পৰিষ্কাৰ পৰিচন্নতাই ঈশ্বৰ পৰায়ণতা (১) – অচিন্ত বৰঠাকুৰ

পৰিষ্কাৰ পৰিচন্নতাই ঈশ্বৰ পৰায়ণতা (১)

 

অচিন্ত বৰঠাকুৰ

(১)
জীৱনৰ পুৱতি বেলাত হয়তো আপুনি আৰু আপোনাৰ অভিভাৱকে আপোনাৰ জীৱনকলৈ কিবা কিবি বহুতো সপোন ৰচিছিল, তাৰ লগত সংগতি ৰাখি এটা সময়ত আপুনি স্থিৰ কৰি লৈছিল আপোনাৰ জীৱনৰ লক্ষ্য। কোনোবাই হয়তো চিকিৎসক হোৱাৰ সপোন দেখিছিল, কোনোবাই লক্ষ্য বান্ধিছিল অভিযন্তা হোৱাৰ, আন কোনোবাই সাংবাদিক, কলাকাৰ বা সফল ব্যৱসায়ী হোৱাৰ। কিন্তু মোৰ দৰে পৃথিৱীখনক পৰিষ্কাৰ-পৰিচন্ন কৰি ৰখাৰ ব্যতিক্ৰমী লক্ষ্য লৈ হয়তো জীৱন বাটত কোনো আগবঢ়া নাছিল। কেৱল লক্ষ্যই নহয়, পৰিষ্কাৰ-পৰিচন্নতাই মোৰ জন্মৰ উদ্দেশ্যও ।
মোৰ পিতৃ পৰিচয় মই নাজানোঁ, নাজানোঁ মই মোৰ মাতৃৰ নামো, কিন্তু প্রতিজন মানুহৰে মই অতিকৈ চিনাকি, গাৱেঁ-ভূঞে, চহৰে-নগৰে প্ৰতিখন ঘৰতেই মোৰ বাবে আছে এক বিশেষ স্থান, প্ৰতিখন ঘৰৰেই জীয়াৰী-বোৱাৰীৰ বাবে মই প্ৰাতঃস্মৰণীয়। আপোনাৰ দৰে চৰাইৰ চিঁ-চিঁয়নিত নহয়, প্ৰতিখন ঘৰৰ চোতাল সৰাৰ শব্দত মই সাৰ পাওঁ, সাৰ পাওঁ কোনো নৱ-বিবাহিতাৰ কম্পিত হাতৰ খাৰুৰ শব্দত নাইবা কোনো জামাদাৰৰ কঠুৱা হাতৰ স্পৰ্শত। দেখা পাওঁ কিমান সৌভাগ্যশালী জীয়াৰীৰ হাতৰ তলুৱাৰ ৰেখা, অনুভৱ কৰোঁ ক’ত লখিমী বোৱাৰী বা অনভিজাত সুন্দৰীৰ লাৱনী হাতৰ উমাল স্পর্ষ ! …আৰু অনুভৱ কৰোঁ কিমান লেতেৰা পূৱাৰ পৃথিৱী, পদূলিৰ পৰা পিছ চোতাললৈকে, প্ৰতিখন ঘৰৰ চাৰিবেৰৰ ভিতৰে-বাহিৰে কিমান আবর্জনা, কিমান পেলনীয়া বস্তুৰে ভৰা কদর্য মোৰ চোপাশৰ এই পৰেবেশ! সহ্য নহয় মোৰ। প্ৰতিখন ঘৰতেই পাকঘৰৰ পৰা শৌচাগাৰলৈকে, অতিথিশালাৰ পৰা শোৱনিকোঠা, পিছ বাৰাণ্ডালৈকে সকলোতে মোৰ অবাধ প্ৰবেশ, পৰিষ্কাৰ কৰি যাওঁ প্ৰতিটো ঘৰৰ প্ৰতিটো অপৰিষ্কাৰ অংশ। প্ৰতিখন মজিয়াৰ প্ৰতিটো চুক, প্ৰতিখন বৰচাঙৰ প্ৰতিটো নিভৃত কোণত থকা কোনো জাবৰ, এলান্ধু বা মকৰাজাল সাৰি নাযায় মোৰ দৃষ্টিৰ পৰা। নিজ হাতে সামৰোঁ প্ৰতিটো লেতেৰা উপাদান, উপহাৰ দিওঁ কেৱল পৰিষ্কাৰ-পৰিচন্নতা ।
ঢেকী স্বর্গলৈ গ’লেও বোলে ধান বানিবলৈহে পায়, মোৰ ক্ষেত্রতো একেই কথা খাটে। স্কুল, কলেজ, অফিছ, কাছাৰীৰ সকলোৱেই মোৰ উপস্থিতিৰ বাবে ব্যাকুল হৈ থাকে। ব্যক্তিগত চৌহদৰ পৰা ওলাই এই পৃথিৱীত পৰিষ্কাৰ কৰোঁ মই বহুতো ৰাজহুৱা পথ-পদূলি, কার্যালয় বা তাৰ চৌহদো। কেৱল মাত্র এজন কর্মীৰ সহযোগিতাতে খুচৰি খুচৰি উলিয়াই গাঁতলৈ দলিয়াব পাৰোঁ জাপ জাপ ফাইলৰ কিনাৰে কিনাৰে বহুদিনে আবদ্ধ হৈ থকা অস্পৃশ্য ধূলিকণা বা এলান্ধুসমূহ। দিনটোৰ বিভিন্ন সময়ত মোৰ সৰু দেহাটোৰে কৰি যাওঁ মই কেৱল চাফাইৰ কাম। কোনোদিন শেষ কৰিব নোৱাৰিলেও হাৰ নামানো মই সময়ৰ সোঁতত, পৰিৱেশৰ ওচৰত; পৰিষ্কাৰ-পৰিচন্নতাই যে মোৰ জীৱনৰ লক্ষ্য, আৰু সিয়ে যে ৰিঙিয়াই মাতে মোক এতিয়াও কোনো নেদেখা দূৰত্বৰ পৰা …হাত বাউলি…. এনে লাগে, লক্ষ্য যেন নিচেই কাষত!!
অসন্তুষ্টিও আছে মোৰ বহুতো। মই হেনো অষ্পৃশ্য, মোক স্পৰ্শ কৰি হাত ধোৱে সকলোৱে, ধুই অহা গাত মোৰ স্পৰ্শ লাগিলে পুনৰাই গা-ধোৱা লোকৰ সংখ্যাও তাকৰ নহয় এই ভাৰত বৰিষত। সকলোৱে গা-ধোৱে সদায়, কিন্তু মোক গা-ধুৱাই দিওঁতা কোনো নাই। আনক পৰিষ্কাৰ কঁৰোতে কৰোঁতে লেতাৰা হওঁ ময়ো, কিন্তু মোক পৰিষ্কাৰ কৰাৰ নামত মোক নির্মমভাৱে কেৱল কেতিয়াবা প্ৰহাৰ কৰে কোনোবা কঠিণ খুটাত বা অনিমজ দেৱালত, জাৰি-জোকাৰি বোলে মোৰ গাৰ ধূলি আঁতৰায়, কি আচৰিত! অথচ মই কাৰোবাক প্ৰহাৰ কৰিলে মানুহে তাক গণ্য কৰে চূড়ান্ত অপমানজনক কার্য হিচাপে?! প্ৰতিঘৰ মানুহেই মোক সংগ্রহ কৰি আনে ঘৰৰ এক অত্যাবশ্যকীয় অংগ ৰূপে; বিশাল ঘৰটোৰ বেছি অংশই খালী হৈ পৰি থাকে, অথচ মোক থাকিবলৈ দিয়ে সহজে মানুহৰ চকুত নপৰা পিছহতীয়া চোতাল বা আওহতীয়া বাৰাণ্ডাৰ কোনো বর্জিত কোণত?! অলংকাৰ যদি ৰাণীৰ বাবে গৌৰবৰ কাৰণ, মই বোলে গৌৰবৰ কাৰণ কোনোবা দুখুনী বান্দীৰ বাবেহে?? কি যে এক প্রহসন সাহিত্যৰো! প্ৰতিখন ঘৰতেই মানুহ নামৰ অকৃতজ্ঞ প্ৰাণী বিলাকৰ হাতত সদায় পদদলিত হৈ আহিছে মোৰ প্ৰাপ্য অধিকাৰ, ভূলুণ্ঠিত হৈ আহিছে মোৰ প্রাপ্য মৰ্যাদা।
ঝাড়ু, শোতা, বাঢ়ণি, ব্ৰাছ বা ভেকুৱাম ক্লিণাৰ – যি নাম দিয়েই মোক নামাতক কিয়, প্ৰতিটো নামেই যেন মোৰ প্ৰতি কঢ়িয়াই আনে নিকৃষ্ট ধাৰণাৰে সৃষ্ট একো একোটা চূড়ান্ত অসন্মানজনক সম্বোধন! মানুহ নামৰ জীৱশ্রেষ্ঠ প্রাণীৰ এই পৃথিৱীত মোৰ প্ৰতি যুগ যুগ ধৰি এনে অন্যায় কিয়, মোৰ ইতৰ মগজুৰে হয়তো কেতিয়াও ঢুকি নাপাম!!…….তথাপি মই লক্ষ্যভ্রষ্ট হোৱা নাই পৰিষ্কাৰ-পৰিচন্নতাই মোৰ জীৱনৰ লক্ষ্য, কাৰণ ইয়াৰ বাবেই মোৰ জন্ম। পৰিষ্কাৰ-পৰিচন্নতাই মোৰ জীৱন, মোৰ যৌৱন।
(২)

আপোনাৰ বাৰু ক’ৰবালৈ গৈ থাকোঁতে ৰাস্তাই পদূলিয়ে দেখা পোৱা পোৱা জাননী/ ফলক/ হ’র্ডিং আদি বস্তু বিলাক একোবাৰ পঢ়ি চোৱাৰ অভ্যাস এটা আছে নেকি?! নাই নাই, আপুনি ভবাৰ দৰে আজি মই সেই বিজুলি বাতিৰ খুটাত উঠি গৈ “ইয়াত ৰং দিয়া আছে, নুচুব” বুলি লিখা থকা ফলকখন পঢ়ি অহা ল’ৰাজনৰ কথা ক’বলৈ যোৱা নাই। মোৰ উদ্দেশ্য হৈছে, পৰিষ্কাৰ-পৰিচন্নতাৰ লগত জড়িত এনেধৰণৰ জাননী কিছুমানে কেতিয়াবা কেনেধৰণে আপোনাক বা জাননী জাৰী কৰা কতৃপক্ষক বিপথে পৰিচালিত কৰি বিপদত পেলাব পাৰে, সেই সম্পর্কে আপোনাক এক সম্যক জ্ঞান দিয়াহে । অবশ্যে তাৰ আগত এটা পুৰণিকলীয়া কাহিনী কৈ ল’লে আপোনাৰ বুজাত অলপ সুবিধা হ’ব ।
দ্বাপৰ যুগৰ কথা, এসময়ত এজন মুণিৰ ওচৰত তিনিজন যুৱকে শিক্ষা গ্রহণ কৰিবলৈ আহিল, তেওঁলোকৰ নাম ক্রমে জ্বলা, কলা আৰু চোকা (সন্মানৰ খাটিৰত তেওঁলোকৰ আছল নাম বিলাক সলনি কৰি দিয়া হৈছে)! মুণিয়ে তেওঁলোকক শিক্ষা দিবৰ কাৰণে নিজৰ আশ্ৰমত ৰাখি পাঠ আৰম্ভ কৰিলে। তিনিও যুৱকে মুণিৰ শুশ্রুষা আৰু তৈলমর্দনত আত্মনিয়োগ কৰি শিক্ষা গ্রহণ কৰিবলৈ লাগিল। মুণিৰ প্রথম পাঠ আছিল শিষ্টাচাৰ আৰু নীতিশিক্ষা মূলক। “গুৰু ব্রহ্মা, গুৰু বিষ্ণু, গুৰু সাক্ষাৎ মহেশ্বৰঃ” মুণিয়ে তিনিও ছাত্রক প্রথম মন্ত্র দিলে। মুণিৰ শিক্ষা সৰোগত কৰি প্রতিবাৰ গুৰুক দেখা মাত্রকে তেওঁলোকে কৰযোৰে প্রণাম কৰাৰ অভ্যাস কৰিলে। কালক্রমত “গুৰু ব্রহ্মা, গুৰু বিষ্ণু, গুৰু সাক্ষাৎ মহেশ্বৰঃ” গুৰু বন্দনাৰে দিনটোত হাজাৰ বাৰকৈ তিনিজন ছাত্রৰ মুখে “প্রণাম গুৰুদেব, প্রণাম গুৰুদেৱ”খন শুনি মুণিও কেতিয়াবা অতীষ্ঠ হৈ পৰা হ’ল যদিও নকৰিবি বুলি কৈ প্রাপ্ত সন্মান কণ হেৰুওৱাৰ কথা ভাবিব নোৱাৰা হ’ল। এদিনাখন মুণি প্রাতঃকর্ম কৰিবলৈ গৈ বহু দেৰিলৈকে নোহোৱা হ’ল। তাকে দেখি তিনিওজনে আলোচনা কৰি মুণিক বিচাৰি তিনিফালে ওলাই গ’ল। এসময়ত কলা নামৰ যুৱকজনে মুণিক হাবিৰ মাজৰ এটা কুঁৱাত পৰি ককবকাই থকা অৱস্থাত আবিষ্কাৰ কৰিলে। গুৰু বন্দনাৰে মুণিক প্রণাম কৰি কলাই তেওঁক তাত পৰি থকাৰ কাৰণ সুধিলে। ককবকাই থকা মুণিয়ে আকাৰে ইংগিতে কিবা কয় যদিও তেওঁ ঠিক কি কৈছে বুজিব নোৱাৰি কলাই লগৰ দুজনক চিঞৰি মাতিলে। ক্ষন্তেক পিছতে জ্বলা আহি তাত উপস্থিত হ’ল আৰু মুণিক দেখা পাই গুৰু বন্দনাৰে তেওঁক প্রণাম কৰি আকাৰ ইংগিত বিলাকৰ পাঠোদ্ধাৰ কৰিবলৈ যত্ন কৰিলে। পিছে, তেওঁও বিশেষ একো বুজিব নোৱাৰি চোকা-ক চিঞৰি মাতিবলৈ ধৰিলে। এসময়ত চোকা আহি দুর্ঘটনাস্থলীত উপস্থিত হ’ল আৰু তৎক্ষণাত পৰিস্থিতিটো বুজি ল’লে আৰু লৰা লৰিকৈ হাবিৰ পৰা এডাল মজবুত আৰু দীঘল লতা যোগাৰ কৰি আনি মুণিয়ে ধৰি উঠি আহিব পৰাকৈ লতাৰ এটা মূৰ কুৱাঁৰ ভিতৰলৈ দলিয়াই দিলে। ইতিমধ্যে বাৰে বাৰে পানীৰ মাজত মূৰ উলিওৱা-সুমুওৱা কৰি থকা মুণিক প্রতিবাৰ দেখাতেই গুৰু বন্দনা আৰম্ভ কৰি দিয়া তেওঁৰ দুই বন্ধুক লতাডাল টনাত সহায় কৰিবলৈ কৈ চোকাই লতাডালেৰে সৈতে মুণিক ওপৰলৈ টানিবলৈ ধৰিলে। লেঠা লাগিল এইখিনিতো, জ্বলা আৰু কলাই পানীৰ পৰা উঠি অহা মুণিক দেখা মাত্রকে গুৰু বন্দনাৰ বাবে লতা এৰি হাত যোৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু মুণি গৈ পুনৰ পানীত পৰে। এনেকৈ টুপুং টুপুং কৈ কেবা বাৰো পানীত জোবোৰ খাই খাই মুণিয়ে জ্বলা-কলা দেখিবলৈ লাগিল। অবশ্যে “চোকা” সঁচাই জ্ঞানী যুবক আছিল আৰু কোনোমতে নিজৰ বুদ্ধিমত্তা প্রয়োগ কৰি মুণিক অকলেই পাৰলৈ উঠাই আনিলে, হেচি পুটকি পেটত সোমাই থকা পানী বাহিৰ কৰিলে। লাহে লাহে মুণি সুস্থ হ’ল আৰু ইমান দেৰি গুৰু বন্দনা কৰিব নোৱাৰা বাবে চোকাই মুণিক ক্ষমা খুজি গুৰু বন্দনা আৰম্ভ কৰিলে।
ইয়াৰ পিছৰ দৃশ্যপটত জ্বলা আৰু কলা নামৰ ছাত্র দুজনৰ প্রতি গুৰুৱে কি ব্যৱস্থা ল’লে, সেয়া আপোনাক আৰু মই জনোৱাৰ প্ৰয়োজন নাই নিশ্চয়।
এতিয়া, পুনৰ আহোঁ আচল কথালৈ। পৰিষ্কাৰ-পৰিচন্নতাৰ জাননী ফলকৰ পাঠোদ্ধাৰৰ ক্ষেত্রত আপোনাৰ জ্ঞান যদি জ্বলা আৰু কলাৰ নিচিনা হয়, আপোনাৰ নিচিনা ব্যক্তিৰ বাবে কতৃপক্ষই আচল জাননীখনৰ লগতে আন এখন জাননীও জাৰি কৰি নথ’লে দুয়োপক্ষই অনবৰতে জ্বলা-কলা খোৱাৰ বাদে উপাই নাথাকিব। অন্যথা “TOILET”বা “প্রস্রাৱ কৰা ঘৰ”-বুলি লিখা থকা জাননীখনৰ ঠিক তলতেই মানুহে কামফেৰা কৰিবলৈ ল’লে সদায় পৰিষ্কাৰ-পৰিচন্নতা বর্তি নাথাকিবও পাৰে। এখন জাননী ফলকৰ পৰা লক্ষ্যস্থানলৈ কিমান দূৰত্ব, তাৰ সঠিক জ্ঞান আহৰণ কৰিবলৈ যে কেৱল পাঠ্যক্রমৰ জ্ঞানেই যে যঠেষ্ট নহয়; “চোকা”ৰ দৰে এটি উর্বৰ মস্তিষ্কৰো খুবেই প্রয়োজন; সংশ্লিষ্ট ছবিখনেই তাৰ প্রমাণ ।
ছবিখনত থকা অসমীয়া আখৰেৰে লিখা জাননীৰ ওপৰত চকু নুফুৰোৱালৈকে আপোনাৰ চাগে কথা খিনি বুজাত জ্বলা-কলা লাগিছিল, নহয়নে?!
(৩)
সকলোৱে জানে যে আপুনি এজন সভ্য, ভদ্র আৰু পৰিচন্ন ব্যক্তি; ঘৰে বাহিৰে পৰিষ্কাৰ-পৰিচন্নতাক আপুনি যথেষ্ট গুৰুত্ব দি চলে; নিজে কোনো বস্তু বা স্থান লেতেৰা নকৰে আৰু অপৰিষ্কাৰ বস্তু বা স্থানক আপুনি মনে প্রাণে ঘিণ কৰে। ঘৰলৈ অহা অংশকালীন (PART TIME) বাইজনীৰ চাফাই কামত আপুনি প্রায়ে সন্তুষ্ট হ’ব নোৱাৰে বাবে সময় পালে আপুনি নিজেই ঝাড়ু বা বাঢ়ণি ডাল লৈ ঘৰৰ পদূলি মূখৰ পৰা পিছফালৰ চোতাল, প্রস্রাৱগাৰ, শৌচাগাৰলৈকে সকলোফালে চালে চকু ৰোৱাকৈ পৰিষ্কাৰ কৰি পেলোৱাত নিজে লাগি যায়। ৰাজহুৱা স্থানৰ পৰিষ্কাৰ-পৰিচন্নতাৰ প্রতিও আপুনি যঠেষ্ট সচেতন, পেলনীয়া বস্তু বা কাগজ/পলিথিন/প্লাস্তিকৰ বটল বা টুকুৰা টুকুৰি জাবৰবোৰ আপুনি সদায় “মোক ব্যৱহাৰ কৰক” বা “USE ME” লিখা থকা পাত্রতহে পেলায়।ৰাজহুৱা প্রস্রাৱগাৰ বা শৌচাগাৰ ব্যৱহাৰ কৰি আপুনি সদায় পানী ঢালি থৈ ওলাই আহে, বেছি লেতেৰা যেন দেখিলে আপুনি সেই ধৰণৰ “গাৰ” বিলাক ব্যৱহাৰেই নকৰে আৰু সমাজৰ এচাম লেতেৰা ব্যক্তিক বা চৰকাৰী পক্ষক উধাই মূধাই গুৱাল গালি পাৰি মনৰ খং মনতে মাৰ নিয়ায়।কিন্তু, এই ক্ষেত্রত আপুনি কেতিয়াবা আপোনাৰ ৰাজহুৱা কর্তব্যৰ কথা চিন্তা কৰি চাইছেনে?! দৰাচলতে যি কোনো প্রস্রাৱগাৰ পৰিষ্কাৰ-পৰিচন্ন কৰি ৰখাটো আন কোনো ব্যক্তি/কতৃপক্ষ বা চৰকাৰৰ কাম নহয়, সেয়া একমাত্র আপোনালোকৰেই কাম। ৰাস্তাই-ঘাটে, হাতে-বজাৰে, স্কুল কলেজ চিনেমা হল আদি যি কোনো স্থানত থকা প্রস্রাৱগাৰ বিলাক চাফ-চিকুণকৈ ৰখাৰ দায়িত্বটো আচলতে চৰকাৰে আপুনি নজনাকেই আপোনালোকৰ ওপৰত ন্যস্ত কৰি থৈছে। গতিকে আজিৰ পৰা…….
কথাষাৰ কোৱা বাবে আকৌ আপুনি মোক বেয়া নাপাব, এয়া মই কোৱা কথা নহয়, কথাষাৰ আচলতে শিৱসাগৰ চহৰৰ এখন বজাৰৰ এক ৰাজহুৱা প্রস্রাৱগাৰৰ দেৱালত আপোনালোকলৈ বুলি লিখা লিখনি যেন বোধ হৈ আপোনালোক জনাই দিলোঁ, ইয়াত মোৰ অসৎ উদ্দেশ্য একো নাই।কথাষাৰ যদি আপোনাৰ বিশ্বাস হোৱা নাই, সংশ্লিষ্ট ছবিখন এবাৰ আপুনি নিজ চকুৰে চাই ল’ব পাৰে।

(৪)

পৰিষ্কাৰ-পৰিচন্নতা জীৱন নাটৰ এক অবিচ্ছেদ্য আৰু অনিবাৰ্য অঙ্গ । জীৱনটোক যদি নাটক বুলি ধৰা যায়, পৰিষ্কাৰ পৰিচন্নতা হ’ব সেই নাটকৰ ৰূপসজ্জা বা শৃঙ্গাৰ । একো একোটা নাট্যমূহূর্তৰ লগত খাপ খোৱা এক সুন্দৰ ৰূপসজ্জাই যেনেকৈ একোখন নাটকৰ অভিনেতা/অভিনেত্রী গৰাকীক অধিক আকর্ষণীয় কৰি তোলে, তেনেকৈয়ে পৰিষ্কাৰ-পৰিচন্ন, চিজিল আৰু নিকা ভাৱমূর্ত্তি একোটাইয়ো একোজন ব্যক্তিক জনমানসত বিশেষ ভাবে আকর্ষণীয় আৰু আদর্শ কৰি ডাঙি ধৰে।

অবশ্যে, আন যি কোনো কলাক দর্শকৰ আগত উপস্থাপন কৰোঁতে যেনেদৰে পৰিষ্কাৰ-পৰিচন্নতাক পূর্বচর্ত্ত কৰি লোৱা হয়, জীৱনৰ নাট্যকলা ৰূপায়ণ কৰোতে অবশ্যে তেনেকুৱা কোনো ধৰাবন্ধা নিয়ম নাই । অপৰিষ্কাৰ জীৱন একোটাও কেতিয়াবা কলাত্মক ৰূপ লৈ আকর্ষণীয় হৈ উঠে অথচ নিকা জীৱন একোটাও অসফল আৰু নিন্দনীয় হৈ উঠাৰ উদাহৰণ বিৰল নহয় । ছোঁ-ঘৰত সঠিক ৰূপসজ্জাৰে সজাই পৰাই একোটা লেতেৰা জীৱনৰ লেতেৰা ছবিক পৰিষ্কাৰ-পৰিচন্নকৈ উপস্থাপন কৰিব জানিলেই জনপ্রিয়তাৰ শীর্ষত অৱস্থান লয় সেই নাটকে । সঁছাকৈয়ে বিচিত্র এই মানৱ চৰিত্র , বিচিত্র এই জীৱন নাট । অপৰিষ্কাৰ জীৱন একোটা সফল ভাৱে ফুটাই তোলা চিল্ক স্মিতা, বিদ্যা বালন বা চানী লিয়ন যেন পৰিষ্কাৰ-পৰিচন্ন জীৱন চৰিত্রৰ গৰাকী গান্ধীৰ চৰিত্রত অভিনয় কৰা বেন কিংস্লেইতকৈ অধিক জনপ্রিয় !!

বহুক্ষেত্রত দেখা যায় যে পৰিষ্কাৰ-পৰিচন্ন ব্যক্তিত্বক মূখা হিচাবে ব্যৱহাৰ কৰি কিছুমান লোকে আনৰ পৰা সুবিধা আদায় কৰে । আন কিছুমানে আকৌ চাৰিত্রিক পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখিবলৈ আনক উপদেশ দি নিজে লুকাই চুৰকৈ অপৰিষ্কাৰ অপকর্মত লিপ্ত হয় । তেওঁলোকৰ বাবে জীৱনটো নাটকৰ বাদে অন্য একো নহয় । বিভিন্ন নাট্যমূহুর্তত বিভিন্ন ৰূপসজ্জাৰে তেওঁলোকে এনেদৰে বিভিন্ন চৰিত্রত ভুমূকি মাৰে ।

বহুদিনৰ আগতে কোনোবা এজন বিখ্যাত লেখক(নামটো পাহৰিছো)ৰ এখন উপন্যাসৰ পাটত পঢ়িবলৈ পাইছিলো, ” যিবিলাক মানুহ বাহিৰৰ পৰা দেখিবলৈ অতিকৈ পৰিষ্কাৰ-পৰিচন্ন আৰু শৃঙ্খলাবদ্ধ, তেওঁলোক আচলতে প্রায়েই নিজৰ জীৱনৰ দর্শনত অতিপাত বিশৃঙ্খল, পলায়নবাদী বা অসফল ।”
প্রথম অৱস্থাত উপন্যাসৰ পাতৰ সাধাৰণ “ডাইলগ” বুলি উপেক্ষা কৰিছিলো তেনে উক্তি । জীৱন নাটৰ বহুকেইটা খণ্ড উপভোগ কৰি লাহে লাহে এতিয়ালৈ ঔপন্যাসিকজনৰ কথাষাৰ সঁছা বুলি উপলব্ধি কৰিবলৈ বাধ্য হৈ পৰিছোঁ ।

গাঁও সম্বন্ধীয় খুৰা এজনৰ বদনাম এটা আছিল, হিচাবতকৈও বেছি পৰিষ্কাৰ পৰিচন্ন বুলি । তেখেতৰ চোতালত আৰু গৰুৰ বাবে ঘাঁহ ৰখা এখন বিশেষ ঘাহঁনিত ঘাঁহৰ বাদে বনগুটি এডালো থাকিব নোৱাৰিছিল । জেওৰা, জপনা, চকোৱা আদি ব’বলৈ প্রতিডাল কামি স্কেলেৰে জুখি-মাখি হে কাটিছিল আৰু বওঁতেও তেনেদৰে স্কেলেৰে পোন কৰিহে বৈছিল । খুৰীয়ে ভাজিৰ বাবে পাছলি কুটিলে তেওঁ সন্তুষ্ট নহৈছিল বাবে সদায় নিজে জোখ মাখ কৰি কুটি দিছিল । এবাৰ আনে ধুই দিয়া কাপোৰ তেওঁ পুণৰ বাৰ নিজে পৰিষ্কাৰকৈ ধুই লৈছিল । প্রতিবাৰ চকীত বহোঁতে চকীখনত ফু এটা মাৰি লোৱাটো তেওঁৰ অভ্যাস । নিজকে আৰু ঘৰৰ ভিতৰে বাহিৰে প্রতিটো বস্তুকেই পৰিষ্কাৰ-পৰিচন্ন আৰু শৃঙ্খলাবদ্ধভাৱে ৰখাটো তেওঁৰ বাবে অতি প্রয়োজনীয় কথা আছিল । দিনটোৰ (জীৱনটোৰ!) অধিকাংশ সময় তেওঁ পৰিষ্কাৰ পৰিচন্নতাৰ নামত উচৰ্গা কৰিছিল । কিন্তু দুখৰ বিষয় যে তেওঁ তেওঁৰ ৫জন সন্তানৰ ভিতৰত কাকো নিজৰ দৰে গঢ়ি তুলিব নোৱাৰিলে । তেখেতৰ দুগৰাকী জীয়েকেই অসময়তে ঘৰৰ অমতত একোজন কর্মবিমূখ ডেকা ল’ৰাৰ লগত পলাই গ’ল । তিনিজন পুতেকৰ এজনেও পঢ়া-শুনাৰ জৰিয়তে জীৱনটো শৃঙ্খলিত কৰিব নোৱাৰিলে, সৰু সৰু ব্যৱসায়কেই সম্বল কৰি তাৰে দুজন পৰিয়ালসহ ঘৰৰ পৰা আতৰি গ’ল আৰু আনজনে ব্যক্তিগত খণ্ডৰ এটি সৰু চাকৰি সূত্রে চহৰৰ বাসিন্দা হ’লগৈ । যৌৱনকালত সকলো বয়-বস্তুকেই পৰিষ্কাৰ-পৰিচন্ন আৰু সুশৃঙ্খলিত কৰি ৰাখিব পৰা খুৰাই নিজৰ সংসাৰখন ৰেহা লগাব নোৱাৰিলে আৰু বৃদ্ধ বয়সত খুৰীৰ সতে জীৱন নাটৰ বিৰক্তিকৰ আৰু কষ্টদায়ক শেষাংশৰ অভিনয়ত ব্রতী হ’ব লগা হ’ল ।

চুবুৰীয়া গাৱঁৰ প্রাথমিক বিদ্যালয় খনত দত্ত উপাধিৰ এজন প্রধান শিক্ষক আছিল । শ্রেণীকোঠাত পৰিষ্কাৰ-পৰিচন্নতা আৰু নিয়মানুবর্তিতা বজাই ৰখাত ছাত্র-ছাত্রীসকলৰ অলপো ত্রুতি-বিচ্যুতি হ’লেই তেখেতৰ চেকনি তেওঁলোকৰ গায়ে-মূৰে বিৰামবিহীনভাৱে চলিছিল । তেতিয়াৰ দিনত শিক্ষকৰ বিৰুদ্ধে চৰকাৰী ঘৰত কোনো গোচৰ দিয়াৰ নিয়ম নাছিল । সেয়ে দত্ত ছাৰৰ ভয়ত বহুতো অভিভাৱকে নিজৰ সন্তানক আমাৰ গাৱঁৰ স্কুলতহে নাম লগাই দিয়াইছিল । দত্তছাৰৰ কঠোৰ প্রশাসনৰ কথা প্রায়েই শুনিছিলো আৰু সেই স্কুলত পঢ়া প্রতিজন ছাত্রই ভাল ফলাফল দেখুওৱাবলৈ বাধ্য বুলি ভাবিছিলো । পিছে কালক্রমত দেখা পালো যে সেইখন গাৱঁৰ অতি কম সংখ্যক ছাত্রইহে উচ্চ মাধ্যমিক শিক্ষা সমাপ্ত কৰিব পাৰিলে, যি নগন্য কেইজনে উচ্চ শিক্ষা ল’ব পাৰিলে তেওঁলোক আছলতে নিজ বল-বুদ্ধিৰেই মেধা । দত্ত ছাৰৰ চেকণিৰ কোঢ়া শাসনে গাওঁখনক শেষপর্যন্ত শৃংখলিত বা শিক্ষিত কৰিব নোৱাৰিলে । তেখেতৰ নিজৰ ৩জন সন্তানৰ ২জনেই স্নাতক শ্রেণীত নাম লিখাব নোৱাৰিলে আৰু বিভিন্ন অপ্রীতিকৰ কার্যৰ বদনাম কঢ়িয়াই ফুৰা হ’ল । জীৱন নাটৰ অন্তিম খণ্ডত তেনে এজন শৃঙ্খলাপ্রেমী, পৰিষ্কাৰ-পৰিচন্নতাৰ সাধকৰ কৰুণ অভিনয় সঁছাই মর্মষ্পর্শী ।

এয়া মাথোন দুজন অখ্যাত গাৱঁলীয়া পৰিষ্কাৰ পৰিচন্ন ব্যক্তিৰ কাহিনীয়েই নহয়, বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে পৰিষ্কাৰ পৰিচন্ন বা সুশৃংখল জীৱন বা মতদর্শৰে ইতিহাসৰ পাতত নাম লিখি থৈ যাব পৰা ব্যক্তিৰ ক্ষেত্রতো অলপ অদল-বদল কৰি দিলেই প্রযোজ্য হোৱা সুলভ কাহিনী ।

সমগ্র জগতৰ পৰা অধর্মৰ মলি আতৰাই পৃথিৱীক পৰিষ্কাৰ-পৰিচন্ন কৰিবলৈ যুগে যুগে অৱতাৰ লোৱা সফল অভিনেতা স্বয়ং শ্রীকৃষ্ণ ভগৱানৰ জীৱন নাটকৰ কোনো কোনো অংশ বিশৃংখল । উশৃংখল যদুবংশ নিজৰ মাজৰ কাজিয়াত ধ্বংস হোৱাৰ পিছত শ্রীকৃষ্ণৰ মহাপ্রায়ণ পর্বও জীৱন নাটৰ কৰুণ অংক । জনমানসত সদায় পৰিষ্কাৰ ভাবমুর্ত্তি বর্তাই ৰাখিবলৈ চেষ্টাৰ অকণো ত্রুটি নকৰা শ্রীৰাম ৰামায়ণৰ পাতত “হিৰো” হৈ থাকিল যদিও তেওঁৰ সাংসাৰিক জীৱন বৰ সুখজনক নাছিল । মহাত্মা গান্ধীৰ পৰিচন্ন ব্যক্তিত্ব আৰু সুশৃংখলিত নেতৃত্ব বিশ্ব ইতহাসৰ পাতত চিৰযুগমীয়া হৈ ৰ’ল যদিও তেওঁৰ স্বপ্নৰ ভাৰতবর্ষৰ বিশৃংখলিত ৰূপ তেওঁৰ জীৱনকালৰ শেষ সময়চোৱাত নিজ চকুৰেই দেখি যাব লগা হ’ল । পৰিষ্কাৰ-পৰিচন্ন ভাৱমুর্ত্তি আৰু সফল যেন লগা মোগল সম্রাট আকবৰ বা ছাহজাহানৰো জীৱন নাটৰ শেষ অংশসমূহে প্রমাণ কৰে যে শেষ পর্যন্ত তেওঁলোকে তেওঁলোকৰ দেশ বা নিজৰ পৰিয়াল সমূহো শৃংখলিত বা পৰিষ্কাৰ-পৰিচন্ন কৰি ৰাখিব নোৱাৰিলে । একেদৰে, নিকা ভাৱমুর্তিৰ ৰাজনৈতিক নেতা প্রমোদ মহাজনৰ হত্যাকাৰী ভাতৃ অথবা ড্রাগ্‌ছ নিচাসক্ত পুত্রৰ উদাহৰণো জীৱন নাটৰ তেনে এক কৰুণ খণ্ড । দেশক পৰিষ্কাৰ-পৰিচন্ন কৰাৰ পণ কৰি আগবঢ়া আন্না হাজাৰে অথবা বাবা ৰামদেৱৰ জীৱন নাটৰ শেহতীয়া কোনো কোনো অংশই পুণৰ মনত পেলায় সেই ঔপন্যাসিক জনৰ সেই বিশেষ শাৰীটো , ” যিবিলাক মানুহ বাহিৰৰ পৰা দেখিবলৈ অতিকৈ পৰিষ্কাৰ-পৰিচন্ন আৰু শৃঙ্খলাবদ্ধ, তেওঁলোক আচলতে প্রায়েই নিজৰ জীৱনৰ দর্শনত অতিপাত বিশৃঙ্খল, পলায়নবাদী বা অসফল ।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক