পৰিবৰ্তন (শশাংক মেধি)

ঢলং-পলং খোজেৰে সি ঘৰ পায়হি৷ বাঁহৰ দুৱাৰখনত ভেজা দি চাই ৰয় তাৰ পত্নী ৰিনজিক আৰু পাঁচমহীয়া কেঁচুৱাটোৰে গঠিত সুখৰ সংসাৰখন৷ কেৰাচিন তেলৰ টিপচাকিৰ ঢিমিক-ঢামাক পোহৰত তাৰ পত্নীৰ মুখখন দেখি তাৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল- ছেঃ আজিও দেৰি হ’ল৷
: হাত-মুখ কেইটা ধুই আহ৷ ভাত কেইটা বাঢ়ি দিও- ঘৈণীয়েকে মাত দিলে৷
: তই শোৱা নাই কেলে?
: তোৰ দৰে চিন্তা নোহোৱা নহয়৷ ঘৰখনৰ সকলোলৈ মোৰ চিন্তা আছে৷
: আয়ৈ মোৰ সাদৰীজনী!
সি একেচাটে ৰিনজিক শুই থকা বিছনাখন পায়হি৷ দুয়োৰে শৰীৰৰ ভৰত কেৰ-মেৰাই উঠে ঘূণে খোৱা বিছনাখন৷ দুয়োৰে উশাহবোৰ ঘন হয়৷ লজ্জাবোধ কৰি নুমাই পৰে ইমান সময়ে কোঠাতো পোহৰাই থকা টিপচাকি গছি৷

সি কিমান সময় তাত বহি আছিল ক’ব নোৱাৰে৷ বহুসময় ৰ’দ পৰি থকা তাৰ মুখখন ৰঙা হৈ উঠা দেখি ৰিনজিকে মাত লগালে-
: কি হ’ল? আজি ক’ত দুচুঙা হৰলাং খাবলৈ পাবি তাৰেই চিন্তা কৰা নাই নে?
: নহয় অ’ আজি পিছফালৰ মাটিডৰা চাফা কৰো বুলি ভাবিছো৷ শাক-পাচলি অকণমান…
: হয়নে? তই খেতি কৰিলে হৰলাং কোনে খাব? – তাৰ কথা শেষ নহওঁতেই ঘৈণীয়েকে মাত লগালে৷
: তই ঘৰখনৰ কাৰণে বহুতখিনি কৰিছ ঐ৷ মইহে মতাটো হৈ সদায় হৰলাং বিছাৰি ফুৰো৷ আজিৰ পৰা আৰু নাখাওঁ দে৷
সি সঁচাকৈ অকৰ্মণ্য৷ নিজে ভাবিলে৷ সেয়ে ঘৈণীয়েকে সদায় কেটেৰা-জেঙেৰা মাৰি থাকে৷ তথাপিও আজিলৈ ঘৈণীয়েকক ডাঙৰকৈ কথা এটা কৈ পোৱা নাই৷ তাইক অত্যন্ত ভাল পায় সি৷ ঘৰৰ সকলোবোৰ কাম ঘৈণীয়েকে চম্ভালি লয়৷

ছাৰমেনে কাম-বন নকৰি অনাই-বনাই ঘূৰি ফুৰে৷ সদাই ৰাতিপুৱা ঘৰৰ পৰা ওলাই যায় আৰু ৰাতি দেৰিকৈ ঘৰ সোমায়৷ কেতিয়াবা ঘৰলৈ উভতি নাহে৷ ঘৰলৈ নহা দিনা নিচাৰ কোবত হয়তো আনৰ পিৰালিত শুই থাকে নাইবা ৰাস্তাৰ কাষতে পৰি থাকে৷ লোকৰ ঘৰুৱা ইটো-সিটো কামত সহায় কৰি তাৰ নিজৰ ভাতকেইটা মোকলাই লয়৷ কেতিয়াবা অত্যধিক হৰলাং খাই কাম কৰি দিয়া মানুহঘৰৰ পিৰালিতে পৰি থাকে৷ ঘৰলৈ চিন্তা নাই৷ গাৰ মলিয়ন কানি-কাপোৰবোৰলৈ চাই তাৰ নিজৰ প্ৰতি পুতৌ উপজিল৷ ইমান দিনে এনেকৈ আছিল নে সি? নাই৷ সি আৰু এনেকৈ নাথাকে৷ সলনি হ’ব৷

মাইকত দূৰৈৰ পৰা ভাঁহি অহা মাত শুনি তাৰ মনটো উচপিচাবলৈ ধৰিলে৷ কোনো নেতাই উদ্দাত্ত কণ্ঠেৰে ভাষণ দি আছে৷ গীৰ্জাৰ চোতালত ইলেকচনৰ মিটিং আছে বুলি গাওঁ বুঢ়াই তাক কালি কৈছিল৷ পাহাৰীয়া অঞ্চলটোৰ বাসিন্দা সকলৰ কাৰণে এইকেইটা ভাল দিন৷ বিদেশী সুৰা, কম্বল-আঁঠুৱা, টকা আদি গোটোৱাৰ বাবে কাম-কাজ কাতি কৰি সকলোৱে হিল-দল ভাঙি আহে৷ পাঁচবছৰৰ মূৰে-মূৰে অহা এনেবোৰ দিনলৈ পাহাৰীয়া অঞ্চলটোৰ মানুহবোৰে অধীৰ আগ্ৰহেৰে বাট চাই ৰয়৷
: ঐ ছাৰমেন! কি কৰিছ? -চুবুৰীয়া নিমফাকে মাত লগালে৷
: এহ! মাটিডৰাকে চাফা কৰো বুলি ভাবিছোঁ৷ শাক-পাছলি অকণমান লগাবলৈ…
: মিটিঙলৈ নেযাৱ হ’বলা৷
: এহ! নেযাওঁ দে৷
: দুখন ট্ৰাকত ঢেৰ কিবা-কিবি অনা বুলি ঘৈণীয়ে ক’লে৷ কম্বল দুখন পালে ভাল হয়৷ ঠাণ্ডাৰ দিন আহিলেই নহয়৷ খেতি কালিও কৰিবি, এনে দিন সদায় নাহে…
নিমফাক যোৱা ফালে সি চাই ৰ’ল৷ নাই সি সঁচাকৈ নাযায়৷ সি সৰুৰে পৰা দেখি অহা অঞ্চলটো পৰিবৰ্তন কৰাৰ ভুৱা প্ৰতিশ্ৰুতিবোৰ আৰু নুশুনে৷ ৷ ক’ৰবাত কোনো বিখ্যাত লোকে কোৱা শুনিছিল- “পৃথিৱীখন সলাবলৈ বিছৰাৰ আগতে নিজে সলনি হোৱাৰ প্ৰয়োজন৷” সেয়েহে তাৰ চিৰপৰিচিত অঞ্চলটোলৈ পৰিবৰ্তন অনাৰ আগতে সি নিজে পৰিবৰ্তন হ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments