পৰিতৃপ্তি- মল্লিকা শৰ্মা বৰদলৈ

মুন্নীয়ে চাৰিদিন ধৰি থেনথেনাই আছে৷ পূজাত লগৰ সকলোৱে কাপোৰ লৈছে, কেৱল তাইৰহে নাই৷ মাকে দুবছৰ আগৰ পূজাত দিয়া ফ্ৰকটো এতিয়া তাইৰ কাৰণে চুটি হয়৷ তথাপি তেনেকৈয়ে পিন্ধি পিন্ধি পুৰণিও হ’ল৷ এইবাৰ তাই আঁকোৰগোজ, কাপোৰ লাগিবই৷

ঘৰটোৰ টিনপাত সলোৱাৰ কথা, বৰষুণ দিলে ঠিক তাইৰ বিছনাতে পানীবোৰ সৰকি পৰে৷ বিছনাখন সৰু কোঠাটোৰ চাৰিওফালে ঘূৰাই পকাই চায়ো লাভ নহ’ল৷ বৰষুণৰ দিন যে শেষ হোৱাৰ নামেই লোৱা নাই৷ বাকী খোৱা দোকানখনেও আগৰ পইচাবোৰ নিদিলে আৰু বাকীত মাল নিদিয়ে বুলি কৈছে৷ আৰু এটা কাম ল’ব পৰা হ’লে ভাল আছিল, পুতুলীয়ে ভাবে৷ পিছে তাইৰ সময়ে অসময়ে উঠা কঁকালৰ বিষটোৰ কাৰণেহে সমস্যা৷ দুদিন পিছত মুন্নীজনী ডাঙৰ হ’ব তেতিয়া কথাবোৰ বেলেগকৈ ভাবিব লাগিব তাই৷ এতিয়াৰ দৰে মুন্নীক স্কুলৰ পৰা আহি তাই নহালৈকে ওচৰৰ দাদীৰ ঘৰত থাকিবলৈ ক’বও নোৱাৰিব৷ পুতুলীয়ে হিচাপ মিলাব নোৱাৰে৷ গিৰীয়েক থকালৈকে তাইৰ ইমান চিন্তা নাছিল৷

পুতুলীয়ে আৰু এঘৰত কাম যোগাৰ কৰি লৈছে৷ ঘৰ সৰা-মচা, বাচন ধোৱা৷ সময়বোৰ কোনোমতে মিলাই কাম কৰে৷ সময় কমে কাম বাঢ়ে৷ কঁকালৰ বিষটোৱে ৰাতি ৰাতি শুব নিদিয়ে৷ কঁকালৰ বিষটো অসহ্য হৈ পৰোঁতেও পুতুলীয়ে ছুটী নলয়৷ আশা পূজাৰ বোনাচ পাব, আৰু তাৰেই মুন্নীক এটা ফ্ৰক কিনি দিব৷ পিছে পইছা দিবৰ সময়ত যে সকলোৰে ঘৰে ঘৰে সমস্যা আহি পৰে৷ মাহৰ শেষ পইচা ক’ৰ পৰা দিব৷ তাই হতাশ হৈ উভতে, মুন্নীৰ আশাভৰা চকুহাল দেখিলে তাইৰ কঁকালৰ বিষতকৈ বুকুৰ বিষটো বাঢ়ি যায়৷

আজিৰ পৰা পূজা৷ পুৱাই পুতুলী কামলৈ ওলাই গ’ল৷ সোনকালে কাম শেষ কৰি মুন্নীক পূজা চাবলৈ লৈ যাব বুলি কথা দিছে৷
কাম শেষ কৰি উভতি আহোঁতে চাৰিটা বাজিল৷ মুন্নীয়ে চাগে বাট চাই আছে তাইলৈ৷ কঁকালৰ বিষটোৱে কোবালেও তাই খৰকৈ খোজ দিয়াৰ যত্ন কৰিছে৷ সেইখিনিতে চুবুৰীটোৰ নতুনকৈ অহা মানুহঘৰৰ এজনে তাইক দেখি মাত দিলে৷ আজিৰ কাৰণে কাম অলপ কৰি দিব লাগে৷ বিনিময়ত ভাল বস্তু পাব হেনো৷ পুতুলীয়ে ’না’ ক’ব নোৱাৰে৷ মুন্নীক বুজাই দিলে বুজিব৷ বিনিময়ত পোৱা ’ভাল বস্তু’ মুন্নীৰ বাবেইতো৷ নতুনকৈ অহা মানুহঘৰ, ঘৰৰ বস্তুবোৰ থানথিত লগোৱা কাম৷ ডাঙৰ ডাঙৰ ওজনৰ বাকচ কেইটা দাঙি সহায় কৰোঁতে পুতুলীৰ উশাহ বন্ধ হৈ যাব যেন লাগিল৷ মুন্নীৰ মুখখন মনত পেলাই তাই সকলো কামেই কৰি যাব পাৰে৷ কাম শেষ হয় মানে সাঁজ লাগিল৷ ঘৰৰ মানুহজনীয়ে তাইৰ হাতত পঞ্চাশ টকা এখন তুলি দিলে, লগতে এটা সৰু, পুৰণি কাপোৰৰ টোপোলা৷ পুতুলীয়ে টোপোলাটো খুলি চালে৷ ইমান সময়ে বিষটোৱে উলিয়াব নোৱৰা চকুপানীখিনি তাই আৰু ধৰি ৰাখিব নোৱাৰিলে৷ কাপোৰৰ টোপোলাটোত দুখন শাৰী আৰু এটা পুৰণি ফ্ৰক৷ নিজৰ বাবে কাপোৰৰ কথা এবাৰো ভবা নাছিল তাই৷ ফ্ৰকটো দেখিহে আনন্দতে চকুপানী ওলাই আহিল৷ অন্তত মুন্নীক কাপোৰ দিব নোৱাৰা দুখটো এতিয়া কমিব৷ তেওঁলোকৰ বাবে পুৰণি হ’লেও পুতুলী আৰু মুন্নীৰ বাবে ই যেন একাজঁলি নতুন সুখ৷ মানুহঘৰক সহায় লাগিলে মাতিবলৈ কৈ খৰধৰকৈ পুতুলী ওলাই আহিল৷ ইতিমধ্যে এন্ধাৰ হৈছে৷ মুন্নীয়ে চাগে খঙতে কান্দিব ধৰিছে৷ তথাপি পুতুলীৰ মনটো আজি গধুৰ হৈ উঠা নাই৷ তাই জানে আজি মুন্নীৰ সকলো অভিমান ফ্ৰকটো হাতত তুলি দিয়াৰ পিছত নিমিষতে শেষ হৈ যাব৷ এই এন্ধাৰে পুতুলীৰ খোজৰ বেগ কমাব পৰা নাই৷ মুন্নীৰ তিৰবিৰাই থকা চকুহাল দেখাৰ আশাটোৱে তাইৰ এন্ধাৰৰ বাট পোহৰাই পেলাইছে ইতিমধ্যে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক