পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা (অচিন্ত্য বৰঠাকুৰ)

(জী‌ৱ জগতত মানুহেই একমাত্ৰ প্ৰাণী, যি ইচ্ছা কৰিলেই প্ৰয়োজনে-অপ্ৰয়োজনে থু বা পিক মুখৰ বাহিৰলৈ বা দূৰলৈ প্ৰক্ষেপ কৰিব পাৰে। অৱশ‌্যে আন দুই-এক প্ৰাণীয়েও সিহঁতৰ লাল‌টি প্ৰয়োজনৰ সময়ত মুখৰ বাহিৰলৈ উলিয়াই ব‌্য‌ৱহাৰ কৰে, কিন্তু সেয়া মানুহৰ দৰে প্ৰক্ষেপ ক্ৰিয়াৰ জৰিয়তে নহয়। অৰ্থাৎ, মানুহে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি বুলি গণ‌্য কৰা, বিভিন্ন স্থানত প্ৰক্ষেপিত এই থু বা পিকৰ কাৰণো আচলতে স্বয়ং মানুহেই।)
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈত‌্যে থু বা পিক (spit/saliva)ৰ বিশেষ সম্পৰ্ক আছে। একে আষাৰতে ক’বলৈ গ’লে এই সম্পৰ্কক অহি-নকুল বুলিব লাগিব। আভিধানিক অৰ্থমতে মুখৰ পৰা নিৰ্গত লালটিকে থু, থুতকুৰি, লালবীজ, ধুদুৰ বা পিক বোলা হয়। এই থু-খেকাৰ বা তামোলৰ পিকে বিভিন্ন স্থানত, বিভিন্ন সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি দুৰ্ঘোৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ বিভিন্ন ৰোগৰ বীজাণুৰ বাহক বুলি থকা এটি প্ৰচলিত ধাৰণাৰ বশৱৰ্তী হৈ এজন মানুহৰ থু বা পিকক আন এজন লোকে ঘৃণাৰ দৃষ্টিৰে চায়। অপৰিষ্কাৰৰ ধাৰণাত খেকাৰ অৱশ‌্যে আৰু এখোপ ওপৰত। তামোল-পাণ খাই পিক পেলালে সেই স্থানত যি ৰঙীন স্থায়ী দাগ ৰৈ যায়, তাক পৰিষ্কাৰ বোলাৰ কোনো উপায়েই নাই। ইপিনে, ঘৃণাজনক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈও মানুহে মুখৰ পৰা থু বা পিক বাহিৰ কৰে। তদুপৰি, কোনো ব‌্যক্তি বা সামগ্ৰীৰ প্ৰতি ঘৃণা বা চূড়ান্ত অপমান প্ৰদৰ্শন কৰিবলৈ থু নিক্ষেপ কৰা কাৰ্য সমগ্ৰ পৃথি‌ৱীৰ মান‌ৱ সমাজৰ মাজতেই পৰিচিত আৰু প্ৰচলিত।

জী‌ৱ জগতত মানুহেই একমাত্ৰ প্ৰাণী, যি ইচ্ছা কৰিলেই প্ৰয়োজনে-অপ্ৰয়োজনে থু বা পিক মুখৰ বাহিৰলৈ বা দূৰলৈ প্ৰক্ষেপ কৰিব পাৰে। অৱশ‌্যে আন দুই-এক প্ৰাণীয়েও সিহঁতৰ লাল‌টি প্ৰয়োজনৰ সময়ত মুখৰ বাহিৰলৈ উলিয়াই ব‌্য‌ৱহাৰ কৰে, কিন্তু সেয়া মানুহৰ দৰে প্ৰক্ষেপ ক্ৰিয়াৰ জৰিয়তে নহয়। অৰ্থাৎ, মানুহে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি বুলি গণ‌্য কৰা, বিভিন্ন স্থানত প্ৰক্ষেপিত এই থু বা পিকৰ কাৰণো আচলতে স্বয়ং মানুহেই।

বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ গ’লে লালটি, লেলা‌ৱটি, থু, সেপ বা পিক আচলতে মানুহৰ মুখগহ্বৰত প্ৰস্তুত হো‌ৱা ‌এক তৰল পদাৰ্থ, য’ত কিছুমান বিশেষ ৰসায়নিক পদাৰ্থ আৰু অণুজী‌ৱ মিহলি হৈ থাকে। সুস্থ মানুহৰ মুখগহ্বৰত থকা ছয়টা মূল আৰু অলেখ ক্ষুদ্ৰ-ক্ষুদ্ৰ লালটিগ্ৰন্থিয়ে দিনটোৰ চৌব্বিশ ঘণ্টাই (বেলেগ বেলেগ সময়ত বেলেগ বেলেগ পৰিমাণত) লালটি ক্ষৰণ কৰি থাকে। মানুহৰ এনে লালটি (বা লেলা‌ৱটি)ৰ প্ৰায় ৯৮ৰ পৰা ৯৯.৫ শতাংশই পানী। বাকী ২ৰ পৰা ০.৫%ৰ ভিতৰত কেইবাবিধো ল‌ৱণ, গ্লাইক’প্ৰটিন, এনজাইম, শ্লেষ্মাজাতীয় পদাৰ্থ, লাইছ’জম জাতীয় বেক্টেৰিয়া প্ৰতিৰোধী পদাৰ্থ আদি থাকে। অৱশ্যে থু হিচাবে বাহিৰ কৰা লালটিত ইয়াৰ উপৰিও খাদ‌্যবস্তুৰ কিছু অংশ বা ব‌্যক্তিজনৰ শৰীৰত ইতিপূৰ্বে প্ৰৱেশ কৰা কোনো কোনো ৰোগৰ মৃত বা জী‌ৱিত বীজাণু বা অণুজী‌ৱ আৰু মুখগহ্বৰৰ জী‌ৱিত কোষ আদিও মিহলি হৈ থাকিব পাৰে। খেকাৰত আকৌ শ্লেষ্মা আৰু জী‌ৱাণুৰ পৰিমাণ অধিক থাকে, যি জনস্বাস্থ‌্যৰ বাবে কেতিয়াবা ভাবুকিও হ’ব পাৰে।

প্ৰথম দৃষ্টিত অপৰিষ্কাৰ যেন লগা থু বা পিক বা লালটি কিন্তু মানু্হৰ বাবে বহু সময়ত অতি লাগতিয়াল সামগ্ৰী। মানুহৰ খাদ‌্য গ্ৰহণ কৰা প্ৰক্ৰিয়াত লালটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰথমতেই লালটিত থকা পানীয়ে খাদ‌্যবস্তু তিয়াই কোমল আৰু পিচল কৰি তোলে, যাৰ ফলত দাঁতে খাদ‌্যবস্তু চোবাই গুড়ি কৰিবলৈ সুবিধা পায় আৰু খাদ‌্যবস্তুৰ কঠিনতাই মুখগহ্বৰত আঘাত কৰাৰ সম্ভা‌ৱনা কমাই পেলায়। তদুপৰি লালটিৰ এই পিচলকাৰী গুণৰ বাবেই চোবো‌ৱা খাদ‌্য গিলাতো সুবিধা হয়। দ্বিতীয়তে, লালটিয়ে খাদ‌্যবস্তু আৰু জিভাখনৰ মাজত সম্পৰ্ক স্থাপন কৰাত সহায় কৰে, যাৰ ফলত মানুহজনে খাদ‌্যবস্তুসমূহৰ স্বাদ অনুভ‌ৱ কৰিব পাৰে। তৃতীয়তে, শ্বেতসাৰ আৰু চৰ্ব্বি জাতীয় খাদ‌্যসমূহৰ প্ৰাৰম্ভিক পাচন প্ৰক্ৰিয়া সম্পন্ন হয় খাদ‌্যৰ লগত এই লালটিত থকা ল‌ৱণ আৰু এনজাইম সমূহৰ ক্ৰিয়া-বিক্ৰিয়াৰ ফলতেই। চতুৰ্থতে, দাঁতৰ মাজৰ ফাঁক সমূহত সোমাই লাগি থকা খাদ‌্যবস্তুৰ সৰু সৰু টুকুৰা সমূহক লাহে লাহে গলাই আঁতৰ কৰাতো লালটিয়ে বিশেষ ভূমিকা লয়। পঞ্চমত, লালটিত থকা প্ৰতিজৈ‌ৱী পদাৰ্থ আৰু ল‌ৱণসমূহে দাঁতৰ মাজত জী‌ৱাণু বাস কৰাত আৰু বংশবৃদ্ধি কৰাত বাধা প্ৰদান কৰে। ই মুখগহ্বৰত হো‌ৱা সৰু-সুৰা ঘাঁৰ সংক্ৰমণ ৰোধ কৰি সোনকালে শুকু‌ৱাত সহায় কৰে।

ইয়াৰ উপৰিও মানুহে সচৰাচৰতে অপৰিষ্কাৰ বুলি গণ‌্য কৰিলেও মানুহৰ মাজত লালটি বা থুৰ আন কিছুমান প্ৰয়োগ বা জনপ্ৰিয়তা উল্লেখনীয়। শৰীৰৰ সৰু-সুৰা কটা ঘাঁত থু লগাইয়ে কিছুমান লোকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। ই ঘাঁডোখৰত শীতলকাৰক পানী, ঘাঁ শুকুও‌ৱাৰ ক্ষমতা থকা দুই-এক ৰসায়নিক পদাৰ্থ আৰু প্ৰতিজৈৱিক পদাৰ্থৰ যোগান ধৰে। মুখলগা বা কু-দৃষ্টিৰ প্ৰভা‌ৱ নোহো‌ৱা কৰিবলৈকো প্ৰিয়জনৰ গাত অলপকৈ থু পেলো‌ৱাৰ পৰম্পৰা ভাৰত বা পাকিস্তানৰ উপৰি উত্তৰ ইউৰোপৰ ৰোমানিয়া, মলদভা বা গ্ৰীচৰ দৰে দেশতো প্ৰচলিত। আমাৰ দেশত ব‌্য‌ৱসায়ৰ “বহনি” উপাৰ্জনকণতো কিছুমান লোকে থু পেলাইহে গ্ৰহণ কৰে। পপীয়া তৰা বা পাপী লোকক দেখিলে তিনিবাৰ থু পেলো‌ৱা পৰম্পৰাও ভাৰতৰ কোনো কোনো স্থানত দেখা পো‌ৱা যায়। কাগজৰ পৰা চিঞাহীৰ দাগ গুছাবলৈকো স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে লালটি ব‌্য‌ৱহাৰ কৰা দেখা যায়। ডাক-টিকটৰ পিছফালে আঠা লগো‌ৱাৰ উদ্দেশ‌ে বা টকা-পইচা গণনা কৰাৰ ক্ষেত্ৰত পিচ্ছিলকাৰক হিচাবে থু বা লালটিৰ ব‌্য‌ৱহাৰ অতি চিনাকি দৃশ‌্য এই ভাৰত বৰিষত। নাৰী-পুৰুষৰ চুম্বন কাৰ্যত এজনৰ লালটি আনজনৰ শৰীৰত লগাতো এক সাধাৰণ পৰিঘটনা। এনেবোৰ কাৰ্যত থু বা লালটিক কিমান অপৰিষ্কাৰ বুলি ভবা যায়, তাত সন্দেহ আছে।

এজন প্ৰাপ্তবয়স্ক সুস্থলোকৰ লালটি গ্ৰন্থিসমূহে চৌব্বিশ ঘণ্টাত প্ৰায় ১ৰ পৰা ২ লিটাৰপৰ্যন্ত এই অপৰিষ্কাৰ যেন লগা লালটি নিঃসৰণ কৰে। দীৰ্ঘকালৰ বাবে ইয়াৰ তাৰতম‌্য হো‌ৱাটো সুস্বাস্থ‌্যৰ লক্ষণ নহয়। চিকিৎসাশাস্ত্ৰত নিঃসৰিত লালটিৰ পৰিমাণ কমি যো‌ৱা পৰিঘটনাটোক জেৰষ্টমিয়া(xerostomia) নাম দিয়া হৈছে। ই নিজে এক ৰোগ নহয় যদিও আন কোনো কোনো ৰোগৰ ফলত বা কিছুমান ৰাসায়নিক পদাৰ্থ বা ঔষধ সে‌ৱনৰ পাৰ্শ্বক্ৰিয়া হিচাবে এনে হ’ব পাৰে। লালটিৰ অভা‌ৱৰ ফলত মুখগহ্বৰৰ বিভিন্ন অংশত ঘাঁ লগাৰ বা বীজাণুৰ সংক্ৰমণ হৈ ফুলি যো‌ৱাৰ সম্ভা‌ৱনা বাঢ়ি যায়, মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হো‌ৱাৰ আশংকা থাকে আৰু দাঁতৰ অৱক্ষয় দ্ৰুত হ‌য়। লালটিবিহীন মুখত খাদ‌্যবস্তুৰ সো‌ৱাদ পো‌ৱা নাযায় আৰু খাদ‌্যবস্তুৰ পাচনক্ৰিয়াও ধীৰ হয়। আকৌ, সাধাৰণতে অতি প্ৰিয় খাদ‌্যবস্তুৰ গন্ধ বা অতি অপ্ৰিয় দুৰ্গন্ধ পালে লালটি অধিক পৰিমাণে ক্ষৰণ হয়। । লালটিৰ অধিক ক্ষৰণ পেটৰ ৰোগৰো লক্ষণ হ’ব পাৰে। তেতেলি টেঙা দেখিলে বা মাংসৰ তৰকাৰী ৰন্ধাৰ গন্ধ পালে যাৰ মুখলৈ পানী নাহে, তেওঁৰ শাৰীৰিক সুস্থতা সন্দেহৰ আবৰ্তলৈ গতি কৰে। এনেবোৰ কাৰ্যত লালটিৰ প্ৰয়োজনীয়তাক পৰিষ্কাৰ-অপৰিষ্কাৰৰ তুলাচনীৰে জুখিলে নহ’ব।

স্পেইন, চিয়েজা আৰু আফ্ৰিকাৰ কোনো কোনো অংশত থু নিক্ষেপ কৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এনে প্ৰতিযোগিতা বিশুদ্ধ থু বা মুখত আন কোনো পদাৰ্থ লৈ থু‌ও‌ৱাও হ’ব পাৰে। মুখৰ পৰা চেৰীগুটি থু‌ও‌ৱা বা ক্ৰিকেট(এজাতি ফৰিং শ্ৰেণীৰ প্ৰাণী) থু‌উও‌ৱা অথবা কুডুডাং(কুডু নামৰ প্ৰাণীটোৰ বিষ্ঠা) মুখত লৈ থু‌উও‌ৱা প্ৰতিযোগিতাসমূহৰ বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় আৰু তাৰ গীণিজ বিশ্ব অভিলেখো আছে।

মানুহৰ বাদে আন কিছুমান প্ৰাণীয়েও সিহঁতৰ অতি প্ৰয়োজনীয় কাম কিছুমানত লালটিৰ বিশদ প্ৰয়োগ কৰে। মকৰা জাতীয় প্ৰাণীসমূহে খাদ‌্য সংগ্ৰহৰ কাৰণে নিজৰ লালটিৰে জাল সাজি পাতি থয়। ছুইফ্ট আৰু কেইবিধমান চৰায়ে নিজৰ লালটিৰে নিজৰ বাসগৃহ, অৰ্থাৎ বাহ সাজে। কোনো কোনো ঠাইত লালটিৰ পৰা সজা এনে চৰাইৰ বাহ মানুহে সংগ্ৰহ কৰি খাদ‌্য ৰূপে গ্ৰহণ কৰে। বিষাক্ত সাপে লালটিৰ জৰিয়তে অন‌্য প্ৰাণীৰ দেহলৈ নিজৰ বিষ প্ৰেৰণ কৰে। আফ্ৰিকাৰ অৰণ‌্যৰ কিছুমান প্ৰাণীয়ে লালটিৰে তিতা নিজৰ জিভা বহুসময়ৰ কাৰণে উলিয়াই ৰাখি তাত সিহঁতৰ আহাৰ হ’ব পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী কিছুমানক আঠা লগো‌ৱাই ধৰে। গৰু-ছাগলী বা কুকুৰ-মেকুৰীয়ে মৰমতে লগৰ বিলাকক চেলেকি শৰীৰত লালটি লগো‌ৱাটো আমাৰ পৰিচিত দৃশ‌্য। শৰীৰত থকা যি কোনো ঘাঁত চেলেকি লালটি লগাই সেইবিলাক প্ৰাণীয়ে নিজৰ চিকিৎসা নিজেই কৰি লয়। আমৰলি পৰু‌ৱাই মানুহক কামোৰাৰ আগতে কামুৰিবলৈ লো‌ৱা স্থানত লালটি ঘঁহি লো‌ৱাৰ কথা নক’লো‌ৱেইবা।

গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অন্তৰায় বুলি ভাবি থকা আপোনাৰ চিৰ পৰিচিত আৰু চিৰ ঘৃণিত থু/পিক/লেলা‌ৱটি/থুতকুৰি/সেপ বা লালটি আচলতে কিমান অপৰিষ্কাৰ বা কিমান অপ্ৰয়োজনীয়, সেয়া ঠা‌ৱৰ কৰাৰ দায়িত্ব শেষত আপোনালৈকে থেলিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments