পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)

সৌন্দৰ্যচৰ্চা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত থকা সম্পৰ্কৰ কথা নতুনকৈ ব‌্যাখ‌্যা কৰাৰ প্ৰয়োজন নিশ্চয় নাই। মানুহে সাধাৰণতে নিজকে সুন্দৰ বা সুন্দৰী হিচাবে উপস্থাপন কৰিবৰ কাৰণে প্ৰথমেই আশ্ৰয় লয় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ। ভাৰতীয় সভ‌্যতাত বিভিন্ন প্ৰসাধন সামগ্ৰী, আ-অলংকাৰ বা জাকতজিলিকা পোচাকে পৰিষ্কাৰ শৰীৰৰ ওপৰতহে সুন্দৰতা প্ৰকাশ কৰিব পাৰে বুলি জ্ঞান কৰা হয়। অন‌্য অৰ্থত, পৰিষ্কাৰ পৰিচ্ছন্নতাকেই সৌন্দৰ্যৰ সৌন্দৰ্য সাধনাৰ প্ৰথম আৰু অনিবাৰ্য উপায় বুলি ক’লেও ভুল নহয়। সেই বাবেই, দেহৰ অংগ-প্ৰত‌্যংগ আৰু পোচাক-পৰিচ্ছদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যুগ যুগ ধৰি চলি অহা মানুহৰ সহজাত আগ্ৰহৰ গইনা লৈ বিভিন্ন ব‌্য‌ৱসায়িক প্ৰতিষ্ঠানে ক্ৰমান্বয়ে বিভিন্ন প্ৰকাৰৰ পৰিষ্কাৰকাৰী সামগ্ৰী বা চাবোনজাতীয় পদাৰ্থৰে বজাৰ দখলৰ প্ৰতিযোগিতাত নামি সফল হো‌ৱা পৰিলক্ষিত হৈছে। পিছে, সৌন্দৰ্যচৰ্চাৰ ক্ষেত্ৰত স্বাভাবিকতেই অপৰিষ্কাৰ যেন লগা কিছুমান সামগ্ৰীৰ ব‌্য‌ৱহাৰৰ কথা শুনিবলৈ পালে আপোনাৰ কেনে লাগিব বাৰু? হয়, সৌন্দৰ্য সাধনাৰ ক্ষেত্ৰত গোবৰ, গো-মূত্ৰ, স্ব-মূত্ৰ আদিৰ ব‌্য‌ৱহাৰ ইতিমধ‌্যে পুৰণি হৈছেগৈ। এই জগতখনত বৰ্তমান জনপ্ৰিয় হৈ পৰিছে কিছুমান অপৰিষ্কাৰ যেন লগা জী‌ৱিত প্ৰাণী বা এনে প্ৰাণীৰ পৰা তৈয়াৰ কৰা সতেজ সামগ্ৰীৰ ব‌্য‌ৱহাৰ।

সৌন্দৰ্যচৰ্চাৰ ক্ষেত্ৰত পঁইতাচোৰাৰ মণ্ডৰ ব‌্য‌ৱহাৰৰ কথা ইতিপূৰ্বে উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত শামুকৰ ব‌্য‌ৱহাৰৰ ধাৰণা তাতকৈয়ো পুৰণি। আধুনিক ভেষজ বিজ্ঞানৰ পিতৃপুৰুষস্বৰূপ হিপ’ক্ৰেটছে মানুহৰ দেহৰ পৰা জুইয়ে পোৰা দাগ আঁতৰাবলৈ গাখীৰৰ লগত শামুকৰ দেহৰ চূৰ্ণ ব‌্য‌ৱহাৰ কৰাৰ পৰামৰ্শ দিছিল। খ্ৰীষ্টজন্মৰ ৪০০ বছৰ পূৰ্বে প্ৰাচীন গ্ৰীক সভ‌্যতাত সৌন্দৰ্যচৰ্চাৰ সামগ্ৰীবিলাকত শামুকৰ দেহৰ পৰা নিৰ্গত বিজলু‌ৱা পদাৰ্থৰ ব‌্য‌ৱহাৰৰ উদাহৰণ পো‌ৱা যায়। শামুকৰ শ্লেষ্মাৰ এই যাদু‌ৱে বৰ্তমান গ্ৰীচৰ চাৰিসীমা অতিক্ৰম কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰ, দক্ষিণ আমেৰিকা, জাপান আৰু দক্ষিণ কোৰিয়াতো প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সন্তপৰ্ণে পৃথি‌ৱীৰ আন আন দেশসমূহলৈও বিয়পিবলৈ আৰম্ভ কৰিছে।। প্ৰথম অ‌ৱস্থাত শামুকৰ দেহৰ পৰা নিৰ্গত এই বিজলু‌ৱা পদাৰ্থসমূহক শালমইনা নিয়ন্ত্ৰণৰ বাবে ব‌্য‌ৱহাৰ কৰা হৈছিল যদিও লাহে লাহে ইয়াক চালৰ ৰং পৰিবৰ্তনত আৰু দেহৰ পোৰা দাগ আৰু বলিৰেখা অপনয়ন কৰাত প্ৰয়োগ কৰিও সুফল পো‌ৱা গৈছে। কে‌ৱল সেইয়াই নহয়, সৌন্দৰ্য চৰ্চাৰ বাবে বৰ্তমান কোনো কোনো দেশত মান‌ৱ দেহৰ ওপৰত জী‌ৱিত শামুকক বিচৰণ কৰিবলৈ দিও সুফল পো‌ৱা গৈছে। সেয়েহে, বৰ্তমান কালত সৌন্দৰ্য চৰ্চাৰ এই জগতখনত জী‌ৱিত শামুক আৰু শামুকৰ দেহৰ পৰা তৈয়াৰ কৰা সা-সামগ্ৰীৰ চাহিদা অতি দ্ৰুতগতিত বৃদ্ধি হৈ আহিছে।

অপৰিষ্কাৰ যেন লগা শামুক নামৰ প্ৰাণীবিধ সৌন্দৰ্যচৰ্চাৰ জগতখনলৈ আগমণ ঘটাৰ আঁৰত এক আমোদজনক ইতিহাস জড়িত হৈ আছে। ফ্ৰান্সৰ খাদ‌্যবস্তুৰ বজাৰখনলৈ চিলি দেশৰ পৰা পৰ্যাপ্ত পৰিমাণে শামুক ৰপ্তানি কৰা হয়। এই উদ্দেশ‌্যে চিলি দেশত শামুক পালন কৰা লোকসকলে প্ৰায়ে শামুকৰ সৈত‌ে শাৰীৰিক সংস্পৰ্শলৈ আহিবলগীয়া হয়। দীৰ্ঘদিন এই ব‌্য‌ৱসায়ৰ লগত জড়িত ব‌্যক্তিসকলে লাহে লাহে অনুভ‌ৱ কৰিবলৈ ল’লে যে কোনো অজ্ঞাত কাৰণত তেওঁলোকৰ নিজৰ দেহৰ চালসমূহ ক্ৰমান্বয়ে ভাবিব নো‌ৱাৰাধৰণে মসৃণ হৈ পৰিছে। এই উমৈহতীয়া সমস‌্যাটোৰ উৎস নিৰ্ণয় কৰিবৰ কাৰণে তেওঁলোকে অনুসন্ধান আৰম্ভ কৰিলে আৰু শেষত এই সিদ্ধান্তত উপনীত হ’লগৈ যে শামুকৰ দেহৰ পৰা নিৰ্গত বিজলু‌ৱা পদাৰ্থসমূহেই তেওঁলোকৰ চালৰ ক্ষেত্ৰত দেখা পো‌ৱা এই চমৎকাৰৰ কাৰণ। পৰীক্ষা-নিৰীক্ষা কৰি প‌োৱা গ’ল যে গ্লাইকনিক এচিড আৰু ইলাষ্টিন নামৰ ৰাসায়ণিক দ্ৰব‌্যৰ সৈত‌ে টোপোলা কৰি পঠো‌ৱা অ‌ৱস্থাতো জী‌ৱিত শামুকসমূহে নিজৰ দেহৰ পৰা নিৰ্গত কৰা বিজলু‌ৱা পদাৰ্থসমূহৰ জৰিয়তে নিজকে বেক্টেৰিয়াৰ আক্ৰমণ আৰু অতিবেঙুণীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰি ৰখাৰ উপৰি কটা-চিঙাৰ পৰা নিজৰ দেহক আঁতৰাই ৰাখিবলৈ সক্ষম হয়। এই বিষয়ে পিছত অধিক পৰীক্ষা-নিৰীক্ষাৰ পিছত এই সিদ্ধান্তলৈ অহা যায় যে শামুকৰ দেহলৈ বিজলু‌ৱা প্ৰটিন হিচাবে প্ৰকৃতিয়ে প্ৰদান কৰা এই অমূল‌্য উপহাৰ মান‌ৱ দেহৰ ক্ষেত্ৰতো মৃত কোষ অপনয়ন কৰা আৰু নতুন কোষ জন্ম দিয়াৰ বাবে এক সুৰক্ষিত আৰু ফলপ্ৰসূ উপায় হ’ব পাৰে।

চিলিৰ এই শামুক পালকসকলে পিছলৈ তেওঁলোকে পালন কৰা শামুকৰ শ্লেষ্মাৰ পৰা Elicina নাম দি এবিধ “প্ৰডাক্ট” তৈয়াৰ কৰি বজাৰলৈ এৰি দিয়ে, যি বৰ্তমান তাৰ সফলতাৰ পঞ্চদশ বৰ্ষ অতিক্ৰম কৰিছে। ইয়াৰ পিছত কোৰিয়াৰ Missha নামৰ প্ৰতিষ্ঠানৰ উদ‌্যোগত ৭০% শামুকৰ বিজলেৰে তৈয়াৰী হো‌ৱা “চুপাৰ একু‌ৱা চে’ল ৰিনিউ” (Super Aqua Cell Renew) নামৰ প্ৰডাক্টটো‌ৱেও অতি কম সময়ৰ ভিতৰতে বজাৰ দখল কৰিবলৈ সক্ষম হয়। ইতিমধ‌্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেবক’ণ্ট(Labcconte)কে আদি কৰি কেইবাটাও প্ৰতিষ্ঠানে এনে প্ৰডাক্ট উৎপাদন কৰিবৰ বাবে নিজাকৈ শামুকৰ পাম খুলি শামুক পালনত মনোনিবেশ কৰিছে আৰু তেওঁলোকৰ প্ৰডাক্টসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰিছে।

শামুকৰ দেহৰ পৰা ইপ্সিত বিজলু‌ৱা পদাৰ্থ আহৰণ কৰিবৰ বাবে ইহঁতৰ দেহৰ ওপৰত পৌণঃপুণিকভাবে আৰু সা‌ৱধানতাৰে যান্ত্ৰিক চাপ প্ৰয়োগ কৰা হয়। এনেদৰে আহৰণ কৰা পদাৰ্থসমূহক কেইবাবাৰো পৰিশোধন কৰাৰ পিছত মানুহৰ দেহত প্ৰয়োগ কৰাৰ উপযোগী কৰি তোলা হয়। চাহিদাৰ বিপৰীতে এনে সামগ্ৰীসমূহৰ উৎপাদন আৰু উপলব্ধতাৰ সীমাবদ্ধতাৰ বাবে বৰ্তমান বহুতো স্থানত জী‌ৱিত শামুকৰ ব‌্য‌ৱহাৰে জনপ্ৰিয়তা লভিছে। এই ক্ষেত্ৰত জাপানে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।

জাপানৰ বিভিন্ন স্থানত সৌন্দৰ্যচৰ্চা কেন্দ্ৰ স্থাপন কৰা “Ci:z.Labo” নামৰ প্ৰতিষ্ঠানটোৰ মূখ‌্য কাৰ্যালয়ৰ মুখপাত্ৰ মানামী টাকামূৰা (Manami Takamura)ই এই বিষয়ে ব‌্যাখ‌্যা কৰি কেইমাহমানৰ পূৰ্বে সংবাদ প্ৰতিষ্ঠানৰ আগত জী‌ৱিত শামুক ব‌্য‌ৱহাৰ কৰি তেওঁলোকৰ গ্ৰাহকসকল লাভান্বতি হো‌ৱাৰ কথা উল্লেখ কৰে। এই উদ্দেশ‌্যে তেওঁলোকে ব‌্য‌ৱহাৰ কৰা বিশেষ প্ৰজাতিৰ শামুকবিলাকক পৰিষ্কাৰ পাত্ৰত ৰাখি আহাৰ হিচাবে জৈ‌ৱিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলি যোগান ধৰা হয়, যাতে গ্ৰাহকৰ শৰীৰত তুলি দিয়াৰ আগত ইহঁত পৰিষ্কাৰ হৈ থাকিব পাৰে। শামুকৰ দ্বাৰা গ্ৰাহকৰ সৌন্দৰ্য তুলি ধৰিবলৈ চেষ্টা কৰা এই পদ্ধতিটোক জাপানী সৌন্দৰ্যচৰ্চা কেন্দ্ৰটো‌‌ৱে নাম দিছে, “Celebrity Escargot Course” আৰু সৌন্দৰ্যচৰ্চাৰ এনে এটা সম্পূৰ্ণ ক্ৰমৰ মূল‌্য হ’ল ২৪,১৫০ইয়েন (ভাৰতীয় হিচাবত প্ৰায় ১৪,৪২১টকা)l উল্লেখযোগ‌্য যে, জাপানত সৌন্দৰ্যচৰ্চাৰ বাবে ব‌্য‌ৱহাৰ কৰা এনে জী‌ৱিত শামুকৰ প্ৰতিটোৰ বৰ্তমান বজাৰ দৰ ১০,৫০০ইয়েন বা ভাৰতীয় হিচাবত প্ৰায় ৬২৭০ টকা।

(আগলৈ)

 

তথ‌্যসূত্ৰসমূহ:-

(১) http://www.bbc.co.uk/news/world-asia-23360869

(২) http://www.japantimes.co.jp/news/2013/07/14/national/new-beauty-treatment-puts-snail-slime-to-work-in-rolling-back-the-years/#.UqKTwNIW1QA

(৩) http://www.indiatimes.com/lifestyle/health-and-fitness/mystery-behind-wrinkles-revealed-85733.html

(৪) http://japandailypress.com/tokyo-clinic-launches-live-snail-facial-therapy-1532285/

 

অধিক তথ‌্যৰ বাবে চকু ফুৰাওক এই ব্লগত:

http://achintadu.blogspot.in/2013/12/blog-post_8.html

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!