পৰীক্ষাৰ ৰিজাল্ট আত্মহনন আৰু কিছু ব্যক্তিগত চিন্তা —ডাঃ ৰিদিপ বড়া

১৫/৫/২০১৯…অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিন৷ চিনাকি পৰীক্ষাৰ্থী কোনো নাই৷ নিজে যদিও ছেবা বৰ্ডৰ ছাত্ৰ আছিলোঁ বৰ্তমান নিজৰ দুয়ো পুত্ৰই পৰিস্থিতিৰ পাকচক্ৰত পৰি চি বি এছ ইৰ পাঠ্যক্ৰমতহে অধ্যয়ন কৰিছে৷ গতিকে ৰিজাল্টৰ প্ৰতি বৰ এটা বেছি উৎসুকতাও নাই৷ তথাপিও ৰিজাল্ট ওলোৱাৰ দিনা দিনটোৰ শেষলৈ ঘৰলৈ ফোন কৰি মাৰ সৈতে কথা পাতি নিজে পঢ়া স্কুলখনৰ কথা আৰু অঞ্চলটোৰ অন্যান্য স্কুলসমূহৰ ৰিজাল্টৰ কথা জানিবৰ চেষ্টা কৰোঁ৷ এইয়া মই প্ৰতি বছৰেই কৰো৷
জীৱনত নিজে কোনোদিনেই বহুত চোকা ছাত্ৰ নাছিলোঁ যদিও মানুহে পঢ়া-শুনাত ভাল ছাত্ৰৰ শাৰীতেই ৰাখিছিল৷ হাইস্কুলৰ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ ফাইনেল পৰীক্ষাত প্ৰথম বিভাগ লৈয়েই উত্তীৰ্ণ হৈছিলো যদিও স্কুলৰ বছৰেকীয়া পৰীক্ষাৰ বাদে আন পৰীক্ষাত কোনো বিষয়ত ফেইল কৰাৰ উদাহৰণো আছে৷ যাৰ বাবে মা দেউতাই এসময়ত মোক লৈ চিন্তাতেই পৰিছিল৷ এসময়ত কষ্ট কৰি মেডিকেল পঢ়িবলৈ যোগ্যতা অৰ্জন কৰিছিলোঁ৷ মেডিকেল পঢ়িবলৈ পোৱাৰ বাবে আকৌ মা-দেউতাৰ লগতে মই সমাজৰ কিছুসংখ্যক লোকক কিমান টকা দি চিট যোগাৰ কৰিছিলো তাৰো উত্তৰ দিব লগা হৈছিল৷ আচৰিত হৈছিলোঁ সমাজখনৰ মানসিকতাত৷ দোকানত বিকিদাৰৰ বৃত্তিত জড়িত এজন লোকে নিজৰ লৰাৰ মেডিকেলৰ চিট কিনাৰ লাখ টকাতো বাদেই হাজাৰ টকা গোটাবলৈও যে অপৰাগ সেই কথা মানুহবোৰক বুজাবলৈ কষ্ট হৈছিল যদিও এসময়ত তেওঁলোকক লাখৰ ঘৰৰ সংখ্যা এটা কৈছিলো কাৰণ আমি তেওঁলোকৰ ভ্ৰান্ত ধাৰণা যে ভাঙিব নোৱাৰো সেইয়া জানিছিলোঁ৷
ৰাতিপুৱা প্ৰায় ৮-৩০ বজাত গতানুগতিক ভাৱেই হস্পিতাললৈ ওলাই আহিব সাজু হৈছো৷ সেইখিনি সময়ত ৱাটছআপটো এবাৰ খুলি চোৱাৰ অভ্যাস৷ কেইবাটাও গ্ৰুপত প্ৰথম দহটা স্থান পোৱা ছাত্ৰছাত্ৰীৰ ৰিজাল্ট কোনোবাই পোষ্ট কৰা দেখিলোঁ৷ ওপৰে ওপৰে এবাৰ চকু ফুৰালোঁ৷ চিন্তা কৰিলো গতানুগতিক নহয়নে? প্ৰতিবছৰে পৰীক্ষা আহিব৷ ৰিজাল্ট দিব৷ কোনো কোনোৱে স্থান পাব৷ বাতৰি কাকতত ফটোসহ নাম ওলাব, সাক্ষাৎকাৰ ওলাব৷ গৰিষ্ঠসংখ্যকে ডাক্তৰ ইঞ্জিনীয়াৰ হোৱাৰ হাবিয়াস প্ৰকাশ কৰিব৷ আজিকালি অৱশ্যে কোনো কোনোৱে প্ৰশাসনিক বিষয়া হবলৈও আগ্ৰহ প্ৰকাশ কৰে৷ তাৰ পিছত সকলোৱে পাহৰণিত৷ দুবছৰৰ পাছত হয়তো একেখিনি ছাত্ৰছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিব৷ তাতো কিছুসংখ্যকে স্থান পাব৷ কিন্ত দুবছৰৰ আগৰ উচ্চ মাধ্যমিকত স্থান পোৱা গৰিষ্ঠসংখ্যকৰ নামেই তালিকাত থকা দেখা নাযায়৷ চিন্তা কৰি কৰি আহি হস্পিতাল পালোহি৷ গতানুগতিক ভাৱে ৰাতিপুৱাৰ কামখিনি কৰি শেষ কৰিলো৷ ১০ মান বজাত চেম্বাৰত সোমালোঁ৷ ৰোগীৰ সংখ্যা কম৷ দুজনমান ৰোগী চালো৷ কাম নথকাত অভ্যাসবশতঃ ম’বাইলত ফেচবুক উলিয়াই টিপিব ধৰিলোঁ৷ সময় কিমান হৈছিল চোৱা নাছিলো৷
হঠাৎ নাৰ্ছ এগৰাকী আহি উধাতু খাই আহি কলে, ছাৰ ইমাৰজেন্সীত ছিৰিয়াছ পেচেণ্ট আছে আপোনাক চাব কৈছে৷ দৌৰি গলো৷ ৰোগী এগৰাকী ধুনীয়া মৰম লগা ছোৱালী৷ বয়স প্ৰায় ১৫ বা ১৬ বছৰ৷ যিমান পাৰো ক্ষিপ্ৰতাৰে পৰীক্ষা কৰিলো৷ চেণ্ট্ৰেল পালছ্ নাই৷ কৰিবলগীয়াখিনি কৰি এটা সময়ত এটেনন্দেটৰ আগত কব লগা হল যে ৰোগী বাছি থকা নাই৷ তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে৷ যিটো এজন চিকিৎসকৰ বাবে আটাইতকৈ দুখৰ মুহূৰ্ত৷ পলমকৈ জনা গল যে ৰোগী চিলিং ফেনত উলমি আত্মহত্যাৰ চেষ্টা কৰিছিল ৰিজাল্ট বেয়া হোৱাৰ বাবে৷ মই স্তব্ধ হৈ গৈছিলো৷ কি আচৰিত৷ এজনী ফুল কুমলীয়া ছোৱালী যি জীৱনটো ভালদৰে চাবলৈ জনাৰ আগতেই নিজক শেষ কৰি দিলে৷ কি বুলি কম৷ এইয়া সাহস…দুঃসাহস নে কাপুৰুষালি৷
অনুভৱ –
পৰীক্ষাত পাছ-ফেল বা খুব ভাল ৰিজাল্ট কৰাটোৱেই জীৱনৰ সফলতা জোখাৰ মাপকাঠি নেকি? যদি সেইয়াই হয় ঘিণ কৰো তেন্তে সেই মাপকাঠিক৷ এটা সময়ত ভাৱিছিলো পৰীক্ষাৰ নম্বৰেই সকলো৷ কিন্ত যেতিয়া ভুল ভাঙিছিল তেতিয়া বহুত দেৰী হৈ গৈছিল৷ সেইবাবে নিজৰ সন্তানক কওঁ জ্ঞান অৰ্জন কৰাৰ বাবে৷ জনাৰ চেষ্টা কৰিবৰ বাবে৷ শিকাৰ আগ্ৰহ ৰখাৰ বাবে৷ এগৰাকী বন্ধুৰ মেচেজ আহিল৷ ভাগিনীয়েকৰ ৰিজাল্ট ভাল নহল হেনো৷ মাত্ৰ ৮৪% আৰু পাঁচটাত লেটাৰ৷ কবলৈ মন গল নম্বৰ কেইটাই খুৱাব নে জ্ঞানে খুৱাব৷ নকলো একো৷ ভাল হওক সকলোৰে৷ যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকৰো ভাল হওক আৰু যি বেয়া ৰিজাল্ট কৰিছে তেওঁলোকৰো ভাল হওক৷ বেয়া ৰিজাল্ট কৰিলেই জীৱন শেষ হৈ নাযায়৷ মোৰ কথা জীৱনত ভাল ৰিজাল্ট নকৰাৰ বাবে ডাক্তৰ, ইঞ্জিনীয়াৰ, ধনী মানুহ হব নোৱাৰিলেও প্ৰকৃত মানুহ হব পাৰি৷ প্ৰতিজন অভিভাৱকক কওঁ সন্তানক জ্ঞানৰ পিছত দৌৰিব শিকাওক৷ নম্বৰৰ পিছত নহয়৷ বহুত ভাল নম্বৰ পোৱা, ভাল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰী চকুৰ আগত জীৱনত বিভিন্ন ক্ষেত্ৰত অসফল হোৱা দেখিছো৷ আনহাতে বহু কম নম্বৰ পোৱা, পৰীক্ষাত ফেইল কৰাৰ সোৱাদ পোৱা ছাত্ৰছাত্ৰীক জীৱনত পিছলৈ সফল হোৱা দেখিছো৷ মই এইয়া কেৱল অসমৰ প্ৰেক্ষাপটতহে কৈছো৷ আইনষ্টাইন বা বিল গেটছ্ ৰ উদাহৰণ বাদেই দিছো৷ মই কোৱা নাই এইয়া সকলোৰে ক্ষেত্ৰত ঘটে কিন্ত ঘটা দেখা যায় বা ঘটে কোনো কোনোজনৰ জীৱনত৷ আত্মহত্যাই সমস্যাৰ সমাধান নকৰে৷ মানুহে যুঁজিবলৈ শিকা উচিত৷ অভিভাৱকসকলে সন্তানক যুঁজিবলৈ শিকাওক সৰুৰেপৰাই৷ মোৰ দৰে এজন চিকিৎসকৰ বাবে মৃত্যু সদায়েই এক যন্ত্ৰণা৷ এক ব্যৰ্থতা৷ ব্যক্তিগতভাৱে ৰোগীৰ মৃত্যুৰ বতৰা প্ৰকাশ কৰিবলৈ সদায়েই কষ্ট হয় তাতে যদি এনেধৰণৰ ফুল কুমলীয়াৰ মৃত্যুৰ যাৰ কাৰণ আত্মহত্যা একমাত্ৰ ৰিজাল্ট বেয়া হোৱাৰ বাবে৷ ভগৱানক প্ৰাৰ্থনা কৰিছো এনেধৰণৰ মৃত্যুৰ মুখামুখি মই যেন আৰু কেতিয়াও নহওঁ৷

(বিঃদ্ৰঃ আজিৰ বাতৰি কাকতত প্ৰকাশ হোৱা এটি অনাহুত খবৰ…. গোটেই অসমত ৰিজাল্ট বেয়া হোৱাৰ বাবে মুঠ চাৰিগৰাকী ছাত্ৰছাত্ৰীয়ে হেনো আত্মহত্যা কৰিছে৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক