পৰিৱৰ্তনৰ নিশাটো (পঙ্কজ নেওগ)

(১৯৯৮ চনৰ সঁচা ঘটনাৰ ওপৰত ৰচিত)


কোনোমতেহে বাছখন ধৰিব পাৰিলেহি তাই। বেগটো বাচখনৰ হেণ্ডিমেনজনে তাইৰ কান্ধৰ পৰা লৈ বাচত উঠাত সহায় কৰিবলৈ বিচাৰিছিল যদিও তাই নিদিলে। আসনৰ নম্বৰটো চাই দেখিলে যে দুজনীয়া আসনৰ খিৰিকিৰ ফালৰ আসনখনত এজন দাড়িয়া মানুহ বহি আছে। তাই চিটত বেগটো থৈ দীঘলকৈ উশাহ এটা ল’লে। ইতিমধ্যে বাছ চলিবলৈ ধৰিছিল। তাই নিজৰ ভাৰসাম্য ৰক্ষা কৰি বেগটো খুলি ওপৰতে থকা পানীৰ বটলটো উলিয়াই বেগটো চিটৰ তলত থলে। বৰ গধুৰ বেগটো ..। কান্ধৰ বিষটো তাই তেতিয়াহে উপলব্ধি কৰিলে আৰু ধুপুছকৈ চিটটোত বহি পৰিল। তাইৰ কিলাকুটিটো কাষৰ দাড়িয়াৰ পেটত লাগিল ছাগে… সি উচপ খাই উঠিল।

তাই দুখী ভাৱেৰে ক’লে, “ক্ষমা কৰিব, দুখ পালে নেকি?”

মানুহটোৱে হাঁহি হাঁহি ক’লে… দুখ পোৱা নাই, কুট কুটি হে উঠিল..। তাৰ মুখৰ পৰা ভেকেট কৈ আপঙৰ গোন্ধ বিয়পি পৰিল। চিলাপথাৰৰ পৰা গুৱাহাটীলৈ যোৱা নৈশ বাছত এই গোন্ধটো স্বাভাৱিক। তেতিয়াহে তাই মানুহটোলৈ ভালদৰে চালে… তাই যেন তাক কৰবাত দেখিছে!! মিচিং মানুহ যে নহয় সেয়া ভালদৰেই গম পায়। তাক লৈ ইমান মূৰ নঘমাই তাই কঁকালটো এবাৰ ঠিক কৰি লৈ বহিল। সি তাইক সুধিলে-“তুমি খিৰিকিখনৰ ফালে বহি ভাল পাবা নেকি?” তাই আচৰিত হ’ল। তাই ক’লে, “নাই নালাগে।” সি আকৌ ক’লে, “নহয়, তোমাক বৰ ভাগৰুৱা যেন লাগিছে, এইফালে বহিলে মূৰটো আউজাই অকমান ভালদৰে শুব পাৰিবা।”

তাৰ কথাবোৰ শুনি তাইৰ ভাল নালাগিল। মতলব কি তাৰ…!! তাই তাৰ কথাৰ কোনো উত্তৰ নিদিয়াকৈ শ্বলখনেৰে নাকটো ঢাকি ল’লে। সি সেমেনা সেমেনি কৈ ক’লে… “মোৰ নাম ৰাজীৱ, গুৱাহাটীলৈ যাম, তুমি?”

-“ময়ো গুৱাহাটীলৈ যাম”।

তাই উত্তৰ দিবলৈ হে পালে, সি এফালৰ পৰা নিজৰ বিষয়ে বকি যোৱাৰ লগতে তাইৰ ঘৰ ক’ত, কি পঢ়ে, ঘৰত কোন কোন আছে, গুৱাহাটীৰ ক’ত থাকিব আদি এফালৰ পৰা সুধি গ’ল যদিও তাই একো উত্তৰ নিদিলে। তাইৰ কিছু আমনিও বোধ কৰিলে.. কণ্ডাক্টৰটোক মাতি চিটটো সলনি কৰিব নেকি বুলি ভাবিও তাই নকৰিলে। অৱশেষত তাই তাক ক’লে, “শুনক, আপোনাৰ নিচা লাগিছে, গতিকে এতিয়া মনে মনে থাকক। আপোনাৰ প্ৰশ্নত ময়ো বিৰক্ত হৈছোঁ।”’

সি মনতে কষ্ট পালে ছাগে… তিনিবাৰ মান চৰী বুলিলে আৰু মূৰৰ টুপীটো খুলি চুলিখিনি, চাৰ্টৰ কলাৰ আদি ঠিক কৰি অলপ স্মাৰ্ট হ’বলৈ চেষ্টা কৰিলে। তাই তেতিয়াহে তাক চালে, দেখাত ভদ্ৰই মানুহটো। আপঙৰ গোন্ধটোৱেহে তাৰ ইম্প্ৰেছন বেয়া কৰিছিল। দাড়িখিনিও বেছ পৰিপাটি। তাইৰ মনত পৰিল মানুহটোক আজি ৰাতিপুৱা তাই ৰইঙত দেখিছিল। সি অহা চুমুখনতেই তাইও ৰইঙৰ পৰা চিলাপথাৰলৈ আহিব বিচাৰিছিল, কিন্তু হঠাত কিবা এটা ভাবি তাই সেইখনত নাহি পিছৰখনত আহিল। মানুহটোক বেয়াকে কৈ তাইৰ বেয়াও লাগিল। তাই নিজেই সুধিলে, “বেয়া নাপাব। মইহে বেয়াকৈ ক’লোঁ আপোনাক, আপুনি কি কৰে?” সি যেন তাইৰ প্ৰতি গদ্‌ গদ্‌ হৈ পৰিল। সি দুবাৰমান গলখেকাৰি মাৰি ক’লে… “বেয়া নাপাবা, ৰইঙৰ পৰা সোনকালে আহি পালোঁ। চিলাপথাৰত থকা বন্ধু এজনে লগ পাই জোৰ কৰি পুঠি মাছ ভজা, গাহৰি পোৰা আৰু আপং খাবলৈ দিলে। ভাল লগাত অলপ বেছিকৈ খাই দিলোঁ। বটল এটাত অলমান আপং আৰু গাহৰি মাংস বান্ধিও দি পঠাইছে। এতিয়া সেইবোৰ পেলনিহে যাব।”

– নাই নাই মই বেয়া নাপাওঁ। আপুনি খাওক। মই বাছখন নাপাওঁ বুলি বৰ টেনচনত আছিলোঁ। সেয়ে ছাগে বেয়াকৈ কৈ দিলোঁ। চৰী…

– হুম… মই ফটোগ্ৰাফাৰ, এইফালে ফটো তুলিবলৈ আহিছিলোঁ।

– অ’ মই আপোনাক দেখিছিলোঁ ৰইঙত..

ইয়াৰ পাছত বহুত কথা হ’ল দুয়োৰে মাজত। নৈশ বাচ যাত্ৰাৰ পৰা ৰাজনীতিলৈকে। ৰাজীৱে উপলদ্ধি কৰিলে যে অসমৰ সমাজ ব্যৱস্থাৰ ওপৰত তাইৰ ভাল জ্ঞান আছে।

ইয়াৰ মাজতে তাইৰনো কেতিয়া টোপনি আহিলে ক’বই নোৱাৰিলে। বাহুত ধৰি জোকাৰোঁতেহে তাই চকমক খাই সাৰ পালে। বাহিৰলৈ চাই দেখিলে সন্ধিয়া হৈছে। ধেমাজিত বাচ ৰৈছে বুলি দোকানত থকা চাইনবৰ্ডৰ পৰা তাই গম পালে। ৰাজীৱে তাইক চাহ খাব নেকি সুধিলে। কিন্তু তেতিয়া সময় নাছিল। ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলে। ৰাজীৱে বেজাৰ মনেৰে ক’লে, “ধেমাজি কেতিয়াবাই আহি পালোঁহি। তোমাক মই কেইবাবাৰো মাতিম মাতিম বুলিও মাতিবলৈ মন নগল, ইমান ধুনীয়াকৈ শুই আছিলা”।

তাইৰ বগা গালখনত পৰি থকা চুলি কেইডালত ডুব যাব ধৰা বেলিৰ পোহৰ পৰি চিকমিকাই থকা দৃশ্যৰ লোভ সামৰিব নোৱাৰি সি যে তাৰ কেমেৰাত বন্দী কৰি থৈছিল সেই কথা তাইক ক’বলৈ তাৰ সাহস নহল।

তেতিয়াহে তাই উপলব্ধি কৰিলে, দৌৰা দৌৰিত তাই বাহিৰলৈ যাবলৈ ক’তো সময় নাপালে। অলপ আগতে সাৰ পোৱা হ’লে ভাল আছিল। তাই ভোৰভোৰালে। “আৰু ক’ত ৰাখিবগৈ, কিমান দেৰি লাগিব বা গৈ পাওঁতে।”

ৰাজীবৰ নিচা কিছু ফাটিছিল। মানুহক অধ্যয়ন কৰা বিদ্যাটোও তাৰ বৰ প্ৰখৰ। সি তাইৰ অৱস্থা বুজি পালে। খুব সাধাৰণভাৱে সি ক’লে, “হয়তো বিশ্বনাথ চাৰিআলিত ৰখাব- ভাত খাবলৈ। তাৰ আগতে তেল ল’বলৈ কোনো তেল ডিপোত ৰখালে বাহিৰলৈও গৈ আহিব পাৰিবা। তেল ডিপোবোৰত টয়লেটৰ ভাল ব্যৱস্থা থাকে। যদি ইমাৰজেন্সি হয়, তেন্তে যি কোনো এটা ডিপোত ৰখাবলৈ কৈ দিওঁ নেকি?” লাজত তাইৰ কাণ মূৰ গৰম হৈ গ’ল। এইবোৰ কথাও মানুহটোৱে ইমান সাধাৰণভাৱে কৈ দিয়েনে এজনী অচিনাকি ছোৱালীৰ আগত!! তাই দুৰ্বল মাতৰে ক’লে, “নালাগে।” ৰাজীৱে কথাটো বুজি পাই ক’লে, “একো নহয়, ৰ’বা মই কৈ আহোঁ”। এইবুলি সি কেবিনৰ ফালে উঠি গ’ল। তাই বাধা নিদিলে। কেবিনৰ পৰা আহি পুৰনি চিনাকিৰ দৰে তাইৰ মূৰত লাহেকৈ চপৰিয়াই ক’লে, “এইবোৰ কথাত লাজ কৰি লাভ নাই অ’… মিছাতে দেহাটোৱে কষ্ট পায়। মই কৈ আহিছোঁ, ড্ৰাইভাৰে ৰখাই দিব।”

তাই বাৰুকৈয়ে অপ্ৰস্তুত হৈ পৰিল তাৰ ব্যৱহাৰত। ইমান সোনকালে সহজভাৱে কেনেকৈনো মানুহৰ লগত মিলিব পাৰে!! লাজো লাগিল তাইৰ। তাই ক’লে, “ৰখালেও মই নাযাওঁ দেই”। ৰাজীৱে ডাঙৰ কৈ হাঁহি ক’লে, “গম পাইছোঁ, বাছ ৰখোৱাৰ লগে লগে তুমি টয়লেট কৰিবলৈ যাবা… সকলো মানুহে গম পাব, তাকে ভাবি লাজ কৰিছাতো? চিন্তা নাই, মই ড্ৰাইভাৰক ট্ৰেইনিং দি আহিছোঁ, বাছখন ৰখাই সি অলপ পাচত ৰাজহুৱা জাননী দিব- বাহিৰলৈ গ’লে গৈ আহিব পাৰে বুলি। তাৰ পাছত দেখিবা বহুত মানুহ নামিছে। মই লগে লগেই নামি যাম। পাছত তোমাক মাতিম তুমি আহি যাবা”।

তাইৰ কাণমূৰ গৰম হ’লেও বুদ্ধিটো বেয়া নালাগিল। কথা মতেই কাম। তেল ডিপোত বাছ ৰখোৱাৰ পাছত ৰাজীৱে নামি গৈ মেনেজাৰৰ পৰা টয়লেটৰ চাবিটো খুজি কৰবীক মাতিলেগৈ। কৰবীক বাট দেখুৱাই নি সি টয়লেটৰ দুৱাৰ মুখ পাই তলাটো খুলি দিলে। সি দুৱাৰমুখত ৰৈ থকা দেখি তাই তাৰ ফালে প্ৰশ্নবোধক চাৱনি দিলে। সি হাঁহি হাঁহি কৈ উঠিল- “আৰে বাবা শ্বলখনতো দি যোৱা”। শ্বলখন সি বুকুত সাবটি ল’লে। তাইৰ ঘামৰ গোন্ধ এটা পালে। সি শ্বলখন নাকত হেচি দীঘলকৈ উশাহ এটা ল’লে। এই গোন্ধটো সি তাই তাৰ কান্ধত মূৰ থৈ অলপ আগতে শুই থাকোতেও পাইছিল।

দুয়ো গৈ বাচত বহিল। শ্বলখন তেতিয়াও ৰাজীৱৰ বুকুৰ মাজতেই আছিল। তাই বৰ সহজভাৱেই চুলিৰ বেন ডাল খুলি চুলিখিনি ঠিক কৰি ল’লে। তাৰ বুকুৰ মাজৰ পৰা শ্বলখন নিজৰ কোলাত লৈ চকু দুটা মুদি চিটত মূৰটো এৰি দিলে। সি তাইৰ কাণৰ কাষলৈ মুখখন নি ফুচফুচাই ক’লে- “মই সচাকৈয়ে ধন্যবাদৰ পাত্ৰ নহয়নে”? চকু দুটা খুলি নিচেই কাষতে থকা তাৰ মুখলৈ চাই হাঁহি এটা মাৰি তাই কলে- “ধন্যবাদ ৰাজীৱ দা”। কোনো অচিনাকি মানুহৰে মুখ তাই ইমান কাষৰ পৰা কেতিয়াও পোৱা নাই। আপঙৰ গোন্ধটোও তাইৰ বেয়া নালাগিল। হঠাৎ মনটো ভাল লাগি গ’ল তাইৰ।

তাই নিজকে প্ৰশ্ন কৰিলে, হঠাতে তাই বাৰু আবেগিক আৰু দুৰ্বল হৈ পৰিছে নেকি?? ফাষ্ট বেকৱাৰ্ড কৰি তাই কম সময়ত ৰাজীৱৰ কথাবোৰ জুকিয়াই চালে। নাই, মানুহটো বৰ সৰল আৰু ফ্ৰী। তাৰ ফালে ঘূৰি বহি লৈ তাই ক’লে, “আপোনাৰ বটলত থকাখিনি খাওক। মই বেয়া নাপাওঁ”। অকণো বিলম্ব নকৰি সি চিটৰ তলত থোৱা পলিথিনৰ পেকেটটোৰ পৰা বটল আৰু টিফিন এটা উলিয়ালে। বটলত আধামানহে আপং আছিল। সি ঢক্‌ ঢক্‌কৈ তাৰে আধা মান খাই পেলালে। টিফিনটো খুলি সি তাইৰ ফালে আগবঢ়াই দিলে। তাই নিসংকোচে এটুকুৰা গাহৰি মাংস তুলি ল’লে।

আকৌ আৰম্ভ হ’ল আলোচনা। মাজে মাজে চলি থাকিল গাহৰি আৰু আপং। অলপ পাছত নিচাত যে তাৰ জিভা পাক লাগিছে সেইটো সি উপলব্ধি কৰি মনে মনে থাকিল। তাইৰো টোপনি ধৰিছিল চাগে।
কিবা এটা খছমচনিত তাই সাৰ পালে। চকু দুটা মুদি তাই বুজিবলৈ চেষ্টা কৰিলে। ৰাজীৱে তাইৰ ডিঙিটো দাঙি ধৰি তাইক তাৰ বুকুৰ মাজলৈ লৈ যাবলৈ বিচাৰিছে। গোটেই কথাটোত তাই অলপ বিব্ৰত হৈছিল যদিও একো প্ৰতিক্ৰিয়া নেদেখুৱাই টোপনিৰ ভাও জুৰি থাকিল। সি তাৰ টুপিটোৰে তাৰ ডিঙিৰ হাড়ডাল ঢাকি সেইটোৱেই তাইৰ গাৰু কৰি দিলে আৰু শ্বলখন ভাল দৰে গাত দি তাইক সাবটি ধৰিলে। তাইৰ কিবা এটা ভাল লাগি গ’ল। অলসভাৱে ৰাজীবৰ গাত তাইৰ দেহটো এৰি দিলে। অলপ পাচত ৰাজীৱে মুখখন তাইৰ মুখৰ ওচৰলৈ আনিলে। নাকটো মূৰত লগাই দীঘলকৈ উশাহ এটা ল’লে আৰু কপালত এটা চুমা খালে। তাইৰ গাৰে যেন বিজুলীহে বৈ গ’ল!! তাৰ হাতখনে তাইৰ চকু, নাক, গাল, ওঁঠ, থুঁতৰি আৰু ডিঙি স্পৰ্শ কৰিলে। কি কৰিব বিচাৰিছে ৰাজীৱে… ?? নাই… তাইৰ ভাল লাগিলেও ৰাজীৱক আৰু আগ বাঢ়িবলৈ দিব নোৱাৰি। হঠাতে কিবা এটা কৰিবলৈ তাই নিজকে প্ৰস্তুত কৰি পেলালে। তাইৰ দিঙিত ৰাজীৱে সোঁহাতেৰে এনেকৈ ধৰিলে যে চেপামাৰি দিলে তাই মৰি থাকিব। তাই একো বুজিব নোৱাৰি তেনেকৈয়ে পৰি থাকিল। অলপ দেৰিৰ পাছত সি ডিঙিৰ পৰা হাতখন গুচাই দুয়োখন হাতেৰে তাইক সাবটি ধৰি নাকটো চুলিকোচাৰ মাজত সুমুৱাই থ’লে। একো বিপদ নেদেখি তাই আকৌ আৰামেৰে ৰাজীৱৰ বুকুৰ উমৰ মাজত টোপনি যাবলৈ চেষ্টা কৰিলে। এক আচৰিত অনুভূতি উপলব্ধি কৰিলে তাই… ভাললগা।

মাজ ৰাতি কিবা অস্বাভাৱিক স্পৰ্শত তাই সাৰ পালে। বাচখন ৰৈ আছে। ৰাজীৱে তাইক তাৰ বুকুৰ মাজৰ পৰা তাইৰ আসনত শোৱাবলৈ চেষ্টা কৰি আছে। তালৈ তাইৰ বহুত মৰম লাগি গ’ল। তাই চকু মেলি সুধিলে, “কি পালোঁ”?
-উঠা ইয়াতে ভাত খাই ল’ব লাগিব। তাই ৰাজীৱৰ বাহুটোত ধৰি ক’লে, “মোৰ একোকে খাবলৈ মন যোৱা নাই। আপুনি খাওকগৈ”।

কিন্তু সি নামানিলে। তাইক খাবলৈ লৈ গ’ল। আচলতে ভোক তাইৰো লাগিছিল, কিন্তু টোপনিৰ আমেজ এৰিবলৈ মন নাছিল।

ভাত খাবলৈ দুয়ো একে ফালৰ চকীতেই বহিল। তাই যেন অনবৰতে তাৰ গাতেই লাগি থাকিব!!

-“তোমাক মই বৰ কষ্ট দিছো ন’.. তোমাৰ গাতেই শুই আহিছোঁ”?

-“নাই অ’.. মোৰ ভাল লাগিছে, তুমি যে ইমান বিশ্বাসেৰে নিচিন্ত মনেৰে মোৰ বুকুৰ মাজত শুই আহিছা”।

– ওম… মই কেতিয়াও কাৰো ইমান কাষত আৰু ইমান মৰম পোৱা নাই ৰাজীৱদা। যোৱা কেইটামান ঘণ্টা মোৰ বাবে এক আচৰিত সময়। তুমিয়েই বহুত ভাল মানুহ নে পৃথিৱীত তোমাৰ দৰে আৰু বহুত মানুহ আছে”? চলচলীয়া চকুৰে তাই আবেগিক হৈ পৰিল।

ভাতৰ কাঁহী আহিল। হঠাতে তাইক আচৰিত কৰি সি প্ৰথম গঢ়া ভাত তাইক দিলে। ভাত খিনি মুখত লৈ তাই ৰাজীৱৰ বাহুত মূৰটো থৈ হুকহুকাই কান্দি পেলালে। “মোক ইমান মৰম নিদিবা। মই ভাল ছোৱালী নহয় ৰাজীৱ দা”। বহু কষ্টৰে ৰাজীৱে তাইক ভাত কেইটামান খুৱালে। মাজে মাজে সিও খালে। জুঠা খোৱা দেখি তাই আৰু আচৰিত হ’ল।

ভাত খাই তাই বাচত উঠিল। ৰাজীৱে ফোন কৰিবলৈ ওচৰৰ পিচিঅ’ত সোমাল। বাচত বহি তাই কথাবোৰ ভালকৈ ভাবি ল’লে। হঠাতে তাইৰ কিনো হৈ গ’ল। মানুহে মানুহক ইমান ভাল পাব পাৰে, মানুহে মানুহৰ প্ৰতি ইমান যত্ন লবলৈ পাৰে। তাই যেন নতুন পৃথিৱী এখনহে দেখিবলৈ পাইছে। ৰাজীৱ বহা আসনখন এবাৰ তাই হাত ফুৰাই চালে। আকৌ বহুত মৰম লাগি গ’ল তালৈ। গ্লাছৰ মাজেৰে দেখিলে সি পিচিঅ’ৰ পৰা ওলাইছে। তাই বাচৰ পৰা নামি গৈ তাৰ হাতত ধৰিলে আৰু ক’লে- “ব’লানা এন্ধাৰ বাটটোত অকনমান খোজ কাঢ়োঁ”। সি তাইৰ কান্ধত হাত থৈ আৰু তাই তাৰ কঁকালত ধৰি আগবাঢ়িল।

-“মোক তুমি কপালত কিয় চুমা খাইছিলা”?

-“নাজানো, খাবলৈ মন গ’ল, খাই দিলোঁ। তুমি সাৰে আছিলা”?

-“ও… চব গম পাওঁ মই। ডিঙিত ধৰিছিলা কিয়? আৰু…আৰু….

-“আৰু কি”?

-“মই ভয় খাইছিলোঁ। ভাবিছিলোঁ তুমি চাগে মোৰ লগত বেয়া ব্যৱহাৰ কৰিবা”।

-“ও, মইয়ো ভাবিছিলোঁ, বেলেগ নহয় তোমাৰ পেটটো চুই চাবলৈ মন গৈছিল”।

-“সঁচা? কিয়নো? মই বাচত উঠিয়েই তোমাক কুটি কুটি দিয়াৰ কাৰণে? চুৱা, এতিয়াও চুৱা। মই বেয়া নাপাওঁ। কিন্তু মই সঁচাই কৈছো মই ভাল ছোৱালী নহওঁ। তোমাৰ কাষত বহাৰ আগলৈকে মই নিজকে বহুত ভাল ছোৱালী বুলি ভাবি আছিলোঁ। কিন্তু তোমাৰ মৰমবোৰে মোক বুজাই দিলে…মই…কি হৈ গ’ল মোৰ…মই কেতিয়াও ইমান দুৰ্বল নাছিলো”। তাই কান্দি পেলালে।

বাচখন ষ্টাৰ্ট দিছিল। দুয়ো লৰালৰিকৈ বাচত উঠিল।

এইবাৰ তাই খিৰিকিৰ ফালে বহিলে আৰু সি টুপিৰে সাজি দিয়া গাৰুটোত নুশুই তাৰ বুকুৰ মাজত কুঁচি-মুচিকৈ সোমাই ল’লে। তাৰ সোঁহাতখন টানি নি তাইৰ টিচাৰ্টটো দাঙি পেটত ভৰাই লৈ হুকহুকাই কান্দি পেলালে। সি তাইক জোৰকৈ সাবটি ধৰিলে। এনেদৰে থকাৰ কিমান সময়ৰ পাচত সিহঁতৰ টোপনি আহিছিল নাজানে। কিন্তু তাইৰ মনত আছে টোপনিৰ মাজতে সি তাইৰ চকু, গাল, নাকত চুমা খাইছিল। তাৰ ঘন নিশ্বাসে তাইৰ মুখমণ্ডল তিয়াই পেলাইছিল।

“কবিতা উঠা!”- তাই তাৰ মাতত সাৰ পালে। তাই তেতিয়াও তাৰ আলিংগনত আবদ্ধ হৈ আছে। তাই উঠিবলৈ মন নাছিল। কিন্তু সি তাইক জোৰকৈ উঠাই ক’লে, “চোৱা, সূৰ্য্য উদয় হ’বলৈ বেছি পৰ নাই। আকাশখনে কি সুন্দৰ ৰূপ লৈছে চোৱাচোন এবাৰ। তাৰ বুকুৰ মাজৰ পৰাই তাই দিগন্তলৈ চালে। সদায় দেখি থকা সূৰ্য্যোদয় যেন তাই নতুন ৰূপত দেখা পালে। হঠাৎ তাইৰ গাটো জিকাৰ খাই উঠিল।

-“তুমি মোক কি বুলি মাতিলা”?

-“কবিতা…”!

– “কি”? অকণো সময় নষ্ট নকৰি তাই পিঠিফালে জিন্সত হাত দিলে। তাই উচপ খাই উঠি তালৈ চালে। সি হাঁহি হাঁহি দুটা চিটৰ মাজৰ পৰা সৰু পিষ্টলটো উলিয়াই তাইৰ হাতত দিলে। অকণো সময় নষ্ট নকৰি ট্ৰিগাৰত হাত দি তাই পিষ্টলৰ নলী তাৰ পেটত লগালে।

সি তেতিয়াও হাঁহি থাকিল আৰু তাইক কপালত চুমা এটা খাই ক’লে, “বাটতে আৰ্মীৰ চেকিং আছিল। তুমি ধৰা পৰি যোৱা বুলিয়েই সেইটো তোমাৰ কঁকালৰ পৰা আনি মই চিট দুটাৰ মাজত লুকুৱাই থৈছিলোঁ। তোমাক পুলিচৰ হাতত গতাই দিয়াটোৱেই মোৰ উদ্দেশ্য আছিল যদিও এতিয়া নাই। তুমি বহুত ভাল ছোৱালী। অলপ আগত এখন বহল নদী আছে। চইছ ইজ ইয়’ৰ্ছ কবিতা”। পাছলৈ তাৰ চকু দুটা চলচলীয়া হৈ গ’ল।

তাই অৱশ্যে সিদ্ধান্ত লোৱাত সময় নল’লে। “প্লিজ হেল্প মি” বুলি কৈ লৰালৰিকৈ চিটৰ তলৰ পৰা দুয়োটা বেগ উলিয়ালে। তাই বেগৰ পৰা আন এটা ওজন থকা বেগ উলিয়াই সেইটো খুলি তাত পিষ্টলটো ভৰাই দিলে। ইতিমধ্যে ৰাজীৱে গাড়ীখন ৰাখিবলৈ কেবিনলৈ গ’ল।

নদীৰ ওচৰত গাড়ী ৰখাৰ লগে লগেই সি শ্বলখনেৰে টোপোলাটো মেৰিয়াই নামি গ’ল। বাচৰ মানুহবোৰ সাৰ পোৱা নাছিল। সি প্ৰস্বাৱ কৰিবলৈ যোৱাদি দলঙৰ দাতিয়েদি তললৈ নামি গ’ল। অলপ পাছত এটা শব্দ হ’ল, নদীত ডাঙৰ শিল পৰাৰ দৰে। কোনেও নুশুনিলে যদিও বাচৰ ভিতৰৰ পৰাই কবিতাই শব্দটো শুনি ওঠৰ ফাঁকেৰে হাঁহি এটা বিৰিঙি উঠিল।

সি বাচত উঠি চিটত বহাৰ লগে লগেই তাই পাগলীৰ দৰে তাক বুকুৰ মাজত সাবটি ধৰিলে। তাইৰ পেশীবোৰ উত্তেজনাত সবল হৈ উঠিল। ইফালে সি উশাহ লব নোৱাৰা অৱস্থা। ভাল লাগিছিল যদিও সি তাইক শক্তি প্ৰয়োগেৰে আতঁৰাই দিলে, আৰু চিটত বহুৱাই দিলে।

-“ৰ’বা সিদ্ধান্তবোৰ বৰ লৰালৰিকৈ ল’ব লাগিব। টাৰ্গটে কি আছিল”?

-“ফাঁচী বজাৰ”।

– “তোমাৰ পিছত মই যোৱা তিন দিন ধৰি আছোঁ। বাকী কথা পাছত… মই পুলিচক দিয়া তথ্য অনুসৰিয়েই আৰ্মি আৰু পুলিচে তোমাক শৰাইঘাট দলঙৰ ওচৰত গ্ৰেপ্তাৰ কৰিব, গতিকে আমি বাইহাটাত নামিব লাগিব। তোমাক চেফ ল’কেচনত থব লাগিব”।

তাই একেথৰে তাৰ ফালে চাই ৰ’ল। “তোমাৰ কি হ’ব ৰাজীৱ? “কি হ’ব? একো নহয়। নেটৱৰ্ক পালেই টাৰ্গটে লষ্ট বুলি মেছেজ পঠিয়াই দিম”।

তাই তাৰ বুকুৰ মাজত আকৌ কুঁচি-মুচিকৈ সোমাই পৰিল। পূব আকাশত কমলা বৰণেৰে সূৰ্য্য উদয় হ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক