“পৰিবৰ্তন” (মণিমালা শইকীয়া)

ক্ৰিটিং, , ,

ফেচবুকত এটা চিনাকি নামৰ ৰিকুৱেষ্ট নটিফিকেচন৷ মোবাইলটো হাতত লৈ জুৰী শিলপৰা কপৌৰ দৰে থৰ লাগি ৰ’ল বহুপৰ৷ চিনাকি নামটোৰ লগতে বহুবোৰ কথাই জুৰীৰ মনত দোলা দি গ’ল মুহূৰ্ততে৷ কি কৰিব কি নকৰিব ভাবিয়েই বহুপৰ কটালে জুৰীয়ে৷ ৰিকুৱেষ্ট টো ৰাখিব নে নেৰাখে তাক লৈ যেন একপ্ৰকাৰৰ বিবুদ্ধিত পৰিল জুৰী৷ মন আৰু মগজুৰ শীতল যুদ্ধত মগজু হাৰি গ’ল জুৰীৰ৷ ৰিকুৱেষ্ট ৰখাৰ কেই মুহূৰ্তমানৰ পিচতেই আকৌ শব্দ হল “ক্ৰিটিং”৷
“ঐ ক’ত তুমি, লং টাইম ন’ চি!”
কি উত্তৰ দিব জুৰীয়ে, কি ক’ব একো তৰ্কিব নোৱাৰি মেচেজ টো তেনেকৈয়ৈ থৈ দিলে৷ তাৰ পিছত আৰু সিফালৰ পৰা কোনো বাৰ্তা বা প্ৰশ্ন নাহিল৷ বহুদিনলৈ জুৰীয়ে মেচেজটো খুলি চায় অথচ ৰিপ্লাই দিবলে যেন শব্দই বিচাৰি নেপায়৷ আৰু নতুনকৈ কি বুলিনো নিজে মেচেজ দিব৷ লাজ আৰু শংকাই হেচুকি যায় জুৰীক৷ নাই নাই মেচেজ দিব নোৱাৰে তাই, সময় বহুখিনিয়েই পাৰ হল৷ জীৱনত বহুদূৰ আগুৱাই আহিল তাই৷ ফেচবুক খুলিলে জুৰীয়ে এবাৰ চায় তাৰ একাউণ্ট টো, লাইক কৰে তাৰ ষ্টেটাচত৷ কিন্তু কমেণ্ট কৰিবলৈ যেন সাহ বুটলিব নোৱাৰে৷ এনেকৈয়ে আৰু বহুদিন গ’ল৷
কিন্তু মানুহৰ মন জানো সদায় সমবলী হয়৷ এদিন মনটো দুৰ্বল হৈ জুৰীয়ে নিজেই তাক মেচেজ কৰিলে, খা – খবৰ ল’লে৷ এটা যুগৰ পিছত যেন জুৰীয়ে মেচেজতে মন খুলি সকলোবোৰ লিখি গ’ল৷ সিও আশা কৰামতেই কথা পাতিলে জুৰীৰ লগত৷ সি নম্বৰটো দি ক’লে মন গলে ফোন কৰিবলৈ৷
নম্বৰ টো পায়ো জুৰীয়ে দিনটো পাৰ কৰিলে ভাবি ভাবি, কথা পাতিবনে নেপাতে! সন্ধিয়া ফোন কৰিলে জুৰীয়ে৷ ফোনটো ৰিং হৈ থাকোতেও বহুবাৰ ভাবিলে জুৰীয়ে কাটি দিব বুলি, কিন্তু নোৱাৰিলে৷ সিমূৰত “হেল্ল” বুলি কোৱাত জুৰী পুনৰ বাৰ মুক হৈ পৰিল, কি কব কোনে কৈছে কিয় কৈছে ইত্যাদি কথাবোৰ ভাবি ভাবি৷ “হেল্ল, কোৱা জুৰী!” কেনেকৈ জানিলে সি সেইটো তাইৰে ক’ল বুলি, ভাবিয়েই যেন জুৰী লাজত মুচকচ গ’ল৷ তাৰপিছত দুয়ো লানি নিচিগাকৈ অতীতৰ সেই দিনবোৰ সুৱঁৰিলে৷ জুৰীৰ মনলৈ ভাঁহি আহিল তাৰ বায়েকেই ভায়েকৰ প্ৰেম প্ৰস্তাৱ দিয়া মুহূৰ্তটো৷ তাৰ পত্নী ৰুণে বোলে আজিও জুৰীৰ নাম তাৰ মুখত শুণাপালে মুখ ওফণ্ডাই, সি অকপটে কৈ পেলালে৷ সি হেনো জুৰীক কাহানিও পাহৰিব নোৱাৰিলে, হয়তো জুৰী তাৰ প্ৰথম প্ৰেম হোৱা হেতুকে৷ জীৱনত বহুবোৰ ছোৱালীকেই তাৰ ভাল লাগিল, বিয়াও কৰালে ভালপোৱা ছোৱালীজনী ৰুণকে৷ অথচ তাৰ অন্তৰত যেন আজিও জুৰী নামৰ সুৰুঙা এটা ক’ৰবাত ৰৈ গ’ল৷ তাৰ কথাবোৰত জুৰীয়ে নিজৰ বুকুত আকৌ এটা বিষ অনুভৱ কৰিলে৷ তাকোটো পাহৰিব নোৱাৰিলে জুৰীয়ে৷ শেষত সি ক’লে জুৰী তুমি মোক যেতিয়াই মন যায় মেচেজ কৰিবা, ক’ল কৰিবা মই বাটচাম৷
মাজে মাজে জুৰীয়ে তাক মেচেজ কৰে, ফ’ন কৰে৷ নিজৰ, ফেচবুকৰ, চিনাকি বন্ধু-বান্ধৱী, সমাজৰ অনেক কথাই পাতে সিহঁতে৷ সিহঁতৰ পুৰণা মৰমবোৰৰ মাজত যেন বন্ধুত্ব গঢ়ি উঠিছে সিহঁতৰ মাজত৷ কিবা এটা ভাল লাগে জুৰীৰ, তাৰ সৈতে কথা পাতি৷ যদিও সি দেখা মেলা, কাম কাজত সলনি হ’ল; তাৰ মাতটো কিন্তু আজিও একেই আছে৷ বৰ নিষ্পাপ তাৰ মাতটো৷ তাৰ মাতটোক লৈ তেতিয়াও জুৰীৰ দুৰ্বলতা আছিল আৰু আজিও তাৰ মাতটোক লৈ জুৰীৰ একেই দুৰ্বলতা৷ ৷ জীৱনত বহুবোৰ কথাইচোন অপ্ৰকাশ্য হৈ ৰ’ল জুৰীৰ৷ উচিত সময় আহিলে কোৱাৰ আশাত আধৰুৱা হৈ ৰ’ল কথাবোৰ৷
হঠাতে সেইদিনা জুৰীয়ে তাৰ ফেচবুকৰ ৱালত এখন নতুন ফটো আৰু নাম দেখাপালে৷ নতুনকৈ খোলা তাৰ পত্নী ৰুণৰ একাউণ্ট৷ ৰুণে তাক সাবটি জন্মদিনৰ শুভকামনা যাচিছে৷ সিহঁতৰ ফটোখন দেখি যেন জুৰীৰ সম্বিত আহিল৷ নিজকে বৰ দোষী যেন অনুভৱ হ’ল জুৰীৰ৷ কিয় যে তাই তাক মেচেজ কৰিছিল, ফ’ন কৰিছিল! কেনেবাকৈ ৰুণে গম পালে কি যে ভাবিব তাই৷ সিহঁতৰ সুখৰ সংসাৰ খন ভাগি যাব জুৰীয়ে বুজিবলৈ বাকী নেথাকিল৷
লগালগ জুৰীয়ে তাক মেচেজ কৰিলে নিজৰ ভুল স্বীকাৰ কৰি৷ সিহঁত যাতে সদায় কুশলে থাকে তাকে কামনা কৰি প্ৰতিশ্ৰুতি দিলে যে তাই আৰু তাক কাহানিও মেচেজ নকৰে, কল’ নকৰে৷ সিও জনালে যে জুৰীৰ সিদ্ধান্তত একমত৷ সি অৱশ্যে কবলৈ নাপাহৰিলে যে সি সদায় তাইক ভালপায় থাকিব৷ কিন্তু সেই মুহূৰ্তত তাৰ সেই কথাটো জুৰীৰ বৰ অৰ্থহীন যেন বোধ হল৷ ভৱিষ্যত নোহোৱা ভালপোৱা! ! বহুকেইটা জীৱনৰ ভৱিষ্যত ধ্বংস কৰা ভালপোৱা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments