পৰিচয় ( দেৱজিৎ শৰ্মা )

porisoy

ন মাহৰ পাচত আইৰ গৰ্ভৰ পৰা যি ভূমিস্থ হৈছিল, সেয়া ময়েই আছিলো
দেউতাৰ সাধু কথাৰ শেতেলীত যিয়ে শুই পৰিছিল,সেয়া ময়েই আছিলো ।
নৈ খনৰ সোঁতত জলকুৱঁৰীক আৰু বৰগছৰ প্ৰাচীন অহংকাৰৰ মাজত
বুঢ়া ডাঙৰীয়াক অন্বেষণ কৰা জনো ময়েই আছিলো ।

চিনাকি মূখবোৰ অচিনাকি নোহোৱালৈকে মই ময়েই অছিলো

য’ত নিজকে এদিন এৰি থৈ আহিছিলো, সেয়া এখন মৃত নদী

সৰাপাতৰ কবিতা আৰু ধূসৰিত প্ৰাচীন সভ্যতা
কুঁৱলিৰ আছ্লৰে ঢাকি থোৱা মোৰ শৈশৱৰ দিনলিপি
আৰু তৰাৰ দেশত হেৰাই যোৱা আইৰ সোঁৱৰণি

ক’ত এৰি থৈ আহিলো সুখৰ পাৰাপাৰ হীন সমুদ্ৰক
এতিয়া দুখে দলিচা পাৰি দিয়ে
আন্ধাৰক ৷
বসন্তৰ কবিতা এটা খেপিয়াই ফুৰিছো
অচিনাকি মুখবোৰৰ মাজত,
বন্ধকত থোৱা সময়বোৰত নিজৰ বুলি
সাবতিবলৈ
নিসংগ মুহুৰ্তবোৰক উদযাপন কৰিবলৈ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments