পৰিৱৰ্তন (ঈশান জ্যোতি বৰা)

বাপতি সাহোন বিহুটো কেতিয়াবাই শেষ হ’ল৷ পিছে, অপ্ৰিয় হ’লেও সত্য সেই কথাষাৰ আমাৰ বিহুবলীয়া ডেকাহঁতে একেবাৰেই মানি ল’ব পৰা নাই৷ দুদিন মানৰ আগতে ডিঙিত ফুলাম গামোচা আৰু চকুত ক’লা চশমা পৰিহিত ৰংচঙীয়া দাদা এজনক বাটতে লগ পাই সুধিলোঁ-‘ককাইদেউ, ৰঙালীৰ ৰং শেষ হোৱাই নাই নেকি?’

বাইকখন বাটৰ দাঁতিত ৰখাই দাদাই মোক কাষলৈ মাতি নিলে আৰু বুজালে-“হেৰ’, এতিয়াই হ’বলা বিহু চেছ্ হয়! জাষ্ট্ আৰম্ভ হৈছেহে! জুন, জুলাই মাহ দুটা আছেই দেখোন! ব’হাগী বিদায়ৰ প্ৰগ্ৰেমটো আমি এইবাৰ ইনডিপেণ্ডেছ ডে’ৰ আগদিনা পাতিম বুলিহে ডিচাইড্ কৰিছোঁ৷ মানে অলপ চেইঞ্জ্ আনিব বিচাৰিছোঁ৷ চামথিং ডিফাৰেন্ট!!”

“আপোনালোকে আৰু কি কি ডিচাইদ্‌ কৰিলে দাদা?”-মনৰ কৌতুহল দমাব নোৱাৰি মই সুধিলোঁ৷

“আমি ডিচাইদ্ কৰিছোঁ-এয়াৰটেল্, ভোডাফনে বঢ়োৱাৰ নিচিনাকৈ ৰঙালী বিহুটোৰো ‘ভেলিদিটি’ ছয়মাহলৈ বঢ়াই দিব লাগে৷ স্কুল-কলেজত মিনিমাম ত্ৰিশদিন বন্ধ ঘোষণা কৰিব লাগে৷ পোন্ধৰদিনমানৰ বাবে অ’ফিচ-চ’ফিচ চব্ বন্ধ দিব লাগে৷ ৰঙালী বিহুটো ফুল্-লি এনজয় কৰিবলৈ গৱৰ্ণমেন্টে সকলোকে টাইম দিব লাগে৷ তই জানি ভাল পাবি যে, আমি অতি সোনকালেই এইবোৰ কথা লিখি আমাৰ লোকেল এম.এল.এ.জনলৈ এখন চিঠি দিম আৰু অতি সোনকালেই এইবোৰ কাৰ্যকৰী কৰিবলৈ জোৰকৈ অনুৰোধ কৰিম৷”-দাদাই বুকু ফিন্দাই ক’লে৷

‘যদি নকৰে?’- মনৰ শংকাখিনি মই মুকলি মনেৰে দাদাৰ সমুখত ব্যক্ত কৰিলোঁ৷

‘নকৰিলে কথা বেয়া হৈ যাব৷ কেইবাটাও ফেজত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ম৷ প্ৰথম ফেজত চৰকাৰক হেঁপাহ পলুৱাই অৰিহণা আৰু ধিক্কাৰ দিম৷’

‘দাদা, অৰিহণা নহয় ৷ গৰিহণা,গৰিহণা৷’-মই শুধৰাই দিলোঁ৷

‘অ’ সেইটোৱেই৷ প্ৰথম ফেজত গৰিহণা আৰু ধিক্কাৰ৷ ছেকেণ্ড ফেজত ধৰ্ণা আৰু পুত্তলিকা দাহ৷ থাৰ্ড ফেজত বাৰ ঘণ্টীয়া বন্ধ৷ ফ’ৰ্থ ফেজত চৌবিশ ঘণ্টীয়া৷ আৰু চৰকাৰ মান্তি নোহোৱালৈকে এনেকৈয়ে আমি আমাৰ তীব্ৰ প্ৰতিবাদ চলাই নিম৷ মুঠৰ ওপৰত আমাক বিহু লাগিবই৷’

‘জুন মাহতে আমাৰ ৰাভা দিৱসটোও পৰে নহয়! কিবা আয়োজন চলিছে নে?’

‘অ’ নাপাতিম কিয় আকৌ! ৰকৰাজ বিষ্ণুপ্ৰচাদ ৰাভা আমাৰ সকলোৰে মৰমৰ৷ সেইদিনা আমি আধুনিক ডাঞ্চৰ কমপিটিশ্যন এখন পাতিম বুলি ভাবিছোঁ৷ মানে এই মডাৰ্ণ ডাঞ্চ! কিমান নো আৰু ৰাভাসংগীতৰ কমপিটিশ্যন পাতিম! অয়িডেঞ্চেও আজিকালি অলপ মাছালা বিচাৰে৷ ছ’ অলপ চেইঞ্জ কৰিছোঁ এইবাৰ৷ বুজিছ!’

‘বুজিছোঁ৷ কিন্তু দাদা, বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলিহে কোৱা হয়৷ ৰসৰাজ নামটো লক্ষ্মীনাথ বেজবৰুৱাৰহে৷’

‘অ’ ছ’ৰি ছ’ৰি! বহুতদিন জেনেৰেল নলেজৰ কিতাপ চোৱায়েই নাই অ’ বুজিছ! ছ’ পাহৰিছিলোঁ৷ তাতে বিহুৰ যি হে ভেজাল! কি কবি আৰু! পুৰা বিজি!’

‘মানুহ মাত্ৰেই ভুল হয়েই৷’-মই দাদাক সান্ত্বনা দিলোঁ৷

‘ঠিক আছে৷ আজিলৈ যাগৈ তেতিয়াহ’লে৷ বিহু চাবলৈ যাবি দেই৷ এইবাৰ আগৰদৰে বিহু নহয়৷ টুটেল চেঞ্জড্৷’-বিহুলৈ নিমন্ত্ৰণ দি দাদাই মোৰ পৰা বিদায় মাগিলে৷

দাদাজনৰ একমাত্ৰ ভায়েকটো আকৌ মোৰ কলেজীয়া দিনৰ বন্ধু৷ সমাজখন পৰিৱৰ্তন কৰাৰ দুৰ্বাৰ আকাংক্ষা এটা সিও কলেজীয়া দিনৰপৰাই মনত পুহি ৰাখিছে৷ সি আৱিষ্কাৰ কৰা পৰিৱৰ্তনৰ সূত্ৰবোৰক সমাজে আঁকোৱালি লয় নে নলয় সেইয়া পাছৰ কথা, কিন্তু লুইতৰ পাৰৰ এইজন ডেকাল’ৰাই কলেজৰ শেষ পৰীক্ষাটো পাছ কৰিয়েই নিজৰ ব্যক্তিত্বৰ আমূল পৰিৱৰ্তন সাধিবলৈ যে সক্ষম হ’ল,সেই বিষয়ে তাৰ লগৰ আটাইবোৰ বন্ধু-বান্ধৱীয়েই অৱগত৷

দাদাক লগপোৱাৰ দুদিন পাছৰ ঘটনা৷ দুপৰীয়া ঘৰতে কম্পিউটাৰৰ সমুখত বহি মই পুৰণা অসমীয়া চিনেমা এখন চাই আছোঁ৷ তেনেতে ওলালহি মোৰ বন্ধুজন৷ পিন্ধনত তাৰ ৰঙা জিনছ্ আৰু টি-ছাৰ্ট এটা৷ ৰঙা জিনছটোলৈ লক্ষ্য কৰি মোৰ ধাৰণা হ’ল, এভাৰেষ্টৰ উচ্চ শিখৰৰ পৰা হঠাতে বৰফ খহাৰ দৰে বন্ধুৰ কঁকালৰ পৰাও যেন জিনছটো এই মুহূৰ্ততে খহি ভূ-পৃষ্ঠত আহি পৰিবহি৷ সৌভাগ্যবশতঃ তেনেকুৱা যেনিবা একো নহ’ল৷ পাছত মোৰ ভাব হ’ল,কঁকালটোৰ লগত পেণ্টটোৰ নিশ্চয় এক গোপন বুজাবুজি আছে,ঠিক আমাৰ ৰাজনৈতিক দলৰ মাজত থকাৰ দৰে৷

বাৰু যি কি নহওক,বন্ধু আহি মোৰ কাষৰ চকীখনতে বহিলহি৷

‘এইবোৰ কি চাই আছ?’- বন্ধুৰ চকুত আশ্চৰ্য৷

‘বুজি পোৱা নাই নেকি! অসমীয়া চিনেমা৷’-মোৰ উত্তৰ৷

‘ধুৰৰৰ!! এইবোৰ পেনপেনীয়া চিনেমা! ভাল ইংলিছ ফিল্ম এখন লগা৷ এইচব ব’ৰ চিনেমা চালেই মোৰ তামাম মাথাৰ বিষ হয় দেখোন৷’

‘তই জাননে এইখন চিনেমাই যে বহুকেইটা পুৰষ্কাৰ পাইছে৷ অসমীয়া চিনেমা আমি নাচালে কোনে চাব!’

‘কি গাঁৱলীয়া মানুহৰ দৰে কথাবোৰ কওঁ!! অকণো চেইঞ্জদ্ নহ’লি!’

‘তোৰ জন্ম কি আমেৰিকাত হৈছিল? পাহৰিলি নেকি তোৰো যে জন্ম মোৰ দৰে এইখন জকাইচুকীয়া গাঁৱতেই হৈছিল৷’

‘গাঁৱত জন্ম হ’ল বুলিয়েই সদায় তই গাঁৱলীয়া হয়েই থাকিবি নেকি! অলপতো ভাই সলনি হ৷’

‘তই কিদৰে সলনি কৰিব খুজিছ মোক?’

‘একেবাৰেই ইজি৷ মোৰ আইডিয়া বোৰ তই যদি চিৰিয়াছলি ফল’ কৰিব পাৰ,তেন্তে খুব সোনকালেই তই সলনি হৈ যাবি৷ প্ৰথমে ,তই তোৰ কথা কোৱাৰ ষ্টাইল সলাব লাগিব৷ বেছিকৈ অসমীয়াত কথা ক’লে মানুহে তোক গাঁৱলীয়া ভূত বুলি হাঁহিব৷ বুঢ়া মানুহৰ দৰে কথা নক’বি৷ অলপ ‘চাল’ত কথা পাতিবি৷’

‘যেনে?’-মোৰ আগ্ৰহ বাঢ়ি গ’ল৷

‘ফৰ একজামপল,বাটেৰে গৈ থকা ধুনীয়া ছোৱালী এজনীক দেখিলে তই যদি ‘নমস্কাৰ ৰূপৱতী! তোমাক ইমান সুন্দৰ লাগিছে!’ বুলি কওঁ,তেন্তে তোৰ গালত নিশ্চয় চেণ্ডেলৰ কোব দুটামান পৰিব৷ বাট্, তই যদি তাইক “হাই গৰজিয়াচ্! ইউ আৰ্ লুকিং ভেৰি বিউটিফুল!” বুলি কমেণ্ট এটা মাৰি দিয়, তেতিয়া লাইকেই লাইক্৷ অ’ ৰহ! লাইক বুলি কওঁতেই মনত পৰিল, ফেচবুকত তোৰ একাউন্ট আছে নে নাই?’

‘এটা আছে৷ কিন্তু একেবাৰেই অনিয়মীয়া অ’ মই৷’-দুখেৰে ক’লোঁ৷

‘অ’,ফেচবুক চলাই যাবি৷ মইতো দিনত দহ ঘণ্টামান ফেচবুকতেই থাকোঁ৷’-বন্ধুৱে সগৌৰৱেৰে ক’লে৷

‘ইমান সময় কি কৰি থাক তই ফেচবুকত?’

‘বহুত কাম থাকে ফেচবুকত৷ মোৰ দুহাজাৰমান ফ্ৰেণ্ড আছে৷ ত্ৰিশটা গ্ৰুপৰ এডমিন মই৷ দহটা পেজৰ কামো চলাই আছোঁ৷ দুটামান ভাল গ্ৰুপ খুলিছোঁ৷ তই সোমাই যাবি৷ ‘আচামিজ লেংগুৱেজ শিকোৱা গ্ৰুপ’ আৰু ‘আচামিজ কবিতাৰ এ-বি-চি-ডি’৷তাতে তই কবিতা লিখিব পাৰিবি৷ বুজিছ?’

‘বুজিলোঁ৷’-মোৰ চমু উত্তৰ৷

‘চাওঁ, তোৰ ম’বাইলটো দেখাচোন৷’-এইবুলি বন্ধুৱে মোৰ হাতৰপৰা ম’বাইলটো কাঢ়ি নিলে৷ অলপপৰ যন্ত্ৰটো লিৰিকি-বিদাৰি চাই বন্ধুৱে হতাশাৰ সুৰত ক’লে-“ ইমান সৰু ম’বাইল ল’লে কেনেকৈ হ’ব? আজিকালি এইবিলাক নচলে৷ মোৰ লগৰকেইটাই দেখিলে হাঁহিব৷ নতুন ম’বাইল এটা কিন৷ মোৰটোৰ নিচিনা৷”নতুন ম’বাইল কিনাৰ পৰামৰ্শটো দিয়েই বন্ধুৱে তাৰ পকেটৰ পৰা ইটা আকৃতিৰ বহল ম’বাইল এটা উলিয়াই আনিলে৷ এতিয়াহে বুজিলোঁ,এইডোখৰৰ বাবেই তাৰ পেণ্টটো তললৈ খহি অহাৰ উপক্ৰম হৈছিল৷

বন্ধুৰ সুবৃহৎ ম’বাইলটো হাতত লৈ চালোঁ৷ ম’বাইলটোৰ ভৰত শূন্যত ওপঙি থকা মোৰ হাতৰ তলুৱাখন পাঁচ ইঞ্চিমান তললৈ নামি আহিল৷ ম’বাইলটোৰ ওজন আধাকেজি নহ’লেও তিনিশ-চাৰিশগ্ৰাম মান যে হ’ব খাটাং৷

‘এইটোৰ দাম টুৱেণ্টি ফাইভ থাউচেণ্ড৷ এইট্ মেগাপিক্সেল কেমেৰা, এইট্ জিবি মেম’ৰি, ব্লুটুথ,নেট,ৱাই-ফাই ছব আছে এইটোত৷’- সি এফালৰপৰা ম’বাইলটোৰ ৰূপ-গুণ বৰ্ণাই গ’ল৷ টলকা মাৰি ময়ো তাৰ ‘ম’বাইল-পুৰাণ’খন শুনি থাকিলোঁ৷

‘ম’বাইলত হানি সিং, ব্ৰিটনি,ছাকিৰাৰ গানবোৰ ভৰাই ল’বি৷’-বন্ধুৱে দিহা দিলে৷

‘মই আকৌ অসমীয়া গানৰ বাহিৰে অইন গান বুজিয়েই নাপাওঁ নহয়৷’-মই বেঙাৰ দৰে ক’লো৷

‘মই হ’বলা বুজি পাওঁ! এনেই আৰু চাল!!’

‘অ হয় নেকি!’-বন্ধুৰ কথাৰ আঁৰৰ কথাটো বুজি পাই মই ক’লো৷

‘তোক কথা এটা ক’বলৈ পাহৰিয়েই আছোঁ৷ মই নতুনকৈ বাইক এখন ল’লো৷ পালচাৰ৷ এইকেইদিন খুব চলাই আছোঁ৷ নতুনকৈ বাইকত ষ্টাণ্ট কৰিবলৈও শিকিছোঁ৷ তামাম চাল আৰু মোৰ!!!’-বন্ধু আত্ম প্ৰশংসাত মগন হল৷

‘বাইক কিনিছ ভালেই কৰিছ৷ কিন্তু বাইকত উঠি বান্দৰৰ দৰে বান্দৰালি কৰি ফুৰিলে কেতিয়াবা তোৰ যে সঁচাই ভৰি,আঁঠুৰ ছাল ছিগিব,সেইটো খাটাং৷ তেতিয়াহে চাম তোৰ চাল ক’ত যায়?’-অলপ খঙেৰেই ক’লো৷ আগতেও এবাৰ নে দুবাৰ মোৰ বন্ধুজন বাইক-দুৰ্ঘটনাত পতিত হৈ বহুত আঁতৰত গৈ চিটিকি পৰিছিল৷ পিছে,অতীতৰ পৰা বন্ধুৱে একো শিকিব নোৱাৰিলে৷

‘ইমান টেনশ্যন ল’লে কেনেকৈ হ’ব! লাইফত যদি এতিয়াই অলপ এনজয় নকৰ, কেতিয়া কৰিবি আৰু! মোৰ লাইফৰ এইটোৱেই চিম্পল ৰুল-“কুল হৈ থাকা আৰু লাইফটো পুৰা এনজয় কৰা৷”’-জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে মোক শুনাই বন্ধু চকীৰ পৰা উঠিল৷ বন্ধুৰ দিহা-পৰামৰ্শবোৰ শুনি মোৰ কাণ-মূৰ ক্ৰমাত গৰম হৈ উঠিছিল৷ সেয়ে তাৰ বিদায় ক্ষণটো আহি উপস্থিত হোৱাত মোৰ বেয়া নালাগিল৷

বন্ধুক বিদায় দি ময়ো কম্পিউটাৰৰ সমুখৰ পৰা উঠি আহিলোঁ৷ দিনটো ঘৰতে সোমাই থাকি আমনি লাগিছে৷ চাইকেলখন লৈ অলপ পথাৰৰ ফালে ওলাই যোৱাই ভাল হ’ব বুলি ভাবি চাইকেলখন লৈ পদূলি মূৰ পালোঁহি৷

আবেলি এইকণ সময়ত বিশেষকৈ পশ্চিম আকাশত মাৰ যাব ধৰা বেলিটো চাবলৈ মই ঘৰৰ পৰা ওলাই আহোঁ৷ সেউজীয়া গছ-গছনি,নানাৰঙী ফল-ফুলেৰে পৰিপূৰ্ণ গাঁৱৰ বিনন্দীয়া প্ৰকৃতিৰ নিৰ্ভেজাল সৌন্দৰ্যখিনি উপভোগ কৰি সদায়েই এক অনিৰ্বচনীয় সুখানুভূতি লাভ কৰোঁ৷ “শুৱনি আমাৰ গাঁওখনি অতি, শুৱনি গছেৰে ভৰা,ডাল ভৰি-ভৰি ফল-ফুল লাগে কত পাওঁ তল সৰা”-পঢ়াশালিত পঢ়া কবিতাৰ শাৰীকেইটালৈ মনত পৰি গ’ল৷

যি কি নহওক,চাইকেল চলাই এসময়ত মই গৈ পথাৰৰ কাষৰ কেঁচা আলিটোৰ গাতে লাগি থকা আঁহতজোপাৰ তলতে ৰ’লোঁগৈ৷ আঁহতজোপাৰ গাতে চাইকেলখন আওজাই থৈ পশ্চিম আকাশত মাৰ যাব ধৰা বেলিটোৰ ফালে একেথিৰে চাবলৈ ধৰিলোঁ৷

‘আসসস!!’

তেনেতে মোৰ ওচৰতে কাৰোবাৰ কেঁকনি শুনিবলৈ পালোঁ৷ পশ্চিমাকাশৰ বেলি চাবলৈ এৰি এইবাৰ কেঁকনিৰ উৎস বিচৰাত লাগিলোঁ৷ বেছিকৈ সন্ধান কৰিব লগা নহ’ল৷ আঁহতজোপাৰ পিছফাললৈ গৈ দেখিলোঁ, ল’ৰা এটা বোকা এসোপাৰ মাজত পৰি আছে৷ সৰ্বশৰীৰতেই তাৰ বোকা৷ বোকাৰ পৰা উঠিবলৈ সি যিমানেই যৎপৰোনাস্তি চেষ্টা কৰিছে সিমানেই বোকাখিনিয়ে তাক নিজৰ ফালে টানি নিছে, ঠিক চুম্বকে লো টানি নিয়াৰ দৰে৷ পৰিস্থিতিৰ জটিলতা দেখি মই পলম নকৰি তাৰ সন্মুখ পালোঁগৈ৷ হাত এখন তাৰফালে আগুৱাই দিলোঁ৷ মোৰ হাতত ভৰ দি যেনেতেনে সি বোকাখিনিৰ পৰা উঠি পাৰত ভৰি পালেহি৷

‘থেংক ইউ ড’ষ্ট! আজি তই মোক বচালি৷ নহ’লে আজি মৰিলোয়েইহেতেন৷’-ল’ৰাটোৰ মাতটো মোৰ চিনাকি চিনাকি লাগিল৷

‘মোক চিনি পোৱা নাই!! অলপ আগতেই দেখোন তোৰ ঘৰৰ পৰা আহিছোঁ৷ পথাৰৰ ৰাস্তাত মানুহ-দুনুহ নেদেখি ষ্টাণ্ট এটা কৰিম বুলি ভাবি হাত-ভৰি মেলি দিওঁতেই বাইকে বেলেঞ্চ হেৰুৱাই গছত খুন্দা মাৰি দিলেহি৷ বাইক গৈ সেই পুখুৰীত সোমালগৈ৷ পুৰা ফুল স্পীডত আছিলোঁতো৷’

বোকাৰ ভিতৰত সোমাই থকা ল’ৰাটো যে হলৌ-মলৌ জিনছত চাৰিশগ্ৰাম ওজনৰ ম’বাইল কঢ়িয়াই ফুৰা পৰিৱৰ্তনকামী মোৰ বন্ধুটোহে সেই কথা বুজিবলৈ মোৰ বেছিপৰ নালাগিল৷

‘তই মোক ঘৰত থৈ আহিবগৈ পাৰিবি?’-বন্ধুৱে সেহাই-সেহাই ক’লে৷

‘কিয় নোৱাৰিম৷ উঠ চাইকেলত৷ বাইকখন পাছত লৈ যাবিহি৷’

পকেটৰ পৰা মই ৰুমাল এখন উলিয়াই তাক মুখখন মচি ল’বলৈ ক’লোঁ৷ মুখখন মচি সি চাইকেলৰ আগফালে আহি উঠিলহি৷ বাইকখন তাতে পৰি থাকিল৷

দহমিনিটমানৰ পিছত গৈ সিহঁতৰ ঘৰ ওলালোঁগৈ৷ গেট খুলি ময়েই তাক সিহঁতৰ ঘৰৰ ভিতৰলৈ লৈ গ’লো৷ বাহিৰত গেট খোলাৰ শব্দ শুনি বন্ধুৰ মাকো ওলাই আহিল৷ ককায়েকো সেইদিনা ঘৰতে আছিল৷ মাকৰ পিছে পিছে দাদাও ওলাই আহিল৷ আমাক তেনে অৱস্থাত দেখি মাক,পুতেক দুয়ো হতবাক৷

‘কি হ’ল তোৰ??’—মাক দৌৰি আহি বন্ধুৰ গালে-মূৰে হাত ফুৰাবলৈ লাগিল৷

‘বৰ বেছি একো হোৱা নাই খুৰী৷ পথাৰৰ কাষৰ আঁহতজোপাত খুন্দা মাৰি অলপ সি দুখ পালে৷’-মই ক’লো৷

‘খুৰী বুলি নামাতিবি! আন্টি বুলি মাত৷ মাম্মীয়ে বেয়া পাই খুৰী বুলি মাতিলে৷’-বন্ধুৱে মোক শিকাই দিলে৷ ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ যোৱাৰ পাছতো সি যে মাতৃৰ প্ৰতি থকা কৰ্তব্যখিনি পাহৰি যোৱা নাই দেখি বৰ সন্তোষ পালোঁ৷

‘যাচোন যা, পিছফালৰপৰা পানী এবাল্টি লৈ আহ!’-খুৰী অৰ্থাৎ আন্টিয়ে ডাঙৰ পুতেকক পানী আনিবলৈ হুকুম দিলে৷

‘বহাচোন,বহা৷ তোমালোকক কথা কেইটামান কওঁ৷ নহ’লে তোমালোক বিৰাট দুষ্ট হৈ গৈছা ডে বাই ডে৷’ খুৰীৰ পৰা দিহা-পৰামৰ্শ লোৱাৰ ইচ্ছাৰে মই কাষৰ চকী এখন টানি আনি বহিলোঁ৷ বন্ধু মোৰ কাষতে থিয় হৈ থাকিল ৷ ভাবিলোঁ,জীৱনৰ বাটত প্ৰয়োগ কৰিব পৰা কেইটামান সু-উপদেশ আজি আমাক খুৰীয়ে দিব৷ সেয়ে, খুৰীৰ অমৃতবাণী শুনিবলৈ মই মোৰ দুয়োখন কাণেই থিয় কৰিলোঁ৷

‘চোৱা৷ এইবোৰ য’তে-ত’তে ষ্টাণ্ট কৰি থাকিব নাপায় নহয়৷’-খুৰীয়ে কৈ গ’ল৷ ‘গাঁৱলীয়া ৰাস্তাত শিলগুটি ঢেৰ থাকে৷ গছো বহুত৷ পুখুৰী-চুখুৰীবোৰো ৰাস্তাৰ কাষে-কাষে থাকে৷ ষ্টাণ্ট কৰিবলৈ যদি মন গৈছে, তেন্তে তোমালোকে টাউনৰ ৰাস্তাত কৰিবা৷’-খুৰীৰ কথা শুনি মোৰ ভৰিৰ তলৰ মাটি খহি গ’ল৷ মই কিবা এটা ক’বলৈ পোৱাৰ আগতেই খুৰীয়ে আকৌ আৰম্ভ কৰিলে-‘মোৰ ডাঙৰ ল’ৰাটো দুটামান দল-সংগঠনৰ মেম্বাৰ৷ বিহুটো যাবলৈ দিয়া৷ সিহঁতৰ প্ৰেছিডেন্টৰ হতুৱাই আমাৰ লোকেল এম.এল.এ.জনলৈ এখন চিঠি লিখিব লাগিব-যে আমাৰ গাঁৱৰ ৰাস্তা-পদূলি একেবাৰেই বেয়া৷ গাঁৱৰ এই ভঙা-চিঙা ৰাস্তাত ল’ৰাবোৰৰ বাইক-ষ্টাণ্ট কৰিবলৈ বিৰাটেই প্ৰবলেম হয়৷ তোমালোক আজিৰ আধুনিক যুগৰ ল’ৰা৷ তোমালোক মডাৰ্ণ অসমীয়া৷ এলা-পেচা মানুহতো নহয়!! তোমালোকক অলপ চেঞ্জ লাগে৷ আৰু, কোনেনো জানে,এইদৰে বাটে-পথে ষ্টাণ্ট কৰিয়েই হয়তো তোমালোকৰ মাজৰে কোনোবা এজন এসময়ত গৈ ‘ধুম’ চিনেমাৰ হিৰ’ৰ দৰে হৈ পৰিবা৷ জন,আমীৰ,অভিষেকহঁতৰ লগত সমানে-সমানে ফেৰ মাৰিব পাৰিবা৷ হয় নে নহয়?’

‘হয় খুৰী…..মানে হয় আন্টি৷’-

 

খুৰীৰ সুদীৰ্ঘ আধুনিক ভাষণটোৰ শুনাৰ অন্তত মোৰ সংশোধিত সঁহাৰি সেইয়া৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক