পৰিধি – (নাজমা বেগম)

পৰিধি
– নাজমা বেগম৷

খিৰিকীখন খুলি দি ভাগিৰথী গ্ৰীলত ধৰি এনেয়ে কিছুদেৰি থিয় দি ৰ’ল৷ আজি ভাগিৰথীৰ বাবে গোটেই দিনটোৱেই বিশেষ হৈ থাকিল৷ ৰাতিপুৱা মৌমনে চাহ বাকি থাকোঁতে তাইক গবা মাৰি ধৰিছিল পিছফালৰ পৰা৷
কি হ’ল সোণ? তিনিটা ল’ৰা ছোৱালীৰ মাজত মৌমন বেলেগ৷ বিশেষকৈ ভাগিৰথীৰ বাবে৷
এয়া চোৱা মা তোমাৰ গল্প৷ বাতৰিখন তাইৰ সন্মুখত মেলি ধৰিলে মৌমনে৷ নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল তেওঁ৷ ছপা আখৰত নিজৰ নামটো যে কেইবাৰ দিনটোত তেওঁ চুই নাচালে৷ ৰাখী আৰু গীতে তাইক অভিনন্দন জনাই সামৰি থলে সকলো৷ নিজৰ সন্তান বাবেই হয়তো তাতোকৈ তাই বেছি আশা কৰিছিল তাহাতাৰ পৰা৷ মৰম আকলুৱা মনটোৱে বিচাৰিছিল মৌমনৰ দৰে ইহঁত দুটাও জপিয়াই উঠক৷ পিছে দুখ কৰিও যে লাভ নাই সেয়া তাই বুজে৷ অসমীয়া পঢ়িব নজনা দুয়োকে তাই কোনসতে ভুল বুজে৷ সৰুতে তেওঁ অসমীয়া শিকাবলৈ জোৰ দিছিল কিন্তু কোনো আগ্ৰহ নেদেখুৱালে দুয়োটাই৷ এই দুখ থাকি গ’ল তেওঁৰ৷ প্ৰথম সন্তান মৌমন মানসিক ভাৱে কিছু পিছপৰা বাবেই ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা আঁতৰাই আনি অসমীয়া বিদ্যালয়ত দিবলৈ বাধ্য হৈছিল৷ কোনো কষ্ট নোপোৱাকৈ আগবাঢ়ি যোৱা ল’ৰাটো ক’ব নোৱাৰাকৈয়ে তেওঁৰ বহু বেছি ওচৰ চাপি আহিছিল৷ আৰু আঁতৰি গৈছিল গীত আৰু ৰাখী৷ সিহঁত দুয়োটাই ঘৰতে ইংৰাজীত কথা আৰম্ভ কৰিলেই মৌমন আহি মাকৰ কাষ পায়হি৷ এনেকৈয়ে লাহে লাহে মৌমন আৰু তেওঁৰ মাজত এক বেলেগ বন্ধুত্ব গঢ়ি উঠিছিল৷ গীত আৰু ৰাখী হোষ্টেলত পঢ়িবলৈ যোৱাৰ পিছত মৌমনৰ সতে অধিক সময় তেওঁ অকলে পাৰ কৰিছিল৷ সৰুৰে পৰা উদয়ৰ লগত মৌমন সহজ হ’ব নোৱাৰিলে৷ পিতৃ হিচাবে উদয়েও এই ক্ষেত্ৰত আগভাগ নললে আৰু এনেকৈয়ে এখন অদৃশ্য দেৱাল গঢ়ি উঠিল পিতা পুত্ৰৰ মাজত৷ বিয়া হৈ আহি এজাক মানুহেৰে কোলাহল হৈ থকা ঘৰখনৰ মানুহৰ মনবোৰৰ বুজ লৈ লৈ কাম কৰোতে, সকলোকে সন্তুষ্ট কৰি যাওঁতে যাওঁতে কোনোবাখিনিত তাই নিজেই হেৰাই থাকিছিল৷
উদয় আছিল তাইৰ মনৰ সম্পূৰ্ণ বিপৰীত মানুহ৷ বিয়া হ’ব লাগে বাবেই যেন বিয়া পাতিছিল৷ তাইৰ মনৰ জগতখনৰ সতে পৰিচয় হোৱাৰ কোনো আগ্ৰহ তাই নেদেখিলে আজিলৈকে৷ আজি দিনটো ভাগিৰথী ৰৈ থাকিল এপাকত হ’লেও মানুহজনে তাইক কিবা এটা কওক৷ গল্পটো প্ৰকাশ হোৱাৰ পিছতে মৌমনে লৰালৰিকৈ ফেচবুকত আপডেট দিছিল৷ হেজাৰটা লাইক ২০০ ৰ ওপৰত অহা কমেণ্টৰ পিছতো উদয়ৰ এষাৰ কথাৰ বাবে তাই দিনটো ব্যাকুল হৈ থাকিল৷ ৰাতি আটাইকেইটাই ভাত খাই থাকোঁতে তেওঁ মন কৰিছিল উদয় প্ৰয়োজনতকৈ গহীন৷ বাচন ধুই থকাৰ সময়ত অজানিতে হৰহৰাই চকুলো বৈছিল৷
মা কি কৰিছা আন্ধাৰত? মৌমনৰ মাতত উচপ খাই উঠিল ভাগিৰথী৷
নাই অ এনেয়ে৷ সকলোকে মন্তব্যৰ বাবে ধন্যবাদ জনোৱা হ’লনে? ভাগিৰথীয়ে মবাইল বা লেপটপত একো লিখিব নাজানে৷ তেওঁ বহীত লিখা গল্পবোৰ চাই চাই লিখে মৌমনে লেপটপত৷ ক’ত কি পঠাব সকলো সিয়েই ঠিক কৰে৷
হৈ গ’ল মা৷ আজি এটা নতুন লিখা মা৷ বিহু সংখ্যাৰ বাবে মোৰ লগৰখিনিৰ মাজৰ পৰা ওলাব লগীয়া আলোচনীখনত তোমাৰটো মেইন হ’ব৷ প্ৰকাশে কৈছে মই নহয়৷
হমম ..চাওঁ ৰ’বা৷
হ’ব মা যিটো বস্তু তুমি আশা কৰিলেওঁ নোপোৱা কিয় ভাৱি মন বেয়া কৰিছা?
হয় শুই যোৱা নহয় লিখা এয়া তোমাৰ আজিৰ গিফট _ কৈ সি দুইদিস্তামান কাগজ, পেন দুটা আৰু কাজুৰ পেকেট এটা টেবুলত থৈ ওলাই গ’ল৷
দুচকু ভৰি আহিল তেওঁৰ৷ প্ৰথম সন্তান জন্মৰ আনন্দত তেওঁ যিদৰে আত্মহাৰা হৈছিল দিন যোৱাৰ ল’গে মৌমনৰ মাজত দেখা দিয়া কিছু অস্বাভাৱিকতাই তেওঁক চিন্তাত পেলাইছিল৷ দ্বিতীয়বাৰত এহাল যঁজা সন্তান অহাৰ পিছত মৌমনৰ মাজত আৰু পৰিবৰ্তন আহিব ধৰিছিল৷ প্লে স্কুলখনৰ পৰা যেতিয়া মৌমনৰ কথাবোৰ লৈ দৈনিক অভিযোগ আহিব ধৰিলে তেওঁ সজাগ হ’ল৷ দেউতাকৰ পৰা বৰ বিশেষ গুৰুত্ব নোপোৱা আৰু মাকেও এহাল সন্তান লৈ ব্যস্ত হৈ থকাৰ মাজত মৌমন জেদী হৈ উঠিছিল, অকলশৰীয়া হৈ পৰা লৰাটোৰ তেওঁ এক বিশ্বস্ত বন্ধু হৈ পৰিছিল৷ মানসিক ভাৱে কিছু পিছ পৰা মৌমনক তেওঁ মৰমেৰে আকোঁৱালি লৈ থাকোঁতে কেতিয়ানো সি ডেকা এটা হ’ল, কেতিয়ানো সি মাকে মনে মনে লিখি থকা লিখাবোৰ পঢ়ি তাৰ গূঢ়াৰ্থ বুজিব পৰা হ’ল তেওঁ গমেই নাপালে৷ সি তাৰ ফেচবুকৰ ৱালত মাকৰ লিখাবোৰ শ্বেয়াৰ কৰিব ধৰিলে৷ ভৱাতকৈয়ো বেছি সমাদৰ পাব ধৰিলে তেওঁৰ লিখাবোৰে৷ মৌমনে ৰাতি মাক শোৱালৈ ৰৈ থাকিব৷ কমেণ্টবোৰ পঢ়ি শুনাব আৰু দাবী কৰিব কাইলৈয়ো কিবা এটা লাগিব৷ কাহানিও ভবা নাছিল তেওঁ এই অনুভৱবোৰ যে এদিন মানুহৰ মাজলৈ যাব, মানুহৰ মাজত ইমান সমাদৰ পাব৷ ফেচবুকৰ বহল ক্ষেত্ৰখনত লাহে লাহে ভাগিৰথী যেতিয়া নিজেই সোমাই পৰিল তেওঁৰ দুখবোৰ কমি আহিব ধৰিলে, প্ৰথমতে স্মাৰ্টফোনটো লবলৈ তেওঁ থেৰোগেৰো কৰিছিল কিন্তুু মৌমনে দুমাহৰ টিউচন কৰি পোৱা পইচাৰে কিনা মবাইলটো লবলৈ তেওঁ একপ্ৰকাৰ বাধ্য হৈছিল৷ তাৰ পিছৰ পৰা লাহে লাহে দুই এটা কথা শিকিছে যদিও এতিয়াও আয়ত্তলৈ আহিব বহু বাকী৷ যিদিনাই তাইৰ লিখনি ওলাই ফেচবুকত সিদিনাই সৰু কথা এটিক লৈয়ে উদয়ে কটূ কথা শুনায়, আওপকীয়াকৈ মানুহৰ আগত ফেচবুকৰ সমালোচনা কৰে৷ ৰাতিপুৱাৰ চাহ কাপ দিয়া দেৰি হ’লে ভোৰভোৰাই, ৰাতি এপৰলৈ মবাইল টিপিব আৰু এতিয়া পুৱাৰ চাহ আঠটাত৷
খাবলৈ মন গ’লে নিজে বনাব লাগে _ মৌমনে উত্তৰটো দিহে আতৰি যায়৷ কেতিয়াও দুয়োৰে ৰাহি যোৰা নাহে বাপেক পুতেকৰ৷ ভাগিৰথীয়ে একো উত্তৰ নিদিয়ে লিখি তেওঁ যিমান সুখ পায় এইবোৰ গালিয়ে তাত একো পাত্তাই নাপায়৷ বন্ধুবোৰ দিনে দিনে বাঢ়ি গৈ আছে অনুৰোধবোৰ প্ৰফাইলত গৈ গৈ মৌমনে মাকক দেখুৱায়৷ মাকে চালি জাৰি চাই দিব লাগে৷
মা এইটো টাইমলাইনত নহয় ইনবক্সত লিখা৷
মা এইটো ইডিট কৰাচোন৷
মা এই কমেণ্টটোত কি ৰিপ্লাই দিম?
ৰাতি ভাত খোৱাৰ পিছত মাক পুতেকৰ এই মধুৰ সময়খিনিও অন্য এক সন্তুষ্টি ভাগিৰথীৰ বাবে৷ উদয় আৰু তেওঁৰ কাজিয়া পেচাল নাই কিন্তু কোনো কথাতে তাইক উৎসাহ নিদিয়া, প্ৰশংসা নকৰা, কোনো ঘৰুৱা কামত সহযোগ নকৰা, কিবা এটা খোৱাৰ ঊনৈশ বিশ হলেই মানুহৰ আগত গালি পাৰিব কুণ্ঠাবোধ নকৰা মানুহজনৰ লগত নজনাকৈ যি মানসিক দূৰত্ব আহিল সেই দূৰত্ব দিনে দিনে বাঢ়ি গৈ আছে৷ আৰু আজি আহত হৈছে ভাগিৰথী৷ আজি প্ৰথম বাতৰি কাকতত তেওঁৰ গল্পটো প্ৰকাশ হোৱাৰ পিছতো নিৰ্বিকাৰ হৈ ৰ’ল উদয়৷ বাই শাহুৱেক ননদ কেইজনীয়ে ফোন কৰি কৰি উৎসাহ দিছে৷
================ অ’ৰ পৰা ত’ৰ পৰা ফোনবোৰ আহিল আৰু তাই প্ৰজ্বলিত মুখেৰে ধন্যবাদ কৈ থাকিল তাতো ভোৰ ভোৰাই উঠিল উদয়ে৷ ইটো সিটো খুঁত উলিয়াই গালি পৰা সময়কণতো দুখৰ সলনি সুখে তাইক মেৰিয়াই ৰাখিলে৷ মানুহজনৰ সমস্যাটো ক’ত তাই ভাৱি থাকিল? আজি প্ৰকাশ হোৱা গল্পটো তাইৰ সম্পূৰ্ণ নিজক লৈ লিখিছিল৷ প্ৰতিটো চৰিত্ৰৰ মাজত তাই নিজৰ দুৰ্বলতাবোৰ আঙুলিয়াই গৈছিল, এজনী ভাল মাতৃ, পত্নী, বোৱাৰী হ’ব খুজি তাই কৰি যোৱা ত্যাগখিনি লিখিছিল৷ ভাবিছিল গল্পটো উদয়ে পঢ়ক বুজক তাইক কিহৰ বাবে ভাগিৰথী এই পৃথিৱীত নিজক খাপ খু�ৱাই ল’ব লগা হৈছে৷ কিন্তু পঢ়া দূৰৈৰ কথা কিবা এটা কোৱাৰো প্ৰয়োজন তেওঁ অনুভৱ নকৰিলে৷
ৰাতিপুৱা শুই উঠিয়েই উশাহ লবলৈকো যেন সময় নাই কেৱল ধপলিয়াই ইটো ৰুমৰ পৰা সিটোলৈ কাম আৰু কাম ভাগিৰথীৰ বাবে আৰু উদয়ৰ বাবে বহি বহি কাকত চোৱা, ইটো দেৰি হ’ল সিটো নহ’ল বুলি অভিযোগ কৰি থকা৷ মৌমন কলেজলৈ ওলাই যোৱাৰ পিছত চাহ একাপ লৈ ভাগিৰথী বাৰন্দাত বহিল, এইকণ সময় নিজৰ তাইৰ, নিজৰ মতে খৰচ কৰি সুখী হয়৷ মনটোক নিজৰ মতে গতি লবলৈকো যেন এইকণ সময়ৰ দৰকাৰ৷ কি হেৰুৱালে এইবোৰ ভাবি ভাগিৰথী অকণো দুখী নহয় কি পালে এয়াহে জুকিয়াই সুখী হয় তাই৷
বাইদেউ তিতা কেৰেলা ল’ব নেকি? পাচলি দিয়া ল’ৰাটোৰ মাতত তাই একপ্ৰকাৰ উচপ খাই উঠিল৷
অ অ ল’ম আৰু কি আনিছা বাৰু?
সদায় থকাবোৰেই আৰু বাইদেউ, কেৰেলা আপুনি ভাল পাই যে৷ কৈ সি জুখিবলৈ পাল্লাখন উলিয়াই ল’লে৷
পিছে বাইদেউ পাৰ্টি এটা হ’ব লাগে আৰু৷
কিহৰ পাৰ্টি অ?
কিহৰ মানে আমি গ’ম নাপাওঁ নেকি? আপোনাৰ নাম পেপাৰত ওলাইছে৷ দাদাই কালি বজাৰত পাই কৈছে নহয়৷ মোৰ মানুহজনীয়ে এইবোৰ পঢ়েতো পেপাৰ এখন নি দিলো আপোনাৰ গল্প ওলোৱা বৰ ভাল পালে৷
দাদা মানে?
উদয় দা আকৌ বৰ স্ফূৰ্তি কালি মোক বিশটকা এটা বেছিকৈ দি আহিছে মিঠা ই খাবি বুলি৷
হয় নেকি? তই বহ মই চাহ একাপ বাকিছো৷ আনন্দ নে বেজাৰত সৰো সৰো দুটোপাল চকুলো লুকুৱাবলৈ তাই দৌৰি অহাদি পাকঘৰত সোমাল৷ ডাইনিঙৰ চকীখনত খামুচি ধৰি তাই উচুপি উঠিল৷ চিনাকি একেবাৰে আপোন মানুহজনৰ পৰা কালিৰে পৰা আশা কৰি থকা শুভেচ্ছাটো এনেকৈ তাইৰ সন্মুখত ধৰা দিব বুলি ভাৱিছিলনে ভাগিৰথীয়ে৷ পাচলিৰ দোকানৰ ল’ৰাটোৰ সন্মুখত উৎসাহিত হৈ পৰা মানুহজন ঘৰ আহি এনেকুৱা এটা ৰূপ ধাৰণ কৰিলে কিয়? কৰবাত ভাগিৰথীৰো ভুল হৈছে নেকি? অভিমানী মানুহটোক তাই বাৰু বেছি দূৰলৈ আতঁৰাই দিছে নেকি?
বাইদেউ বেছি একো নিদিব মই ভাত খাই আহিছো৷ বাহিৰৰ পৰা পাচলি দিয়া ল’ৰাটোৱে চিঞৰিলে৷
অ অ _ কৈ তাই গেছৰ ষ্টভটোৰ ওচৰত থিয় দিলে৷ বুকুত হেজাৰটা প্ৰশ্নৰ উকমুকনি _এটা নতুন গল্পৰ সমল তাইৰ বুকুত৷
#সমাপ্ত#

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments