকেণ্ড হেণ্ড ওনিডা টিভিটো কিনি অনাৰ দিনা অনিমাই মোক কৈছিল-“আমাৰ সকলো বস্তুৱেই চেকেণ্ড হেণ্ড৷ ” মই কৈছিলোঁ-“মেচিনাৰি বস্তুৰ কি ফাৰ্ষ্ট-হেণ্ড চেকেণ্ড-হেণ্ড আছে? আৰু জীৱনত নতুন টিভি নিকিনিমেই নে কেতিয়াও আমি? ”
সেইটো টিভিয়ে চলি আছে এতিয়াও আমাৰ ঘৰত৷
ইচ্ছাবোৰ পূৰ হ’ব লাগিবই বুলি কথা আছেনে পৃথিৱীত? ইচ্ছা যে কৰিছিলোঁ সেইটোওতো এটা ডাঙৰ কথা৷
সেয়ে কেতিয়াবা অনিমাক কওঁ-“ৰ’বাহে, সকলো শেষ হোৱা নাই নহয়৷ এতিয়াও বহুত হেঁপাহ আছে মনত৷ বাৰু কোৱাচোন, নতুন বাইক এখন আনিলে মোৰ পিছফালে বহি যাবা নে তুমি? ”
–“নোৱাৰোঁ দেই, ও-মা পৰি মৰিম তোমাৰ লগত৷ “ অনিমাৰ মুখত হাঁহি আৰু ভয়ৰ মিশ্ৰ অভিব্যক্তি৷
-“ধেৎ, মিছাতে ভয় কৰা তুমি৷ তুমি নাজানা এতিয়াও ডেকা ল’ৰাই চাইকেল মাৰি পাত্তা নাপায় অমুকাৰ লগত৷ ”
-“নাই নুঠোঁ দেই, পৰিলে এই বয়সত হাড় জোৰা নালাগিব আৰু৷ ”
সেই অনিমায়ে চিন্তা কৰি থকা যেন দেখিলে সোধে-“কেতিয়ালৈ কিনিবা? ”
-“কি? ”
-“বাইকখন? ”
-“কিনিম ৰ’বা৷ উঠিবানে তুমি মোৰ লগত? ”
মূৰটো জোকাৰি তেওঁ কয়-“ওঁ উঠিমতো৷ ”
দীঘল উশাহ এটা টানি লৈ মই কওঁ- “বাইকত উঠি ক’লৈ যাম জানা? সেই যে নদীখন পাবলৈ ঠেক ৰাষ্টা এটা সোমাই গৈছে মেইন ৰাষ্টাটোৰে, নিৰিবিলি দীঘল নিৰ্জন ৰাষ্টাটো, যাৰ এফালে অসংখ্য গছ-গছনি, আনটো ফালে আছে নিসংগ মথাউৰিটো, সেইটো ৰাষ্টাৰেই যাম দিয়া৷ ভয় লাগিব নেকি তোমাৰ? ”
অনিমা কল্পনাৰ মাজত সোমাই পৰে৷ স্বপ্নাৱেশেৰে তেওঁ কয়-“ওঁহো৷ ”
কল্পনা কৰোঁ অনিমাই মটৰ চাইকেলৰ পিছপিনৰ পৰা মোক জোৰকৈ সাৱটি ধৰি কৈছে- লাহে-লাহে, লাহে-লাহে….৷
অনিমাৰ মনতো যে পূৰ নোহোৱা অলেখ হেঁপাহ৷
জীৱনৰ কুটিল মইক্ৰ’ অৰ্থনীতিৰ পাঠ গ্ৰহণ কৰি এই বছৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ৷ আমাৰ ছোৱালী মাজনীয়ে এইবাৰ হায়াৰ চেকেণ্ডাৰি পৰীক্ষা দিছে৷ পঢ়াত তাই ভাল৷ তাইৰ ইচ্ছা অসমৰ বাহিৰলৈ গৈ পঢ়াৰ৷ বাবুয়ে যোৱাবাৰ মেট্ৰিক পাছ কৰিছে-ষ্টাৰ মাৰ্ক লৈ৷ পৰীক্ষাৰ আগতে সি নুশুনাকৈ নিজৰ মনতে কৈছিলোঁ-তোক এখন নতুন বাইক দিম পৰীক্ষা ভাল হ’লে৷
শিহৰণ জাগে এতিয়াও- এখন নতুন মটৰ চাইকেল৷ কিনিম, বঢ়িয়াকৈ উঠিম, চলাম৷ বাবু ডাঙৰ হৈছে, সিয়ো চলাব৷ কেতিয়াবা অনিমাক পিছফালে উঠাই ফুৰিবলৈ যাম দুয়োটাই…. অনাই-বনাই, উদ্দেশ্যবিহীনভাৱে ক’ৰবালৈ৷
মানুহবোৰে যেন চাইক’লোজিত ডক্টৰেটহে কৰি আহিছে৷ মনৰ কথা বুজে কেনেকৈ ইমান? ইহঁতৰ পঢ়া-শুনাৰ খবৰ লৈ শেষত আটায়ে একেটা কথাকে কয়- “ল’ৰাক কিন্তুু বাইক নিদিব দেই৷ ধ্বংস হ’বলৈ বেছি পৰ নালাগিব৷ ”
মনে মনে থাকোঁ৷ জীৱনটো হিচাব কৰি চলোতে মনৰ এখুদমানো হেঁপাহ পূৰ কৰা নহ’ল৷ লোকক বাৰু এই বয়সত কেনেকৈ কওঁ- বাইকৰ চখ ল’ৰাৰ নহয়, মোৰহে৷ কেনেকৈনো কওঁ যে যোৱা তিনি বছৰৰ পৰা বেংকৰ খাটাৰ জমাৰ হিচাবটো মনত ৰাখি আছোঁ কেবল নতুন বাইকখনৰ বাবেই৷
মাজনীৰ ৰিজাল্ট ভাল হৈছে৷ বাহিৰৰ অভিযান্ত্ৰিক কলেজত চিট পাইছে তাই৷ তাইক কলেজত ভৰ্তি কৰোৱাবলৈ এতিয়া প্ৰয়োজন কমেও এক লাখ টকাৰ৷ মোৰ একাউণ্টত আছে সত্তৰ হাজাৰ৷ বাহিৰলৈ পঠাব মাকৰ মন নাই৷ ইয়াতেই অংকত মেজৰ লৈ পঢ়ক৷ যিমানে বুজাইছে তিমানেই ছোৱালীজনীৰ মনটো মন বেয়া হৈ গৈ আছে৷
ঠিকেই ভাবিছিলোঁ৷ ভাইটিয়ে ফোন কৰিলেই৷
সি সুধিলে-“দাদা, মাজনীক বাহিৰত পঠিয়াবি নহয়? ময়ো কিবা এটা দিওঁ, কচোন কি দিওঁ? ”
মোৰ সমুখত বেংকৰ পাছবুকখন, তাত আছে সত্তৰ হাজাৰৰ জমাৰ অংকটো৷
যোৱা মাহত ডিলাৰত মনে মনে গৈ চাই অহা মটৰ চাইকেলখন চকুৰ আগত ভাহি উঠিল৷ ইঞ্চুৰেন্স, ৰেজিষ্ট্ৰেচন গোটেইখিনি কৰি লৈ প্ৰায় সত্তৰ হাজাৰ টকা পৰিব বুলি কৈছিল৷
ভাইটিক ক’লো-“দিবি বাৰু বুজিলোঁ, কিন্তুু ঘুৰাওতে যে পলম হ’ব মোৰ৷ ”
সিপিনৰ পৰা সি ক’লে- “সেইটো চিন্তা কৰিব নালাগে তই৷ পঞ্চাশ, এক যিয়েই লাগে ক’চোন, আজিয়ে তোৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰাই দিম৷ ”
অলপ ভাবি ক’লো-“ত্ৰিশ হাজাৰকে দিবি তেন্তে৷ ”
বাইক নিকিনিলে বাবুয়ে অকণো বেয়া নাপায়৷ বাইক চলোৱাৰ চখ কেতিয়াও তাৰ নাছিলেই, মই হে…৷
অভাৱৰো যে জোৰা-টাপলিবোৰ!
ঘূৰি দেখিলোঁ অনিমা দৰ্জাৰ কাষত ৰৈ আছে৷ মই কিবা ক’ব খোজতেই নিঃশব্দে তেওঁ ওলাই গ’ল৷
কালিৰ পৰাই কথাটো ভাবি আছোঁ- পোন্ধৰ হাজাৰত শইকীয়াৰ পুৰণি ভেস্পা স্কুটাৰখন বিক্ৰী কৰাৰ কথা আছিল৷ পুৰণিয়ে বাৰু স্কুটাৰখন, তথাপি দেখিলে সিমান ধৰিব নোৱাৰি বোলে, কণ্ডিচনো ভাল৷ টকাখিনি বোলে দুই-এক হাজাৰ কৈ মাজে সময়ে দি থাকিলেওঁ হ’ব৷
শইকীয়াৰ নম্বৰটো বিচাৰিব ধৰিলোঁ মোবাইলত৷
অহ্, অনিমাক সোধা নহ’ল যে কথাটো? তেওঁ বেয়া পাব নেকি স্কুটাৰখন কিনিলে? এহ্ কিনো বেয়া পাব আৰু তেওঁ? চেকেণ্ড-হেণ্ড হ’ল কি হ’ল, কাম চলিলেই হ’ল৷ চেকেণ্ড-হেণ্ড বস্তু কিনা আমাৰ কিবা এইটোৱে প্ৰথমনে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments