পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (২) -অচিন্ত বৰঠাকুৰ

দেওবৰীয়া বিশেষ

খোৱা-বোৱাৰ ক্ষেত্রত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নীতি নিয়ম সমূহ মানি চলাটো অতি প্রয়োজনীয় কথা । খোৱা খাদ্য, ৰান্ধনীশাল, বাচন-বর্তনকে ধৰি খোৱা-বোৱাৰলগত জড়িত সকলো সামগ্রী আৰু সমগ্র পৰিবেশটো পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাটো সকলোলোকেই কামনা কৰে আৰু তাৰ ব্যতিক্রম হোৱাটো ভাৰতত ধর্মৰ ফালৰ পৰাও ব্যভিচাৰ বুলি গণ্য কৰা হয় । যিহেতু যি কোনো ৰোগ সৃষ্টিকাৰী বাহ্যিক নিযুক্তক(external agent) শৰীৰৰ ভিতৰলৈ প্রবেশ কৰিবলৈ মূখ খনেই আটাইতকৈ ডাঙৰ আৰু সুবিধাজনক পথ, চিকিৎসা শাস্ত্র মতেও খোৱা বোৱাৰ ক্ষেত্রত অপৰিষ্কাৰ পৰিবেশ বা সামগ্রী ব্যৱহাৰ কৰাটো বিভিন্ন ৰোগৰ কাৰক ।

পিছে, খোৱা-বোৱাৰ ক্ষেত্রত এই পৃথিৱীত “পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা “- শব্দকেইটাৰ আঁচল সংজ্ঞাটোকেই বিছাৰি উলিওৱাটো এক অতি কঠিন কাম । সঁচা কথা কবলৈগ’লে, খোৱা-বোৱাৰ ক্ষেত্রত পৰিষ্কাৰ-পৰিচ্ছন্নতাই আইনষ্টাইনৰ আপেক্ষিকতা বাদৰদৰে কিছুমান সন্দেহজনক উপপাদ্য মানি চলে ।
কিছুমান বিশেষ নৃগোষ্ঠীয়লোকে যিবিলাক খাদ্য বস্তু অতি উত্তম বুলি বিৱেচনা কৰে, আপোনাৰ বাবে হয়তো সেয়া আটাইতকৈ অপৰিষ্কাৰ; আকৌ আপোনাৰ বাবে পৰিষ্কাৰ খাদ্য কিছুমান আন কোনোবাই অপৰিষ্কাৰ বুলি গণ্যকৰে । মকৰা, বিছা, সাপ, শামুক, চিকা, নিগনিবা হয়তো আপোনাৰ বাবে অপৰিষ্কাৰ অখাদ্য; লেটাপোক, আমলড়ি টোপ, উইঁচিৰিঙা, ভেকুলি, গৰু বা গাহৰিৰ মঙহ হয়তো আপোনালোকৰ চিনাকি কোনো কোনো লোকৰ বাবেখাদ্য; মাছ, ছাগলী বা কুকুৰাৰ মাংস, কলপছলা, বাঁহগাজ, বিভিন্ন পাছলি আপোনাৰপ্রিয় খাদ্য অথচ আপুনি ইমান দিনে পৰিষ্কাৰ বুলি ভাবি থকা এইখিনি খাদ্যৰেই বেছিভাগ উত্তৰ ভাৰতৰ কিছুমান মানুহৰ বাবে আকৌ অপৰিষ্কাৰ বা অখাদ্য। এইখন ভাৰততেই আকৌ আপুনি খাদ্য বুলি ভাবিব নোৱাৰা ইটা আৰু টিউব লাইটৰ দৰে পদার্থখোৱা মানুহো বিচাৰিলে পোৱা যায় ।

কেৱল মানুহেই নহয়, উদ্ভিদ বা প্রাণী সকলোৱেই কিবা নহয় কিবা প্রকাৰে কিবা কিবি খাদ্য খাই জীৱন নির্বাহকৰে । তেওঁলোকৰ বাবেও খাদ্যবস্তু পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাটো বাধ্যতামূলক ।কিছুমান প্রাণীৰ মল-মূত্র বা কোনো প্রাণীৰ দেহৰ মঙহ ভক্ষণ কৰা প্রাণীবিলাকৰ বাবেও আকৌ খাদ্যবস্তুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সংজ্ঞা অলপ বেলেগ ধৰণৰ ।বাঘে ঘাঁহ নাখায়, গাখীৰত পগোৱা বস্তু গৰুৱে নাখায়, মৃত প্রাণীৰ মাংসভালুকে নাখায়, মেকুৰীয়ে চিকা অথবা কুকুৰে কল নাখায় । বিভিন্ন ধৰণৰভাইৰাছেও কেৱল সিহঁতৰ বংশটোৰ বাবে নির্দ্দিষ্ট কিছুমান জীৱদেহকহে পৰিষ্কাৰ বুলি গণ্য কৰে(?) আৰু কেৱল সেইবিধ জীৱকহে খাদ্য হিচাবে গ্রহণ (আক্রমণ!) কৰে। উদ্ভিদৰ বাবে প্ৰয়োজনীয় আহাৰ, যেনে মাটি , বালি বা খনিজ লৱণ অথবাকার্বন-ডাই-অক্সাইড জাতীয় পদার্থ বিলাক আমাৰ বাবে অপৰিষ্কাৰ অথচ আমাৰ বাবেপৰিষ্কাৰ খাদ্য, লোণ (আয়’ডাইজড চ’ডিয়াম ক্ল’ৰাইড) বহুতো উদ্ভিদৰ বাবে আকৌ অপৰিষ্কাৰ আৰু খাদ্য হিচাবে অগ্রহণীয় ।

ঠিক তেনেদৰে, কাৰোবাৰ ঘৰৰ ৰান্ধনিশালত যিটো পৰিবেশত খাদ্য তৈয়াৰ কৰা হয়, কাৰোবাৰ বাবে সেয়া হয়তো অবৈজ্ঞানিক আৰু অপৰিষ্কাৰ কিন্তু তেওঁলোকৰ বাবে সেয়া পৰম্পৰাগতভাৱে পৰিষ্কাৰ আৰু ধর্মীয় নিয়ম বুলিয়েই যুগে যুগে চলি আহিছে ; তেনেকৈ আপোনাৰ ঘৰৰ খোৱা মেজ বা মজিয়াখন, কলপাত বা কলপতুৱাৰে নির্মিত খোৱাবাচন জাতীয় সামগ্রীবিলাক, নাৰিকলৰ কোৰোকাৰ হেঁতা বা চুঙা চাউল সিজোৱা বাঁহৰ চুঙাটোৱেই আকৌ আন কাৰোবাৰ কাৰনে চূড়ান্ত অপৰিষ্কাৰ ভাৱৰ কাৰক ।

খাদ্যবস্তু আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আপেক্ষিকতাবাদৰ কথাক’বলৈ যাওঁতে আমাৰ লখেন দাইটি ( প্রয়াত লক্ষ্মণ কাকতি)ৰ বৰহোলা ভ্রমণৰ কাহিনীটো ন’কলে লেখাটো আধৰুৱা হৈ ৰ’ব । সত্তৰৰ দশকত গোলাঘাট চহৰৰ পৰা বৰহোলালৈ যোৱা ৰাস্তা বিলাক অতি জঘণ্য ধৰণৰ আছিল । সেই পথেদি চলাচল কৰা বাছবিলাকৰ অৱস্থাও আছিল তথৈৱচ । তাৰে এখনত উঠি লখেন দাইটি এবাৰ বৰহোলাৰ সমীপৱর্তী এখন গাৱঁত অৱস্থিত খুলশালীয়েক/ভনীজোঁৱায়েকৰ ঘৰলৈ গৈছিল । পিছে, সেইদিনা গৈ দাইটিয়ে খুলশালীয়েকৰ ঘৰত কাকো লগ নাপালেগৈ । তাত দাইটিয়ে তেওঁলোকৰ চুবুৰীয়াক সুধি গম পালে যে ভনীজোঁৱায়েকহঁত সপৰিয়ালে যোৰহাটৰ কোনোবা এঘৰত মৰা সকাম খাবলৈ গৈছে আৰু আজি কোনো ঘূৰি অহাৰ সম্ভাৱনা নাই ।দাইটয়ে ৰাতিটো তাতেই থাকি পূৱা ঘৰলৈ ঘূৰি অহাৰ পৰিকল্পনা কৰি গৈছিল যদিও সেয়া লগে লগে নাকচ কৰিলে । ওভটনি বাছৰ সন্ধানত তেখেত খৰধৰকৈ বৰহোলা চাৰিআলিলৈ ঘূৰি আহিল আৰু গম পালে যে প্রথমখন ওভটনি বাছ আহিবলৈ এতিয়াওতিনিঘণ্টামান বাকী ।ইপিনে তেখেতৰ পেটত লাহে লাহে ভোক এটাইয়ো গুজৰি গুমৰিউঠিছে । নিমাও-মাও চাৰিআলিটোত ইফালে সিফালে চাই ৰেষ্টোৰেণ্ট জাতীয় দোকানএখন খোলা অৱস্থাত দেখি চুচুক-চামাককৈ তেওঁ তাতে সোমালগৈ । ভকতীয়া নীতি-নিয়ম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খোৱা বোৱাৰ ক্ষেত্রত চিক-চাক্ গুণ আৰু অলপতে উঠা খংটোৰ বাবে গাঁৱত তেওঁৰ বেছ নাম আছে আৰু সেই বাবেই য’তে ত’তেখাদ্য গ্রহণ কৰাটো তেওঁৰ বাবে অসুবিধাজনক । ৰেষ্টোৰেণ্টত গ্রাহক, মালিক বা মেনেজাৰ জাতীয় কাকো নেদেখিলেও কর্মচাৰী যেন লগা ল’ৰা এজনক দেখি তেওঁ যথেষ্ট সকাহ পালে আৰু তাকে মাতি আনি খোৱা বস্তু কিবা পোৱা হ’ব নেকি সুধিলে ।ল’ৰাজনে পুৰী পাব বুলি ক’লত দাইটিয়ে তাকেই অর্ডাৰ কৰিলে । দাইটিৰ যেন আচল সংকটৰ সময় এইবাৰহে আৰম্ভ হ’ল । ল’ৰাজনে এইবাৰ তেখেতক প্রশ্নৰ উপৰিপ্রশ্ন কৰিবলৈ লাগিল:
-দাইটি ঔ, পুৰী কেইখন খাব?
-দুখন ।
-চব্জী খাব নে নাই?
-খাম ।
-নিমখ দিয়া নে নিদিয়া?
-তহঁতৰ দোকানত নিমখ নিদিয়া চব্জীও পায় নেকি??
-নাপায় বাবেইটো সুধিছো ।
-নিমখ দিয়া চব্জীকেই আন ।
-বগা পিলেট(plate)ত নে হালধীয়া পিলেটত ?
-হেৰৌ, সেইটোনো কি আকৌ?
-নহয় মানে, বগা পিলেট বিলাক আমি ধোঁও, তাত দিয়া পুৰীৰ দাম ইচ্‌পেছিয়েল পুৰী বুলি দামটো ২টকা বেছি হয় ।
-কৃষ্ণ,কৃষ্ণ !!, হেৰৌ তোক কোনে ৰাখিলে কামত?
-মালিকে ৷ মই আগতে ছার্কেছ হাউছ(circuit house)ত কাম কৰা বুলি প্রমাণ দিয়া কাৰণে ফট্‌কে পালো কামটো ।
-কি প্রমাণ দিলি তই? চার্কিট হাউছত কেনেকে কাম কৰিলি তই ?চার্টিফিকেট আনিছিলি নেকি তাৰ পৰা ?
– নাই, সেইবোৰ নাই, এদিন কাম কৰি পলাওঁতেই তাৰ পৰা চামুছ এখন চুৰ কৰি আনিছিলো, সেইখনেই প্রমাণ ।
-উঃ উঃ উঃ প্রভু, ক’ত সোমালো মই!!…… পুৰী, চুৰী নালাগে, তই পাৰ যদি মোলৈ চাহ একাপকে আন ।
-গাখীৰ চাহ নে লাল চাহ?
-গাখীৰ চাহ পায় নে নাই??
-পায় । চাহ কেইচামুচ দিম?
-দুচামুচ
-চেনি দিম নে নাই?
-এচামুচ
-চাহ কিহত খাব ?
-***লা, তহঁতৰ ইয়াত কিহত খায় ছাহ?
-মগত

ইতিমধ্যে গিলাছৰ পৰা চলুচলুকৈ মূৰত পানী লৈও মগজ ঠাণ্ডা কৰি ৰাখিবলৈ সক্ষম নোহোৱা লখেন দাইটিয়ে মাটিত বহি পৰিল আৰু চিঞৰিবলৈ লাগিল:

-ঐ *%*লা…!! তহঁতৰ ইয়াত বাচন-বর্তন, খোৱা নোখোৱা যি যি বস্তু আছে চব লৈআহ,,,,, মোৰ মূৰটোতে চব জাপি দেহি ঐ কোন ক’ত আছ শুনহঁক ঐ…..!!!

– নাই নাই,,,,, ঠগহঁতৰ ঘৰৰ ক’লা কুকুৰটোৱো কালি মৰিল, আজিৰ পৰা চব বাচন মই অকলেই চাফা কৰিব লাগিব বাবে এলাহতে এতিয়ালৈকে একোৱেই ধোৱা নাই,সেইবাৰএতিয়াই আনিব নোৱাৰো ।

কোৱা বাহুল্য মাথোন যেপৰিষ্কাৰ পৰিচ্ছন্নতাত উগ্র বিশ্বাসী, উচ্চ ৰক্তচাপত আক্রান্ত লিখেন দাইটি সেইফালেই ঢলি পৰিল ।
সৌভাগ্যক্রমে অলপ সময়ৰ পাছত ৰেষ্টোৰেণ্টৰ মালিক আহি সেই স্থানত উপস্থিত হ’ল আৰু যথা সময়ত দাইটিক বাছত উঠাই দি দাইটিক সেইবাৰলৈ নিশ্চিত মৃত্যুৰ পৰাৰক্ষা কৰিলে ।

খ) পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ মানুহৰ মনত স্থান , কাল আৰু পাত্রসম্বন্ধে জ্ঞান সঠিক আৰু ধাৰণা পৰিষ্কাৰ হোৱাটো অতি প্রয়োজনীয় । যিবিলাক বস্তুক কোনো বিশেষ ঠাইত , বিশেষ সময়ত অথবা কোনো ব্যক্তি বিশেষৰ বাবে পৰিষ্কাৰ বুলি গণ্য কৰা হয় , সেই একেই বস্তুক আন এক প্রেক্ষাপটত অপৰিষ্কাৰবুলি লেই-লেই চেই-চেই কৰাৰ দৃষ্টান্ত অনেক । সেয়েহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সার্বজনীন সংজ্ঞা নিৰূপণ কৰটো এক অতি কঠিণ কাম । কথাষাৰ বুজি পাবলৈ আপোনাৰ চৌপাশৰ কেইটামান গতানুগতিক দৃশ্যলৈ মনকৰিলেই যঠেষ্ট ।

আলু , পিয়াঁজ বা পাচলি আপোনাৰ পাকঘৰৰ বাবে অতি প্রয়োজনীয় সামগ্রী আৰু ইহঁতক পাকঘৰৰ এক পৰিষ্কাৰ স্থানত ৰখাৰ নিয়ম আছে আপোনাৰ ঘৰত । কিন্তু সেই একেই সামগ্রী সমূহক যদি আপোনাৰ শোৱনি কোঠা বা চ’ৰাঘৰত দীর্ঘ সময়ৰ বাবে ৰাখিলে আপোনাৰ মন খং আৰু অস্বস্তিৰে ভৰি পৰে । অর্থাৎ আলু , পিয়াজ , ধনিয়া বা খৰিছা আপোনাৰ ঘৰৰ চাৰিবেৰৰ মাজতেই বেলেগ বেলেগ স্থানত পৰিষ্কাৰ বা অপৰিষ্কাৰ , দুই ধৰণে গণ্য কৰা হয় । ঠিক তেনেকৈ ঘামচি পাউদাৰ , চাবোন , ফণি , ফুলদানি , সদায় চেম্পু দি গা ধুৱাই চাফ চিকুণ কৰি ৰখা “টমি” বা “ৰকি” , আনকি ফটফটীয়া খোৱা পানী কণো স্থান ভেদে অপৰিষ্কাৰ বুলি গণ্য কৰা হয়আপোনাৰ ঘৰতেই ।
আকৌ , গুছাই পেলোৱাৰ পাছত আবর্জনা বুলি ভবা অমিতাৰ বাকলি খিনি অমিতাটোৰ গাত লাগি থকালৈকে পৰিষ্কাৰেই আছিল , স্থান পৰিবর্তনৰ ফলত মূহুর্ততে সেয়া হৈ পৰিল অপৰিষ্কাৰ । বিয়া ঘৰৰ খোৱা মজিয়া/মেজত পৰিষ্কাৰপৰিচ্ছন্নকৈ পৰিবেশন কৰা সুস্বাদু মাংস তৰকাৰী খনৰ আধা বাতি মাত্র আপোনাৰ ২ বছৰীয়া সন্তানটিয়ে আপোনাৰ শ্রীমতীৰ পাটৰ চাদৰ খনলৈ স্থানান্তৰিত কৰাৰ ফলতযি অঘটন ঘটে , সেয়াও পৰিষ্কাৰ পৰিচ্ছন্নতাৰ স্থান সম্পর্কীয় বাচ-বিচাৰৰ বাদেআন একো নহয় ।

কাল বা সময়েও পৰিষ্কাৰক অপৰিষ্কাৰ অথবা অপৰিষ্কাৰক পৰিষ্কাৰ কৰি তুলিব পাৰে । পৰিষ্কাৰ এৱাঁ গাখীৰ ৩/৪ দিনলৈকে হয়তো পৰিষ্কাৰদৈ হিচাবে সমাদৃত হ’ব , ২০ দিনৰ পাছত সেয়া কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কোনো সূত্রতেই প্রৱেশযোগ্য হৈ নাথাকিব । এসপ্তাহৰ বাহী ভাত অপৰিষ্কাৰ , কিন্তু২মাহৰ পাছতো তাৰ পৰা তৈয়াৰী ৰহী বা সাঁজ পানীক পৰিষ্কাৰ বুলি গণ্য কৰেবহুতে । তথাকথিত অস্পৃষ্যতাৰ সৈত্যে বর্ণহিন্দুৰ লোকে একেখন মজিয়াতে বহি ভাতখোৱাৰ দৃষ্টান্ত এই ভাৰতবৰ্ষত কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত কালৰ প্রভাৱৰ বাবেই সম্ভৱ হৈছে । ঠিক তেনেধৰণে , আজি আপুনি পৰম তৃপ্তিৰে উদৰস্থ কৰাতিনিওসাজ আহাৰক ৰাতিটো কালৰ নিষ্ঠুৰ গতিৰ প্রভাৱত পৰিবলৈ দি কাইলৈ ৰাতিপুৱা পৰিষ্কাৰ নে অপৰিষ্কাৰ – কোনটো শিতানত অন্তর্ভুক্ত কৰাব , সেই সিদ্ধান্ত আপোনালৈ থ’লো ।

তেনেকৈ , পাত্র বিশেষেও খাদ্য , পিন্ধা কাপোৰ-কানি, আহিলা-পাতি অথবা স্থান পর্যন্ত পৰিষ্কাৰ বা অপৰিষ্কাৰ বেলেগ বেলেগ দুটা শ্রেণীৰ অন্তর্ভূক্ত হৈ পৰে । এজনৰ অন্তর্বাস আনজনৰ কাৰণে , এজনৰ খোৱা পাটৰ মকৰা ঠেঙৰ ভাজিখনে আনজনৰ পাটৰ শুকান গোল নেমুৰ টুকুৰাটোতকৈ বেছি পৰিষ্কাৰ আখ্যা পাব পাৰে । জি.এছ. ৰোডত আটোম টোকাৰিকৈ সজাই ৰখা মিণ্টবাৰ খন কাৰোবাৰ বাবে পৰিষ্কাৰ যদিও আপোনাৰ কাৰণে দেখোন যোৱা মাহৰ পৰাচূড়ান্ত অপৰিষ্কাৰ । সেয়া পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত কাল আৰু পাত্রৰ প্রভাৱ নহয় জানো !

কথাটো হয়তো আপোনাতকৈ (বা মোতকৈও) আগত কোনো কোনো চৰকাৰী নিকায়ে গমি পিটি চালে , আৰু তাৰ ফলশ্রুতিতেই চিত্রত দেখুওৱাৰ ধৰণে কিছুমান পৌৰ নিকায়ে কিছুমান জাননী জাৰি কৰি আজৰি হ’ল । অৱশ্যে চিত্রত দেখুওৱাজাননীত “য’তে ত’তে” আৰু “যেতিয়াই তেতিয়াই” শব্দাংশই স্থান আৰু কালনির্দ্দেশ কৰিছে যদিও পাত্র বুজাবৰ বাবে “যিয়ে সিয়ে” শব্দাংশ অন্তর্ভুক্ত নোহোৱাটোৱে বহুতো লোকক শলঠেকত পেলোৱাৰ সম্ভাৱনা আছে ।

এইখিনিত আমাৰ সহপাঠী গঁড় (চদ্ম নাম)ৰ দ্বাৰা স্কুলৰ বাইদেউ সকলৰ মাজত মধুৰিআম বিতৰণৰ কাহিনীটোও প্রাসংগিক । আছলতে মধুৰিৰ ‘চিজন’ত সি সদায় স্কুলত বিলাবলৈঅনা মধুৰি বিলাক পাৰোঁতে য’ত সৰি পৰে , সেয়া স্থান আৰু পাত্র হিচাবেৰে গঁড়বা তাৰ পৰিয়ালৰ লোক সকলৰ বাবে অপৰিষ্কাৰ , কিন্তু সেই বিলাক তাৰ পৰা উঠাই অনাৰ লগে লগে নজনা সকলৰ বাবে খাদ্যোপযোগী , সুমিষ্ট তথা পৰিষ্কাৰ ফল ।আচলতে মধুৰি জোপা গঁড় হঁতৰ পিছফালৰ ঢকুৱাৰ বেৰা দিয়া সেই .“থাওক দিয়ক ,,, খাব জানিলে চাউলেই চিৰা নহয় জানো ?!

গ) আমাৰ দেশ ভাৰতবর্ষত প্রাচীন কালৰে পৰাই পৰিষ্কাৰ-পৰিচ্ছনতা ক ওতঃপ্রোত ভাৱে আধ্যাত্মিকতাৰ লগত জড়িত বুলি ভবা হয়। এই দেশত পৰিষ্কাৰ পৰিচ্ছনতাক ঈশ্বৰ পৰায়ণতা বুলি বিশ্বাস কৰা হয় । অদৃষ্টক ইশ্বৰ, আল্লা, গড্‌, ৱাহেগুৰু বাযি সম্বোধনেৰেই মতা নহওঁক বা যি পন্থাৰেই নেদেখাজনৰ ওচৰত সেৱা জনোৱা নহওঁক কিয়, তেৰাৰ ওচৰ চাপিবলৈ পৰিষ্কাৰ পৰিচ্ছনতাক প্রথম প্রয়োজন বুলি ভবা হয়এইখন দেশত । ভাৰতীয় সভ্যতাৰ মতে সঁচা হৰিভকতিত তন (অর্থাৎ শৰীৰ) আৰু মন দুয়োটা পৰিষ্কাৰ হোৱাটো অতি প্রয়োজনীয়, ইয়াত অপবিত্রতাৰ কোনো স্থান নাই।

এইখন দেশত মন্দিৰ, নামঘৰ বা দৌল-দেৱালয় আদি ধর্মীয় স্থানবিলাকত প্রৱেশৰ বাবে স্নানাদি কৰি ধূতি কাপোৰ পিন্ধি অহাটো একপ্রকাৰ বাধ্যতামূলক , সেইবিলাক স্থানত জোতাৰ প্রৱেশো প্রায়েই নিষিদ্ধ বুলি জনাযায়। পূজাঘৰত তন-মনৰ উপৰিও পূজাৰ বাবে অনা প্রসাদ বা অন্যান্য অনুপানবিলাকক পৰিষ্কাৰকৈ পৰিৱেশণ কৰাত যথেষ্ট গুৰুত্ব প্রদান কৰা হয় ।ফুল, তুলসী, দুবৰি বা বেলপাত খিলালৈকো পানী একোচাটি মাৰি পবিত্র কৰিহে ভগৱানৰপূজাৰ বাবে আগবঢ়োৱা হয় । ঈশ্বৰ পূজণৰ সময়ত মানৱ দেহৰ যিবিলাক অংশকঅপবিত্র বুলি ধৰা হয় আৰু তেনে অংশ বিলাকক যিমান পাৰি সিমান আঁতৰ কৰি বাঢাকি-ঢুকি ৰাখি কাম চলোৱা হয় । কোনো কোনো ধর্মীয় কার্যৰ অন্তত প্রসাদ বাআহাৰ বিতৰণৰ সময়ত ধর্মীয় নিয়ম মতে বিলনীয়া (বা দেউৰী)য়ে মূখত বা মূৰতকাপোৰ বান্ধি লোৱাটোও পৰিষ্কাৰ পৰিচ্ছনতা ৰ প্রতি সজাগতাৰেই উদাহৰণ ।

যত্র জীৱ তত্র শিৱ বুলি প্রতিটো জীৱকেই ভাৰতত ভগৱানৰ একোটি ক্ষুদ্র ৰূপবুলি মানি চলা হয় । কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰিকৰিবা প্রণাম: সেয়েহে অভ্যাগতক, জ্যেষ্ঠজনক বা কাৰোবাৰ গাত ভৰি লাগিলেতেখেতক ভগৱানৰ নাম স্মৰণ কৰি সেৱা জনোৱাটো এই দেশৰ প্রচলিত নিয়ম । মৃতলোককো এই দেশত ভগৱান বা দেৱতাৰ মর্যাদা দিয়া হয় আৰু তেওঁলোকৰ মৃতদেহকসৎকাৰ কৰাৰ সময়ত বা পাছতো সেই মৃতকৰ কায়বিহীন আত্মাৰ (মৃতক দেৱতাৰ) পূজনৰবাবে পৰিষ্কাৰ পৰিচ্ছনতা ৰ নীতি-নিয়ম বিলাক কঠোৰ ভাৱে মানি চলা হয় ।সেয়েহে কবৰস্থান বা শ্মশান বিলাক পৰিত্যক্ত যেন লাগিলেওএই দেশৰ মানুহে জ্ঞাতসাৰে সেই স্থান বিলাক অপবিত্র কৰাৰ চেষ্টা নকৰে ।

এইখন দেশত পঢ়াশালি বা নিজ নিজ কর্মক্ষেত্র বিলাককো মন্দিৰৰ লগত তুলনা কৰা হয় ।ইয়াত কর্মই ধর্ম বুলি স্বীকৃত । সেয়ে সকলোৱে নিজ নিজ কর্মক্ষেত্র বিলাকক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্ব আৰোপ কৰে । ব্যৱসায়িক প্রতিস্থানবিলাকতো গ্রাহকক দেৱতা বুলি মানি চলাৰ প্রথা প্রচলিত এই দেশত আৰু সেই বাবেইএনে প্রতিস্থান বিলাকতো পৰিষ্কাৰ পৰিচ্ছনতা ৰ প্রতি কাঢ়া নজৰ ৰখা হয় ।

যিখন দেশৰ হৰিভকতি বা আধ্যাত্মিক ক্ষেত্রখনত এনেদৰে চলি অহাপৰিষ্কাৰ-পৰিচ্ছনতা ৰ এনে বহুতো নীতি-নিয়ম দেশৰ পৰম্পৰাত পৰিণত হৈ পৰিল, সেই একেখন দেশতে কিন্তু অপৰিষ্কাৰআৰু অপৰিচ্ছন্ন অপৰিচ্ছন্ন তন, মন আৰুপৰিবেশ অতি সহজলভ্য । আনকি ধর্মীয় অনুস্থানৰ চৌহদতেই এনে অপৰিষ্কাৰমনোভাৱৰ লোকে পৰিষ্কাৰ পৰিচ্ছনতা ৰ নীতি নিয়ম সমূহ উলংঘণ কৰিবলৈ চেষ্টা কৰাপৰিলক্ষিত হয় । যিখন দেশৰ লোকে ধর্মানুস্থানত প্রৱেশৰ সময়ত নিজৰ জোতা-চেণ্ডেল খুলি বাহিৰতে ৰাখি যায়, সেই একেখিনি লোকৰ মাজৰে কিছুমানে আকৌএকেটি চৌহদতে পৰিষ্কাৰ-পৰিচ্ছনতা ৰ কথা পাহৰি বায়ু, পানী আৰু মাটিৰ ব্যাপক প্রদূষণৰ সৃষ্টি কৰে । মন্দিৰৰ বন্ধ গৃহৰ ভিতৰত জ্বলোৱা ধূপ আৰু চাকিৰ ধোঁৱাই কেতিয়াবা সৃষ্টি কৰা শ্বাসৰূদ্ধকাৰী পৰিবেশক পৰিষ্কাৰ বুলি কোৱাটো কঠিন হৈ পৰে ।প্রসাদ বা আহাৰৰ উচ্ছিস্ত অংশ, ধূপ-চাকি বা মমৰ বর্জিত অংশ অবিন্যস্তভাৱে ধর্মানুস্থানৰ গর্ভ গৃহ বা চৌহদত নিক্ষেপ কৰি মাটি আৰু জলপ্রদূষণ কৰা কার্য ঈশ্বৰ পৰায়ণতাৰ প্রচলিত মতবাদৰ প্রতি একো একোটা শক্তিশালী বিৰূদ্ধাচৰণ । ঠিক তেনেকৈ, পূজন-অর্চনৰ পাছত পূজাৰ বিভিন্ন সামগ্রী আৰু বিগ্রহ সমূহ নদীৰ পানীত নিক্ষেপ কৰাৰ ফলত পানীত মিহলি হৈ পৰাবিভিন্ন ৰাসায়ণিক সামগ্রী সমূহে সময়ে সময়ে পানীৰ যি ব্যাপক প্রদূষণৰসৃষ্টি কৰে, সেয়াও ঈশ্বৰ পৰায়ণ লোকসকলৰ দ্বাৰা হোৱা অপৰিষ্কাৰ কার্য ।বিভিন্ন স্থানত হোৱা কেইবাদিনো জোৰা অবিৰত ধর্ম পুথি পাঠ বা অবিৰত নামকীর্তন অথবা পূৱা বেলি ওলোৱাৰ ঠিক আগৰ পৰা দিনটোত কেইবাবাৰো কৰা মছজিদৰ নামাজ পাঠৰ কার্য বিলাকত উচ্চস্বৰে বজোৱা মাইকৰ শব্দই ওচৰ-পাজৰৰ লোকক দিয়া আতিশয্যক শব্দ প্রদূষণ হিচাবে ল’লে ঈশ্বৰ পৰায়ণতাত অপৰিষ্কাৰ কার্যৰঅন্তর্ভূক্তি বুলিব পাৰি ।

বিভিন্ন মন্দিৰ, ধাম বা মছজিদৰ প্রংগণৰ পৰা কিছুমান লোকে ঈশ্বৰ চর্চাৰ লগতে কেতবোৰ অপৰিষ্কাৰ/অসামাজিককার্য চলাই থকাৰ বাতৰিও মাজে মাজে পঢ়িবলৈ পোৱা যায় এই দেশৰ বাতৰিকাকতসমূহত । ভক্তৰ ঈশ্বৰ পৰায়ণতাৰ সুযোগ লৈ ধর্মীয় অনুস্থানৰ জৰিয়তে প্রচাৰ কৰা উগ্র মৌলবাদী ভাৱধাৰা পৰিষ্কাৰ পৰিচ্ছনতাৰ অংগ নহয় ।তীর্থযাত্রী বা হজী সকলক বিভিন্ন সময়ত বা বিভিন্ন স্থানত পাণ্ডা বা দালাল জাতীয় লোকে বিভিন্ন প্রকাৰে ব্যতিবস্ত কৰি পেলোৱা কার্য ভক্তৰ ঈশ্বৰপৰায়ণতাৰ প্রতি ভাবুকিস্বৰূপ । এইখন দেশতেই কোনোবা সময়ত খাদ্য, কাপোৰ আৰুবাসস্থানৰ লোভ দেখুৱাই বিদেশৰ পৰা অহা এচাম বুদ্ধিমান লোকে তেওঁলোকৰ নিজৰপন্থাৰ জৰিয়তে মানুহক ঈশ্বৰ পৰায়ণ কৰিবৰ চেষ্টা কৰিছিল আৰু এনেধৰণে ধর্মান্তৰকৰণত বহু পৰিমাণে সফলো হৈছিল । নিঃসহায় লোকক সেইসময়ত কৰা ধর্মান্তৰকৰণৰ এনে প্রচেষ্টা বিলাকক পৰিষ্কাৰ ঈশ্বৰ পৰায়ণতা বুলি কোনোপধ্যেই মানি ল’ব নোৱাৰি ।

চৰকাৰী শিক্ষা প্রতিস্থান বা কার্যালয়সমূহত সাধাৰণতেই দেখা পোৱা যায় অপৰিষ্কাৰ অপৰিচ্ছন্ন পৰিবেশ । স্কুল-কলেজৰ চৌহদত পোৱা বিভিন্ন গুটখা বা মর্টন-চকলেট বা চিগাৰেটৰ খালী পেকেট, কার্যালয়ৰ ভিতৰৰ জাপ-জাপ ফাইলৰ কাষে কাষে পোৱা ধূলি আৰু এলান্ধুৱে প্রমাণকৰে কর্মকেই ধর্ম বুলি ব্যাখ্যা কৰা দেশ খনৰ এচাম লোকৰ অপৰিষ্কাৰ অপৰিচ্ছন্ন মনোভাৱ ।

এইখিনিতে আমাৰ সহপাঠী গঁড়(ওৰফে গণেশ কোঁৱৰ)এ বিদ্যামন্দিৰত (অর্থাৎ আমাৰ পঢ়াশালিত) সৃষ্টি কৰা পৰিষ্কাৰ পৰিচ্ছনতা সম্পর্কীয় এটি কাহিনী উল্লেখ কৰিবলৈ মন গৈছে ।
এদিন স্কুলৰ পৰা অহাৰ পাছত গড়ঁৰদেউতাকে লক্ষ্য কৰিলে যে গঁড়ৰ মুখত আজি এটা বিশেষ ধৰণৰ মিচিকিয়া হাঁহিলাগি আছে । তেওঁ গড়ৰ সেই মিচিকিয়া হাঁহিটোৰ ৰহস্য উলিয়াবলৈ তাক কেইবাবাৰো পেৰি পেৰি সুধিব লগা হ’ল । শেষত গঁড়ে যেনিবা মুখ খুলিলে ।
– আজি হে’ড ছাৰে আমাৰ শ্রেণীৰ সকলোকে থিয় কৰাই প্রশ্ন এটা সুধিলে ।
– অঁ । কোনোবাই শুদ্ধ উত্তৰ দিব পাৰিলে নে নাই?
– নাই, ক’ৰ পৰা পাৰিব? উত্তৰটো অকল মই হে জানো ।

কোনোবছৰেই সকলো বিষয়তে একেলগে পাছ কৰি নোপোৱা (Duly passed) গঁড়ৰ মুখত দেউতাকে এনে এক আচৰিত কথা শুনি তবধ মানিলে । শ্রেণীৰ কোনেও নজনা কথা এটা তেওঁৰ ল’ৰাই জানে বুলি তেওঁৰ বুকু দুই ইঞ্চিমান ফুলি উঠিল । তেওঁৰ ল’ৰা যে এইবাৰ শ্রেণীটোৰ ভিতৰতেই প্রথম হ’ব তাত তেওঁ নিশ্চিত হৈ পৰিল ।

– কি সুধিছিল নো হে’ড ছাৰে?
– “স্কুলৰ মহিলা প্রস্রাৱগাৰত কোনে শৌচ কৰিলে?”
– তই জান তাৰমানে? কি ক’লি পিছে??
– একো ন’কলো, কৈ মৰিলেহে হ’ব ।

গঁড়ৰ দেউতাকে তাক আৰু একো নুসুধিলে, বেৰৰো কাণ থাকে বোলে, চকু নাথাকিলেই হয় !!

এইখনেই মোৰ দেশ, য’ত পৰিষ্কাৰ পৰিচ্ছনতাক ঈশ্বৰ পৰায়ণতা বুলি কোৱা হয়, কিন্তু সুযোগ পালেই তাক ভঙ্গ কৰা হয় । দেশত পৰিষ্কাৰ মানসিকতাৰ লোকৰসংখ্যা তাকৰ হ’লেও তেওঁলোকৰ আধিপত্য আৰু আদৰ সদায় শীর্ষত । স্থান ভেদে ফুমাৰি ভাত খাব পৰা পৰিষ্কাৰ পৰিচ্ছনতা আৰু দুর্গন্ধত উশাহ ল’ব নোৱাৰাঅপৰিষ্কাৰ পৰিৱেশ এই দেশতেই পোৱা যায় । পুৱা শুই উঠি প্রথমে প্রথমে চাফাইৰ কাম কাজত লগা মানুহৰ দেশ এইখন । এহাতে যেনেকৈ বাহি মুখ বা বাহি গাৰে আহাৰ গ্রহণ নকৰা পৰম্পৰা প্রচলিত, আনহাতেদি ফৰিং,কেঁচু, কুমতি বা তাতোকৈয়ো নিম্নশ্রেণীৰ জীৱক আহাৰ হিচাবে গ্রহণ কৰাটোও কোনো কোনো স্থানত পৰম্পৰা ।পৰিষ্কাৰ-পৰিচ্ছনতাৰ সংজ্ঞা স্থান-কাল-পাত্র ভেদে বেলেগ বেলেগ হ’ব পাৰে, কিন্তু এই দেশৰ সভ্যতাত, ধর্মত, প্রতিজন নাগৰিকৰ দেহৰ প্রতিটো অংশত পৰিষ্কাৰ পৰিচ্ছনতাৰ চানেকী বিৰাজমান । এই দেশ মোৰ দেশ ।

ঘ) আমাৰ দেশ ভাৰতবর্বষ প্রচীন ঐতিহ্যৰ দেশ । ইয়াত পৰিষ্কাৰ পৰিচ্ছনতাক অতি প্রয়োজনীয় কথা বুলি ভবা হয় । প্রাচীন কালৰ পৰা দেশখনত পৰিষ্কাৰ পৰিচ্ছনতাৰ লগত ধর্মীয় অনুভূতি জড়িত হৈ আছে । অতীজত দেশখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰি বিভিন্ন ধর্মীয় অথবা ৰাজ আজ্ঞা যোগে বিভিন্ন সময়ত ৰাইজৰ মাজত প্রচাৰ চলোৱা হৈছিল । বর্তমান যুগতো বিভিন্ন চৰকাৰী বিজ্ঞাপন যোগে বিভিন্ন স্বাস্থ্যজনিত কাৰণ বা মানব জাতিৰ ওপৰত প্রদূষণৰ কূপ্রভাৱৰ দোহাই দি জনসাধাৰণক অপৰিষ্কাৰ পৰিবেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈ বাৰে বাৰে বাৰে অনুৰোধ জনোৱা হয় ।

দেশখনত বেলেগ বেলেগ সময়ত আৰু বেলেগ বেলেগ স্থানত পৰিষ্কাৰ পৰিচ্ছনতা বজাই ৰাখিবলৈ বিভিন্ন সমাজ সচেতন সংগঠণ তথা ব্যক্তিয়েও অহোপুৰোষার্থ কৰা পৰিলক্ষিত হয় । ভৌগোলিক ভাবে বৃহত্তৰ হোৱা বাবে এই দেশত পৰিষ্কাৰ পৰিচ্ছনতা বর্তাই ৰখাৰ নামত চৰকাৰেও বহুতো বিষয়া-কর্মচাৰী আৰু বিভিন্ন ধৰণৰ যন্ত্র পাতি নিয়োগ/প্রয়োগ কৰি বছৰি এক বুজন পৰিমাণৰ ধন ৰাজকোষৰ পৰা উলিয়াই দিয়ে । দেশত পৰিষ্কাৰ পৰিচ্ছনতা বর্তাই ৰাখিবলৈ এই ধৰণৰ প্রচেষ্টা বিলাক অতি জৰুৰী ।

পৰিষ্কাৰ পৰিচ্ছনতাৰ ক্ষেত্রত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন সময়ত আৰু বিভিন্ন স্থানত বিভিন্ন সজাগতা সভা আৰু বিভিন্ন জাননী জাৰী কৰা দেখা যায় । পৰিষ্কাৰ পৰিচ্ছনতাৰ লগত জড়িত এনেধৰণৰ জাননী বিলাকৰ এক স্বকীয় বৈশিষ্ট আছে । পৰিষ্কাৰ পৰিচ্ছনতা বর্তাই ৰাখিবলৈ এই ধৰণৰ জাননী বিলাকৰ প্রকৃত পাঠোদ্ধাৰ কৰিব জনাটো অতি জৰুৰী ।

এই জাননী বিলাক সাধাৰণতে অপৰিষ্কাৰ স্থানত লগোৱা হয় অথবা জাননী লগোৱাৰ পিছৰ পৰাই তাৰ আষ-পাষৰ অঞ্চল বিলাক অপৰিষ্কাৰ হ’বলৈ আৰম্ভ কৰে । আমাৰ দেশত এই জাননী বিলাকৰ আক্ষৰিক আৰু ব্যৱহাৰিক অর্থৰ মাজত কুমেৰু-সুমেৰুৰ প্রভেদ থাকে । তলত পৰিষ্কাৰ পৰিচ্ছনতাৰ লগত জড়িত জাননী বিলাকত উল্লেখ থকা কেইটামান জনপ্রিয় আৰু বহুল প্রচাৰিত বাক্য আৰু তাৰ বিষয়ে জনসাধাৰণৰ দ্বাৰা নির্নীত ব্যৱহাৰিক অর্থ উল্লেখ কৰা হ’ল । অবশ্যে এই ব্যৱহাৰিক অর্থসমূহ সম্পূর্ণ অনানুস্থানিক আৰু সকলো ঠাইতে সমানে ব্যৱহাৰ হোৱাৰ কোনো গেৰাণ্টি নাই ।

জাননী- ইয়াত জাৱৰ জোঠৰ নেপেলাব ।
ব্যৱহাৰিক অর্থ- ইয়াত বহুতো লোকে জাবৰ জোঠৰ পেলায় (আৰু ময়ো পেলাব পাৰোঁ ।)

জাননী- জাৱৰ জোঠৰ পেলাই পৰিবেষ প্রদূষিত নকৰিব ।
ব্যৱহাৰিক অর্থ- ইয়াত বহুতো লোকে গেলা পঁছা জাবৰ পেলায় (মই পেলাবলগীয়া ইমান অকণমান জাবৰে কিহৰ পৰিবেশডাল প্রদূষিত কৰিব ? গতিকে আজিলৈ……..। )

জাননী- ইয়াত জাবৰ পেলালে আইনমতে দণ্ডণীয় হ’ব ।
ব্যৱহাৰিক অর্থ- ইয়াত মানুহে দেখাকৈ এতিয়াই জাবৰ পেলাব নোৱাৰি,,,,,( নিশা দেৰিকৈ অথবা ৰাতিপূৱা অতি সোনকালে পেলাই যাবহি লাগিব ।)

জাননী- ইয়াত থু-পিক নেপেলাব ।
ব্যৱহাৰিক অর্থ- থু বা পিক্ পেলাবলৈ ইয়াতকৈ উত্তম ঠাই ওচৰে পাজৰে আৰু নাই ।

জাননী- ইয়াত চূণ নাসানিব ।
ব্যৱহাৰিক অর্থ- তামোল-পাণত থকা অতিৰিক্ত চূণ কণ মানুহে ইয়াতে সানে । (সেইয়া বেৰখনত লেপা লেপে চূণ সানি থোৱা দেখা নাই জানো !!)

জাননী- ইয়াত প্রস্রাৱ নকৰিব ।
ব্যৱহাৰিক অর্থ- ইয়াত মানুহে প্রস্রাৱ কৰে ।

জাননী- ইয়াত পেছাব কৰিলে আইনমতে দণ্ডনীয় হ’ব ।
ব্যৱহাৰিক অর্থ- ইয়াত অন্ধকাৰৰ সুযোগ পালেহে পেছাব কৰিব পৰা হ’ব ।

জাননী- কুকুৰৰ দৰে য’তে ত’তে ঠেং নাদাঙিব ।
ব্যৱহাৰিক অর্থ- য’তে ত’তে নহয়, কেতিয়াবা জৰুৰী হ’লে এইকণ ঠাইতে মানুহৰ দৰে পেছাব কৰি যাব পৰা হ’ব ।

জাননী- কুকুৰে প্রস্রাৱ কৰা ঠাই ।
ব্যৱহাৰিক অর্থ- পোহৰ হৈ থকালৈকে ইয়াত কিন্তু নোৱাৰি দেই !!!! লেত্তেৰা লিখিছে বে’।

(বি.দ্র.- উল্লিখিত ব্যৱহাৰিক অর্থসমূহ ব্যৱহাৰ কৰি কোনো স্থানত কোনো ব্যক্তি বিপদত পৰিলে লিখক তাৰ বাবে দায়ী নহ’ব ।)

 

মোৰ দেশ পৰিষ্কাৰ পৰিচ্ছন্ন , মোৰ দেশৰ নাগৰিক পৰিষ্কাৰ পৰিচ্ছনতাৰ প্রতি আন্তৰিকভাৱে আগ্রহী, পৰিষ্কাৰ-পৰিচ্ছনতাৰ পূজক । এই দেশত পৰিষ্কাৰ মানসিকতাৰ লোকৰ সংখ্যা তাকৰ হ’লেও তেওঁলোকৰ প্রতি সকলোৰে মনত আদৰ অপৰিসীম । স্থান ভেদে ফু মাৰি ভাত খাব পৰা পৰিষ্কাৰ পৰিচ্ছনতা আৰু দুর্গন্ধত উশাহ ল’ব নোৱাৰা অপৰিষ্কাৰ পৰিবেশ এই দেশতেই পোৱা যায় । পূৱা শুই উঠি পেটত খূদকণ নেপেলোৱাকৈ প্রথমে প্রথমে চাফাইৰ কাম কাজত লগা মানুহৰ দেশ এইখন ।
এহাতে যেনেকৈ বাহি মূখ বা বাহি গাৰে আহাৰ গ্রহণ নকৰা পৰম্পৰা প্রচলিত, আনহাতেদি ফৰিং,কেচু, কুমতি বা তাতোকৈয়ো নিম্ন শ্রেণীৰ জীৱক আহাৰ হিচাবে গ্রহণ কৰাটোও এইখন দেশৰে কোনো কোনো স্থানত পৰম্পৰা । পৰিষ্কাৰ পৰিচ্ছনতাৰ সংজ্ঞা স্থান-কাল-পাত্র ভেদে বেলেগ বেলেগ হ’ব পাৰে, কিন্তু এই দেশৰ সভ্যতাত, ধর্মত, প্রতিজন নাগৰিকৰ দেহৰ প্রতিটো অংশত পৰিষ্কাৰ পৰিচ্ছনতাৰ চানেকি বিৰাজমান । এই দেশ মোৰ দেশ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments