পৰিচয় (তুলিকা নিৰ্মলীয়া)

এই এমাহ ধৰি মাথোঁ এটা প্রশ্নই মোৰ হিয়াৰ অন্দৰ মহলত তোলপাৰ লগাই আছে। নিজৰ পৰিচয় বিচাৰি হাহাকাৰ কৰি মৰিছোঁ। মই কোন? কোন মই? বন্ধ ৰুমৰ বিচনাত অলস ভাৱে পৰি থাকোঁ কেতিয়াবা ওপৰলৈ মুখ কৰি। ওলমি থকা চিলিং ফেনখনলৈ চাই চাই ভাবোঁ, পাৰি নেকি এবাৰ ওলমি চাবলৈ ডিঙিতে ৰছী এদাল বান্ধি! কেনেকুৱা লাগিব? কেনেকুৱা লাগিব? প্রশ্নটোৱে শিহৰণ নুতোলে। বহুদিন বিচাৰি বিচাৰি কিবা এটা হঠাতে পাই যোৱাৰ সুখানুভূতিত দুচকু তিৰবিৰাই উঠে। ওলমি দিয়াৰ পিচতেই কিজানি পাই যাব পাৰোঁ নিজৰ পৰিচয়। কোনে জানে! কোনে জানে!
নির্জন দুপৰীয়া এটাৰ কোলাত বহি লৈ পিটপিটাই ফুৰোঁ অনুৰাধাৰ ‘কেথেৰিণাৰ সৈতে এটা নির্জন দুপৰীয়া’ত। মনত এঠা লগা দি লাগি ধৰে তিনিটা শব্দ metamorphosis of mind… metamorphosis of mind … যেনিয়ে যাওঁ খেদি ফুৰে বনজিতৰ কথাবোৰে – “সকলো নাৰীয়েই বেশ্যা, সকলো পুৰুষেই গ্রাহক। সকলো প্রাণীৰ দৰে মানুহো বহুগামী।” প্রতিধ্বনি হৈ বাগৰি ফুৰে কথাবোৰ – মনৰপৰা বুকুলৈ, বুকুৰপৰা মনলৈ…।
নতুন এটা প্রশ্নই বাহ বান্ধে মনত – মই বেশ্যা নেকি? পৰিচয় বিচাৰি পুনৰবাৰ হাহাকাৰ কৰি উঠোঁ।
এই অনুৰাধা বাইদেউজনীক লগ পাবলৈ খুব মন যায় কেতিয়াবা। তেওঁৱেই কিজানি মোৰ প্রশ্নবোৰৰ সঠিক উত্তৰ একোটা দিব পাৰিব। বাইদেউৰ গল্প-উপন্যাসৰ নায়িকাবোৰযে মোৰ নিচেই আপোন। প্রেমিকক আদবাটতে এৰি ৰে’লৰপৰা নামি নিজক বিচাৰি গুচি যোৱা বর্ষা; পুৰণি মদৰ বটল, পুৰণি ডায়েৰী বিচাৰি অফিচ ওলোৱাহি মহুৱা, মদৰ বটলটো সামৰি থোৱা ভাস্বতী, বনজিতে যাৰ প্রেমত পৰি জীৱনটো নতুনকৈ ভালপাবলৈ শিকিলে সেই লিলি জনী, স্বার্থপৰ প্রেমিকৰ স্বার্থপৰতাৰ বলি হৈ নিজক পাহৰি মৰি মৰি জীয়াই থকা কাঞ্চন… নিজকে বিচাৰি চাওঁ এওঁলোকৰ মাজত। আছোঁ নেকি কেনেবাকৈ ময়ো ক’ৰবাত লুকায়! ধৰি ল’লোঁ মই বেশ্যা নহয়, এওঁলোক বেশ্যা নহয় যিহেতু মোৰ দৃষ্টিৰে; আৰু ময়ো ইয়াৰে এগৰাকী – ধৰি ল’লোঁ। আকৌ বনজিতে কোৱাৰ দৰে ধৰি ল’লোঁ মই বেশ্যা, যিহেতু সকলো নাৰীয়েই বেশ্যা। এতিয়া এই দ্বি-ৰাশিক সমীকৰণটো সমাধান কৰিবলৈ, মানে মোৰ পৰিচয়টো বিচাৰি উলিয়াবলৈ মই যিকোনো এটাৰহে ভেল্যো (value) টো ধৰি ল’ব লাগিব। হয়তো x–ৰ নতুবা y-ৰ। বনজিতৰ কথাকে মানি লৈ ধৰি ল’লোঁ মই বেশ্যা। এই ধৰি লোৱাটোকে ধৰি লৈ মই মোৰ কাহিনীটো আগবঢ়াবলৈ চেষ্টা কৰিম।
(১) সূত্র (formula) এক:

তেতিয়া মই আজলী জনী। চহৰৰ আওভাও বৰকৈ নাজানো। গাঁৱৰ ঘৰত ফ্রক পিন্ধি ঘূৰি ফুৰাৰ অভ্যাস। হাইস্কুলত আয়ে বৈ দিয়া চল্লিশ সূতাৰ নীলা পাৰি দিয়া মেখেলা-চাদৰ পিন্ধাৰ অভ্যাস। চহৰৰ কলেজত নাম লিখোৱালোঁ। চাদৰ-মেখেলাৰ ঠাই ল’লে চেলোৱাৰ-কামিজে। নতুন ঠাই, নতুন কিতাপ, নতুন বন্ধু, নতুন সপোন… পুৰণিলৈ যেন ঠায়েই নাই! কেমিষ্ট্রি লেবত চলি থকা চল্ট্ এনালাইচিচৰ লগে লগে চলিল জীৱনৰ এনালাইচিচ্। নতুন এসোপা সপোন লৈ হৃদয়ৰ কোঠালিলৈ সোমাই আহিল তেওঁ! যেন শুকুলা ঘোঁৰাত উঠি মোক নিবলৈ আহিল ৰাজকুমাৰ! সপোনৰ হাতত ধৰি আগুৱাই গ’লো আগলৈ…।
পিছত কি এৰি আহিলোঁ উভটি চোৱাৰ যেন অৱকাশ নাই। লানি নিচিগা সপোনৰ বীজবোৰ গজালি মেলি বাঢ়ি আহিল দোপত-দোপে। ভাবিছিলোঁ হাতৰ ৰেখাই নথয় জীৱনৰ হিচাপ! ভুল আছিলোঁ, ভুল ভাবিছিলোঁ, ভুল সপোন দেখিছিলোঁ। অংকত অৱশ্যেই মই ভাল নাছিলোঁ। সেইবাবেই চাগে’ জীৱনৰ হিচাপ-নিকাচত ভুল হৈ গৈছিল। ভালপালোঁ তেওঁক নিজতকৈও বেছি, যদিও জানিছিলোঁ তেওঁৰ ভালপোৱাবোৰ মোৰ বাবে নাছিল কেতিয়াও। প্রেম আৰু বন্ধুত্বৰ সীমাৰেখাদাল বিচাৰি পোৱা নাছিলোঁ মই। আগুৱাই আহিছিল তেওঁ দুহাত মেলি। অৱজ্ঞা কৰাৰ সাহস নাছিল মোৰ। কুঁচি-মুচি সোমাই পৰিছিলোঁ চিৰকাংক্ষিত দুবাহুৰ সবল বান্ধোনত। হেৰুৱাইছিলোঁ নিজক। সেউজীয়াৰ বাদে যেন একো নাছিল চৌপাশে। মোকো লৈ নিজৰ স’তে গুচি গৈছিল তেওঁ অহাৰ বাটেৰে (গুচি যোৱাৰে কথা আছিল যিহেতু)।
লাহে লাহে বুজিছিলোঁ সেইদিনাৰপৰাই মই অচিনাকী হৈ পৰিলোঁ তেওঁৰ বাবে। বুকুৰ জোখ লৈ গুচি গ’ল পৰিভ্রমী চৰাই, বাহটো থাকি গ’ল নভঙাকৈ বুকুৰ উপত্যকাত। হেৰুৱাৰ দুখক উমনি দি থাকি গলোঁ একে ঠাইতে, অথচ নাজানিলোঁ কি হেৰুৱালোঁ! যি নাছিল মোৰ, তেওঁক হেৰুৱাতো অবান্তৰ মাথোঁ। নিজকে নিচুকাই সুখী হৈ ৰ’লো তেওঁৰ স্মৃতিক বুকুতে সাৱটি…।

“তোমাৰ মৌনতাত মুখৰিত হয়
মোৰ দুখৰ পঁজা”

(২) সূত্র (formula) দুই:

প্রেম কেনেকৈ হয়? কিবা সূত্র মানি জানো প্রেম হয়? উত্তৰত একেষাৰে ক’ব পাৰি – নহয়। নিয়মৰ নিয়ম ভাঙি প্রেম আহে, নিজৰ অজানিতে! সূত্র নামানি আগুৱাই যায় প্রেম নিজৰ গতিত। এটা গল্পৰ হাতত ধৰি এদিন নিয়ম নমনা প্রেম আহিছিল সেউজীয়াৰ বাটেৰে।

: আপোনাৰ গল্পটো পঢ়ি খুব ভাল লাগিল। ক’ৰবাত যেন মই নিজকে বিচাৰি পালোঁ। (এনেদৰেই এটা গল্পৰ আৰম্ভণি কৰিছিলোঁ মই মোৰ অজানিতে)!
: শুনি সুখী হ’লো।
: প্রতিদান নিবিচৰাকে আনক সুখী কৰি ভালপাওঁ মই।
: হা: হা: হা: পুনৰবাৰ সুখী হ’লো।
: হয় নেকি?
: হা: হা: হা:

মাজতে দুদিনমানৰ বিৰতি। ব্যস্ততাৰ স’তে ব্যস্ত। অলপ হিচাপ-নিকাচ কৰিবলৈ শিকিছোঁ নতুনকৈ (পুৰণি বুলি যিহেতু একো নাছিলেই!)
: ভালে আছা?
: হয়, আছো। নাথাকি পাৰোঁনে!
: গান এটা গাম, শুনিবা?
: কিয় নুশুনিম, নিশ্চয় শুনিম।
এইদৰে শুনো মাজে মাজে তেওঁৰ প্রিয় গীত তেওঁৰেই কণ্ঠত। মিছা নকওঁ, সঁচাকৈ সুমধুৰ তেওঁৰ কণ্ঠ।
বিৰতি লৈ লৈ চলি থাকে ফ’নিক বার্তালাপ তেওঁৰ স’তে।
: গাড়ীখন লৈ বজাৰলৈ ওলাই আহিছোঁ বুইছা। এনেয়ে মই চাইকেলখন চলায়েই ভাল পাওঁ।
: হয় নেকি?
: হা: হা: হা: হয় আক’।
: বাবাটোৰ লগত কথা পাতিবা?
: পাতিম।
: হেল্ল’ কোৱা বাবা (তেওঁ নিজৰ ল’ৰাটোৰ কাণত ম’বাইল ফোনটো খুব সম্ভৱ লগাই দিছিল)।
: …
: নালাগে থাকক, সি চাগে’ লাজ কৰিছে।
: অ’।
জানানে সি মোৰ দৰে, এমূৰ কেকোৰা চুলিৰে স’তে।
: হয় নেকি?
: হা: হা: হা: তোমাৰ যে এই ‘হয় নেকি’ টো।
: হা: হা: হা:

কেতিয়াবা বাজি উঠে ম’বাইলত মেচেজ্ অহাৰ টুং টাং মিঠা শব্দ। কেতিয়াবা দুভাগ নিশা, কেতিয়াবা দোকমোকালি পুৱা, কেতিয়াবা তেওঁ ইংৰাজী সাহিত্যৰ গধুৰ ক্লাচটো পুৱা ৯:১৫ ত আৰম্ভ কৰাৰ আগে আগে…।
মই গম পোৱা হ’লো তেওঁ গাজি মগু খাই ভাল পোৱা কথাটো। তেওঁ এদিন ক’ব পৰা হ’ল তেওঁৰ ছোৱালীজনীৰ দহ বছৰীয়া জন্মদিনৰ দিনা পিন্ধা প্রিয় জিন্সটো ঢিলা হোৱাৰ কথা।
মই জানো, বন্ধুত্বৰ মুখা পিন্ধি সোমাই আহে প্রেম এখুজি দুখুজি কৈ। আৰু প্রেমৰ মুখা পিন্ধি শামুকীয়া গতিৰে আগুৱাই আহে যৌনতা! অপ্রিয় হ’লেও সত্য বহু ক্ষেত্রত! (এনেকৈ ভাবিবলৈ মই বাধ্য হৈছিলো!)
এদিন তেওঁ আহিল মোক এবাৰ চাই যোৱাৰ আশাৰে। চালে মোৰ অশুৱনি মুখ। তেওঁ জানে, ময়ো জানোঁ; কোনো কাৰো হোৱাৰ কথা নাই। তথাপি কিহৰ তাড়নাত তেওঁ আহিছিল মোৰ কাষলৈ মোৰ হাজাৰ বাধাক নেওচি? তেওঁ নক’লেও মই জানোঁ মোৰ অকণমান সান্নিধ্য, ফ’নিক বার্তালাপ তেওঁৰ সৃষ্টিৰ বাবে ইন্ধনৰ দৰে। পুৰুষক নাৰীৰ সংগ লাগে, মৰহি যোৱা গছপুলি এটা সতেজ হৈ উঠিবলৈ পানী লগাৰ দৰে। প্রতিদানৰ আশা নাছিল মোৰ। মাথোঁ দিছিলো কিছু সাধ্যানুসৰি, তেওঁৰ সেমেকা মনটো জীপাল কৰি তুলিবলৈ। অপ্রত্যাশিতভাৱে আগুৱাই আহিছিল তেওঁৰ দুহাত শৰীৰৰ খলাবমাবোৰৰ উমান ল’বলৈ! উহ:! পুনৰবাৰ হিচাপৰ খেলিমেলি।
বাহ এটা সাজিব নুখুজিলেও পৰিভ্রমী চৰাইবোৰে দি যায় এইদৰে দুখ। খৰধৰকৈ বাহ এটা সাজি উমনি দিওঁ দুখবোৰক। পোৱালি দিয়ে গণি শেষ কৰিব নোৱাৰাকৈ! কিন্তু পাখি নগজে সুখ হৈ উৰা মাৰিবলৈ। আকৌ তৎপৰ হৈ উঠোঁ নিচুকনি গীত গাবলৈ, যিহেতু মই তেওঁৰ বাবে অচিনাকী হৈ পৰিলোঁ তেওঁৰ কণ্ঠৰ গীত শুনিবলৈ।

“প্রাত:ভ্রমণলৈ ওলাই অহা বেলিটো
নদীখনতে জোবোৰা মাৰি উভটি যায়!
নদীৰ বৰফবোৰ গলি থাকে ওৰেটো ৰাতি
নদীৰ প্রেম,
বেলিৰ প্রয়োজন!”

(৩) সূত্র (formula) তিনি :
নিয়ম নমনাই যেন প্রেমৰ নিয়ম! বুজি উঠিছিলোঁ প্রেম বগাই ফুৰে এখন হৃদয়ৰপৰা আন এখনলৈ সৰীসৃপৰ দৰে। উৰি ফুৰে এঠাইৰপৰা আন এঠাইলৈ পৰিভ্রমী পখী হৈ। শীত যায় বসন্ত আহে। শীতৰ হালধীয়াবোৰে জানো বসন্তৰ সেউজীয়াবোৰক কৈ নাযায় আকৌ আহিম বুলি? ঋতু আহে, ঋতু যায়… গৈ গৈ ঘূৰি অহাই যাৰ নিয়ম। প্রেম ঘূৰি আহেনে একেই ৰূপত? একেদৰেই? জীৱনে যাৰ স’তে সঘনে মুখামুখি হয় সেয়া প্রেম নে আসক্তি ? নিচা? জীৱনো জানো এটা নিচাৰ দৰেই নহয়? এৰো বুলি এৰিব নোৱাৰি। নোপোৱাক পাবলৈ হেঁপাহ, যোৱাবোৰক ধৰি থোৱাৰ হেঁপাহ।

আঁতি আঁতি বান্ধি থোৱা হৃদয়ৰ দুৱাৰত টোকৰ পৰিল।
: খুলি দিয়া হৃদয়ৰ দুৱাৰ। মোক গভীৰলৈ শিপাব দিয়া। চুই চাবলৈ দিয়া তোমাৰ আলসুৱা হৃদয়ৰ নীলাবোৰ।
: নীলাবোৰৰ বাদে একোৱেই নাই তাত। নীলাবোৰত জোবোৰা মাৰি কি কৰিব? সেইখিনি মোৰ একচেতীয়া সম্পত্তি। তাৰ ভাগ নুখুজিব। মই আকণ্ঠ তাতেই ডুবি থাকো।
: মোৰো অভ্যাস নীলাবোৰত সাতুঁৰি নাদুৰি থকাৰ। দুয়ো ভগাই ল’ম দিয়া নীলাবোৰ।
জীৱনে শিকোৱা হিচাপ-নিকাচৰ ভিত্তিত বুজিলোঁ, মই এতিয়া এদাল জখলা হ’ব পাৰোঁ তেওঁৰ বাবে যাতে তেওঁ দুখবোৰক পিছ পেলাই সুখৰ বোকোচাত উঠিব পাৰে। অকণমান মলম সানি দিব পাৰোঁ তেওঁৰ কেঁচা ঘাঁডোখৰত। জানিছিলোঁ তেওঁ মোক প্রেম দিবলৈ অহা নাই, বিচাৰি আহিছে মাথোঁ অলপ জিৰণি। ভাগৰ পলালেই তেওঁ পুনৰ উৰা মাৰিব নিজৰ পৃথিৱীলৈ।
ভুল নকৰোঁ বুলি কাণত ধৰি আকোৱালি ললোঁ তেওঁক। মৰম কৰিলোঁ। কেতিয়াবা অভিমান কৰিলোঁ। কেতিয়াবা কাজিয়া কৰিলোঁ। তেৱোঁ মৰম কৰিলে মোক। কেতিয়াবা গালি পাৰিলে মোৰ ভুলৰ বাবে। কেতিয়াবা অভিমান কৰিলে এটি শিশুৰ দৰে। এনেদৰেই এদিন সন্তপর্ণে বগুৱাবাই আহিল তেওঁৰ দুহাত শৰীৰী ভূগোলৰ পৃষ্ঠা লুটিয়াবলে! এইবাৰ প্রত্যাশিতই আছিল এই আগমন। ভাগৰ পলোৱাত অহাৰ বাটেৰেই গ’লগৈ তেওঁ। দি থৈ গ’ল নতুন এখিনি নীলা। যাওঁ বুলি ক’বলৈও সময় নহ’ল তেওঁৰ। তেওঁ হেনো এতিয়া ভীষণ ব্যস্ত। এৰা তেওঁ ব্যস্ত বাবেই এদিন সময় উলিয়াই মোক এবাৰ লগ কৰিব নোৱাৰিলে! আৰু এদিনো নেদেখাকৈ, এদিনো লগ নোপোৱাকৈ মই যিদৰে তেওঁৰ প্রেমত পৰিলো, তেৱোঁ গুচি গ’ল এদিনো নহাকৈয়ে!

“তোমাক নিবিছাৰোঁ
অথচ হেৰৱাওঁ তোমাক বাৰে বাৰে”

(৪) সূত্র (formula) চাৰি:
অপেক্ষা কৰিছিলো নেকি তেওঁলৈ? নাজানোঁ! নজনাকৈয়ে জীৱনৰ চল্লিশটা বসন্ত পাৰ হৈ গ’ল। অপ্রাপ্তিৰ মাজতেই থাকে হেনো প্রাপ্তিৰ সুখ! বিচাৰ কৰি চোৱাৰ অনুভৱ কৰা নাই কেতিয়াওঁ। “সপোন দেখাৰ বাবেই আমি সুখী হ’ব নোৱাৰোঁ” কোন জানো অনামী কবিয়ে কৈছিল এনেকৈ? মইতো সপোন দেখা নাছিলোঁ কেতিয়াওঁ তেওঁৰ হোৱাৰ, তেওঁক পোৱাৰ! তেন্তে মই আজি সুখী নে? নিঃসন্দেহে সুখী হ’ব লাগে! অথচ সুখী হ’ব পৰা নাই! কিয়? মই নজনাকৈয়ে মোৰ অৱচেতন মনে যে তেওঁকেই বিচাৰি আছিল। সপোন নেদেখাকৈ জানো থাকিব পাৰি?
সময়ে লৈ গৈছিল হাতত ধৰি। গুচি গৈছিলোঁ ময়ো। সকলোকে সুখী কৰিবলৈ গৈ কাৰোবাৰ অর্ধাংগিনী হৈছিলো। জীৱনে অভিযোগৰ সুৰুঙা দিয়া নাছিল। সৰু সৰু সুখ বুটলি সুখী হৈছিলো। অথচ নিজে নিজৰ স’তে এখন যুদ্ধত অৱতীর্ণ হৈছিলোঁ। কাক প্রতাৰণা কৰিছিলো নাজানোঁ- নিজক, সময়ক নে জীৱনক। যাৰ ওচৰত সমর্পিত কৰিছিলোঁ নিজক, তেওঁৰো হ’ব পৰা নাছিলোঁ যেন। ফুলশয্যাৰ নিশা যাৰ হ’বলৈ আগবাঢ়িছিলোঁ, সেইদিনা অনুভৱ কৰিছিলো আন কোনোবা এজনৰ উপস্থিতি। ওঁঠত, দুচকুত, সমস্ত শৰীৰত পাইছিলোঁ তেওঁৰ সুবাস। দেহ-মনেৰে এজনৰ হোৱাৰ পিছত কিদৰে হওঁ আন এজনৰ? প্রতিবাৰেই যেতিয়া এৰি দিছিলোঁ নিজকে স্বামীৰ হাতত, নীৰৱে দুটোপাল চকুপানী সৰিছিল মোৰ কোনেও নজনাকৈ। মোৰ আত্মাটো যেন গৈ ৰৈছিল কোনোবা দুপৰীয়া এটাৰ কোলাত য’ত এদিন মই হেৰৱাইছিলোঁ নিজক। তাতেই ওলমি ৰৈ যাব খুজিছিল।
অকলে থাকিবলৈ ভয় লগা হৈছিল মোৰ। ক্ষন্তেক অকলশৰীয়া হ’লেই মোক বেৰি ধৰিছিলহি সেই সুবাসে। ভাব হৈছিল মোক যেন উটুৱাই লৈ যাব সেই সুবাসৰ সুঁতিয়ে। আত্মগ্লানিত ভুগিছিলোঁ। বিবেক নামৰ সত্বাটোৱে গালি পাৰিছিল মোক। আজিও নুবুজাকৈ থাকিলোঁ, তেওঁৰতো প্রেম নাছিল মোলৈ। তেন্তে কিয় আহিছিল মোক বিচাৰি? তেওঁৰ হ’ব খোজা মোৰ হাবিয়াসক পূর্ণ কৰিবলৈ? সেয়া যদি প্রেম নাছিল, কি আছিল? মোৰ প্রতি পুতৌ? নে সহানুভূতি? স্বার্থপৰ বুলি ভাবিব পৰা নাছিলোঁ তেওঁক। যিয়েই নাছিল কিয়, কেতিয়াওঁ পাহৰিব নোৱাৰা প্রথম পুৰুষৰ সেই প্রথম স্পর্শক বুকুতে সামৰি হৈ উঠিছিলোঁ অন্য এজনী নাৰী। সেই প্রেমে (?) মোৰ জীৱনটোক ভালপাবলৈ, মোৰ চৌপাশৰ মানুহখিনিক ভালপাবলৈ শিকাইছিল নতুনকৈ। আৰু মই মোৰ প্রেমত পৰিছিলোঁ।
“ বিচাৰি বিচাৰি ভুলৰ অৱধি
ভুলতে ফুলে ভুল !
ভুলৰ শেষত ক্লান্তিৰ বোজা লৈ
হিচাপ-নিকাচ জীৱনৰ ।
বাহি জানো হয় ভুল ?
প্রেম জীৱনৰ নির্ভুল উত্তৰ ! ”

(৪) সূত্র (formula) পাঁচ:

মোক এতিয়া ওচৰ-চুবুৰীয়াই শইকীয়ানী বুলিয়েই মাতে। একমাত্র সন্তানৰ স’তে বেচ্ সুখৰেই মোৰ সংসাৰ। ৰাগ-জঞ্জাল বুলিবলৈ একো নাই। সৰুতেই টিভিটোত দেখি দেখি ধোঁৱা ওলাই থকা লেব’ৰেটৰীবোৰলৈ ছোৱালীজনীৰ বৰ হেঁপাহ আছিল। তাই এতিয়া চিকিৎসা বিজ্ঞানৰ ছাত্রী। ডাঙৰ ডাঙৰ কিতাপবোৰৰ মাজতে মূৰটো গুজি থাকোঁতেই তাইৰ সৰহখিনি সময় যায়। ময়ো ব্যস্ত থাকো কিতাপৰ মাজতে। কলেজৰ ক্লাচবোৰ ল’বলৈ নিজেও ভালেখিনি পঢ়িব লগা হয়। সময় মিলাই দুয়োজনীয়ে কেতিয়াবা ওলাই গৈ হেঁপাহ পলুৱাই বজাৰ-সমাৰ কৰোঁ। দেউতাক নোহোৱা হোৱাৰেপৰা তাই কম কথা কোৱা হ’ল। ময়ো এৰি দিছোঁ তাইক নিজৰ মতে থাকিবলৈ।
যোৱাৰ বাট আৰু অহাৰ বাট একেইনে? যদি বেলেগ, কোনখিনিত বেলেগ? প্রেম (?) আহিছিল বাৰে বাৰে, মই নিবিচৰাকৈয়ে, মোৰেই জীৱনলৈ। বিচৰাৰ দৰেই কথাবোৰ হোৱাহেঁতেন! অহাৰ দৰেই উভটিও গৈছিল। মই তৎ ধৰিবলৈ পোৱাৰ আগতেই কোন বাটেৰে জানো গুচি গৈছিল। সময়ে বহুত কিবাকিবিয়েই শিকাইছিল মোক। হিচাপ-নিকাচৰ পৰা সদায় আঁতৰি থাকিব বিচৰা মই জীৱনৰ প্রতিটো ক্ষণ হিচাপ কৰি জীয়াবলৈ শিকিছিলোঁ । মোৰ সকলো হিচাপক তচ্-নচ্ কৰি ভাগ্যই আকৌ এবাৰ অট্টহাস্যৰে ইতিকিং কৰি মোৰপৰা মোৰ শিৰৰ সেন্দুৰকণ মচি পেলাইছিল। ভাগ্যক কোনোদিনেই বিশ্বাস নকৰা মইজনীয়ে মানি লৈছিলোঁ সকলো ভাগ্যৰে লিখন বুলি! নাজানো জীৱনৰ বাটত আৰু কিমান দূৰ যাবলৈ আছে? কিমান কেঁকুৰি আছে আৰু পাৰ হ’বলৈ? ভয় লাগে, জানোচা নিবচৰা কাৰোবাক লগ পাই যাওঁ! বিচৰাবোৰ দেখোন নাপালোঁৱেই কেতিয়াওঁ! এতিয়া আৰু অবাঞ্চিত একোৰেই সন্মুখীন হোৱাৰ সাহস আৰু ইচ্ছা কোনোটোৱেই নাই।

উপসংহাৰ:
ছোৱালীজনীৰ জন্মদিনত কিবা এটা উপহাৰ দিম বুলি ভাবি কলেজৰপৰা বাহিৰে-বাহিৰে বজাৰৰ ফালে ওলাই গৈছিলোঁ । কি দিম কিনো নিদিম বুলি ভাবি ভাবি ঘড়ীৰ দোকান এখনতে সোমালোঁ। কিন্তু ই কি! সন্মুখত কোন এইয়া! মোৰ ভৰিত শিপা গজিল, বোবা হৈ পৰিলোঁ। এসোঁতা গৰম তেজ মোৰ মূৰৰপৰা ভৰিলৈ পিৰপিৰাই নামি গ’ল। সেই ঘড়ী পিন্ধিবলে ভাল নোপোৱা মানুহজনে ঘড়ী দুটামান লিৰিকি বিদাৰি চাই আছে কোনটো ল’ম কোনটো নল’ম ভাৱত। দুই এডাল চুলিত ৰূপালী ৰং, যদিও সেই একেই চিনাকী সুবাস। মোৰ চেতনা ফিৰি আহিল। একো নোলোৱাকৈয়ে ঘৰলৈ উভটিলো। মনটো উভটি লৰ মাৰিলে সেই তাহানিলে’।
আৰু মই যেনিয়েই গ’লোঁ চিনাকী সুবাস এটাই মোক খেদি ফুৰিলে…।

(সমীকৰণটোৰ সমাধান মই কৰিব নোৱাৰিলো। সেই ফেৰা কাম পাঠকসমাজলৈ এৰিলোঁ। )

 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
প্ৰাঞ্জল গগৈ
8 years ago

গল্পটো পঢ়ি ভাল লাগিল।

8 years ago

ভাল লাগিল।