পৰিচয়বিহীন: উজ্জ্বল ফুকন

পৰিচয়বিহীন

উজ্জ্বল ফুকন

চাহ কাপত এহোপ মাৰি ৰাজে ভাবিলে “আজি বহুদিনৰ পিছত এনেকৈ ওলাই আহিছে সি। ইন্টাৰভিউ দিবলৈ অকনো মন নাছিল তাৰ। কিন্তু কলটো পায় ভাবি নোচোৱাকৈ কৈ দিলে যাম বুলি। হয়তো অৱচেতন মনত নিজক পৰীক্ষা কৰাৰো এটা মন আছিল তাৰ। এতিয়াৰ কোম্পানীটোত সি সুখী। কাম কাম বুলি অনবৰত কোনোবা এটা মূৰৰ ওপৰত বহি নাথাকে আৰু তাৰ ওপৰত কাম কৰা মানুহবোৰ বহুত বেছি ভাল। আৰু স্বাধীনভাৱে বহু কিবা কিবি শিকিবলৈ সুবিধা পাইছে সি। সেয়েহে এতিয়াই কোম্পানী সলনি কৰাৰ তাৰ কোনো মন নায়। চাহৰ পইচা দি লাহে লাহে সি ইন্টাৰভিউ দিব লগা কোম্পানীটোৰ ফালে আগবাঢ়িল। আগতে চাকৰি বিচাৰি হাবাথুৰি খায় ইন্টাৰভিউ দিব যোৱা দিনবোৰ এটা এটাকৈ তাৰ মনলৈ উৰি আহিল।

কি যে দিন আছিল সেইবোৰ। চিনিয়ৰবোৰে প্রতিটো ৰঙীন ৰাতি তাক কয় ‘একো নাই। বিনদাচ দিবি। তোৰ হৈ যাব।’ আৰু পিছদিনা ইন্টাৰভিউত লাথ খাই পুৰণা অসমীয়া ডাইলগটো মনৰ ভিতৰতে আওৰাই কোম্পানীটোৰ টইলেটত স্মৃতি অলপ এৰি সি কৈ যায় ‘চাই থাক তই, মই আকৌ আহিম আৰু তোৰ গৰ্ব খৰ্ব কৰিম।’ তেতিয়া দুখত গোৱা শাৰী কেইটা আজি হাঁহি হাঁহি সি আকৌ আওঁৰালে ‘যাৰ দিন পৰিল খালত, লাও কোমোৰা নুঠে চালত। যিওবা উঠিল চালত,বৰলে বিন্ধে গালত'”। ছিকিউৰিটি গাৰ্ডটোৱে ৰাজৰ হাঁহি থকা মুখখন দেখি একো নুবুজাকৈ এনেই হাঁহি এটা মাৰি দিলে।
ৰাজেও ক’ব নোৱাৰাকৈ অসমীয়াতে সুধি পেলালে “ক’ত ঘৰ হে?”
“গোলাঘাটত। আপোনাৰ ঘৰ ক’ত দাদা?” ছিকিউৰিটিৰ চকুদুটা আনন্দত জিলিকি উঠিল।
“মই শিৱসাগৰৰ।” ৰাজে ল’ৰাটোলৈ চাই হাঁহি এটা মাৰি ক’লে।
“এহ ওচৰতে। বিহুত ঘৰলৈ গৈছিলে নে? ইয়ালৈ কিবা কামত আহিছে চাগৈ।” সি একেৰাহে ৰাজক সুধি গ’ল। হয়তো বহু দেৰি কথা পাতিব নাপায় তাৰো আমনি লাগিছিল।
“মানুহ এজনক লগ পাবলৈ আহিছো। বিহুত যোৱা নহ’ল এইবাৰ। ঠিক আছে যাওঁ দিয়া।” ৰাজে হাঁহি এটা মাৰি কথাখিনি কৈ সোমাই গ’ল।
ছিকিউৰিটি গাৰ্ড হৈ থকা ল’ৰাটোৰ সহজ সৰল হাঁহিটোৰে বিদায় দিয়া মুখখন দেখি ৰাজে ভাবিলে “কেতিয়াবা ভাবি ভাল লাগে আজিকালি অসমীয়া ল’ৰাবোৰে সৰু ডাঙৰ সকলো কাম কৰিবলৈ ওলাই আহিছে। কিন্তু কেতিয়াবা দুখো লাগে ইমান পাহুৱাল ডেকাবোৰে হয়তো খেতিৰ মাটিখিনিত কাম কৰি ইয়াতকৈ বেছি সুখত আৰু স্বাৱলম্বী হব পাৰিলে হয়। এইবোৰ দেখিলেই চৰকাৰ নে হাহাকাৰ সেইদালে কি কৰি আছে বুজি নাপায় ৰাজে। গোলাঘাটৰ ল’ৰা বুলিলেই ৰাজৰ সৰুকালৰ অসমখনৰ মাৰ্চিয়েল আৰ্টৰ প্রতিযোগিতাবোৰ মনত পৰে য’ত সিংহভাগ প্রতিযোগিতাৰ বিজয়ী আছিল গোলাঘাটৰ ল’ৰা। মাৰ্চিয়েল আৰ্টৰ কথা কৈ ব্রুচলীৰ কথা নকলে পাপে চুব। ৰূপালীম হলৰ স্ক্রীনত তেতিয়া ব্রুচলীৰ ‘এন্টাৰ ড ড্রেগন’ বা ‘ফিস্ট অফ ফিউৰি’ৰ মাজেৰে ব্রুচলীয়ে মনে মনে সকলোৰে মন মগজুত বিচৰণ কৰিছিল। ৰাজেও নিজকে ব্রুচলীৰ ভায়েক ফুক-লী বুলি ভাবি কোনেও নেদেখাকৈ বাৰীৰ পিছফালৰ কলগছজোপাত দুটা কিক মাৰি তিনিদিন উখহা ভৰিটোত কেচা হালধি সনা দিনবোৰো ৰাজৰ চকুৰ আগেৰে দৌৰি পাৰ হৈ গ’ল। তাৰ পিছৰ পৰা কিক মাৰিবলৈ বাদ দিলে যদিও সৰু গামোছা এখন ককালত আৰি ব্রুচলীৰ বিকট চিঞৰটো ‘মিআআআআওওওওও’ বুলি কৈ হাত দুখন এক বিশেষ ভঙ্গীমাত জপিয়াই যোৱা দৃশ্যটোতে ব্রুচলী জীয়াই থাকিল। কিন্তু সৰু গামোছাখন আৰু খীন দেহাটোৰ মাজত ব্রুচলী আৰু মৌগলীয়ে চাগৈ সন্ধী কৰি ফুক-লী ক জন্ম দিছিল।…. ৰাজে মনে মনে ভাবিলে।

“ৰাজ ফুকন, প্লীজ কাম ইন।” কাৰোবাৰ মাতত ৰাজ বাস্তৱলৈ ঘূৰি আহিল।
ইন্টাৰভিউৰ কোঠাটোত পুৰণা চিনাকি পৰিবেশটো দেখি ভাল লাগিল ৰাজৰ।
“হাই, মি মানৱ। টেল মি চামথিঙ এবাউট ইয়ৰচেল্ফ। হু আৰ ইউ?” মানৱ নামৰ ল’ৰাজনে ৰাজক সুধিলে।

এটা প্রশ্নই যেন বহু প্রশ্নৰ জন্ম দিলে ৰাজৰ মনত।
মই কোন? মই ফুকনৰ ঘৰৰ ল’ৰা। যাৰ এটা নহয় এটা ফুকনক হয়তো সৰু চহৰখনৰ পুৰণি মানুহখিনিয়ে চিনি পায়। কিবা এটা বেয়া কাম কৰিবলৈ মনটো উচপিচাই থাকিলেও ঘৰখন মনত পেলাই ভৰিৰ শক্তি নোহোৱা হৈ যায়। পিছলৈ অৱশ্যে এইবোৰ অলপ বেলেগকৈ চম্ভালিব পৰা হ’ল ৰাজে। ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলৰ পিছফালৰ কুঁহিয়াৰৰ বাৰীত সোমাই থাকোতে মালিক আহি পিছপিনে ৰৈ থকা কথাটো মনত পৰিলে আজিও ৰাজৰ এ.চি.ৰ ভিতৰতে ঘাম ওলায়। সি আকৌ এবাৰ মনত পেলালে সেই ভয়লগা আৰু অলপ ভাল লগা অভিজ্ঞতাটো।
“কি কৰিছা ভাইটি?” মালিকৰ প্রশ্ন।
“নাই খুড়া, কুঁহিয়াৰবোৰ বুঢ়া হৈ বেয়া হৈ গৈছে। মই বোলো গৰুৱে খোৱাতকৈ আমিয়েই খাওঁ। নে কি কৱ ৰণ?” ৰাজে সমৰ্থনৰ আশাত ভয়ে ভয়ে জেওৰাৰ সিপাৰে থকা ৰণক সুধিলে।
“হয় খুড়া, সি ঠিকেই কৈছে।” ৰণে দূৰৰ পৰাই চিঞৰিলে।

“বাৰু গৰু তোৰ নাম কি?” মালিকে ৰণৰ চিঞৰলৈ ভ্ৰুক্ষেপ নকৰি ৰাজক সুধিলে। মালিকৰ পিছফালে লুকাই থকা দা খন এইবাৰ সন্মুখলৈ ওলাই আহিল।
“তালুকদাৰ নগেন মানে নগেন তালুকদাৰ” ৰাজে ভয়তে কিবা এটা নাম কৈ দিলে।
“কোন হোষ্টেল?” মালিকে আকৌ সুধিলে।
“হোষ্টেল ৯” ৰাজে জীয়া ফাঁকি এটা মাৰিলে।
“কিন্তু হোষ্টেল ৯ টো ছোৱালীৰ হোষ্টেল। সঁচা কথা ক নহ’লে পাবি এতিয়া।” মালিকে খঙত চিঞৰি উঠিল।
ৰাজে কথা বিষম দেখি এখন হাতেৰে কুঁহিয়াৰ কেইদাল টানকৈ ধৰি আনখন হাতত থকা দা খন মালিকক দেখুৱাব ধৰিলে। তাৰ হাতত থকা দা খন দেখি হঠাৎ যেন মালিকৰ অলপ শক্তি কমি গ’ল।
সাহস পাই ৰাজে কুঁহিয়াৰ কেইদাল চোঁচৰাই চোঁচৰাই দা খন হাতত লৈ লাহে লাহে ওলোটা ফাললৈ যাব ধৰিলে।
মালিকেও তালৈ দা খন টোৱাই দূৰৰ পৰা সুধিলে “তহঁতৰ হোষ্টেলৰ চুপাৰ কোন?”
ৰাজে হাতত কুঁহিয়াৰ আৰু দা লৈ একে জাপে জেওৰা জপিয়াই চিঞৰি গ’ল “চুপাৰৰ নাম কাৰ্ল হুপাৰ। ৱেস্ট ইণ্ডিজৰ হৈ ক্রিকেট খেলিছিল। এতিয়া ৰিটায়াৰ হৈ আমাৰ হোষ্টেলৰ চুপাৰ হৈ আছে। তেওঁক চাবলৈ দিনতে টৰ্চ মাৰিব লাগে। আপুনি দেখা নাপায়।”
মালিকে খঙতে দাখন তাৰ ফাললৈ চাই দলিয়াই দিলে। অলিম্পিকো আহি আছে। ভাগ্য ভাল সেই মালিকৰ নিচান অভিনৱ বিন্দ্রাৰ দৰে নাছিল। নহ’লে আজি পেং লৈ ইন্টাৰভিউ দিবলৈ আহিব লগা হ’ল হয়। মই আচলতে উৎপাত কৰি ঘূৰি ফুৰা সেই হোষ্টেলৰ ল’ৰাটোৱেই নেকি?
……ৰাজে ভাবিলে।

“মই কোন?” এইবাৰ যেন মনৰ ভিতৰৰ পৰা আন এটা ৰাজে মাত লগালে।
মই চাগৈ সেইটো যি গোটেই সপ্তাহটো শণিবাৰৰ বেডমিন্টন খেলা দুঘণ্টালৈ ৰৈ থাকে। মবাইল চাইলেন্ট কৰি খেলি থকা সেই সময়খিনিয়েই চাগৈ ৰাজৰ একান্ত ব্যক্তিগত। মই চাগৈ সেই খেলি ভাল পোৱা ল’ৰাটো। নে মই সেইটো যি বছৰৰ আৰম্ভণিতে সংকল্প লয় এইবাৰ জীমত গৈ ছিক্স পেক উলিয়াম বুলি আৰু বছৰৰ শেহলৈ আকৌ ফেমিলী পেকটোৱে মূৰ ডাঙি উঠে। নে মই সেই মানুহটো যি মনলৈ অহা কথাবোৰ লিখি ভাল পায়। শুই থকা নিশাবোৰত খিৰিকিৰ ফাঁকেৰে তৰাবোৰ জোকাই ভাল পায়। সময়ৰ তাগিদাত কলেজ এৰি অহা বহু দিনেই হ’ল। কিন্তু আজিও ৰাজৰ মনত পৰে ঘৰ এৰি হোষ্টেললৈ ওলাই অহাৰ দিনা দেউতাকে কোৱা কথাষাৰ। “আজি তই আকৌ জনম লবি। আজিৰ পৰা তোৰ পৃথিৱীখন তই যেনেকৈ সাজিব পাৰ তেনেকৈ দেখা পাবি। বাটত কোনোবা ল’ৰাৰ জ্ঞান দেখি হতবাক হবি আৰু হাজাৰটা বেয়া ল’ৰাও লগ পাবি। কিন্তু তই যিমান পাৰ নিজৰ ব্যক্তিত্ব অক্ষুণ্ণ ৰাখি সকলোৰে লগত মিলি যাবি। এটাই কথা মনত ৰাখিবি তই দেখা আটাইতকৈ বেয়া ল’ৰাটোৰ মাজতো এনেকুৱা এটা ভাল গুণ থাকে যি তই কোনো কিতাপৰ পৰা শিকিব নোৱাৰ।”
সেইদিনাৰ পৰা দেউতাক যেন মাকক পাৰ হৈ ৰাজৰ মনৰ বেছি কাষ চাপি আহিল। আৰু সঁচাকৈ প্রথমদিনা হোষ্টেলত সোমায়েই দেৱজিত সিং নামৰ মণিপুৰী ল’ৰাটোৱে ৰাজক এক আচৰিত জ্ঞান দিলে।
“বুজিছ পোৱালি, ভাৰতৰ সংবিধানে বোলে ধৰ্মনিৰপেক্ষতা মানি চলে। ক’তা মইটো দেখা নায়। কিন্তু এইখন হোষ্টেলৰ ধৰ্মনিৰপেক্ষ কেৰাহি”।
হোষ্টেলৰ এটা মূৰৰ তাৰ ৰূমৰ আগৰ কেৰাহিখনত তেতিয়া মাংসৰ জোল গৰম হৈ আছিল। এয়া কি মাংসৰ জোল ক চোন?” সিঙে ৰাজক সুধিলে।
ৰাজে লাহেকৈ ক’লে “মূৰ্গীৰ চাগৈ”
“হিঁ হিঁ হিঁ ইয়াত মূৰ্গী, ছাগলী, গাহৰি সকলো আছে। বেলেগ বেলেগ ৰূমৰ পৰা আহি আছে। মানে সেই বেলেগ বেলেগ নদী আহি যে ব্রহ্মপুত্রত পৰে তেনেকুৱা। বা সেই বেলেগ বেলেগ জনগোষ্ঠী লাগি যে অসমীয়া জাতি হৈছে ঠিক তেনেকুৱা।”
তাৰ কথা শুনি ওচৰত থকা টেৰন উপাধিৰ কাৰ্বি ল’ৰাজনে হাঁহি হাঁহি সিহঁতলৈ চাই থাকিল।
“কি হাঁহিছ অই টেৰণ দা, মিছা কৈছো নেকি মই? আৰু তই কেনেবাকৈ আৰু কিবা মাংস দিছ নেকি ইয়াত?” সিঙে টেৰণ দাক সুধিলে।
“নাজানো দেই চ’ন, পিছে বিকাশে ভেকুলী এক বাল্টি আনি থৈছিল কালি ৰাতি। সেইখিনিও দিছে চাগৈ।” টেৰন দাই গহীনত ক’লে।
ভেকুলীৰ কথা শুনি ৰাজৰ চকু এইবাৰ কপালত উঠিল।

এইবাৰ সিঙে ৰাজৰ হাতত অলপ মাংসৰ জোল দি খাই চাব ক’লে আৰু সুধিলে ক এয়া ছাগলীৰ নে গাহৰিৰ নে মূৰ্গীৰ নে ভেকুলীৰ?
ৰাজে চেলেক এটা মাৰি কিহৰ মাংস একো বুজি নাপালে কিন্তু খাই বৰ ভাল পালে। ৰাজৰ সেই মূহুৰ্তত সিঙক ক্রান্তিবীৰৰ ‘নানা পাটেকাৰৰ’ দৰে লাগিছিল য’ত নানাই এজন হিন্দু আৰু এজন মুছলমান মানুহৰ তেজ মিহলি কৰি প্রশ্ন কৰে
“বৌল চালা কৌন চা হিন্দু কা খুন হে অউৰ কৌন চা মুছলমান কা। চালা বনানে ৱালে নে ফৰ্ক নহি কিয়া তৌ তু কৌন হৌতা হে ফৰ্ক কৰনে ৱালে।”
কিন্তু মই জানো আজি ধৰ্মনিৰপেক্ষ হব পাৰিছো। ঘৰ সমাজ পৰিয়াল আদি নেওচি ধৰ্মনিৰপেক্ষতাৰ শ্ল’গান দিয়া চাগৈ কলেজৰ দিনবোৰত সহজ আছিল। আজি যেন সেই ধৰ্মনিৰপেক্ষ কেৰাহিখনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিলে ৰাজে।

নে মই সেইটো যিয়ে ৰূমত অকলে থাকিলেও ৰাষ্ট্ৰীয় সঙ্গীত শুনিলে নিজে কব নোৱাৰাকৈ থিয় হৈ গুণগুণাই যায়। অভিনৱ বিন্দ্রাৰ স্বৰ্ণ পদক পোৱা মূহুৰ্তত গৰ্বত ওফন্দি ফোন কৰি বন্ধুবোৰক জনাই দিয়াটো মই নেকি?
নে সেইটো যিয়ে প্রত্যেক বছৰেই ভাবে এইবাৰ একেবাৰে অসমলৈ মা দেউতাৰ কাষলৈ ঘূৰি যাম। কিন্তু সিও জানে সেইটো ইমান সহজ নহয়। সি এৰি অহা পৃথিৱীখন এতিয়া বহুত সলনি হ’ল আৰু লগতে মানুহৰ ধ্যান ধাৰণাও।
নে মই সেইটো যি ‘মাডাৰ ইণ্ডিয়া’ চিনেমাখনৰ সৰু সুনীল দত্ত হোৱা খটাসূৰ পোৱালীটো দেখি বা ‘জুনিয়ৰ মেহমুদ’ৰ ‘হা’ম কালে হ্যায় তৌ ক্যা হোৱা দিলৱালে হ্যায়’ নাচ দেখি আজিও হাঁহি ৰখাব নোৱাৰে।

নে সেই ব্রেকিঙ নিউজবোত নিজেই ব্রেক হৈ পৰি যোৱা মানুহটো মই। লাহে লাহে যেন ৰাজ মইৰ পৰা আমিলৈ আগুৱাই গ’ল।
কেৱল মই কিয় আমি সকলোৱেই দেখোন অসমক লজ্জিত কৰা ভিডিঅ’ চাইছিলো। অফিছ কাছাৰীত আমিবোৰ যে তেনেকুৱা নহয় তাক বুজাই তৎ পোৱা নাছিলো। বানপানীৰ তাণ্ডৱৰ কথা কৈ কেন্দ্রই অসমক বিপদত কিমান সহায় কৰিছে এই কথা সুধি প্রশ্ন কৰা জাকক ক্ষান্ত কৰিছিল ৰাজে। তথাপিও সেইদিনা সি ভাবিবলৈ বাধ্য হৈছিল আমি আচলতে কোন? আমি মিচিং, বড়ো, তিৱা, কছাৰী, আহোম, বামুণ, কোচ, কলিতা আদি এশ এবুৰি জাতি জনগোষ্ঠী লগলাগি হোৱা অসমীয়া নে? আৰু সেই বৰ্বৰ কেইটা, সেই সাংবাদিক কেইটা, সেই মাতাল হৈ থকা ছোৱালীজনী, য’তে ত’তে মদৰ বেহা খুলিবলৈ দিয়া চৰকাৰী মানুহবোৰ বা পলমকৈ উপস্থিত হোৱা সেই পুলিচ বাহিনী। এই সকলনো কোন? অসমীয়াই নহয় জানো। আজি যেন ৰাজৰ জাতি জনজাতিৰ উৰ্দ্ধত অসমীয়া বা ভাৰতীয় হবলৈও মন নোহোৱা হৈ আহিছে। আজি যেন আমি মানুহ হোৱাটো বেছি প্রয়োজন। কাপোৰ পিন্ধিলেই মানুহ নহয় আৰু ইতৰ প্রাণীবোৰক আজি তাৰ বহুত সভ্য যেন অনুভৱ হ’ল।

“হেই!! আৰ ইউ অলৰাইট? ” হঠাৎ ইন্টাৰভিউ লবলৈ বহা মানৱ নামৰ ল’ৰাটোৱে ৰাজৰ বাহুত জোকাৰি সুধিলে।
“চৰি, আই এম ফাইন। যাস্ট নিড টু এনালাইজ মাইচেল্ফ ইন ডেপ্থ টু ফাইণ্ড আউট ডা আনচাৰ টু ইউৰ কুৱেচন ‘হু আই এম ?’। এণ্ড আই উইল গেট বেক টু ইউ ফ’ৰ চিঅৰ। থেঙ্ক ইউ ফৰ ইউৰ টাইম।” কথাকেইটা কৈ ৰাজে ইন্টাৰভিউ ৰুমৰ পৰা ওলাই আহিল।
মানৱ নামৰ লৰাটোৱে প্রথমবাৰ কোনোবা ইন্টাৰভিউ দি থকাজনে ‘উইল গেট বেক টু ইউ’ বুলি কৈ যোৱা শুনি থতমত খাই বহি থাকিল।
ৰাজে এখন নতুন ধৰ্মনিৰপেক্ষ কেৰাহি কিনাৰ মনেৰে শ্বপিং কমপ্লেক্স এটালৈ সোমাই গ’ল। জেপি দাৰ গানটো তেতিয়া ৰাজৰ ওঁঠত লাগি আছিল। যদিও জেপি দাই গানটো কিবা বেলেগ অৰ্থত হে গাইছিল কিন্তু এই মূহুৰ্তত ৰাজে যেন তাতকৈ ভাল গান আৰু বিচাৰি নাপালে।
লাহে লাহে গুণগুণাই সি আগবাঢ়িল “পৰিচয়বিহীন.. যাযাবৰ অঘৰী..”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments