পৰিৱৰ্তন আৰু প্ৰত্যাশা (ৰিদিপ কুমাৰ নাথ)

পৰিৱৰ্তন আৰু প্ৰত্যাশা
(কথা-কবিতা)

নিজৰাপাৰত ফুলি আহিছিল ৰঙিয়াল ঢৌ। আকাশ চুৱাৰ সপোনত ব্যস্ত আছিল গজালি। প্ৰতিপাহ সপোনত অঁকা আছিল দধিচী দধিচী গোন্ধ। আৰু এনেকৈয়ে এদিন ৰামধেনু ফুলিছিল।
কাঁচিয়লি ৰ’দত চোন নিক’টিনৰ পেইন্টিং! সলনি হয় প্ৰতিবিম্ব, ধীৰে ধীৰে। শুকুনি হাঁহিৰ বৰষুণত বেসুৰা হয় কেঁচুৱা আশাৰ ঢৌ। লিভাৰ খাই জণ্ডীজ ভাল কৰাৰ তাড়নাত নিশাবোৰ জ্বলে, চগাৰ দৰে। খোপাৰ দৰে সুলকি পৰা আশাৰ ভৰত মূৰ দোৱাবলৈ বাধ্য হয় আগলতি বাঁহ। আৰু তেতিয়াই মনত পৰে মৰুভূমিলৈ।
পানী নাথাকিলেও মৰীচিকাত থাকে প্ৰত্যাশা। দেখা নোপোৱা মানেইতো অস্তিত্বহীনতা নুবুজায়! দুখবোৰ ৰ’দাই দে, হাঁহিবোৰ পাবি। কাজিৰঙাৰ গঁড়ৰ দৰে নোহোৱা হৈ অহা সেই হাঁহি!
দিগন্তৰ প্ৰান্তত সৌৱা ফৰকাল আকাশ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments