পৰিণতি (পংকজ জ্যোতি মহন্ত)

ek minitor golpo
হৰি আৰু মধু একেটুকুৰা ঠাইৰে সমনীয়া লগৰীয়া৷ বয়সে পঞ্চাশৰ ঘৰ চোও-চোও হৈছে যদিও প্ৰকৃতিৰ সংস্পৰ্শত থাকি কাম-কাজ কৰি সদায় ঘৰুৱা খাদ্য খাই খাই তেওঁলোক এতিয়াও পয়ত্ৰিশৰ অনূৰ্ধৰ যেনেই হৈ আছে৷ এখনি ধুনীয়া পাহাৰৰ নামনিত তেওঁলোকৰ গাঁওখন৷ প্ৰকৃতিসৃষ্ট একোটা বস্তুৰ দৰেই গোটেই গাঁওখনৰ ঘৰবোৰ মনোমোহা হৈ জিলিকি থাকে৷ অতি শান্তিপূৰ্ণ এটুকুৰা ঠাই৷ তাৰেই পথৰুৱা সমতলবোৰত নতুবা একেবাৰে ভৈয়ামলৈ নামি আহি দুয়োৱে ওচৰা-ওচৰিকৈ গৰু চৰাই দিনবোৰ পাৰ কৰে৷ প্ৰকৃততে সেইটোৱেই তেওঁলোকৰ কাম৷ আবেলি সময়ত যেতিয়া গৰুবোৰে দূৰলৈ ঢপলিয়াবলৈ মন নকৰি খৰখেদাকৈ ঘাঁহ গিলিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকে একেলগে বহি বিভিন্ন কথা আলোচনা কৰে৷ আবেলিৰ হেঙুলীয়া ৰ’দত অপৰূপ হৈ জিলিকি দৃষ্টি কাঢ়ি লৈ যোৱা পাহাৰখনৰ শিখৰলৈ চাই হৰিয়ে কেতিয়াবা কয় – “ইমান ধুনীয়া পাহাৰখন ওচৰতে আছে! এদিন বগাব লাগিছিল শিখৰলৈ৷ আজি পৰ্য্যন্ত এবাৰো বগোৱাই নহ’ল তাত!” মধুৱে উত্তৰ দিয়ে – “পাহাৰখন বগাই কি পাবি? সেইবোৰ প্ৰয়োজন নোহোৱা কাম৷ তইনো সেইটো কামৰ কথাকে ভাবি থাকিব লাগেনে!” মধুৰ কথাতো ঠিকেই বুলি ভাবি হৰিয়েও মনে মনে থাকে। আকৌ কেতিয়াবা কথাতো পুনৰ মনলৈ আহিলে হৰিয়ে মধুৰ আগতে এবাৰ উলিয়ায়, আৰু পুনৰ মধুৰ একেটা কথাকে শুনি হৰিয়ে চিন্তাটো বাদ দিবলৈ আৰম্ভ কৰে…৷
হৰি আৰু মধুৱে ভাটী বয়সত ভৰি দিলে৷ এতিয়া তেওঁলোকে গৰু নচৰায়৷ গৰু চৰোৱাৰ দায়িত্ব পুতেক-নাতিয়েকৰ হাতলৈ গ’ল৷ কেতিয়াবা আবেলি তেওঁলোক এনেয়ে ওলাই যায়। গৰুৰ জাকৰ মাজে মাজে ফুৰি ফুৰি অতীতৰ দিনবোৰ, আজিৰ মানুহ আৰু প্ৰকৃতিৰ পৰিৱৰ্তনবোৰ, তেওঁলোকৰ সিপাৰলৈ যাত্ৰাৰ মুহূৰ্তটো কেনেকুৱা হ’লে ভাল লাগিব আদি কথাবোৰ পাতিবলৈ ধৰে, নতুবা মৃত্যুৰ পাছৰ যাত্ৰাপথৰ ঘটনাবোৰ কেনে হ’ব পাৰে সেইবোৰ কল্পনা কৰে৷
এদিন হৰিয়ে পুনৰ উলিয়ালে – “মৃত্যুৰ পাছত কিমান পাহাৰ-ভৈয়াম বগাব লাগিব, নৈ-বোকা খচকি পাৰ হ’ব লাগিব হিচাপ নাই! কিন্তু এতিয়া দুশফুট দূৰত্ব বগোৱাৰো সামৰ্থ নোহোৱা হ’ল, অথচ সামৰ্থ থকা গোটেই জীৱনটো পাহাৰখনৰ সমুখতে থাকি এবাৰো বগাবলৈ নগ’লোঁ৷ সেইটো কামেই কৰিবলৈ থাকি গ’ল!” হৰিৰ কথা শুনি মধুৱে এটা হুমুনিয়াহ পেলালে৷ আজি, মধুৰ এই পৃথক ৰূপ দেখি হৰি আচৰিত হৈ পৰিল৷ তেওঁ মধুৰ মুখলৈ কৌতুহলেৰে চাই পঠিয়ালে৷ মধুৱে হৰিক বুজনি দি ক’বলৈ আৰম্ভ কৰিলে – “হ’ব দে, এতিয়া আৰু উপায় নাই৷ পাহাৰখন বগোৱাটো তোৰ ভাগ্যতে নাছিল বুলি ধৰি ল, নতুবা তোৰ যোগ্যতাই নাছিল এই জনমত পাহাৰখন বগোৱাৰ…৷” মধুৰ কথাখিনি শুনি হৰি আৰু অধিক আচৰিত হৈ পৰিল৷ কৰিব পৰা সময়ত যিটো কাম অপ্ৰয়োজনীয়, নকৰিলেও হৈ যাব বুলি যি মধুৱে সদায় কৈ আছিল, আজি সেই কামটোকে কৰাৰ সময় পাৰ হৈ যোৱাৰ পাছত সেই মধুৱেই কৈছে – “ধৰি ল, কামটো কৰাৰ তোৰ যোগ্যতাই নাছিল!” হৰিৰ মনত প্ৰচণ্ড খং উঠিবলৈ ধৰিলে৷ তেওঁৰ এনে লাগিবলৈ ধৰিলে যেন গোটেই জীৱনটোত যিটো মানুহক এবাৰো লগ নোপোৱা হ’লেই ভাল আছিল সেইটো মানুহকে তেওঁ গোটেই জীৱন বন্ধু বুলি ভাবি থাকিল…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক