পৰিচয় – কাবেৰী মহন্ত

“কুকুৰৰ পৰা সাৱধান” বুলি গেটত আঁৰি থোৱা ফলকখন দেখি বৰষাই গেটখন খুলিব খুজিও ৰৈ গ’ল৷ এনেয়ো কুকুৰলৈ বৰ ভয় তাইৰ৷ ক্ষন্তেক ইফালে-সিফালে চালে তাই, উঠি অহা ৰিক্সাখনো গ’লগৈ, ৰিক্সাৱালাজনৰ সাহসতে ভিতৰলৈ সোমোৱাৰ চেষ্টা এটা কৰিব পাৰিলহেঁতেন! গেটখনৰ সৰু ফুটাটোৰে ভিতৰলৈ চাবলৈ সুৰুঙা বিচাৰিও তাই বিফল হ’ল৷ লোহাৰ গেটখনতে যিমান পাৰি হাতেৰে শব্দ কৰি তাই মাতটো ডাঙৰকৈ উলিয়াবৰ চেষ্টা কৰিলে “বাইদেউ.. অ’ বাইদেউ!”

অলপ সময় অপেক্ষা কৰি তাই পুনৰ এইটো কামকে দোহাৰিলে মাতটো ডাঙৰ কৰি৷ এইবাৰ তাইৰ প্ৰচেষ্টা সফল হোৱা যেন ভাৱ হ’ল, অলপ বয়সীয়াল মানুহ এজন গেটখনৰ ফালে আগবাঢ়ি আহিল..!

গেটখন খোলাত তাই সোমাই আহিল। ঘৰখনৰ গৰাকীৰ মনটো যে বেচ চৌখীন সোমায়েই তাই অনুমান এটা কৰিলে৷ গেটৰ ভিতৰৰ পৰাই সোঁফালে আটোমটোকাৰীকৈ সজোৱা ল’নখন আৰু ল’নখনৰ কাষে কাষে কেমেলিয়া ফুলৰ সুন্দৰকৈ কলম কৰি ৰখা জোপোহা গছবোৰ! সিফালে ওখ বাউণ্ডেৰি ৱালৰ কাষে কাষে বিভিন্ন ফলমূলৰ জোপোহা গছবোৰ! নিশ্চয় গ্ৰাফ্টিং কৰা হ’ব, বৰষাই আম, লিচু, মধুৰীৰ গছ কেইজোপা সহজেই চিনি পালে৷ সিহঁতৰ গাঁৱৰ সৰু ঘৰখনতো দেউতাকে বাৰীত দুই এজোপা সহজে হোৱা ফলমূলৰ গছ ৰুইছে৷ অৱশ্যে তাহঁতৰ গছবোৰ ইয়াত দেখাৰ দৰে তলৰ পৰাই জোপোহা নহয়, আমজোপা যে ইমান ওখ– বতাহ বৰষুণ জোৰকৈ আহিলে খাবলৈকে নাপায় সিহঁতে৷

গেটখনৰ সোঁফালৰ পৰাই ঘৰৰ বাৰাণ্ডাৰ ষ্টেপলৈকে প্ৰায় বিভিন্ন প্ৰজাতিৰ গোলাপৰ শাৰী! বৰষাৰ মনটোও গোলাপ ফুলৰ মিঠা সুৱাসে পুলকিত কৰি তুলিলে, গোটেই পৰিৱেশটোৱেই ইমান সুন্দৰ! ঘৰখনৰ গৰাকী, তাই আজি যাক লগ কৰিবলৈ আহিছে, বাইদেউজনীলৈ অজানিতে এসোপা শ্ৰদ্ধা আৰু মৰমে থুপ কৰিলেহি বৰষাৰ মনত৷ তাই শুনিছে ফুল ভালপোৱা মানুহৰ অন্তৰবোৰো বৰ কোমল হয়, মনবোৰো বিশাল হয়! নোহোৱা নহয়, আজি লগ পাব লগা বাইদেউজনীও যে ইমান সাদৰী, কথাবোৰো ইমান শুৱলা! চহৰৰ মাজ মজিয়াত ইমান সুবিশাল ঘৰ থাকিও ইমান ব্যস্ততাৰ মাজতো বাইদেৱে তাইক ফোনত সময় দিয়ে৷

বানে ধুই যোৱা বৰষাহঁতৰ নৈ পৰীয়া গাঁওখন বাৰিষা এক দুখলগা সময়ৰ মাজেদি প্ৰতি বছৰে পাৰ হয়৷ ঘৰখন সিহঁতৰ দেউতাকৰ চাকৰিটোৰ ওপৰতে নিৰ্ভৰশীল যদিও বাৰীৰ পাচলি কেইটাইও যথেষ্ট সকাহ দি থাকে৷ নিজৰ দুখ কষ্টৰ প্ৰতি উদাসীন, ভাগৰ চিনি নোপোৱা মাকজনীলৈ বৰষাৰ বৰ মৰম লাগে! স্কুল কলেজৰ পঢ়াশুনাৰ ফাঁকে ফাঁকে তাই সেয়ে যেতিয়াই পাৰে মাকক সহায় কৰিবলৈ চেষ্টা কৰে৷ তথাপিও তাইৰ বাৰিষাৰ দিনকেইটালৈ বৰ ভয় লাগে! সপোনবোৰ কিমানবাৰযে ভাঙি আকৌ গঢ়িবলগা হয়! আত্ম-অভিমানী অলপ তাই, কিন্তু নৈখনে তাইৰ আত্মসন্মানৰ বাৰে বাৰে পৰীক্ষা লৈ থাকে! চহৰৰ পৰা যোৱা ভিন ভিন লোকৰ আগত সিহঁতে নিজৰ সন্মান এহাতে আৰু জীৱন জীয়াই ৰাখিবলৈ হোৱা প্ৰয়োজনীয়তা সিখন হাতেদি আদান-প্ৰদান কৰিব লগা হয়! খেদি খেদি অহা কেমেৰাৰ লেন্সবোৰ, গামোছা ডিঙিত লৈ অহা নেতাবোৰ, অথবা এই সকলোবোৰৰ লগত ফ্ৰীতে পোৱা পুতৌজনক ইস্‌ আস্‌বোৰ!

“আপুনি বহক৷ বাইদেউ ব্যস্ত আছে…৷”

বৰষাৰ সমবয়সীয়া ছোৱালী এজনী আহি দিয়া মাতষাৰত বৰষা আকৌ ঘূৰি আহিল ঘৰটোৰ পৰিৱেশলৈ৷ গ্ৰিল দিয়া বাৰাণ্ডাখন আৰু কাৰুকাৰ্যৰে সজাই থোৱা ফুলৰ টাববোৰৰ মাজত থকা পুৰণা চোফাচেটৰ চকী এখনলৈ ছোৱালীজনীয়ে হাতেৰে দেখুৱাই দিলে৷ ভিতৰত কুকৰ এটাই জোৰকৈ ভুকি উঠিল৷ তাই সচকিত হৈ কুচিমুচি বহিল৷ ছোৱালীজনীয়ে বৰষালৈ উদাস চাৱনি এটা দি ভিতৰলৈ সোমাই গ’ল৷ তাই কিবা এটা সোধাৰ সুবিধাই নাপালে৷ ভিতৰৰ পৰা ব্যস্ততাৰ শব্দবোৰ মাজে মাজে অলপ অলপকৈ এনেয়ে জপাইথোৱা দুৱাৰখনৰ সুৰুঙাইদি চেপি চেপি বাহিৰলৈ আহি থাকিল৷ অলপসময় তাইৰ হঠাতে অকলশৰীয়া যেন ভাৱ এটাই টুকুৰীয়াই থৈ গ’লহি৷ মাকে হঠাতে তাই আহিবলগীয়া হোৱাত হাততে পোৱা খাৰলি অকনমান, পিঠা কেইটামান আৰু খৰিচা অকনমানো বাইদেউলৈ দি পঠাইছে৷ তাইক সোমাবলৈ দিয়া আদহীয়া মানুহজনো ক’ত গ’ল জানো, বস্তু কেইপদ তাই দিয়েই পঠাব পাৰিলহেঁতেন! তাইৰ এই অন্যমনস্ক হোৱা স্বভাৱটোৱে তাইক প্ৰায়েই বিপাঙত পেলায়, কোন সময়ত তাইৰ মনটো ক’লৈ উৰা মাৰে তাই ধৰিবই নোৱাৰে!

এই সাদৰী বাইদেউজনীকো তাই লগ পাইছিল যোৱাবছৰ হোৱা বানপানীৰ সময়তে৷ খোৱাবস্তু, কাপোৰকানি লৈ আৰু কেইগৰাকীমান মহিলাৰ সৈতে যোৱাবছৰ সিহঁতৰ গাঁওখনলৈ যাওঁতে সকলোৱে তাইৰ লগত ফটো উঠিছিল৷ ফটো উঠা কামটো তাই বৰ বেয়া পাই যদিও বাইদেউগৰাকীৰ ব্যৱহাৰত তাই মুগ্ধ হৈ ফটো উঠাৰ লগতে ফোন নম্বৰো দিছিল৷ সেইবাৰ সিহঁতৰ গাঁৱত পানী পাঁচটা দিন থাকি শুকাবলৈ আৰম্ভ কৰিছিল৷ বানে গৰকা ঘৰখন আকৌ আগৰ দৰে কৰিবলৈ সেইকেইদিন মাক দেউতাকৰ বৰ কষ্ট হয়৷ তাৰমাজতে খবৰ কাগজত তাইৰ ফটো দুখনমান ওলাল! দুয়োকাষে বাইদেউ কেইগৰাকী আৰু মাজত তাই চাউল দাইলৰ টোপোলাটোৰ পলিথিনটোৰে সৈতে৷ সেইদিনা তাইৰ খুউব দুখ লাগিছিল! কিবা এক লাজ, আত্মসন্মান হেৰুৱাৰ অনুভৱে তাইক হেঁচা মাৰি ধৰিছিল৷ সেই খঙতে তাই বাইদেউলৈ ফোনো কৰিলে, কিয় তাইৰ ফটোহে কাগজত দিলে?  ফটো দিয়াটো জৰুৰী আছিল নে?  সিহঁত ধনী নহয়, কিন্তু কাগজত ওলোৱাৰ সপোনো নাই সিহঁতৰ,  নিজৰ দুৰৱস্থাক কেতিয়াও দুৰ্ভাগ্য বুলি লোৱা নাই!

“তুমি তেনেকৈ নাভাৱিবা বৰষা! আমাক দেখি জানানে আৰু দুটামান ক্লাবৰ পৰাও মানুহ গৈছে বস্তু লৈ৷ তোমালোকতকৈ দুখলগা মানুহ কিছুৱে তাৰবাবেই সহায় পোৱা নাইজানো?… সিদিনা বাইদেৱে তাইৰ সৰল মনটোক সহজেই আশ্বাস দিয়াব পাৰিলে, মিঠাকৈ কোৱা কথাবোৰ বৰষাই বিশ্বাস কৰিলে৷ সেইয়াই আৰম্ভণি, দুয়োফালৰ কথা-বতৰাৰ৷ বানপানী শুকোৱাৰ দুমাহমানৰ পাছত সেইফালে কিবা কাম থকাত বাইদেউৱে সিহঁতৰ ঘৰতো সোমাই আহিছিল৷ মাক দেউতাকে আটোমটোকাৰীকৈ বাৰীৰ পাচলি, বৰা চাউল, ঘৰৰ গাখীৰৰ টোপোলাৰে বাইদেউৰ গাড়ীৰ ডিকি ভৰাই পঠালে৷ বাইদেৱে যদিও প্ৰথমে আপত্তি কৰিছিল তথাপিও তাঁহাতে বেয়া পাব বুলিয়েই চাগে পাছত সকলোখিনি দ্ৰাইভাৰজনৰ হতুৱাই সামৰি লৈ আনিছিল৷

আদহীয়া মানুহজনৰ শুকান কাহৰ শব্দত বৰষা আকৌ ঘূৰি আহিল! মানুহজন বাহিৰলৈ যাবলৈ ওলাইছে৷ বৰষা ততাতৈয়াকৈ উঠি আগবাঢ়ি আহিল..” বাইদেউৰ দেৰি হ’ব নেকি বাৰু?”

মানুহজনে কিছুপৰ আচৰিত ধৰণেৰে তাইলৈ চালে৷ ইমান দেৰিৰ পাছতো চাগে মানুহজনে বৰষাক আশা কৰা নাছিল!

“তুমি যোৱাই নাই নেকি!”

“মানে কাম এটা আছিল, বাইদেউক বিশেষকৈ লগ কৰিব লগা আছিল৷”

“বাইদেৱে মাতিছিল নেকি তোমাক?”

“মতা নাছিল, কিন্তু হঠাতে আহিব লগা হ’ল৷ মই অৱশ্যে ফোন কৰিছিলোঁ ৰাতিপুৱা..আপুনি বাইদেউক ক’ব পাৰিব নেকি মই ৰৈ আছোঁ বুলি?”

এখোজ দুখোজ কৰি মানুহজন একেবাৰে তাইৰ কাষ পালেহি৷ দেউতাকতকৈ ডাঙৰ নহ’লেও সৰু  নহ’ব বেছি৷ এক সমীহভৰা চাৱনিৰে তাই সামান্য হাঁহি এটাৰে মানুহজনলৈ আশাৰে চালে৷

তাইৰ চকুত চকু থৈ কিছুসময় মানুহজনে কোনেও যাতে নুশুনে, ফুচফুচাই কোৱা কথা কেইটাই বৰষাৰ মুখৰ বৰণ সলাই পেলালে!-

“বাইদেৱে তোমাক লগ নকৰে৷ তোমাক ভিতৰলৈ অনাৰ বাবে মইও গালি খালোঁ! যোৱাগৈ ঘৰলৈ মাজনী! ডাঙৰ মানুহৰ ঘৰলৈ এনেকৈ ঘপহকৈ নাহিবা দেই!”

বৰষা থকা ঠাইতে মুহূৰ্তৰ বাবে জিকাৰ খাই উঠিল! কোনটো সঁচা?  নিজৰ শৰীৰৰ ভৰটো ভৰি দুখনে যেন কোনোমতে গেটৰ বাহিৰলৈকে খুপিখুপি কঢ়িয়াই লৈ আহিল৷ কোনটো পৰিচয় সঁচা?  মানুহৰ আগত থকাটোনে আজি তাই সন্মুখীন হোৱাটো?

বৰষাৰ ভাৱ হ’ল ল’নখনত সেইবোৰ কেমেলিয়া, গোলাপ নাছিল..আছিল বিষাক্ত কেকটাছ!

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments